জীৱন-কুমকুম দেৱী শৰ্মাবৰুৱা
জন্মৰ পৰা মৃত্যুলৈকে জীয়াই থকা সময়খিনিকেই জীৱন বুলি কোৱা হয়। এই জীৱনকাল সকলোৰে সমান নহয়।ইয়াত আমি কেৱল মানৱ জীৱনৰ কথাহে আলোচনা কৰিম ।
(১) কৰ্মৰ যোগেদিহে জীৱনৰ মূল্যাঙ্কন কৰা হয়। কিমান দিন জীয়াই আছে তাৰ যোগেদি নহয়। স্বামী বিবেকানন্দ, ৰামানুজন, জ্যোতিপ্ৰসাদ আগৰৱালা, জয়ন্ত হাজৰিকা আদি মনীষীসকলৰ জীৱনকাল বৰ চুটি আছিল। কিন্তু তেওঁলোকে নিজৰ কৰ্মৰ যোগেদি নাম ৰাখি যাব পাৰিলে।
(২) এজন লোক কেৱল পৰিৱেশৰ প্ৰভাৱত নহয় নিজৰ যত্নৰ বলতহে মহান হ’ব পাৰে। তেওঁ জীৱনক ধনাত্মক দৃষ্টিভংগীৰে চলাব জানিব লাগিব। লিওনাৰ্ডো ডা ভিন্সি আৰু মহাপুৰুষ শংকৰদেৱ একে সময়ৰে দুখন ভিন্ন ঠাইৰ ব্যক্তি আছিল। তেওঁলোক দুয়োজন সেই সেই পৰিৱেশৰ আন লোকতকৈ বহুত বেছি আগবঢ়া আছিল। তাৰবাবে তেওঁলোকৰ চোকা মগজুৰে কষ্ট আৰু যত্নও কৰিছিল যথেষ্ট। একক চিন্তাধাৰাও তাৰ চালিকা শক্তি আছিল।গতিকে যি কাম কৰা হয় তাক মনোযোগ দি একাণপতীয়াকৈ কৰিব লাগে। আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামো এজন নিজগুণে গুণৱান লোক আছিল।
(৩) Education is a lifelong process.
শিকাৰ কোনো বয়স নাই। গোটেই জীৱনটো শিকি থাকিব পাৰি । নিজৰ সাধ্যৰ ভিতৰত নতুন নতুন কথা শিকি থাকিলে মগজুটো সক্ৰিয় হৈ থাকে। সেয়ে ‘মই আৰু চাইনব’ৰ্ড এখনো নপঢ়োঁ’ ধাৰণা নলৈ কিতাপ-পত্ৰ , বাতৰিকাকত ইত্যাদি পঢ়ি থকাৰ লগতে হাতেৰে কৰিব পৰা নতুন নতুন কামো শিকি কৰি থাকিব লাগে। সুন্দৰকৈ ৰান্ধিবলৈ শিকাটোও এটা ভাল কাম হ’ব পাৰে।
(৪) আনৰ কাৰণে উপকাৰী কাম কৰিবলৈ সদায় বহুত টকা-পইচাৰ প্ৰয়োজন নহয়। শ্ৰদ্ধাৰ যাদৱ পায়েং দেৱৰ এখন সহানুভূতিশীল অন্তৰ আছিল। সেয়ে তেখেতে অন্য গছ ৰোৱা লোকসকলৰ নিচিনাকৈ কামটো এৰি নিদি লাগি থাকি এখন অৰণ্য গঢ়িবলৈ সক্ষম হ’ল। তাৰ যোগেদি তেখেতে জগতক পৰিবেশৰ জ্ঞান দিবলৈ সক্ষম হৈছে। সেইদৰে সকলোৱে যেনেকৈ পাৰে অন্যলোকৰ উপকাৰ হোৱা কামহে কৰিব লাগে। সেইদৰে কৰি মনৰ ভিতৰত যি আনন্দ উপলব্ধি কৰিব পাৰিব সেয়া কেৱল কৰোঁতাজনেহে বুজিব পাৰিব। টকা-পইচা থকাসকলে যাৰ প্ৰয়োজন সেইসকলক দুপইচা দি সহায় কৰিব পাৰে, বিশেষকৈ পঢ়ি থকা ল’ৰা-ছোৱালীক। নথকাসকলে আজৰি সময়ত গাঁৱৰ পুথিভঁৰালটোত , নামঘৰটোত অথবা ঘৰৰ সন্মুখৰ ৰাস্তাটোত শ্ৰমদান কৰিব পাৰে। এইবিলাক নিঃস্বাৰ্থ সেৱাত মনত এক বিমল আনন্দ পোৱা যায় । দুখীয়া ল’ৰা-ছোৱালীক বিনামূলীয়াকৈ পঢ়াই দিয়াটোও এটা ভাল কাম। সকলো সময় নিদি নিজৰ ভাল লগা কাম কৰিবলৈ সদায় কিছু সময় নিজলৈও থ’ব লাগে। এই পৃথিৱীত যিকেইটা দিন আমি থাকিবলৈ পাওঁ তাকে সৎকৰ্মত খটুৱাই জীৱনটো যাপন কৰিব লাগে।
(৫) সৰু সৰু কথাত লোকক দোষাৰোপ কৰি নাথাকি এৰাই চলিব লাগে। আপোনাক তেওঁ কেনেদৰে গ্ৰহণ কৰিছে ভাবি নাথাকি নিজৰ সৎকৰ্মত মনোযোগ দিব লাগে। মানুহে আপোনাৰ সময় নিবহে পাৰিব কিন্তু দিব নোৱাৰে।গতিকে অবাবত সময় খৰচ নকৰাৰ লগতে সময় নিয়া লোকৰপৰাও কিছু দূৰত্ব বজাই ৰাখিব লাগে। পৰিয়ালৰ সকলো লোকৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰাটোও মানৱ ধৰ্মৰ ভিতৰত পৰে। তাৰ লগে লগে সমাজৰ হিতসাধন কৰ্মও কৰি যাব লাগে।
**********
2:19 PM
সুন্দৰ কথা খিনি বাইদেউ ❤️
3:28 PM
বৰ ভাল লাগিল কথাখিনি।
9:56 AM
বৰ প্ৰয়োজনীয় কথা লিখিলে বাইদেউ