চাহেব পুৰাৰ বৰষুণ-বৰষা ডেকা

‘চাহেব পুৰাৰ বৰষুণ’ শ্ৰদ্ধাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেউৱে ৰচনা কৰা এখন জনপ্ৰিয় অসমীয়া উপন্যাস। এই উপন্যাসৰ কাহিনী কল্পনা আৰু বাস্তৱ জীৱনৰ সংমিশ্ৰণৰ আলমত লিখা হৈছে। এই গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০০৩ চনত।

‘চাহেবপুৰাৰ বৰষুণ’ কাহিনীটো আৰম্ভ হৈছে বৰ্ষা আৰু প্ৰান্তিকৰ ৰেল যাত্ৰাৰে। প্ৰান্তিক হৈছে বৰ্ষাৰ প্ৰেমিক যাৰ লগত কিছুদিন পাছতেই বৰ্ষাৰ বিয়া হোৱা কথা আছিল। প্ৰান্তিক আৰু বৰ্ষাই ৰেল যাত্ৰা কৰি থাকোঁতেই তেওঁলোকৰ ৰেলখন দুৰ্ঘটনাত পতিত হোৱাৰ বাবে বিহাৰৰ চাহেবপুৰা নামৰ ঠাইত ৰ’ব লগা হয় আৰু সেই মুহূৰ্ততেই বৰ্ষাই লগ পাইছিল চাহেবপুৰাত থকা ‘ইনছাইট’ নামৰ এনজিঅ’ এটাৰ মুখ্য ব্যক্তি শেখৰ হুছেইনক। তেওঁলোকৰ এনজিঅ’ৰ বিভিন্ন উন্নয়ন মূলক কামৰ বিষয়ে জানি বৰ্ষাই ভাল পায়। বৰ্ষাৰ প্ৰেমিক প্ৰান্তিকে এই অচিনাকি ঠাইৰ অচিনাকি মানুহৰ লগত বৰ্ষা থকাটো ভাল পোৱা নাছিল। এনেবোৰ কথাৰ বাবেই বৰ্ষা আৰু প্ৰান্তিকৰ মনোমালিন্য ঘটি দুয়োৰে মাজৰ সম্পৰ্ক শেষ কৰি প্ৰান্তিকক বিদায় দি বৰ্ষাই চাহেবপুৰাত থাকি যায়। এনজিঅ’ৰ বিভিন্ন ঠাইৰ বিভিন্ন মানুহৰ মাজত বৰ্ষাই এজন যুৱকক লগ পাইছিল। তেওঁৰ নাম আছিল সঞ্জীৱ দাস। অৱশেষত সেই সঞ্জীৱ দাসৰ প্ৰেমত পৰিছিল বৰ্ষা। চাহেবপুৰাৰ এনজিঅ’ত কাম কৰি থাকোঁতেই এবাৰ বৰ্ষা,শেখৰ হুছেইন, সঞ্জীৱ দাস আৰু বহু কেইজন ব্যক্তিৰ লগত অসমৰ মাজুলী পালেহি, মাজুলীত থাকি কিছু ভাল কাম কৰিবলৈ। কিন্তু এই কথা সমাজৰ কিছু ব্যক্তিয়ে বৰ ভাল নাপায়। তেওঁলোকৰ মাজত মনোমালিন্য হৈ এদিন হঠাতে সঞ্জীৱ দাসৰ ৰহস্যজনক ভাৱে মৃত্যু হয়। এনেদৰেই চাহাবেপুৰাৰ বৰষুণ নামৰ কাহিনীটোৰ অন্ত পৰে।

***********

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *