তুমি থকাহেঁতেন-ৰিমঝিম বৰঠাকুৰ

‘পাপা তুমি মোক ড্ৰপ কৰিবানে?’

‘য়েছ বেবী।’

‘তেন্তে ওলোৱা আকৌ। সদায় তুমি লেট মানে।’  দেউতাকলৈ চাই ভোৰভোৰাই প্ৰিয়ম ওলাই গ’ল। কাইলৈ সৰস্বতী পূজা, সেয়ে আজি তাই অকণমান বজাৰলৈ যায় বোলে। ঘূৰি আহোঁতে পাৰ্লাৰত সোমাই কিবা হেয়াৰ চেটিংছো কৰি আহিব বোলে।

আজিকালিৰ ল’ৰা-ছোৱালী। স্কুলত পঢ়ি থাকোঁতেই সিহঁতৰ ফেশ্বনৰ ওপৰত যি জ্ঞান, সেয়া অসীমৰ দৰে মানুহে বুজিব নোৱাৰে। এইবাৰ স্কুলৰ শেষ বছৰ বুলি অকণমান ষ্টাইল কৰোঁ বুলি জীয়েকে টেনলৈ পোৱাৰ পৰাই লাগি আছিল। অসীমৰো বেছি না ক’বলৈ মন যোৱা নাই। মানে জীয়েকক অসীমে দুখ দিব নোৱাৰে। 

‘ফাইভ মিনটছ, প্ৰিয়ু’ বুলি অসীমে লৰালৰিকৈ বাথৰূমত সোমাল। গা ধোৱাৰ নামত পাঁচমিনিটতকৈ অকণমান দেৰি হ’লে কি হ’ব অসীমে আগতেই জানে। মাকৰহে জীয়েক, একদম দেখাই-শুনাই, কথাই-বতৰাই মাকৰ গঢ়তে উঠিছে। মাক আগতে যেনেকুৱা সময়ৰ কাম সময়ত কৰা বিধৰ আছিল, বেলেগে নকৰিলেও বেয়া পাইছিল এতিয়া জীয়েকো একেই। অসীমৰ এই ‘কৰিম’, ‘হৈ যাব’, ‘যাম’ এই ভৱিষ্যত কাললৈ ঠেলি দিয়া কথাবোৰৰ গোটেইবোৰ ঘৈণীয়েকে  সলনি কৰিব নোৱাৰিলে সঁচা, কিন্তু এতিয়া জীয়েকৰ কবলত পৰি অসীম সম্পূৰ্ণৰূপে সলনি হোৱাৰ দৰে। প্ৰিয়ম বুজা হোৱাৰেপৰা তাই দেউতাকৰ এইটো স্বভাৱ সলাবলৈ যি পণ বান্ধি ল’লে, এতিয়াও এৰি দিয়াত নাই।

‘পাপা, তুমি এতিয়াও বাথৰূমতে। মানে কেতিয়াও তুমি চেঞ্জ নহ’লা মানে ন।’ 

প্ৰিয়মে বাথৰূমৰ বাহিৰত ৰৈ দুৱাৰখন এটা হাতেৰে ঢকিয়াই ঢকিয়াই চিঞৰি আছে আৰু আনটো হাতেৰে মোবাইলত কিবা চাই আছে। কাইলৈ তাই মাকৰ পুৰণি আৰ্হিৰ পাটৰ কাপোৰ এযোৰ পিন্ধিব খালী তাৰ লগত ব্লাউজটো মডাৰ্ণ ষ্টাইলৰ পিন্ধিব। দেউতাকক ইমানদিনৰ পৰা বজাৰলৈ যোৱাৰ কথা কৈ কৈ শেষত আজি অকলে যাবলৈ ওলোৱাতহে অসীমৰ গাটো বেজবেজালে। তাৰ এই এলেহুৱা স্বভাৱটোৰ কাৰণে নিজৰ ওপৰত খং উঠিল। একমাত্ৰ জীয়েকে মনটোতে বেয়া পাব বুলি আজি ফাৰ্ষ্ট হাফটো চুটি লৈ তাইৰ লগত বজাৰলৈ যাবলৈ ওলাইছে। কি বা মডাৰ্ণ ষ্টাইলৰ ব্লাউজ কিনে তাইহে জানে। খালী আজিকালি হিৰোইনবোৰে পিন্ধাৰ নিচিনা একেবাৰে ব্লাউজৰ নামত একো নথকা নিকিনিলেই হ’ল। ঠিক নাই নহয় আজিকালিৰ ল’ৰা-ছোৱালী!

বাথৰূমৰ বাহিৰত প্ৰিয়মৰ চিঞৰটো শুনি অসীমে যিমান পাৰে লৰালৰি কৰিবলৈ ধৰিলে।

ফাগুন মাহটো অসীমৰ বৰ প্ৰিয়। শুকান সৰাপাত, লঠঙা গছ, ধূলিৰে আৱৃত পৰিৱেশ যদিও মূৰ তুলি ওপৰলৈ চালে কিবা এটা ৰঙা সতেজতাই চকুত ধৰা দিয়ে। ৰঙা পলাশ, মদাৰেৰে নীলা আকাশখন দেখিবলৈ বৰ ধুনীয়া কৰি তোলে। এই সময়ছোৱাত সি আটাইতকৈ ধুনীয়া দেখে তাৰ গাৱঁৰ ঘৰলৈ যোৱা ৰাস্তাটো। শুকান পাতবোৰৰ লগতে পৰি থকা ৰঙা মদাৰৰ পাহিকেইটাই সিহঁতৰ ঘৰলৈ, স্কুললৈ যোৱা ৰাস্তাটো বৰ ধুনীয়া কৰি তোলে। সেইসময়ত যদি তাৰ হাতত মোবাইল ফোন থাকিলেহেঁতেন কিমান যে ফটো তুলিলেহেঁতেন,এতিয়া প্ৰিয়মে তোলাৰ দৰে। প্ৰিয়মে তাৰ দৰে কাব্যিক ভাষাত প্ৰকাশ নকৰিলেও তাক কয় 

‘জানা পাপা মোৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মান্থ  দুটা ইমান ভাল লাগে। স্পেচিয়েলী আইতাৰ ঘৰত গৈ ভাল লাগে, গোটেই ৰোডটো যে ৰেড ৰেড হৈ থাকে।’ 

হয়, তাৰো ভাল লাগে, কদমেও ভাল পাইছিল। সিহঁতৰ গোলাঘাটৰ গাঁৱৰ ঘৰখনলৈ যোৱা ৰাস্তাটোৰ কথাই প্ৰিয়মে বাৰে বাৰে কয়। এইটো সময়ত এই দৃশ্য দেখুৱাবলৈকে তাইক লৈ যায়। লগতে তাৰো স্মৃতি ৰোমন্থন কৰা হয়। যোৱা দুবছৰত আগ পিছকৈ মাক-দেউতাক দুয়োৰে মৃত্যুৰ পিছত অসীম তালৈ আৰু যোৱা নাই। প্ৰিয়মেও ককাক-আইতাক নোহোৱাৰ পৰা বৰ বিশেষ মন নকৰা হ’ল যাবলৈ। এইবাৰ ভাবি আছে ব’হাগ বিহুৰ সময়ত এপাক গৈ আহিবলৈ। অইন নহ’লেও খুড়াক বৰদেউতাক আৰু কদমহঁতৰ ঘৰৰৈও এপাক মাৰিব।

জীয়েকৰ সৰস্বতী পূজাত ওলোৱাৰ উৎসাহ দেখি অসীমৰ সিহঁতৰ স্কুলীয়া দিনবোৰলৈ মনত পৰি গ’লে। একে উশাহতে ১০৮টা ‘শ্ৰী’ লিখা পৰম্পৰাটো সি দশম শ্ৰেণীলৈকে কৰিছিল, লগতে চিঞাহী কলমটো নি সৰস্বতী দেৱীৰ ওচৰত থৈ দেউৰ হতুৱাই পূজা কৰাই অনা নিয়মটো। এই কথাটো লৈ তাৰ ক্লাছৰ কেইজনীয়ে তাক কম জোকাইছিলনে। সকলোৰে আগতে যেতিয়া সুধি দিয়ে—- ‘কলমটো আনিছানে নাই?’—-তাৰ দীঘল বগা নাকটো পলকতে ৰঙা পৰি গৈছিল। ‘এই কেইজনী এই কেইজনী’ বুলি মনতে ভোৰভোৰাই সি মনে মনে আঁতৰি গৈছিল। 

কদম টেৰাংপি। কাৰ্বি ছোৱালী। দীঘল চিধা চুলি, টনা টনা চকু, পিটিকলি নাকটোৰ সৈতে তাইক প্ৰথম দেখোঁতেই কিবা এটা মৰম লাগি গৈছিল অসীমৰ। সিহঁতৰ স্কুলত তাই ষষ্ঠ শ্ৰেণীলৈ পাওঁতে আহিছিল যদিও তাৰ আকৌ চকুত পৰিছিল তাই অষ্টম শ্ৰেণীলৈ পাওঁতেহে। সৰস্বতী পূজাৰ দিনা। মাকৰ মেখেলা চাদৰ এযোৰৰ সৈতে ঢিলা ব্লাউজ এটা পিন্ধি কোবাকোবিকৈ দেৱী মাৰ দৰ্শন কৰিবলৈ গৈছিল। সেইদিনা ইমান বতাহ আৰু ধূলি! কদমে মেলি অহা চুলিখিনি আউলি-বাউলি হৈ চম্ভালি লোৱাৰ বাহিৰত আছিল। এটা হাতে নেৱালি ফুলৰ মালাডাল, আনটো হাতেৰে চুলিখিনি ঠিক কৰি আগবাঢ়োঁতে  ইফালে নতুনকৈ মেখেলা চাদৰ পিন্ধিবলৈ শিকা কদমৰ যে মেখেলাত খুচি থোৱা চাদৰখন ওলাই চুঁচৰি গৈছে তাই গমেই নাপায়। লগৰ ল’ৰাৰ জুম এটাত থকা অসীমৰ হঠাৎ চকুত পৰি দৌৰি গৈ মাটিত চুঁচৰি থকা চাদৰখন পিছফালৰ পৰা বুটলি আনি কদমৰ হাতত দিলে। কদমেও সেমেনা সেমেনি কৰি চাদৰখন আকৌ মেখেলাখনত গুজি ‘থেংক ইউ’ বুলি কৈ দৌৰ মাৰিলে। সেয়াই আছিল সিহঁতৰ প্ৰথম দেখা। 

সেইদিনা তাৰ মনলৈ হয়তো একো অহা নাছিল। কিন্তু সৰস্বতী পূজাৰ পিছদিনাৰপৰা স্কুললৈ আহি অলেখ ছোৱালীৰ মাজতো অসীমৰ কদমকে চকুত পৰা হ’ল। কেতিয়াবা তেনেকৈ চাওঁতে তাইৰো চকুৱে চকুৱে পৰাত হাঁহি এটাৰ আদান প্ৰদানৰ বাদে বৰ বেছি একো আগবঢ়াব পৰা নাছিল। আনকি নামটোও গম পোৱা নাছিল।

‘অ’ই জাননে, ক্লাছ ছেভেনৰ কদমে ইমান কান্দিছে। তাইক কোনোবাই ৰাস্তাত কিবা ক’লে।’ ক্লাছ টেনৰ জোনাকীহঁতে মানে অসীমহঁতৰ ক্লাছৰে প্ৰথম বেঞ্চত বহা ছোৱালীবোৰে ইজনীয়ে সিজনীক কোৱাকুই কৈ থাকোঁতে অসীম সিহঁতৰ কাষেৰেই পাৰ হৈ গৈছিল। সেই সময়ত সি ধৰিব নোৱাৰিলে সিহঁতে কাৰ কথা পাতি আছিল। কিন্তু যেতিয়া হেড ছাৰৰ কোঠাৰপৰা সি চোৱা ছোৱালীজনী উচুপি উচুপি ওলাই যোৱা দেখিলে, তাইক দেখাৰ পোন্ধৰদিন পিছত সেইদিনাহে সি গম পালে তাইৰ নামটো কদম। লাহে লাহেতো অসীমৰ ছোৱালীজনী ভাল লাগিছিলেই আৰু এতিয়া নামটোৱে তাক আৰু কিবা এটা আকৰ্ষণ কৰিলে। তাৰ এইবাৰ এনেকুৱা লাগিল আকৌ যেন সি এইবাৰ গৈ কদমৰ চকুপানীখিনি মচি দি থৈ আহিব। কিন্তু ভাবিলেও সি জানে সেইটো কৰিব নোৱাৰে। আৰু কৰিলেও কদমে জানো সহজকৈ ল’ব। ইতিমধ্যে ৰাস্তাত তাইক কোনোবাই জোকাইছে বুলি কান্দি-কাটি হাহাকাৰ। আৰু অসীমে যদি তাইৰ চকুপানী মোহাৰিবলৈ যায়, তাকো সেইকেইটাৰ লগৰ বুলি যে নাভাবিব কি মানে আছে! তাই যোৱাৰ ফালে চাই চাই কথাকেইটা মনতে ভাবি থাকোঁতে সিফালে লেজাৰ সামৰাৰ ঘণ্টা মাৰিলে। অসীমে ইফালে সিফালে কাষত কাকো নেদেখি শ্ৰেণীকোঠাত সোমাল।

লাহে লাহে দিন বাগৰিল। মাতো বুলিও সি তাইক মাতিব নোৱাৰে। কিন্তু চকুৱে চকুৱে ঠিকেই চাই থাকে। দূৰৰ পৰাই তাইৰ চকুত চকু থ’লে অসীমৰ এনে লাগে যেন তায়ো তাৰ প্ৰতি কিবা এটা অনুভৱ কৰে কিন্তু ক’ব নোৱাৰে। কেতিয়াবা আকৌ তাৰ চিন্তা হয় কদমে বা তাৰ নামটো জানেনে নাই। কথাটো মনত পৰি অসীমৰ নিজৰ ওচৰতে কিবা এটা লাজ লাগি গ’ল। কদমৰ বিষয়ে আৰু কিবা জানিবলৈ অসীমৰ ভাল লগৰ বিক্ৰমকো দেখোন সুধোঁ বুলি সুধিব নোৱাৰে। এনেকৈয়ে সিহঁতৰ বিদ্যালয় এৰি যাবৰ হ’ল। 

‘অসীম দা।’ পিছফালৰ পৰা কোনোবাই অসীমক মতা যেন শুনি শ্ৰেণীকোঠালৈ সোমাই যাবলৈ ধৰা অসীমে উভতি চাই দেখিলে কদম ৰৈ আছে। সেই একেই মৰমলগা হাঁহিটোৰ সৈতে যিয়েই তাইৰ টনা টনা চকুহাল একেবাৰে নোহোৱা কৰি পেলায়। তাৰ বৰ মৰম লাগে এই হাঁহিটোৰে সৈতে তাইক। কদমক দেখি অসীমে মাতিবই নে হাঁহিবই একো ধৰিব নোৱাৰিলে। সি ঘূৰি চোৱা ভাঁজেই তাইলৈ ৰ লাগি চাই ৰৈ থাকিল। কদমক দেখি তাৰ লগৰ বিক্ৰমো ওলাই আহিল। অসীমলৈ বিক্ৰমে এবাৰ চাই সিয়েই কদমক মাত লগাই আগবাঢ়ি আহিল।

বিক্ৰমে সহজ কৰি দিয়া পৰিৱেশটোত অসীমে অলপ লাজ পাইছিল যদিও নিজকে যিমান পাৰি সহজ কৰি কদমক মাত লগালে— ‘ভালে আছা?’—কদমেও সেই মনোমোহা হাঁহিটোৰে— ‘আছোঁ’—বুলি এইবাৰ অসীমলৈ চাই মাত লগালে ‘বায়ে আপোনাৰ টিউছনৰ অংকৰ বহীখন বিচাৰিছে। তাই এইকেইদিন টিউছনলৈ যাব পৰা নাই।’ হঠাৎ ‘বা’ শব্দটো শুনি অসীম আচৰিত হ’ল। কদমৰ বায়েক তাৰ লগত পঢ়ে, সি ইমানদিনে গম পোৱা নাই। আচৰিত! সি অলপ সময় কিবা এটা ভাবি বিক্ৰমৰ ওচৰলৈ আহি লাহেকৈ সুধিলে ‘কোন আছিল অ’ এইৰ বায়েক?’। অসীমৰ প্ৰশ্নত বিক্ৰমে হু হুৱাই হাঁহি উত্তৰ দিলে ‘আমাৰ স্কুলত নপঢ়ে অ’। আমাৰ লগত যে টিউছন কৰে তগৰ। তায়েই এইৰ বায়েক।’ তেতিয়াহে অসীমে মন কৰিলে….. ঠিকেইতো, দুয়োজনী দেখাত ইমান মিলে! তথাপিও আজিলৈকে অসীমৰ মনত কথাটো খেলোৱা নাছিল। সেয়াই সিহঁতৰ আৰম্ভণি আছিল। পিছলৈ লাহে লাহে ইটো সিটো বিচাৰি অসীম, কদম ক্ৰমান্বয়ে কাষ চাপি আহিল। এটা সময় আহিল সিহঁতে স্কুল এৰিবৰ হ’ল‌। দুমাহ পিছত মেট্ৰিক পৰীক্ষা। বিদায় সভাৰ দিনা চাগে আটাইতকৈ বেছি দুখ কদম আৰু অসীমৰে লাগিছিল। অসীমে কদমক আশ্বাস দিয়ে পঢ়াৰ মাজতে তাইক চাবলৈ অসীম এবাৰ হ’লেও দিনটোত চাইকেলখন লৈ ওলাই আহিবই। ঘৰ দুখন একেবাৰে ওচৰতে নহ’লেও লগ কৰিবলৈ যাব নোৱাৰা দূৰতো নহয়। সিহঁতৰ পৰীক্ষাৰ আগে আগে অসীমলৈ নিমন্ত্ৰণ আহিল কদমহঁতৰ ঘৰলৈ যোৱাৰ। সিহঁতৰ ঘৰত আৰ’নাম কেথে পাতিছে। ই হৈছে কাৰ্বিসকলৰ ব্যক্তিগত পূজা। এই পূজাৰ মূল দেৱতা হৈছে ‘বাৰিথে'(ইন্দ্ৰ), আৰপি(ৰুদ্ৰ), আৰু বীৰনে(অগ্নি)। এই পূজা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। নিমন্ত্ৰণ পাই এদিন সন্ধিয়া এনেই অসীমে বিক্ৰমৰ লগতে গৈ পাক এটা মাৰি আহিল। সেইদৰে সিহঁতৰ ঘৰলৈ যোৱাৰ পথটো খোল খালে। কদমৰ মাক-দেউতাকৰ বৰ আদৰ-সাদৰ। সেয়ে যাবলৈ সি বেয়া নাপায়। পিছত এদিন পৰীক্ষাৰ শেষত তগৰ আৰু কদমো সিহঁতৰ ঘৰলৈ আহিল। লাহে লাহে দুইখন ঘৰৰ লগত ঘনিষ্ঠতা বাঢ়িল।

মেট্ৰিক পৰীক্ষা হৈ গ’ল। ৰিজাল্ট ওলাল। অসীমে হায়াৰ ছেকাণ্ডেৰী পঢ়িবলৈ বুলি গুৱাহাটীলৈ গ’ল। কদমৰ বায়েক তগৰে তাৰেই স্থানীয় কলেজত নাম লিখালে। অসীম আৰু কদমে আগৰ নিচিনাকৈ লগ নোপোৱা হ’ল যদিও সি ঘৰলৈ আহিলে মাজে মাজে সিহঁতৰ ঘৰলৈ যায়। সিহঁত দুটাৰ প্ৰেম যেন তেতিয়াহে বাঢ়িল। ইজনে সিজনৰপৰা আঁতৰত থাকিবলৈ লোৱাত অনুভৱ কৰিলে সিহঁতে যে ইটোৱে সিটোক এৰি থাকিব নোৱাৰা হৈছে। কদমেও সিফালে মেট্ৰিক দি পঢ়াৰ বাহানা লৈ কেনেকৈ তাৰ ওচৰলৈ আহিব পাৰে তাৰে চিন্তাত থাকিল।

‘পাপা তুমি ওলোৱাই নাই !’

আকৌ এবাৰ প্ৰিয়মৰ মাতত অসীমৰ তন্ময়তা ভাঙিল। লৰালৰিকৈ খুড়াবলৈ লোৱা দাড়িখিনি নুখুড়াই গাটো মাত্ৰ তিয়াই বাথৰূমৰ পৰা ওলাই আহিল।

‘আজি মাম্মা থকা হ’লে তোমাক ইমান খাতিৰেই নকৰিলোঁহেঁতেন।’ বাথৰূমৰ বাহিৰতে মুখখন ফুলাই ৰৈ থকা প্ৰিয়মক দেখি অসীমৰ কিবা এটা মৰম লাগি গ’ল। সেই যেন গপ লাগি মুখ ফুলাই ৰৈ থকা কদমজনীয়েই। হয়ো তাই সঁচাকৈয়ে বৰ অভিমানী আছিল। একেবাৰে অভিমান কৰিয়েই ইমান এটা ডাঙৰ দায়িত্ব তাক অকলে চম্ভালিবলৈ দি তাই গ’লগৈ অজান দেশলৈ।

‘হ’ব এতিয়া মুখ ফুলাই থাকিব নালাগে। জল্দি ওলোৱা তোমাৰ কাম কৰি দুয়োটাই আমি কে এফ চি-ত লান্স কৰি ঘূৰি আহিম।’

কে এফ চি-ৰ নাম শুনিয়েই য’ৰে খং তাতে পেলাই চৰাইজনীৰ নিচিনাকৈ দেও পাৰি গৈ দেউতাকতকৈ আগতেই গৈ গাড়ীত বহিলগৈ।

‘চোৱা গুদু তোমাৰ ছোৱালী তোমাৰ কায়দাতে উঠিছে’ বুলি অসীমে প্ৰিয়মৰ পিছে পিছে ওলাই আহি গাড়ীত বহিবলৈ লোৱাৰ আগতে আকাশলৈ চাই নিজকে কোৱাদি মনতে বিৰবিৰালে।

কদমে প্ৰিয়মক জন্ম দিয়েই বাপেক জীয়েকক একেলগে থাকিবলৈ দি গুচি গৈছিল কোনোবা অজান দেশলৈ। অসীমে আজি পোন্ধৰ বছৰে এই কথাটো লৈ কেতিয়াবা বিবেক দংশনতো নোভোগা নহয়। যদি সি সেইদিনা কদমৰ লগত জেদ নধৰা হ’লে হয়তো…

কদম আৰু অসীমৰ প্ৰেমে যেনেকৈ পাহি মেলিছিল তেনেকৈ বিবাহৰ ৰূপত স্বীকৃতি পালে ঠিকেই, কিন্তু কদমহে…। প্ৰেমৰ প্ৰতীক স্বৰূপে মাত্ৰ কদমে অসীমৰ হাতত তুলি থৈ গ’ল প্ৰিয়মক। 

“মন গ’লে মোৰ কাষলে

আহিবা এদিন অকলে

কিদৰে খাওঁ, কিদৰে শোওঁ

চাই যাবা আহি নিৰলে…”

গাড়ীত হঠাতে বাজি উঠা জুবিন গাৰ্গৰ গানটোৱে অসীমৰ আকৌ এবাৰ তন্ময়তা ভাঙিলে। তাৰ ভাৱৰ সাগৰৰপৰা উভতি আহিল প্ৰিয়মৰ কাষলৈ। সি জানে প্ৰিয়মে তাক ভাল লগাবলৈ তাৰ প্ৰিয় গানটো মিউজিক চিষ্টেমত লগাই দিছে। গানটো শুনিলেই অসীমৰ মনলৈ আহে সঁচাকৈয়ে কদম যদি এনেকৈ অকণমান সময়ৰ কাৰণেও সিহঁতৰ কাষলৈ গুচি আহিলহেঁতেন।

অসীমে মাষ্টাৰ ডিগ্ৰী কৰি থাকোঁতে বেংকত চাকৰি পালে। ইফালে কদমেও পঢ়া-শুনা চলাই গৈ থাকিল। লাহে লাহে সিহঁতৰ প্ৰেমৰ কথাবোৰ ইকাণে সিকাণে গৈ দুয়োখন ঘৰতে পৰিছিলগৈ। জাত-পাত এইবোৰৰ কাৰণে দুইখন ঘৰক সৈমান কৰোঁতে অলপ সময় লৈছিল যদিও সিহঁতৰ প্ৰেমক দুয়োখন ঘৰে শেষলৈ স্বীকৃতি দি বিয়াৰ দিন-বাৰ ধাৰ্য কৰি পেলাইছিল সিহঁতে গম নোপোৱাকৈয়ে। এনেকৈয়ে এদিন কদম আহি ন সাজেৰে, ন-কইনাৰ ৰূপত অসীমৰ ঘৰ শুৱনি কৰিছিল। 

: আৰু এনেকৈ কিমান দিন থাকিবা। মোক এটা মাইনা দিয়া না

এদিন দেওবাৰে দুপৰীয়া ভাত খাই বিছনাত দুয়োটা এনেই পৰি ইটো সিটো কথা পাতি থাকোঁতে অসীমে কদমক সাৱতি নাকটো তাইৰ নাকত লগাই ক’লে।

: এইবাৰ যদি মোৰ নেট ক্লীয়েৰ হৈ যায় তেন্তে চিয়’ৰ।

কদমে তাইৰ হাতখন আনি অসীমৰ নাকটো চেপি মৰমৰ সুৰৰে ক’লে।

: নেট তোমাৰ ক্লীয়েৰ হ’বই, কিন্তু মোক এটা মাইনা লাগে।

অসীমে সৰু ল’ৰাৰ দৰে কদমৰ ওচৰত আৱদাৰ কৰিলে।

: কিমান ভাল লাগিব, তোমাক যেতিয়া মা মা বুলি কৈ আমাৰ অকমাণিজনী দৌৰি আহিব তোমাক সাৱতি ধৰিবলৈ।

অসীমে আকৌ এবাৰ সজোৰে কদমক সাৱতি তাইৰ কাণৰ ওচৰত ফুচফুচাই ক’লে। লাহে লাহে অসীমৰ হাতখনে কদমৰ সুকোমল ওঁঠ দুখন স্পৰ্শ কৰিলে।

কদমেও অসীমৰ মৰমক বাধা দিব নোৱাৰি নিজকে তাৰ মৰমত উটি যাবলৈ দিলে।

: কংগ্ৰেচুলেশ্বন মিষ্টাৰ অসীম…..

কাণৰপৰা টেথিস্কোপডাল খুলি হাঁহি হাঁহি ওলাই অহা ডাক্তৰগৰাকীয়ে অতি উলাহেৰে তাক দিয়া অভিনন্দনতে সি বুজি উঠিছিল সিহঁতে ভবাৰ দৰেই যে ভাল খবৰ এটা আছে। ভাল খবৰটোৱে অসীমলৈ কঢ়িয়াই আনিছিল আগতকৈ বেছি ব্যস্ততা, দায়িত্ববোধ আৰু বহুত কিবাকিবি। দিন যিমানেই গৈছে তাৰ উদ্বিগ্নতা সিমানেই বাঢ়িছে। সি দেউতাক হ’ব! আস্…

কদমক যিমান পাৰে সিমান সাৱধানেৰে সি ৰাখিছিল। ডাক্তৰৰ সকলোবোৰ কথাই সি মানি চলিছিল। নিজকে সি দায়িত্ববোৰৰ মাজত সঁপি দিছিল। কোনো কাৰণতে যাতে মাক আৰু বেবীয়ে কষ্ট নাপায়, প্ৰতি পদে পদে সি লক্ষ্য ৰাখিছিল। অৱশেষত তাৰ দেউতাক হোৱাৰ ক্ষণটো আহি উপস্থিত হৈছিলহি। সম্পূৰ্ণ সময়লৈ পূৰা এমাহ থাকোঁতেই কদমৰ এদিন হঠাৎ ৰাতি ৱাটাৰ ব্ৰেক হ’ল। লৰালৰিকৈ অসীমে তাইক হস্পিটেল পোৱাই ইমাৰ্জেন্সী ৱাৰ্ডত ভৰ্তি কৰাই দিয়ে। ডাক্তৰ আৰু নাৰ্ছৰ তৎপৰতাত একদম ফুলৰ দৰে এজনী সুকোমল পৰী সিহঁতৰ মাজলৈ আহে।  অ’টিৰ বাহিৰত পায়চাৰি কৰি থকা অসীমৰ হাতত নাৰ্ছগৰাকীয়ে কণমানিজনী তুলি দি অভিনন্দন জনাই, লগতে তাৰ জীৱনৰ অন্যতম বেয়া খবৰটোও দি যায় যে —-কদম ইজ ন’ ম’ৰ—-। হঠাৎ বাঢ়ি যোৱা প্ৰেছাৰে প্ৰাণ লয় কদমৰ।

কোলাত শূন্য দিনৰ কণমানিজনী লৈ অসীম ঠাইতে বহি পৰিল। এফালে পুত্ৰীৰ জন্ম বাতৰি আনফালে পত্নীৰ বিয়োগৰ বাতৰি। ইফালে সময়তকৈ আগতে অহাৰ কাৰণে কণমানীজনীৰ ওজন যিমান থাকিব লাগিছিল তাতকৈ কম আছে। সেইকাৰণে কেইঘণ্টামান ডাক্তৰে অৱজাৰভেশ্বনত ৰখাৰ কথা ক’লে। সেইমতে নাৰ্ছে তাৰ হাতৰপৰা কণমানীজনী পুনৰ নিজৰ কোলালৈ আনি গুচি গ’ল এন আই চি ইউলৈ। কেইঘণ্টামান বুলি কৈছিল যদিও সম্পূৰ্ণ আঠচল্লিশ ঘণ্টাৰ পিছত পখিলাজনীক অসীমৰ হাতত তুলি দিয়ে।অসীমৰ কাৰণে আছিল সেইখিনি সময় হৰ্ষ-বিষাদৰ। অসীমে বহুত দিনলৈকে নিজকে ক্ষমা কৰিব পৰা নাছিল। বাৰে বাৰে মনলৈ আহে সি যদি সেইদিনা জেদ নধৰাহেঁতেন, আজি কদম তাৰ কাষত থাকিলহেঁতেন। “হেঁতেন”টো বৰ দুৰ্ভগীয়া শব্দ অ’।

” পাপা ষ্টপ ষ্টপ।”

হঠাৎ প্ৰিয়মৰ চিঞৰত অসীমে গাড়ীৰ ব্ৰেকডাল মাৰি দিয়ে। 

: পাপা এইখনেই দোকানখন। ইয়াৰ পৰাই মোৰ লগৰ কস্তুৰীয়ে কিনিছিল।

গাড়ীৰ গ্লাছখন তললৈ নমাই প্ৰিয়মে দেউতাকক আঙুলিয়াই দেখুৱায় দোকানখনলৈ।

: ঠিক আছে, তুমি নামি দিয়া। মই গাড়ীখন ক’ৰবাত পাৰ্ক কৰি আহোঁ।

অসীমে প্ৰিয়মক নমাই থৈ পাৰ্কিঙৰ কাৰণে জেগা এটুকুৰা বিচাৰিবলৈ আগলৈ গাড়ীখন পোনায়। গাড়ীখন আগুৱাই লৈ যাওঁতে অসীমৰ মাকৰ কথাবোৰলৈ মনত পৰে। কিমান দিন যে তাক পুনৰ বিয়া কৰাবলৈ প্ৰেছাৰ দিছিল হিচাপ নাই। 

: বাবা, ছোৱালী এজনীৰ খবৰ পাইছোঁ।

বহুতদিনলৈকে অসীমৰ মাকে তাক পুনৰ বিবাহৰ কথা কৈ আমনি কৰে। পিছে সি কোনোপধ্যেই ৰাজি নহৈছিল। এতিয়া মাকো নাই, সেইবোৰ কথাৰো ইতি পৰিল। মাত্ৰ তাৰ এটাই লক্ষ্য এতিয়া কদমে বিচৰাৰ দৰে সি অকলেই প্ৰিয়মক ডাঙৰ কৰি মানুহ কৰিব। সিমানখিনি তাৰ নিজৰ ওপৰত বিশ্বাস আছে। গাড়ীখন পাৰ্ক কৰিবলৈ জেগা এটুকুৰা বিচাৰি তাতে গাড়ীখন থৈ অসীম পুনৰ উভতি আহে প্ৰিয়ম সোমোৱা দোকানখনলৈ।

: পাপা, নাই ইয়াত মই বিচৰাটো। 

অসীমে হাত দুখন পেণ্টৰ পকেটত ভৰাই তললৈ মুখ কৰি কিবাকিবি ভাবি খোজকাঢ়ি আহি থাকোঁতে গমেই পোৱা নাছিল প্ৰিয়ম যে ইতিমধ্যে দোকানৰ বাহিৰত। প্ৰিয়মৰ মাততহে সি ওপৰলৈ চকু তুলি তাইক দেখে,

: কিয়? ইয়াত পছন্দ হোৱা নাই?

: নাহ! ব’লা বেলেগত যাওঁ।

প্ৰিয়মে মুখখন কোঁচাই উত্তৰ দিয়ে।

: আজি মাম্মা থকাহেঁতেন নহয়… তোমাৰ ইমান কষ্টই নহয়।

প্ৰিয়মে দেউতাকৰ হাতখনত ধৰি গাড়ীৰ ওচৰলৈ গৈ থাকোঁতে নিজকে কোৱাদি ক’লে।

“হমম।” বুলি অসীমে গহীনত ক’লে যদিও তাৰ সঁচাকৈয়ে মন গ’ল কদমক দেখুৱাবলৈ সিহঁতৰ ছোৱালী যে কিমান ডাঙৰ হ’ল। ক্ষন্তেকৰ কাৰণেও যদি কদম আহিলহেঁতেন প্ৰিয়মজনীকে চাবলৈ। একান্তমনে আগলৈ চাই গৈ থকা প্ৰিয়মৰ মুখখনলৈ এবাৰ চাই তাইৰ হাতখন জোৰকৈ ধৰি নিজকে কোৱাদি ক’লে,

“গুদু আজি তুমি থকাহেঁতেন……!!”

**********

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *