“দ্যা ব্লু ষ্টাৰ—-বুলেট টু ইন্দিৰা” গ্ৰন্থৰ স্ৰষ্টা ৰামানুজ গোস্বামীৰ সৈতে অন্তৰঙ্গ আলাপ


ফেচবুক মাধ্যমৰ জৰিয়তে বৰ্ত্তমান অসমীয়া ভাষাৰ যি প্ৰচাৰ আৰু প্ৰসাৰ আৰম্ভ হৈছে,সেয়া অসমীয়া ভাষা সাহিত্যৰ বাবে অত্যন্ত আশাপ্ৰদ এক খবৰ বুলিব পাৰি।

নতুন গ্ৰন্থ একোখন ৰচনাৰ প্ৰতি যুৱচামৰ ধাউতি দেখি আমি অভিভূত হৈছোঁ।

“লায়ণ্স আৰ্মি” গ্ৰন্থৰ সৃষ্টিৰে সাহিত্যজগতত প্ৰথম খোজ পেলাই পাঠকৰ হৃদয় জিনিবলৈ সক্ষম হোৱা ৰামানুজ গোস্বামী ফেচবুক জগতত Ramanuj G নামেৰে পৰিচিত আৰু ব্যক্তিগত জীৱনত তেওঁ এজন অভিযন্তা।

“দ্যা ব্লু ষ্টাৰ—বুলেট টু ইন্দিৰা” নামৰ ৰামানুজ গোস্বামীৰ দ্বিতীয় গ্ৰন্থখন প্ৰকাশ হোৱাৰ লগে লগে সাহিত্য অঁকাডেমী বঁটা বিজয়ী ৰীতা চৌধুৰী বাইদেউৰদ্বাৰা তেওঁ উচ্চ প্ৰশংসিত হোৱা কথাষাৰে আমাৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

আমি পোনপটীয়াকৈ তেওঁৰ ওচৰ চাপি কথা পতাৰ চেষ্টা কৰিছিলোঁ।

: নমস্কাৰ দাদা।

:নমস্কাৰ।

:আপোনাৰ শেহতীয়াকৈ প্ৰকাশ হোৱা গ্ৰন্থখনৰ বিষয়ে অকণমান জনাওকচোন। এজন পাঠকে ধন খৰচ কৰি কিয় আপোনাৰ কিতাপখন পঢ়া উচিত—-এইবিষয়ে আপোনাৰ মতামত জানিব বিচাৰিছোঁ৷

— মোৰ শেহতীয়া গ্ৰন্থখনৰ নাম ” দ্যা ব্লু ষ্টাৰ — বুলেট টু ইন্দিৰা” । নামটোৰ অনুধাৱনেৰেই ‘৮০ দশকত ভাৰত কঁপাই যোৱা সামৰিক অভিযানটোকেই সাহিত্যৰ আলমত তুলি ধৰিবলৈ চেষ্টা কৰিছিলোঁ। প্ৰেক্ষাপট ৰাজনৈতিক হ’লেও ঔপন্যাসিক ৰূপেৰেহে পটভূমি, ঘটনাৰাজি আৰু সৰ্বশেষ হিচাপে ৰাষ্ট্ৰনেত্রী ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ কিছু গুপ্ত সমীকৰণ পোহৰলৈ অনাৰ প্ৰয়াসেৰে ই ৰচিত হৈছে। 

অন্য সাহিত্যতকৈ “ৰাজনৈতিক ৰোমাঞ্চ” (পলিটিকেল থ্ৰীলাৰ) শাৰীৰ কিতাপ হিচাপে গাঁঠিৰ ধনেৰে পাঠকে ইয়াক পঢ়িবৰ বাবে বিবেচনা কৰিব পাৰে বুলি মনে ধৰে।

: এনেকুৱা তিনিখন কিতাপৰ নাম কওকচোন, যি তিনিখনৰ প্ৰভাৱ আপোনাৰ জীৱনত অসীম?

: প্ৰথমখন “মোৰ জীৱন সোঁৱৰণ”।লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ মুগ্ধময়ী ভাষালালিত্যৰ সোৱাদ ই দিয়ে আৰু প্ৰত্যেকবাৰ পঢ়িলেও ৰসাস্বাদন নকমে। দ্বিতীয়খন – মহাৰথী। দৃশ্যাংকন সৃষ্টি আৰু বলিষ্ঠ সংলাপে মোক আকৰ্ষিত কৰে।

তৃতীয়খন এডলফ্ হিটলাৰ। সত্যেন বৰকটকী।থলুৱা অসমীয়া জতুৱা ঠাঁচ আৰু ইউৰোপীয় বুৰঞ্জীৰ সংমিশ্ৰণ মোৰ বাবে চমকপ্ৰদ।

৩/ বৰ্তমানৰ সামাজিক, ৰাজনৈতিক প্ৰেক্ষাপটত অসমীয়া লেখকে পাঠকক সঠিক মাৰ্গদৰ্শন কৰিব পাৰিছে বুলি আপুনি ভাবেনে? সাধাৰণ পাঠকক দায়বদ্ধ কৰাৰ ক্ষেত্ৰত বৰ্তমানৰ অসমীয়া লেখক সমাজ কিমান সফল অথবা বিফল?

— প্ৰশ্নটো কঠিন। ধানটোৱে প্ৰতি কণটোৰ দৰেই হৈছে শ্ৰদ্ধাৰ পাঠক সমাজ। তেওঁলোকৰ নিজস্ব বিচাৰধাৰাৰ ওপৰতেই অৱস্থিত সাহিত্য চৰ্চাৰ এই বিষয়টোত , মাৰ্গদৰ্শনৰ কথাটোত আগুৱাই কিবা এষাৰ কোৱা সহজ নহয়। দায়ব্ধতাৰ ক্ষেত্রতো সমীকৰণ কেইবাটাও প্ৰযোজ্য ; ফলত সফলতা বা বিফলতাৰ ক্ষেত্রত যুক্তিৰে ক’বলৈও বহুকেইটা চৰ্তৰ মেৰপাকত সোমাব লাগিব; নতুন লিখক হিচাপে তাক ফঁহিওৱাৰ সাহস মোৰ এতিয়াই  হোৱা নাই।

: আপোনাৰ সৃষ্টিশীল কলমৰ আঁৰত কোনবিলাক কথাই বেছিকৈ ক্ৰিয়া কৰে? ক’ব খুজিছোঁ এনেকুৱা কি কাৰণ আছে যিয়ে আপোনাক লিখিবলৈ বাধ্য কৰায়? 

— কোনো বিষয়বস্তুত মোৰ নিজস্ব উৎসুকতাই মোক কলম ধৰিবলৈ তাগিদা দিয়ে। সমান্তৰালকৈ পাঠক সমাজৰপৰা পোৱা উৎসাহে ইয়াক পূৰ্ণৰূপ দিয়াত সহায় কৰে। সামাজিক মাধ্যম ফেচবুকত পোৱা প্ৰেৰণামূলক মন্তব্যই মোৰ ক্ষেত্রত সাহস যোগায়, লগতে পাঠকৰ অকৃত্রিম তাগিদাই মোক কিবা এটা লিখাৰ চেষ্টা কৰিবলৈ বাধ্য কৰায়।

: অসমত কিতাপ লিখি আৰ্থিক অৱস্থা টনকিয়াল কৰিবপৰা অৱস্থা এটা আহিবলৈ নতুন লেখকসকলে কি কথাত বেছি মনোযোগ দিয়া উচিত বুলি আপুনি ভাবে? লগতে অসমত অসমীয়া গ্ৰন্থৰ ভৱিষ্যৎ সম্পৰ্কে আপোনাৰ মতামত জানিব বিচাৰিছোঁ৷

:কিতাপ লিখি আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ ক্ষেত্রত লেখক পেছাদাৰী হ’ব লাগিব, আছিলো তেনে লেখক আৰু আছেও বৰ্তমান।কিন্তু বাস্তৱ অভিজ্ঞতাৰে বৰ্তমানৰ নতুন লেখকৰ ক্ষেত্রত বোধগম্য হয় যে তেওঁলোকে অৰ্থোপাৰ্জ্জনৰ বাবে নিলিখে; তেওঁলোকৰ সৃষ্টিক পাঠক সমাজে আদৰি লোৱাতেই তেওঁলোকৰ সন্তুষ্টি দেখা যায়। বৌদ্ধিকতাৰে  সৃষ্ট সাহিত্যৰে আৰ্থিক অৱস্থা টনকিয়াল কৰিব পৰা নাযায়; অৱশ্যে এইক্ষেত্রত প্ৰকাশকৰ ভূমিকাহে গুৰুত্বপূৰ্ণ বুলি ভাবো।

অসমীয়া গ্ৰন্থৰ ভৱিষ্যত ভাল বুলি ভাবো, কাৰণ দিনকদিনে বাঢ়ি অহা বিষয়বস্তুৱে নতুন নতুন পাঠক জন্ম হোৱাটোতো সহায় কৰি পাঠকৰ সংখ্যা বঢ়াইছে। পাঠক বাঢ়ি আহিলেই গ্ৰন্থৰ ভৱিষ্যত উজ্জ্বল হ’ব বুলি ভাবো।

এই সুন্দৰ সুযোগটি দিয়া বাবে ‘শব্দচিত্র’লৈ ধন্যবাদ জনোৱাৰ লগতে, নৱতম আলোচনীখনলৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলো।

: আমাক আপোনাৰ বহুমূলীয়া সময় দিয়া বাবে ‘শব্দচিত্ৰ’ৰ তৰফৰপৰা আপোনালৈও আন্তৰিক ধন্যবাদ আৰু শুভকামনা জনালোঁ।আশা ও কামনা কৰিছোঁ আপোনাৰ ব্যতিক্ৰমধৰ্মী ৰচনাই পাঠক সমাজক আমোদ দিয়ক।আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।ধন্যবাদ দাদা।

: ধন্যবাদ।

প্ৰস্তাৱনা সংখ্যাৰ সাক্ষাতকাৰ যুগুতালে

—কুশল মহন্তই—

**********

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *