জ্ঞানৰ জ্যোতি-কুমকুম দেৱী শৰ্মাবৰুৱা
প্ৰভাতী সূৰুযে আনে
সদ্ভাৱনা নতুন দিনৰ,
বিয়লিৰ আকাশ উজলে
কৰ্মৰ গৌৰৱেৰে দিনান্তৰ |
শিশু এটি হয় যদি
সোণালী সপোন,
বৃদ্ধজন হ’ব এক
প্ৰজ্ঞাৰ দাপোন |
জীৱনৰ প্ৰতিক্ষণত
দেখি শিকি পায়,
অভিজ্ঞতাৰ সঁফুৰা মেলি
সৌৰভ বিলায় |
সূৰ্যৰ দৰে তেওঁ
স্ব-আলোকেৰে,
উদ্ভাসিত হৈ থাকে
জ্ঞানৰ জ্যোতিৰে।
**********
10:07 PM
বৰ সুন্দৰ কবিতা বাইদেউ
3:25 PM
ভাল লাগিল।