ডেজা ভূ (déjà vu)-যোগেশ ভট্টাচাৰ্য

(প্ৰথম খণ্ড)

খপজপকৈ সাৰ পাই উঠিল সি। প্ৰায়েই সেই সপোনটো দেখে সি। মংগল গ্ৰহৰ আকাশত এয়াৰবাইক খন লৈ সি ঘূৰি ফুৰে।

পলমকৈ অফিচত সোমায়েই সি বছৰ সন্মুখীন হ’ল। “আজিও দেৰিকৈ সাৰ পালা নেকি স্বপ্নীল?”

তাৰ লগত বছৰ খুবেই ভাল সম্পৰ্ক। দায়িত্বৰ কামখিনি নিয়াৰিকৈ কৰে বাবে পলম হলে বা কেতিয়াবা ছুটী ল’লেও বছে বেয়া নাপায় তাক। অফিচটোত সিয়েই একমাত্ৰ ব্যক্তি যাৰ লগত বছে ব্যক্তিগত কথাও পাতে মাজে সময়ে।

“আজি আকৌ সেই সপোনটো দেখিছিলোঁ, চাৰ।”

“মংগল গ্ৰহৰ সপোনটো? হেঃহেঃ।”

“হমম… মংগল গ্ৰহত বাস কৰাৰ অদ্ভুত সপোন বাৰে বাৰে কিয় দেখোঁ সেইটোৱে বুজিব পৰা নাই।”

“মইও বুজা নাই। তুমি ডক্টৰক এবাৰ দেখুৱাই লোৱাটো ভাল হ’ব নেকি?”

“ডক্টৰক দেখুৱাই কিবা লাভ হ’ব বুলি মই নাভাবোঁ। তাৰোপৰি বহুত দিনৰ মূৰে মূৰে হে সপোনটো দেখোঁ মই। কেতিয়াবা এবছৰৰ মূৰতো দেখোঁ। পিছে মই বুজি নাপাওঁ যে বাৰে বাৰে কিয় দেখোঁ মই সেই সপোনটো। তাকো একেখিনি ঘটনাকেই বাৰে বাৰে দেখি থাকোঁ।”

“আচৰিত অৱশ্যে। কি কি দেখা সপোনত কোৱাচোন। আজি বিশেষ কাম নাই মোৰ। চেম্বাৰত বহো ব’লা৷” পিয়নজনক কফি দুকাপ আনিবলৈ কৈ স্বপ্নীলক নিজৰ চেম্বাৰলৈ মাতি নিলে দিবাকৰ বৰুৱাই।

মোবাইলটো টেবুলত এপাক ঘূৰাই দি স্বপ্নীলে আৰম্ভ কৰিলে। “মংগল গ্ৰহৰ এটা সৰু ঘৰত মই থাকোঁ। তাত সকলো ঘৰ আণ্ডাৰগ্ৰাউণ্ড। মাটিৰ ওপৰত কেৱল গছ গছনি আৰু জীৱ-জন্তু বাস কৰে। যাতায়াতৰ সকলো পথ আণ্ডাৰগ্ৰাউণ্ড। কেৱল এয়াৰ কাৰ আৰু এয়াৰ বাইকবোৰ মুকলি আকাশৰ তলত চলাচল কৰে। গোটেই গ্ৰহটো ওপৰৰ পৰা চালে কেৱল গছ আৰু পানী দেখা পোৱা যায়।”

“অতি সুশৃংখলিতভাৱে সজোৱা হৈছে তোমাৰ সপোনৰ গ্ৰহটো। হাঃ হাঃ হাঃ।

সেয়া যদি সঁচাকৈ সম্ভৱ হ’লহেঁতেন।”

“তাকেই ভাবোঁ ময়ো।”

“আচ্ছা বাদ দিয়া। সপোনটোৰ কথা কোৱা।”

“উমম…। মই দেখা পাওঁ যে আকাশেৰে এখন এয়াৰবাইক চলাই গৈ থাকো মই। মেঘৰ মাজে মাজে অকাই পকাই গৈ থাকোতে হঠাৎ মোৰ কাষেৰে তীব্ৰ বেগত পাৰ হৈ যায় জিন্স আৰু লেডাৰ জেকেট্ পিন্ধা ছোৱালী এজনী। তাইৰ হেলমেটৰ পিছফালেৰে ওলাই ঢৌ খেলা চুলিকোছাৰ দুডালমানে মোৰ নাক-মুখ চুই যায়। আৰু তেনেদৰে পাৰ হৈ যাওঁতে দুই চেকেণ্ডৰ বাবে মোৰ পিনে চাই যোৱা তাইৰ মুখখন দেখি এনে লাগে যেন তাই মোৰ বহুদিনৰ চিনাকি।

“তাৰ পিছত?” মিচিকিয়াই সুধিলে দিবাকৰ বৰুৱাই।

“তাৰ পিছত হঠাৎ কিবা এটাই মোক সম্মুখৰ পৰা খুন্দা মাৰে আৰু মই সাৰ পাই যাওঁ।”

“সদায় একেখিনি দৃশ্যই দেখা নে?”

“উমম…। প্ৰায় বিশ বছৰমান ধৰি আজিলৈকে কমেও পঞ্চাশবাৰ মান একেখিনি সপোনেই দেখি আছোঁ৷ কেতিয়াবা যদি দুবছৰৰ মুৰত এবাৰ দেখিছোঁ, কেতিয়াবা আকৌ এবছৰত তিনি চাৰিবাৰ মান দেখিছোঁ। কিন্তু সপোন এটাই।”

“ছোৱালীজনীকো প্ৰতিবাৰেই দেখা নে?”

“উমম…. যিমানবাৰেই সপোনটো দেখো সিমানবাৰেই…… উৱা কফি কাপটো লৰি আছে দেখোন…. টেবুলখনো…. চাৰ ভূমিকম্প….”

স্বপ্নীলৰ কথা শেষ নৌহওঁতেই প্ৰচণ্ড শব্দ কৰি বিল্ডিংটো খহি পৰিল। তাৰ পিছত স্বপ্নীলৰ মনত নাই….

 

…………………………….

চকু মেলি স্বপ্নীলে দেখিলে হস্পিতালৰ বিচনাত শুই আছে সি। কাষত দুটা ৰবট।

“ক’ত আছো মই?”

“এক্স বি এন হস্পিতালত।” ডক্টৰ এজন সোমাই আহিল।

“কি হস্পিতাল? পৃথিৱীৰ ক’তো এইটো নামৰ হস্পিতালৰ কথা শুনা নাই।” কথাষাৰ ডাঠি ক’লে যদিও নামটো ক’ৰবাত শুনা যেন ভাব হ’ল তাৰ।

“পৃথিৱীত নাথাকিব পাৰে। আমাৰ মংগল গ্ৰহতহে আছে।” এটা ৰহস্যময় হাহি হাঁহি মাৰি ডক্টৰজনে ক’লে।

“ছে: আকৌ সপোন আৰম্ভ হ’ল।”

“সপোন ভাঙিলহে তোমাৰ। ইমান দেৰি যি দেখি আছিলা সেয়াহে সপোন আছিল হ’বলা।”

“অসম্ভৱ। মই পৃথিৱীৰ বাসিন্দা। মংগলৰ নহয়।”

“হাঃহাঃহাঃ… পৃথিৱী বহু হাজাৰ বছৰ আগতেই ধ্বংস হৈ গৈছে। তাৰ পিছত আজিলৈকে কোনো জীৱৰে বসতি সম্ভৱপৰ হোৱা নাই। আমি গৱেষণা কৰিহে আছোঁ। তুমি চাগৈ এটা বৰ দীঘলীয়া সপোন দেখিলা।”

“প্ৰায় ত্ৰিশ বছৰমান পৃথিৱীত বাস কৰি আছিলো মই। ই সপোন কেনেকৈ হ’ব পাৰে? ইমান দীঘল সপোন জানো সম্ভৱ?”

“অসম্ভৱ নহয়, কিন্তু বিৰল। এয়াৰবাইক দুৰ্ঘটনা হোৱাৰ পিছত তুমি ছয় বছৰ ক’মাত আছিলা। সপোনত সময়ৰ ধাৰণা প্ৰায় পাঁচগুণ মান দ্ৰুত হয়। গতিকে তুমি ছবছৰত প্ৰায় ত্ৰিশ বছৰমান সময়ৰ সপোন দেখি আছিলা।”

“কিন্ত মই পৃথিৱীত থাকোতে মাজে মাজে মংগল গ্ৰহত বাস কৰি থকা হে সপোনত দেখিছিলো।”

“নহয়। কথাটো ঠিক ওলোটা। পৃথিৱীত বাস কৰাটোহে সপোন আছিল। তোমাৰ মগজুৰ আঘাত পৰিসম কৰিবলৈ মাজে মাজে আমি সাময়িকভাৱে মগজুটো নিষ্ক্ৰিয় কৰি দিছিলোঁ। সেই সময়ত তোমাৰ মগজুৱে কল্পনা কৰিব নোৱাৰি মংগল গ্ৰহত তোমাৰ লগত ঘটি যোৱা সঁচা ঘটনাখিনিকে সপোন হিচাপে পুনৰাবৃত্তি কৰি আছিল। এতিয়া তুমি সম্পুৰ্ণ সুস্থ।”

“ঠিক আছে বাৰু । এটা কথা কওক। পৃথিৱীত বাস কৰিব নোৱাৰিয়েই যদি তাত বাস কৰাৰ অদ্ভুত কল্পনা মোৰ মগজুৱে কিয় কৰিলে?”

“সেইটো উত্তৰ এতিয়া মোৰ হাতত নাই। যেনেদৰে দিবাকৰ বৰুৱাৰ হাতত নাছিল।”

নামটো শুনিয়েই উচপ খাই উঠিল সি। মনতে ভাবিলে, “দিবাকৰ বৰুৱাৰ কথা ডক্টৰজনে কেনেকৈ গম পালে। এয়াটো মোৰ বছৰ নাম যিটো ডক্টৰজনৰ মতে সপোনত মোৰ মগজুৱে কৰা কল্পনা মাত্ৰ। নে মই এতিয়া সপোন দেখি আছোঁ? নাঃ সপোন দেখি থকাৰ সময়ত সপোন দেখা বুলি গম পোৱাটো দূৰৰে কথা, সন্দেহো নহয়। কোনটো সপোন তেনেহ’লে? পৃথিবীত থকাটো নে মংগলত থকাটো?”

তাৰ মগজুৱে পাক ঘূৰণি খাবলৈ ধৰিলে।

_____________________

 

(দ্বিতীয় খণ্ড)

চাৰিদিনমান হস্পিতালত থাকি স্বপ্নীলৰ মংগল গ্ৰহৰ বিষয়ে কিছু ধাৰণা স্পষ্ট হ’ল। ডক্টৰৰ মতে তাৰ জন্ম মংগল গ্ৰহত আৰু পৃথিৱীত বাস কৰা প্ৰায় ত্ৰিশ বছৰ সময়ছোৱা তাৰ এক দীঘলীয়া সপোনহে আছিল । কিন্তু তাৰ দুৰ্ঘটনাটো হোৱাৰ আগত মংগল গ্ৰহত বাস কৰাৰ একো কথাই মনত পৰা নাই। তাৰ মনত আছে মাত্ৰ ঘৰৰ পৰা ওলাই আহি এয়াৰবাইক খন চলাই গৈ লেডাৰ জেকেট পিন্ধা ছোৱালীজনীক দেখা পোৱালৈকে, যিখিনি সি ইমান দিনে সপোন বুলি ভাবি আছিল। কিন্তু পৃথিৱীত হোৱা প্ৰতিটো ঘটনাই তাৰ পাত পাতকৈ মনত আছে । সি ডাঙৰ হোৱা অনাথ আশ্ৰম আৰু স্কুলৰ লগৰ ল’ৰাবোৰ, কলেজৰ আড্ডাবোৰ, চিটিবাছ, ট্ৰেফিক জাম, আমেৰিকাৰ ট্ৰেড চেন্টাৰ ধ্বংস হোৱাৰ বাতৰিবোৰ, ভাৰতৰ ৱৰ্ল্ডকাপ ক্ৰিকেট জয় ইত্যাদি অলেখ কথা তাৰ মনত আছে৷ ইমান বিতংভাৱে সপোন দেখাটো জানো সম্ভৱ? প্ৰথমতে ডক্টৰজনে কোৱা কথাখিনি আগৰ কেইবাৰৰ দৰেই মংগল গ্ৰহত বাস কৰা সপোন বুলিয়েই ভাবিছিল সি। কিন্তু এইবাৰ চাৰিদিনলৈ সপোন ভাঙি নোযোৱাই সি কথাবোৰ অলপ বিশ্বাস কৰিবলৈ লৈছে । তথাপিও ক’ব নোৱাৰি,  পৃথিৱীত ত্ৰিশ বছৰ বাস কৰি থকা সপোন দেখিছে সি, ডক্টৰজনৰ মতে। আউল লগোৱা কথাবোৰ ভবা বাদ দি সি গা ধুবলৈ বাথৰুমত সোমাল। হস্পিতালৰ পৰা আজি যাবগৈ সি। ডক্টৰে তাক সুস্থ বুলি ঘোষণা কৰিছে।

হস্পিতালৰ চৌহদৰ পৰা ওলাই সি যি দেখিলে সেয়া আছিল কল্পনাতীত। আকাশখন বিভিন্ন সৰু ডাঙৰ গাড়ীৰে ভৰি আছে। হাইৱে যেন লগা ৰাস্তাটোৰে মানুহ খোজকাঢ়ি গৈ আছে। বিশফুট মান দূৰে দূৰে ৰাস্তাৰ দুয়োকাষে লাইটৰ প’ষ্ট যেন খুঁটা একোডাল ঠিয় হৈ আছে। খুঁটা কেইডাল কিমান ওখ সি ভালদৰে চায়ো অনুমান কৰিব নোৱাৰিলে৷ মাত্ৰ দুয়োকাষৰ খুঁটাকেইডালৰ মাজৰ হাইৱেটোৰ বহুত ওপৰেদি অসংখ্য যান-বাহন উৰি ফুৰা দেখিলে সি।

হঠাৎ ওপৰৰ পৰা গাড়ী এখন তললৈ নামি আহিল৷ গাড়ীখনত চাৰিটা চকাৰ ঠাইত চাৰিটা ডাঙৰ ডাঙৰ টায়াৰৰ নিচিনা ফুটাহে আছে । ফুটাকেইটাৰ পৰা হো-হোৱাই বতাহ ওলাই গাড়ীখনক ৰাস্তাৰ পৰা এফুটমান ওখত ওপঙাই ৰাখিছে। আৰু এটা ফুটা পিছফালেও আছে, ঠিক ডাঙৰ গাড়ীবোৰৰ পিছফালে লগাই থোৱা স্পেয়াৰ হুইলটোৰ নিচিনা । তাৰ পৰাও অলপ অলপকৈ বতাহ ওলাই আছে। গাড়ীখনৰ মেকানিজমটো বুজিবলৈ বেছি সময় নালাগিল তাৰ।  গাড়ীখনৰ পৰা চালকজনে তাক ভিতৰলৈ মাতিলে। সি সোমাই পৰিল গাড়ীখনত।

“গাটো সম্পুৰ্ণ ভাল পাইছা নে?”

চালকজনৰ মাতটো চিনাকী যেন লাগিল তাৰ।

“সামান্য মূৰৰ বিষ যেন লাগি আছে। বাকী একো অসুবিধা নাই। পিছে আপুনি মোক কেনেকৈ চিনি পায়?”

চালকজনৰ পিনে নোচোৱাকৈ কথাখিনি ক’লে সি। আচলতে চাৰিওপিনে কেতিয়াও নেদেখা বস্তুবোৰ সি কৌতূহলেৰে পৰ্যবেক্ষণ কৰি আছিল।

“কি কোৱা হে, যোৱা ৫ বছৰে তোমাৰ লগত কাম কৰি আছোঁ৷ তোমাৰ হয়তো দুৰ্ঘটনাৰ আগৰ কথাবোৰ মনত নাই।”

কথাখিনি শুনি মুখখন ঘূৰাই চালকজনৰ পিনে চাই উচপ খাই উঠিল সি। এইজন দেখোন দিবাকৰ বৰুৱা, তাৰ সপোনৰ পৃথিৱীৰ ‘বছ’জন।

“আ…আপুনি ইয়াত কেনেকৈ?”

সি ভাবিলে, সি আকৌ দিঠকলৈ ঘূৰি আহিছে। মংগল গ্ৰহৰ সপোনটো এইবাৰ অলপ বিস্তৃতভাৱে দেখিলে সি। তাৰমানে পৃথিৱীত থকাটো সঁচা । মংগলৰটো সপোন। দিবাকৰ বৰুৱা সঁচা। ডক্টৰ, হস্পিতাল, ৰবট, এয়াৰবাইক এইবোৰ সপোন। গাড়ীৰপৰা বাহিৰলৈ চাই পঠিয়ালে সি। গণেশগুৰি……নহয়চোন। গাড়ীখন বতাহত উৰি গৈ আছে। কাষে কাষে অলেখ উৰণীয়া গাড়ী। গাড়ীৰ ভিতৰত দিবাকৰ বৰুৱা । তালৈ চাই হাঁহি আছে। চাল্লা চব মিক্স হৈ গৈছে এইবাৰ।

“পাগল হৈ যাম মই। ক’ত আছোঁ মই আচলতে? কওক এতিয়াই। কোন মই? আপুনি কোন?”

গাড়ীৰ চিটটোত খামুচি ধৰি স্বপ্নীলে চিঞৰি উঠিল।

_______________________

(তৃতীয় খণ্ড)

“হাতখন চিটৰ পৰা গুচোৱা। গাড়ীৰ স্পীড বাঢ়িলে অটোমেটিক চিটবেল্ট লাগি যায়।” চালকজনে ষ্টিয়েৰিঙত হাত থৈ ক’লে।

“আপুনি দয়া কৰি সাঁথৰটো ভাঙি দিয়ক। মই ক’ত আছো, কি হৈছে মোৰ, সকলো ভাঙি-পাতি কওক। আৰু একো নাজানে যদি ঘূৰাই পকাই কথা কৈ মোক বেছিকৈ কনফিউজড কৰাৰ সলনি মোক গাড়ীৰ পৰা নমাই দিয়ক।” কথাখিনি একে উশাহে কৈ স্বপ্নীলে কেইমূহূৰ্তমানৰ আগত খামুচি ধৰা চিটটোৰ পৰা হাতখন আঁতৰাই চালকজনৰ পিনে একেথৰে চাই ৰ’ল।

দিবাকৰ বৰুৱাৰ দৰে অবিকল চেহেৰাৰ চালকজনৰ প্ৰতি তাৰ কৌতূহল জন্মিল। এই মানুহটোৰ লগত মংগল গ্ৰহত কটোৱা এটা মূহুৰ্তও মনত নাই তাৰ। অথচ পৃথিৱীত এইজনৰ লগত কটোৱা সকলো কথা জলজল পটপটকৈ মনত আছে তাৰ। একেই চেহেৰা, একেই কন্ঠস্বৰ৷ কথাবোৰ কিবা আচহুৱা যেন লাগিল তাৰ।

ক্ৰমাৎ চক্ৰবেহু এটাৰ মাজলৈ সোমাই গৈ থকা যেন লাগিল তাৰ। অত বছৰে পৃথিৱীত বাস কৰাৰ পিছত হঠাৎ সকলো সলনি হৈ যায় আৰু ডক্টৰজনে কয় যে পৃথিৱী হেনো কেতিয়াবাই ধ্বংস হৈ গৈছে। মংগল গ্ৰহত থাকি হেনো সপোনত পৃথিৱী দেখিছে সি। ইপিনে আকৌ ভাৰতে মংগলযান উৎক্ষেপণ কৰা ভালদৰে মনত আছে তাৰ। বৃহস্পতি আৰু শনি গ্ৰহলৈও ভাৰতে চেটেলাইট পঠিওৱা মনত আছে তাৰ। হয়তো তেতিয়া ২০৩০ চন মান আছিল। তাৰ পিছত!!

সেইবোৰ সকলো সপোন আছিল নেকি তাৰমানে!

“কি ভাবিছা?”

চালকজনৰ মাতত উচপ খাই উঠিল সি।

“শুনা, তুমি মংগলত আজিলৈকে হোৱা সকলোতকৈ ডাঙৰ এক্সপেৰিমেন্ট এটাৰ এটি অতি গুৰুত্বপূৰ্ণ অংশ।” গুৰুগম্ভীৰ মাতেৰে চালকজনে আৰম্ভ কৰিলে। “তোমাৰ সৌভাগ্য নে দুৰ্ভাগ্য নাজানো, কিন্তু ছয় বছৰ আগলৈকে যিটো গৱেষণাৰ তুমি অন্যতম গৱেষক আছিলা, আজি তুমি সেই একেটা গৱেষণাৰ এক অন্যতম তথ্য।”

“ৰ’ব। আপুনি দেখোন কৈছিলে আপুনি মোৰ লগত যোৱা পাছ বছৰে কাম কৰি আছে। আকৌ ডক্টৰজনে কৈছিল মই হেনো ছয়বছৰ ক’মাত আছিলো। আপোনালোক দুজনৰ মাজৰ মিছলীয়া কোনজন?”

“তুমি ক’মাত থকা সময়খিনি ধৰি লাভ আছে নেকি? তোমাৰ এয়াৰবাইক এক্সিডেন্ট হোৱাৰ পাঁচ বছৰ আগৰ পৰা তুমি আৰু মই একেলগে কাম কৰি আছো। এক্সিডেন্ট হোৱাৰ পিছৰ ক’মাত থকা ছয়বছৰ ধৰিলে মুঠ এঘাৰ বছৰ হয় আজিলৈকে।”

“আৰু আপোনাক পৃথিৱীত, আই মিন সপোনত কিয় আৰু কেনেকৈ দেখা পালোঁ?”

” নিজে দেখা নাই তুমি। প্ৰগ্ৰেমিং কৰা হৈছে।”

“তেনেহলে মই পৃথিৱীত বাস কৰা ঘটনাটো প্ৰগ্ৰেমিংহে আছিল, সপোন নাছিল?”

“ঠিক তেনেকুৱা নহয় । মোক দেখাটো প্ৰগ্ৰেমিং আছিল।”

“চিধাকৈ নকৈ কথাবোৰ পকাই কিয় কয়নো আপোনালোকে?”

“হেঃ হেঃ ডেকা ল’ৰা, খং নকৰিবা। কথাবোৰেই যে পাক লগা। মই পাক খুলিবলৈ হে চেষ্টা কৰি আছোঁ।” হাঁহি এটা মাৰি চালকজনে ক’লে।

“চেষ্টাৰ কি প্ৰয়োজন? গোটেইখিনি কথা এবাৰতে খুলি ভাঙি ক’বলৈ কিয় টান পাইছে আপুনি?

“মই খুলি ভাঙি কলেই তুমি বুজি পাবা জানো?”

“আপুনি কওক। বুজাটো মোৰ কথা।”

“তুমি বুজাতকৈ ‘আৰ্থৱে’ই (Earth Way) বুজাটো বেছি জৰুৰী ।”

“এইটো আকৌ কি বস্তু?”

“পৃথিৱীৰ বিষয়ে অধ্যয়ন কৰি থকা মংগল গ্ৰহৰ সবাতোকৈ আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠান। এসময়ত তুমি মই একেলগে কাম কৰা প্ৰতিষ্ঠান।”

“ঠিক আছে, বুজিলোঁ বাৰু। মই তাৰমানে মংগল গ্ৰহত স্পেইচ ইঞ্জিনিয়াৰ টাইপ কিবা এটা আছিলোঁ। আপুনিও আছিল, আই মিন, আপুনি এতিয়াও হয়৷ মোৰ এক্সিডেন্ট হ’ল। মেম’ৰী উৰি গ’ল। তাৰ পিছত কি হ’ল কওক…. নহয়, তাৰ আগত কি হৈছিল কওক। মোৰ স্মৃতিশক্তি গুচি যোৱাৰ আগৰখিনি কওক।”

“স্মৃতিশক্তি গুছি যোৱা বুলি ক’লে সম্পূৰ্ণ শুদ্ধ নহ’ব। আচলতে তোমাৰ দেহত মেম’ৰী ট্ৰান্সপ্লান্ট কৰাহে হৈছিল।”

“কি তাৰমানে?”

“তাৰমানে বেলেগৰ মেম’ৰী তোমাৰ মূৰত সুমুৱাই দিয়া হৈছিল।”

অধৈৰ্য হৈ উঠিল সি। লাহে লাহে খঙো উঠি আহিবলৈ ধৰিলে। বিশ্বাস কৰিব পাৰি নে এই মানুহটোক। তাক গিনিপিগ বনাইছে নেকি বাৰু সকলোৱে মিলি!!

কথাবোৰ ভাবি থাকোতেই হঠাৎ গাড়ীখন ৰৈ গ’ল। তাৰ পিছত লাহে লাহে তললৈ নামি সোঁপিনে ঘূৰি অলপ আগুৱাই গ’ল। স্বপ্নীলে দেখিলে সন্মুখত এটা সৰু কিন্তু আটকধুনীয়া ঘৰ, চাৰিওফালে সেউজীয়া গছ গছনি। ঘৰটো দেখিয়েই স্বপ্নীলৰ ধাৰণা হ’ল যে এইটো এটা আণ্ডাৰগ্ৰাউণ্ড ঘৰ। গাড়ীখন উৰি গৈ ঘৰটোৰ ওপৰত ৰ’ল। তিনিকোণীয়া ঘৰটোৰ ক’লা গ্লাচৰ দৰে জিলিকি থকা চাদখনত থকা গোলাকৃতিৰ ফুটা এটাৰে গাড়ীখন নামি ঘৰৰ ভিতৰত মজিয়াৰ পৰা এফুটমান ওপৰত অৱতৰণ কৰিলে। দিবাকৰ বৰুৱাই স্বপ্নীলক গাড়ীৰ পৰা নামিবলৈ ইংগিত দি নিজেও নামি লৈ হাতত থকা চাবিটোৰ বুটাম এটা টিপি দিলে। লগে লগে গাড়ীখনৰ বডী, পাৰ্টচ, লাইট, এয়াৰহুইল সকলোবোৰ খোল খাই আকৌ জাপ খাবলৈ ধৰিলে। কেইমূহূৰ্তমানৰ ভিতৰত গাড়ীখন সংকুচিত হৈ প্ৰায় চাৰিগুণমান সৰু হৈ পৰিল । আকৌ এটা বুটাম টিপাৰ লগে লগে গাড়ীখন পিচুৱাই গৈ দেৱালত লাগি থকা ডাঙৰ বাকচ এটাত সোমাই পৰিল।

গোটেইখিনি ঘটনা স্বপ্নীলৰ বাবে অভূতপূৰ্ব আছিল যদিও তেনেকুৱা ধৰণৰ সংকুচিত হোৱা গাড়ী আগতেও ক’ৰবাত দেখা যেন লাগিল তাৰ৷ তাৰ পিছত দুয়োজনে কেইখোজমান আগুৱাই গৈ গ্লাছৰ দৰ্জা এখনৰ সন্মুখত ঠিয় দিলে । দৰ্জাখনৰ বাহিৰৰ পৰা ঘৰৰ প্ৰথম কোঠালীটো স্পষ্টকৈ দেখা পালে সি। অদ্ভুত আজৱ বস্তুৰে কোঠালীটো ভৰি আছে। তথাপি তাৰ এনে লাগিল যেন প্ৰতিটো বস্তুৱেই ক’ৰবাত সি দেখিছে।

“নামটো কৈ দিয়া । তোমাৰ মাতটো মেচ্ছিং হ’লেহে দৰ্জা খোলা যাব।”

“মোৰ মাত কেনেকৈ মেচ্ছিং হব?”

“তোমাৰ ঘৰত তোমাৰ মাত মেচ্ছিং নহ’লে মোৰ মাত মেচ্ছিং হ’ব নেকি?”

“এইটো মোৰ ঘৰ!!”

“তোমাৰেই দিয়া। এতিয়া দৰ্জাখন আনলক কৰা আগতে। ভিতৰত বহি বাকী কথা পাতিম। নামটো কোৱা৷”

“স্বপ্নীল….   স্বপ্‌..নীল”

দুবাৰ কোৱাৰ পিছতো দৰ্জা খোলা নোযোৱাত সি দিবাকৰ বৰুৱাৰ পিনে চালে।

তেওঁ হঠাৎ কিবা এটা বুজি পোৱা নিচিনাকৈ বেকা হাঁহি এটা মাৰি স্বপ্নীলে বাওঁহাতখনত পিন্ধি থকা ডিজিটেল বেণ্ড টাইপ কিবা ফিটা এডালত চুইচ দুটামান টিপি দিলে। সেইডাল সি হস্পিতালত থাকোতেই দেখিছিল যদিও হস্পিতালত আইডেন্টিটি ৰেজিষ্টাৰ কৰাবলৈ সেইডাল পিন্ধাই দিয়া বুলি ভাবিছিল।

“এইডাল তোমাৰ লাইফ বেণ্ড। ইয়াত তোমাৰ পাৰ্চনেল ডাটা কিছুমান আছে। নাম, ব্লাড গ্ৰুপ, জেনেটিক আইডেন্টিটি আৰু বহুতো।”

সি বেণ্ডডালত চালে।

“উৱা, মোৰ নামৰ সলনি বেলেগ কিবা নাম হে লিখা আছে দেখোন!”

বেণ্ডডালৰ ডিচপ্লেত নাম্বাৰ এটা দেখা গ’ল-

20-16-48-90-05958-X

“যি আছে ডাঙৰকৈ মাতি দিয়া।”

টুৱেন্টী, চিক্সটিন…”

“ৰবা, তেনেকে নহয়।” দিবাকৰ বৰুৱাই শুধৰাই দিলে, “টু জিৰো-ৱান চিক্স… তেনেকে মাতি দিয়া।

স্বপ্নীলে কোড নাম্বাৰ কেইটা মাতি দিয়াৰ লগে লগে দৰ্জাখন খোল খাই গ’ল।

“এইকেইটা কি কোড বাৰু?” স্বপ্নীলে ভিতৰলৈ সোমাই গৈ শুধিলে।

“মংগলত দেশ, ৰাজ্য আদিৰ নাম নাই। গোটেই গ্ৰহটোক ৯৯ টা ডাঙৰ এৰিয়াত ভাগ কৰা হৈছে। পৃথিৱীখন যেনেকৈ বিভিন্ন দেশত ভাগ কৰা হৈছে৷ আকৌ প্ৰতিটো ডাঙৰ এৰিয়া সৰু সৰু ৯৯ টা এৰিয়াত ভাগ কৰা হৈছে, ঠিক ৰাজ্য সমূহৰ নিচিনা৷ তেনেকে আকৌ সৰু সৰু এৰিয়াত ভাগ কৰি কোড নাম্বাৰ দিয়া হৈছে।”

“৯৯ টা ভাগ কিয়? ১০০ কিয় নহল?”

“৯৯ হলে ডাবল ডিজিট কোড ব্যৱহাৰ কৰিব পাৰি । তোমাৰ কোড টো চোৱা। প্ৰথম চাৰিটা ডাবল ডিজিট কোড হ’ল এৰিয়া কোড আৰু লাষ্টৰ ফাইভ ডিজিট কোড হ’ল হিউমেন কোড।” চোফাখনত বহি লৈ দিবাকৰ বৰুৱাই ক’লে।

“লাষ্টৰ X টো কি?” স্বপ্নীলেও চোফাখনত আউজি বহি লৈ শুধিলে।

হঠাৎ পিছফালৰ পৰা নাৰীকণ্ঠ এটা ভাহি আহিল, “সেইটো জেণ্ডাৰ কোড। মহিলাৰ  ক্ষেত্ৰত Y কোড ব্যৱহাৰ কৰা হয়৷”

মাতটো চিনাকি যেন লাগিল স্বপ্নীলৰ। সি ঘূৰি চাই অবাক হৈ ৰ’ল। এইজনী চোন সি সপোনত দেখা ছোৱালীজনী। এয়াৰবাইক এক্সিডেন্ট হোৱাৰ আগতে দেখা ছোৱালীজনী। তাৰমানে ছোৱালীজনীক দেখাটো সপোন নাছিল। পৃথিৱীত বাস কৰাটো সপোন আছিল। মংগলত বাস কৰাটো সঁচা । কিন্তু এই ছোৱালীজনীৰ মাত সি আজি প্ৰথমবাৰ শুনিও এনে কিয় লাগিছে যেন তাইৰ মাতটো বহুযুগৰ চিনাকি।

 

_______________________

(চতুৰ্থ খণ্ড)

“মই আহো নহলে। তোমাক অলপ ৰেষ্টৰ প্ৰয়োজন৷”

দিবাকৰ বৰুৱাৰ মাতত স্বপ্নীলৰ সম্বিত ঘূৰি আহিল। প্ৰায় একমিনিট মান সময় সি ছোৱালীজনীৰ মুখলৈ অবাক হৈ চাই আছিল। সি অলপ লাজ পালে যদিও সহজ হ’বলৈ চেষ্টা কৰিলে৷

“আপুনি এতিয়াও মোৰ আটাইখিনি প্ৰশ্নৰ উত্তৰ নিদিলে। মই মংগলত থাকি পৃথিৱীৰ সপোন দেখিছোঁ যদি মংগলত বাস কৰাৰ বিষয়ে অলপো মনত নাই কিয়? প্ৰায় ত্ৰিশ বছৰ পৃথিৱীত বাস কৰা সপোন কিয় দেখিলো মই?”

“শুনা, মই মাত্ৰ প্ৰমাণ কৰি দিলো যে মংগল গ্ৰহত থকাটো সপোন নহয় তোমাৰ। এতিয়া অন্ততঃ আমি কোৱা কথাবোৰ বিশ্বাস হ’ব তোমাৰ। বাকী তোমাৰ সকলো প্ৰশ্নৰ উত্তৰ দৃষ্টিৰ পৰা পাই যাবা।”

কথাখিনি কৈয়েই দিবাকৰ বৰুৱা বহাৰ পৰা উঠিল আৰু ছোৱালীজনীৰ পিনে চাই ক’লে,

“তুমি আছা যিহেতু মই ইয়াক লৈ চিন্তা কৰিব লগা নহয় নিশ্চয় । যিমান পাৰা কথাবোৰ ভাঙি পাতি ক’বা। তোমাতকৈ বেছিকে ইয়াক জনা মানুহ মংগলত দ্বিতীয়জন নোলাব হয়তো।”

দিবাকৰ বৰুৱা যোৱাৰ পিছত দৃষ্টিয়ে স্বপ্নীলক লেবৰেটৰীৰ নিচিনা ৰূম এটালৈ লৈ গ’ল। বিভিন্ন ধৰণৰ সা-সৰঞ্জামেৰে ৰূমটো ভৰি আছিল। ৰূমটোৰ ঠিক মাজত এখন প্ৰকাণ্ড টেবুল। দৃষ্টিয়ে নিজৰ হাতত পিন্ধি থকা লাইফ বেণ্ডডাল কিবা কিবি চুইচ টিপি দিলে। লগে লগে টেবুলৰ ওপৰত এটা ঘৰৰ থ্ৰী-ডাইমেনচনেল ইমেজ  দেখা গ’ল। ঘৰটো দেখিয়েই স্বপ্নীল জাপ মাৰি উঠিল। এই ঘৰটোৱেই সি মংগল গ্ৰহৰ সপোন দেখোতে দেখা ঘৰটো।

“এইটো ইমেজ কেনেকৈ আনিলা ইয়াত?” মই সপোনত প্ৰায়েই দেখিছিলো এই ঘৰটো।

“এইটো সপোনত দেখা ঘৰ নহয়। এইটো সঁচা ঘৰ। বৰ্তমান আমি থকা ঘৰটো এইটোৱেই। ছয় বছৰ আগত এইটো ঘৰ দেখিবলৈ এনেকুৱা আছিল। এতিয়া অলপ মডিফাই কৰা হৈছে ।”

“বুজি পাইছোঁ । মই মংগলত থকা সপোন দেখাটো সপোন নহয়, সঁচা ঘটনা। আৰু ত্ৰিশ বছৰে পৃথিৱীত থকা সঁচা যেন লগা ঘটনাখিনি সপোন। এইখিনি মোক বহুবাৰ কোৱা হৈছে । ধৰি লোৱা মই বিশ্বাসো কৰিছো। এতিয়া এইবোৰ ঘটনা মোৰ লগত কিয় ঘটিল সেইটো কোৱা।”

“আচলতে সপোন এটাও নাছিল। পৃথিৱী আৰু মংগলত ঘটা দুয়োটা ঘটনাই সঁচা । আপুনি মোৰ মুখেৰে শুনাতকৈ নিজে চালে ভালদৰে বুজি পাব।”

স্বপ্নীলে টেবুলৰ ওপৰত থ্ৰী ডাইমেনচনত চলি থকা ঘটনা খিনিৰ ফালে চকু পোনালে। এইবাৰ দেখিলে যে ঘৰটোৰ পৰা এয়াৰবাইক এখন ওলাই আহিছে। আৰোহীজনে জনে ক’লা গ্লাচৰ হেলমেট আৰু লেডাৰ জেকেট পিন্ধি ওলাই আহিছে। ঠিক সি সপোন দেখোতে যেনেকৈ ওলাই আহিছিল। তাৰ ঠিক আধা মিনিটমান পিছত আৰু এখন এয়াৰবাইক ওলাই আহিল। জিন্স আৰু লেডাৰ জেকেট পিন্ধা আৰোহীজনে ক’লা গ্লাছৰ হেলমেট পিন্ধি আছিল। বাইকখন ৰখাই আৰোহীজনে গ্লাচখন ডাঙি হাতত থকা বেণ্ডডালত সময় চালে। গ্লাচখন ডাঙি দিয়াই সি আৰোহীজনৰ মুখখন দেখিলে।

“এইজনী তুমিয়েই চোন। আগত ওলাই যোৱাজন নিশ্চয় মই। মই সপোনত দেখা ঘটনা খিনিয়েই বেলেগ এংগলৰ পৰা চাই থকা যেন লাগিছে।”

“এইখিনি ৰেকৰ্ডিং। মংগলত হোৱা প্ৰতিটো ঘটনাই শক্তিশালী চেটেলাইটত ৰেকৰ্ডিং হৈ থাকে। এই চেটেলাইটবোৰ ইমানেই শক্তিশালী যে মানুহৰ হাতৰ লাইফবেণ্ডবোৰত থকা আইডেন্টিটি নাম্বাৰবোৰো স্পষ্টকৈ দেখা পোৱা যায়। ইয়াত অপৰাধ কৰি কোনো সাৰি যাব নোৱাৰে । সেইবাবে কোনোৱে অপৰাধ নকৰেও।”

“ঘৰৰ ভিতৰত অপৰাধ কৰিলে কেনেকৈ ধৰা পৰিব?”

“ঘৰৰ ভিতৰে বাহিৰে যিকোনো মানুহ এজনৰ সকলো কাৰ্য্য ৰেকৰ্ড হৈ থাকে হাতত পিন্ধি থকা লাইফ বেণ্ড ডালত। পিন্ধাজনৰ চাৰিওফালৰ দৃশ্য থ্ৰী ডাইমেনচনেল ফ্ৰেমত এনিটাইম ৰেকৰ্ড হৈ থাকে৷”

“তেনেহলে প্ৰাইভেচি বোলা শব্দটো ইয়াত ব্যৱহাৰ নহয় চাগৈ।”

“কিয় নহব? ৰেকৰ্ডিংবোৰ অত্যন্ত প্ৰয়োজনত হে ব্যৱহাৰ কৰা হয়৷ চেন্ট্ৰেল কন্ট্ৰল ইউনিটৰ পৰা সময়ে সময়ে কিছুমান চিগনেল লাইফ বেণ্ডডালত আহি থাকে আৰু পিন্ধোতা জনে চুইচ টিপি ৰিপ্লাই দি থাকিব লাগে। ৰিপ্লাই দি থকালৈ কোনেও সেই ডাটা একচেচ কৰিব নোৱাৰে। আৰু যদি ৰিপ্লাই নাহে তেতিয়া মানুহজনৰ মৃত্যু হোৱা, অসুস্থ হোৱা  বা অন্য কিবা দুৰ্ঘটনা হোৱা বুলি সন্দেহ কৰা হয় আৰু লগে লগে ৰেকৰ্ডিং সমুহ একচেচ কৰিব পৰা হৈ যায়। আমি বহুকেইটা ৰেকৰ্ডিং ডিভাইচ যেনে, চেটেলাইট, ৰোড কেমেৰা, ড্ৰ’ন কেমেৰা আদিৰ লগত লিংক কানেক্ট কৰি থৈছোঁ। ”

কথাবোৰ শুনি আচৰিত লাগিল যদিও স্বপ্নীলে বুজি পালে যে এটা নিখুঁত গ্ৰহৰ নিৰ্মাণ হৈছে । সি টেবুলখনৰ ওপৰত চলি থকা ৰেকৰ্ডিংখিনি চোৱাত লাগি গ’ল। অকল দেখাই নহয়, শব্দবোৰো শুনা পালে সি।

তীব্ৰ বেগত এয়াৰবাইক খন গৈ আছে। আৰোহীৰ আসনত স্বপ্নীল। পিছে পিছে আন এখন এয়াৰবাইকত দৃষ্টি। হঠাৎ স্পীড বঢ়াই দি দৃষ্টিয়ে স্বপ্নীলৰ বাইকখনৰ একেবাৰে কাষ পালেগৈ৷ তাইৰ হেলমেটৰ পিছফালেদি ওলাই থকা চুলিকোচাৰ ঢৌ এটাই স্বপ্নীলক চুই গ’ল। ঠিক সি বাৰে বাৰে দেখি থকা সপোনটোৰ দৰে। তাই হেলমেটৰ গ্লাচখন দাঙি দিলে। স্বপ্নীলে একেথৰে তাইৰ পিনে চাই ৰ’ল। মুহূৰ্তৰ বাবে সি যেন সকলো পাহৰি গ’ল। তাই হাতেৰে কিবা ইংগিত দিবলৈ ধৰোতেই সম্মুখত থকা পোষ্ট এটাত স্বপ্নীলৰ বাইকখন খুন্দা খাই চিটিকি গ’ল। প্ৰায় ১০০ ফুটমান ওপৰেদি গৈ থকা বাইকখনৰ পৰা সি চিটিকি ওলাই গ’ল। ঠিক এইখিনিতে তাৰ সপোন বাৰে বাৰে ভাঙি গৈছিল।

সি দেখিলে বাইকখনৰ পৰা উফৰি সি তলত জোপোহা এজোপাৰ মাজত সোমাই গৈছে। দৃষ্টিয়ে তীব্ৰ বেগত বাইকখন তললৈ নমাই তাৰ কাষত ৰাখি নামি গৈছে। তাই তাৰ অচেতন শৰীৰটো জোপোহাৰ মাজৰ পৰা উলিয়াই আনি ঘাঁহনিৰ ওপৰত শুৱাই দিছে।  তাৰ মূৰৰ পৰা হেলমেটটো গুচাই দিয়াৰ লগে লগে সি প্ৰায় চিঞৰি উঠিল।

“এইজন মই নহয়চোন। বেলেগ কোনোবা হে। কোন এইজন? সপোনত দেখা সকলোখিনিৰ মিল আছে, কিন্তু এই মানুহজন মই নহয় যে।”

“আপুনি কোন তেনেহলে, আপোনাৰ মতে?”

“সেইটো উত্তৰ তুমিহে দিব পাৰিবা। যোৱা চাৰিদিন হস্পিতালত থাকি আৰু আজিৰ দিনটো বাহিৰ ওলাই যিমান খিনি দেখিছোঁ তাৰ বাহিৰে আগৰ কথা একো মনত নাই মোৰ। তাৰ আগত যি মনত আছে সেইটো ক’বলৈ হ’লে মোৰ জন্ম পৃথিৱীত হৈছিল। মোৰ নাম স্বপ্নীল। মোৰ….”

“ৰবচোন, আপুনি আপোনাৰ মুখখন চাইছে নে ভালদৰে?”

“চাইছো… উমম….নাই চোৱা। যোৱা চাৰিদিনতো চোৱা নাই। হস্পিতালৰ বাথৰূমতো মিৰৰ নাছিল।”

“মিৰৰ আঁতৰাই থোৱা হৈছিল। এতিয়া চাওক।”

এইবুলি দৃষ্টিয়ে সৰু আইনা এখন স্বপ্নীলৰ সন্মুখলৈ আনিলে। নিজৰ মুখখন আইনাত দেখি এইবাৰ সি যোৱা চাৰিদিনৰ আচহুৱা ঘটনাবোৰতকৈও আচৰিত বস্তু এটা দেখিলে। আইনাত তাৰ গলৰ ওপৰত সেইখন বেলেগ কাৰোবাৰ মুখ।

“তোমালোকে কি কৰিছা মোৰ লগত কোৱা।” স্বভাৱত শান্ত-সৌম্য স্বপ্নীলে এইবাৰ গৰজি উঠিল।

“মোক কোৱা হৈছিল মোৰ মেমৰী ট্ৰান্সপ্লান্ট কৰা হৈছে বুলি। পিছে মোৰ মুখৰ প্লাষ্টিক চাৰ্জাৰীও কৰিছা তোমালোকে। এয়া আইন বিৰূদ্ধ কাম বুলি নাজানা নেকি? নে তোমালোকৰ মংগলত ব্যক্তি স্বাধীনতা বুলি একোৱেই নাই?”

“ৰবচোন, শান্ত হওক। আপোনাক গোটেইখিনি কথা ক’ম মই। কিন্তু সেইটো জানিবলৈ আৰু বুজিবলৈ আপুনি নিজে কোন সেইটো বুজাৰ প্ৰয়োজন আছিল বাবে আগতে মিৰৰখন দেখুৱালো আপোনাক।”

“কোৱা, মই শুনি আছো।” অলপ উষ্মাৰে কলে স্বপ্নীলে।

“আপোনাৰ লগত যিটো ঘটনা ঘটিছে সেইটো মংগল গ্ৰহত প্ৰথমবাৰৰ বাবে কাৰোবাৰ লগত ঘটিছে। গতিকে মই নাজানিম এই সময়ত আপোনাৰ কেনেকুৱা অনুভৱ হৈছে। তাৰ বাবে মই দূঃখিত। আপুনি বৰ্তমান দুজন মানুহৰ যোগফল।”

“মানে? কি ক’ব খুজিছা অলপ সহজ ভাষাত মই বুজি পোৱাকৈ কোৱা।”

“মানে এয়াই যে আপোনাৰ মেমৰীটো স্বপ্নীলৰ, কিন্তু বডীটো স্বপ্নীলৰ নহয়।”

“কাৰ তেনেহলে?”

“মোৰ বায়’-পাৰ্টনাৰৰ”

“বায়’পাৰ্টনাৰ কি বস্তু?”

“পৃথিৱীত যিটোক বিয়া বুলি কয়, বা লিভিং টুগেডাৰ বুলি কয়, ইয়াত সেইটোক বায়’ পাৰ্টনাৰশ্বিপ বুলি কয়। ইয়াত বিয়া পতা, বিবাহ বিচ্ছেদ হোৱা ইত্যাদি চিষ্টেম নাই। কাৰোবাক ভাল লাগিলেই নিজৰ লাইফ বেণ্ড‌ডালৰ লগত তেওঁৰ লাইফ বেণ্ডডালৰ আই.ডি লিংক লগাই দিলেই হ’ল। তেওঁ একচেপ্ত কৰিলে লগে লগে চিষ্টেমত ৰেজিষ্টাৰ হৈ যায়। এৰিবলৈ হলে দুয়োৰে সন্মতিত আনলিংক কৰিলেই হ’ল। সেইবোৰ পিছত ভালদৰে বুজাম বাৰু।”

“হমম, বুজি পাইছো মই। কৈ যোৱা। মই একজেক্টলী কোন?” স্বপ্নীলে এইবাৰ শান্তভাৱে সুধিলে। দৃষ্টিক দেখিয়েই কিয় বহুদিনৰ চিনাকী যেন লাগিছিল সেইটোও বুজি পালে। মানুহৰ হাৰ্ট আৰু ব্ৰেইন দুয়োটা আচৰিত বস্তু, কিন্তু সিহঁতে এটাই আনটোৰ মতে নচলে, আৰু সেইবাবেই য’তসোপা জোঁট লগে।

____________________

(পঞ্চম খণ্ড)

“আপোনাক অলপ আগৰ পৰা কথাবোৰ ভাঙি পাতি ক’ম মই।

দুকাপ কফি আনি টেবুলত থৈ দৃষ্টিয়ে ক’বলৈ আৰম্ভ কৰিলে।

“মংগল গ্ৰহত মানুহৰ নাম নাথাকে। সকলোৰে কোড নেম থাকে। আপোন মানুহখিনিয়ে এজনে আনজনক মৰমতে নাম দি ল’ব পাৰে, কিন্তু সেই নাম অফিচিয়েল নহয়। মোৰ বায়’পাৰ্টনাৰ জনৰ অফিচিয়েল কোডটোৱেই এতিয়া আপোনাৰ অফিচিয়েল কোড। গতিকে মোৰ লগত আপুনি বায়’পাৰ্টনাৰ হিচাপে লিংক হৈ আছে। কিন্তু মই বুজি পাওঁ যে আপোনাৰ মেম’ৰীত মই নাই। দেহটো মোৰ পাৰ্টনাৰৰ আৰু মেম’ৰীটো বেলেগৰ। আপোনাৰ মেম’ৰীত  হয়তো বেলেগ কোনোবা আছিল। আপুনি বিচাৰিলে মই এতিয়াই লিংক ডিচকানেক্ট কৰি দিব পাৰো। তেতিয়া মোৰ প্ৰতি আপোনাৰ কোনো ‘লিগেল ৰেচপনচিবিলিটি’ নাথাকিব।

“এতিয়া সেইবোৰ কৰাৰ প্ৰয়োজন নাই। পিছত ভাবিম বাৰু। প্ৰথমে মোৰ কনফিউজন খিনি ক্লিয়েৰ কৰা। মই কোন? স্বপ্নীল নে তোমাৰ বায়’ পাৰ্টনাৰ 05958-X ?”

“এইটো আচলতে জটিল প্ৰশ্ন।   05958-X কোড আই.ডিৰ ব্যক্তি জনৰ দেহটোত আপোনাৰ মেম’ৰী লাগি আছে হয়৷ কিন্তু আপুনি আইনাত নিজকে দেখি চিনি পোৱা নাই। আপোনাৰ আগৰ আইডেন্টিটি আপোনাৰ মেম’ৰীত চেভ হৈ আছে। গতিকে আপুনি নিজকে স্বপ্নীল বুলিয়েই ভাবি ল’ব পাৰে।”

“ঠিক আছে, বুজিলোঁ৷ পিছে মোৰ মেমৰী বেলেগৰ ব’ডিত সোমাল কেনেকৈ? মোৰ নিজৰ ব’ডিটো কি হ’ল?”

“আপোনাক কথাখিনি প্ৰথমৰ পৰা কৈ আছোঁ ৰ’ব। আজিৰ পৰা প্ৰায় ছয়বছৰমান আগত দুজন বিজ্ঞানীয়ে লগ লাগি এটা ডাঙৰ আৱিস্কাৰ কৰিছিল। তেওঁলোক আছিল Code 05958 X  আৰু Code 18544 X, এজন জুনিয়ৰ আৰু আনজন চিনিয়ৰ। কগনিটিভ নিউৰোচায়েন্স (cognitive neuroscience) আৰু স্পেচ চায়েন্সৰ (space science) স্পেচিয়েলিষ্ট কেইজনমানৰ টিম এটা বনাই তেওঁলোকে পৃথিৱীত বাস কৰা হিউমেন মেম’ৰীৰ (human memory) ওপৰত ৰিচাৰ্চ কৰি ভালেখিনি সফলতা পাইছিল।”

“Code 05958 X জন বাৰু মোৰ বৰ্তমান ব’ডিটো বুলি বুজিলো। আনজন কোন?”

“তেওঁ সেই মানুহজন যিয়ে আপোনাক হস্পিতালৰ পৰা ইয়ালৈ লৈ আহিছিল।”

“দিবাকৰ বৰুৱা?”

“উমম। তেঁৱেই। আচলতে তেওঁৰ নাম দিবাকৰ বৰুৱা নহয়। তেনেকুৱা নামৰ কোনো অস্তিত্বই নাই। তেওঁৰ ইমেজটো আপোনাৰ মেমৰীত প্ৰগ্ৰামিং কৰা হৈছিল। দিবাকৰ বৰুৱা নামটো এনেই ৰেণ্ডম চইছ কৰি দিয়া হৈছিল।”

“বুজাই কোৱাচোন কথাটো।”

“আপুনি মাজত প্ৰশ্ন সুধি থাকিলে ক’ৰ পৰা বুজি পাব। প্ৰথমৰ পৰা ভালদৰে শুনক।”

“ঠিক আছে, আৰু মাজত নামাতো। কৈ যোৱা।”

“কি কৈ আছিলো মই? অঁ, দুয়োজনে লগ লাগি হিউমেন মেমৰী এটাৰ ওপৰত ৰিচাৰ্চ কৰিবলৈ আৰম্ভ কৰিছিল আজিৰ পৰা প্ৰায় ছয় বছৰ আগত আৰু প্ৰায় চাৰিবছৰমান আগত তেওঁলোক সফলো হৈছিল।”

“ৰ’বা, চ’ৰি দেই, মাজতে মাতিলো আকৌ। যোৱা ছয়বছৰ মই ক’মাত আছিলো, আই মিন মোৰ এই ব’ডিটো ক’মাত আছিল যদি চাৰিবছৰ আগত ৰিচাৰ্ছ কেনেকৈ কৰিছিলো? আকৌ কনফিউজ কৰিছা মোক।”

“অঁ, আচ্ছা। আচলতে আপুনি ছয়বছৰ ক’মাত থকা হিচাপটো পৃথিৱীৰ হিচাপ। এতিয়া মই কৈ থকাটো মংগলৰ হিচাপ।‌ আপোনাক মেম’ৰীটো পৃথিৱীৰ বাসিন্দা এজনৰ হোৱা বাবেই আপোনাক প্ৰথমতে পৃথিৱীৰ হিচাপত মিলাকৈ কথাবোৰ কোৱা হৈছিল। নহলে একেলগে বহুত কনফিউজন হ’লহেঁতেন আপোনাৰ। আমাৰ মংগলত এবছৰ মানে ৬৮৭ দিন। অৰ্থাৎ প্ৰায় দুবছৰৰ ডেৰমাহমান কম। গতিকে চাৰিবছৰ আগত মানে প্ৰায় পৃথিৱীৰ হিচাপত আঠ বছৰ আগত ধৰক। আপুনি কমাত থকা ছয়বছৰ মানে মংগলৰ হিচাপত তিনি বছৰমান ধৰক। গতিকে ইয়াৰ হিচাপত আপুনি যোৱা তিনিবছৰমান কমাত আছিল আৰু মই কৈ থকা কথাখিনি ইয়াৰ হিচাপত চাৰিবছৰ আগৰ।

“আৰু দিনবোৰ?”

“দিনবোৰ প্ৰায় একেই। ২৪ ঘন্টাতকৈ ৪০ মিনিট বেছি। এতিয়া শুনক। চাৰিবছৰ আগত তেওঁলোকে যিটো হিউমেন মেম’ৰীৰ ওপৰত কাম কৰি সফল হৈছিল সেইটো আছিল স্বপ্নীলৰ মেম’ৰী। অৰ্থাৎ আপোনাৰ মেমৰী। পৃথিৱী ধ্বংস হোৱাৰ পিছত পৃথিৱীৰ পৰা অহা একমাত্ৰ মানুহৰ মেম’ৰী। সেই মেম’ৰীটোৱেই আমাৰ বাবে পৃথিৱী ধ্বংস হোৱাৰ কাৰণ জনাৰ একমাত্ৰ উপায় আছিল।”

“অকল মেম’ৰীটো আহিল যে, ব’ডিটোৰ কি হ’ল? মোৰ অৰিজিনেল ব’ডিটো কলৈ গ’ল?”

“নিশ্চিতভাৱে ব’ডিটোৰ লগতেই মেম’ৰীটো আহিছিল। অকল মেম’ৰী কেনেকৈ আহিব? কিন্তু ব’ডিটো আমি পোৱাৰ সময়ত ডেমেজ হৈ গৈছিল। সেইটো ৰিপেয়াৰ কৰিব পৰা অৱস্থাত নাছিল। কিন্তু ব্ৰেইনৰ পৰা মেম’ৰীটো ডেমেজ নোহোৱাকৈ একচেচ কৰিব পৰা গৈছে।”

“তোমালোক পৃথিৱীৰ পৰা অহা মানুহ নহয় নেকি?”

“হয়, আমিও পৃথিৱীৰ পৰা অহা মানুহেই। মানে আমাৰ পূৰ্বপুৰুষ সকল পৃথিৱীৰ পৰাই আহিছিল। কিন্তু আমি মংগলত বাস কৰিবলৈ লোৱাৰ বহু বছৰ পিছতহে পৃথিৱী ধ্বংস হৈছিল। গতিকে আমি পৃথিৱীৰ বিষয়ে ভালেখিনি কথা জানো। কিন্তু ধ্বংস হোৱাৰ কাৰণ সম্পূৰ্ণকৈ নাজানোঁ। গোটেই পৃথিৱীত প্ৰলয়ৰ লগতে বিস্ফোৰণ আৰু প্ৰচণ্ড অগ্নিকাণ্ড হোৱাটো আমাৰ চেটেলাইটে ধৰা পেলাইছে। কিন্তু এতিয়া আমি পৃথিৱী ধ্বংস হোৱাৰ প্ৰকৃত কাৰণ আৰু তাক পুনৰ বাসোপযোগী কৰাৰ বাবেহে ৰিচাৰ্ছ কৰি আছোঁ।”

” পৃথিৱী ধ্বংস হৈ গৈছিল যদি মোৰ ব’ডিটো কেনেকৈ তাৰ পৰা ওলাই এইখিনি আহি পালে?”

“সেইটো আমি কনফাৰ্ম নহয়, কিন্তু আপোনাৰ ব’ডিটো আমাৰ মহাকাশযান এখনে আধা ডেমেজ হোৱা পৃথিৱীৰ পৰা ওলাই অহা মহাকাশযান এখনত আৱিস্কাৰ কৰিছিল।”

“মোৰ বাহিৰে বেলেগ কাৰো ব’ডি পোৱা নাছিল নেকি?”

“পাইছিল, কিন্তু তেওঁলোকৰ ব’ডি ইমানেই ডেমেজ হৈ গৈছিল যে মেম’ৰী একচেচ কৰিব পৰা হোৱা নাছিল। আপোনাৰটো হাফ ডেমেজ হৈছিল। বুজি পাইছে?”

“অলপ বুজিছো হয়তো। কৈ যোৱা।”

“পৃথিৱী ধ্বংস হোৱাৰ সময়ত আমাৰ মংগল গ্ৰহৰ আকাশত কিছু ব্যতিক্ৰম দেখা গৈছিল। ইয়াৰ পৰা তৰা এটাৰ দৰে দেখা পৃথিৱীখন অলপ বেছিকৈ জিলিকি উঠিছিল।”

“তুমি নিজে দেখিছা?”

“কেনেকৈ দেখিম মই? পৃথিৱী ধ্বংস হোৱাৰ প্ৰায় আঢ়ৈ হাজাৰ বছৰ হ’ল। মই পঢ়িছো এইবোৰ, আৰু ভিডিঅ’ দেখিছো।”

“আৰে ৰ’বাচোন, মই যদি পৃথিৱী ধংস হোৱাৰ পিছতেই ওলাই আহিছিলো আৰু যদি পৃথিৱী ধ্বংস হোৱাৰ আঢ়ৈ হাজাৰ বছৰ হ’ল তেনেহলে মই কি এজন আঢ়ৈ হাজাৰ বছৰীয়া বুঢ়া মানুহ নেকি? নে মোৰ মেম’ৰী আঢ়ৈ হাজাৰ বছৰ আগৰ পৰা প্ৰিজাৰ্ভ কৰি ৰাখিছা? এইটো অসম্ভৱ কথা।”

“এইটোৱেইতো আচল ৰহস্য। আপোনাৰ মেম’ৰীৰ ইনিচিয়েল ডাটা চেক কৰি আমাৰো মূৰ গৰম হৈ গৈছিল, ইমান বছৰ আগৰ ব’ডি এটা মাত্ৰ ৫০% ডেমেজ হৈ আমাৰ ওচৰ কেনেকৈ পালেহি।”

__________________

(ষষ্ঠ খণ্ড)

মংগল গ্ৰহৰ সেই ঘৰটোলৈ তেতিয়া এন্ধাৰ নামিছিল। ঘৰৰ ভিতৰত প্ৰয়োজনীয় লাইটকেইটা জ্বলি উঠিছিল। দৃষ্টিৰ নিৰ্দেশত ৰবট এটাই দুয়োৰে বাবে অলপ খোৱা বস্তু বনাই আনি টেবুলত থ’লে। ঠিক সেই সময়তে ঘড়ীটোৱে ৩০ বজাৰ সংকেত দিছিল। স্বপ্নীলে তেতিয়াহে কথাটো মন কৰিলে।

“ইয়াত ৩০টাও বাজে নেকি?”

“হমম, ৯৯ লৈ বাজিব, তাৰ পিছত শূণ্য। তাৰ পিছত আকৌ এক বাজিব। পৃথিৱীৰ দৰে এ.এম পি.এমৰ খেলিমেলি নাই ইয়াত।”

“ঠিকেই কৈছা। ১০ বজা বুলি কলে ৰাতি নে দুপৰীয়া প্ৰায়েই কনফিউজন হয় আমাৰ। আনকি ১২ৰ পিছফালে এ.এম. বা পি.এম. লগালেও দুপৰীয়া নে মাজনিশা কনফিউজন হয় বহুতৰে, আই মিন হৈছিল, যেতিয়া পৃথিৱী আছিল। তোমালোকে মাজৰাতিৰ পৰা নতুন দিন ধৰা নে ৰাতিপুৱাৰ পৰা?”

“দুপৰীয়াৰ পৰা ধৰোঁ আমি। দিনৰ যিটো সময়ত সূৰ্য্য মূৰৰ ওপৰ আহি পায় আৰু ছাঁটো প্ৰায় নাইকিয়া হৈ যায় তেতিয়া শূন্য আৰম্ভ হয়৷ তাৰ পৰা তাৰিখ সলনি হয় আৰু এক দুই কৈ ঘণ্টা হিচাপ কৰা হয়৷ দুপৰীয়াৰ পৰা এতিয়ালৈ ৩০ ঘণ্টা মানে আপোনালোকৰ পৃথিৱীৰ হিচাপত প্ৰায় চাৰে সাত ঘণ্টামান বুলি ধৰি লওক।”

“পিছে দিনটোৰ ২৪ ঘন্টা আৰু ৩৮ নে ৪০ মিনিটক ১০০ ভাগ কেনেকৈ কৰিছা?”

“২৪ ঘণ্টাটো মানুহে বনাই লোৱা ধাৰণা হে। আমি তেনেকৈ ধৰা নাই ন। এটা দিনৰ গোটেই সময়খিনি সমানে ১০০ ভাগ কৰি লোৱা হৈছে। ইয়াত এঘন্টাত পৃথিৱীৰ হিচাপত পোন্ধৰ মিনিটমান হে হব। মিনিটৰ হিচাপো বেলেগ।”

“বুজিছোঁ। সময় সকলো ঠাইতে একেই থাকে। হিচাপ কৰাৰ চিষ্টেম বেলেগ বেলেগ হয় ন? পৃথিৱীত পোন্ধৰ মিনিট যোৱা বুলি কলে ইয়াত এঘন্টা যোৱা বুলি ক’ব, কিন্তু সময় একেখিনিয়েই পাৰ হব। ঠিকেই বুজিছোঁ ন?”

“উমম, প্ৰায় ঠিকেই বুজিছে আপুনি। কিন্তু সময় বিশ্বব্ৰহ্মাণ্ডৰ সকলো ঠাইত একেই নহয়। আৰু তাৰ বাবেই আঢ়ৈহাজাৰ বছৰ আগতে পৃথিৱীৰ পৰা ওলাই অহা আপোনাক আমি মংগলৰ হিচাপত মাত্ৰ তিনিবছৰমান আগত হে পালোঁ।”

“মানে, পৃথিৱীৰ পৰা মংগল আহোতে মোৰ আঢ়ৈ হাজাৰ বছৰ লাগিল নেকি? কিনো কৈ আছা হে? মহাকাশৰ জ্ঞান অলপ অচৰপ মোৰো আছে। মোৰ যিমান দূৰ মনত আছে ২০২৫ চনত পাঁচ মাহত মংগলৰ কক্ষপথ পাব পৰাকৈ পৃথিৱীৰ পৰা চেটেলাইট পঠিয়াইছিল।”

” জানো সেইবোৰ। আমি earth science আৰু Earth History কিতাপত পাইছোঁ সেইবোৰ। এতিয়া ইমান সময় নালাগে। এমাহ নাইবা তাতোকৈ কম সময়ত ইয়াৰ পৰা গৈ পৃথিৱীৰ চাৰিওফালে এপাক মাৰি ঘূৰি আহিব পাৰি।”

“তেনেহলে মই আঢ়ৈ হাজাৰ বছৰ ক’ত ঘূৰি ফুৰিলো? ঘূৰি ফুৰাটো বাদ দিয়া, ইমান বছৰ জীয়াই কেনেকৈ আছিলোঁ মই?”

“ইমান বছৰ জীয়াই নাথাকে কোনেও। আপোনাৰ ব’ডিটো আমি পাওঁতে ৩০ বছৰমান বয়সৰ আছিল। যদি ব’ডিটো থাকিলহেঁতেন তেতিয়া আপুনি ক’মাত থকা সময় মিলাই ৩৬ বছৰীয়া হ’লহেঁতেন। গতিকে এতিয়া আপোনাৰ মেম’ৰীটোৰ ৩০ বছৰৰ এক্সপেৰিয়েন্স আছে।”

“তোমাৰ বয়স কিমান?”

“১৫ বছৰ পাৰ হৈছে চাৰিমাহ আগত।”

“ধেই, কি ধেমালি কৰিছা?”

“আৰে, কিয় পাহৰি যায়? মই কৈছিলোঁ চোন, ইয়াত এবছৰত ৬৮৭ দিন, পৃথিৱীৰ দুবছৰৰ অলপ কম। গতিকে মোৰ বয়সটো ৩০ ৰ অলপ কম ধৰক আপোনাৰ হিচাপত।”

-দৃষ্টিয়ে মিচিকিয়াই হাঁহিলে৷

“আচ্ছা, বহুত বুজিবলৈ আছে মোৰ। এতিয়াহে বুজিছোঁ মানুহে কিয় কয় ‘আমি জনাখিনি টোপাল, নজনাখিনি সাগৰ’। এতিয়া আঢ়ৈ হাজাৰ বছৰৰ ৰহস্যটো ভেদ কৰা।”

মংগলত চকু মেলাৰ দিন ধৰি প্ৰথমবাৰৰ বাবে স্বপ্নীলৰ মুখত সন্দেহ, আশ্বৰ্য্যৰ সলনি হাঁহি এটা দেখা গ’ল।

“সেইটো ৰহস্য ভেদ কৰিব আমিও পৰা নাই। কিন্তু ধাৰণাহে কৰিছো।”

“কি ধাৰণা?”

“আপুনি হয়তো টাইম ট্ৰেভেল কৰিছে।”

“কি কৈছা? এইটো অসম্ভৱ কথা।”

অলপ আগতে স্বপ্নীলৰ মুখত বিৰিঙি উঠা হাঁহিটোৱে পুনৰ আশ্বৰ্য্যৰ ৰূপ ল’লে।

“অসম্ভৱ নহয় আচলতে। এই বিশ্বব্ৰহ্মাণ্ডৰ সম্ভৱ আৰু অসম্ভৱবোৰ মংগল, পৃথিৱী নাইবা আন কোনো গ্ৰহৰ পদাৰ্থ বিজ্ঞানৰ সূত্ৰত নচলে। পৃথিৱী মংগলৰ বেছিভাগ ফিজিক্সৰ সূত্ৰই অনন্ত মহাকাশত প্ৰযোজ্য নহয়। মহাকাশত সকলো সম্ভৱ, সকলো অসম্ভৱ।”

“তাৰমানে মই টাইম মেচিনেৰে আহি এইখিনি পালোঁ নেকি? পাঁচ মাহত আঢ়ৈহাজাৰ বছৰ আগুৱাই আহি গ’লো?”

“টাইম ট্ৰেভেল কৰিবলৈ টাইম মেচিন লাগিবই বুলি কোনো কথা নাই। গোলাকাৰ পৃথিৱীত টাইম যেনেকৈ পাৰ হয় আকাৰ নোহোৱা মহাকাশত তেনেকুৱা নহয়। মহাকাশৰ কোনো পৰিধি নাই, কোনো  নিৰ্দিষ্ট কেন্দ্ৰ নাই। চিধা গৈ থাকিলে এটা সময়ত আগৰ ঠায়েই ওলাব। অৱশ্যে তেনেকুৱা যাত্ৰা এটা আজিলৈকে সম্ভৱ হোৱা নাই। মহাকাশত পোহৰৰ গতিয়েই সময় জোখাৰ একমাত্ৰ উপায়। হয়টো আপুনি মহাকাশৰ কোনোবা এটা বিন্দুত সোমাই শ্বৰ্টকাট মাৰি আকৌ আগৰ ঠাই পালে। যিখিনি দূৰত্ব পোহৰে এপাক মাৰি আগৰ ঠাই আহি পাবলৈ আঢ়ৈ হাজাৰ বছৰ লাগিলহেঁতেন, আপুনি কিবা কাৰণত শ্বৰ্টকাট মাৰি এক দুই চেকেণ্ডত আহি পালে। হয়টো পৃথিৱী ধ্বংস হোৱা সময়ৰ প্ৰচণ্ড বিস্ফোৰণত তেনে কিবা এটা ঘটিল। তেনে ক্ষেত্ৰত আপোনাৰ এক দুই চেকেণ্ড বয়স বাঢ়িল কিন্তু মহাকাশত আঢ়ৈ হাজাৰ বছৰ পাৰ হৈ গ’ল। এইটো অৱশ্যে আমাৰ ধাৰণাহে। বেলেগ কিবা কাৰণো হব পাৰে। কিন্তু এই সময়ত ইয়াতকৈ মনঃপুত ব্যাখ্যা উলিয়াবলৈ আমি সমৰ্থ হোৱা নাই।”

“তোমালোকে টাইম মেচিন বনাবলৈ চেষ্টা কৰা নাই?”

“একে আষাৰে ইয়াৰ উত্তৰ দিব নোৱাৰিম মই। পৃথিৱীতকৈ আমি বহুগুণে এডভান্স, কিন্তু সেইবুলি আমি পৃথিৱীত অসম্ভৱ বুলি ভাবি লোৱা সকলো কামেই সম্ভৱ কৰিব পৰা নাই। টাইম মেচিন বনাবলৈ চেষ্টা নকৰা নহয় আমি। থিয়’ৰি হিচাপে টাইম মেচিনৰ কনচেপ্তটো ইমান টান নহয়, কিন্তু প্ৰেকটিকেলি মেচিন বনাই সময়ৰ লগত খেলিব পৰাটো অসম্ভৱ নহয় যদিও বহুত কঠিন।”

“ভালেই হৈছে তেনেহ’লে।” স্বপ্নীলে দৃষ্টিৰ মুখলৈ চাই ক’লে।

“কিয়?” দৃষ্টিৰ চকুত প্ৰশ্নবোধক চিন দেখা গ’ল।

“টাইম মেচিন বনাব পাৰিলে তোমালোকে আঢ়ৈ হাজাৰ বছৰ আগলৈ গৈ পৃথিৱীৰ সকলো তথ্য আনিব পাৰিলাহেঁতেন। আৰু তেনে ক্ষেত্ৰত মোৰ অস্তিত্ব বচাবলৈ ইমান চেষ্টা নকৰিলাহেঁতেন নিশ্চয়। হাঃ হাঃ।”

মংগল গ্ৰহত প্ৰথমবাৰৰ বাবে স্বপ্নীলে খোলাকৈ হাঁহিলে। চোফাখনত তাৰ নিচেই কাষত বহি থকা দৃষ্টিয়েও মুখ ঢাকি হাঁহিবলৈ ধৰিলে। হাঁহি থাকোতে দৃষ্টিয়ে ক’ব নোৱাৰকৈয়ে স্বপ্নীলৰ কান্ধত হাত এখন থ’লে। স্বপ্নীলে কথাটো মন কৰিলে যদিও মন নকৰাৰ ভাও জুৰিলে। হয়তো তাই তেনেকৈ হাতখন থোৱাটো সিও বেয়া পোৱা নাছিল। হয়তো সি ভাবিছিল হাতখন তেনেকৈয়ে তাৰ কান্ধত পৰি থাকক বহুদিন, বহুবছৰ, বহুযুগ। আৰু হয়তো সি একো ভবা নাছিল। সেই মুহূৰ্তটোত স্বপ্নীলৰ মেম’ৰীটোক সি সোমাই থকা দৃষ্টিৰ বায়’ পাৰ্টনাৰজনৰ হাৰ্টটোৱে হয়তো ধৰাশায়ী কৰি পেলাইছিল। আৰু হয়তো স্বপ্নীলৰ মেম’ৰীটো আৰু দৃষ্টিৰ বায়’ পাৰ্টনাৰজনৰ ব’ডিটোৰ মাজত বুজাবুজি হৈ ক্ৰমাৎ দুয়ো এক হ’বলৈ ধৰিছিল।

___________________

(সপ্তম খণ্ড)

হস্পিতালৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়ত স্বপ্নীলৰ মগজুত যিমানবোৰ প্ৰশ্নই খুন্দিয়াই আছিল, দৃষ্টিৰ লগত কথা পতাৰ পিছত লাহে লাহে সেইবোৰ কমি আহিবলৈ ধৰিছিল। দুপৰীয়ালৈ দৃষ্টিৰ প্ৰতিটো কথাত স্বপ্নীলে সন্দেহেৰে প্ৰশ্ন কৰিছিল যদিও সন্ধিয়ালৈ সি তাইৰ কথাবোৰ কোনো প্ৰশ্নৰ উত্থাপন নকৰাকৈ বিশ্বাস কৰিবলৈ লৈছিল। সি নিজেই কেইটামান উপযুক্ত প্ৰমাণ পাইছিল যে তাৰ মেম’ৰীটো বেলেগৰ শৰীৰত লগোৱা হৈছে। তাৰোপৰি দৃষ্টিৰ কথাবোৰ বিশ্বাস কৰিবলৈ কঠিন হলেও যুক্তিহীন নাছিল। সি সোধা প্ৰতিটো প্ৰশ্নৰ উত্তৰ তাই এক চেকেণ্ডো নভবাকৈ দিছিল। তথাপি কিছুমান ৰহস্যৰ পৰা তেতিয়াও পৰ্দা আঁতৰ হোৱা নাছিল।

ৰাতি হৈ অহাৰ লগে লগে গ্ৰহটোৰ উত্তাপ কমি আহিছিল। দৃষ্টিয়ে ৰিম’ট টিপি খিৰিকী আৰু চানৰূফ বন্ধ কৰি দি শীত-তাপ নিয়ন্ত্ৰিত কোঠালীটোৰ উষ্ণতা বঢ়াই দিলে। স্বপ্নীলে ক’বলৈ ধৰিলে,

“এতিয়ালৈকে তুমি যিমানখিনি কথা ক’লা তাৰ পৰা মই এইখিনি ধাৰণা কৰিব পাৰিছোঁ যে মোৰ জন্ম আঢ়ৈ হাজাৰ বছৰৰ আগত পৃথিৱীত হৈছিল। তাৰ পিছত পৃথিৱী ধ্বংস হ’ল, মই কেনেবাকৈ ওলাই আহিলো। কিন্তু মহাকাশেৰে আহি থাকোতে টাইম ট্ৰেভেল কৰি আঢ়ৈ হাজাৰ বছৰ আগুৱাই আহি মংগল পালোঁ। তোমালোকৰ এষ্ট্ৰ’নটে মোক মংগলৰ কক্ষপথত ঘূৰি থকা দেখি ইয়ালৈ লৈ আনিলে। এতিয়া মোক কোৱা যে মোৰ মেম’ৰীটো তোমাৰ  বায়’ পাৰ্টনাৰজনৰ শৰীৰত লগাবলগীয়া  হ’ল কিয়?”

“এইটো অলপ জটিল প্ৰশ্ন। ইয়াৰ উত্তৰ দিবলৈ হলে মই আপোনাৰ সম্ভাব্য প্ৰশ্ন কেইটামানৰো উত্তৰ দি ল’ব লাগিব আগতে। আপোনাক যে দেখাইছিলো মোৰ বায়’ পাৰ্টনাৰ জনৰ এয়াৰ বাইক এক্সিডেন্টটোৰ ৰেকৰ্ডিংখিনি। সেই ঘটনাটো ঘটাৰ এমাহ আগত আপোনাৰ সৈতে মুঠ চাৰিজন লোকক মংগললৈ লৈ অনা হৈছিল যদিও একমাত্ৰ আপোনাৰ মেম’ৰীটোহে সক্ৰিয় অৱস্থাত পোৱা গৈছিল। এক্সিডেন্টটোত মোৰ বায়’ পাৰ্টনাৰজনে মূৰত আঘাট পোৱা বাবে তেওঁৰ মেম’ৰী ডেমেজ হৈ গৈছিল। সেই সময়ত আপোনাৰ মেম’ৰীটো তেওঁৰ শৰীৰত ট্ৰান্সপ্লান্ট কৰাৰ বাহিৰে আন একো উপায় নাছিল।”

“আৰু সেইবাবে তোমাৰ বায়’ পাৰ্টনাৰ জনক বচাই ৰাখিবলৈ মোক ব্যৱহাৰ কৰিলা?”

“নহয়, ভুল নুবুজিব আপুনি প্লিজ। আপোনাৰ শৰীৰটো এনেও ডেমেজ হৈছিল। হয়টো পৃথিৱীত হোৱা বিস্ফোৰণটোৰ বাবে, নাইবা টাইম ট্ৰেভেল কৰোতে আপোনাৰ শৰীৰটো ৮০% ডেমেজ হৈ গৈছিল। কিন্তু আপোনাৰ মেমৰীটোৰ 50%  সম্পূৰ্ণ অক্ষত আছিল বাবে আমি ট্ৰান্সপ্লান্ট কৰাৰ সিদ্ধান্ত লৈছিলোঁ।”

“তুমিচোন কৈছিলা তোমালোকৰ টেকন’লজিয়ে ৯৯% মানুহক নিশ্চিত মৃত্যুৰ পৰা বচাব পাৰে। মোৰ ক্ষেত্ৰত চেষ্টা নকৰিলা কিয়?”

“আপোনাৰ শৰীৰটো সেই দুৰ্ভগীয়া ১% বুলি ধৰি লওক। আৰু আপুনি যদি ভাবিছে মোৰ বায়’ পাৰ্টনাৰ জনৰ বাবে আপোনাক বলিদান দিয়া হৈছে তেনেহলে আপুনি ভুল ভাবিছে। আচলতে আপোনাক আৰু আমাৰ প্ৰজেক্টটোক জীয়াই ৰখাৰ বাবে মোৰ পাৰ্টনাৰজনে নিজৰহে বলিদান দিলে। এয়া চাওক, বৰ্তমান মোৰ সম্মুখত থকাজন স্বপ্নীলহে, মোক ভালপোৱাজন নহয়। আপোনাৰ মাত্ৰ শৰীৰ সলনি হৈছে, যিটো এনেও সময়ৰ লগত সলনি হ’লহেঁতেন। আপুনি এতিয়াও জীয়াই আছে, কিন্তু মোৰ মৰমৰ মানুহজন নাই।”

স্বপ্নীলে লক্ষ্য কৰিলে যে কথা খিনি কৈ থাকোতে দৃষ্টিৰ চকু দুটা সেমেকি উঠিছিল। নাৰীৰ এইবিধ জুলীয়া পদাৰ্থই বহুতো পুৰুষৰ শিল যেন গোটা হৃদয়ো গলাই আহিছে যুগ যুগ ধৰি। মংগলতো তাৰ ব্যতিক্ৰম নহল। স্বপ্নীলে তাইৰ হাতত হাত থৈ ক’লে,

“আই এম চ’ৰি। মই তোমাৰ পাৰ্টনাৰজন হ’ব নোৱাৰিলেও তোমাৰ কথাখিনি বুজিবলৈ চেষ্টা কৰিম আৰু তোমালোকৰ মিশ্যনত যিমান পাৰোঁ সহায় কৰিম। পিছে তেওঁৰ দুৰ্ঘটনাটো হ’বলৈ পালে কেনেকৈ? তোমালোকৰ ইমান টেকনলজিকেল চিকিউৰিটিৰ পিছতো তেওঁৰ দুৰ্ঘটনা কেনেকৈ হ’ল?”

“টেকনলজিয়ে আমাক দুৰ্ঘটনাৰ পৰা ৯৯% চেফ্টি দিয়ে বুলি আপোনাক কথাৰ মাজতে কৈছিলোৱেই। প্ৰতিখন যান বাহনতেই ইলেক্ট্ৰ’ মেগনেটিক চিষ্টেম লগোৱা হৈছে যাৰ বাবে বাহনবোৰে কেতিয়াও একো বস্তুতেই খুন্দা নামাৰে। যিকোনো বস্তুৰ লগত খুন্দা খাব পৰা দূৰত্বলৈ আহিলেই বিকৰ্ষণ শক্তিৰ দ্বাৰা গাড়ীখন বতাহতে অলপ দূৰলৈ চিটিকি যাব পাৰে, কিন্তু ক’তো নুখুন্দিয়াই। পিছে সেইদিনা তেওঁৰ  এয়াৰ বাইকখনত মেগনটিক চিষ্টেমটো ডিচকানেক্ট কৰা আছিল।”

“আৰু তুমি সেইটো গম পাই তেওঁক বচাবলৈ আন এখন এয়াৰবাইকেৰে তেওঁৰ পিছ লৈছিলা?”

“উমম, মই তেওঁৰ পিছে পিছে গেৰেজলৈ ওলাই আহোতে মজিয়াত ইলেক্ট্ৰনিক চিপ এখন পৰি থকা দেখিছিলো। সেইখনেই আছিল এয়াৰ বাইকখন খুন্দা নাখাবলৈ চুম্বকীয় বিকৰ্ষণ সৃষ্টি কৰিব পৰা চিপখন। কিন্তু সেইখন নিজে নুখুলিলে এনেই খুলি পৰা সম্ভৱ নহয়। তেওঁ নিজেই নিজৰ বলিদান দিলে।”

“কথাখিনি কৈ দৃষ্টিয়ে আকৌ এবাৰ উচুপি উঠিল। স্বপ্নীলে তাইৰ মূৰত হাত ফুৰাই সান্ত্বনা দিবলৈ চেষ্টা কৰিল। অলপ সময়ৰ পিছত আকৌ প্ৰকৃতিস্থ হৈ দৃষ্টিয়ে ক’বলৈ ধৰিলে,

“আপোনাৰ মেম’ৰিটো লগাই চাবলৈ আমাৰ লগত ব’ডি নাছিল। ইয়াত দুৰ্ঘটনা নহয়েই, আৰু বয়স হৈ মৃত্যু হোৱা মানুহৰ ব’ডিত মেম’ৰীয়ে কাম নকৰে। আমাক লাগিছিল জীৱন্ত শৰীৰ এটা যাৰ মগজুত আমি আপোনাৰ মেম’ৰীটো ট্ৰান্সপ্লান্ট কৰিব পাৰোঁ। ইপিনে আপোনাৰ ৮০% ডেমেজ হোৱা শৰীৰটোও লাহে লাহে বেছিকৈ ডেমেজ হবলৈ ধৰিছিল। কেনেবাকৈ আপোনাৰ বডিটো ১০০% ডেমেজ হৈ গ’লে আপোনাৰ মেম’ৰীও চিৰদিনৰ বাবে মচা গ’লহেঁতেন, আৰু তেনে হোৱা হ’লে পৃথিৱী ধ্বংস হোৱাৰ কাৰণ জনাৰ একমাত্ৰ ৰাস্তাটোও আমাৰ বাবে চিৰদিনৰ বাবে বন্ধ হ’লহেঁতেন। গতিকে নিজৰ ব’ডিটো এইটো কামৰ বাবে দান দিয়াৰ বাহিৰে তেওঁ বেলেগ উপায় নেদেখিলে হয়তো। নহ’লে বাইকৰ মেগনেটিক চিপখন গুচোৱাৰ আন কোনো কাৰণ নাছিল। মই পিছে পিছে খেদি গৈয়ো তেওঁক ৰখাব নোৱাৰিলোঁ। তেওঁৰ শৰীৰটো টেকন’লজীয়ে বচালে, কিন্তু মানুহজন নাইকীয়া হৈ থাকিল।”

“তোমালোকে মোৰ শৰীৰত লাগি থাকোতেই মোৰ মেম’ৰীটো স্কেন নকৰিলা কিয়?”

“কৰিছিলো। কিন্তু মানুহে নিজে চেষ্টা কৰি যিমান ডাটা মনত পেলাব পাৰে টেকনলজিয়ে সিমান নোৱাৰে। তাতে আপোনাৰ ৫০% মেমৰী ডেমেজ আছিল। সুস্থ শৰীৰ নোহোৱাকৈ মেম’ৰীয়ে ঠিকমতে কাম কৰিব নোৱাৰে। যেনেকৈ আপোনালোকৰ সময়ত মোবাইল নোহোৱাকৈ চিম নচলিছিল। আমাৰো লাইফ বেণ্ডদাল আইদেন্টিটি চিপ নোহোৱাকৈ নচলে। গতিকে আপোনাৰ মেম’ৰীটো মোৰ লাইফ পাৰ্টনাৰজনৰ বডিত লগাই প্ৰায় তিনিবছৰৰ চেষ্টাৰ মূৰত  সম্পূৰ্ণ লিংক লগাব পাৰিছোঁ। এই তিনিবছৰ, অৰ্থাৎ পৃথিৱীৰ হিচাপত ছয়বছৰ সময় আপুনি ক’মাত আছিল আৰু পৃথিৱীত থাকোতে আপোনাৰ লগত হোৱা ঘটনাবোৰৰ ৫০% মেমৰী ৰিপিট হৈ আছিল। বাইক ষ্টাৰ্ট দিয়াৰ পৰা এক্সিডেন্ট হোৱালৈ ঘটা ঘটনাখিনি ফ্ৰেছ মেমৰী আছিল বাবে সেইখিনি ব্ৰেইনত থাকি গ’ল আৰু নতুনকৈ সুমুৱাই দিয়া আপোনাৰ মেম’ৰীটোৰ লগত অভাৰলেপ হ’ল। এইখিনি কথা ক’মাৰ পৰা সাৰ পোৱাৰ দিনাই আপোনাক ক’লে একো বুজি নাপালেহেঁতেন বাবে ডক্টৰজনে আপোনাক সপোন দেখা বুলি কৈছিল।”

“পিছে ক’মাত থাকিলে মানুহে একো গম নাপায় বুলিহে জানো আমি।”

“হয়, গম নাপায় একো। কিন্তু আমি মেচিন লগাই আপোনাৰ মেম’ৰী ৰিভাইভ কৰিবলৈ চেষ্টা কৰি থাকোতে আপোনাৰ ব্ৰেইনটোৱে ক’মাত থকা অৱস্থাতো আগৰ মেমৰী ৰিচাইকল কৰি আছিল। তাৰেই পৃথিৱীৰ মেমৰীখিনি ঘটনা আৰু মংগলৰ অভাৰলেপ হোৱাখিনি সপোন বুলি ভাবি ললে আপুনি। আচলতে সপোন এটাও নাছিল।”

“তাৰমানে মই ৩০ বছৰত মোৰ লগত পৃথিৱীত সঁচাকৈ ঘটি যোৱা ঘটনা খিনিয়েই  মংগলত ক’মাত থাকোতে আকৌ এবাৰ ডিটেইলচ দেখিছো। হয়নে কোৱা।”

“একজেক্টলী।”

“আচ্ছা, সেইবাবেই ক’মাত থাকোতে যিবোৰ দেখি আছিলো সেইবোৰ আগতেও দেখা যেন লাগি আছিল।”

“সেইটোকেই কয় ‘ডেজা ভূ’ বুলি– আগতে কেতিয়াও নঘটা ঘটনা এটা ক’ৰবাত ঘটি যোৱা যেন লগা মনৰ অৱস্থা।”

“আৰু দিবাকৰ বৰুৱা কোন হয়?”

“সেইটো কম্পিউটাৰ প্ৰগ্ৰামিং কেৰেক্টাৰ। ইমেজটো আপোনাক হস্পিতলৰ পৰা ইয়ালৈ লৈ অহা মানুহজনৰ। নামটো আমাৰ সৃষ্টি। তেওঁ আপোনাৰ লগত কথা পাতি থকাৰ দৰে আৰ্টিফিচিয়েল পৰিস্থিতি এটা কম্পিউটাৰে আপোনাৰ মেম’ৰীত লগাই দিছিল আৰু কথা-বতৰাৰ দ্বাৰা পৃথিৱীৰ বিষয়ে আপোনাৰ পৰা ডাটা উলিয়াবলৈ যত্ন কৰা হৈছিল। কিন্তু তেনেকৈ খুব বেছি ডাটা উলিয়াব পৰা নগ’ল। আপুনি পৃথিৱীত থকা ত্ৰিশ বছৰত দিবাকৰ বৰুৱা বুলি কোনো মানুহক লগ পোৱা নাছিল। অন্ততঃ এইজন দিবাকৰ বৰুৱাৰ আপোনাৰ আচল জীৱনত কোনো অস্তিত্বই নাছিল।”

“কিন্তু মই চিপখন গুচোৱা নাছিলোঁ৷” হঠাৎ কিবা এটা মনত পৰাৰ দৰে স্বপ্নীলে কৈ উঠিল।

“কি তাৰমানে?” দৃষ্টিয়ে একো টলকিব নোৱাৰি সুধিলে৷

“বাইকৰ মেগনেটিক চিপ নে কি, সেইখন মই গুচোৱা নাছিলোঁ।”

“আপুনি নহয়, মোৰ পাৰ্টনাৰজনেহে গুচাইছিল।”

“আৰে নহয়, মোৰ মনত পৰিছে লাহে লাহে। তুমিয়েই কৈছিলা চোন তেওঁৰ এক্সিডেন্টৰ আগৰ মেম’ৰীখিনি মোৰ মেম’ৰীৰ লগত অভাৰলেপ হোৱা বুলি।”

“অ, কৈছিলো। আপুনি সেইবাবে সেইখিনি বাৰে বাৰে দেখি আছিল ক’মাত থাকোতে।”

“অ, তাকেই কৈছো। ক’মাত থাকোতেও একো চিপ গুচোৱা ঘটনা দেখা নাছিলোঁ, এতিয়াও মনত পৰা নাই। মোৰ মাত্ৰ মনত পৰিছে যে মই জোৰেৰে ব্ৰেক মাৰি এয়াৰ বাইকখন কন্ট্ৰ’ল কৰিবলৈ চেষ্টা কৰি আছিলোঁ। সেই মুহূৰ্তত তুমি মোক ক্ৰছ কৰি হাতেৰে ৰ’বলৈ ইংগিত দিছিলা। মই বেলেঞ্চ হেৰুৱাই চাইডৰ পোষ্টত খুন্দিয়াই দিছিলোঁ ।”

“তাৰমানে আপুনি…”

“মই একো চিপ গুচোৱা নাই। মানে তোমাৰ বায়’ পাৰ্টনাৰে একো চিপ গুচোৱা নাছিল। মোৰ ভালদৰে মনত পৰিছে এতিয়া। খুন্দিয়াই এক্সিডেন্ট কৰিম বুলি নিজে মেগনোটিক চিপখন গুচোৱাহেঁতেন ব্ৰেক মাৰি কন্ট্ৰ’ল কৰিবলৈ চেষ্টা কৰাৰ সলনি গাৰ জোৰেৰে খুন্দিয়ালোহেঁতেন। মই মুঠেও চিপ গুচোৱা নাছিলোঁ ।”

“তেনেহলে কোনে গুচাইছিল?”

__________________

(অষ্টম খণ্ড)

“কোনে গুচাইছিল মই কি জানো? মুঠতে মেগনেটিক চিপ গুচোৱাটো মোৰ মনত নাই। সেইটো বাদে ঘৰৰ পৰা ওলাই এয়াৰবাইক ষ্টাৰ্ট দিয়াৰ পৰা এক্সিডেন্ট হোৱালৈ সকলো ক্লিয়েৰকৈ মনত আছে মোৰ।” স্বপ্নীলে একে উশাহে কথাখিনি কলে।

মংগলত চকু মেলা দিন ধৰি স্বপ্নীলৰ মূৰত চলি থকা প্ৰশ্নবোৰ দৃষ্টিৰ নিখুঁত বৰ্ণনাই লাহে লাহে কমাই আনিবলৈ ধৰিছিল। তাৰ সপোন দেখাৰ কাৰণবোৰৰ পৰা আৰম্ভ কৰি মেমৰী ট্ৰান্সপ্লান্ট, টাইম ট্ৰেভেল ইত্যাদি সকলোখিনি কথা দৃষ্টিয়ে তাক মাত্ৰ কেইঘন্টামানৰ ভিতৰত অতি সুন্দৰকৈ বুজাই দিছিল। পিছে সৰু-সুৰা ধুমুহাৰ শেষত ডাঙৰ ধুমুহাজাক অহাৰ দৰেকৈ সকলো ৰহস্যৰ ওৰ পৰিবলৈ ধৰাৰ সময়ত নতুন ৰহস্য এটাই দেখা দিলে। দৃষ্টিয়ে অলপ সময় ভাবি লৈ ক’লে,

“বেলেগে আহি ঘৰত সোমাই বাইকৰ চিপ গুচাব নোৱাৰে। গৃহস্থৰ ভইচ আইডেন্টিফাই নোহোৱাকৈ কোনেও মেইন দৰ্জা খুলি ভিতৰত সোমাব নোৱাৰে। আৰু জোৰ কৰি খুলিব গ’লে চাৰিওফালে এলাৰ্ম বাজি যাব।”

“তেনেহলে কোনে গুচালে চিপখন?”

“নাজানো, আৰু মই ভবাও নাই এনেকৈ কোনোবাই গুচাব পাৰিব বুলি। আচলতে ইমানবোৰ চিচি কেমেৰা আৰু সকলোৰে হাতৰ লাইফবেণ্ড বোৰৰ ৰেকৰ্ডিঙত সকলো ধৰা পৰেই। গতিকে মনে মনে কোনোবাই চিপ গুচাই সাৰি যাব নোৱাৰে। চিপখন তেওঁ নিজেই আঁতৰাইছে। সেইখিনি সময়ত মগজুৱে হয়তো সেইখিনি ঘটনা কেপচাৰ কৰিব নোৱাৰিলে বাবে এতিয়া মনত পৰা নাই।”

“তুমি যে কৈছিলা কাৰোবাৰ দুৰ্ঘটনা হলে বা মৃত্যু হলে লাইফ বেণ্ডত ৰেকৰ্ডিং হোৱা ঘটনাখিনি আগৰ পৰা চোৱা হয় বুলি, এইটো দুৰ্ঘটনাত ৰেকৰ্ডিং চোৱা হৈছিল নে?”

“কিয় নহ’ব চোৱা? চিচি কেমেৰা ফুটেজ দেখাইছিলো ন আপোনাক দুপৰীয়া। সেইবাবেই কৈছো ইয়াত বেলেগে মাৰোঁ বুলি কাকো মাৰিব নোৱাৰে। ধৰা পৰিবই। আপুনি নিজেই চাব পাৰে ৰেকৰ্ডিংটো আকৌ এবাৰ। আপুনি পিন্ধি থকা লাইফ বেণ্ডডালেও সকলো ৰেকৰ্ডিং কৰি ষ্ট’ৰ কৰি থয়।”

এইবুলি দৃষ্টিয়ে স্বপ্নীলে পিন্ধি থকা লাইফবেণ্ডডালৰ স্ক্ৰীণত কিবাকিবি চুইচ টিপি দিলে লগে লগে সেইডালৰ পৰা পোহৰ ওলাই টেবুলৰ ওপৰত এটা থ্ৰী ডাইমেনচন ভিডিঅ’ চলিবলৈ ধৰিলে। এইবাৰৰ ভিডিঅ’টো অলপ বেলেগ এংগলৰ পৰা দেখা গ’ল। আগৰবাৰ চিচি কেমেৰাই কেপচাৰ কৰা ভিডিঅ’টোত দেখাৰ দৰে দূৰৈৰ পৰা এয়াৰবাইকখন দেখাৰ সলনি একেবাৰে ওচৰৰ পৰা দেখা গ’ল।

স্বপ্নীলে দেখিলে যে তাৰ বৰ্তমানৰ ব’ডিটোৱে, অৰ্থাৎ দৃষ্টিৰ বায়’ পাৰ্টনাৰজনে ঘৰৰ দৰ্জা খুলি ওলাই আহি এয়াৰ বাইকত বহিছে। তাৰ পিছত তেওঁ বাইকখন ষ্টাৰ্ট কৰি ওপৰলৈ উৰাই নিছে। তাৰ পিছত আকাশেদি উৰি গৈ থাকোতে হঠাৎ চিটিকি তলত পৰি গৈছে আৰু তেতিয়াই আন এখন বাইকেৰে দৃষ্টি তললৈ নামি আহিছে। এই গোটেইখিনি ঘটনা সেইদিনা স্বপ্নীল অহাৰ লগে লগে দৃষ্টিয়ে  দেখুওৱা চিচি কেমেৰাৰ থ্ৰী ডাইমেনচন ভিডিঅ’টোৰ সৈতে একেই আছিল, মাত্ৰ অলপ বেছি ওচৰৰ পৰা দেখা গৈছিল, হাতত পিন্ধি থকা লাইফ বেণ্ডডালৰ ক্ল’জ ৰেকৰ্ডিং হোৱা হেতুকে। কিন্তু তাত চিপ খোলা দেখা যোৱা নাছিল।

“চোৱা, মই কৈছিলো নে? চিপখন তেওঁ  নিজে খোলা নাই। মোৰ মনত আছেতো।” স্বপ্নীলে ভিডিঅ’টোলৈ দেখুৱাই ক’লে। কিন্তু দৃষ্টিয়ে একো প্ৰতিক্ৰিয়া নেদেখুৱাই ভিডিঅ’টো আকৌ এবাৰ ৰিপিট কৰি দি এঠাইত প’জ মাৰি দিলে। তাৰ পিছত ভিডিঅ’টো আঙুলি দুটাৰে ওপৰলৈ দাঙি দি গেৰেজত থৈ দিয়া বাইকখনৰ তলৰ মজিয়াখন দেখুৱালে।

“এইয়া চাওক, বাইকখন তলৰ পিনে। কিবা দেখিছে মজিয়াত?”

“না, খালী মজিয়া।”

“এইবাৰ চাওক।” দৃষ্টিয়ে বাইকখন ওলাই যাবলৈ ধৰোতে সামান্য ফৰৱাৰ্ড কৰি প’জ মাৰি দিলে।

“এইবাৰ চোন মজিয়াত চিপখন পৰি আছে।”

“হমম, গতিকে তেওঁ নিজেই খুলিছে সেইখন।”

“কিন্তু তেওঁ নিজে চিপখন খোলাটো কিয় দেখা নাই আমি?”

“সেইখিনি সময়ত তেওঁ হয়তো কিবা বিচাৰি পকেটত হাত ভৰাইছিল। সেই পাঁচ চেকেণ্ডমানৰ বাবে লাইফবেণ্ডডাল পকেটত সোমাই থকাৰ বাবে ভিডিঅ’টো নেদেখা হৈ গৈছিল। হয়টো সেইখিনি সময়তে তেওঁ চিপখন খুলিলে। আমি দেখা নাই যদিও বেলেগে আহি ইমান সোনকালে চিপ খুলি গুচি যাব নোৱাৰে। কিন্তু নিজে চুইচ টিপি চিপখন ইজেক্ট কৰিবলৈ তিনি চেকেণ্ডৰ বেছি সময় নালাগে। গতিকে নেদেখিলেও অনুমান কৰিব পাৰি যে তেওঁ নিজেই চিপ খুলিছে।”

“তেনেহলে চিপ খেলাটো মোৰ মনত পৰা নাই কিয়?” স্বপ্নীলে মুৰ খজুৱাই কলে।

“কেতিয়াবা হয় তেনেকুৱা । বেলেগ কথা এটা দ’কৈ ভাবি থকাৰ সময়ত কিবা কাম কৰি থাকিলে সেই কামটো মনত নৰয় কেতিয়াবা, কাৰণ মগজুৱে বেলেগ কামত ব্যস্ত হৈ থাকে। চাবচোন, কেতিয়াবা আমি কিবা এটা খুব গুৰুত্বপূৰ্ণ কথা ভাবি নাইবা পঢ়ি থকাৰ সময়ত কফি খাই শেষ কৰি উঠি হঠাৎ ভাব হয় কেতিয়া কফি খাই শেষ কৰিলো বুলি। এইটোও চাগে তেনেকৈ ঘটিল।‌ তাতে এইটো আপোনাৰ মেমৰীৰ লগত অভাৰলেপ হোৱা সৰু ‘টুকুৰা মেমৰী’ এটা। গতিকে আপোনাৰ মনত নাই পৰা বুলিয়েই নঘটা বুলি ডাঠি ক’ব নোৱাৰে।”

“হমম, বুজিছো। কিন্তু তথাপিও…. এহ বাদ দিয়া। মোৰ দৰে আঢ়ৈ হাজাৰ বছৰ আগৰ আউটডেটেড মানুহ এজনে তোমালোকৰ টেকন’লজি বুজিবলৈ সময় লাগিব। মোৰ ইমান ব্ৰেইন নায়েই।”

“না, না, তেনেকুৱা নহয়। ব্ৰেইন সকলোৰে একেই। প্ৰথমবাৰ জুইত খাদ্য সেকি খোৱাৰ পদ্ধতি আৱিষ্কাৰ কৰা আদিম মানুহজনে যিমান ব্ৰেইন খটুৱাইছিল, আমিও সিমানেই খটুৱাও। মাত্ৰ তেওঁ কাৰো সহায় নোলোৱাকৈ জুই আৱিস্কাৰ কৰিছিল আৰু আমি কিতাপ পঢ়ি, আনে আৱিষ্কাৰ কৰা সূত্ৰৰ লগত যোগ দি ডেভলপ কৰি গৈ আছো। মানে, বিজ্ঞানৰ ক্ষেত্ৰত প্ৰতিটো ডেভলপমেন্ট আগৰ ডেভেলপমেন্টৰ লগত ‘এক’ যোগ হোৱা বুলি ধৰি ল’ব লাগিব৷ আপোনালোকৰ সময়ত  হয়তো এশৰ লগত এক যোগ কৰা হৈছিল। আজিৰ সময়ত আমি হাজাৰৰ লগত এক যোগ কৰি বেছি ডেভলপমেন্ট কৰিছোঁ। মুঠতে আমি বেছি ব্ৰেইন থকা এডভান্স মানুহ আৰু আপুনি কম ব্ৰেইন থকা পুৰণি মানুহ বুলি ভবাৰ কোনো যুক্তি নাই। তাতে আপোনাৰ মেম’ৰী আমাৰ দৰে এডভান্স মানুহৰ দেহত লাগি আছে।” দৃষ্টিয়ে হাঁহি এটা মাৰি ক’লে।

“আচ্ছা, হ’ব দিয়া। সকলো বুজিলোঁ। এতিয়া মোক লাষ্ট কথা এটা কোৱা। তোমালোকৰ গৱেষণাৰ বাবে মই কেনেকৈ কামত আহিম এতিয়া?”

“আপোনাৰ মেম’ৰী আমাৰ কামত আহিব। আপুনি আমাক ভালদৰে ভাঙি-পাতি ক’ব লাগিব যে আপুনি পৃথিৱীৰ পৰা অহাৰ আগমূহূৰ্তত কি ঘটিছিল। এনে কি কাৰণ আছিল যাৰ বাবে পৃথিৱী ধ্বংস হৈ গ’ল।”

“হমম ক’ব পাৰিম। সম্পূৰ্ণকৈ নহলেও অলপ অলপ মনত আছে মোৰ। পিছে এতিয়া সেইবোৰ জানি তোমালোকৰ কি লাভ হ’ব?”

“কি লাভ হয় নুসুধিব। কিমানটা লাভ হ’ব সেইটো সোধক। আপোনাক মই তিনিটা কওঁ। প্ৰথম কথা এয়েই যে সৌৰজগতৰ আটাইকেইটা গ্ৰহৰ ভিতৰত অকল পৃথিৱীৰ লগতেই মংগলৰ আটাইতকৈ বেছি সাদৃশ্য আছে। গতিকে পৃথিৱীত হোৱা ঘটনা ইয়াতো ঘটিব পাৰে। আমি পৃথিৱী ধ্বংস হোৱাৰ কাৰণ জানিলে আমাৰ গ্ৰহটোৰ সম্ভাব্য ধ্বংস আগতীয়াকৈ প্ৰতিৰোধ কৰিব পাৰিম।”

“আচ্ছা, বুজিছো।”

“আৰু দ্বিতীয়তে, আমি আকৌ পৃথিৱীখন বাসোপযোগী কৰিব পাৰিম নেকি সেইটোও অনুমান কৰিব পাৰিম।”

“ঠিক আছে বাৰু, বুজিলোঁ। আৰু তৃতীয়টো?”

“তৃতীয়টো কিমান দূৰ সম্ভৱপৰ সেইটো আজিয়েই ক’ব নোৱাৰি। তথাপি, যদি ভৱিষ্যতে আমি টাইম মেচিন এটা সাজি উলিয়াব পাৰো, তেতিয়া হয়টো আমি পৃথিৱীখন ধ্বংস হোৱাৰ কিছু আগলৈ গৈ সেইটো প্ৰতিৰোধ কৰি পৃথিৱীখন বচাব পাৰিম।”

“ঠিক আছে, তেনেহলে কওঁ শুনা, মই পৃথিৱীত থাকোতে কি ঘটিছিল…”

“আজি নালাগে দিয়ক।  আপোনাৰ হয়তো ভাগৰ লাগিছে বহুত। এতিয়া ৰেষ্ট লওক। কাইলৈ ভালদৰে কথা পাতিম এই বিষয়ত।”

__________________

(নৱম খণ্ড)

ৰাতিপুৱা চৰাইৰ মাতত সাৰ পাই স্বপ্নীল উঠি বহিল। সি উঠি গৈ খিৰিকীখন মেলি দিয়াত ৰ’দৰ পোহৰে কোঠালিটো উজলাই তুলিলে। খিড়িকীৰ বাহিৰখন গছ গছনি, ফুল, চৰাই চিৰিকটিয়েদি ভৰি আছিল। মংগলত প্ৰগতিৰ লগতে প্ৰকৃতিৰো সমানেই গুৰুত্ব ৰখা হৈছে বুলি স্বপ্নীলে ভালদৰেই বুজি পালে। আৰু সি উপলব্ধি কৰিলে যে প্ৰকৃতি ধ্বংস কৰি প্ৰগতিশীল হবলৈ চেষ্টা কৰাটোৱেই পৃথিৱীৰ কাল হ’ল।

“গুডমৰ্ণিং, বৰ সোনকালে সাৰ পালে আপুনি” হাতত কফি দুকাপ লৈ দৃষ্টি সোমাই আহিল তাৰ কোঠালিটোলৈ।

“অহ, গুডমৰ্ণিং। পুৱা সোনকালে উঠাটো পুৰণি অভ্যাস মোৰ। আজি পলমহে হ’ল অকণ।” কফি কাপটো হাতত লৈ স্বপ্নীলে উত্তৰ দিলে।

“আজি আপোনাৰ পৃথিৱীৰ কাহিনী শুনাব লাগিব মোক। তাৰ পিছত কিছুমান দৰকাৰী কাম আছে আমাৰ, যিবোৰ আজিয়েই কৰিব লাগিব।”

“ঠিক আছে, ফ্ৰেছ হৈ বহো ন।”

“হমম, মই ব্ৰেকফাষ্ট ৰেডী কৰো।”

ব্ৰেকফাষ্ট কৰাৰ সময়ত স্বপ্নীলে ক’বলৈ ধৰিলে,

“পৃথিৱীত সেইদিনা 2000 চনৰ জানুৱাৰী এক তাৰিখ। সমগ্ৰ বিশ্বই সেই দিনটো উদযাপন কৰি আছিল দুহাজাৰ বছৰৰ সন্ধিক্ষণৰ সাক্ষী হোৱাৰ সুযোগ পোৱা হেতুকে। একেদিনাই নতুন বছৰ, নতুন দশক, নতুন শতিকা আৰু নতুন মিলেনিয়ামত খোজ পেলোৱা প্ৰতিজন মানুহে ভাবিছিল যে নতুন সময়ত মানৱ সভ্যতা আগতকৈ উন্নত হ’ব। কিন্তু তেওঁলোকে নাজানিছিল যে সেই নতুন সময়ে তেওঁলোকৰ বাবে অমানিশাৰ বতৰাহে আনিছিল। দুবছৰ নহওঁতেই মানুহে কালৰ কুটিল হাঁহি শুনিবলৈ পাইছিল যেতিয়া ২০০১ চনৰ ১১ চেপ্তেম্বৰত আমেৰিকাৰ দৰে আগশাৰীৰ দেশ এখনৰ সুউচ্চ ‘ৱৰ্ল্ড ট্ৰেড চেন্টাৰ’ আতংকবাদীৰ আক্ৰমণত ধূলিত মিহলি হৈ গৈছিল। সেয়াই আৰম্ভণি। তাৰ পিছত বহুতো হিংসা-বিদ্বেষৰ ঘটনাই পৃথিৱী জোকাৰি গৈছিল। সেইবোৰ এটা এটাকৈ পিছত ক’ম বাৰু। প্ৰথমে ভবা গৈছিল যে তৃতীয় বিশ্বযুদ্ধ এখন অতি সোনকালেই হ’ব সন্ত্ৰাসবাদৰ বিৰুদ্ধে। কিন্তু লাহে লাহে এনে লাগিবলৈ ধৰিছিল যে তৃতীয় বিশ্বযুদ্ধত দুটাই মাত্ৰ দল নাথাকিব। এইখন যুদ্ধত সকলোৱে সকলোৰে বিৰুদ্ধে নামিব। কুটিল ৰাজনৈতিক সন্ধি, বৰ্ধিত পাৰমাণৱিক শক্তি আদিয়ে দেশবোৰৰ মাজৰ সম্পৰ্ক জটিল কৰাৰ লগতে শোষণ, উৎপীড়ন, নিবনুৱা সমস্যা ইত্যাদিয়ে সাধাৰণ মানুহকো বিদ্ৰোহী কৰি তুলিছিল। একবিংশ শতিকাৰ দ্বিতীয় দশকত বিভিন্ন সোঁচৰা ৰোগে দেখা দিছিল। তাৰ সমান্তৰালভাৱে চুনামিকে আদি কৰি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগেও পৃথিৱীক কোঙা কৰিবলৈ ধৰিছিল। মানুহে বুজি পাইছিল যে তৃতীয় বিশ্বযুদ্ধত মানুহৰ লগত বিভিন্ন ৰোগৰ ভাইৰাছ আৰু প্ৰকৃতিৰ অংশগ্ৰহণো অনিবাৰ্য আছিল। দ্বিতীয় দশকৰ শেষৰ ফালে এক অচিন বেমাৰে দেখা দিছিল। বহুতে ভাবিছিল সেয়াই পৃথিৱীৰ অন্তিম সময় বুলি। কিন্তু মানুহে গম পোৱা নাছিল যে তাতকৈও ভয়ংকৰ বিপদ এটাই পৃথিৱীৰ পিনে ক্ৰমাৎ আগবাঢ়ি আহি আছিল।

“কি আছিল সেইটো?”

“এলিয়েন এটেক।”

দৃষ্টিয়ে আচৰিত হৈ সুধিলে,

“এলিয়েন এটেক? কিনো কয় হে? এলিয়েন ক’ৰ পৰা আহিল আকৌ? আজিৰ তাৰিখলৈ আমিয়েই এলিয়েন বিচাৰি পোৱা নাই, আঢ়ৈ হাজাৰ বছৰ আগত পৃথিৱীলৈ এলিয়েন ক’ৰ পৰা গ’ল? চাৰিশ আলোকবৰ্ষ দূৰৈত গ্ৰহ এটাত এলিয়েন আছে বুলি সন্দেহ কৰা হৈছে বাৰু। কিন্তু তাৰ পৰা আহি এটেক কৰাটো সম্ভৱ নহয়।”

“কিয়?”

“কাৰণ তাৰ পৰা ওলাই ইয়ালৈ আহি পোৱালৈ সিহঁত আদবাটতে মৰি থাকিব। পোহৰ চাৰিশ বছৰত যিমান দূৰ যায়, আন কোনোৱে যাব নোৱাৰে। গতিকে পোহৰৰ সমান স্পিডত আহিলেও চাৰিশ বছৰ লাগিব। যদিহে…” হঠাৎ কিবা এটা ভাবি দৃষ্টি ৰৈ গ’ল।

“যদিহে কি?” স্বপ্নীলে সুধিলে।

“যদিহে টাইম ট্ৰেভেল নকৰে। ৰ’বচোন, এলিয়েনৰ শ্বিপখন দেখিছিল নে আপুনি?

“কিয় নেদেখিম? সৌভাগ্য নে দুৰ্ভাগ্য নাজানো, কিন্তু এলিয়েনৰ স্পেচ শ্বিপখন ওচৰৰ পৰা দেখা পৃথিৱীৰ মাত্ৰ চাৰিজন মানুহৰ ভিতৰত ময়ো এজন।”

“কেনেকুৱা আছিল দেখিবলৈ কওকচোন।”

“ইমান ভালকৈ মনত নাই মোৰ। পৃথিৱীত থাকোতে ঘটা আধামান কথাহে মনত আছে মোৰ। শ্বিপখনৰ চাইজটো আমাৰ পৃথিৱীৰ স্পেচ শ্বিপতকৈ সাত আঠগুণমান ডাঙৰ আছিল। আগটো বেজিৰ দৰে জোঙা আছিল। অকল্পনীয় বেগত পৃথিৱীলৈ নামি আহিছিল সেইখন, যেন স্পেচ শ্বিপ নহয়, মিচাইল হে এটা। দেখিলেই গম পাই সেইখন অত্যাধুনিক এয়াৰক্ৰাফ্ট বুলি। গ্ৰে আৰু ব্লু মিক্স কৰিলে যেনেকুৱা হয় তেনেকুৱা কালাৰৰ আছিল। ৰ’বা, এই চোৱা এনেকুৱা কালাৰৰ।” এইবুলি স্বপ্নীলে তাইক কফি কাপটো দেখুৱালে।

“নাঃ, এইটো গ্ৰেইশ্ব গ্ৰীণ হয়, ব্লু নহয়।”

“অঁ, ৰ’বা, এইটো কালাৰ নহয় ৰ’বা।” এইবুলি স্বপ্নীলে ৰুমটোৰ চাৰিওফালে গ্ৰেইশ্ব ব্লু কালাৰ বিচাৰিবলৈ ধৰিলে। টেবুল এখনৰ ওপৰত সি কবলৈ খোজা ৰঙৰ বস্তু এটা পাই উঠাই আনিলে।

“এইটো কালাৰ চোৱা। একজেক্ট এইটো কালাৰৰ আছিল স্পেচ শ্বিপ খন।”

স্বপ্নীলে টেবুলৰ পৰা অনা পুতলা স্পেচ শ্বিপখন দেখি দৃষ্টিয়ে উচপ খোৱাৰ নিচিনাকৈ ক’লে,

“আপোনাৰ ভুল হোৱা নাইতো? এইটোৱেই কালাৰ।”

“হমম, ৰ’বা ৰ’বা, এইটো কালাৰেই নহয়, এইটোৱেই মডেল। এনেকুৱাই আছিল স্পেচ শ্বিপখন।”

“মই যিটো ভাবিছিলো সেইটোৱেই হ’লগৈ শেষত।”

“কি হ’ল?”

“পৃথিৱীৰ এটেকটো এলিয়েনে কৰা নাছিল, মংগলে কৰিছিল।”

“হে, কি কৈছা? তুমি জানা যদি মোক আগতে কিয় কোৱা নাছিলা?”

“মই নাজানিছিলো, আই মিন মই অনুমানহে কৰিছিলো। সেইটো সম্ভৱ বুলি ভবাই নাছিলো। এই স্পেচ শ্বিপ মংগল গ্ৰহত মাত্ৰ দুখনহে আছে। এইটো মডেল মই স্পেচ চেন্টাৰৰ পৰা আনিছো সজাই থ’বলৈ। আপুনি যদি চিনি পোৱাত ভুল কৰা নাই আৰু যদি মোৰ অনুমান ভুল হোৱা নাই তেনেহলে পৃথিৱীত এটেক মংগলৰ পৰাই কোনোবাই কৰিছিল।”

“তুমি ইপিনে পৃথিৱী বচোৱাৰ বাবে গৱেষণা কৰা বুলি কোৱা, আৰু তোমালোকে গম নোপোৱাকৈ মংগলৰ পৰা পৃথিৱী এটেক হৈ যায় গমেই নোপোৱা।”

“নহয়, মানে এতিয়াও এটেক হোৱা নাই। হ’বহে।”

“কি হ’বহে? পৃথিৱীচোন আঢ়ৈ হাজাৰ বছৰ আগতেই ধ্বংস হৈ গৈছিল। তোমালোকেই কৈছা মোক। এতিয়া আৰু কি হ’বলৈ বাকী আছে?”

“আপুনি বুজা নাই। এটেক আজি, কাইলৈ নাইবা আৰু কেইদিনমান পিছত হ’ব পাৰে।”

“মোক তোমালোকে মিলি মূৰ্খ বনাই আছা।”

“নাই বনোৱা, আপুনি বিশ্বাস কৰক। যদি মোৰ অনুমান ভুল হোৱা নাই তেনেহলে বৰ্তমান সময়ৰ পৰা টাইম ট্ৰেভেল কৰি আঢ়ৈ হাজাৰ বছৰ আগলৈ যাব আৰু এটেক কৰিব।”

“কিয় কৰিব? ধ্বংসচোন হ’লেই। আৰু কি ধ্বংস কৰিব?”

“তেওঁলোকে পৃথিৱীৰ সকলো মানুহ মাৰি নতুনকৈ পৃথিৱী বনোৱাৰ প্লেন কৰিছে। আগৰবাৰ গোটেই পৃথিৱীয়েই ধ্বংস হৈ গৈছিল। এইবাৰ পৃথিৱী ধ্বংস হোৱাৰ আগৰ সময়লৈ গৈ সেই ভুলটো তেওঁলোকে শুধৰাবলৈ খুজিছে। অৰ্থাৎ‌ পৃথিৱী বচাই অকল মানুহখিনি মাৰি আহিবলৈ প্লেন কৰিছে। পিছে তেওঁলোকে হয়তো গম পোৱা নাই যে পৃথিৱী ধ্বংস হোৱাৰ কাৰণ তেওঁলোক নিজেই।”

“তেওঁলোক মানে কোন?”

“দিবাকৰ বৰুৱা বুলি আপোনাৰ মেম’ৰীত প্লান্ট কৰা মানুহজন। তেওঁৰ প্লেন আছিল পৃথিৱীত পুনৰ মানুহৰ বসতি স্থাপন কৰা। কিন্তু তেওঁ পৃথিৱীৰ মানুহ নিঃশেষ কৰি হয়তো মংগলৰ মানুহ তাত স্থাপন কৰিব খুজিছিল। পৃথিৱীতো মংগলৰ দৰে সকলো চিষ্টেমেটিক কৰিব খুজিছিল হয়তো। মংগলত মানুহৰ বসতি ইমান সুবিধা জনক নহয়। টেকন’লজিয়ে ইয়াত জীয়াই ৰাখিছে আমাক। ইয়াৰ পৰিবেশ, জলবায়ু, অক্সিজেন সকলোবোৰ টেকন’লজিৰ সহায়ত সৃষ্টি কৰা হৈছে। কিবা কাৰণত মেচিনে চাপৰ্ট কৰা বন্ধ হৈ গ’লে চব শেষ। সেইবাবে বহুদিনৰ পৰাই মংগলৰ পৰা পৃথিৱীলৈ যোৱাৰ পৰিকল্পনা তেওঁলোকে কৰিয়েই আছিল। কিন্তু ধ্বংস হৈ যোৱা পৃথিৱীখন পুনৰ আগৰ দৰে সাজি ল’বলৈ কষ্ট বহুত হব। তাৰোপৰি, পৃথিৱীৰ খনিজ শক্তিসমুহো হয়তো বিস্ফোৰণত ধ্বংস হৈ গৈছিল। সেইবাবে তেওঁলোকে পৃথিৱী ধ্বংস হোৱা সময়লৈ গৈ পৃথিৱী বচাই অকল মানুহবোৰ মাৰিবলৈ ওলাইছে। আপোনাৰ মেম’ৰীৰ ডাটা ল’বলৈ সেইবাবেই তেওঁলোক  চেষ্টা কৰিছিল। তেওঁলোকে পৃথিৱী বচাবলৈ চেষ্টা কৰা বাবেই ময়ো তেওঁলোকক সহায় কৰি আছিলোঁ। আচল উদ্দেশ্যটো পিছতহে গম পাইছোঁ।”

“যদি তেওঁলোকৰ উদ্দেশ্য সফল হয় তেতিয়া কি হ’ব?”

“তেতিয়া হয়টো পৃথিৱী বাচি যাব। কিন্তু পৃথিৱীৰ সকলো মানুহ নাইকীয়া হৈ যাব। আপোনাৰ অস্তিত্বও নাইকীয়া হৈ যাব হয়তো। আৰু যদি আপোনাৰ অস্তিত্ব থাকেও, তেনেহলে আপুনিও মেচিন হৈ যাব ইহঁতৰ দৰে। পৃথিৱীখনকো ইহঁতে মংগলৰ দৰে মেকানিকেল বনাই পেলাব, যত আপোনাৰ স্বাধীনতা নাথাকিব, প্ৰাইভেচি নাথাকিব।”

“প্ৰাইভেচি আছে বুলি কৈছিলা চোন তুমি, যেতিয়া মই লাইফ বেণ্ডডালত সকলো ৰেকৰ্ডিং হৈ থকা বুলি গম পাই সুধিছিলোঁ।”

“সেইবোৰ এনেই কৈছিলোঁ। প্ৰাইভেচি, ফ্ৰিডম নামত আছে বাৰু। ধৰি লওক আপোনাক প্ৰকাণ্ড বিল্ডিং এটাত তলা মাৰি থৈ কোৱা হৈছে যে আপুনি বিল্ডিংটোৰ ভিতৰৰ যিকোনো ঠাইলৈ যেতিয়াই মন যায় তেতিয়াই যাব পাৰে। সেইটোক যদি আপুনি স্বাধীনতা বুলি কয় তেনেহলে মংগলত স্বাধীনতা আছে বুলিয়েই ক’ব লাগিব। ধৰাহ’ল আপোনাক কোৱা হৈছে যে আপোনাৰ যেতিয়াই মন যায় তেতিয়াই নাকৰ ভিতৰত আঙুলি এটা ভৰাই খজুৱাব পাৰিব, মাত্ৰ খজুওৱাৰ ভিডিঅ’ ৰেকৰ্ডিং এটা ৰাখি থ’ব, যিটো প্ৰয়োজন নহলে কোনেও নাচায়। যদি সেইটোক প্ৰাইভেচি মেইন্টেইন কৰা বুলি ক’ব খোজে তেনেহলে মংগলতো প্ৰাইভেচি আছে। মই বিৰক্ত হৈ গৈছো টেকন’লজিৰ গোলামী কৰি কৰি। মোৰ সৰুৰে পৰা সপোন আছিল পৃথিৱীত বাস কৰাৰ। আৰু আপুনি সহায় কৰিলে সেয়া পূৰণ হ’ব চাগে।”

“কেনেকৈ?”

“আমি আঢ়ৈ হাজাৰ বছৰ আগৰ পৃথিৱীলৈ যাব লাগিব । দিবাকৰ বৰুৱাৰ ভাও ধৰা জনে আগৰ ব্লাষ্ট ৰখাই পৃথিৱী বচাই মানৱ সভ্যতা ধ্বংস কৰিবলৈ বিচাৰিছে। আমি পৃথিৱী ধ্বংস হোৱাৰ ঠিক আগমূহূৰ্তলৈ গৈ তেওঁলোকক আদবাটত ধ্বংস কৰি দিব পাৰিলে পৃথিৱী বাচি যাব।”

“আগৰবাৰ ব্লাষ্ট কোনে কৰিছিল?”

“আগৰবাৰো তেওঁলোকেই কৰিছিল হয়তো টাইম ট্ৰেভেল কৰি। সেইবাৰ মানুহক এটেক কৰোতে পৃথিৱীয়েই ধ্বংস হৈ থাকিল। এতিয়া আঢ়ৈহাজাৰ বছৰ পিছত আকৌ একেই ঘটনাৰ পুনৰাবৃত্তি হ’ব। তেওঁলোকে আকৌ মানুহ ধ্বংস কৰিবলৈ যাওতে আকৌ হয়তো আগৰবাৰৰ দৰেই পৃথিৱী ধ্বংস হব। আৰু আঢ়ৈ হাজাৰ বছৰ পিছত আকৌ পৃথিৱী ধ্বংস হ’ব। মুঠতে অনন্ত কাললৈ ইয়াৰ পুনৰাবৃত্তি ঘটিয়েই থাকিব।”

“আৰু যদি এইবাৰ আগৰবাৰতকৈ বেলেগ কৰে তেতিয়া? যদি এইবাৰ অকল মানুহ মাৰি পৃথিৱীক বচাব পাৰে, তেতিয়া?”

“তেতিয়া টাইমলাইন  সলনি হ’ব। মানে ধৰক এইবাৰ যদি পৃথিৱী বাচি যায় তেনেহলে একেসময়তে দুখন মহাজগতৰ সৃষ্টি হ’ব। এখনত পৃথিৱী সেউজীয়া হৈ থাকিব আনখনত জ্বলি থাকিব। এখনত আপুনি পৃথিৱীত থাকিব আনখনত আপুনি মংগলত থাকিব।”

“ইয়াকে পেৰেলেল ইউনিভাৰ্ছ বুলি নকয় জানো?”

“য়েচ, একজেক্টলী। যদি মই গৈ পৃথিৱীক বচাই থৈ আহো তেতিয়া আপুনি ইয়াৰ পৰা নাইকিয়া হৈ নাযায়। কিন্তু নতুন জগত এখনৰ সৃষ্টি হ’ব য’ত আপুনি কেতিয়াও মংগল গ্ৰহলৈ নাহিব। সমান্তৰালভাৱে দুখন মহাজগত চলি থাকিব এখনে আনখনৰ ওপৰত তিলমানো প্ৰভাৱ নেপেলোৱাকৈ।”

“আচ্ছা বুজিলোঁ বাৰু। আমি অতীতলৈ গৈ কিবা সলনি কৰিলে বৰ্তমান সময়ত একো প্ৰভাৱ নপৰে কিন্তু বেলেগ টাইমলাইনৰ সৃষ্টি হ’ব য’ত ঘটনাবোৰ বেলেগকৈ ঘটিব। পিছে আমি আঢ়ৈ বছৰ আগলৈ উভতি যাম কেনেকৈ? টাইম মেচিন হেনো বনাবই পৰা নাই তোমালোকে?”

“টাইম মেচিনেৰে নাযাওঁ আমি।”

“তেনেহ’লে?”

“আপুনি যেনেকৈ আহিছিল আঢ়ৈ হাজাৰ বছৰ আগৰ পৰা বৰ্তমানলৈ, ঠিক তেনেকৈ যাম, ওলোটা দিশত গতি কৰি। তালৈ গৈ পৃথিৱী এটেক কৰিবলৈ মংগলৰ পৰা যোৱা স্পেচ শ্বিপখন ধ্বংস কৰিব পাৰিলে পৃথিৱীৰ গছ এডালৰো একো ক্ষতি নহ’ব।”

“তেনেকৈ প্লেন কৰি অতীতলৈ যোৱাটো সম্ভৱ জানো?”

“সহজ নহয়, কিন্তু অসম্ভৱো নহয়। মই আৰু মোৰ পাৰ্টনাৰজনে মিলি আপুনি অহাৰ পিছৰ পৰাই গৱেষণা কৰাত লাগি গৈছিলো আপুনি মহাকাশৰ একজেক্টলি কোনটো বিন্দুত আবিৰ্ভাৱ হৈছিল। আপোনাক যিখন যানৰ পৰা উদ্ধাৰ কৰা হৈছিল সেইখনৰ গতিবেগ, ওজন, ট্ৰেভেলিং হিষ্ট্ৰি আদি সকলো পৰীক্ষা কৰি আমি দুয়ো সেই পইন্টটো বিচাৰি উলিয়াইছিলো। এতিয়া আপোনাক যিহেতু সেইটো পইন্টত প্ৰথমবাৰৰ বাবে দেখা পোৱা গৈছিল, গতিকে সেইখিনিতেই অতীত ভৱিষ্যতৰ মাজত সংযোগ স্থাপন হ’ব পৰাকৈ শ্বৰ্টকাট এটাৰ সৃষ্টি হৈছিল। যিদিনা তেওঁৰ এয়াৰ বাইক এক্সিডেন্ট হৈছিল সেইদিনা ৰাতিপুৱা আমি টাইম মেচিন নোহোৱাকৈ অতীতলৈ যোৱাৰ ৰাস্তা উলিয়াইছিলো।”

“অহ, য়েচ এতিয়াহে কথাবোৰ ক্লিয়েৰ হৈছে। তোমালোকে ব্লেক হোল নাইবা ৱাৰ্ম হোল টাইপ কিবা এটা আৱিষ্কাৰ কৰিলা ন।”

“ঠিক তেনেকুৱা নহয়, ব্লেক হোল বা ৱাৰ্ম হোলত সোমালে যিকোনো বস্তুৰ ষ্ট্ৰাকচাৰ খেলিমেলি হৈ যাব।‌ তাত সোমালে আকৌ আগৰ অৱস্থাত ওলাই অহাটো সম্ভৱ নহ’ব হয়তো। আমি আৱিষ্কাৰ কৰা পইন্টটোক আপুনি ‘স্পেচ ফল্ড’ বুলি ক’ব পাৰে। অৰ্থাৎ বহু দূৰৈৰ পইন্ট দুটা ভাঁজ লাগি এঠাইত লগ লাগিছে, কাগজ এখনৰ দুটা বিপৰীত মূৰ ভাঁজ লগাই একেলগ কৰাৰ দৰে। গতিকে আমি এক দুই চেকেণ্ডত আঢ়ৈ হাজাৰ বছৰ আগলৈ যাব পাৰিম সেই শ্বৰ্টকাটটোৰে ”

“অ’কে। হয়তো বুজি পাইছো কিবা অলপ।”

“হমম। সেইদিনা মোৰ বায়’ পাৰ্টনাৰজনে অফিচলৈ গৈ আপোনাৰ ভাৰ্চুৱেল মেমৰীত  দিবাকৰ বৰুৱা হৈ দেখা দিয়া লোকজনৰ লগত নতুন আৱিষ্কাৰ টোৰ বিষয়ে আলোচনা কৰাৰ কথা আছিল। ফোনত কৈছিল শ্বৰ্টকাট পইন্টটো আৱিষ্কাৰ কৰাৰ কথাটো।”

“আৰু তাৰ বাবেই তেওঁ তোমাৰ পাৰ্টনাৰ জনক মাৰিবলৈ তেওঁৰ বাইকৰ পৰা চিপখন গুচাই দিছিল কিবা বুদ্ধিৰে, যাতে  তেওঁ বেলেগক ক’ব নোৱাৰে শ্বৰ্টকাট পইন্টটোৰ কথাটো। বেলেগে গম পালে তেওঁৰ পিছে পিছে গৈ আঢ়ৈ হাজাৰ বছৰ আগত ওলাই তেওঁক বাধা দিব খুজিলে তেওঁৰ উদ্দেশ্য সিদ্ধি নহ’ব বুলি ভাবিছিল চাগে। মই মানুহজনৰ উদ্দেশ্য ঠিক নহয় বুলি আগৰ পৰাই সন্দেহ কৰিছিলো। তেওঁ অকলে গৈ আঢ়ৈ হাজাৰ আগৰ দুৰ্বল টেকন’লজিৰ পৃথিৱী এতিয়াৰ এডভান্স টেকন’লজিৰে ধ্বংস কৰি নিজেই পৃথিৱীৰ ৰজা হ’ব খুজিছিল চাগে। সেইবাবেই মোৰ মেম’ৰীত তেওঁৰ নিজৰ ইমেজ বহুৱাই নিজে ভাৰ্চুৱেল কনভাৰচেচন কৰি সকলো তথ্য গোপনে নিজৰ লগত ৰাখিবলৈ বুধি পাঙিছিল।”

“হয়, তেওঁৰ সেইটোৱেই উদ্দেশ্য আছিল। কিন্তু চিপখন তেওঁ গুচোৱা নাছিল।”

“অহ্‌ নৌ, আকৌ ক’বা তুমি যে চিপখন তোমাৰ পাৰ্টনাৰজনে নিজেই গুচাইছিল। মই সেইটো বিশ্বাস কৰিবলৈ টান পাইছো।”

“নহয়, সেই চিপখন ময়েই গুচাইছিলো।”

দৃষ্টিৰ মুখৰ পৰা ওলোৱা এইশাৰী বাক্যই যেন ৰহস্যৰ নদী এখনৰ পৰা সাঁতুৰি পাৰলৈ আহিব খোজা স্বপ্নীলক ৰহস্যৰ সাগৰত হে পেলাই দিলে। সি অবাক হৈ দৃষ্টিৰ পিনে চাই থাকিল।

___________________

(দশম খণ্ড)

“এয়াৰবাইকৰ চিপ খন ময়েই গুচাইছিলো।” আশ্চৰ্য্যত ডাঙৰ হৈ যোৱা স্বপ্নীলৰ চকুত চকু থৈ দৃষ্টিয়ে ক’বলৈ ধৰিলে।

“পৃথিৱীত এটেক কৰাৰ প্লেনটোৰ মূল নায়ক আছিল মোৰ পাৰ্টনাৰজন, যাৰ দেহত বৰ্তমান আপোনাৰ মেম’ৰী সোমাই আছে। তেওঁৰ প্লেন মতেই তেওঁৰ কলিগজনে দিবাকৰ বৰুৱা নাম লৈ নিজৰ ভাৰ্চুৱেল ইমেজ বনাই আপোনাৰ মেম’ৰীত ট্ৰান্সপ্লান্ট কৰাই আপোনাৰ পৰা তথ্য উলিয়াবলৈ চেষ্টা কৰিছিল। তেওঁলোকক প্ৰয়োজন আছিল পৃথিৱী ধ্বংস হোৱাৰ একজেক্ট টাইম যিটো আপোনাৰ মেমৰীৰ বাহিৰে কতো পোৱাটো সম্ভৱ নাছিল। তেওঁলোকে পৃথিৱী ধ্বংস হোৱাৰ কাৰণটো আপোনাৰ মেমৰীৰ পৰা উলিয়াই লৈ অতীতলৈ গৈ পৃথিৱী বচাই তাৰে মানৱ সভ্যতা সম্পূৰ্ণকৈ মচি পেলাই এডভান্স টেকন’লজিৰে নতুন পৃথিৱী গঢ়াৰ প্লেন কৰিছিল, য’ত মানুহৰ সকলো কাম চিষ্টেমত চলিব, অপৰাধ নাথাকিব, কোনোৱে কাকো ঠগাব নোৱাৰিব, মিছা কথাৰে কাকো অন্যায় কৰিব নোৱাৰিব।”

“ঠিক মংগলৰ দৰে?”

“উমম, হয়তো‌ মংগলতকৈও বেছি এডভান্স বনাবলৈ চেষ্টা কৰিব। কিন্তু মানুহে বনোৱা নীতি নিয়ম প্ৰকৃতিৰ নিয়মৰ আগত খেৰকুটাৰ সমানো নহয়। মংগলত বাস কৰিবলৈ আমাক প্ৰকৃতিয়ে অনুমতি দিয়া নাছিল। আমিহে জোৰ জবৰদস্তি টেকন’লজিৰ চাপোৰ্ট লৈ সকলোবোৰ কৰিছো। কিন্তু কিমান দিনলৈ? প্ৰকৃতিৰ লগত টেকন’লজিয়ে প্ৰথমে যুঁজ দিলেও পিছলৈ হাৰ মানিবই। পৃথিৱীৰ লগত যি হ’ল মংগলৰ লগতো এদিন একেই হব। সেইবাবে পৃথিৱী বচাবলৈ কৰা চেষ্টাত মই তেওঁলোকৰ লগত আছোঁ যদিও পৃথিৱীকো টেকন’লজিৰ গোলাম বনোৱা চেষ্টাত মই তেওঁলোকৰ লগত নাই।”

“হমম সেইটো হয়। পিছে ইমান হাই-ফাই টেকন’লজিৰ চিকিউৰিটি চিষ্টেম থকাৰ পিছতো তুমি কেনেকৈ ধৰা নপৰাকৈ এয়াৰবাইকৰ মেগনেটিক চিপখন উলিয়ালা?”

“টেকন’লজিৰ ব্যৱহাৰ কৰি।”

“মানে?”

“মানে এইটোৱেই যে টেকন’লজিয়ে টেকন’লজিক হৰুৱাব পাৰে। মই দেখাওঁ ৰ’ব আপোনাক।”

এইবুলি দৃষ্টিয়ে পকেটৰ পৰা ৰিম’ট এটা উলিয়াই চুইচ দুটামান দবাই দিলে। আধা মিনিট মানৰ পিছত স্বপ্নীলে দেখিলে যে টেবুলত থকা চামুচ এখন নিজে নিজে ওপৰলৈ উঠি শূণ্যতে ঘূৰিবলৈ ধৰিছে।

“এইটো আকৌ কি যাদু কৰিছা?”

“যাদু নহয়, টেকন’লজি। মই ‘ৰবটিকচ স্পেচিয়েলিষ্ট’ হয়৷ চামুচখন মই বনোৱা তিনি ইঞ্চিমান ডাঙৰ ৰবট এটাই দাঙি নিছে।”

“তেনেহলে মই ৰবট চবট একো দেখা নাই কিয়?”

“কাৰণ সেইটো ইনভিজিবল ৰবট।”

“আৰে, এইটো আকৌ কেনেকৈ সম্ভৱ?”

“একেবাৰে সহজ। গোটেই ৰবটটো মই এবিধ বিশেষ ধাতুৰে বনাইছো। আমি বস্তু দেখা পাওঁ পোহৰৰ ৰিফ্লেকচনৰ বাবে। ৰিফ্লেকচন যিমানে কমিব সিমানে বস্তু এটা অস্পষ্ট হ’ব। কাঁচৰ লগত বেলেগ বেলেগ কেমিকেল মিহলাই পৰীক্ষা কৰি মই এনেকুৱা এবিধ ধাতু সাজি উলিয়াইছো যিয়ে মাত্ৰ এক শতাংশ পোহৰ ৰিফ্লেক্ট কৰে। আৰু সেই এক শতাংশৰ বাবে মোৰ ৰবটটো সম্পূৰ্ণ ইনভিজিবল নহয় যদিও খালী চকুৰে সহজে দেখা নাযায়। ভালদৰে চাওকচোন চামুচখনৰ আশে পাশে।”

“স্বপ্নীলে ঠিয় হৈ ভালদৰে চাই অস্পষ্টকৈ দেখিলে যে চামুচখনৰ কাষত অতি ক্ষুদ্ৰ আকৃতিৰ ৰবট এটা উৰি আছে। ৰবটটোৱে হাতৰ দৰে দেখিবলৈ লিভাৰ দুডালেৰে চামুচখন ধৰি পাংখা এখনৰ সহায়ত বতাহত ওপঙি আছে।”

“ভালদৰে নাচালে এইটো ৰবট দেখা পোৱা নাযায়। চিচি কেমেৰাটো ই সহজে ধৰা নপৰে। ইয়াক প্ৰগ্ৰেমিং কৰি চিপখন উলিয়াবলৈ লগাই দিছিলো এনেকুৱা এটা টাইমত যাতে কেমেৰাৰ এংগলৰ পৰাও বাচিব পাৰে আৰু কাৰো সন্দেহো নহয়।”

“তুমি নিজেই তোমাৰ পাৰ্টনাৰজনৰ এক্সিডেন্ট কৰোৱাই মোৰ আগত যোৱাকালি ভাল এক্টিং কৰিলা তেওঁৰ বাবে দুখ কৰা দেখুৱাই।”

“নহয়, মই এক্টিং নাই কৰা। দুখ মোৰ সঁচাকৈ লাগিছিল তেওঁক হেৰুৱাই। তেওঁ বেয়া মানুহ নাছিল, কিন্তু সিদ্ধান্ত ভুল আছিল। অপৰাধ, ঠগবাজি, হত্যা, লুন্ঠন, শোষণ আদিৰে ভৰা পৃথিৱীখনক নতুনকৈ সজোৱাতো একপক্ষীয় ভাবে ভাল কাম যেন লাগিলেও তাৰ বাবে ইমান মানুহৰ বলিদান দিয়াটো মানি ল’ব নোৱাৰি। মোৰ হাতত বেলেগ উপায়‌ নাছিল। তথাপি মই তেওঁৰ পিছে পিছে গৈছিলো যাতে সময়মতে তেওঁক হস্পিতাললৈ নি জীৱনটো বচাব পাৰোঁ। মাত্ৰ তেওঁৰ মেম’ৰীৰ পৰা সেই ভয়ংকৰ আইডিয়াটো গুচাব বিচাৰিছিলোঁ । তেওঁ হেলমেটটো সদায় আধা খুলি লৈ এয়াৰবাইক চলায় বাবে মই জানিছিলো যে এক্সিডেন্টত তেওঁৰ মেম’ৰী উৰি যাব, আৰু মই আগৰ মানুহজন ঘূৰাই পাম। কিন্তু তেওঁৰ মেম’ৰীৰ পৰা মোৰ বিষয়ে থকা ধাৰণাও মচা গৈছিল। তাৰ পিছত আপোনাৰ মেমৰীটো তেওঁৰ শৰীৰত লগোৱাৰ সিদ্ধান্ত লোৱা হ’ল। মোৰ দায়িত্ব আছিল আপোনাৰ পৰা পৃথিৱীৰ বিষয়ে যিমান পাৰো সিমান ইনফৰ্মেচন উলিওৱা।”

“এতিয়া কি কৰিম আমি?”

“যদি মোৰ ওপৰত বিশ্বাস আছে তেনেহলে মোক পৃথিৱী ধ্বংস হোৱাৰ আগমুহূৰ্তৰ সকলো কথা ভাঙি-পাতি কওক। আপুনি আৰু মই মিলি পৃথিৱী ধ্বংস হোৱাৰ পৰা বচাব পাৰিম। আৰু যদি সন্দেহ আছে তেনেহলে নক’ব একো।”

“সন্দেহ কৰি জানো কিবা লাভ আছে? বিশ্বাস কৰিলে ফিফটি ফিফটি চান্স আছে। কওঁ শুনা, এলিয়েনে এটেক কৰাৰ দিনা আছিল দেওবাৰ, ডিচেম্বৰৰ…

“না না, চুপ, ইয়াত একো নক’বা।”

“দৃষ্টিয়ে স্বপ্নীলৰ ওঠত তাইৰ আঙুলিটো লগাই দিলে। সেই মুহূৰ্তত স্বপ্নীলৰ দেহৰ মাজেৰে শিহৰণ এটা পাৰ হৈ যোৱাতকৈও ক্ষীপ্ৰতাৰে দৃষ্টিয়ে তাক হাতত ধৰি বাহিৰৰ গেৰেজটোলৈ টানি লৈ গল। ৱালৰ পৰা চেল্ফ এখন ওলাই আহিল আৰু তাৰ পৰা ‘এয়াৰ কাৰ’ এখন নামি আহিল। ড্ৰাইভিঙত দৃষ্টি বহিল আৰু কাষত স্বপ্নীলক একপ্ৰকাৰ টানি বহুৱাই দি তীব্ৰ গতিৰে তাৰ পৰা উৰা মাৰিলে।”

হঠাৎ কি হ’ল? কলৈ যাম আমি এতিয়া?”

“পৃথিৱীলৈ যাম, আঢ়ৈ হাজাৰ বছৰ আগৰ পৃথিৱীলৈ। ইয়ালৈ যিকোনো মুহূৰ্তত আমাক সেই দিবাকৰ বুঢ়াৰ মানুহে বিচাৰি আহিব পাৰে।”

“এইখনেৰে যাম নেকি?”

“ধেই নহয়, মংগলৰ সকলোতকৈ এডভান্স স্পেচশ্বিপখন চুৰ কৰি নিম।”

“আৰু মংগলত চুৰ কৰি ধৰা পৰিলে শাস্তি কি হ’ব সেইটোও ক’বা নে?” স্বপ্নীলে ধেমালিৰ সুৰত সুধিলো।”

“হাঃহাঃ, ধৰা নপৰোঁ, চিন্তা নকৰিবা। মোৰ ওপৰত বিশ্বাস ৰাখা।”

দৃষ্টিয়ে খিলখিলাই হাঁহি দিলে। আধা বুজা আধা নুবুজা অৱস্থাৰ মাজতো স্বপ্নীলৰ ওঁঠেদি হাঁহি এটা বাগৰি গ’ল। আৰু লগতে এইটোও সি মন নকৰাকৈ নাথাকিল যে দৃষ্টিয়ে তাক আপুনি বুলিবলৈ এৰি তুমি বুলিবলৈ লৈছে।

“আমাৰ ঘৰত আমাৰ সকলো কথা মনিটৰ কৰি থকা হৈছিল। তাত ডিটেইলচ কৈ দিলে তেওঁলোকৰ সুবিধা হব। এনেও তেওঁলোকে যিমান পাৰে ডাটা লৈছেই তোমাৰ মেম’ৰীৰ পৰা। এতিয়া কোৱা পৃথিৱীৰ ধ্বংস হোৱাৰ আগ মুহূৰ্তত কি হৈছিল।”

স্বপ্নীলে অলপ সময় তাইৰ মুখৰ পিনে চাই থাকিল। তাইৰ বুদ্ধিমত্তাই তাক মন্ত্ৰমুগ্ধ কৰি পেলাইছিল।

“অহ চ’ৰি, মই তুমি তুমিকৈ আৰম্ভ কৰি দিলো আপোনাক নোসোধাকৈয়ে। বেয়া নাপাব। মই নভবাকৈয়ে ওলাই গ’ল…”

“না, ইটচ পাৰফেক্টলি অ’কে। নামকাঢ়ি মাতিব পাৰা মোক।”

“থেংকচ, এতিয়া ডিটেইলচ কোৱা যিমান পাৰা সিমান চমুকৈ। দৰকাৰী কথা এটাও বাদ নপৰে যাতে।”

“আচ্ছা শুনা, যিদিনা এলিয়েন এটেক হোৱা বুলি আমাৰ মহাকাশ বিজ্ঞানীয়ে গম পাইছিল তেতিয়ালৈ আচলতে বহুত দেৰিয়েই হৈ গৈছিল। মাজনিশা চেটেলাইটে খবৰ পঠিয়াইছিল যে এখন স্পেচ শ্বিপ আমাৰ ফালে আহি আছে যিখন পৃথিৱীত তৈয়াৰ কৰা নহয়। সেই সময়ত আমাৰ এটাই চিন্তা মনলৈ আহিছিল- এলিয়েন এটেক। স্পেচ শ্বিপখন উৰি আহি থকা দিশ নিৰ্ণয় কৰি আমাৰ বিজ্ঞানীয়ে অনুমান কৰিলে যে সেইখনে চাৰিঘন্টাৰ ভিতৰত দিল্লীৰ আকাশত দেখা দিব। লগে লগে গোটেই পৃথিৱীৰ মহাকাশ বিজ্ঞানীৰ চকুৰ টোপনি নোহোৱা হৈ গ’ল। বহুত চেষ্টা কৰিও তেওঁলোকে সেই মহাকাশযানখনৰ উদ্দেশ্য গম নাপালে।”

“চিগনেল পঠিওৱা নাছিল নেকি?”

“পঠিয়াইছিল, কিন্তু কোনো ৰিপ্লাই অহা নাছিল। সেইবাবে শ্বিপখনৰ ভিতৰত থকা এলিয়েনবোৰে শত্ৰু হিচাপে নে মিত্ৰ হিচাপে আহিছিল সেইটো গম পোৱা হোৱা নাছিল। তেতিয়ালৈ পৃথিৱীৰ প্ৰায় ভাগ দেশেই নিউক্লিয়েৰ শক্তিৰ ক্ষেত্ৰত যথেষ্ট ডেভেলপ কৰিছিল। বিভিন্ন দেশৰ বিজ্ঞানীসকলে মুহূৰ্ততে আলোচনা কৰি এইটো সিদ্ধান্তলৈ আহিল যে যদি চিগনেলৰ কোনো ৰিপ্লাই নাহে তেনেহলে স্পেচশ্বিপ খনৰ মতলব বেয়া বুলি ধৰি ল’ব লাগিব। তেনেস্থলত মহাকাশতে তাক ধ্বংস কৰি দিয়াৰ বাহিৰে আন উপায় নাছিল।”

“আচ্ছা, মতলব বেয়াই আছিল দিয়া সিহঁতৰ।  আমাৰ মংগলৰ পৰা যোৱা এয়াৰক্ৰাফ্টখনেই আছিল। তোমাৰ দিবাকৰ বৰুৱা আৰু টিম আছিল সেইখনত। তুমি আমাৰ ঘৰত দেখুৱা মডেলটোৱেই আছিল ন?”

“অ, সেইখনেই। মোৰ ভালদৰে মনত আছে। ওচৰৰ পৰা দেখিছিলো মই।”

“ওচৰৰ পৰা কেনেকৈ দেখিলা? পাইলট টো নাছিলা তুমি পৃথিৱীত থাকোতে। তোমাৰ মেম’ৰী ৰিডিং কৰোতে তোমাক কম্পিউটাৰ স্পেচিয়েলিষ্ট বুলিহে পাইছিলো আমি।”

“অ, শুনি যোৱা চোন। কৈ‌ আছো। মই সেই সময়ত দিল্লীৰ স্পেচ ৰিচাৰ্চ চেন্টাৰত আছিলো, য’ত মই কম্পিউটাৰত চেটেলাইট চিগনেল ৰিচিভ কৰা কাম কৰিছিলোঁ। মাজনিশা হোৱা বাবে মানুহ কম আছিল। আৰু কোনো চিগনেল নোহোৱাকৈ হঠাৎ এলিয়েন আহিব বুলি আমি সাজুও নাছিলো। এনেধৰণৰ তথ্য আচলতে বহুত আগতেই চেটেলাইটে ধৰা পেলাব পাৰে। এতিয়াহে বুজিছোঁ কথাটো। ভৱিষ্যতৰ পৰা যোৱা বাবে চেটেেলাইটে তৰ্কিবই নোৱাৰিলে। আমাৰ টাইমলাইনত কেইঘন্টামান আগত সেইখনৰ অস্তিত্বই নাছিল। তথাপি আমি ক্ষীপ্ৰ গতিত স্পেচ ৰিচাৰ্চ চেন্টাৰৰ ফিল্ডত দহটা হাই পাৱাৰফুল নিউক্লিয়েৰ মিচাইল সাজু কৰালোঁ। তাৰ পিছত এটা মিচাইল ৰকেটত লোড কৰি দি আমি সেই এলিয়েন শ্বিপখনৰ দিশত পঠিয়াই দিলো। উদ্দেশ্য আছিল পৃথিৱীৰ অনিষ্ট হ’ব নোৱাৰা দূৰত্বত বিষ্ফোৰণ ঘটাই এলিয়েন শ্বিপখন ধ্বংস কৰি দিয়া। সেই মিচাইলটো ইমানেই শক্তিশালী আছিল যে জাপান কোৰিয়াৰ দৰে সৰু-সুৰা দেশ অকলেই চিন-চাব নাইকিয়া কৰি দিব পাৰিলেহেঁতেন। কিন্তু মহাকাশত ফুটালে পৃথিৱীৰ বিশেষ একো অনিষ্ট নহয় বুলি আমি নিশ্চিত আছিলো।”

“হমম, বুজিছোঁ। কিন্তু মংগলৰ স্পেচশ্বিপখনৰ তুলনাত সেইটো পুতলা বম্বৰ নিচিনা হে হ’ব। আচ্ছা, কৈ যোৱা।”

“অ শুনা, কিমান দূৰত ব্লাষ্ট হ’লে পৃথিৱীৰ একো অনিষ্ট নহব সেইটো আমি হিচাপ কৰিয়েই ৰকেটটো পঠিয়াইছিলো। পিছে আমাৰ হিচাপত খেলিমেলি লাগিল যেতিয়া হঠাৎ আমাৰ নিজৰে নিউক্লিয়েৰ কঢ়িওৱা ৰকেটখন প্ৰচণ্ড স্পিডত ওলোটা দিশত পৃথিৱীলৈ উভতি আহিবলৈ ধৰিলে। ৰকেটখন ওলোটাকৈ কিয় আহিল আমি তৰ্কিব পৰাৰ আগতেই তাৰ ঠিক পিছে পিছে আহি থকা এলিয়েনৰ যানখনো আমাৰ কম্পিউটাৰত থকা দেখা গ’ল। এলিয়েনৰ শ্বিপখনে হঠাৎ দুগুণ স্পিড বঢ়াই আমাৰ হিচাপ খেলিমেলি লগাই দিছিল। ৰকেটৰ পৰা নিউক্লিয়েৰ মিচাইলটো ওলাই গৈ ফুটিবলৈ তেতিয়াও আধা ঘন্টা বাকী আছিল আৰু সেই আধাঘন্টাত ৰকেটটোৱে পৃথিৱী আহি পাব বুলিও আমি গম পালো। আমি লগে লগে চিগনেল পঠিয়াই টাইমাৰ কেনচেল কৰি সেই মুহূৰ্ততে মিচাইলটো ফুটাবলৈ চেষ্টা কৰিছিলো। কিন্তু আমাৰ চিগনেলবোৰ আদবাটতে কাটি যাবলৈ ধৰিলে। তেনেস্থলত এখন স্পেচ শ্বিপ লৈ ৰকেটটোৰ অলপ ওচৰলৈ গৈ আকৌ‌ টাইমাৰ সলাই তীব্ৰবেগে আতৰি অহাৰ বাদে আমাৰ গত্যন্তৰ নাছিল। ইতিমধ্যেই সাজু কৰি ৰখা এখন স্পেচশ্বিপত বহি লগে লগে মহাকাশলৈ উৰা মাৰিলো আমি চাৰিজন মানুহ।”

“তোমাৰ আকৌ স্পেচশ্বিপত কি কাম আছিল?”

“কাম নাছিল একো। মই নাজানিছিলোও মহাকাশৰ আওভাও। মই আছিলো কম্পিউটাৰৰ সহায়ত মাটিৰ পৰা চেটেলাইটৰ চিগনেল কালেক্ট কৰা মানুহ। কিন্তু মাজৰাতি প্ৰফেচনেল স্পেচ টেকনিচিয়ান আহি পোৱালৈ ৰোৱাৰ সময় নাছিল আমাৰ হাতত। মই সিদিনা নাইট শ্বিফ্ট সামৰি ঘৰলৈ যাবলৈ ওলাওঁতে ঘটনাটো ঘটিছিল। পাঁচ মিনিটৰ ভিতৰত মোক ৰকেট আৰু মিচাইলৰ চিগনেলৰ বিষয়ে বুজাই দিয়া হ’ল আৰু সেইখিনিৰ লগত চেটেলাইটৰ চিগনেলৰ ওপৰত থকা মোৰ নিজা অভিজ্ঞতাখিনি যোগ কৰি মৰণত শৰণ দি স্পেচ শ্বিপত বহিলো। মই উঠা যানখনৰ পাইলটজনে তীব্ৰ বেগত গৈ মিচাইল কঢ়িওৱা ৰকেটখনৰ ভিজিবল ৰেঞ্জলৈ লৈ গ’ল আৰু মোক ৰেডিঅ’ চিগনেল পঠিয়াই মিচাইলটো এক্টিভ কৰি দিবলৈ কলে। মই প্ৰেকটিকেলি কেতিয়াও নিউক্লিয়েৰ মিচাইল এক্টিভেট কৰি পোৱা নাছিলো যদিও টেকনিকেল জ্ঞান খিনি আছিল। কিন্তু দুবাৰ তিনিবাৰ চেষ্টা কৰিও মই তাক কানেক্ট কৰিব নোৱাৰিলোঁ। আধামান লোডিং হয় আকৌ বন্ধ হৈ যায়। ইতিমধ্যে আমাৰ নিজৰে নিউক্লিয়াৰ মিচাইলটো বুমেৰাং হৈ আমাকেই ধ্বংস কৰিবলৈ আহি পাওঁ পাওঁ অৱস্থা। আমাৰ মিচাইল কঢ়িওৱা ৰকেটখন ইতিমধ্যেই পৃথিৱীৰ ফালে আগবাঢ়ি বিপদসীমা পাৰ হোৱাৰ উপক্ৰম হৈছিল। আৰু পাঁচ মিনিটমান পলম কৰিলে ৰকেটটোৱে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিলেহেঁতেন আৰু তাৰ পিছত ভাৰতৰ উত্তৰ ভাগ মেপৰ পৰা নাইকিয়া হৈ গ’লহেঁতেন। আমি ভাবিলোঁ যে যদি সেই মূহূৰ্তত মিচাইলটো ব্লাষ্ট কৰিব পৰা যায় তেনেহলে পৃথিৱী বাচি যাব। লগতে নিউক্লিয়েৰ শ্বিপখনৰ পিছে পিছে দৈ থকা এলিয়েন শ্বিপখনো ধ্বংস হৈ যাব। নিজৰ জীৱনক তুচ্ছজ্ঞান কৰি পৃথিৱী বচাবলৈ মূহূৰ্ততে সিদ্ধান্ত লৈ  আকৌ এবাৰ ৰেডিঅ’ চিগনেল এক্টিভেট কৰি এন্টাৰ মাৰি দিলো। আৰু লগে লগে ‘বু….ম’। আধা চেকেণ্ডৰ বাবে ভাবিলোঁ যে পৃথিৱী বাচি গ’ল। কিন্তু তাৰ পিছত যি দেখিলো সেয়া আছিল অবিশ্বাস্য ।”

“কি অবিশ্বাস্য দেখিলা? এটেক কৰা শ্বিপখনক তোমালোকৰ মিচাইলে একো অনিষ্ট কৰিব নোৱাৰিলে ন? সেইখন মংগলৰ সবাতোকৈ আধুনিক স্পেচশ্বিপ। মই কৈছিলো ন, তোমালোকৰ নিউক্লিয়েৰ মিচাইল সেইখনৰ বাবে সৰু লৰা ছোৱালীৰ খেল।”

“না, সেইটো আমি গম নাপালোঁ। মিচাইলটো ব্লাষ্ট হোৱাৰ সময়ত আমি ভালেখিনি দূৰত আছিলোঁ। ব্লাষ্ট হোৱা ঠাইৰ পৰা এলিয়েন শ্বিপখন ওলাই যোৱা আমি নেদেখিলোঁ। কিন্তু যিখিনি ঠাইত প্ৰথম ব্লাষ্টটো হৈছিল ঠিক সেইখিনি ঠাইলৈ আধামিনিটমানৰ ভিতৰত  পৃথিৱীৰ পৰা আৰু বহুকেইটা নিউক্লিয়াৰ মিচাইল ওলাই আহি একে সময়তে খুন্দিয়ালে। প্ৰথম বিস্ফোৰণটোৱে পৃথিৱী চুই গ’লহেঁতেন মাত্ৰ। কিন্তু পিছত একেলগে এসোপামান মিচাইল ফুটি যোৱাই কল্পনা কৰিব নোৱাৰা ধৰণৰ বিস্ফোৰণ হ’ল। সেই ভয়াবহ বিস্ফোৰণটোৰ পৰা ওলোৱা পোহৰে আমাৰ চকু অন্ধ কৰি পেলালে আৰু তাৰ ঠিক পিছ মূহূৰ্তত আমাৰ স্পেচশ্বিপখন এক অসম্ভৱ স্পিডত চিটিকি যোৱা অনুভৱ কৰিলো আমি। কিমান স্পিড মই বুজাব নোৱাৰিম। সেইটো স্পিড পৃথিৱীৰ কোনো যন্ত্ৰই হয়তো জুখিব নোৱাৰিলেহেঁতেন। আৰু তাৰ পিছত অনুভৱ কৰিলো চাৰিওফালে যেন মাথো শূন্যতা। কোনো শব্দ নাই, পোহৰ নাই, গৰম নাই, ঠাণ্ডা নাই, দেহৰ ওজন নাই, ভাগৰ, অৱসাদ, সুখ, বিষাদ একোৱেই নাই। আছে মাথো এক অদ্ভুত অনুভৱ।  যেতিয়া চকু মেলিলো তেতিয়া নিজকে মংগল গ্ৰহৰ হস্পিতালত আৱিস্কাৰ কৰিলো।”

“বুজিছোঁ। একেলগে ইমানকেইটা মিচাইল একেলগে একেঠাইতে খুন্দিয়াই দিয়াৰ ফলত হোৱা প্ৰচণ্ড বিস্ফোৰণটোৱে তোমালোকৰ শ্বিপখনক অকল্পনীয় স্পিডত ঠেলি দিলে আৰু সেই স্পিডৰ বাবেই হয়তো তোমালোকে ভৱিষ্যতলৈ শ্বৰ্টকাট মাৰি দিলা। কিন্তু বিস্ফোৰণটোৰ বাবে তোমালোকো দায়ী। একেলগে ইমানবোৰ শক্তিশালী নিউক্লিয়েৰ মিচাইলে পৃথিৱী ধ্বংস কৰি দিব বুলি জানিব লাগিছিল।‌”

“সেইবোৰ মই কি জানো? আমি এলিয়েন শ্বিপখন, অৰ্থাৎ মংগলৰ শ্বিপখনক ব্লাষ্ট কৰি দিছিলোৱেই। কিন্তু পৃথিৱীত থকা সকলে হয়তো আমি ফেইল হোৱা বুলি ভাবি ল’লে আৰু বেছিকৈ মিচাইল মাৰি পঠিয়ালে।”

“তোমাৰ দোষ বুলি কোৱা নাই অ’, তোমালোকৰ পৃথিৱীৰ মানুহৰ দোষ বুলি কৈছোঁ। অৱশ্যে আন একো উপায়ো নাছিল হয়তো।”

“এতিয়া আমি কি কৰিম কোৱা?”

“আমি যদি মংগলৰ পৰা যোৱা দিবাকৰ বৰুৱাৰ স্পেচশ্বিপ খনৰ লগত একে সময়ত ওলাব পাৰোগৈ তেনেহলে সেইখন পৃথিৱীৰ ওচৰ পোৱাৰ আগতেই ধ্বংস কৰি পেলাম। তেতিয়া পৃথিৱীৰ পৰা নিউক্লিয়েৰ মিচাইল পঠিওৱাৰো কোনো কাৰণ নাথাকিব আৰু পৃথিৱীও বাচি যাব। কিন্তু সেইখন স্পেচ শ্বিপ ধ্বংস কৰিব পৰা ক্ষমতা মাত্ৰ এখন স্পেচশ্বিপৰেই আছে। সেইখনৰ সমান পাৱাৰফুল একে ডিজাইনৰ আন এখন স্পেচ শ্বিপ, যিখন এতিয়াও স্পেচ চেন্টাৰতেই আছে। সেইখন আমি চুৰ কৰিম এতিয়া।”

“কথাখিনি কৈয়েই দৃষ্টিয়ে ‘এয়াৰ কাৰ’ খন আকাশৰ পৰা তড়িৎ গতিত নমাই আনিলে। তললৈ চাই স্বপ্নীলে দেখিলে মংগল গ্ৰহৰ স্পেচ কমিউনিকেচন চেন্টাৰটো।”

“এতিয়া স্পেচ শ্বিপখন কেনেকৈ চুৰ কৰিবা?”

“চাই থাকা।” এইবুলি দৃষ্টিয়ে পকেটৰ পৰা ৰিম’টটো উলিয়াই চুইচ দবাই দিলে।

__________________

(একাদশ/অন্তিম খণ্ড)

ৰিম’টৰ চুইচ টিপাৰ লগে লগে এয়াৰ কাৰখনৰ পৰা কেইটামান ইনভিজিবল ৰবট ওলাই গ’ল, যিকেইটা পুৱা দৃষ্টিয়ে স্বপ্নীলক দেখুৱাইছিল। অলপ সময় পিছত ৰবট এটাই সৰু চিপ এখন কঢ়িয়াই আনিলে। দৃষ্টিয়ে চিপখন তাইৰ লাইফ বেণ্ডডালত প্লাগ কৰি দিয়াৰ লগে লগে স্পেচ চেন্টাৰটোৰ ওপৰৰ প্ৰকাণ্ড দৰ্জা এখন খোলা গল আৰু বিশালাকাৰৰ স্পেচ শ্বিপ এখন ওলাই আহিল।

“এইখন এতিয়া মোৰ আদেশত চলিব।” এইবুলি দৃষ্টিয়ে সিহঁতৰ এয়াৰ কাৰখন স্পেচ শ্বিপৰ ভিতৰত সুমুৱাই দিলে আৰু নিজে কন্ট্ৰল চিটত বহি মহাকাশলৈ উৰা মাৰিলে।

“ইমান সহজ এইখন চুৰ কৰাটো?”

“হাঃহাঃ ইমানো নহয়। আনঅথৰাইজড এক্টিভিটি ডিটেক্ট হোৱাৰ লগে লগে স্পেচ চেন্টাৰৰ পৰা অটোমেটিক ট্ৰেংকুলাইজাৰ মিচাইল আহি শ্বিপখন নিস্ক্ৰিয় কৰি পেলালেহেঁতেন। কিন্তু মোৰ টিকলা ৰবট পোৱালিকেইটাই চিচি কেমেৰাৰ চকুত ধূলি দি সিহঁতৰ চিষ্টেম হেক কৰি পেলাইছে।”

“হমম, বুজিলোঁ ।”

“কি বুজিলা?”

“টেকন’লজিক হৰুৱাবলৈ টেকন’লজি।”

“য়েচ, এতিয়া ব’লা, ইতিহাস সলাওঁগৈ।”

দৃষ্টিয়ে শ্বিপখনৰ গতি বঢ়াই দিলে। কেইচেকেণ্ডমানৰ ভিতৰতে স্পেচশ্বিপখন মংগলগ্ৰহৰ পৰা ইমান দূৰলৈ গুচি গ’ল যে সিহঁতে গ্ৰহটো বিন্দু এটাৰ সমান দেখা পালে।

“এতিয়া আমি এইখন স্পেচ শ্বিপৰ স্পীড তুমি পৃথিৱীৰ পৰা ইয়ালৈ অহাখনৰ সমান কৰি লৈছোঁ। আৰু অলপ সময়ৰ পিছত আমি সেই পইন্টটো পাম য’ত তোমালোকে অহা শ্বিপখন প্ৰথমবাৰৰ বাবে দেখা গৈছিল। সেই পইন্টটোৰে সোমাব পাৰিলে আমি আঢ়ৈ হাজাৰ বছৰ অতীতলৈ যাব পাৰিম। ঠিক সেইখিনি সময়লৈ যেতিয়া তোমালোক তাত নোহোৱা হৈ ইয়াত আহি ওলাইছিলা।”

“কিন্তু তেতিয়ালৈ ব্লাষ্ট হৈয়েই যাব চোন? আমি গৈ কি লাভ হ’ব?”

“একজেক্টলি, সেইবাবে আমি শ্বৰ্টকাট পইন্টত সোমোৱাৰ লগে লগে সামান্য স্পীড বঢ়াই দিম যাতে আমি ব্লাষ্ট হোৱাৰ কিছু সময় আগত ওলাব পাৰোঁ।”

“অকে, বুজিছোঁ। কিন্তু আমাৰ আগৰবাৰ যিটো অৱস্থা হৈছিল টাইম ট্ৰেভেল কৰোতে, এইবাৰো যদি তেনেকুৱা হয়? আমাৰ মেম’ৰী নোহোৱা হৈ যায় যদি? আমি মৰি যাওঁ যদি?”

“নমৰো আমি। আমাৰ শ্বিপখনে শ্বৰ্টকাট পইন্টত সোমোৱাৰ লগে লগে হঠাৎ বাঢ়ি যোৱা স্পীডৰ লগত এডজাষ্ট কৰি বেলেঞ্চ ৰাখি দিব। তোমালোকে অহা শ্বিপখনত সেইবোৰ চিষ্টেম নাছিল। আমি পইন্টটো পাবলৈ হৈছে আৰু দেই।”

স্বপ্নীলে স্ক্ৰীনত দেখিলে টাৰ্গেট পইন্টটোত সিহঁতৰ শ্বিপখন সোমাবলৈ লৈছে। হঠাৎ বিৰাট জোৰত সিহঁতৰ শ্বিপখনে কৰবাত খুন্দা খাই ৰৈ যোৱা যেন অনুভৱ কৰিলে সিঁহতে। তাৰ পিছত এনেকুৱা লাগিল যে কিহবাই প্ৰচণ্ড জোৰেৰে সিহঁতক পিছফাললৈ টানি নিছে। বাহিৰলৈ চাই স্বপ্নীলে দেখিলে যে অলপ আগলৈ স্থিৰ হৈ থকা আকাশৰ আটাইবোৰ তৰা সিহঁতৰ শ্বিপখনৰ চাৰিওফালে চকৰি ঘূৰাদি ঘূৰিবলৈ লৈছে। প্ৰায় ছয় সাত চেকেণ্ডমানৰ পিছত তৰাবোৰ আকৌ স্থিৰ হ’ল। আকাশখন শান্ত হ’ল। খিড়িকীৰে স্বপ্নীলে দেখিলে নীলা ৰঙৰ গ্ৰহটো।

“তোমাৰ পৃথিৱী পাই গ’লো আমি। সৰু থাকোতে টেলিস্কোপেৰে পৃথিৱীখন ৰঙা দেখিছিলোঁ। জ্বলি ধ্বংস হোৱা পৃথিৱীখন। আজি প্ৰথমবাৰ ইয়াক নীলা দেখিছোঁ। মোৰ সদায় ইচ্ছা আছিল পৃথিৱীত সৰু ঘৰ এটা সাজি বাস কৰাৰ, টেকন’লজিৰ গোলামী নকৰি প্ৰকৃতিৰ লগত মিলিজুলি থাকিবলৈ।”  দৃষ্টিৰ কথাখিনিত স্বপ্নীলে কিছু আৱেগৰ উপস্থিতি অনুমান কৰিলে।

“এতিয়া এইবোৰ চিন্তা কৰা সময় নহয়। পৃথিৱী বচাই লওঁ আগতে।” স্বপ্নীলে ক’লে।

“ব’লা। তুমি শ্বিপখনৰ কম্পিউটাৰত বহি চিগনেল কন্ট্ৰল কৰা, মই নেভিগেচন কন্ট্ৰল কৰিম।”

দৃষ্টিয়ে লাইফবেণ্ডডালত পৃথিৱীৰ টাইমটো জেনেৰেট কৰাই ললে চেটেলাইট এটাৰ লগত কানেক্ট কৰি। তাৰ পিছত টাৰ্গেট টাইমটোৰ লগত মিলাই চাই কলে,

“এইখিনি সময়লৈ আমিচোন দিবাকৰ বৰুৱাই পৃথিৱী ধ্বংস কৰিবলৈ অনা আনখন স্পেচশ্বিপ দেখা পাব লাগিছিল।”

“তাকেইটো। কম্পিউটাৰেও একো ডিটেক্ট কৰা নাইচোন। নেদেখিলেও ডিটেক্ট তো কৰিব লাগিছিল।”

“কিবা খেলিমেলি হ’ল নেকি? নে আমি সময়তকৈ বেছি সোনকালে আহি পালোঁ? তুমি সময়টো ভুলকৈ ক’লা নেকি?”

“নাঃ সময় ঠিকে আছে। মোৰ ভালদৰে মনত আছে।”

“তেনেহলে দিবাকৰ বৰুৱা হেৰাই থাকিল নেকি স্পেচত।”

“হব পাৰে। সি পাৰ্ফেক্ট টাইমিং মিলাব নোৱাৰি বেলেগ টাইমত ওলাবও পাৰে।”

“কি কৰো তেনেহ’লে আমি?”

“কৰিবলৈ একোৱেই নাই আমাৰ‌। টাইম ট্ৰেভেল কৰা বাবে ঘটনা সলনি হৈ গ’ল নেকি?”

“নাজানো। একো বুজি পোৱা নাই মই। তুমি কোৱামতে এইখিনি সময়ত পৃথিৱীৰ পৰা মংগলৰ স্পেচ শ্বিপ খনলৈ বুলি মিচাইল এটা আহিব লাগিছিল।”

“নাই ৰ’বা, মিচাইল আহিবলৈ অলপ সময় আছে এতিয়াও। মই টাইমটো ডাবল চেক কৰিছো। এতিয়া পৃথিৱী যাওঁ নে মংগললৈ ঘূৰি যাওঁ?”

“মংগললৈ ঘূৰি গলে আমাক স্পেচ শ্বিপ চুৰ কৰা অপৰাধত জেইলত দিব।”

“তেনেহলে পৃথিৱীলৈ যাওঁ?”

“হমম সেইটোৱেই কৰোঁ। তুমি ফ্ৰেইণ্ডলি চিগনেল দিয়া। নহ’লে আমি এটেক কৰিবলৈ অহা বুলি হে ভাবিব।”

“ৰ’বা ৰ’বা, পৃথিৱীৰ পৰা চিগনেল দিছে। কিন্তু আমাৰ চিগনেল সিহঁতে ৰিচিভ কৰিব পৰা নাই।”

“ৰবা, মই চাওঁ। দৃষ্টিয়ে স্পেচশ্বিপখন অটো পাইলট মোডত ৰাখি স্বপ্নীলৰ ওচৰলৈ গৈ কম্পিউটাৰ স্ক্ৰীনত চকু ফুৰালে। তাই বুজি পালে পৃথিৱীত চিগনেল ৰিচিভ নোহোৱা কাৰণটো।”

“আমাৰ চিগনেল বুজি পোৱাকৈ ইমান ডেভেলপড চিষ্টেম নাই পৃথিৱীত। আঢ়ৈ হাজাৰ বছৰ পুৰণি চিগনেল চিষ্টেম মানে ভাবি চোৱা কিমান আউটডেটেড।”

“এতিয়া কি কৰিম?” স্বপ্নীলে হতাশাৰে সুধিলে।”

“ভাবো ৰ’বা। চব খেলিমেলি হ’লচোন।”

“হঠাৎ স্বপ্নীলে চিঞৰি উঠিল, সৌটো চোৱা মিচাইল আহি আছে।”

দৃষ্টিয়ে দেখিলে সিহঁতৰ পোনে পোনে ৰকেট এটা বিপৰীত দিশৰ পৰা আহি আছে। ৰকেটৰ পৰা এটা মিচাইল ওলাওঁ ওলাওঁ অৱস্থাত। দৃষ্টিয়ে এক মুহূৰ্তও পলম নকৰি বাওঁফালে স্পেচশ্বিপখন ঘূৰাই দিলে। ৰকেটটোৰ পৰা মিচাইলটো ওলাব নাপাওঁতেই পাৱাৰফুল চিগনেল পঠিয়াই স্বপ্নীলে মিচাইলটোৰ টাইমাৰ অফ কৰি দিলে। সিহঁতে ভাবিছিল ৰকেটখনৰ সৈতে মিচাইলটো সিহঁতৰ কাষেৰে পাৰ হৈ যাব। কিন্তু সিহঁতৰ স্পেচ শ্বিপখনৰ কাষ চপাৰ লগে লগে হঠাৎ ৰকেটটো ওলোটা দিশত ঘূৰি পৃথিৱীৰ ফালে বন্দুকৰ গুলি যোৱাদি যাবলৈ ধৰিলে। সিহঁতৰ শ্বিপখনেও মৃদু জোকাৰণি এটা খাই অলপ দূৰলৈ চিটিকি গ’ল।”

“সৰ্বনাশ হ’ল দৃষ্টি। ৰকেট টো ওলোটাফালে কিয় ঘূৰি গ’ল?”

“এয়াৰবাইকৰ মেগনেটিক চিপখন গুচাইছিলো যে মই, মনত আছে তোমাৰ? তাতোকৈ এশগুণ শক্তিশালী মেগনেটিক চিপ আমাৰ স্পেচশ্বিপখনতো লাগি আছে, খুন্দা খোৱাৰ পৰা বাচিবলৈ। পাঁচশ মিটাৰ ৰেঞ্জত অহা যিকোনো বস্তুকেই বিকৰ্ষণ শক্তিৰ দ্বাৰা ই ওলোটা ফালে ঠেলিব।”

“আমি পৃথিৱী বচাব আহি ভুলহে কৰিলোঁ নেকি?”

“নাই ৰ’বা। আমি বচাব পাৰিম।” দৃষ্টিয়ে স্পেচশ্বিপখন পৃথিৱীৰ পিনে পোনাই স্পীড দুগুণ বঢ়াই দি পৃথিৱীত খুন্দিয়াবলৈ যোৱা ৰকেটটোৰ পিচ ল’লে।  মিচাইলটো যাতে কোনোপধ্যেই নুফুটে সেইটোৰ প্ৰতি তাই স্বপ্নীলক লক্ষ্য ৰাখিবলৈ ক’লে। তাইৰ প্লেন আছিল ৰকেট আৰু মিচাইল দুয়োটাকে নিজৰ কন্ট্ৰলত আনি পৃথিৱীৰ পৰা বহুত দূৰলৈ পঠিয়াই দিয়া। কিন্তু পৃথিৱীৰ পৰা বাৰে বাৰে মিচাইলটো ব্লাষ্ট কৰিবলৈ পঠিয়াই থকা চিগনেলবোৰৰ বাবে তাই কন্ট্ৰল কৰিব নোৱাৰিলে। তেতিয়াই স্বপ্নীলে হঠাৎ কৈ উঠিল,

“আমি ডাঙৰ ভুল কৰি পেলালোঁ। আমি পৃথিৱী বচাবলৈ অহাটোৱেই পৃথিৱী ধ্বংস হোৱাৰ কাৰণ আচলতে।”

“হেই, নহয়। আমি এটেক কৰা নাই নহয়। ইয়াৰ আগৰবাৰ দিবাকৰ বৰুৱাৰ স্পেচশ্বিপ খনে পৃথিৱী এটেক কৰিবলৈ আহিছিল।”

“নহয়, আগৰবাৰো আমিয়েই আছিলো। আৰু দহ চেকেণ্ডৰ ভিতৰত পৃথিৱীৰ পৰা সৰু স্পেচ শ্বিপ এখন আহিব চাবা।”

“কি ক’ব খুজিছা? কেনেকৈ জানিলা?”

“কাৰণ সেইখন শ্বিপত ময়েই আহিম পৃথিৱীৰ পৰা মিচাইলটো এক্টিভ কৰিবলৈ। আৰু ইয়াতো ময়েই চিগনেল কাটি মিচাইলটো ডিএক্টিভ কৰি ৰাখি আছো। মই মোৰ লগতেই চিগনেল কটাকটিৰ যুদ্ধ কৰি আছো।”

স্বপ্নীলে মিচাইলৰ চিগনেল কাটিবলৈ এৰি দিলে। তেনেসময়তে সিহঁতৰ পৰা সোঁদিশে বহুত দূৰত আন এখন স্পেচশ্বিপে দেখা দিলে। সেইখনৰ ভিতৰত কম্পিউটাৰ স্ক্ৰীনৰ সন্মুখত বহি বাৰে বাৰে মিচাইলটো এক্টিভ কৰিবলৈ চেষ্টা কৰি হতাশ হৈ পৰিছিল আন এজন স্বপ্নীল, আঢ়ৈ হাজাৰ বছৰ আগৰ পৃথিৱীৰ স্বপ্নীল। সেই মুহূৰ্তত একেই হতাশা, একেই নিৰাশা একেসময়তে দেখা গৈছিল একেজন মানুহৰ দুটা বিপৰীত পৰিস্থিতিত।

“স্বপ্নীল মিচাইল ডিএক্টিভ কৰা। আকৌ কাউন্টডাউন ষ্টাৰ্ট হৈছে।” দৃষ্টিয়ে চিঞৰি ক’লে স্বপ্নীলক।

সেই মূহূৰ্তত পৃথিৱীৰ যানখনত বহি থকা স্বপ্নীলে শেষবাৰৰ বাবে মিচাইলটো এক্টিভ কৰাৰ বাবে চিগনেল পঠিয়াইছিল।

” নকৰো ডিএক্টিভ। ব্লাষ্ট হৈ যাওক ইয়াতে। পৃথিৱী ধ্বংস হোৱাৰ একমাত্ৰ কাৰণ ময়েই। ইয়াতো মই ভুল কৰিছো তাতো ময়েই ভুল কৰিছো। দিবাকৰ বৰুৱাৰ  একো ভূমিকায়েই নাই ইয়াত। অনিচ্ছাকৃতভাৱে হ’লেও গোটেই ঘটনাটোৰ বাবে আমিয়েই একমাত্ৰ দায়ী। গতিকে মিচাইলটো আকৌ ডিএক্টিভ নকৰোঁ মই। আমি মৃত্যুদণ্ড পোৱা উচিত।”

“আৰে বুজা নাই তুমি, এইটো ইয়াত ফুটিলে আমি এনেও নমৰো। আমাৰ এইখন শ্বিপ পৃথিৱীৰ নিউক্লিয়েৰ মিচাইলে অলপ দূৰলৈ চিটিকাই দিয়াৰ বাহিৰে আন একো ক্ষতি কৰিব নোৱাৰে। কিন্তু কাউন্টদাউন শেষ হোৱালৈ বাকী থকা দহ চেকেণ্ডত মিচাইলটো পৃথিৱীৰ বায়ুমণ্ডলত সোমাব আৰু তেতিয়া সৰু সুৰাকৈ হলেও ধ্বংলীলা এটা হ’বই। লগতে বিস্ফোৰণৰ পিছত ৰেডিয়চনে বায়ুমণ্ডলৰ কিমান ক্ষতি কৰে ঠিক নাই।”

“তেনেহ’লে কি কৰো?”

“এটাই উপায় আছে।”

“কি?”

“মেগনেটিক চিপখন উলিয়াই দিলে আমাৰ শ্বিপখনে মিচাইলটো ঠেলিবলৈ বন্ধ কৰিব। স্পেচশ্বিপত বিকৰ্ষণ কৰাৰ দৰে আকৰ্ষণ কৰিব পৰাকৈও মেগনেটিক চিপ থাকে। সেইখন লগাই দিলে  আমাৰ শ্বিপখনে মিচাইলটো  নিজৰ ফালে টানিবলৈ ধৰিব। মিচাইলটো আমি পৃথিৱীৰ পৰা অলপ দূৰলৈ টানি নি বিস্ফোৰণ কৰাই দিম। কিবা কাৰণত আমাৰ শ্বিপখনত খুন্দা খাই মিচাইলটো ফুটিলেও আমি নমৰোঁ বাৰু। অলপ বেছি জোৰত চিটিকি যাম মাত্ৰ।”

“তেনেহলে দিয়া চিপ গুচাই।” স্বপ্নীলে উত্তেজিত ভাবে ক’লে।”

“অকে, চিটবেল্ট লগাই লোৱা কপকপীয়াকৈ।”

দৃষ্টিয়ে তিনিটা চুইচ টিপিলে। মূহূৰ্ততে আগে আগে গৈ থকা মিচাইলটোৰ গতিবেগ কমি আহিল আৰু তিনি চাৰি চেকেণ্ডৰ ভিতৰত মিচাইলটো আকৌ ওলোটা দিশত দৃষ্টিৰ স্পেচশ্বিপখনৰ পিনে প্ৰচণ্ড স্পীডত আগবাঢ়িবলৈ ধৰিলে।  কিন্তু সেই সময়ত পৃথিৱীত এটা অভাৱনীয় ঘটনা ঘটিল। মেগনেটিক চিপ সলাই দিয়াৰ সময়ত দৃষ্টিৰ স্পেচশ্বিপখন পৃথিৱীৰ বায়ুমণ্ডলৰ ভিতৰত প্ৰায় প্ৰৱেশ কৰিছিলেই। শ্বিপখনৰ মেগনেটিক পাৱাৰ ইমানেই বেছি আছিল যে পৃথিৱীৰ এটা গোলাৰ্ধৰ বেলেগ বেলেগ দেশে তৎকালীন ভাৱে আকাশলৈ টোৱাই ৰেডি কৰি থোৱা আটাইবোৰ মিচাইল একেলগে আকাশৰ পিনে উৰি গ’ল। প্ৰথমটো মিচাইল দৃষ্টি স্বপ্নীলৰ স্পেচশ্বিপখনত খুন্দা মৰাৰ এক মুহূৰ্তমান আগত বিস্ফোৰণ হল আৰু তাৰ ফলত পৃথিৱীৰ পৰা তীব্ৰ গতিত মহাকাশৰ ফালে গতি কৰা সিহঁতৰ স্পেচশ্বিপখন চাৰি পাঁচগুণমান বেগত সন্মুখলৈ চিটিকি গ’ল। আৰু তাৰ কেইচেকেণ্ডমান পিছত জাউৰিয়ে জাউৰিয়ে পৃথিৱীৰ পৰা উৰি অহা মিচাইলবোৰে একে ঠাইতে খুন্দিয়ালে। এক অভাৱনীয় বিস্ফোৰণে গোটেই পৃথিৱীক গ্ৰাস কৰি পেলালে। কোনোৱে একো তৰ্কিবই নোৱাৰিলে হঠাৎ কি হৈ গ’ল। মাত্ৰ বিস্ফোৰণটো হোৱাৰ আগমুহূৰ্তত সি দৃষ্টিৰ পিনে চাই ক’লে,

“হবহু একেই ঘটনা ঘটিছে আকৌ এবাৰ। এটা বিন্দুৰ সমানো হেৰফেৰ হোৱা নাই। সৌ চোৱা পৃথিৱীৰ পৰা অহা স্বপ্নীলৰ যানখনো আমাৰ বিপৰীত দিশত চিটিকি যাবলৈ ধৰিছে। সি এতিয়া আঢ়ৈ হাজাৰ বছৰ আগুৱাই যাব। আৰু আমি হয়তো কেবাহাজাৰ বছৰ পিছুৱাই যাম। সি আকৌ আহিব মংগলৰ পৰা তোমাৰ লগত। আকৌ এবাৰ পৃথিৱী ধ্বংস হ’ব। হৈয়েই থাকিব… অনন্ত কাললৈ। আমি একো সলাব নোৱাৰোঁ। আমি পুতলা মাথোন।”

দৃষ্টিয়ে একো নক’লে, মাথো মূৰ দুপিয়াই তাৰ হাতখন খামুচি ধৰিলে।

স্বপ্নীলে অনুভৱ কৰিলে আকৌ এবাৰ তাৰ গাটো পাতল পাতল লাগিছে। তাৰ দেহৰ সকলো অংগ তৰল পদাৰ্থলৈ ৰূপান্তৰিত হোৱা যেন অনুভৱ কৰিলে সি। স্পেচশ্বিপ খনৰ চাৰিওকাষৰ তৰাবোৰ গলি পোহৰৰ সাগৰ এখনৰ সৃষ্টি হৈ তাৰ চকু চাট মাৰি ধৰিলে। আগৰবাৰ পৃথিৱীৰ পৰা মংগললৈ যাওতে যেনেকুৱা অনুভৱ হৈছিল এইবাৰো ঠিক তেনেকুৱাই অনুভৱ হ’ল তাৰ। মাত্ৰ আগৰবাৰ আগুৱাই গৈ থকাৰ সলনি এইবাৰ পিছুৱাই যোৱা যেন হে অনুভৱ কৰিলে সি। তাৰ এনে লাগিল যেন আগৰবাৰতকৈও হাজাৰগুণ বেছি স্পীডত সি তলি নোহোৱা পোহৰৰ কুঁৱা এটাৰ ভিতৰলৈ ক্ৰমাৎ সোমাই গৈ আছে, গৈ আছে।

 

 

********************

প্ৰচণ্ড বিস্ফোৰণ এটাৰ শব্দত হঠাৎ সাৰ পাই উঠি বহিল সি। বহুদেৰি কিবা সপোন দেখি থকা যেন লাগিল তাৰ, কিন্তু কি দেখিছিল একো মনত নপৰিল। সপোন দেখাৰ আগত সি ক’ত আছিল, কি কৰি আছিল সেয়াও মনত নপৰিল তাৰ। হঠাৎ সি অনুভৱ কৰিলে সি যেন কাৰোবাৰ হাত এখন খামুচি ধৰি আছে। সি বহি থকাৰ সোঁফালে এজনী ছোৱালীয়ে তাৰ হাতত খামুচি ধৰি শুই আছিল। সি অলপ সময় তাইৰ মুখলৈ চাই থাকিল। কেতিয়াও নেদেখা এখন মুখ, তথাপি যেন বহু যুগৰ চিনাকী। তাই লাহে লাহে চকু মেলিলে। তাইৰ চকুতো সোমাই আছিল পাৰহীন বিস্ময়।

“তোমাক মই আগতে ক’ৰবাত লগ পাইছো নেকি?”

“নাজানো।”

“কিন্তু তুমি যে মোৰ বহুদিনৰ চিনাকি যেন লাগিছে।”

“মোৰো তেনেকুৱাই লাগিছে।”

“নাম কি তোমাৰ?”

“নাজানো। আৰু তোমাৰ?”

“নাজানো।”

“ক’ত আছো আমি?”

“নাজানো। কিন্তু এনে লাগিছে যেন আমাৰ বাহিৰে আৰু কোনো নাই ইয়াত।”

“ব’লা তেনেহলে, আমি দুয়ো মিলি নতুন অধ্যায় এটা আৰম্ভ কৰোগৈ।”

“কি বুলি মাতিম মই তেনেহলে তোমাক?”

“যি মন যায়।”

“আদাম বুলি মাতিম?”

“হ’ব। মই তোমাক ইভ বুলি মাতিম।”

“এই ঠাইখনৰো নাম এটা দিব লাগিছিল।”

“কি নাম দিওঁ?”

“ভাবা।”

অলপ সময় দুয়ো ভাবিলে। তাৰ পিছত একেলগে কৈ উঠিল,

“পৃথিৱী”

 

 

***সমাপ্ত***

***********

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *