আবিয়ৈ-নমী ফুকন বৰা
”মই গৈ আছোঁ পী ,তই সাজু হৈ থাক।” —-ভতিজাক জুমনৰ ফোনটো পায়েই নীলিমা বাইদেউৰ মনটো সুখেৰে উপচি পৰিল যদিও এক দুখবোধে তেওঁক কোঙা কৰি পেলালে । শংকিত হৈ পৰিল তেওঁ । পাৰিবনে জুমনৰ সিদ্ধান্তত সহমত প্ৰদান কৰিব ! এক গভীৰ ধৰ্মসংকটত পৰি তেওঁ বিছনাখনতে বাগৰ দিলে ।
ককায়েকৰ দুই সন্তান জুমন আৰু সুমন।কৰ্মৰ তাগিদাত ককায়েক আৰু বৌৱেক দুয়ো ঘৰৰ বাহিৰত। মাকৰ লগত নীলিমা গাঁৱৰ পুৰণি ঘৰতে আছিল।কিন্তু কেইবছৰমানৰ আগতে মাকজনী কোনোধৰণৰ অসুখ -বিসুখ নোহোৱাকৈ হঠাৎ অজান মুলুকলৈ গুচি যোৱাৰ পৰা জুমনেই তেওঁৰ সংগী হৈ পৰিল।সি উপযুক্ত শিক্ষা গ্ৰহণ কৰি চাকৰি বিচাৰি হাবাথুৰি নেখাই ঘৰৰ মাটিতে বৈজ্ঞানিক পদ্ধতিৰে খেতি-বাতি আৰম্ভ কৰিলে । তাৰ একান্ত কষ্ট আৰু অধ্যৱসায়ৰ ফলত সি স্বাৱলম্বী হৈ উঠিল।
আজি জুমনৰে জোৰোণৰ দিন । পাঁচ বছৰে হিয়া দিয়া নিয়া কৰা তাৰ মনৰ গৰাকী আজি সমাজক সাক্ষী কৰি সাত জনমৰ বাবে তাৰ হ’বলৈ আগবাঢ়িছে। তাৰমতে এই শুভক্ষণৰে মূল মানুহ হ’ব লাগে তাৰ ‘পী ‘ অৰ্থাৎ নীলি। জোৰোণৰ সকলো মাংগলিক কাম সি তাৰ ‘পী’ৰ দ্বাৰা কৰাব বিচাৰে ।
: কিন্তু তাই যে আবিয়ৈ…..
জোৰোণত যাবলৈ ওলোৱা এগৰাকী আয়তীৰ প্ৰশ্ন ।
:মানে ?
:তই জাননে তাইৰ বিয়া হোৱা নাই? সেইবাবে তাই আবিয়ৈ ।
:তাতে কি হ’ল ?
:তাই অমংগলীয়া, কুলক্ষণীয়া । তাইৰ মুখ দেখিলে যাত্ৰা অশুভ হয়। তহঁতৰ বৈবাহিক জীৱন সুখৰ নহ’ব।
:ওহোঁ …আৰু একো নক’ব ,মই কেতিয়াও ‘পী’ৰ বিষয়ে এনেকৈ ভাবিব নোৱাৰোঁ ।
:কিয় নেমানিবি? এয়াই সঁচা । আমাৰ সমাজৰ বিধান ।
:সমাজৰ বিধান ? হোঁহ! সেই সমাজৰ মানুহে
জানো দেখিছে তেওঁৰ বুকুৰ ভিতৰত
জ্বলি থকা জুইকুৰা ? কিয় বিয়া নহ’ল কেতিয়াবা সেই কথা অনুধাৱন কৰিছেনে ? কেতিয়াবা অনুভৱ কৰিছেনে তেখেতৰ হৃদয়ৰ যন্ত্ৰণাখিনিক! একাকীত্বৰ বেদনাই কোঙা কৰা জীৱনটোক ?
: তই নুবুজ কিয় ?
: বুজোঁ ,ভালকৈয়ে বুজোঁ । সামাজিক বিধান নোহোৱাকৈ এখন সমাজ শৃংখলিতভাৱে ৱৰ্তী থকাটো অসম্ভৱ । কিন্তু এই সমাজৰ নিয়মবোৰ কেতিয়াও কাৰোবাৰ মনত দুখ দি পালন কৰাটো অনুচিত । কিন্তু সেইখন সমাজ যিখনত বিয়া, সকাম আদি মাংগলিক কাৰ্যত ‘পী’ৰ দৰে ব্যক্তিৰ উপস্থিতিত ফিচিঙা ফিচিঙি , ইতিকিং অথবা সমালোচনা কৰাত ব্যস্ত হৈ পৰে অথবা তেখেতৰদৰে মানুহৰ মৃত্যুত কোনো নীতি নিয়ম নাথাকে। কাৰণ মৃত্যুৰ আগত তেখেতৰ হাড়ডাল শুচি নহ’ল ,তেওঁৰ বিবাহ নহ’ল। লাগিলে এজন ভণ্ড ব্যক্তিৰ লগতেই নহওক কিয়!সেইবাবে তেনে মৃত্যুত নাই কোনো পিণ্ডদান আৰু নাথাকে কাৰো উপবাস । কি তেওঁৰ দৰে মানুহৰ একোটা পৰিয়াল নেথাকে নেকি ? কি তেওঁৰ মৃত্যু পৰিয়ালৰ কাৰণে আনন্দৰ উৎসৱ নেকি? পৰিয়ালৰ লোকেহে বুজিব পাৰে ঘৰখনৰ কোনোবা সদস্য নোহোৱা হৈ যোৱাৰ মৰ্মবেদনা । তেনে এখন সমাজৰ বিধান মই কেতিয়াও নেমানো । কাৰণ তেৱোঁ এগৰাকী তেজ-মঙহৰ মানুহ । তেখেতৰো আছে এটি পবিত্র মন ,এখন হৃদয় । তেওঁ বিবাহিতা নে অবিবাহিতা সেইটো মোৰ বিচাৰ্য বিষয় নহয় , তেওঁ মোৰ বাবে মাতৃস্বৰূপা,মোৰ বাবে তেওঁ মংগলময়ী । সৰুৰেপৰা প্ৰতিটো কামেই তেওঁৰ হাতত ধৰিয়েই কৰি আহিছোঁ আৰু সফলো হৈছোঁ ।গতিকে মোৰ জীৱনৰ আজি দ্বিতীয় অধ্যায়ৰ শুভ কামকণো তেখেতেই কৰিব লাগিব । জানো ,বিশ্বাস কৰোঁ তেওঁৰ বাবে মোৰ কেতিয়াও অমংগল নহয় ।
:———– ।
:আপোনাসৱ আজিৰ মানুহ । একৈশ শতিকাৰ বৈজ্ঞানিক প্ৰযুক্তিবিদ্যাৰদ্বাৰা আমি সমগ্ৰ জগতৰ প্ৰতিটো খবৰেই তৎ মুহূৰ্ততে লাভ কৰি ভিন্ন ভিন্ন কথা জানিব পাৰোঁ । সেইবাবে কিছুমান বৈজ্ঞানিক যুক্তি থকা নিয়মহে আমি মানি চলা উচিত । গতিকে পুৰণিকলীয়া মানুহৰ মনত দুখ দিয়া কিছুমান নিয়ম পৰিহাৰ কৰি আহকচোন আমি আগবাঢ়ি যাওঁ । নতুন প্ৰজন্মৰ মাজত জাগৰিত কৰোঁ মানবীয়তাৰ চানেকি ।
: হয় অ’ বোপাই ,আমি কিছুমান অৰ্থহীন নিয়ম লৈ চলি আহিছোঁ। ভুল যেন লাগিলেও প্ৰতিবাদ কৰা সাহসৰ অভাৱত আমি একেবোৰ কথাকে সাবটি বহি থাকোঁ। তোৰ কথাবোৰে আমাৰ চকু মুকলি কৰিলে । আহাঁ নীলি , সোনকালে ওলাই আহা । জোৰোণৰ সময় উকলি যাব এতিয়া ।
জুমনে আনন্দতে ‘পী’ বুলি নীলিমাক সাবটি ধৰিলে আৰু নীলিমাৰ দুচকুত জিলিকি উঠিল দুধাৰি মুকুতা, দুখৰ নহয় সুখৰ।
**********
3:39 PM
সুন্দৰ ইতিবাচক গল্প।
4:43 PM
বৰ ভাল লাগিল পঢ়ি