গ্ৰীণ বুক :A movie that inspires you!-বিকাশ দত্ত
The Negro Motorist Green Book. এইখন এখন গাইড বুক, আফ্ৰিকান আমেৰিকান নাগৰিকৰ বাবে, যিসকলে আমেৰিকাৰ এখন ঠাইৰপৰা আন এখন ঠাইলৈ যাত্ৰা কৰিব বিচাৰে। আৰু ড° ডন ছাৰ্লিৰ মেনেজাৰে টনী লিপক সেইখন দিয়ে যাত্ৰাৰ দিনাখনেই ৰাতিপুৱা।
টনী ভেলেলংগা এজন night bouncer। নিউয়ৰ্কৰ নাইট ক্লাব আৰু বাৰত সংঘটিত হোৱা কাজিয়া-পেচালৰ নিৰ্মূলৰ কামত নিয়োজিত টনী এগৰাকী ফেমিলী মেন। আচলতে পৰিচালক পিটাৰ ফেৰেইলীয়ে ভিগ’ মৰ্টেনচেনক চৰিত্ৰটোৰ বাবে বাচি লৈছিল তেওঁৰ সেই মুখাৱয়ৱ আৰু ইটালীয়ান আমেৰিকান সাদৃশ্যতাৰ বাবে। এগৰাকী আফ্ৰিকান আমেৰিকানৰ ৬০ ৰ দশকৰ সেই জটিল সময়ত নিজৰ জীৱন পৰিক্ৰমা চলাই নিয়াতো একপ্ৰকাৰৰ খুব কঠিন কাম আছিল। কিন্তু তথাপিও ড° ডনাল্ড ছাৰ্লিয়ে নিজৰ ব্যক্তিত্ব আৰু অধ্যৱসায়ৰ জৰিয়তে নিজকে প্ৰতিষ্ঠা কৰিছিল। মেহেৰশ্বালা আলিৰ অভিনয়ত সম্পূৰ্ণৰূপে ফুটি উঠে ডন ছাৰ্লিৰ ব্যক্তিত্ব। হয়, ছবিখনৰ নাম Green Book। একাডেমীয়ে ২০১৯ চনত ছবিখনক বিভূষিত কৰে শ্ৰেষ্ঠ ছবিৰ বঁটাৰে। জটিল অথচ একেটা বিষয়বস্তু, প্ৰতিটো ছেকেণ্ডতেই আমোদ যোগোৱা চিত্ৰনাট্য তথা সংলাপ আৰু শক্তিশালী অভিনয় শিল্পীৰ অভিনয়ে Green Book ক হয়তো ষ্টিভ মেককুইনৰ 12 Years A Slave, স্পাইক লীৰ Blackkklansman, বা Hidden Figures ৰ দৰে ছবিতকৈ বহুক্ষেত্ৰত পৃথকৰূপে উপস্থাপন কৰিছে। কাৰণ Green Book ৰ এটা বৈশিষ্ট্য হ’ল ইয়াত আছে বন্ধুত্বৰ সোৱাদ। বন্ধুত্ব দুটা পৃথক ব্যক্তিত্বৰ, বন্ধুত্ব দুটা পৃথক ধাৰণাৰ।
বৰ্ণবৈষম্যতাক লৈ বহুতো ছবি হলিউদত ইতিমধ্যে নিৰ্মাণ হৈছে। লগতে এনেধৰণৰ ছবিয়ে দৰ্শকৰ মনত প্ৰায়েই এটা সাঁচ বহুৱাই থৈ যায়। ৬০ৰ দশকত এনেধৰণৰ ছবি সিমান নিৰ্মাণ নহৈছিল কাৰণ সেই সময়ত আমেৰিকাত Racial Discrimination এটা জ্বলন্ত বিষয়বস্তু আছিল। অভিজাত শ্বেতাংগ ব্যক্তিসকলৰ মাজত সদায়েই কৃষ্ণাংগসকলৰ প্ৰতি এটা সদভাৱ নাছিল। যিদৰে আমাৰ দেশত জাত-পাতক লৈ পৰিৱেশ আছিল ঠিক তেনেদৰেই আমেৰিকা আৰু ইউৰোপৰ প্ৰায়ভাগ ঠাইতে আফ্ৰিকান মূলৰ লোকৰ প্ৰতি এটা সদভাৱৰ অভাৱ প্ৰত্যক্ষ কৰাতো কোনো ডাঙৰ কথা নাছিল। ছবিখনত ড° ছাৰ্লিৰ জীৱনক উপস্থাপন কৰা হৈছে আৰু তেওঁৰ ড্ৰাইভাৰ টনী, যি এজন শ্বেতাংগ আৰু কৃষ্ণাংগৰ প্ৰতি সদভাৱ নথকাবিধৰ মানুহ। কিন্তু টনী যিহেতু এনে এটা কামত জড়িত য’ত বিভিন্নধৰণৰ মানুহ তেওঁ লগ পায়, সেয়েহে মনৰ মাজৰ সেই বৈষম্যতাখিনিক তেওঁ একাষৰীয়া কৰি থয়। আৰু ছবিখনত টনীক মূল চৰিত্ৰ হিচাপেই পৰিচালক ফেৰেইলীয়ে উপস্থাপন কৰাইছে।
ছবিখন আৰম্ভ হয় নিউয়ৰ্কৰ এটা ব্যস্ত নাইট ক্লাৱত এটা জেজ অনুষ্ঠানৰ জৰিয়তে। কাপা নাইট ক্লাৱ আৰু বাৰত সদায়ৰ দৰে ব্যস্ত হৈ থাকে টনী। টনীয়ে নাইট বাউঞ্চাৰ হিচাপে কাম কৰে। অৰ্থাৎ বাৰ বা ডিস্ক’ত হঠাৎ সৃষ্টি হোৱা কাজিয়া-পেচাল বন্ধ কৰাৰ দায়িত্ব টনীৰ। তেনেদৰেই এদিনাখন কাজিয়াৰ অন্তত বাৰখন বন্ধ হৈ যায় আৰু টনীৰ লগতে তেওঁৰ দুজন সতীৰ্থ নিবনুৱা হৈ পৰে। এনেতে হঠাৎ তেওঁৰ ঘৰলৈ এদিন ফোন আহে এগৰাকী ড°ৰ ড্ৰাইভাৰ হিচাপে নিয়োজিত হোৱাৰ যদি মন আছে তেন্তে যোগাযোগ কৰক বুলি। তেনেদৰেই তেওঁ উক্ত স্থানলৈ যায় আৰু লগ পায় ড° ছাৰ্লিক। এগৰাকী কৃষ্ণাংগ কিন্তু অভিজাত সংগীত শিল্পী। সমগ্ৰ দেশৰ বিভিন্ন ঠাইত সংগীত পৰিৱেশনৰ বাবে আৰু আঠ সপ্তাহৰ যাত্ৰাৰ বাবে তেওঁ টনীক বাচি লয় নিজৰ ড্ৰাইভাৰ হিচাপে। আৰু এনেদৰেই আগবাঢ়ে ছবিৰ কাহিনী। নৈচ পৰিৱেশ তথা কঠোৰ শৈশৱৰ মাজেৰে গতি কৰা টনী আৰু ড° ছাৰ্লি আছিল সম্পূৰ্ণ বিপৰীত ব্যক্তিত্ব। হয়তো সেইবাবেই দুয়োজনৰে ক্ষেত্ৰত প্ৰথমতে যাত্ৰা সুখকৰ নাছিল। তদুপৰি যদিও ড° ছাৰ্লি এগৰাকী কৃষ্ণাংগ, কিন্তু তেওঁৰ ব্যক্তিত্ব আছিল খুৱেই অভিজাত আৰু তেওঁ আছিল এজন সন্মানীয় ব্যক্তি।
তথাপিও আপুনি হাজাৰ সলনি হ’ব পাৰে কিন্তু আপোনাৰ অতীতে আপোনাক কেতিয়াও লগ নেৰে। সেইবাবেই হয়তো সন্মানীয় ব্যক্তিৰ আসনত অধিস্থিত হ’লেও ড° ছাৰ্লি প্ৰায়েই সন্মুখীন হৈছিল বৰ্ণ বৈষম্যতাৰ। বাৰ্মিংহামৰ বিশাল আপ্যায়নস্থলীত তেওঁৰ প্ৰৱেশত বাধা আৰোপ কৰা, লুইভিলত ঘৰৰ টয়লেট ব্যৱহাৰ কৰিব নিদিয়াৰপৰা বিভিন্ন ক্ষেত্ৰতেই তেখেত বৈষম্যতাৰ চিকাৰ হৈছিল। বহুসময়ত মাৰ-পিটৰ সন্মুখীনো হৈছিল। আচলতে সেয়াও আছিল বৈষম্যতাৰ বাবে হোৱা হিংসা। ড° ছাৰ্লিয়ে নিজকে ইয়াৰ মাজতো এগৰাকী অভিজাত ব্যক্তি হিচাপে চিনাকি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। পৰিস্কাৰ পৰিচ্ছন্নতাৰদ্বাৰা তেওঁ নিজকে সেই সময়ৰ এগৰাকী বিখ্যাত সংগীতজ্ঞ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল।
ছবিখনৰ মূল বিষয়বস্তু কি সেইয়া বুজিবলৈ অলপ কঠিন। ইটালীয়ান আমেৰিকান মূলৰ ব্যক্তিসকলক ৬০ ৰ দশকত প্ৰায়েই গেংষ্টাৰ তথা অপৰাধমূলক পৰিয়ালৰ পৰা অহা যেন দেখুওৱা হৈছিল। এইক্ষেত্ৰত টনীকো তেনেধৰণৰ চৰিত্ৰ হিচাপেই দেখুওৱা হৈছিল। অৰ্থাৎ ছবিখনত পৰিচালকে খুব সুন্দৰকৈ প্ৰতিটো দিশৰ ওপৰত গুৰুত্ব দিছে। একেদৰে বৰ্ণবৈষম্যতা, টনী আৰু তেওঁৰ পত্নী ডলৰেছৰ মাজত থকা পৰিয়ালকেন্দ্ৰিক আৱেগ আত্মীয়তাৰ অনুভূতিকো খুব সুন্দৰকৈ উপস্থাপন কৰা হৈছে চিত্ৰনাট্যৰ গঠনৰ জৰিয়তে। ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য নিৰ্মাণ হৈছে টনী আৰু ড° চাৰ্লিৰ জীৱনৰ সঁচা কাহিনীক লৈ। টনীৰ পুত্ৰ নিক ভেলেলংগাই ছবিখনৰ চিত্ৰনাট্য লিখিবলৈ লয় তেওঁৰ পিতৃ আৰু ড° ছাৰ্লিৰ সাক্ষাৎকাৰৰ আধাৰত। সেয়েহে হয়তো সংলাপৰ গভীৰতাই ছবিখনক উচ্চস্তৰলৈ লৈ যায়। উদাহৰণস্বৰূপে যেতিয়া টনীয়ে নিজৰ খঙাল ৰূপৰ পৰিচয় দি এগৰাকী পুলিচ বিষয়াক মাৰ ধৰ কৰে আৰু যাৰ ফলত তেওঁলোক দুয়োজনকে লক আপত ৰখা হয়, তেতিয়া ড° ছাৰ্লিয়ে কোৱা, “dignity always prevails” শীৰ্ষক শাৰীটো, বা টনীক তেওঁৰ পত্নীলৈ চিঠি লিখাত সহায় কৰা ড° ছাৰ্লিৰ “The easiest thing I ever done is to fall in love with you” ৰ দৰে সংলাপবোৰে দৰ্শকৰ মনত অতি শীঘ্ৰেই ঠাই দখল কৰিবলৈ লয়। লগতে ছবিখনৰ সংগীতো ইয়াৰ মূল চালিকা শক্তি। ড° ছাৰ্লিৰ Orpheus শীৰ্ষক বিখ্যাত সংগীতো ছবিখনত বাণীবদ্ধ কৰা হৈছে। লগতে সময়ে সময়ে নেপথ্যত বাজি থকা ৭০ ৰ দশকৰ জেজ সংগীত আৰু ছেক্স’ফোনৰ সেই মধুৰ সংগীতবোৰে দৰ্শকক এক সুকীয়া আমোদ দিয়ে। ছবিখনৰ এটা দৃশ্যাংশত ৰাস্তাৰ মাজতে গাড়ীখন বেয়া হোৱা দেখুওৱা হয়, টনীয়ে গাড়ীখন ভাল কৰি থাকে আৰু ড° ছাৰ্লি বাহিৰলৈ ওলাই আহে। তেওঁ থিয় হৈ চাই থাকে বহুকেইজন কৃষ্ণাংগ মানুহক, যিয়ে তপত ৰ’দত খেতিপথাৰত কাম কৰি থাকে। তেওঁলোকেও ছ্যুট টাই পৰিহিত তেওঁলোকৰ মাজৰেই ড° ছাৰ্লিক দেখে আনহাতে তেওঁলোকে এক কৌতূহলেৰে তেওঁৰ ফালে চায়। ড° ছাৰ্লিৰ চকুত ফুটি উঠা সেই আৱেগপ্ৰৱণ ব্যক্তিত্বৰ মাজেৰে পৰিচালকে দৰ্শকৰ মনৰ গভীৰতালৈ কঢ়িয়াই নিয়ে ছবিখনৰ মূল বিষয়বস্তুক।
টনীৰ চৰিত্ৰত অভিনয় কৰা ভিগ’ মৰ্টেনচেন আৰি, ড° ছাৰ্লিৰ চৰিত্ৰত মেহেৰশ্বালা আলিৰ অনবদ্য অভিনয় আৰু চিত্ৰনাট্যই হ’ল ছবিখনক শ্ৰেষ্ঠত্ব প্ৰদান কৰা মূল উপাদান। এগৰাকী খঙাল কিন্তু হাঁহিমুখীয়া আৰু ইটালীয়ান পৰিয়ালৰ টনীৰ চৰিত্ৰক খুব সুন্দৰ আৰু হাস্যমধুৰ সংলাপৰ জৰিয়তে উপস্থাপন কৰা ভিগ’ মৰ্টেনচেনৰ অভিনয় লেখত ল’বলগীয়া। সেইবাবেই হয়তো ২০১৯ ত তেওঁ গোল্ডেন গ্ল’ৱ, বাফটাৰ লগতে অস্কাৰত মনোনীত হয় শ্ৰেষ্ঠ অভিনেতাৰ বাবে। লগতে Moonlight ৰ বাবে অস্কাৰ জয় কৰা মেহেৰশ্বালা আলিয়ে অতি ক্ষীপ্ৰতাৰে নিৰূপণ কৰিছে ড° ডনাল্ড ছাৰ্লিৰ চৰিত্ৰটো। তদুপৰি ইয়াৰ বাবে তেওঁ প্ৰশিক্ষণ লয় পিয়ানো বজোৱাৰ। এইক্ষেত্ৰত তেওঁক সহায় কৰে ছবিখনৰ সংগীত পৰিচালক ক্ৰিছ ব’ৱাৰ্ছে। মেহেৰশ্বালা আলিয়ে দ্বিতীয়বাৰৰ বাবে লাভ কৰে শ্ৰেষ্ঠ সহ অভিনেতাৰ অস্কাৰ বঁটা। তদুপৰি এই বৰ্ষৰ শ্ৰেষ্ঠ ছবিৰ অস্কাৰ বঁটাও লাভ কৰে Green Book এ। শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্যৰ শিতানত নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰে Green Book এ। এখন সুন্দৰ তথা প্ৰতিটো দিশতে সম্পূৰ্ণ ছবিৰূপে Green Book এ দৰ্শকক দি যায় এক অনন্য সোৱাদ।
এইবৰ্ষত Blackkklansman, The Favourite ৰ দৰে ছবিক পিছ পেলাই এখন সাধাৰণ কাহিনীৰে নিৰ্মিত হাস্যমধুৰ ছবি Green Book য়ে অস্কাৰৰ শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰাতো হয়তো কোনেও ভবা নাছিল। কিন্তু একাডেমীয়ে কিয় এই সিদ্ধান্ত ল’লে তাৰ যোগ্য প্ৰত্যুত্তৰ হয়তো ছবিখন চালে আপোনালোকে বুজি পাব। ছবিখনৰ প্ৰায়বোৰ সংলাপে আমাক জোকাৰি যায়। এইক্ষেত্ৰত “Dignity always prevails” শীৰ্ষক সংলাপটো মুখ্য বুলি ক’ব পাৰি।
শেষত ক’ব খোজো যে, ছবিয়ে আমাক সংযুক্ত কৰে, ছবিয়ে আমাক আমোদ দিয়ে আৰু ছবিয়ে আমাক অভিভূত কৰে। আৰু এইটো আমি Green Book ৰ জৰিয়তে বুজি উঠিব পাৰো। ছবিখনে দৰ্শক হিচাপে মোক কি দিছে সেয়া মই নাজানো। হয়তো ভুল হ’বও পাৰে এইক্ষেত্ৰত। কিন্তু ছবিখনক লৈ এটা কথাই কওঁ, Green Book, a movie that inspires you!
**********
12:40 PM
ভাল লাগিল
4:47 PM
সুন্দৰ, বৰ ভাল লাগিল।