কৃষ্ণচূড়া-জ্যোৎস্না ৰাণী দাস

কৃষ্ণচূড়া, তুমি ফুলাৰ বতৰতে

উঠি আহে তেজগোৰা বেলি 

বুকুৰ আকাশত হেন্দোলনি তুলি

হাঁহি থাকে হেঁপাহৰ জোনাক

কলিজাৰ আঁচলত বান্ধি নিচুকনি গীত

জাগি উঠে তন্দ্ৰাৰ ৰাগি…

মই পোহৰ পিয়াসী…

কৃষ্ণচূড়া দিয়া মোক তোমাৰ ৰং

সেই ৰঙে গাই শুনাওক  নিচুকনি গীত

কত বিৰহী প্ৰেমাস্পদৰ ভগ্ন হিয়াৰ

মালিতাৰ কথা শুনায়

লিখা আকৌ ভালপোৱাৰ সংগীত।

নাচি উঠক বুকুৰ সেউজীয়া

হেঁপাহৰ ৰং সানি উটি যাওঁক বিষাদ

কৃষ্ণচূড়া তুমিতো নোহোৱা দুখৰ মালিতা

জ্বলোৱা বুকুত আশাৰ শলিতা…

আচলতে চকুপানীবোৰ মাথো অজুহাত

পোৱা-নোপোৱাৰ হিচাপ-নিকাচো এটা অজুহাত

মৃত শব্দৰ সৈতে বিষন্নতাৰ মৌন আলাপ

কৃষ্ণচূড়া¸ মোক তোমাৰ ৰং বোৰ দিয়া

প্ৰিয় ৰঙৰ ৰাগিৰে মাতাল হওঁ আকৌ এবাৰ।

**********

2 Comments

  • Hargobinda Das

    “নাচি উঠক বুকুৰ সেউজীয়া
    —— উটি যাওক বিষাদ”
    সুন্দৰ কাব্যিকতা ৷ভাল লাগিল পঢ়ি ৷

    Reply
  • সুন্দৰ 👌

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *