উজান বজাৰ ঘাট আৰু তাৰ কথাৰে-অৰ্চন শৰ্মা

:কেনেকুৱা?

: ইটছ আমেজিং (its amazing)

শব্দকেইটা আপোনা-আপুনি ওলাই আহিল। বেলিভিউৰ সৌন্দর্যই এনেকুৱা, ব্ৰহ্মপুত্ৰৰ মাজত পাহাৰৰ ভাঁজে ভাঁজে হেঙুলীয়া আভাবোৰ বিয়পি পৰিছে, বেলি লহিয়াবলৈ বেছি পৰ নাই।

:ফটো মাৰি দিব লাগে যদি কোৱা।

সি ক’লে।

:নালাগে ব্র, মই ফটো উঠা টাইপৰ নহয় ইমান।

মোবাইলৰ কেমেৰাটো অন কৰি ফটো দুখনমান তুলি থলোঁ, ভাল অহা নাই, তথাপি!

: আৰু আগলৈ যাব পাৰি নে?

সি বেলিভিউৰ সৌন্দর্যত আপোন পাহৰা হৈ আছিল, মোৰ কথাত ঘূৰি চালে।

:নোৱাৰি ভাই, আগত এলাও নহ’ব।

:তেন্তে ৰিটাৰ্ন যাওঁ ব’লা।

মোবাইলটোলৈ চাই মই ক’লো।উজান বজাৰ ঘাটত পাৰ্থ দা, উন্মিলনহঁতৰ  আড্ডা এৰি থৈ আহিছোঁ তাকো এনে এটা ল’ৰাৰ সৈতে যাক লগ পোৱা মোৰ দহ মিনিটো হোৱা নাই!

:আৰু কিমান সময় আছা পাৰ্থ দা?

অহাৰ আগেয়ে সুধিছিলোঁ পাৰ্থ দাক…

:সেইটো ঠিক নাই, আৰু অলপ সময় আছোঁ বাৰু!

:তেন্তে মই আহি আছো হা অলপ আগৰপৰা, বেছি টাইম নালাগে, যাওঁনে?

সি অকণ আচৰিত হৈছিল, মই সেই ঠাইখন ভালকৈ চিনিয়ে নাপাওঁ সেয়া সিও জানে।

:কাৰ লগত যাবা?

পাৰ্থ দাই সুধিছিল।

:সৌৱা চোৱা সেই ল’ৰাটোৰ লগত।

অন্তৰীপলৈ আঙুলিয়াই দেখুৱাইছিলোঁ মই, চাহৰ দোকানখনত বহি সি বেগটো সামৰি আছিল তাৰ।

: চিনি পোৱা তাক?

পাৰ্থ দাই আকৌ সুধিছিল।

:ওহোঁ নাপাওঁ, অলপ আগতে লগ পাইছোঁ, পানী আনিবলৈ গৈছিলোঁ যে দোকানৰপৰা, সেই তেতিয়াই!

কৈফিয়ৎ দিয়াৰ দৰেই ক’লো, অৱশ্যে তাৰ প্ৰয়োজন নাছিল সেয়াও জানো।

:যোৱা, কিবা প্ৰব্লেম হ’লে ফোন কৰি দিবা।

পাৰ্থ দাই কৈছিল, সি জানে মই কেনেকুৱা, অৱশ্যে এই ক্ষেত্রত সিও ব্যতিক্ৰম নহয়।নতুন মানুহৰ সৈতে মিলি যাবলৈ বেছি সময় নালাগে আমাক।

মই ঘূৰি অহালৈকে উজান বজাৰ ঘাট উকা হৈ পৰিছে, সিহঁত নাই, হয়তো কাম আছিল গুচি গ’ল।অৱশ্যে মোৰো দেৰিয়েই হ’ল, বেলিভিউৰ পৰা খাৰঘুলি হৈ ঘূৰি মেলি আহোঁতে প্ৰায় আধা ঘন্টাই পাৰ হৈ গ’ল।

:তুমি সকলো ৰেণ্ডম মানুহৰ সৈতে এনেকৈ কথা পতা ল’ৰা যেন নালাগে, এম আই ৰাইট?

বাটত সুধিছিলোঁ মই তাক।

:হয় ব্র, মই কথা খুব কমেই পাতো অচিনাকী মানুহৰ লগত।

:তেতিয়াহ’লে, মই বহুত লাকী হ’ব লাগিব দেখোন, মোৰ সৈতে কথা পতাৰ লগতে ফুৰিবলৈ যোৱাৰ ইমান মজা অফাৰ এটা পালোঁ যেতিয়া!

:তোমাক বিশ্বাস কৰিব পাৰি যেন ফিল এটা আহিল ব্র, কেতিয়াবা হয় ন এনেকুৱা, হাৰ্টৰপৰা ভাল মানুহ যেন ফিল এটা আহে।

সি কথাটো বুজাবলৈ চেষ্টা কৰিলে, মই বুজিলোঁ, এনেকুৱা কথাবোৰ বুজিবলৈ সময় নালাগে মোৰ।

পানী এবটল কিনিবলৈ যেতিয়া দোকানখনলৈ গৈছিলোঁ তেতিয়া সি তাতেই বহি আছিল সৰু বেঞ্চ এখনত, কাষত হেলমেট, এটা বেগ আৰু কাণত হেডফোন । দোকানত আন কোনো নাছিল বাবে তাকেই সুধিছিলোঁ।

:ব্র’,  ৱাটাৰ বটল,,,!

:মিল জায়েগা, আপ জৰা ৱেইট কিজীয়ে!

সি হিন্দীত উত্তৰটো দিছিল, দোকানীজনক চিঞৰি মাতি দিছিল সি।

:অহ ছৰী, মুঝে লগা য়ে দোকান আপকা হে!

মই অলপ অপ্ৰস্তুত হৈছিলোঁ।

:নাই, একো নাই, বহুতে ভাবে এনেকৈ, মই বহি থকা দেখিলে….তুমি ক’ৰ পৰা আহিছা?

সি তেতিয়াও হিন্দীতে কৈ আছিল, কিন্তু হিন্দী তাৰ ভাষা নহয় সেয়া স্পষ্ট হৈ পৰিছিল।

:মই নামৰূপৰ, অসমৰে।

ইমানখিনিলৈকে হিন্দীত কৈ সুধিছিলোঁ…

:ভাই তুমিতো অসমৰ, তেন্তে মোক যে হিন্দীত সুধিছা, মোক অসমীয়া যেন নালাগে নেকি?

মোৰ মুখত অসমীয়া শুনি আচৰিত হৈছিল সি।

:বেয়া পালা নেকি ? চৰী ভাই তোমাক অসমীয়া যেন সঁচাকৈ নালাগে।

সি কৈছিল।অৱশ্যে মোৰ বাবে নতুন কথা নহয়, আগতেও সন্মুখীন হৈছোঁ এনে পৰিস্থিতিৰ বহুবাৰ, মোক অসমীয়া যেন নালাগে দেখাত।

পানীৰ বটলটো অনালৈকে বহিছিলোঁ তাৰ লগতে, সি সুধিছিল মোক, ক’ত থাকোঁ, কি কৰোঁ, ময়ো সুধিছিলোঁ । সি মেনেজমেণ্ট পঢ়ি থকা বুলি শুনি কৈছিলো,

:তোমাৰ লাইন ফিল’চফী বা চাইক’লজী হ’ব লাগিছিল, তুমি সেই টাইপৰ হে।

:তোমাৰ এনালাইছিচ নে এয়া?

:হয়, ভুল হৈছে নেকি?

:ওহোঁ নাই হোৱা ব্র, মই নিজেই ফিল কৰোঁ এইটো কথা, কিন্তু তুমি পাঁচ মিনিটতে কেনেকৈ গম পালা ?

সি সুধিছিল মোক, মোৰ ওচৰত উত্তৰ নাছিল, হাঁহি এটা মাৰি সামৰিব খুজিছিলোঁ বিষয়টো, কিছুমান কথাৰ উত্তৰ নাথাকে।

কামাখ্যাৰ দিশে ঘূৰাই দিলে বাইকখন, আন্ধাৰ হোৱাৰ আগতে কামাখ্যাৰ পৰা উভতিব পাৰিলে ভাল, কিন্তু সেই আশা পূৰ্ণ নহ’ল।

নীলাচলৰ কাষ পোৱাৰ আগতেই কলীয়া ডাৱৰে আকাশ ছানি ধৰিলে, এজাক বৰষুণ হুৰহুৰাই আহিল, মালিগাঁৱৰ টেম্প’ ষ্টেণ্ডত ৰৈ থকা টেম্প’ কেইখনত সোমাই দিয়াৰ বাহিৰে উপায় নাছিল আমাৰ।

বৰষুণজাক বাঢ়ি আহিছিল, মোৰ কাপোৰবোৰ সেমেকি গৈছে প্ৰায়, কামাখ্যা যাবলৈ সময় নাই আৰু, হয়তো এয়াই মাৰ ইচ্ছা, এয়াই মায়াবী কামাখ্যা, প্ৰাচীন শক্তিপীঠ!

:ব্র, চিন্তা হৈছে নেকি?

সি সুধিলে।মোৰ চিন্তাবোৰ তাক বুজাবলৈ নোযোৱাই ভাল, জটিল হ’ব পাৰে তাৰ বাবে ।

:নাই ভাই, মোৰ কাৰণে এইটোও এটা এক্সপেৰিয়েঞ্চ, চ’ টেনশ্যন নাই!

:এতিয়া ক’ত যাবা ?

: ৰিটাৰ্ন যোৱাই ভাল হ’ব চাগে।

মই অলপ চিন্তা কৰি ক’লো। 

অলপ বৰষুণ, অলপ বতাহ আৰু ষ্ট্ৰীট লাইটৰ পোহৰ, গুৱাহাটী ইমান মায়াসনা হ’ব পাৰেনে বাৰু?এনেকুৱা সময়ত বাইক চলাই ভাল পাওঁ মই, কিন্তু লাইচেন্স নোহোৱাকৈ গুৱাহাটীত সেইটো কাম কৰিব নোৱাৰি, তাতে সি ভাল চলায়… সেয়েহে মোৰ কৰিবলগা বিশেষ একোৱেই নাছিল, এবাৰ গুগোল মেপত ল’কেশ্যনটো চালোঁ “বৰাগাঁও”!

এটা কাহিনীৰ অপৰাহ্ন :

গুৱাহাটী লিডু ইণ্টাৰচিটি এক্সপ্ৰেছৰ এছ ৱান ডবাৰ শেষৰ এটা ছিট, মোৰ আশে -পাশে কোনো যাত্ৰী নাই, মোবাইলটো উলিয়াই আপডেট এটা দিলোঁ,

“এবুকু কাহিনীৰে, বিদায় গুৱাহাটী।”

দুই এটা কমেণ্ট আহিল, “কেতিয়া আহিছিলা, কিয় আহিছিলা টাইপ”, হোৱাটচ এপত দীক্ষিতাৰ মেছেজ এটা জিলিকি আছে।

“তোমাৰ ঘড়ীত দহ মিনিট হোৱা নাই যদি নাজানো, মোৰ ইয়াত আধাঘণ্টা হৈ গ’ল, মই ভাত খাবলৈ যাওঁ।”

মেছেজটো দেখিহে মনত পৰিল যে মই তাইক ফোন কৰাৰ কথা আছিল, ষ্টেচনলৈ আহোঁতেই ফোন কৰিছিল তাই।

:বহুত কাহিনী আছে ঐ, ফোন কৰি শুনাম ৰ’বা ।

তাইক কৈছিলোঁ।

:এতিয়া পিছে ক’ত আছা ?

:ষ্টেশ্যন গৈ আছোঁ ।

:কাৰ লগত ?

:কাৰ লগত আছোঁ সেয়াও এটা কাহিনী, লিখিম সেইটো পঢ়ি ল’বা ।

তাই হাঁহিছিল, তায়ো জানে মই কি ধাতুৰে গঢ়া।

এৰা, কাহিনী এটা হ’ব নিশ্চয়, মনতে কথাখিনি অলপ জুকিয়াই ল’লো ।

ষ্টেছনত এৰা-এৰি হোৱাৰ আগতে সি কৈছিল….

:দুদিনৰ কাৰণে লগ পালোঁ, যিমান সময় তোমাৰ লগত থাকিলোঁ নিজকে অকলশৰীয়া অনুভৱ নহ’ল ভাই, য’তে থাকা ভালকৈ থাকিবা।

:মোৰ কথা মনত থাকিব নে?

হাঁহি মাৰি সুধিছিলোঁ মই 

:থাকিব, উজান বজাৰ ঘাটলৈ গ’লেই মনত পৰিব, এনেকুৱা ল’ৰা এটাকো লগ পাইছিলোঁ, 

য়ু হেভ ছামথিং ইন য়ু ব্ৰ’

সি গুচি গৈছিল, উজানবজাৰ ঘাটৰ এটা জীয়া কাহিনী হৈ, গুৱাহাটীৰ কোলাহলৰ মাজত মানুহ বিচাৰি ফুৰা ল’ৰা আছিল সি, ঘাটৰো যে কিমান কাহিনী থাকে!

**********

2 Comments

  • ভাল লাগিল, সুন্দৰ।

    Reply
  • বন্দিতা জৈন

    বৰ সুন্দৰ কৈ লিখিলা।উজান বজাৰৰ ঘাটিৰ বহু স্মৃতি আছে। লিখিবলৈ নোৱাৰিম।সেয়াও এক অলিখিত কাহিনী।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *