দেৱপানী , ব্ৰহ্মকুণ্ড ,পৰশুৰাম কুণ্ডই কিয় হাত বাউল দি স্বাগতম জনায়-জয়ন্ত গগৈ


প্ৰাথমিক স্কুলৰ অ আ ক খ ….বোৰ শিকি বুজি বাক্য পঢ়িবলৈ লোৱাৰ সময়তে দেউতাই ‘ অমৰচিত্ৰ কথা ‘ শিশু ছবিৰ্ধমী চিৰিজখন হাতত তুলি দিছিল। সেই চিৰিজতে পৰশুৰামৰ বিষয়ে পঢ়িছিলোঁ। আকৌ কেইবছৰমানৰ পিছতে টেলিভিছনত B.R Chopra ৰ দ্বাৰা নিৰ্মিত অতি জনপ্ৰিয় ‘ মহাভাৰত ‘ চিৰিয়েলখন এটাও খণ্ড বাদ নপৰাকৈ , চকু টিপ নমৰাকৈ একান্তমনেৰে উপভোগ কৰিছিলোঁ। মহাকাব্য মহাভাৰতৰ কাহিনীভাগ চকুৰ আগত ভাঁহি থকা যেন হ’ল। এই মহাভাৰত চিৰিয়লখনতো পৰশুৰামৰ কাহিনীভাগ মনত ৰৈ গ’ল। হাইস্কুলীয়া শিক্ষা লোৱা অৱস্থাত বুজিব পাৰিলোঁ আমাৰ উত্তৰ-পূৱৰ অৰুণাচলতে এই ঐতিহাসিক পৰশুৰামৰ কাহিনী জড়িত ঠাই পৰশুৰাম কুণ্ড অৱস্থিত। সেই সময়ত জনশ্ৰুতি অনুসৰি এই পৰশুৰাম কুণ্ডলৈ কেৱল মাক-দেউতাক নথকা লোকসকলেহে যাব পাৰে আৰু সেই পৰশুৰাম কুণ্ডত গৈ স্নান কৰিলে জীৱনত কৰা পাপ খণ্ডন হয় বুলি জানি আহিব পাৰিছিলোঁ। সেই সময়ত ইলেকট্ৰনিক মিডিয়াবোৰ নাছিল , কথাবোৰ ভালকৈ জানিবলৈ। কাকতে পত্ৰই প্ৰচাৰো কম হৈছিল। জনশ্ৰুতি অনুসৰিয়েই সেই ঠাইখনৰ প্ৰতি এক সমীহ ভাৱ এটি জাগি আছিল। ২০০৯ চনৰ জানুৱাৰী মাহৰ দিন এটা। মাঘৰ বিহুৰ মেজিৰ আয়োজন কৰি থাকোঁতেই অৰুণাচলৰ নামচাইত কাঠৰ ব্যৱসায় কৰি থকা লগৰ এজনে জনালে মাঘবিহুৰ সময়ত পৰশুৰাম কুণ্ডত বিৰাট ডাঙৰকৈ মেলা হয়। সেই মেলাত ভাৰতৰ বিভিন্ন ৰাজ্যৰ অগণন লোকৰ পয়োভৰ হয় । লগতে চুবুৰীয়া বিদেশী ৰাষ্ট্ৰ নেপালৰ বহুতো দর্শনার্থী আহে বুলি জানিব পাৰিলোঁ। লগৰজনে পৰশুৰাম কুণ্ড ঠাইখনৰ প্ৰাকৃতিক নৈসৰ্গিক ৰূপৰ যি বৰ্ণনা দাঙি ধৰিলে , মনত হেপাঁহ এটা জাগিল পৰশুৰাম কুণ্ডলৈ যোৱাৰ। লগৰীয়া কেইজনে মিলি পৰশুৰাম কুণ্ডলৈ মাঘবিহুৰ ভোজৰ পিছদিনাই যোৱাৰ প্ৰগেম পাতিলোঁ। ইতিমধ্যে মোৰ শ্ৰদ্ধাৰ মা-দেউতাই ইহলীলা সম্বৰণ কৰিছিল বাবে মনৰ সমীহবোৰ দূৰ হৈ পৰশুৰাম কুণ্ডলৈ লগৰ কেইজনৰ সতে যাবলৈ প্ৰস্তুতি চলালোঁ। আমি দহজন লগৰীয়া লগ হৈ Winger গাড়ী এখন বন্দোৱস্তি কৰিলোঁ। ভোগালীৰ ভোজ-ভাত খাই মেজি ঘৰত নাথাকি ঘৰত শুবলৈ আহিলোঁ। পুৱা ৪:০০ বজাতেই আমাৰ যাত্ৰা আৰম্ভ কৰাৰ কথা। নাহৰকটীয়াৰপৰা অৰুণাচলৰ পৰশুৰাম কুণ্ডলৈ প্ৰায় ১৯০ কি: মি: হয় আৰু সময় হিচাপে প্ৰায় ৫ ঘণ্টাৰ বাট। সময়মতেই পুৱাই যাত্ৰা আৰম্ভ কৰিলোঁ। শীতৰ  হিমচেচাঁ ফিৰফিৰিয়া বতাহ এছাটি গাড়ীৰ কাঁচৰ খিৰিকীৰ মাজত ৰৈ যোৱা সুৰুঙাৰে আহি ঠাণ্ডা লগাই আছিল। পাৰ্যমানে গৰম কাপোৰেৰে শৰীৰটো চেঁচা বতাহছাটিৰপৰা ৰক্ষা পোৱাৰ চেষ্টা কৰিলোঁ। বাহিৰত মনিব নোৱাৰা ঘন কুঁৱলী । কুঁৱলী ফালি আমাৰ গাড়ীও ক্ৰমান্বয়ে তিনিচুকীয়া হৈ ডুমডুমা , কাকপথাৰ পথেৰে আগবাঢ়ি গৈ আছোঁ। যাত্ৰাপথত বহুতো তীৰ্থযাত্ৰীৰ গাড়ী পৰশুৰাম কুণ্ডৰ দিশলৈ গৈ থকা মন কৰিলোঁ‌। আমি কাকপথাৰতে ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিবলৈ ৰৈ গ’লো। প্ৰাতঃভোজন কৰি পুনৰ অৰুণাচলৰ দিশে ধাৱমান হ’লো। কাকপথাৰৰ পৰা অসম-অৰুণাচল সীমান্ত ডিৰাক চেক্ গেটলৈ প্ৰায় ১৮ কি:মি  আৰু আধা ঘণ্টাৰ বাট। আমিও ডিৰাক গেট ৮:০০ বজাতেই পালোঁগৈ। চেক্ গেটত তীৰ্থযাত্ৰী গাড়ীৰ দীঘলীয়া শাৰী। আমাৰ লগৰ দুজনমানে গেটত থকা অৰুণাচল চৰকাৰৰ বিভাগীয় অফিচৰপৰা ইনাৰলাইন পাৰ্মিট তৈয়াৰ কৰি আনিলেগৈ। প্ৰয়োজনীয় নথি-পত্ৰ অৰুণাচল চৰকাৰৰ সীমান্তৰক্ষীয়ে পৰীক্ষণ কৰি আমাক পৰশুৰাম কুণ্ডৰ দিশত যোৱাৰ অনুমতি দিলে। ডিৰাক গেটৰপৰা পৰশুৰাম কুণ্ডলৈ প্ৰায় ১০০ কি: মি: আৰু আঢ়ৈ ঘণ্টাৰ বাট।

অৰুণাচল প্রদেশ প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ। অৰুণাচল প্রদেশ ভাৰতবৰ্ষৰ একেবাৰে উত্তৰ-পূবত অৱস্থিত। সমগ্র ভাৰতবৰ্ষৰ ভিতৰতে প্রাকৃতিক সৌন্দর্যৰে ভৰা মনােমােহা স্থানবােৰৰ ভিতৰত অৰুণাচল অন্যতম। গােটেই অৰুণাচল প্রদেশখনকে প্রকৃতিয়ে অপাৰ সৌন্দর্য প্ৰদান কৰিছে। সেয়ে অৰুণাচলক বােলা হয়- প্রকৃতিৰ জীয়ৰী। এই প্রাকৃতিক মনােমােহা ৰূপৰ বাবেই অৰুণাচল প্রদেশ হৈ পৰিছে পর্যটকৰ লগতে চিনেমা নির্মাতাসকলৰ বাবে আকর্ষণীয় স্থান। অসমীয়াৰ উপৰিও বহুতাে হিন্দী চিনেমাৰ লােকেচনৰ বাবে অৰুণাচলকে নির্বাচন কৰি চিনেমা শ্বুটিং কৰিছিল। আপােনাৰ বাৰু মন নাযায়নে প্রকৃতিৰ জীয়ৰী অৰুণাচলৰ এই সৌন্দর্য উপভােগ কৰিবলৈ।

কেনেকৈ যাব : তিনিচুকীয়াৰ পৰা গাড়ীৰে যাত্ৰা কৰি ডুমডুমা, ৰূপাই চাইডিং, মহাদেৱপুৰ, কাকপথাৰ, ডিৰাক গে’ট, নামচাই, চৌখাম, ৱাকৰু আৰু পৰশুৰাম কুণ্ড‌। অৰুণাচল প্রদেশলৈ যাবলৈ হ’লে আপুনি প্রবেশপত্র (innerline permit) সংগ্রহ কৰিব লাগিব। ইয়াৰ বাবে আপুনি অৰুণাচল প্রদেশৰ জিলা উপায়ুক্ত নতুবা কলিকতা, গুৱাহাটী, তেজপুৰ, লক্ষীমপুৰ আৰু ডিব্ৰুগড়ত থকা পর্যটকৰ কাৰ্যালয়ৰপৰা সংগ্ৰহ কৰিব পাৰে। প্রৱেশপত্র সংগ্রহ সঠিক তথ্যৰ বাবে আপুনি লিয়েজন অফিচাৰ, অৰুণাচল চৰকাৰ আৰ. জি. বৰুৱা ৰােড, গুৱাহাটী-৭ ঠিকনাতো যােগাযােগ কৰিব পাৰে। তদুপৰি অসম-অৰুণাচল সীমান্ত চকী ডিৰাকতো তাৎক্ষণিক পাৰপত্ৰ উলিয়াব পাৰে। গুৱাহাটীৰপৰা দৈনিক নৈশ বাছ তেজুলৈ চলাচল কৰে। একেদৰে তিনিচুকীয়াৰপৰা তেজুলৈ দৈনিক বাছৰ চলাচল কৰে। তেজু হ’ল পৰশুৰাম কুণ্ড সমীপৱৰ্তী নগৰ য’ত থকা খোৱাৰ সুবিধা আছে।

 ডিৰাকৰপৰা পৰশুৰাম কুণ্ডলৈ যোৱাৰ পথত পোৱা হয় নামচাই । ‘লেণ্ড অব গ’ল্ডেন পেগোডা’ বুলি জনাজাত এই ঠাই ৷ আপুনি নামচাইলৈ বা পৰশুৰাম কুণ্ডলৈ আহিলে এই সোণালী পেগোডাত এপাক যদি সোমাই নাযায় তেন্তে আপুনি বহুতো মিছ কৰিব। আপোনাৰ যাত্ৰা আধাৰুৱা হৈ ৰোৱা যেন লাগিব। একেদৰেই এই সোণালী পেগোডাৰ পৰা কিছু দূৰৈত অৱস্থিত ভগৱান বৌদ্ধৰ সুবৃহৎ মূৰ্ত্তিটোও পৰিদৰ্শন কৰিব পাৰিব। গতিকে হাতত অলপমান সময় বেছিকৈ লৈ আহিলে সুবিধাজনক হয়। নোৱাদিহিঙৰ পাৰত খামতি জনবসতিপ্ৰধান এই ঠাই ইতিহাস আৰু প্ৰকৃতি উভয়ৰে ফালৰপৰাই সুখ্যাত৷ হীনযান বৌদ্ধ বিহাৰ অৰ্থাৎ চং সুদৃশ্য আকাৰ আৰু ৰূপত দেখা যায় ইয়াত৷ এসময়ত এই নামচাইতে এছিয়া মহাদেশৰ আটাইতকৈ ধনী ব্যক্তিজনৰ ঘৰ আছিল । যিটো গৃহ তিনিচুকীয়াৰ পৰা নামচাইলৈ অহা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে দেখিবলৈ পোৱা যোৱা। তিনিচুকীয়াৰপৰা নামচাইলৈ প্ৰায় ৭৫ কি: মি:। নামচাই পাৰ হৈয়ে ৱাকৰু নামৰ ঠাইখন পোৱা যায়, যিখন কামলাং সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া ঠাই । এই অৰণ্য উদ্ভিদ আৰু প্ৰাণীকুলত চহকী ৷ পাহাৰীয়া এঢলীয়া ওখ-চাপৰ ঠাইত ৰোপন কৰা সুমথিৰাৰ বাগানৰ বাবে বিখ্যাত। সুমথিৰা বাগিচাৰ পক দিয়া সেন্দূৰীয়া হালধীয়া কমলাবোৰ গছত ওলমি থকা দৃশ্যই যিকোনো মানুহৰে মন চঞ্চল কৰি তুলিবই। আমাৰো একেই অৱস্থা হৈছিল। বাগিচাৰ মুখে মুখে বাঁহৰ সঁজাত বান্ধি ৰখা সোণালী হালধীয়া পকা সুমথিৰাৰ টোপোলা লৈহে মন ক্ষান্ত হৈছিল। এই ৱাকৰু অঞ্চলতে  গ্ল’ লে’ক পোৱা যায় । এই লে’কৰ বৈশিষ্ট্য এয়ে যে ই পাহাৰৰ উচ্চতাত অৱস্থিত। সেয়ে  গ্ল’ লে’ক অতিকৈ মনোৰম বুলি পৰ্যটকসকলে বৰ্ণনা কৰিছে। য’ত দুঃসাহসিক ক্ৰীড়াৰ লগত জড়িত লোকসকলে পাহাৰৰ উচ্চথলীৰ পৰা ট্ৰেকিং, ৰাফটিং, এংগলিং আদিৰ কাৰণে এক উপযুক্ত স্থান হিচাপে গণ্য কৰি আহিছে।

পাহাৰীয়া অকোৱা -পকোৱা পথেৰে কাষতে থকা সুমথিৰা বাগিচাবোৰৰ মাজেৰে দূৰৈৰ বৰফাবৃত পাহাৰৰ চূড়াবোৰ চাই চাই গৈ থাকোঁতে অৰুণাচল প্রদেশৰ এক আকর্ষণীয় পর্যটনস্থলী পৰশুৰাম কুণ্ডলৈ স্বাগতম জনোৱা তোৰণখনিৰ তলেৰে আগুৱাই গ’লো। তাৰমানে আমি আমাৰ লক্ষ্যস্থান পালোহি। পথৰ দুয়োকাষে অচিনাকি নম্বৰ প্লেটৰ ( অসমৰ বাহিৰৰ) বহুতো বাছ গাড়ী দেখিবলৈ পালোঁ। কোনোখন যদি হিমাচলৰ , আনখন উত্তৰ প্ৰদেশৰ, বিহাৰৰ বা ঝাৰখণ্ড আদিৰ । সৰু সৰু যান বাহনৰ সংখ্যা কোৱাটোৱেই মস্কিল…গণিব নোৱাৰা। চি আৰ পি এফ আৰু অৰুণাচল আৰক্ষীয়ে পথৰ এটা অংশৰপৰা আগুৱাই যাবলৈ নিদিলে। সুবিধা জনক ঠাই এটুকুৰাত আমাৰ গাড়ী পাৰ্কিঙ কৰি গাড়ীৰ পৰা নামোতেই কাণত খৰস্ৰোতা লোহিত নদীৰ পানীৰ হো হোৱনি শব্দই কাণত ধ্বনি তুলিলেহি। নদীৰ উৎস বিচাৰি থিয় পাহাৰৰ টিলা দুটিৰ মাজেৰে আগুৱাই যোৱা মূল পথৰ ওপৰেদি এটা কেঁকুৰি পাৰ হৈ আগুৱাই গ’লো। সন্মুখত বিৰাট দীঘলীয়া পকী দলং এখনি দেখি মনৰ উচাহবোৰ চঞ্চল হৈ পৰিল। দুখন সুউচ্চ পাহাৰৰ সংযোগ ঘটাই এখন দলং সাজিছে। ৱাউ: কি সুন্দৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশ। দলঙৰ ওপৰত উঠিলেই পাহাৰীয়া ফিৰফিৰিয়া বতাহছাটিয়ে আপোনাক অনবৰতে দেহ-মন চুই থাকিব। নদী পৃষ্ঠৰপৰা সুউচ্চ উচ্চতাত অৱস্থিত দলঙৰপৰা চাৰিওফালে চালে সেউজীয়া পাহাৰৰ নৈসৰ্গিক শোভাই আপোনাৰ মনৰ আনন্দবোৰ বঢ়াই তুলিব। দলঙৰপৰা সোঁফালে চালেই স্পষ্টকৈ চকুত পৰিব লোহিতৰ খৰস্ৰোতা নীলাভ পানীৰ মাজত পবিত্ৰ পৰশুৰাম কুণ্ড। দৃশ্যটো ইমানেই মনোযোগ আকৰ্ষণকাৰী যে চালে চাই থাকিবলে মন যায়। দুপৰীয়াৰ তীক্ষ্ণ বেলিৰ ৰশ্মিয়ে লোহিতৰ বুকুত সিঁচৰতি হৈ থকা নানান ৰঙী শিলাখণ্ডৰ ওপৰত প্ৰতিফলিত হৈ মুকুতাৰ দৰে তিৰবিৰাই আছে। এনে লাগে যেন দৌৰি নদীৰ বক্ষলৈ গৈ মুকুতাৰদৰে উজ্বলি থকা শিলবোৰ কাঁজলি ভৰাই বুটলি আনিম। দলঙৰপৰা তললৈ চালো বহু তলত লোহিতৰ পৰিস্কাৰ নীলাভ পানীবোৰ শিলে শিলে ঠেকা খাই প্ৰচণ্ড জোৰেৰে বৈ গৈছে। কোবাল সোঁতৰ জলৰাশি আৰু নদীৰ বুকুত থকা শিলৰ মাজত হোৱা প্ৰচণ্ড ঘর্ষণৰ বাবেই প্ৰবল শব্দৰ পয়োভৰ ঘটিছে। আকৌ দলঙৰ বাওঁফালে চালেই লোহিতৰ এটা পাৰে সমতলভূমিভাগ চকুত পৰিব। য’ত পৰশুৰাম কুণ্ডমেলা বহিছে। লোকে লোকাৰণ্য মেলাস্থলী। ৰং বিৰঙৰ নানান সামগ্ৰীৰ চিকমিকনিয়ে আপোনাক মেলালৈ হাত বাউল দি মাতি থকা যেন লাগিব। বোৱতী খৰস্ৰোতা লোহিতৰ এফালে যদি সমতল ভূমি আনফালে নদীৰপৰাই সুউচ্চ পাহাৰৰ লানি থিয় হৈ আছে বিস্তীৰ্ণ এলেকাজুৰি। দলং পাৰ হৈ তেজু অভিমুখে যোৱা গাড়ীবোৰে পাহাৰৰ একা বেঁকা পথেৰে বগাই ক্ৰমান্বয়ে পাহাৰৰ সেউজীয়াবোৰৰ মাজত বিলীন হৈ যোৱা দৃশ্যবোৰ চাই থাকিয়েই ভাল লাগে। দলঙৰপৰা পৰিৱেশটো উপভোগ কৰি ইমানেই আপ্লুত হৈছোঁ যে দিনটোৰ বাবে হাতত ৰখা সময়বোৰ পাৰ হৈ যোৱা কথা পাহৰি পেলাইছোঁ। এনেদৰে দলঙৰ ওপৰত কিমান সময় ৰৈ পৰিছিলোঁ ক’ব নোৱাৰোঁ। সময়বোৰ কমি অহাৰ বাবে খৰখেদাকৈ পৰশুৰাম কুণ্ড বা ব্ৰহ্মকুণ্ডৰ পানীৰে মন শৰীৰ পবিত্ৰ কৰি অহাৰ মানসেৰে খটখটীৰে তললৈ নামি গ’লো। খটখটী আৰম্ভ হোৱা অংশতে থকা মন্দিৰত সেৱা জনালোঁ। মন্দিৰ স্থলী অসংখ্য সাধু সন্ন্যাসীয়ে মন্ত্ৰ জপ কৰি আছিল। কুণ্ডলৈ যোৱা পকী খটখটী পাহাৰৰ গঢ়া কাটি তৈয়াৰ কৰা । সেয়ে কেতিয়াবা বহুত তললৈ আৰু কেতিয়াবা বহুত ওপৰলৈ বগোৱা বাই যাব লগা হৈছিল। এনেদৰে তল ওপৰ কৰি যাব লগা হোৱাৰ বাবেই ভাগৰ অনুভৱ কৰিছিলোঁ। সেয়েহে কুণ্ডলৈ যোৱা প্ৰতিগৰাকী তীৰ্থ যাত্ৰীকে খটখটী বগাই ভাগৰি পৰা দেখিবলৈ পাইছিলোঁ। পৰ্ণপাতী চিৰসেউজ অৰণ্যৰ বুকুৰ মাটি অংশত সাধাৰণতে সূৰ্য্যৰ পোহৰ আৰু তাপ তেনেকৈ নপৰে। সূৰ্য্যৰ ক্ষীণ কিৰণ অলপমানহে পৰে। গতিকে সেমেকা পৰিৱেশত অৱস্থিত খটখটীবোৰ সেমেকি আছিল। তাতে শীতৰ কুঁৱলী পৰি মজিয়াখন পানী পৰি থকাৰদৰেই হৈছিল। খুউব সাৱধানে আগবাঢ়িব লগা হৈছিল। পৰশুৰাম কুণ্ডৰ প্রাকৃতিক দৃশ্য হৃদয়পৰশা। আকাশ, পানী, পৃথিৱী যেন এক হৈ পৰিছে। ফিৰফিৰিয়া হিমচেচাঁ বতাহ এজাকে অনবৰতে দেহ-মন স্পৰ্শ কৰি আছে যদিও ওখ চাপৰ খটখটীৰে বগাই শৰীৰ ঘৰ্মাক্ত হৈ পৰিছিল।প্রায় ৪০০ ৰাে বেছি খটখটীৰে নামি গৈ আমি কুণ্ডৰ কাষ পালোঁগৈ। নদীৰ সোঁত খুৱ তীব্র আৰু খৰস্রোতা। পৱিত্ৰ, পৰিষ্কাৰ, স্বচ্ছ আৰু চেঁচা পৰশুৰাম কুণ্ডৰ পানী। ঈষৎ নীলা আৰু সেউজ বৰণীয়া পৰশুৰাম কুণ্ডত লোহিতৰ জলৰাশি। সেই জলৰাশিত পুৰুষ মহিলা বহুতকে স্নান কৰা লক্ষ্য কৰিলোঁ। সৰহ সংখ্যকেই অসমৰ বাহিৰৰ। তাৰে কিছু লোক নেপালৰ বুলি জানিব পাৰিলোঁ। লাহেকৈ ময়ো জলৰাশিৰ ওচৰলৈ গৈ পানী দুচলুমান লৈ নেদেখা জনৰ ওচৰত প্ৰণাম জনালোঁ। হিম যেন চেঁচা পানীৰে মুখ-হাত ধুই পৰিধান কৰি থকা কাপোৰৰ সৈতে মূৰৰ ওপৰলৈ কেইবা চলু পানী চটিয়াই ল’লোঁ। স্নান কৰিব পৰাকৈ প্ৰয়োজনীয় কাপোৰ নথকাৰ বাবেই তেনেদৰেই কুণ্ডৰ পানীৰে দেহ মন শুচি কৰিলোঁ। সঁচা আৰু পবিত্ৰ মন এটি লৈ কৰা কৃত কৰ্মতো সফল হ’ব পাৰি।

পৰশুৰাম কুণ্ড অৰুণাচল প্ৰদেশৰ লোহিত জিলাত অৱস্থিত এখন প্ৰাকৃতিক পাহাৰীয়া ঠাই। আগতে ইয়াৰ নাম দেৱপানী বা ব্ৰহ্মকুণ্ড আছিল। অঞ্চলটোত শিৱৰ এটা মন্দিৰ আছে। ইয়াতে পৰশুৰামে লোহিত নদীখন কাটি ভৈয়ামলৈ বোৱাই দিছিল বুলি প্ৰবাদ আছে। ১৮৪০ চনত ইংৰাজ অভিযাত্ৰী ডেল্টনে লোহিত নদীৰ দক্ষিণ পাৰত ৭০ ফুট দীঘল আৰু ৩০ ফুট বহল এই কুণ্ডটো আৱিষ্কাৰ কৰে।পৰশুৰাম কুণ্ড কামলাং সংৰক্ষিত বনাঞ্চল এলেকাৰ ভিতৰত অৱস্থিত হিন্দুসকলৰ এক প্ৰসিদ্ধ তীৰ্থস্থান৷ চৌপাশে ৰুদ্ৰাক্ষ গছেৰে ভৰা ঘন অৰণ্য, যাৰ গুটি পবিত্ৰ বুলি বিশ্বাস কৰা হয়৷ কিম্বদন্তি মতে, পিতৃবাক্য পালন কৰি পৰশুৰামে নিজৰ মাকক কুঠাৰেৰে হত্যা কৰিছিল৷ পিছত সেইখন দলিয়াই দিয়াত পাহাৰৰ ওপৰত পৰিলহি৷ কুঠাৰখনে পাহাৰক দুভাগ কৰিলে৷ তাৰ পৰাই ওলাই আহিল লোহিত নদী৷ পৰশুৰামৰ কুঠাৰখন য’ত পৰিছিল সেই ঠাইৰ নামেই পৰশুৰাম কুণ্ড৷ বিশ্বাস আছে যে মকৰ সংক্রান্তিৰ সময়ত এই ব্ৰহ্মকুণ্ডত ডুব মাৰি স্নান কৰিলে সকলো পাপ খণ্ডন হয়৷ কালিকা পুৰাণৰ মতে মাতৃহন্তা পৰশুৰামে ইয়াতে পাপমুক্ত হৈছিল৷ প্ৰতি বছৰে জানুৱাৰী মাহৰ ১৩ তাৰিখৰ পৰা ১৫ তাৰিখলৈ এই স্থানত বৃহৎ মেলা অনুষ্ঠিত হয়৷ অগণন ভক্তৰ তাত সমাগম হয়৷ লোহিত জিলাৰ অন্তৱৰ্তী এই ঠাইৰপৰা জিলা সদৰ তেজুলৈ ২১কিল’মিটাৰ দূৰ৷ থকা-মেলাৰ বাবে পৰশুৰাম কুণ্ডত গে’ষ্ট হাউচ আছে৷ তিনিচুকীয়াৰ পৰা ইয়ালৈ পথ-দূৰত্ব ১২০কিল’মিটাৰ।
উত্তৰ পূৱ সীমান্তত অৱস্থিত পৰশুৰাম কুণ্ড ইতিহাস প্রসিদ্ধ তীর্থস্থান। ইয়াৰ ঐতিহ্য অতি প্রাচীন । কালিকা পুৰাণ, ব্রক্ষপুৰাণ, বিষ্ণুপুৰাণ আদিত ইয়াৰ উৎপত্তিৰ কাহিনী বর্ণনা কৰা হৈছে। পূর্বৰ চুতীয়া ৰজা ৰধ্বজ পালে গৌড় ৰজাৰ লগত বন্ধুত্ব স্থাপন কৰি গঙ্গা আৰু পৰশুৰাম কুণ্ডৰ জল সলনা-সলনি কৰিছিল বুলি পােৱা যায় পৌৰাণিক গ্ৰন্থত। বর্তমান এই পবিত্র স্থান অৰুণাচল প্রদেশৰ লােহিত জিলাৰ অন্তৰ্গত । কৈলাসৰ ওচৰৰ মদনা পর্বতত শান্তনু ঋষিয়ে তেওঁৰ পত্নী আমােঘাৰ সৈতে আশ্রম পাতি বাস কৰিছিল। এদিন শান্তনু ঋষিৰ অনুপস্থিতিত ব্রক্ষাই আশ্ৰমত প্রৱেশ কৰি আমােঘাৰ আলিঙ্গন প্রার্থনা কৰিলে । কিন্তু পতিব্রতা আমােঘাই সেই অনুৰােধ প্রত্যাখান কৰাত তেওঁ ঘৰৰ পৰা সন্মুখতে ব্রহ্মাই বীৰ্য ত্যাগ কৰি অন্তৰ্ধ্যান হ’ল।ধ্যানৰ বলেৰে এই কথা জানিব পাৰি শান্তনু ঋষিয়ে ঘৰলৈ আহি সেই বীর্য পান কৰিবলৈ পত্নীক আদেশ দিলে , কাৰণ জগতৰ হিতার্থে ব্রক্ষাই তেওঁক তেনে অনুৰােধ কৰিছিল। আমােঘাই এই আদেশ মানিবলৈ অমান্তি হােৱাত শান্তনুৱে নিজেই ব্রহ্মাৰ বীৰ্য পান কৰি আমােঘাৰ গৰ্ভত স্থাপন কৰিলে। কালক্ৰমত তেওঁৰ জলৰূপী এটি সন্তানৰ জন্ম হল। ব্রহ্মাৰ পুত্র হােৱাৰ বাবে তেওঁ নাম ল’লে ব্রহ্মপুত্র। ব্ৰহ্মপুত্ৰই পৰ্বতত এটা হ্রদ সৃষ্টি কৰি তাৰ মাজত সােমাই থাকিল।

একদৰে পৰশুৰামে পিতৃৰ আদেশক্ৰমে নিজ মাতৃক নিজ হাতেৰেই কুঠাৰঘাত কৰি হত্যা কৰাৰ পাছত মাতৃ হত্যাৰ মাহাপাপত ভুগি নিজৰ হাতৰ কুঠাৰ হাতৰপৰা এৰুৱাব নোৱাৰা হয়, বহুবছৰ বহুতো তীৰ্থস্থান দৰ্শন কৰাৰ পাছত একান্ত ভক্তি ভাৱৰে ভগৱানক আৰাধানা কৰাৰ পাছত মাহদেৱ শিৱ তেওঁৰ ভক্তিত সন্তুষ্ট হৈ বিষ্ণু জৰথাক সাক্ষাৎ কৰিবলৈ কলে। বিষ্ণু জৰাথক সাক্ষাৎ কৰাত তেওঁ ক’লে উত্তৰ-পূৱত এটি ব্ৰহ্মকুণ্ড আছে আৰু সেই ব্ৰহ্মকুণ্ডৰ পাৰ কাটি বোৱতী জলধাৰাত কুঠাৰ সহিতে স্নান কৰিলে তেওঁৰ পাপ খণ্ডন হৱ, শেষত এই কুণ্ডৰ পানীৰে গা-ধোৱাৰ পাছতহে হাতৰ কুঠাৰ এৰুৱাব পাৰিছিল, তেতিয়াৰেপৰাই এই কুণ্ডৰ নাম পৰশুৰাম কুণ্ড নামেৰে জনাজাত হৈ পৰে। 

খটখটীৰে কুণ্ডলৈ নামি আহোঁতে যিমান ভাগৰিছিলো , পুনৰ উভতি উঠি আহোঁতে আৰু অলপ বেছিকৈহে ভাগৰ অনুভৱ কৰিছিলোঁ। খটখটীৰ পকী তৰপবোৰত য’তে ত’তে ভাগৰত কাতৰ হৈ পৰা বহু তীৰ্থ যাত্ৰীকে অলপ খটখটী উঠি পুনৰ ভাগৰুৱা হৈ য’তে ত’তে বহি বহি অহা দেখিবলৈ পালোঁ। আমি যুৱক সকলৰে অৱস্থা কাঢ়িল ! বয়সীয়াসকলৰ তেনে হোৱাটো স্বাভাৱিক। ভাগৰত যেনে তেনে আমিবোৰ মূল পথত ভৰি দিয়ে মেলাস্থলীলৈ আগুৱাই গ’লো। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময় হৈছিল । মেলাস্থলীৰপৰা বতাহত বিয়পি পৰা খাদ্য সম্ভাৰৰ গোন্ধে পেটৰ ভোকটোক বেছিকৈ জোকাৰিছিল। ভোক,পিয়াহ আৰু ভাগৰুৱা দেহাৰ পেটত খোৱা বস্তু অলপ যোগাৰ দিবলৈ খামতি লোকৰ হোটেল এখনত বহি টোপোলা ভাতৰ সোৱাদ ল’লো। খৰিকাত দিয়া মাছ আৰু মাংস, পাহাৰীয়া কলডিলৰ সতে বনৰীয়া কচু দি বনোৱা দাইল, বনৰীয়া গছপাতৰ  জ্বলা চাটনি আদি কেইবাবিধো জনজাতীয় খাদ্যৰ তালিকাত আছিল। অন্য দিনাখনতকৈ জিভাই খাদ্যৰ সোৱাদ অলপ বেলেগ ধৰণে লভি প্ৰয়োজনতকৈ বেছিকৈ খোৱা হ’ল। পেটে ‘ঔৱক’ কৰি উগাৰ এটি আহোঁতেহে উদৰত আহাৰ দিয়া পৰ্ব সামৰিলোঁ। 

সময় দুই বাজিবৰ হ’ল। মেলাৰ চাৰিওকাষে এপাক মাৰিলোঁ। হায়ুলিয়াঙৰ পৰা অনা সুস্বাদু সুমথিৰাবোৰ মেলাৰ কেইবা ঠাইত বিৰাট দ’ম এটা এটা কৰি ৰাখিছিল। গ্ৰাহকৰ হাতে হাতে সুমথিৰাৰ টোপোলা। আমিও তাৰ ব্যতিক্ৰম নহ’লোঁ। সুমথিৰা আৰু মেলাৰ দুই এটা সৰু সুৰা সামগ্ৰী লৈ গাড়ীত উঠিলোঁ। আমি পৰশুৰাম কুণ্ডৰ দলংখন পাৰ হৈ তেজুলৈ যোৱা পথেৰে কিছুদূৰ আগুৱাই যাম । পাহাৰীয়া সুউচ্চ পথত হাৱা আৰ্মী কেম্পৰ ওপৰলৈ এটা ভিউ পইণ্ট আছে৷ ইয়াৰ পৰা লোহিত উপত্যকা অঞ্চল সম্পূৰ্ণকৈ প্ৰত্যক্ষ কৰিব পাৰি ৷ পৰশুৰাম কুণ্ড, লোহিত নৈৰ ওপৰৰ দলং, ৱাকৰুলৈ যোৱা পথ আদিও দেখা যায় ৷ এই দৰ্শনস্থলীৰ পৰা সূৰ্যোদয় আৰু সূৰ্যাস্তৰ দৃশ্যও উপভোগ কৰিব পাৰি। যি দৃশ্য অতিকৈ নান্দনিক।

সেউজীয়া অৰণ্য, শিলাময় পৰ্বত, জান-জুৰি, জলপ্ৰপাতেৰে ভৰপূৰ এই বৃহত্তৰ অঞ্চলটো ৷ জনসমাগমৰ পৰা সুদূৰত প্ৰকৃতিৰাণীয়ে যেন ইয়াতেই সকলো ৰূপ-সৌন্দৰ্য অকৃপণভাৱে ঢালি-বাকি দিছে৷ এইখন এনে এখন পাৰ্বত্য নিবাস যিয়ে আগমনকাৰীৰ মন-প্ৰাণ হৰি নিব পাৰে ৷ এইখনেই সেই ঠাই, আগুৱাই গৈ থকা বাটৰ প্ৰতিটো কেঁকুৰিত যি এটা কথা বাৰে বাৰে কৈ যায় যে প্ৰকৃতিৰ সৌন্দৰ্য কোনোপধ্যে জোখা নাযায়৷ লোহিতৰ ওপৰেদি ৰছীত ওলমি থকা দলংবোৰ পাৰ হোৱাটো ইয়ালৈ অহা প্ৰতিজনৰে বাবে নিঃসন্দেহে এক শ্বাসৰুদ্ধকৰ অভিজ্ঞতা । তেনেকুৱা ওলোমা দলঙৰ মধ্যভাগত সন্মুখীন হোৱা শক্তিশালী বতাহৰ কবলত পৰি দুলি থকা দলঙেৰে তলেদি বৈ থকা খৰস্ৰোতা নৈখন ইপাৰ-সিপাৰ হোৱাটো দৰাচলতে এটা ৰোমাঞ্চকৰ কামেই …অন্যান্য প্ৰাকৃতিক বাধাক জয় কৰা । তেজুৰ পৰা আগলৈ ডিমৱে, তাফৰাগাম গাঁও ইত্যাদি ৷ তেজুৰ পৰা ডঙলৈ দূৰত্ব ২১৫কিল’মিটাৰ । এই ডঙৰপৰাই ভাৰতৰ সৰ্বপ্ৰথম সূৰ্যোদয় দৃশ্য দেখিবলৈ পোৱা যায় । হায়ুলিয়াঙৰপৰা ১১২কিল’মিটাৰ৷ তিনিচুকীয়াৰপৰা পূবে ৩৫০কিল’মিটাৰ৷ ৱালঙৰ পৰা ডঙলৈ যাওঁতে সেনাৰ অনুমতি লৈ কিছুদূৰ গাড়ীৰে আগুৱাই যাব লাগে। আৰু একেবাৰে শেষ প্ৰান্তত ৰঙা চীন সীমান্তত অৱস্থিত উত্তৰ পূৱ ভাৰতৰ প্ৰথমখন গাওঁ কিবিথো পোৱা যায়।

হাৱা কেম্প মানে বতাহ এজাক অনবৰতে বলি থাকে। ভালকৈ খোপনি পুটি নতুবা সজাগ হৈ নাথাকিলে বতাহে ঠেলি লৈ যোৱাৰ সম্ভাৱনাই অধিক । হাৱা কেম্প উচ্চতাৰপৰা পৰশুৰাম কুণ্ডস্থলীৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি বেলি পৰাৰ আগেয়ে আমি উভতিলোঁ। কাৰণ পৰশুৰাম কুণ্ডত থাকোঁতেই প্ৰশাসনে আমাক জনাইছিল যে সন্ধিয়া সময়ত আৰু ৰাতিপুৱা ৪ৰ পৰা ৫ বজাৰ ভিতৰত পৰশুৰাম কুণ্ডত এনে এজাক কোবাল বলিয়া বতাহ প্ৰতিদিনে বলে যে নদীৰ বুকুত থকা শিলবোৰো উৰুৱাই নিব খোজে । দলঙৰ ওপৰত সেয়ে সেই সময়ত মানুহৰ বা গাড়ীৰ আহ-যাহ প্ৰশাসনে বাৰণ কৰে। চকুৰে দেখিবলৈ পাইছিলোঁ মেলাত থকা সময়তে বলা এজাক কোবাল বতাহৰ জুৰ। অস্থায়ী দোকান ঘৰবোৰৰ চালিত , তিৰপালবোৰ বান্ধি ৰখা ডাঙৰ ডাঙৰ শিলবোৰো বতাহে ঠেলি পঠিয়াইছিল। চালিত বান্ধি ৰখা টিন উৰুৱাই দূৰৈত পেলাইছিলগৈ। গতিকে কোবাল বতাহজাক অহাৰ আগেয়েই দলংখন পাৰ হৈ লোৱা আমাৰ বাবে সুবিধাজনক হব । পৰশুৰাম কুণ্ডৰ আবেলিৰ সাজ লগা সময়ৰ বতাহ জাকৰ পৰা নিৰাপদে ঘৰমূৱা হ’বলৈ চেষ্টা কৰিলোঁ। বলিয়া বতাহজাক সেইদিনা সময়ত আহিল নে নাই নাজানো কিন্তু খৰস্ৰোতা লোহিতৰ ৰ্গজন কৰি থকা জলধাৰাই শিলাময় নদীৰ বুকুত প্ৰচণ্ড খুন্দা মাৰি সৃষ্টি কৰা সোঁ সোঁৱণি শব্দটো পৰশুৰাম কুণ্ড এৰি আহিলোঁ যদিও বহু দূৰলৈকে কাণত ৰিণি ৰিণি বাজি থকা যেন লাগিল।

 **********

Leave a Reply

Your email address will not be published. Required fields are marked *