চোৰটোৰ কাহিনী,ৰাস্কিন ব’ণ্ড :অনুবাদ-চিত্ৰলেখা দেৱী

(ভাৰতীয় লেখক ৰাস্কিন ব’ণ্ডৰ  THE THIEF’S STORY নামৰ ইংৰাজী গল্পৰ অসমীয়ালৈ ভাবানুবাদ ) 

মই  অনিলক যেতিয়া প্ৰথম লগ পাওঁ মই  এটা চোৰেই আছিলো। যদিও মই  মাত্ৰ পোন্ধৰ বছৰীয়াহে আছিলো  মই  সম্পূৰ্ণ অভিজ্ঞ আৰু দুখন পাকৈত  হাতৰ গৰাকী আছিলো।

এখন মালযুঁজ খেল উপভোগ কৰি থাকোঁতে মই প্ৰথম অনিলৰ মুখামুখি হওঁ। তেওঁ প্ৰায় পঁচিশ বছৰীয়া — এজন ওখ-পাখ,  ক্ষীণ-মিন লোক। মোৰ  উদ্দেশ্য  সিদ্ধিৰ বাবে তেওঁক বৰ  সহজ – সৰল  আৰু  দয়ালু  যেন লাগিছিল। মই  বেছি  পলম কৰি সৌভাগ্য হেৰুৱাব নুখুজিলোঁ আৰু  ভাবিলো যে মই  তেওঁৰ  বিশ্বাসযোগ্য  হোৱা উচিত।

“আপোনাক অলপ হ’লেও মালযুঁজাৰু যেন লাগে  ,”  মই ক’লো  ।  অকণমান তোষামোদেও  বন্ধুত্ব  গঢ়াত সহায় কৰে।

“তোমাকো লাগে ,”  তেওঁ উত্তৰ দিলে  , যি কথাই মোক কিছু সময়লৈ  নিৰ্বাক কৰিলে,  কাৰণ — তেতিয়া মই  যথেষ্ট ক্ষীণ  আছিলো।

“হয় “, মই  ভদ্ৰভাৱে  ক’লো , “মই  অলপ মালযুঁজ কৰো।”

“তোমাৰ নাম কি? ” 

“হৰি সিং,” মই  মিছা  মাতিলোঁ। প্ৰতি মাহে মই  একোটা  নতুন নাম  লওঁ। এই উপায়েৰে মই  পুলিচ আৰু আগৰ গৰাকীৰপৰা  হাত সাৰি থাকিব পাৰোঁ।

এই চিনাকি পৰ্বৰ পাছত  অনিলে তেল ঘঁহি পিছল হৈ থকা  মাল যুঁজাৰুহঁতৰ  চিঞৰ- বাখৰ , ইটোৱে সিটোক ডাঙি লৈ কৰা   দলিয়া- দলিৰ বিষয়ে  কিছু কথা ক’লে । মোৰ  কবলগীয়া একো নাছিল। অনিল আগবাঢ়িল — মই লাহে লাহে তেওঁক অনুসৰণ কৰিবলৈ ধৰিলো।

 “কি হ’ল  , আকৌ আহিলা যে ?” তেওঁ  সুধিলে।

মই তেওঁক  মোৰ  ধুনীয়া  আবেদনময় হাঁহিটো মাৰি  দেখুৱালো , “মই  আপোনাৰ বাবে কাম কৰিব খোজোঁ ” , মই  কলো।

“কিন্তু,  মই  তোমাক  দৰ্মহা দিব নোৱাৰিম নহয়!”

মই  কথাটো  এক মিনিটমান  ভাবিলো  । মই  মোৰ  চিকাৰটোৰ প্ৰতি  ভুল ধাৰণা লৈছোঁ  নেকি!  মই  সুধিলো,  ” বাৰু  ,  আপুনি  মোক  খুৱাব  পাৰিবনে  ?”

“তুমি ৰন্ধা- বঢ়া কৰিব  পাৰানে ?” 

 “মই  ৰান্ধিব  জানো ,”  মই  পুনৰ মিছা  মাতিলো।

“যদি  তুমি  ৰন্ধা- বঢ়াৰ কামটো কৰা মই তোমাক  খুৱাব পাৰিম।”   

তেওঁ মোক  জুম্না মিঠাই দোকান পাৰ হৈ  নিজৰ কোঠালৈ লৈ  গ’ল আৰু ক’লে যে  মই  বেলকনিতে শুব পাৰিম। কিন্তু,  সেই ৰাতি  মই  যি আহাৰ ৰান্ধিলো সেয়া নিশ্চয় ভয়ঙ্কৰ ধৰণৰ হ’ল , কাৰণ  অনিলে  সেইবোৰ  বাটৰ কুকুৰ এটাক দি  দিলে  আৰু  মোক  সেই  কাম বাদ দিবলৈ ক’লে। মই  কেৱল অঁকৰামি কৰি  কেওফালে  চালো আৰু  মোৰ সেই আবেদনময় হাঁহিটো মাৰি দেখুৱালো  ; কিন্তু,  অনিলে মোৰ হাঁহিটো  গ্ৰাহ্যই নকৰিলে।

পাছত  তেওঁ মোৰ মূৰত মৰমেৰে থপৰিয়াই  একো চিন্তা নকৰিবলৈ ক’লে আৰু ৰন্ধা -বঢ়া  শিকাবলৈ  গাত ল’লে। তেওঁ মোৰ নিজৰ নামটো লিখিবলৈ শিকালে  আৰু অতি সোনকালে বাক্য লিখিবলৈ আৰু সংখ্যা যোগ কৰিবলৈ   শিকাব বুলিও  ক’লে। মই  তেওঁৰ প্ৰতি কৃতজ্ঞতা বোধ কৰিলোঁ। মই  বুজি পালো যে,  এসময়ত  মই  এজন শিক্ষিত লোকৰ দৰেই লিখা – পঢ়া কৰিব পাৰিম —- তেতিয়া আৰু  মোৰ কামৰ বাবে ঢুকি পোৱাৰ  সীমা নাথাকিব।

অনিলৰ বাবে কাম কৰাৰ মজাই  বেলেগ। ৰাতিপুৱা মই  চাহ কৰি  দিনটোৰ বজাৰ – সমাৰ কৰিবলৈ ওলাই যাওঁ ,য’ৰপৰা  প্ৰায়েই মই  এদিনত এটকালৈকে লাভ কৰিব পাৰো। মই  ভাবো যে,  অনিলে মই এনেকৈ অলপ অলপ টকা  গোটোৱাৰ  কথা  গম পায় —- তথাপিও  একো বেয়া পোৱাৰ লক্ষণ তেওঁ নেদেখুৱায়।

অনিলে সৰু সুৰা কাম কৰি যেনে -তেনে  ধন উপাৰ্জন কৰে। এটা  সপ্তাহত তেওঁ ধন ধাৰে  লয় আৰু পাছৰ সপ্তাহত সেইখিনি ধাৰলৈ দিয়ে। পাছৰ চেকখনৰ বাবে তেওঁ উদ্বিগ্ন হৈ থাকে ; কিন্তু,  যেতিয়াই চেকখন তেওঁৰ হাতত পৰে লগে লগে ওলাই গৈ তেওঁ  ফূৰ্তি – তামাচা কৰি  ধনখিনি খৰচ কৰি পেলায় । এনে লাগে যেন তেওঁ কিবাকিবি   আলোচনীৰ বাবে লিখে আৰু তেনেকৈয়ে  এটা  জীৱন নিৰ্বাহৰ পথ বাচি লয়।

এদিনাখন আবেলি তেওঁ হাতত  টকাৰ সৰু নুৰা এটা লৈ ঘৰলৈ আহি কলেহি  বোলে  এইমাত্ৰ তেওঁ এখন কিতাপৰ পাণ্ডুলিপি এজন প্ৰকাশকক বিক্ৰী কৰি থৈ আহিছে। সেইদিনা ৰাতি টকাখিনি তেওঁ নিজৰ বিছনাৰ তুলিৰ তলত  ভৰাই থোৱা দেখিলো।

প্ৰায় এমাহ ধৰি মই  অনিলৰ ঘৰত কাম কৰিছো  আৰু  বজাৰ কৰাৰ পইচাৰপৰা অলপ অলপ চান কঢ়াৰ বাহিৰে  মোৰ  পথৰ অন্য কোনো কাম মই  এতিয়ালৈকে কৰা নাই। অনিলে মোক  ঘৰৰ দুৱাৰৰ চাবি এটা দিছিল বাবে মই  ইচ্ছামতে যেতিয়াই তেতিয়াই  ঘৰৰপৰা ওলোৱা – সোমোৱা কৰিব পাৰিছিলো। মই লগ পোৱা মানুহবোৰৰ ভিতৰত অনিলেই আটাইতকৈ সহজে আনক বিশ্বাস কৰা লোক।

আৰু  তেওঁক ডকাইতি কৰিবলৈ সেইবাবেই ইমান  কষ্ট হৈছিল। এজন  লোভী মানুহক ডকাইতি কৰিবলৈ সহজ ; কাৰণ, তেওঁ ডকাইতিৰ ভয়তে থাকে। কিন্তু, এজন অসাৱধান লোকক  ডকাইতি কৰা টান; কাৰণ, কেতিয়াবা তেওঁৰ ডকাইতি হৈছে বুলিয়েই গম নাপায় আৰু  এই কথাটোৱে গোটেই কামটোৰ ৰস ভঙ্গ কৰি পেলায়।

বাৰু,  এতিয়াহে মই আচল কামটো কৰিবলৈ পাম বুলি মই নিজকে নিজেই  ক‍’লো ; মই  ভালেমান দিন  নিজৰ অভ্যাসৰপৰা আঁতৰি আছো। তাৰোপৰি  ,মই যদি  টকাখিনি হস্তগত  নকৰোঁ অনিলে  নিজৰ বন্ধু – বান্ধৱৰ সৈতে খৰচ কৰি সেইখিনি উৰাই দিব ।  ইফালে তেওঁ মোক  এতিয়াও দৰ্মহা দিয়া নাই।

অনিল টোপনিত আছিল। জোনৰ পোহৰৰ ৰেখা এটা  বেলকনিৰে পাৰ হৈ আহি তেওঁৰ বিচনাত পৰিছে। গোটেই অৱস্থাটো অনুধাৱন কৰি মই  বেলকনিতে উঠি বহিলো। যদি মই পইচাখিনি চুৰ কৰি  লৈ লওঁ ১০:৩০ বজাৰ লক্ষ্ণৌলৈ যোৱা  এক্সপ্ৰেছ ৰেলখন ধৰিব পাৰিম। কম্বলৰ তলৰপৰা ওলাই  চুঁচৰি চুঁচৰি  গৈ মই অনিলৰ বিচনাৰ ওচৰ চাপিলো। অনিল শান্তিৰে টোপনি গৈ আছিল। তেওঁৰ মুখখন পৰিস্কাৰ আৰু বলিৰেখাবিহীন ; আনকি,  মোৰ মুখখনেই দাগেৰে ভৰি আছে ,  যিবোৰ অৱশ্যে  আঘাতৰ পৰা  হোৱা ।

টকাখিনি বিচাৰি  মোৰ হাতখন তুলিৰ তললৈ পিছলাই দিলো। যেতিয়া এইখিনি মোৰ হাতত লাগিল কোনো শব্দ নোহোৱাকৈ  উলিয়াই আনিলো। অনিলে হুমুনিয়াহ এটা কাঢ়ি সিফালৰপৰা মোৰ ফাললৈ বাগৰ সলালে। মই বিপদ বুজি  তৎক্ষণাত  বগুৱা বাই কোঠাটোৰ পৰা ওলাই আহিলো।

ৰাস্তা পায়েই মই  দৌৰিবলৈ ধৰিলো। টকাখিনি মই কঁকালত পায়জামাৰ ৰছীৰে বান্ধি লৈছিলো। কিছু সময়ৰ পাছত মই দৌৰিবলৈ এৰি  খোজ কাঢ়িবলৈ ল’লো আৰু গৈ থাকোঁতে  টকাখিনি হিচাপ কৰি পেলালো —- পঞ্চাশ টকীয়া নোটৰ  মুঠ ছশ টকা !  মই এতিয়া এসপ্তাহ বা দুসপ্তাহৰ বাবে আৰবৰ তেলৰ কুবেৰ  সকলৰ দৰে  জীৱন কটাব পাৰিম।

যেতিয়া মই ৰেল ষ্টেচন পালোগৈ  টিকট ঘৰত মই টিকেট লবলৈ নৰৈ চিধাই প্লেটফৰ্ম পালোগৈ  (মোৰ জীৱন কালত মই টিকেট কাটিয়েই পোৱা  নাই )।  লক্ষ্ণৌ এক্সপ্ৰেছখন এইমাত্ৰ  চলিবলৈ লৈছেহে।  ৰেলে এতিয়াও পূৰ্ণ গতি পোৱা নাই ; সেই বাবে কোনোবা এটা ডবাত মই জঁপিয়াই উঠিব পাৰিলোহেঁতেন  , কিন্তু  মই  অলপ  থেৰোঁ -গেৰো  কৰিলো —- কিবা এক অনামী কাৰণত , যিটো মই ব্যাখ্যা  কৰিব নোৱাৰোঁ —– আৰু মই  গুচি যোৱাৰ সুযোগটো হেৰুৱালো।

ৰেলখন আঁতৰি যোৱাৰ পাছত মই এৰাপৰলীয়া  ষ্টেচনটোত নিজকে অকলশৰীয়াকৈ  থিয় দি থকা  পালো। ৰাতিটো ক’ত কটাব পাৰি সেই বিষয়ে মোৰ কোনো ধাৰণা নাছিল। মোৰ কোনো বন্ধু-বান্ধৱ নাছিল,কিয়নো মই বিশ্বাস কৰিছিলো যে এইবোৰে সহায় কৰাতকৈ  সমস্যাৰহে সৃষ্টি কৰে। আৰু  ষ্টেচনৰ ওচৰত থকা সৰু  হোটেলবোৰৰ এখনত থাকি  কাৰোবাৰ মন মোৰ প্ৰতি কৌতূহলী কৰাৰ পক্ষপাতী মই  নহয়।  কেৱল এজন মানুহকেই  মই এতিয়া  সঁচাকৈয়ে  ভাল বুলি বিশ্বাস কৰিব পাৰোঁ — তেওঁ হৈছে ইতিমধ্যে মই  ডকাইতি কৰা মানুহজন। ষ্টেচনৰপৰা ওলাই মই ধীৰে ধীৰে  বজাৰৰ মাজেৰে খোজ  ললো।

চোৰ হিচাপে হোৱা কম দিনৰ অভিজ্ঞতাৰ পৰা মই  বস্তু হেৰুওৱা মানুহৰ মুখবোৰ ভাল দৰে  মন দি চাইছো। লোভী মানুহ এজনৰ মুখ খন ভয় খোৱা যেন দেখা যায় ; ধনী মানুহে খং দেখুৱায় ; দুখীয়া মানুহ এজনে ঘটনাটো মানি লয়। কিন্তু, মই জানো যে অনিলে যেতিয়া এই চুৰি হৈ যোৱা ঘটনাটো আৱিস্কাৰ কৰিব তেতিয়া  তেওঁৰ মুখত  বেজাৰৰ ভাব এটাহে ফুটি উঠিব। এই ভাব টকা হেৰুওৱাৰ বাবে নহয় — বিশ্বাস হেৰুওৱাৰ বাবেহে।

যেতিয়া মই   নিজকে ময়দানখনত পালো   তাৰে বেঞ্চ এখনত বহি পৰিলো। ৰাতিটো যথেষ্ট ঠাণ্ডা  —- সেইটো আছিল নৱেম্বৰ মাহৰ আৰম্ভণিৰ এটা  ৰাতি। তাতে এজাক চিপচিপীয়া  বৰষুণে  মোৰ শৰীৰত আৰু আমনি  দিছে । অতি সোনকালেই  বৰষুণজাক  দপদপাই আহিল। মোৰ পিন্ধি থকা  চাৰ্টটো আৰু পায়জামাটো গাৰ ছালত লিপিত খাই পৰিল  আৰু  এছাটি শীতল বতাহে বৰষুণৰ পানীবোৰ মোৰ মুখলৈ চটিয়াই দিলে।

মই বজাৰ খনলৈ ঘূৰি আহিলো আৰু  ক্লক টাৱাৰৰ তলত  আশ্ৰয় ল’লো।  ঘড়ীটোৰ কাটাই তেতিয়া মাজনিশা বুলি দেখুৱাইছে। মই টকাখিনিৰ কথা চিন্তা কৰিলো—- সেইখিনি ইতিমধ্যেই বৰষুণত তিতিলে।

অনিলৰ টকা এয়া। ৰাতিপুৱালৈ তেওঁ নিশ্চয়  তাৰপৰা  দুটকা বা তিনিটকা  চিনেমা চাবলৈ মোক  দিলেহেঁতেন। কিন্তু,  এতিয়া এই গোটেইখিনিয়েই মোৰ। মই তেওঁৰ বাবে আৰু  ৰন্ধা- বঢ়া  কৰিব নালাগে ,বজাৰ কৰিবলৈ দৌৰিব নালাগে  বা সম্পূৰ্ণ দীঘল বাক্য এটাও লিখিব নালাগে।

চুৰি কামটোৰ বাবে হোৱা উত্তেজনাত মই  এই বিষয়ে পাহৰিয়েই গৈছিলো। মই জানিছিলো —— সম্পূৰ্ণ বাক্য এটাই এদিন মোক  মাত্ৰ কেইশমান টকাতকৈ বহুত ওপৰলৈ লৈ যাব।  চুৰি কৰাতো সাধাৰণ কথা — আৰু  কেতিয়াবা  ধৰা পৰাতোও সাধাৰণ হৈ পৰে। কিন্তু,  এজন প্ৰকৃত ডাঙৰ মানুহ  , এজন  বুধিয়ক মানুহ আৰু এজন সন্মানিত লোক  হ’ব পৰাতো এটা  বেলেগ কথা। মই অনিলৰ ওচৰলৈ ঘূৰি  যোৱা উচিত  —– মই নিজকে কলো , যদিহে মই  লিখা – পঢ়া  কৰিব বিচাৰো।

নাৰ্ভাচ অনুভব কৰি মই দৌৰি দৌৰি কোঠা পালোহি ,কাৰণ  চুৰি কৰা বস্তু এটা ধৰা নপৰাকৈ  ঘূৰাই দিয়াতো বৰ সহজ কথা নহয়। মই তৎক্ষণাত দুৱাৰখন খুলিলো আৰু দুৱাৰমুখত থিয় দিলো ডাৱৰে ঢকা জোনৰ পোহৰত। অনিল তেতিয়াও টোপনিত লালকাল হৈ আছিল। মই হাতত টকাখিনি লৈ   বিচনাখনৰ মূধচৰ ফালে বগাই বগাই গলো। মই মোৰ হাতত তেওঁৰ  নিশ্বাস অনুভব কৰিলো ; এক মিনিটমান তাতে ৰৈ থাকিলো। তাৰ পাছত মোৰ হাতখনে তুলি খনৰ কাষটো ঢুকি পালে আৰু টকাখিনি তুলিৰ তললৈ  ঠেলি দিলো।

মই পাছদিনাখন দেৰিকৈ সাৰ পাই দেখিলোঁ যে ইতিমধ্যে অনিলে চাহ – তাহ কৰিলেই। তেওঁ মোৰফালে হাতখন মেলি দিলে। তেওঁৰ আঙুলিৰ মাজত পঞ্চাশ টকীয়া নোট এখন আছিল। মোৰ কলিজাখন যেন ভাগিহে গ’ল। মই ভাবিলো যে আজি মই ধৰা পৰিলো।

 ” মই কালি কিছু টকা ঘটিলোঁ ,”  তেওঁ ব্যাখ্যা কৰিলে , “এতিয়াৰপৰা তোমাক মই  নিয়মিতভাৱে  দৰ্মহা দিব পাৰিম।”

মোৰ উদ্যম ঘূৰি আহিল। কিন্তু, যেতিয়া মই  নোটখন ল’লো মই দেখিলো  যে সেইখন যোৱা ৰাতিৰ বৰষুণত এতিয়াও তিতি আছে।

“আজি আমি বাক্য লিখিবলৈ আৰম্ভ কৰিম,”  তেওঁ কলে।

তেওঁ জানিছিল।  কিন্তু,  তেওঁ ওঁঠেৰেই হওক বা চকুৰেই হওঁক কথাটো গম পোৱা যেন  নেদেখুৱালে। মই অনিলক  মোৰ  সেই  আবেদনময় হাঁহিটো মাৰি দেখুৱালো । এইবাৰ অৱশ্যে  কোনো কষ্ট নকৰাকৈয়ে  হাঁহিটো নিজে নিজে  ওলাল।

**********

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *