দাশুৰ কীৰ্তি,মূল লেখক -সুকুমাৰ ৰায়,অনুবাদ-উপাসা ভাগৱতী
নবিচান্দে স্কুললৈ আহি ক’লে, কালি তাক হেনো ডকাইতে ধৰিছিল। শুনিয়েই স্কুলৰ সকলোৱেই হা হা কৰি দৌৰি আহিল।
‘ডকাইতে ধৰিছিল। কি কৈছ অ?’
ডকাইত নহয়নো কি? আবেলি সময়ত সি জ্যোতিলালৰ ঘৰলৈ পঢ়িবলৈ গৈছিল, তাৰপৰা ঘূৰি অহাৰ সময়ত ডকাইতে তাক ধৰি তাৰ মূৰত এচাট মাৰিলে, তাৰ নতুন মৰমৰ কাপোৰযোৰত বোকা পানীৰ ফিচকাৰি মাৰি গ’ল । আৰু যাবৰ সময়ত কৈ গ’ল মনে মনে থিয় হৈ থাক, নহ’লে ধাৰাম কৰি মূৰটো উৰাই দিম । সেইবাবে সি ভয়ত কম্পিত হৈ ৰাস্তাৰ কাষত প্ৰায় বিশ মিনিট থিয় হৈ আছিল । তেনে সময়তে তাৰ ডাঙৰ মোমায়েক আহি তাৰ কাণত ধৰি ঘৰলৈ লৈ গৈ ক’লে,
‘ৰাস্তাত চং সাজি ইয়াৰ্কি কৰিছিলি।’
নবীনচান্দে কান্দো কান্দো সুৰেৰে কৈ উঠিল।
‘মই কি কৰিম? মোক যে ডকাইতে ধৰিছিল।’
শুনিয়েই তাৰ মোমায়েকে প্ৰচণ্ড এক চৰ দি কলে—- ‘পুনৰ অকৰামি!’
নবীনচান্দে দেখিলে মামাকৰ লগত তৰ্ক কৰা বৃথা, কাৰণ সঁচাকৈয়ে তাক যে ডকাইতে ধৰিছিল,সেই কথা তাৰ ঘৰৰ কাৰোবাক বিশ্বাস কৰাবলৈ কঠিন হ’ব । সেইবাবে তাৰ মনৰ দুখ মনতেই মাৰ গৈছিল।
যি কি নহওঁক, স্কুললৈ আহি তাৰ দুখ বহুখিনি বোধহয় দূৰ হ’ব পাৰিছিল কাৰণ স্কুলৰ অন্তত আধা ল’ৰা-ছোৱালীয়ে তাৰ কথা শুনিবৰ বাবে একেবাৰে ব্যগ্ৰ হৈ তাৰ কাষত হাউলি পৰিছিল । আৰু তাৰ প্ৰত্যেকটো ঘামচি, ফেচকুৰি, খজুৱতিৰ দাগটো পৰ্য্যন্ত সিহঁতে আগ্ৰহেৰে চাই ডকাইতিৰ সুস্পষ্ট প্ৰমাণ বুলি স্বীকাৰ কৰিছিল। দুই-এজন যিয়ে তাৰ কিলাকুটিৰ আঁচোৰটোক পুৰণি বুলি সন্দেহ কৰিছিল তেওঁলোকেও ক’লে যে আঁঠুৰ কাষত যি এৰাই গৈছে সেয়া একেবাৰে সতেজ, নতুন । কিন্তু তাৰ ভৰিৰ গেৰোৱাত যি ঘাঁৰ দৰে আছিল সেইটো দেখি কেষ্টাই যেতিয়া ক’লে, সেইটো তো জোতাই কাটা.. তেতিয়া নবীনচান্দ ভয়ানকভাৱে চিঞৰি কলে–
‘যোৱা তোমালোকৰ ওচৰত আৰু একো নকওঁ।’ এই কেষ্টাটোৰ বাবেই মোৰ আৰু একো শুনাই নহ’ল।
তেতিয়া দহ বাজি গৈছে,ঢং ঢং কৈ স্কুলৰ ঘণ্টা বাজি উঠিল । সকলোৱে নিজৰ নিজৰ ক্লাছলৈ গুচি গ’ল, এনে সময়তে দেখিলো পগলা দাশুৱে মুখত এমোকোৰা হাঁহি লৈ ক্লাছলৈ সোমাইছে । মই ক’লো ,
‘শুনচোন ? কালি নবুক ডকাইতে ধৰিছিল !’
যেতিয়াই কথাটো কলো তেতিয়াই দাশৰথিৰ দৰে হঠাৎ হাত-ভৰি জোকাৰি, বহী-চহী পেলাই, সা, সা কৰি হাঁহি হাঁহি গৈ একেবাৰে মজিয়াৰ ওপৰত বহি পৰিল। পেটত হাত দি বাগৰা বাগৰি কৰি একোবাৰ চিত হৈ ওপৰমুৱাকে পৰি তাৰ হাঁহি আৰু কোনোমতেই বন্ধ নহ’ল।দেখি মই অবাক । পণ্ডিত মহাশয় ক্লাছলৈ সোমাই যেতিয়া আহিছিল তেতিয়াও তাৰ হাঁহি পুৰাদমে চলি আছিল । সকলোৱে ভাবিলে ল’ৰাটোৰ মূৰটো বেয়া হ’ল নেকি! যি কি নহওক অলপ সময় হৈ হাল্লা হোৱাৰ পিছত সি ঠাণ্ডা হৈ বহী পেঞ্চিল উঠাই বেঞ্চৰ ওপৰত উঠি বহিল। পণ্ডিত মহাশয়ে ক’লে—-
‘সেইদৰে হাঁহি আছিলা কিয়?’
দাশুয়ে নবীনক দেখুৱাই দি ক’লে—
‘সেই তাক চাই।’
পণ্ডিত মহাশয়ে বহুত কাঢ়া ধমক দি তাক ক্লাছৰ একোণত থিয় কৰাই ৰাখিলে । পগলাটোৰ তাতো লাজ নাই , সি সম্পূৰ্ণ ঘণ্টাটো মাজে মাজে বহীৰে মুখ ঢাকি ফিক ফিককৈ হাঁহি থাকিল । টিফিনৰ ছুটীৰ সময়ত নবুয়ে দাশুক চেপি ধৰিলে,
‘কি অ দাশু ? বৰ যে হাঁহিবলৈ শিকিছ!’
দাশুয়ে কলে,
‘নাহাঁহিম নে? তুমি কালি ধুচনী মূৰেৰে নাচিছিলা কিয়?’
দাশুয়ে পুনৰ কলে —
‘সেয়াও নাজানানে? সেই কেষ্টা আৰু জগাই—-হেই যা ! ক’বলৈ মানা কৰিছিলে !’
মই বিৰক্ত হৈ পৰি ক’লো,
‘কি কৈছ ভালকৈ নকৱ কিয়?’
দাশুয়ে ক’লে—–
‘শেঠবোৰৰ বাগানৰ পিছফালে নবু অকলে ঘৰলৈ গৈ আছিল, এনে সময়তে দুটা ল’ৰাই তাহাঁতৰ নাম কবলৈ মানা কৰিলে।তেওঁলোকে দৌৰি আহি নবুৰ মূৰত ধুচনীৰ দৰে কিবা এটা চপাই দি তাৰ গাৰ ওপৰত ভালকৈ ফিচকাৰী মাৰি আঁতৰি গ’ল।’
নবুৰ ভয়ানক ভাবে খং উঠি গ’ল,
‘তই তেতিয়া কি কৰিছিলি?’
দাশুয়ে কলে—–
‘তুমি তেতিয়া মূৰৰ পৰা বস্তুটো খুলিবৰ বাবে বেঙৰ দৰে ভৰি-হাত লৰাই জপিয়াই আছিলা… দেখি মই ক’লো আকৌ লৰিবি ধাম কৰি মাৰি মূৰ উৰাই দিম! সেয়া শুনি তুমি ৰাস্তাৰ মাজত কাঠ হৈ থিয় হৈ আছিলা । আৰু মই তোমাৰ ডাঙৰ মামাক মাতি আনিলো।’
নবীনচান্দ যেনে বাবুৱানা তেনেকুৱাই তাৰ দেমাকি, সেইবাবেই কোনোৱে তাক পছন্দ নকৰে,তাৰ লাঞ্ছনাৰ বৰ্ণনা শুনি সকলোৱে বেছ সুখী হ’লো। ব্ৰজলাল সৰু ল’ৰা, সেই বিষয়টো বুজিব নোৱাৰি ক’লে,
‘তেতিয়াহলে নবীন দাই যে কৈছিল তেওঁক ডকাইতে ধৰিছে?
দাশুয়ে কলে,
‘ধুৰ , বেঙা! কেষ্টাক কি বুলি মাতে এতিয়া?’
ক’বলৈ লওঁতেই কেষ্টা সেইখিনিত আহি উপস্থিত হ’ল । কেষ্টা আমাতকৈ ওপৰৰ শ্ৰেণীত পঢ়ে , তাৰ গাটোত যথেষ্ট জোৰ আছে । নবীন চান্দে তাক দেখা মাত্ৰেই চিকাৰী মেকুৰীৰ দৰে ফুলি উঠিল , কিন্তু মাৰ পিত কৰিবলৈ সাহ নাপালে , অলপ সময় কৎমৎ কৰি চাই সেইখিনিৰপৰা আঁতৰি গ’ল । মই ভাবিলো যি গোলমাল আছিল সেয়া ঠিক হৈ গ’ল । কিন্তু তাৰ পিছদিনাৰ ছুটিৰ সময়ত দেখিলো নবীয়ে তাৰ দাদাক মোহন চান্দক লৈ হন হন কৰি আমাৰ ফালে আহিছে । মোহন চান্দে এইবাৰ মেট্ৰিক দিব , সি আমাতকৈ বহুত ডাঙৰ ! তাক অন্য ধৰণে অহা দেখিয়েই মই বুজিলোঁ, এইবাৰ কিবা এটা কাণ্ড ঘটিব । মোহন আহিয়েই কলে,
‘কেষ্টা ক’ত?’
কেষ্টাই দূৰৰপৰাই তাক দেখি ক’ৰবালৈ গুচি গ’ল । সেইবাবে তাক আৰু পোৱা নগ’ল । তেতিয়া নবীন চান্দে ক’লে,
‘এই দাশুটোয়ে সকলো জানে , তাক সোধা।’
মোহনে কলে,
‘কিহে ল’ৰা , তুমি সকলো জানা নেকি?’
দাশুয়ে ক’লে,
‘নাই, সকলো আৰু জানিম কেনেকৈ, এতিয়াতো ফৰ্থ ক্লাচতহে পঢ়োঁ; অলপ ইংৰাজী জানো, ভূগোল, বাংলা, জ্যামিতি….।’
মোহন চান্দে ধমকি দি সুধিলে,
‘সেইদিনা নবুক যে কোনোবাই ঠগিছিল, তুমি তাৰ বিষয়ে কিবা জানা নেকি?’
দাশুয়ে কলে,
‘ঠগোৱা নাই নহয়, মাৰিছিলহে।’
মোহনে অলপ ভেঙুচাই কলে,
‘অলপহে মাৰিছিল ন? তথাপি কিমানখিনি শুনোচোন?’
দাশুয়ে কলে—-
‘ সেয়া একোৱেই নহয়, তেনেকৈ মাৰিলে একোৱেই নালাগে।’
মোহনে আকৌ ব্যংগ কৰি ক’লে ,
‘হয় নেকি? কেনেকৈ মাৰিলে লাগে?’
দাশুয়ে অলপ মূৰ খজুৱাই তাৰপিছত ক’লে,
‘সেইবাৰ যে হেডমাষ্টৰে তোমাক যিমান বেত মাৰিছিল সেইধৰণৰ।’
এই কথা শুনি মোহন ভয়ানক ভাবে চমকি উঠি দাশুক কাণমলা দি চিঞৰি উঠিল ,
‘চা বদমাছ। পুনৰ টেঙৰামি নকৰিবি তোক চৰিয়াই ৰঙা কৰি দিম। তই তাত আছিলি নে নাই? আৰু কি কি দেখিছিলি খুলি কবিনে?’
জানাই তো দাশুৰ মেজাজ পগলাৰ দৰে , সি অলপ সময় কাণত হাত বুলাই তাৰপিছত হঠাৎ মোহন চান্দক ভীষণভাৱে আক্ৰমণ কৰিবলৈ ধৰিলে । কাণমলা, ঘোচা, চৰ,আঁচোৰা, কামোৰা সি এনেকৈ তৎক্ষণাত চলাই গ’ল যে আমি সকলোৱে হা কৰি চাই থাকিলোঁ। মোহনে বোধহয় সপোনটো ভবা নাই যে ফৰ্থ ক্লাছৰ এটা ক্ষীণ ল’ৰাই তাক এইদৰে ফেপেৰি পাতি আহিবলৈ সাহস কৰিব পাৰে, সেইবাবে সি একেবাৰে থতমত খাই যুঁজ কৰিব নোৱাৰা হৈ পৰিল । দাশুয়ে তাক পাঁচ ছেকেণ্ডৰ ভিতৰত মাটিত চিৎ খোৱাই পেলাই ফোঁপাই জোপাই কলে,
‘ইয়াতকৈও বহুত লাহেকৈ মাৰিছিল।’
মেট্ৰিক দিবলগীয়া একে ক্লাছৰ ল’ৰাকেইটামান সেইখিনিত থিয় হৈ আছিল ।তেওঁলোকে যদি মোহনক চম্ভালি নললে হয়, সিদিনা দাশুৰ হাতৰপৰা তাক বচোৱাই মস্কিল হ’ল হয় ।
পিছত এদিন কেষ্টাক সোধা হৈছিল ,
‘কি অ’, নবুক সেইদিনা তহঁতে এনেকুৱা কিয় কৰিলি?’
কেষ্টাই কলে,
‘তেনেকুৱা কৰিবলৈ দাশুটোৱে শিকাইছিল ! আৰু কৈছিল, তেনে কৰিলে এক সেৰ জেলেপী পাবি।’
মই ক’লো,
‘ক’তা আমাক ভাগ নিদিলি যে?’
:ময়ৰাৰ দোকানলৈ যা, পইচা পেলাই দি যিমান বিচাৰ সিমান জেলেপী পাবি।’
আচ্ছা দাশু সঁচাকৈয়ে পাগল দেই , নহলে এনে ধেমালি কৰেনে?
**********
4:28 PM
বৰ ভাল লাগিল।