প্ৰাতঃভ্ৰমণ আৰু মনৰ চেঁকুৰ-ৰঞ্জনা দত্ত
শুকাই অহা অস্থিৰস
আৰু ছানি পৰা দুচকুৰে
মন্থৰ হৈ পৰিছে মোৰ গতি,
খোজৰ লগে লগে
অবুজন মনটো আজিকালি
লেকাম নোহোৱা ঘোঁৰাৰ দৰে
চেঁকুৰিবলৈ লৈছে
অতীতৰ মাজলৈ।
অনেক দূৰলৈ গুচি যায়
বাৰে বাৰে তাক আঁজুৰি
আনো বাস্তৱলৈ….
প্ৰাতঃভ্ৰমণত দেখা
কোনোবা পদব্ৰাজকৰ
ভৰিৰ গচকত মৰা শামুকটো
আৰু তাৰ পেটৰপৰা ওলাই অহা
অগণন হালধীয়া পূৰঠ ডিম্বই
মনটোক জোকাৰি যায়।
স্কুলৰ বন্ধত ভৈয়ামলৈ যাওঁ
ককাদেউতাৰ ঘৰত থকা
পুখুৰীৰ দলঙত বহি
আইতাৰ চাউল ধোৱা খৰাহীৰ ফাঁকেৰে
সৰি পৰা খুদবোৰ খাবলৈ অহা
জাক জাক পুঠি খলিহনা
আৰু ৰ’দে পোৰা দুপৰীয়া
দিখৌ নৈৰ ঘাটৰ দলঙৰ
খুঁটাত ধৰি মেলা সাঁতোৰ
ককাদেউতাৰ গল্প-
পিটনিৰ বাঁক, বাঁহনিৰ যখিনী
ধনগুলৈ আৰু বুঢ়া ডাঙৰীয়া
ভয়ত পেঁপুৱা লগা ৰাতি…
প্ৰতিটো খোজৰ লগে লগে
চেঁকুৰ মৰা মন।
সম্ভাষণ, প্ৰতি সম্ভাষণ
প্ৰাতঃভ্ৰমণকাৰীৰ
মনৰ চেঁকুৰ পুনৰ অতীতলৈ…
চাহ বাগিছাৰ মাজত
টিলাটোৰ ওপৰত থকা
বিজুলীবাতিবিহীন
পুৰণি চাহাবৰ বঙলা,
পোকে খোৱা টিলিকি আমৰ
ওৰে ৰাতি বঙলাৰ টিঙত পৰা
টুংটাং শব্দ আৰু
প্ৰহৰীয়ে মৰা ঘণ্টাৰ শব্দ,
কিবা জয়াল জয়াল ভাব।
ঘন্টাধ্বনিৰ মাজেৰেই
পাৰ হয় শ্ৰমিকৰ জীৱন
নটা কোবত কাম আৰম্ভ কৰি
পাঁচটা কোবত সমাপ্তি
কাম সামৰি বাগানীয়া ডেকা-গাভৰু ঘৰলৈ যায়।
আকৌ আঁজুৰি আনো
মনটো বাস্তৱলৈ…..
প্ৰাতঃভ্ৰমণতে আছোঁ।
বকুলৰ সুঘ্ৰাণ এতিয়াহে চিনিছোঁ
তলসৰা বকুলৰ ওপৰেৰে খোজকাঢ়ি ভাবোঁ
লগে-ভাগে বকুলৰ মালা দেখোন
গোঁথাই নহ’ল,
লগবোৰো এৰা-এৰি হ’ল,
চেঁকুৰ মাৰিব খোজা মনটোক ক’লো-
পাৰিবানে লগবোৰ গোটাই দিবলৈ?
**********
10:05 PM
সুন্দৰ অতীত সোঁৱৰণী বাইদেউ। আপোনাৰ লেখা বৰ ভাল পাওঁ
3:22 PM
সুন্দৰ।