জীৱন তই আগবাঢ়ি যা-প্ৰদীপ চন্দ্ৰ বৰা
জীৱন তই গৈ থাক
আগুৱাই গৈ থাক
তোৰ বুকুত যে সীমাহীন ঘাত প্ৰতিঘাত
কণ্টকাকীৰ্ণ আৰু সেন্দুৰীয়া বাট ৷
হাঁহি আৰু চকুলো
সুখ আৰু দুখ
যন্ত্ৰণা আৰু আনন্দ
নীৰৱে সহি যা সকলো ৷
টেঙা আৰু জ্বলা
তিতা আৰু মিঠা
ল’লি আকোঁৱালি
দিলি আগবাঢ়ি ৷
সততা আৰু নিষ্ঠাৰে
দায়িত্ব আৰু কৰ্তব্যৰে
যা আগুৱাই অনাগত দিনবোৰত
যা আগুৱাই খোজত খোজ মিলাই
সমাজৰ লগত।
দাবানলত দে দ’লিয়াই
দুৰ্বলতা দুৰ্যোগ দুৰ্ভাৱনা
হিংসা অপ্ৰীতি অসূয়া ৷
খুলি পেলা অভদ্ৰতাৰ মুখা
বাচি ল বাঞ্চনীয় সোণালী ৰেখা ৷
জীৱন যা আগুৱাই নিৰবচ্ছিনতাৰে
ল’বলৈ ফুলৰ মালা আকুলতাৰে।
**********
3:28 PM
সুন্দৰ