দুৱাৰৰ ইতিবৃত্ত-উপাসা ভাগৱতী

দুৱাৰ,দৰ্জা,কপাট আদি ভিন্ন শব্দৰে পৰিচিত ঘৰৰ দুৱাৰৰ চৌকাঠত ধৰি থিয় হৈ  পদূলিলৈ চাই থাকোঁতেই হঠাতে মনত পৰিল সৰুতে  আইতাই এইদৰে দুৱাৰৰ সোঁমাজত থিয় হৈ থাকিবলৈ মানা কৰিছিল। কেতিয়াবা কথা নুশুনি পোলা ডালত বহি পৰোঁতেই দবিয়াই নৰসিংহৰূপী নাৰায়ণে  হিৰণ্যাকশিপুক  বধ কৰা ক্ষণ আৰু ঠাইৰ কথা উল্লেখ কৰি বুজাইছিল। এৰা সেই অৱতাৰ যি জন্তুও নহয় মানুহো নহয় , সেয়া দিন আৰু ৰাতিৰ সন্ধিক্ষণ অৰ্থাৎ সন্ধিয়া আৰু ঘৰৰ ভিতৰতো নহয় বাহিৰতো নহয়,অৰ্থাৎ সি  আছিল দুৱাৰদলি— যি অমৰ হলোঁ বুলি ভবা অসুৰটোৰ মৃত্যুৰ কাৰক হৈ পৰিছিল । তেতিয়াই বুজি উঠিছিলোঁ ঘৰখনত দুৱাৰদলিৰ মহত্ত্ব ।  

আমাৰ সমাজত ঘৰৰ এই মূল দুৱাৰখনৰ এটা বিশেষ ভূমিকা আছে । কাৰণ এই মুখ্য পথটোক কেন্দ্ৰ কৰিয়েই মানুহৰ অহা যোৱাৰ লগতে জীৱনৰ সুখ, দুখ, হাঁহি কান্দোনবোৰো এই দুৱাৰ মুখেৰেই আমালৈ ধাৱমান হয় । সেইবাবে ইয়াৰ সন্মুখভাগ চাফ চিকুণকৈ ৰাখি উজ্জ্বল পোহৰ পৰিবলৈ ব্যৱস্থা কৰে যাতে ঘৰৰ সকলো সুস্বাস্থ্যৰে আনন্দেৰে জীৱনটো অতিবাহিত কৰিব পাৰে। 

দৰ্জা বা দুৱাৰমুখে মানুহৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ভাৰতৰ বিভিন্ন ঠাইত ঘৰৰ প্ৰধান দুৱাৰখন বিশেষ ধৰণে সজোৱা পৰিলক্ষিত হয় । আমাৰ উত্তৰ পূবৰ  উপাসনা কেন্দ্ৰৰ অন্যতম হিন্দুসকলৰ মন্দিৰৰ দুৱাৰবোৰ  অলপ উচ্চতাত নিৰ্মাণ হোৱা দেখা যায় কিন্তু মন্দিৰৰ ভিতৰলৈ সোমাওঁতে তললৈ মূৰ কৰি যাব লাগে অৰ্থাৎ মনৰ অহং ভাব শিৰ নত কৰিলেই  নাশ হয়…সেইবাবেই যেন এই প্ৰচেষ্টা । 

আদিমকালত গুহাবাসী মানৱে ৰ’দ,বতাহ,বৰষুণ আৰু বনৰীয়া জীৱ-জন্তুৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ উদ্দেশ্যেই  শিল, গছ-পাত,বাঁহ,কাঠ আদিৰে গুহাৰ প্ৰৱেশ পথ ৰুদ্ধ কৰিবৰ বাবে কৰা প্ৰচেষ্টাই যে এটা সময়ত দুৱাৰৰ ৰূপ ল’লেগৈ সেয়া অনুমান কৰিব পাৰি ।প্ৰাচীন কালত বিশেষকৈ দক্ষিণ ভাৰতৰ  কিছু ঠাইত দুৱাৰদলি তোৰণৰ আকৃতিৰে শিলেৰে সজা হৈছিল। শিলৰ কঠিনতাই জীৱনলৈ আহিব পৰা দুখবোৰ আঁতৰ কৰা বা নিজৰ হৃদয়খন যিকোনো ক্ষেত্ৰতে শিলৰ দৰে কঠিনতাৰ পৰশেৰে আবৰি ৰাখি যিকোনো ক্ষেত্ৰতে সমানে যুঁজিবলৈ যেন সাহসৰ বর্মৰ কাম কৰে তেনে অনুমান হয়। বিভিন্ন আকৃতিৰ খাঁজকটা  সুন্দৰ সুন্দৰ আকৃতিয়ে  মানুহৰ মন মুহিছিল  আৰু ঘৰখনৰ সকলো মানুহৰ মনৰ ৰংবোৰৰ খবৰেই যেন উদঙাই দেখুৱায় তাৰেই প্ৰমাণ দাঙি ধৰিছিল  । 

ভাৰতৰ  বিখ্যাত দৰ্জাৰ আকৃতি  আমি সাঁচিৰ স্তূপত দেখা পাওঁ । ভালদৰে লক্ষ্য কৰিলে আমি ধৰিব পাৰোঁ যে সেই সময়ত দুফালে দুডাল মাৰিৰ ওপৰত তিনিডাল বাটাম দিয়া থাকে । সম্ভৱতঃ সেই সময়ত ওপৰত দুজন শিষ্য বহি থাকি পুৱা-সন্ধিয়া চৰিবলৈ যোৱা আৰু চৰি ঘৰমুৱা হোৱা পশুৰ গণনা কৰিছিল। 

প্ৰাচীন কালত দৰ্জাৰ আকাৰ বৰ সৰু আছিল । বিভিন্ন ফুল, পাত আদিৰে তোৰণ সজা হৈছিল। বিশেষকৈ আমডালি, নাৰ্জী-ফুলৰ ব্যৱহাৰ বেছি হৈছিল । কিছুমান ঠাইত অশোক ফুলৰ পাতো দিয়া দেখা যায়। অশোক শব্দৰ অৰ্থই হৈছে শোক ৰহিত । সেইবাবেই যেন ইয়াৰ ব্যৱহাৰ কৰিছিল। আমপাত দিয়াৰ অৰ্থ হৈছে আম এবিধ সুমিষ্ট ফল তাতে আমপাত ঔষধি গুণযুক্তও। আয়ুৰ্বেদত আমপাতৰ গুণবোৰ উল্লেখ থকা আমি দেখিবলৈ পাওঁ। তদুপৰি এই পাত বহুদিনলৈ সজীৱ হৈ থাকে । আমাৰ অসমীয়া সমাজত বিভিন্ন উৎসৱ পাৰ্বণত  বিশেষকৈ বিয়াত আমপাতেৰে ঘৰৰ  নঙলামুখৰপৰা ঘৰৰ প্ৰতিখন দৰ্জাত আমডালি অঁৰা দেখা যায়।পানী তুলিবলৈ যাওঁতে ঘটত আমডালি দি পানী তুলি আনি নোৱাওঁতে সেই পানী খাবলৈ দিয়াও হয় ।এই কাৰ্যৰদ্বাৰা সকলোৰে জীৱনলৈ আমপাতৰ দৰে সজীৱ সুস্বাস্থ্য কঢ়িয়াই অনাৰ ইংগিতেই যেন বহন কৰে । আনহাতে ভাৰতৰ বিভিন্ন ঠাইত নাৰ্জী-ফুলেৰে দুৱাৰদলি সজোৱা দেখা যায় । নাৰ্জী-ফুল শ-পহীয়া। ইয়াৰ প্ৰতিপাহ ফুলতেই বীজ আছে আৰু মাটিত  ৰুলে প্ৰতিটো পাহেই একোডাল গছত পৰিণত হয় । ইয়াৰ উৰ্বৰতা গুণ অধিক। যিকোনো ঠাইতে ইয়াৰ বীজ বৰ সহজে গজি উঠে । সেইবাবেই  দুৱাৰদলিত বোধকৰো নাৰ্জী-ফুলৰ ব্যৱহাৰ অধিক ,ইযাৰ আদৰো অধিক । 

দৰ্জা এখনে  প্ৰকৃততে বাহিৰৰ ঋণাত্মক শক্তিক ভিতৰলৈ অহাত বাধা দিয়ে আৰু ভিতৰৰ ধনাত্মক শক্তিক বাহিৰলৈ ওলাই যোৱাত বাধা প্ৰদান কৰে। সেইবাবে আন দুৱাৰতকৈ এখন ঘৰৰ মূল দুৱাৰখন আন দুৱাৰতকৈ অলপ ডাঙৰকৈ সজা হয়। 

বিশেষকৈ উত্তৰ ভাৰতীয় সমাজত নেমু-জলকীয়াৰ মালা এডাল সূতাত গাঁঠি দৰ্জাৰ ঠিক সোঁমাজত আঁৰি থোৱা দেখা যায়। এনে কাম আজিকালি সকলো ঠাইৰ ব্যৱসায় প্ৰতিষ্ঠানবোৰতো কৰা দেখা যায়। এই ব্যৱস্থা একেবাৰে আমাৰ কেঁচুৱাবোৰক দিয়া কাজলৰ ফোঁটটোৰ দৰেই  ক্ৰিয়া হয় যেন লাগে।মানুহৰ দৃষ্টি প্ৰত্যক্ষভাৱে কেঁচুৱাৰ মুখত নপৰিবৰ বাবে কেঁচুৱাক ডাঙৰকৈ কাজলৰ ফোঁট দিয়াৰ ব্যৱস্থাৰ দৰে দৰ্জাৰ মুখত নেমু-জলকীয়া আঁৰি থোৱাৰ কাৰণো প্ৰায় একেই । নেমু হৈছে টেঙা ফল  আৰু জলকীয়াৰ গুণ হৈছে জ্বলা। দেখাৰ লগে লগে  মনলৈ অহা সেই স্বাদৰ প্ৰতিক্ৰিয়াই ঋণাত্মক ভাৱনাক ঘৰৰ ভিতৰলৈ সোমাই অহাত বাধা প্ৰদান কৰে । ইয়াৰ আন এক কাৰণো দেখা যায় । নেমু আৰু জলকীয়া হেনো অলক্ষ্মীৰ ভোগ । লক্ষ্মী আৰু অলক্ষ্মী দুই বাই-ভনী । লক্ষ্মী ধনাত্মক শক্তিৰ প্ৰতীক আৰু অলক্ষ্মী ঋণাত্মক শক্তিৰ । ঘৰৰ ভিতৰত শ্ৰীৰ অৰ্থাৎ লক্ষ্মীৰ বাবে ভোগ আছে কিন্তু বাহিৰত থকা অলক্ষ্মীক ভিতৰ সোমাই অহাক বাৰণ কৰাৰ বাবেই বাহিৰতে  তেওঁৰ বাবে অৰ্থাৎ দুৱাৰদলিত নেমু-জলকীয়াৰ ভোগ অৰ্পণ কৰি তেওঁক সন্তুষ্ট কৰা হয়। যাতে ঘৰখনৰ শ্ৰী তেওঁ হৰণ কৰিব নোৱাৰে । কাৰণ অলক্ষ্মী ঘৰত সোমালে লক্ষ্মী ঘৰৰ পৰা ওলাই যাব । 

দুৱাৰ-মুখ  ৰাতিপুৱা পানী দি প্ৰক্ষালন কৰা হয় । অসমীয়া সমাজত বোৱাৰী পুৱাতে চোতাল ঘৰ সৰা নিয়ম । কোনেও যাতে বাহী   চোতালত ভৰি দিব নোৱাৰে। নহ’লে ঘৰৰ মানুহৰ স্বাস্থ্য হানি হয় বুলি বিশ্বাস। যিদৰে এগৰাকী নাৰীয়ে স্নান সমাপন কৰি সুন্দৰকৈ সাজি-কাচি থাকে তেনেদৰে তেওঁৰ দ্বাৰা সঞ্চালিত গৃহক পানীৰে স্নান কৰাই ভিতৰ আৰু বাহিৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখে। চাফ-চিকুণতা সুস্বাস্থ্যৰ বাহক । মানুহে নিজৰ শৰীৰটো চাফ-চিকুণকৈ ৰখাৰ দৰে ঘৰখনৰ লগতে দুৱাৰ-মুখখনিও পৰিষ্কাৰ পৰিচ্ছন্নভাৱে  ৰাখি  সকলোৰে মনলৈ প্ৰফুল্লতা কঢ়িয়াই আনে । 

ভাৰতৰ প্ৰায়বোৰ গৃহৰ সন্মুখত অৰ্থাৎ দুৱাৰদলিত আল্পনা অঁকা দেখা যায়। এই আল্পনা নাৰীৰ মানসিক স্থিতিৰ প্ৰতিফলনৰ বাবে  ডাঙৰ সৰু হোৱা দেখা যায় । পুৰণিকালত ভিক্ষু, ভিক্ষাৰী, স্থানীয় লোকে এই আল্পনাৰ ওপৰত নিৰ্ভৰ কৰি ঘৰৰ আৰ্থিক অৱস্থাৰ কথা অনুমান কৰিব পাৰে । তেনেধৰণেই আল্পনা চাই ভিক্ষু ,ভিক্ষাৰী আদিয়ে ভিক্ষা বিচাৰিছিল । তদুপৰি ঘৰখনৰ শোকৰ সময়ত দুৱাৰৰ সজ্জা তথা আল্পনা অংকন কৰা নহয়। 

পুৰাণত দ্বাৰ ৰক্ষকৰ বিশেষ ভূমিকা আছিল । বৈকুণ্ঠৰ দ্বাৰ ৰক্ষক  আছিল জয়-বিজয়। যি ৰাম অৱতাৰত ৰাৱণ-বিভীষণ আছিল। মন্দিৰ সমূহত হনুমান আৰু গণেশক দ্বাৰ ৰক্ষকৰ ভূমিকাত দেখা যায়। গণেশক মাতৃ পাৰ্বতীয়ে দ্বাৰ পাল ৰূপে থৈ নিজৰ পতি শিৱকো ঘৰৰ ভিতৰলৈ যোৱাত বাধা প্ৰদান কৰিছিল আৰু তাৰফলত হোৱা যুদ্ধত  শিৱই গণেশৰ শিৰচ্ছেদ কৰে। পিছত হস্তীৰ মূৰ  সংযোগ কৰাত বৰ্তমানৰ গণেশৰ প্ৰতিৰূপ দেখিবলৈ পাওঁ । 

অসমীয়া সমাজত নামঘৰৰ এক বিশেষ স্থান আছে ।  পূবা-পশ্চিমাকৈ সজা নামঘৰত পশ্চিমফালৰ  মূল দুৱাৰখনেই হৈছে মুখ্য দুৱাৰ । দুৱাৰৰ দুয়োকাষে আৰু ওপৰৰ কাঠত পদুমফুল,লতা আদি কাটি দিয়া হয়। তাক মেহৰাজী কৰা বোলে। দুৱাৰত সিংহ কাটি দিলে হয় সিংহ দুৱাৰ  । বাহিৰৰ পৰা ধৰিব পৰাকৈ দুৱাৰত কলচী আৰু ভিতৰৰপৰা বন্ধ কৰিব পৰাকৈ শলখা লগোৱা হয়।

দৰ্জা শব্দটোৱে বাস্তুকলাত এক উচ্চ আসন লৈ আছে যিয়ে এক ক্ষেত্ৰক ঘেৰি ৰাখে আৰু ৰক্ষা কৰে আৰু সেই স্থান খোলা আৰু বন্ধ কৰি ৰাখিবলৈ ব্যৱহাৰ হয় ।সাধাৰণতে এখন দৰ্জাই কোনো এক ভৱনৰ কোঠাটো বাহিৰ আৰু ভিতৰ অংশক পৃথক কৰে। ভিন্ন দেশত ভিন্ন প্ৰকাৰৰ দৰ্জাৰ ৰূপ দেখা যায়। যি দেশত কাঠ দুৰ্লভ তাত শিলৰ দুৱাৰ তৈয়াৰ কৰা দেখা যায়। খ্ৰীষ্ট জন্মৰ পূৰ্বে জ্বালামুখী বিস্ফোৰণত বিধ্বস্ত পম্পেই নগৰৰ অৱশেষত চতুৰ্থ আৰু ষষ্ঠ শতাব্দীৰ শিলেৰে তৈয়াৰী অনেক প্ৰাচীন দুৱাৰ পোৱা গৈছে । 

দ্বাৰ কাঠৰহে অধিক জনপ্ৰিয় । কেতিয়াবা ইয়াৰ পাল্লা দুই, তিনি বা চাৰিলৈকে হোৱা দেখা যায় । ইউৰোপত দ্বাদশ শতাব্দীত দুৱাৰ এটা শলাত ঘূৰি থকা নকৰি কব্জাত তৈয়াৰ কৰিবলৈ প্ৰথা আৰম্ভ কৰিলে । লোহাৰ কব্জাত ফুল ,পাতৰ আকাৰ কাটি  দুৱাৰখন সুদৃঢ় কৰাৰ লগতে সজোৱা আৰু সকলোৰে মনোগ্ৰাহী কৰাৰ চেষ্টা কৰিছিল । 

মুছলিম দেশবোৰত দুৱাৰ প্ৰায়ে তৰা সদৃশ ষড়ভূজ বা অন্য কোনো জটিল আকৃতিৰ ঠিলা দিয়া হয় । অধিক সজাবলৈ ইয়াত ধাতুৰ বিভিন্ন আকৃতি কাটি কাঠত সংযোগ কৰা হয় । চীন ,জাপান ,আৰু ভাৰততো ইয়াৰ উদাহৰণ দেখিবলৈ পোৱা যায় । জুইৰ পৰা বাচিবলৈ আজিকালি ধাতুৰ দৰ্জা তৈয়াৰ হ’বলৈ লৈছে । বিশেষ প্ৰকাৰৰ কামৰ বাবে বিশেষ প্ৰকাৰৰ দৰ্জা থাকে । 

দৰ্জা সাধাৰণতেই আয়তাকাৰ হয় যদিও ওপৰৰ অংশ গোলাকৃতিৰো হ’ব পাৰে। 

মূল দৰ্জা সাধাৰণতে সদায় উত্তৰ,উত্তৰ-পূব ,পূব বা পশ্চিম দিশে মুখ কৰি থকা উচিত। এই দিশবোৰ শুভ হিচাপে বিবেচিত । দক্ষিণ-পশ্চিম,উত্তৰ-পশ্চিম,দক্ষিণ-পূব দিশৰ প্ৰধান দৰ্জা সাধাৰণতেই এৰাই চলা উচিত । বাস্তু মতেও এই বিশ্বাস যে এই দৰ্জা কেৱল প্ৰৱেশ প্ৰস্থানৰ বাবে নহয় বৰঞ্চ ঘৰৰ মাজলৈ শুভ শক্তি অহাৰ পথো। এই দৰ্জাৰ মাধ্যমেৰে আমি বাহিৰৰ জগতখনৰ পৰা ঘৰৰ মাজলৈ প্ৰৱেশ কৰোঁ আৰু ঘৰৰ ভিতৰলৈ সুখ আৰু সৌভাগ্যও প্ৰৱেশ কৰে । সেইবাবে ঘৰলৈ প্ৰৱেশ পথৰ অৱস্থান অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়।ইয়াৰ ওপৰতে পৰিয়ালৰ সুখ-শান্তি,ধন-সম্পত্তি আৰু সুস্বাস্থ্য নিৰ্ভৰ কৰে।কাৰণ ঘৰৰ সদৰ দৰ্জা ঘৰৰ প্ৰথম পৰিচয় । 

বাস্তু শাস্ত্ৰৰ মতে ঘৰৰ প্ৰৱেশ পথত কাঠৰ দৰ্জা থকা মঙ্গলময় । দক্ষিণ দিশৰ দৰ্জা কাঠ বা ধাতু দুয়োবিধৰে ব্যৱহাৰ থকা আৱশ্যক। পশ্চিমত ধাতুৰ, উত্তৰ দিশত ৰূপালী ৰং আৰু পূব দিশত কাঠৰ দৰ্জাত সামান্য ধাতুৰ পৰশ মংগলজনক বুলি বিবেচিত  । উত্তৰ-পূবৰ দৰ্জা সৰ্বপ্ৰথম সূৰ্য্যৰ ৰশ্মিৰে প্ৰকাশিত হোৱা বাবে প্ৰচুৰ শক্তি ঘৰত প্ৰৱেশ কৰে। উত্তৰৰ দৰ্জাই গৃহলৈ ধন-সম্পত্তি আৰু সৌভাগ্য  কঢ়িয়াই আনে,উত্তৰ পশ্চিম দিশৰ দৰ্জাত অস্তগামী সূৰ্য্যৰ ৰশ্মি পৰি গৃহত সমৃদ্ধি আহিবলৈ আকৰ্ষিত কৰে ।

সদৰ দৰ্জাৰ চাৰিওকাষ পৰিষ্কাৰ পৰিচ্ছন্ন ৰাখিলে শুভ শক্তিৰ উদয় হয় । ডাষ্টবিন,ভঙা চকী, টুল জোতা-চেণ্ডেল আদি ৰাখিব নালাগে  । সদৰ দৰ্জাৰ সন্মুখত এনে দাপোন ৰাখিব নালাগে য’ত দৰ্জাৰ প্ৰতিচ্ছবি প্ৰতিফলিত হয়।এনে হলে ঘৰৰ শুভশক্তি বাহিৰলৈ ওলাই যাব পাৰে বুলি বিশ্বাস । 

কোনো বাধা নোহোৱাকৈ দুৱাৰ এখন,বিশেষকৈ মূল দুৱাৰখন নব্বৈ শতাংশ পৰ্যন্ত খুলিব পৰা হব লাগে। দৰ্জাৰ কব্জাত নিয়মিত তেল দিব লাগে যাতে কোনো শব্দ নহয় । গা ধোৱা ঘৰ মূল দৰ্জাৰ ওচৰত হব নালাগে ।প্ৰাণীৰ মূৰ্তি বা অন্যান্য চিত্ৰ, ঝৰণা  আৰু পানীৰ উপাদান এৰাই চলিব লাগে আৰু ই কেতিয়াও ক’লা ৰঙৰ হোৱা উচিত নহয়  । 

দৰ্জাৰ ইতিহাসৰ প্ৰথম খবৰ আমি পাওঁ ৪০০০ বছৰ আগতে মিচৰৰ এটা সমাধিৰ ওপৰত  পোৱা চিত্ৰত। প্ৰাচীন মিচৰত বাস্তুকলাত  মানুহ মৰিলে তেওঁলোকৰ কবৰৰ ওপৰত খিৰিকীৰ দৰে এখন নকলী দৰ্জা অংকন কৰা হয় য’ত দৰ্জাৰ সাজ-সজ্জা অংকিত হয় ।  এই দৰ্জাই জীৱনৰ অন্ত হোৱাৰ পিছৰ দ্বাৰখন প্ৰতিফলিত কৰে । সময় পাৰ হোৱাৰ লগে লগে দৰ্জাও সলনি হ’বলৈ ধৰে। ইয়াৰ বিকাশৰ এটা দীঘল কাহিনী আছে । ৰোমানসকলৰ জানুচ দুৱাৰৰ দেৱতা। ৰীতি-নীতিত বিশ্বাসী এই লোকে যুদ্ধ-বিগ্ৰহৰ সময়ত কোনো সেনাৰ মৃত্যুত দুৱাৰেৰ পাৰ হৈ যাবলৈ শুভ আৰু অশুভ দুই নীতি পালন কৰাত বিশ্বাসী আছিল । 

চীনত য়াং অফ সুই কে সম্রাটৰ সময়ত( ৬০৪ ৰ পৰা ৬১৮ লৈকে শাসন কৰিছিল) প্ৰথম খোজৰ শব্দত খোল খাই যোৱা দৰ্জা তৈয়াৰ কৰিছিল । দৰ্জাৰ বিভিন্ন আকৃতি নিৰ্মাণত চীনৰ বহুত ডাঙৰ অৱদান আছে । 

দ্বাদশ আৰু ত্ৰয়োদশ শতাব্দীত দৰ্জাৰ মহত্ত্ব ইমানেই বৃদ্ধি পাইছিল যে ই মানুহৰ সামাজিক আৰু ৰাজনৈতিক স্থিতি দৰ্শাইছিল । দৰ্জাত খোদিত চিহ্নই সমাজত মানুহজনৰ মহত্ত্ব দৰ্শাইছিল । পৃথক পৃথক মোহৰ দৰ্জাত লগাইছিল যিয়ে মানুহজনৰ প্ৰতিষ্ঠা প্ৰতিফলিত কৰিছিল। 

কাঠৰ ওপৰিও তাম আৰু কাচেৰে তৈয়াৰী দুৱাৰ মধ্যযুগীয় বাস্তুকলাৰ অভিন্ন সামগ্ৰী আছিল । দৰ্জাৰ বাবে প্ৰয়োগ হোৱা কাঠৰ ভিতৰত অন্যতম আছিল ওক গছৰ কাঠ । 

দৰ্জা মন্দিৰ কিম্বা গীৰ্জাঘৰ য’ৰেই  নহওক কিয় তাত লোহাৰ শলখাৰ ব্যৱহাৰ হৈছিল । ইয়ে দুৱাৰখনক মজবুত কৰি তোলে আৰু সৌন্দৰ্যও বঢ়াই তোলে । 

১৬ আৰু ১৭শতাব্দীৰ সময়ত শিল্পকলাই উচ্চতম শিখৰ পাইছিলগৈ । এই যুগক মধ্য আৰু আধুনিক যুগ বুলি কোৱা হয় । এই সময়ত বৌদ্ধিক বতাহ  প্ৰবল আছিল। স্পেনিছ শৈলীৰ পুনৰ জাগৰণৰ পিছত দৰ্জাত বহুতো  লোহাৰ জালি কটা  হৈছিল। ডাঙৰ সৰু বহুতো জোঙা গজালৰ প্ৰয়োগ হৈছিল । হাতীয়ে যাতে দৰ্জা ভাঙিব নোৱাৰে তাৰ বাবেই এই ব্যৱস্থা আছিল । 

ইটালীৰ পাহাৰৰ টাক্সন শৈলীত দুৱাৰবোৰ দেখিবলৈ বৰ ধুনীয়া আছিল। ইয়াৰ সীমাত বিভিন্ন আকৃতি,চৰাই,পাত আদিৰে সজোৱা আছিল । কিছুমান দুৱাৰৰ আয়তাকাৰ অংশ মূৰ্তিকলাৰে ভৰি আছিল য’ত শাস্ত্ৰ বিষয়ক অসংখ্য আকৃতি একেলগে চিত্ৰিত কৰিছিল ।  বিখ্যাত চিত্ৰকৰ মাইকেল এঞ্জেল’ৱে এনে দৰ্জাক ‘স্বৰ্গৰ দ্বাৰ’ৰ ৰূপত বৰ্ণনা কৰিছে । সেয়া এনে এক সময় আছিল যেতিয়া ধৰ্মৰ মহত্ত্ব অধিক আছিল। ফ্ৰান্সৰ দৰ্জা সৰ্বপ্ৰথম কেথড্ৰেল ধৰ্মৰ ভিত্তিত তৈয়াৰ কৰিছিল। তাত গ্ৰন্থৰ বিৱৰণ, হাথিয়াৰ বা ৰাজসিক ৰূপঙ্কণৰ বিশেষত্ব বেছি আছিল আৰু এই দৰ্জা মুখ্য ৰূপত দেৱদাৰু কাঠৰ তৈয়াৰী আছিল । বহু বছৰৰ পিছত ফ্ৰান্সৰ দৰ্জা এনেধৰণৰ ধাৰ্মিক বাস্তুকলাৰপৰা আঁতৰি আহিছিল । পিছলৈ দৰ্জাত তেওঁলোকে বিভিন্ন নক্সাৰ চিত্ৰ আৰু তাৰ কাষত সুন্দৰ  কাৰুকার্য কৰি সৌন্দৰ্য বঢ়াইছিল । 

সময়ৰ গতিয়ে প্ৰতিটো স্তৰতে দুৱাৰৰ  সুন্দৰ এক ইতিহাস কঢ়িয়াই আনি প্ৰতিটো স্তৰতে কিদৰে ই পৰিবৰ্তিত হৈ উন্নতৰপৰা উন্নততৰ মানদণ্ডৰ হৈ গৈ আছে তাকে আমাক দাঙি ধৰিছে। বাঁহ ,কাঠৰপৰা আৰম্ভ কৰা দৰ্জাৰ  যাত্ৰা  এতিয়া  লোহা,ষ্টীলৰ পৰ্যায় পাইছেগৈ। আজি দৰ্জাত শাস্ত্ৰীয়, আধুনিক, ফ্ৰান্স আদি বিভিন্ন শৈলীৰ প্ৰভাৱেৰে বিকাশ লাভ কৰিছে যদিও দুৱাৰখন মূলতে গৃহৰ সুৰক্ষাৰ বাবে ব্যৱহৃত হয় আৰু ইয়াৰ ভিতৰ আৰু বাহিৰ অংশৰ পৰিচ্ছন্নতাৰ জৰিয়তেই সুখ ,সমৃদ্ধি আমাৰ জীৱনলৈ আগমন হয় বুলি আজিও বিশ্বাস কৰা হয় ।

 ************

One comment

  • বন্দিতা জৈন

    ভাল লাগিল পঢ়ি।দৰ্জা বা ঘৰৰ মূল দুৱাৰ খনৰ বিষয়ে ইমান বোৰ কথা সোমাই আছে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *