এথোপা_ৰঙা_গোলাপ-প্ৰণীতা গোস্বামী বৰঠাকুৰ
: আজি ৰঙা গোলাপৰ দিন!
বিদ্যুতে মুখৰ ভিতৰতে কথাষাৰ ক’লে যদিও ৰঞ্জনাই শুনিলে। পুৱা ঘৰ সাৰি থকাৰপৰাই মুখখন ঘূৰাই তালৈ চাই তাই সুধিলে,
: কি, কি কৈছা?
: নাই, একো নাই!
বিদ্যুতৰ নিৰুত্তাপ উত্তৰ।
তাই আৰু সেইখিনিত ৰৈ নাথাকিল, ঝাড়ুটো লৈ তাই ভিতৰ সোমাই গ’ল। পুৱা ঘৰখনত তাইৰ অলেখ কাম। আজি দেওবাৰ, জানমণিৰ স্কুল নাই। তথাপিও ঘৰখনত জানো কমখন কাম! ৰাতিপুৱা শুই উঠিয়েই যে ঝাড়ুটো হাতত লয় সেই হাত আৰু যেন থমকি নৰ’বই। কোনো বনকৰা মানুহ নোহোৱাকৈয়ে তাই ঘৰখনৰ আল মাৰিবলৈ যত্ন কৰি আহিছে। জানমণিৰ জন্মৰ সময়তহে বিদ্যুতক সকাহ দিবলৈ এগৰাকী মানুহ ৰাখিছিল। কিন্তু কিমান দিন! নোৱাৰে তাই সিহঁতৰ ফাঁকি-ফুঁকাবোৰ চাই থাকিব। এনেয়ো তাই সৰুৰেপৰাই কামত চিজিল, আনে কৰা কাম তাইৰ বৰ পছন্দ নহয়। সিহঁতৰ সৰু সংসাৰখন তাই নিজৰমতে চলাই নিবলৈ ভাল পায়। তাইৰ মতে ঘৰখনত স্থান পোৱা বস্তুবোৰ অলপ ইফাল-সিফাল হ’লেই তাইৰ চকু কুটকুটাই উঠে। তাৰবাৰে ঘৰখনত কেতিয়াবা উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয়। বিদ্যুত বহুত বেচিজিল তাইৰ মতে। একো বস্তু ঠাইত নথয়।
বিদ্যুত আৰু তাইৰ জীৱনলৈ জানমণি আহিছিল সম্পূৰ্ণ তিনিটা বছৰৰ পাছত। সকলো তাইৰ প্লেন। বিদ্যুতৰ মতে তাই বেছি প্ৰেক্টিকেল। কিছু কিছু ক্ষেত্ৰত অলপ বেহিচাপী, বেপেৰোৱা স্বভাৱৰ হ’লে ভাল বুলি ভাবে সি। কিন্তু ৰঞ্জনা তেনে নহয়। সকলো কথা-কামৰ ফলাফল বহু দূৰলৈকে চিন্তা কৰে তাই। সংসাৰ ইমান হিচাপত নচলে। মাজে মাজে হিচাপতো খেলি-মেলি লাগে। ভগৱানেই যেন নিবিচাৰে সৱ একে গতিত নিৰৱচ্ছিন্ন ভাৱে চলক।
ৰঞ্জনাক প্ৰথম দেখা দিনাই বিদ্যুতৰ বুকুত গোলাপ ফুলিছিল। সেইদিনা আছিল তাৰ লগৰ ৰাজীৱৰ ভনীয়েকৰ বিয়া। বিয়াঘৰৰ আলহীসকলৰ মাজত ৰঞ্জনাক তাৰ প্ৰথম দেখাতেই ভাল লাগিছিল। ৰাজীৱক কথাটো জনোৱাত সি জাঁপ মাৰি উঠিছিল।
: তাই তেনেকুৱা ছোৱালী নহয় দেই!
তাৰ স্পষ্ট উত্তৰ।
বহুত খোচামতি কৰাৰ পাছত সি কৈছিল,
: তই তাইৰ লগত কথা পতাতকৈ একেবাৰে ঘৰৰ ফালৰপৰা যোগাযোগ কৰ। খুৰীক কথাটো কৈ আগবাঢ়, পাছত মই আছোঁ তোৰ লগত।
: তাই যদি মত নিদিয়ে, কৰ’বাত ঠিক হৈয়োতো থাকিব পাৰে!
: তেতিয়া গম পাবিয়েই নহয়, তাই ঘৰৰ অমতত নাযায়, সেইটো ঠিক।
ৰাজীৱৰ খাৰাংখাচ উত্তৰ।
সেই তেতিয়াৰপৰাই ঘৰৰ সহমতত সিহঁতৰ বিয়া ঠিক হৈছিল। কিন্তু তাইৰ মনটো আজিও সি ভালকৈ বুজিব নোৱাৰিলে। এইটো নহয় যে তাই তাক অৱমাননা কৰে। সকলো বৰ সঠিক ভাৱেই আগবঢ়াই নিছে তাই। তাইক লগ পোৱাৰ পাছৰপৰাই সিহঁতৰ প্ৰেম-ভালপোৱাবোৰো এক মসৃণ গতিত আগবাঢ়িছিল। কোনো কথাতে উত্ৰাৱল হৈ নপৰা ৰঞ্জনাক সি প্ৰথমতে বৰ আচহুৱা পাইছিল। ভৰ যৌৱনা ইমান মনোমোহা ছোৱালীজনীৰ হৃদয় বোলা বস্তুটো আছেনে নাই তাৰ কেতিয়াবা সন্দেহ হৈছিল। কৰ্তব্যৰ খাতিৰত তাই সকলো দায়িত্ব নিয়াৰিকৈ পালন কৰি আহিছে। কিন্তু কৰ্তব্যই জানো সকলো!… কেতিয়াবাতো উজাৰি দে অন্তৰৰ সকলো ব্যথা। নাই, তাই এনে নকৰে। ভালপোৱাতো যেন তাই ৰাখে সীমাবদ্ধতা। বিয়া ঠিক হোৱাৰ দুবছৰৰ পাছত সিহঁতৰ বিয়া হৈছিল। তাইৰ পঢ়া শেষ হোৱালৈ সি অপেক্ষা কৰিম বুলি তাইক কথা দিব লগা হৈছিল। সেই দুবছৰত ইউনিভাৰ্চিটিৰ ক্লাচ খতি কৰি তাই কোনোদিন তাক লগ কৰিবলৈ অহা নাছিল। বহু আৱেগ-সবল মুহূৰ্ততো তাইক বিচলিত হোৱা দেখা নাছিল, বৰঞ্চ সিহে বহু সময়ত নীৰৱে থাকি আঁতৰি আহিবলৈ বাধ্য হৈছিল।
“নাই, এইৰ লগত আৰু নোৱাৰি”… বহুতদিন সি এনেকৈ ভাবি একেবাৰে আঁতৰি অহাৰ কথাহে মনলৈ আহিছিল। কিন্তু ঘৰৰ বান্ধোন, ইমান অমায়িক শিক্ষিত ছোৱালীজনীৰ সি আন একো দোষ উলিয়াব নোৱাৰিছিল। বিয়াৰ পাছতো তাই বহুত মাৰ্জিত। আনৰ চকুত লজ্জিত হ’ব পৰাকৈ তাই একো কামেই কৰিব নিবিচাৰিছিল।
বিয়া আগত সিহঁত দুয়ো ভেলেণ্টাইন ডে’ পাৰ কৰিছিল। প্ৰথমটো ঠিক সিহঁতৰ ঘৰুৱা সম্বন্ধ আগবঢ়াৰ তিনিমাহৰ পাছত। সি বহুত উৎসাহেৰে তাইৰ বাবে এথোপা তেজৰঙা গোলাপৰ বুকে আৰু এযোৰ চেলোৱাৰ চ্যুট লৈ ইউনিভাৰ্চিটিৰ সমুখত ৰৈ আছিল। অলপ সময় ৰোৱাৰ পাছত টুংকৈ তাৰ ম’বাইলত মেছেজ অহাৰ সংকেত দিছিল।
” ক্লাচত আছোঁ, ২০ মিনিট ৰোৱা”– তাইৰ মেছেজ।
সি কফি একাপ লৈ ওচৰৰ ৰেষ্টুৰেণ্টখনত বহি পৰিছিল, মনত এসোপা ক্ষোভ লৈ। আধাঘণ্টাৰ পাছত তাই আহি সমুখৰ চকীখনত বহি কফি আৰু পৰঠাৰ অৰ্ডাৰ দিছিলহি। ভেলেণ্টাইন ডে’ৰ কোনো উৎসুকতা তাইৰ মুখমণ্ডলত প্ৰকাশ পোৱা নাছিল। আনদিনাৰদৰেই তাৰ লগত কথা পাতিছিল। আহিবৰ সময়ত সি তাইলৈ উপহাৰকেইটা আগবঢ়াই দি শুভেচ্ছা জনাইছিল। গোলাপৰ ৰঙা ৰংবোৰ তাইৰ মুখমণ্ডলত থুপ খাইছিল। সেইসময়ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি উপহাৰকেইটা গ্ৰহণ কৰি প্ৰতিশুভেচ্ছা জনাই তাই হোষ্টেললৈ বুলি খোজ লৈছিল। কেইদিনমানৰ পাছত সিহঁত লগ হওঁতে ভেলেণ্টাইন ডে’ৰ ওপৰত এটা বৃহৎ লেকচাৰ দিছিল তাক। তাইৰ মতে এই প্ৰেম-ভালপোৱাবোৰ উপহাৰ, গোলাপ বা কোনো নিৰ্দিষ্ট দিনত আবদ্ধ নাথাকে। তাইৰ মতে, ভালপোৱা হৈছে ‘এক সঁচা অনুভূতি’, তাক প্ৰকাশ কৰাৰ মাধ্যম সকলোৰে একে নহয়। তাইৰ বহু কথা তাৰ মূৰৰ ওপৰেদি গৈছিল। অনুভৱ হৈছিল, কি নিৰস এজনীৰ পাল্লাত পৰিলোঁ বুলি। লাহে লাহে কথাবোৰ সহজ হৈ পৰিছিল।
আজিও সেই বিশেষ দিনটো। তাৰ অন্তৰত অজানিতে ৰঙা গোলাপপাহ প্ৰস্ফুটিত হৈ উঠিল। তাইৰ সান্নিধ্য পাবলৈ সি যেন উদ্বাউল হৈ পৰিল। কিন্তু প্ৰকাশ কৰে কেনেকৈ…! আজি এবছৰে সি এই হুইল চেয়াৰখনকে আশ্ৰয় কৰি থাকিব লগা হৈছে। এদিন কামৰপৰা উভতি আহোঁতে বাইক এক্সিডেণ্ট হৈ সি ভৰি দুটাত আৰু পিঠিত বেয়াকৈ আঘাত পাইছিল। বহু চিকিৎসাৰ অন্তত সি ঠিক হৈছিল যদিও খোজ কাঢ়ি ঘূৰি ফুৰিবলৈ তাৰ এতিয়াও অসুবিধা হয়। ৰাতি বিষত এতিয়াও সি কেঁকাই উঠে। ভঙা কামিহাড়ৰ মাজত মাজে মাজে অত্যন্ত বিষ অনুভৱ কৰে। এই এবছৰে তাই তাক যেনেদৰে প্ৰতিপাল কৰিছে, ৰাতি টোপনি খতি হ’লেও তাৰ বিষ উপশমৰ বাবে তাই যেন সদা-প্ৰস্তুত, সেইবোৰ দেখিলে তাৰ তাইৰ ওচৰত বহুত সৰু হৈ পৰা যেন লাগে। সৌভাগ্য যে এতিয়া সি আৰু তাই ঘৰৰপৰাই অফিছৰ কামবোৰ কৰিব পাৰিছে। নহ’লে তাই চাকৰি এৰি দিয়াৰ সিদ্ধান্তই লৈছিল। জানমণিও ক্লাচ টেন পালেগৈ। তাৰ লগতে জানমণিকো অলপ সময় দিব লগা হৈছে তাই। সময়বোৰ বৰ সোনকালে আগবাঢ়িছে। নিয়াৰিকৈ আগবঢ়া সংসাৰখনত তাৰ দুৰ্ঘটনাটোৱে জোকাৰি গ’ল। বিচলিত, সন্ত্ৰাসিত মনবোৰ এতিয়ালৈ কোনোমতে থান-থিত লাগিছেহি। এই এটা বছৰে সি অনুভৱ কৰিছে ৰঞ্জনাৰ কৰ্তব্যনিষ্ঠাৰ মাজত লুকাই থকা মৰমিয়াল মনটো। তাৰ প্ৰতিটো কাম তাই হাঁহিমুখেৰেই কৰি দিছে। মনত কিবা থাকিলেও তাইৰ মুখমণ্ডলত সেইটো কোনোদিনেই প্ৰকাশ নহয়। যেন সকলো কাম তাইৰ কৰ্তব্যৰ ভিতৰত। না কোনো অভিমান, না কোনো খং। ঘড়ীৰ কাঁটাৰদৰে ঘৰখনৰ প্ৰতিটো কাম তাই এটা এটাকৈ কৰি যায়। তাৰ বাবে তাইৰ কোনো আক্ষেপ নাই। সি লক্ষ্য কৰিছে তাই যেন এটা যন্ত্ৰ হৈ পৰিছে আজি এবছৰৰপৰা। টিভি চোৱা সময়কণতো তাইৰ হাতত কিবা এটা কাম থাকেই। মাজতে তাৰ ওচৰত বহি দুই-এষাৰ কথা পাতি তাৰ মনটো ভাল লগাই যায়হি। সেয়াও যেন তাইৰ ৰুটিনৰ ভিতৰতহে, এনে লাগে তাৰ।
কিবা এটা কৰি ড্ৰাইভাৰটোকে মাতি আজি অলপ ওলাই যাব নেকি…. সি মনতে ভাবিলে। “ৰঞ্জনাই বা কি কয়..! নাই, ডাক্তৰৰ ওচৰলৈ যাওঁ বুলি বাহানা এটা বনাব লাগিব”….দুৰ্ঘটনা আৰু লকডাউনে কোঙা কৰা তাৰ মনটো আজি হঠাতে বিশ বছৰৰ আগলৈ ঘূৰি যাবলৈ বিচাৰিছে। সি বাধা দিব খোজা নাই; অনেক আশাই পূৰ নহ’ল দেখোন!… ভৱিষ্যত পৰিকল্পনাত যেন ক’ৰবাত যতি পৰিল। মহামাৰীয়েও যেন টিট্কাৰি মাৰি উপহাস কৰিছে স্বাৰ্থপৰ মানৱ সমাজক! কিন্তু তাৰ জীৱনত লকডাউনে যোগাত্মক ক্ৰিয়াই কৰা যেন ভাৱ হয়। নহ’লেনো আজি পাঁচমাহে সি ৰঞ্জনা নোহোৱাকৈ কেনেকৈ চলিলহেঁতেন!
মনতে সি অনেক কথাই ভাবিলে।
: দাদা, পাৰ্চেল এটা আছিল, বিদ্যুত দুৱৰাৰ নামত।
হাতত ডাঙৰ বক্স এটা লৈ ল’ৰা এজন সোমাই আহিল।
:হয়, ময়েই বিদ্যুত দুৱৰা।
বাৰান্দাত ৰ’দ লৈ বহি থকাৰপৰাই বিদ্যুতে অলপ আচৰিত হৈয়েই উত্তৰ দিলে।
ল’ৰাজন বাৰান্দালৈকে আহি কাগজখনত চহী কৰাই পাৰ্চেলটো দি গ’ল।
পাৰ্চেলটো টেবুলখনতে থৈ বিদ্যুতে ৰঞ্জনাক মাতিলে। ৰঞ্জনাই তিতা চুলিখিনি টাৱেলখনেৰে মচি মচি বিদ্যুতৰ ওচৰ পালেহি।
: তুমি কি অৰ্ডাৰ কৰিছিলা, এয়া দি গৈছে ল’ৰা এজনে।
ৰঞ্জনাক উদ্দেশ্যি ক’লে বিদ্যুতে।
: তুমিয়েই খোলাচোন, তোমাৰ নামত আহিছে…! আহা ভিতৰতে খুলিবাহি। ৰ’বা মই লৈ গৈছোঁ…
বুলি ৰঞ্জনাই তাক ভিতৰলৈ লৈ গ’ল।
জানমণিয়েও মাক-দেউতাকৰ কথা শুনি কি আনিছে চাবলৈ পঢ়াৰ পৰা উঠি আহিল।পাৰ্চেলটো খুলি সি আচৰিত হৈ পৰিল। কাৰেণ্টত দিব পৰা এখন তচক।
: এইখন কিয় ৰঞ্জনা…
ৰঞ্জনালৈ চাই সি আৱেগিক হৈ সুধিলে।
: কি কিয়, তোমালৈ অনাইছোঁ। ৰাতি শুব পাৰিবা আৰামত। বিষত আৰাম দিয়ে বোলে এইখনে। গুগলত পঢ়িছোঁ। কিমানদিন তুমি ৰাতি ভালকৈ শুবই পৰা নাই বিদ্যুত…
ৰঞ্জনাও যেন সামান্য আৱেগিক হ’ল।
টিং টং.. টিং টং…
বাহিৰত কলিং বে’লৰ শব্দ শুনি ৰঞ্জনা ওলাই গ’ল। ৰঞ্জনা ওলাই যোৱালৈ চাই তাৰ এনে লাগিল যেন বহু আকাংক্ষিত কোনোবা এজন আহি পাইছেহি..!
হাতত ৰঙা গোলাপৰ থোপা এটা লৈ ৰঞ্জনা সোমাই আহিল। বিদ্যুতৰ ওচৰলৈ আহি গোলাপৰ থোপাটো আগবঢ়াই দিলে,
“হেপ্পী ভেলেণ্টাইন ডে’ বিদ্যুত…”
হুক হুকাই কান্দি উঠিল সি, আৱেগক ধৰি ৰাখিব নোৱাৰিলে আজি। তাৰ মনৰ খবৰবোৰ ৰঞ্জনাই কেনেকৈ পায়….!
“কিয় কান্দিছা” বুলি ৰঞ্জনাই আলফুলে আকোৱালি ল’লেহি তাক। জানমণিয়েও মাজত সোমাই দুয়োকে সাৱতি ধৰিলেহি।
“হেপ্পী ভেলেণ্টাইন ডে’ মা-দেউতা’..”
এটি মধুৰ ক্ষণ… আজি এবছৰে অপ্ৰকাশ্য মনবোৰে যেন এইটো ক্ষণলৈকে অপেক্ষা কৰি আছিল। আৱেগবোৰ উটুৱাই দি সিহঁত তিনিও একাত্ম হৈ পৰিল।
বাহিৰত তেতিয়া শালিকা দুজনীয়ে চিকচিকাই খেৰকুঁটা এডাল লৈ খেলি আছিল।
**********
3:49 PM
সুন্দৰ গল্প।
3:54 PM
বৰ ভাল লাগিল।