নাৰী স্বাধীনতা, মৰ্যদা ইত্যাদি-বৰষা ডেকা
মহাত্মা গান্ধীয়ে কৈছিল,
“মই যদি নাৰী হৈ জন্ম গ্রহণ কৰিলোঁহেঁতেন, তেন্তে পুৰুষে নাৰীক খেলাৰ সামগ্রী হিচাপে গণ্য কৰি অহা ভ্রান্ত ধাৰণাৰ বিপক্ষে বিপ্লৱ কৰিলোঁহেঁতেন৷”
এই কথাষাৰ মনলৈ আহিল এই কাৰণেই যে আজিকালি বৈদ্যুতিন মাধ্যম আৰু ছপা মাধ্যমৰ যোগেদি সহজতে আৰু সঘনাই দেখি-পঢ়ি থকা খবৰটো হ’ল নাৰী বলাৎকাৰৰ নির্লজ্জ ঘটনা৷ বর্তমানৰ স্বাধীন দেশখনত পৰাধীনতাৰ শিকলিৰে মেৰ খাই থকা নাৰীৰ বিষয়ে বহু কথাই মনলৈ আহে৷ পদ্মশ্রী নলিনীবালা দেৱীয়ে ‘নাৰী’ নামৰ এটা কবিতাত এনেদৰে নাৰীক উপস্থাপন কৰিছে যে কবিতাটোৰ প্রতিটো শব্দ, প্রতিটো স্তৱকে দেহ-মনত শক্তিৰ যোগান ধৰে৷ কবিগৰাকীয়ে কৈছে–
‘তোমাক সৰজা নাই
প্রকৃতিৰ আজলী জীয়ৰী
মনোমোহা ফুলনিত নিৰলে ফুলিব
স্নিগ্ধ নীলিমা জুৰি
তৰাৱলী কিৰণেৰে
তোমাৰ পোহৰে নিতে বাট পোহৰাব৷’
* * * * *
‘এই বিশ্ব প্রকৃতিৰ
চেতনাৰ মহাবীজ তুমি
আকাশৰ পুৱতিৰ তৰা
তোমাৰ জেউতী লৈ
মৰুময় ধৰণীত
বৈ আছে প্রেমৰ নিজৰা৷’
* * * * *
‘ভাৰতীয়ে বিচাৰিছে
অতীতৰ নাৰী ৰত্ন
সত্যৰ পবিত্র জ্যোতি
চৰিত্রৰ মহিমা মহান,
যুগে যুগে ভাৰতত
গৌৰৱৰ নাৰী-তীর্থ
ত্যাগোজ্জ্বল জীৱনৰ অনুপম দান৷’
নলিনীবালা দেৱীৰ এই মনোৰম চিত্র আজিৰ ব্যাভিচাৰিতা, নির্যাতন, কুৎসিত মনোভংগিমাৰ বোকাত পোত খাই অস্পষ্ট হৈ পৰিছে৷
স্বাধীন বুলি ভাবিও আজিৰ নাৰী স্বাধীন হ’ব পৰা নাই৷ আনৰ তলতীয়া নোহোৱাটোৱেই স্বাধীন৷ স্ব-অধীন অর্থাৎ নিজেই নিজৰ অধীন৷ নিজৰ ইচ্ছামতেই নিজৰ সকলো কথা হ’ব৷ নিজে স্বাধীন হ’বলৈ হ’লে পোনতে নিজকে শিক্ষিত কৰি ল’ব লাগিব৷ কেতিয়াবা আক্ষৰিকভাৱে শিক্ষিত নোহোৱাকৈও শিক্ষিত হ’ব পাৰি৷ এই শিক্ষা ব্যাৱহাৰিক জীৱনৰ শিক্ষা৷ আধুনিক যুগত নাৰীয়ে স্বাধীনতাৰ কথা অধিক পৰিমাণে উপলব্ধি কৰিবলৈ লৈছে৷ আধুনিক যুগ আৰু নাৰী স্বাধীনতা বুলি ক’লে প্রথমে দুটা শব্দৰ প্রতি দৃষ্টি আকর্ষিত হয়৷ এটা হৈছে আধুনিক আৰু আনটো হৈছে স্বাধীনতা৷ আধুনিক শব্দটোৱে এটা গতিক বুজায়৷ পুৰণিটোক নতুন দৃষ্টিভংগীৰে গ্রহণ কৰাতে সি পিন্ধে আধুনিকতাৰ সাজ৷ আধুনিকতাৰ এটা ডাঙৰ বৈশিষ্ট্য হ’ল ইয়াৰ সার্বজনীনতা৷ আনহাতে স্বাধীনতা হৈছে একপ্রকাৰৰ অধিকাৰ৷ ই জন্মগত অধিকাৰ৷ জীৱন লাভ কৰাৰ লগে লগে আমি স্বাধীনতাও লাভ কৰিছোঁ৷ লাস্কিয়ে কৈছিল,
“জনসাধাৰণৰ ব্যক্তিত্বৰ প্রকাশ আৰু প্রতিভাৰ বিকাশৰ কাৰণে দৰকাৰী অৱস্থাটোৱেই স্বাধীনতা৷ স্বাধীনতা অর্জন কৰিবলৈ সক্ষম তেতিয়াহে হ’ব পাৰি, যেতিয়া স্বাধীনতাৰ প্রতি স্পৃহা থাকিব৷ স্বাধীনতা নথকা জীৱন শুকান কাঠৰ দৰেই নীৰস হয়৷”
স্বাধীনতাৰ কাৰণে পোনতে নিজৰ মনটো স্বাধীন কৰি ল’ব পাৰিব লাগিব৷ স্বাধীনতা লাভৰ বাবে দাৰিদ্র্যক বিসর্জন দিব লাগিব, অসুস্থতা আঁতৰ কৰিব লাগিব৷ এই অসুস্থতা দৈহিক অসুস্থতা নহয়, ই হ’ল সামাজিক, পাৰিবাৰিক অসুস্থতা৷ এই অসুস্থতা দূৰ কৰিবলৈ নাৰীসকলে আহৰণ কৰিব লাগিব প্রকৃত জ্ঞান৷
প্রাচীন কালত নাৰীসকল স্বাধীন নাছিল৷ পুৰুষতান্ত্রিক সমাজখনত পুৰুষৰ কথামতেই নাৰীসকল চলিবলগীয়া হৈছিল৷ মধ্যযুগত নাৰী আৰু এখোজ আগবাঢ়ি আহিল৷ ৰাজনীতি, সমাজনীতি, অর্থনীতি, ৰণক্ষেত্র সকলোতে নাৰীয়ে খোজ পেলালে৷ খোজ পেলোৱাই নহয়, সেই পদচিহ্নই ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’ল৷ সেইদৰে শিক্ষা-সংস্কৃতিতো নাৰীয়ে সাফল্যৰ সৰগ ৰচিলে৷ অসমত এনে এটা সময় আছিল যি সময়ত নাৰীয়ে পঢ়াশালিলৈ গৈ শিক্ষা গ্রহণ কৰাতো বাধা প্রদান কৰা হৈছিল৷ তেনে অৱস্থাত আঢ্যৱন্ত পৰিয়ালৰ ছোৱালীয়ে ঘৰুৱা শিক্ষকৰ সহায়ত বিদ্যা শিক্ষা অর্জন কৰিছিল৷ তেনেদৰে শিক্ষা গ্রহণ কৰিয়েই অসমীয়া নাৰীয়ে প্রসিদ্ধ কবি-সাহিত্যিকৰ আসন অধিকাৰ কৰিছে৷ স্বৰাজোত্তৰ কালত নাৰীৰ জীৱনবীক্ষাৰ প্রসাৰ ঘটিল৷ লাহে লাহে নাৰী আধুনিক হ’ল৷ পাশ্চাত্যৰ আধুনিকতাবাদে সকলো নাৰীকে কম-বেছি পৰিমাণে স্পর্শ কৰিলে৷ ইয়াৰ লগতে নাৰী স্বাধীনতাৰ কথাও সাঙোৰ খাই পৰিল৷ কিন্তু এই স্বাধীনতাৰ প্রকৃত সংজ্ঞা ঢাক খাই এক প্রহেলিকাময় প্রলেপৰ সৃষ্টি হ’ল ৷ স্বাধীনতা মানেই বহুতেই ধৰি ল’লে ক্লাবৰ চাৰিবেৰৰ পৰিৱেশ৷ হাতত শোভা পাবলৈ ল’লে বিলাতী সুৰাৰ গিলাচ আৰু দামী চিগাৰেটে ৷ সুৰা আৰু ধোঁৱাৰ মাজত বিলীন হৈ গ’ল কিছুমান নাৰীৰ আধুনিকতাৰ ধাৰণা৷ আধুনিকতাৰ এনে ভ্রান্ত ধাৰণাই সমাজত বিশৃংখলতাৰ সৃষ্টি কৰাৰ লগতে পৰিয়াল তথা ব্যক্তিগত জীৱনলৈও ধবংস নমাই আনিছে৷ তেনে মহিলাৰ বাবে সংসাৰৰ দায়িত্বও এটা বোজা হৈ পৰে৷ ঘৰ-সংসাৰ তথা সন্তানৰ খবৰ ল’বলৈ তেওঁলোকৰ আহৰি নাই৷ তেনেস্থলত সমাজৰ খবৰনো কি ৰাখিব?
কিন্তু সমাজখনৰ খবৰ আমি ৰাখিব লাগিব৷ নিৰাপত্তাহীনতাত ভোগা নাৰীয়ে আজি স্বাধীনভাৱে, মুকলিমূৰীয়াকৈ বাহিৰত বিচৰণ কৰিব নোৱৰা হ’ল৷ ঘৰে-বাহিৰে আজি নাৰী নির্যাতন, অপমান, লাঞ্ছনাৰ সন্মুখীন হৈছে ৷ এয়া কেৱল অসমতে নহয়, সমগ্র দেশজুৰি ঘটিছে এনে ঘটনা ৷ তাৰ বাবে জগৰীয়া কোন? পৰিৱেশ, উচ্ছৃঙ্খল মানসিকতা, নে পুৰুষতান্ত্রিক সমাজখনৰ মইবৰ ভাব? অসমৰ চুকে-কোণে ঘটি থকা বলাৎকাৰৰ দৰে ঘটনাবোৰে নাৰীৰ মর্যাদা অৱনমিত কৰিছে, সমাজ কলুষিত কৰি বিকৃত মানসিকতাৰ পৰিচয় দিছে৷ কিন্তু ইয়াৰ প্রকৃত কাৰণ কি? ইয়াৰ অৱসান ঘটোৱাৰ বাবে কি কৰা উচিত সেয়াও এক গুৰুত্বপূর্ণ আৰু বিচার্য বিষয়৷ সমাজক বিকৃত পৰিৱেশ আৰু বিকৃত মানসিকতাৰ পৰা মুক্ত কৰিবলৈ নাৰী-পুৰুষৰ সমমর্যাদা অতীৱ প্রয়োজন৷ উভয়ে উভয়ক সন্মান কৰিবলৈ শিকিব লাগিব৷ এইখিনিতে কথা এষাৰ ক’বলৈ মন গৈছে৷ এগৰাকী নাৰীৰ উপস্থিতিত যিমানেই উচ্চ পদবীত থকা পুৰুষ নহওক কিয়, থিয় হৈ দিয়াটো সৌজন্যৰ নিয়ম বুলি গণ্য কৰা হয়৷ সাধাৰণতে ‘টি চার্কল’ আৰু ‘আর্মি’ সকলৰ মাজত দেখিবলৈ পোৱা এনে সৌজন্যসূচক ব্যৱহাৰে মনলৈ আনন্দ কঢ়িয়াই আনে৷
ফুলনিত ফুলি থকা এপাহ ফুলে গোটেই ফুলনিখনকে সজাই তোলে ৷ এপাহ ফুলৰ সুগন্ধ আছে, ৰং আছে, আছে আকর্ষণীয় গুণ৷ সেইবাবেই ফুল সকলোৰে আদৰৰ, মৰমৰ৷ জাকজমককৈ ফুলি থকা ফুল এপাহ ছিঙি নষ্ট কৰিবলৈ কাৰো সৎ নাযায়৷ ফুলৰ কমনীয়তা গুণ নাৰীৰ মাজতো বিদ্যমান ৷সেয়ে নাৰীক এপাহ ফুলৰ সৈতে তুলনা কৰা হয়৷ কিন্তু নাৰীৰ মাজত এনে গুণো লুকাই আছে যে প্রয়োজনমতে নাৰী ফুলতকৈও কোমল আৰু বজ্রতকৈও কঠিন হ’ব পাৰে৷ এয়া নাৰীৰ নিজা বৈশিষ্ট্য৷ কিন্তু দেখা গৈছে যে ফুল মোহাৰি নেপেলালেও নাৰীক মোহাৰি পেলোৱা গৈছে পদে পদে৷
নাৰীৰ এক নিজা মর্যাদা আছে৷ কিন্তু সেই মর্যাদা আজি লাঘৱ হৈছে পুৰুষতান্ত্রিক সমাজখনৰ বাবে, লাঘৱ হৈছে এচাম নাৰীৰ আত্মসন্মানৰ প্রতি সচেতনতা নথকাৰ বাবে৷ প্রাচীন কালৰেপৰা চলি অহা কিছুমান ফকৰা-যোজনাই নাৰীৰ মর্যাদাত আঘাত হানিছে৷ সেইবোৰে বর্তমানৰ শিক্ষিত মানুহচামক বিতুষ্ট কৰে৷ এইবোৰৰ প্রচলন কিমান ন্যায়সংগত সিও এক বিচার্যৰ বিষয়৷ ‘তিৰি, মিৰি, ভাটৌ, কোৱা এই চাৰিৰ আসৈ নোপোৱা’–এই যোজনাটো বিশ্বাস কৰিলে ভুল কৰা হ’ব৷
ঘৰ এখন ভাগিলেও সদায় নাৰীকে জগৰীয়া কৰা হয়৷ তাৰ ভিত্তিতে কোৱা হৈছে– ‘ক’ৰপৰা আহিলি শাখিনী তেজা, আহিয়েই ভাঙিলি ঘৰৰ সেজা৷’ কিন্তু নাৰীয়ে ঘৰ ৰক্ষাহে কৰে৷ সেয়ে কোৱা হয়– ‘যাৰ নাই তিৰী, তাৰ নাই গিৰী।’ যি নাৰীয়ে ঘৰ ৰক্ষা কৰে, সেই নাৰী কেতিয়াও শাখিনী বা ডাইনী হ’ব নোৱাৰে৷ আন এটা ফকৰাত কৈছে, ‘পেট নষ্ট কৰে মুড়ি, ঘৰ নষ্ট কৰে বুঢ়ী৷’ যি নাৰীক ঘৰৰ লখিমী বুলি অভিহিত কৰা হয়, সেই নাৰীক এনে অপযশ দিয়াটো উচিত নহয়৷ ঘৰ এখনত পুৰুষ আৰু নাৰী উভয়ৰে সমান অধিকাৰ থাকে৷ উভয়ৰে সন্মিলিত ৰূপতহে ঘৰ এখন সুকলমে পৰিচালিত হয়৷ ঘৰ এখনৰ অৱনতিৰ বাবে পুৰুষ-নাৰী উভয়ে দায়ী৷ তেনেস্থলত কেৱল নাৰীগৰাকীক দোষাৰোপ কৰা এনেধৰণৰ ফকৰা বোৰৰ কোনো মূল্য থাকিব নোৱাৰে৷
চিৰকাল পুৰুষৰদ্বাৰা অৱদমিত হৈ নাৰীয়েও ভাবিবলৈ বাধ্য হৈছে যে নিজ স্বামী বা পুত্র যিমানেই প্রতাপী নহওক কিয়, তেওঁ সদায় পৰাধীন হৈয়ে থাকিব লাগিব৷ এনে মানসিক অৱস্থাৰ বাবেই কিছু নাৰীয়ে ভাবিবলৈ বাধ্য হৈছে যে ‘মোৰ পো ৰজা হ’বো, ধৰি বান্ধি থ’বো৷’ সমাজ ব্যৱস্থায়ো সদায় নাৰীক অৱদমিত কৰি ৰাখিছে৷ ‘তিৰী কুৰিতে বুঢ়ী, মতা চল্লিশতো গতা’ বুলি বয়সৰ পার্থক্যৰে নাৰীৰ প্রতি হেয় ভাব প্রতিপন্ন কৰিছে৷ বেজবৰুৱায়ো ‘কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি’ত এই ফকৰা উল্লেখ কৰিছে৷
তিৰোতাক বশ কৰাটোৱেই যেন পুৰুষৰ লক্ষ্য৷ ফকৰা-যোজনায়ো তাৰ পোষকতা কৰিছে৷ আমাৰ সমাজত প্রচলিত তেনে এটি ফকৰা হ’ল ‘টাঙোনে কুকুৰ সেও, গোৰে তিৰোতা সেও৷’ এখন সভ্য সমাজত এনে ফকৰাৰ প্রচলন কিমান লজ্জাজনক কথা! ই কেৱল লজ্জাজনকেই নহয়, নাৰীসকলৰ বাবে ঘোৰ অপমানজনক কথা৷ একেদৰেই কোৱা হৈছে, ‘হাতীলৈ লাংচিং, তিৰোতালৈ বাঘঢকা৷’
প্রাচীন কালৰেপৰা চলি অহা পুৰুষৰ প্রভুত্বৰ বাবেই এনেবোৰ ফকৰা যোজনাৰ প্রচলন৷ কিন্তু এতিয়া সময় সলনি হৈছ়ে, যুগৰ পৰিৱর্তন ঘটিছে,মানুহ শিক্ষিত হৈছে৷ সেই শিক্ষিতখিনিয়েই নিৰক্ষৰ মহিলাৰ ওপৰত চলা অত্যাচাৰ ৰোধ কৰি সেইসকল মহিলাক উদ্ধাৰ কৰিব লাগিব৷ পুঁজিবাদী সমাজ ব্যৱস্থাত শ্রমিকসকল সদায় গৰাকীৰদ্বাৰা অৱদমিত হয়৷ নাৰীসকলো ঘৰখনত, শ্রমিকৰ দৰেই৷ সেয়ে হয়তো পুৰুষে নাৰীৰ ওপৰত অত্যাচাৰ চলায় অথবা নাৰীৰ মর্যাদা লাঘৱ কৰিবলৈ কুণ্ঠাবোধ নকৰে৷আইজেনষ্টাইনেও এনেধৰণৰ কথাৰ ওপৰতে গুৰুত্ব আৰোপ কৰি পুৰুষে নাৰীৰ ওপৰত চলোৱা অত্যাচাৰৰ কাৰণ নির্ধাৰণ কৰিছে৷ কিন্তু কথা হ’ল– নাৰীৰ অৱস্থান জানো শ্রমিকৰ সমতুল্য? চুলমিথ ফায়াষ্টোনে নাৰীৰ কথা দিব পৰা ক্ষমতা থকাৰ কাৰণেই পুৰুষৰ ক্ষমতা আৰু ইচ্ছাৰ বলি হ’বলগীয়া হৈছে বুলি মত পোষণ কৰিছে৷ পূর্বৰপৰা চলি অহা পুৰুষৰ মানসিকতাই নাৰীক ভীতি প্রদর্শন কৰাৰ পক্ষপাতিত্ব কৰি আহিছে৷ ঘৰৰপৰা উলিয়াই দিয়াৰ ভীতি প্রদর্শনেৰে পুৰুষে নাৰীক হাতৰ মুঠিত ৰাখিছে৷ এই ফকৰা-যোজনাবোৰৰ কিছু পুৰুষৰ জিভাৰ আগত৷ কিন্তু নাৰীৰ প্রতি অৱজ্ঞাসূচক এই ফকৰা যোজনাবোৰ ওফৰাবলৈ নাৰীসকলে নিজে নিজকে শক্তিশালী কৰি তুলিব লাগিব– শৈক্ষিক, অর্থনৈতিক আৰু সাহসিকতাৰ ফালৰপৰা৷
পুৰুষতান্ত্রিক সমাজখনেও মনত ৰখা উচিত যে নাৰীসকলো সমাজৰ এক গুৰুত্বপূর্ণ অংশীদাৰ৷ নাৰীৰ প্রতি থকা নীচাত্মিকা মনোভাৱ দূৰীভূত নহ’লে সুস্থ সমাজ তথা শক্তিশালী দেশৰ সৃষ্টি হ’ব নোৱাৰে৷ পুৰুষ আৰু মহিলাৰ মাজত সমমর্যাদা সৃষ্টিৰ বাবেও এনে মনোভাব পৰিত্যাগ কৰিব লাগিব৷ সেয়ে প্রাচীন কালৰপৰা চলি অহা বিভেদমূলক, একপক্ষীয় আৰু অৱমাননাসূচক ফকৰা-যোজনাবোৰৰ সত্যতা আমি আটায়ে নুই কৰিব পাৰিব লাগিব৷ লাউ গছজোপাত পাতৰ যিদৰে প্রয়োজনীয়তা আছে, সেইদৰে তাৰ ফলৰো সমানে গুৰুত্ব আছে৷ ফলহীন গছৰ গুৰুত্ব নাই৷ ফলটোৰ বাবেহে লাউজোপা ৰুৱা হয় ৷ পত্র-পুষ্প ফলৰ সমাহাৰ হ’লেহে এজোপা বৃক্ষ সৰ্বাঙ্গসুন্দৰ হয়।সমাজখনো পুৰুষ আৰু নাৰীৰেহে সৌন্দর্যমণ্ডিত হয়৷ লাউ যিমানেই ডাঙৰ হয়, সিমানেই ই গছজোপাৰ গুণ বৃদ্ধি কৰে৷ ফকৰাত কোৱাৰ দৰে লাউ কেতিয়াও পাতৰ তল নহয়৷ সেয়ে নাৰী সম্পর্কীয় এনে ফকৰা-যোজনাবোৰ আমাৰ মানসিকাতৰপৰা বহিষ্কাৰ কৰাৰ সময় সমাগত৷ আমি বিচাৰোঁ– নাৰীয়েও বলাৎকাৰ, নির্যাতন, লাঞ্জনা আদিৰপৰা মুক্তি পাই স্বাধীন আৰু নিৰাপত্তা সম্বলিত জীৱন যাপন কৰক৷
নাৰী-পুৰুষ সম্বন্ধীয় কথাবোৰত লাগি থাকোঁতেই অস্তিত্বৰ সংকটত পৰিছে অসমীয়া জাতি, মাটি, ভেটি৷ অসমতে অসমীয়া ভগনীয়া হোৱাৰপৰা ৰক্ষা কৰিবলৈ আজি মাৰ বান্ধি থিয় হোৱাৰ প্রয়োজন হৈছে৷ অসমীয়া জাতিৰ দুর্দশা নাশ কৰিবলৈ অসম-মাতৃৰ সন্তানসকলৰ শক্তি বিলুপ্ত হোৱা নাই৷ আহক, এটা জাতিৰ অস্তিত্বক আমি সকলোৱে জীয়াই ৰাখোঁ৷ বিনাশ হওক অস্তিত্বৰ সংকট৷ এইক্ষেত্রত নাৰীসকলৰো যথেষ্ট দায়িত্ব আছে।
**********
2:15 PM
ভাল লাগিল নাৰী বিষয়ক লেখা টো
3:27 PM
সুন্দৰ,বৰ ভাল লাগিল দেই।