বৰষা_যেতিয়া_নামে-সমুজ্জ্বল কাশ্যপ
দুপৰীয়া ডেৰমান বাজিছে। বাহিৰত প্ৰখৰ ৰ’দ। আনদিনাৰ দৰে আজিও সি অফিচৰ পৰা দৌৰাদৌৰিকৈ ওলাই আহিল৷ উদ্দেশ্য, স্মিতাক লগ কৰা।
: ছেঃ আজিও দেৰি হ’ল।
পাঁচ মিনিটৰ বাট যদিও এইটো সময়ত যান-জঁটৰ বাবে পঁচিছ মিনিটমান লাগে। তাই প্ৰায়েই ৰৈ থাকিবলগীয়া হয়। কিবা এটা খোৱাৰ অজুহাত লৈ দুয়ো স্মিতাৰ অফিচৰ সম্মুখৰ ৰেষ্টোৰাখনত একেলগে অলপ সময় বহে।
স্মিতাৰ মানসিক অৱস্থাটোৰ কথা ভাবি অন্যমনষ্ক হৈ থকা সিদ্ধাৰ্থৰ কাষেৰে কাৰ এখন সাউৎকৈ পাৰহৈ ঠিক তাৰ আগতে ৰৈ গ’ল। যেনে তেনে ব্ৰেকডাল টানিহে সি খুন্দা নলগাকৈ বাইকখন ৰখালে। মুখেৰে বেয়াকৈ ওলাই আহিছিল তাৰ যদিও নিজকে সংযত কৰি মনৰ ভিতৰতে ভোৰভোৰাই কিবা কৈ থ’লে। এনেকুৱা পৰিস্থিতিত স্মিতাৰ মুখখন মনলৈ আহে৷ এদিন তাই বুজাইছিল –
: বাটত এইবোৰ সাধাৰণ কথা৷ লাইটতো সেউজীয়া হ’লেই সকলো সামান্য হৈ পৰিব। ইহঁতৰ লগত কোনোবাই লাগি লয় নেকি?
হালধীয়া নাম্বাৰপ্লেটৰ গাড়ীবোৰৰ পৰা আঁতৰি থকাই মঙ্গল। বৰ উৎপাত, গোটেই ৰাস্তাটো যেন সিহঁতৰ নিজৰ সম্পত্তি।
কেতিয়াবা ‘বাপেৰৰ ৰাস্তা নেকি অ’ বুলি চিঞৰি দিব মন যায়; পিছে আজিকালি সি নিজকে দমাই ৰাখিবলৈ শিকিছে।
: বৰ আমনিদায়ক দাদা, তিনিমিনিট লগাব লাগেনে এই সৰু ছিগনেলটোত….!
বাওঁফালে আহি ৰোৱা কম বয়সীয়া ল’ৰাজনে হাঁহি মাৰি ছিগনেলত হোৱা অসুবিধাৰ কথা কৈছিল। পিছে উত্তৰ দিব লওতেই কাৰোবাৰ হাতৰ স্পৰ্শত পিছফালে ঘূৰি চাবলগীয়া হ’ল সি।
: কিবা এটা দিয়ক…. একো খোৱা নাই! কিবা এটা দিয়ক…. দাদা।
এজনী ষোল্ল সোঁতৰ বছৰীয়া ছোৱালী। ‘কিবা এটা’ৰ আশাত হাতখন মেলি ঠিক তাৰ পিছফালে ৰৈ আছে। মৰমলগা ছোৱালীজনীৰ মুখলৈ কিছুদেৰি চাই ৰ’ল সিদ্ধাৰ্থে।
: কি লাগে?…যা ইয়াৰ পৰা। …কাম কৰি খাব নোৱাৰ? ভিক্ষা খুজিবলৈ লাজ নালাগে?
কাষৰ ল’ৰাজনে ধমক দি ছোৱালীজনীক খেদি পঠিয়াব বিচাৰিছিল।
: বাচ্ছাটোৰ কাৰণে কিবা এটা দিয়ক। …..মৰি যাব সি। দুদিনৰ পৰা একো খোৱা নাই।
ছোৱালীজনীৰ কোলাত থকা ডেৰ-দুবছৰীয়া কেঁচুৱাটোলৈ তেতিয়াহে সি মন কৰিলে। লগে লগে বুকুখন বিষাই গ’ল। আজিকালি এই বিষটোৱে ঘনাই আমনি কৰিবলৈ ধৰিছে। কেঁচুৱাটোৰ মুখখন চাই মনটো ব্যাকুল হৈ পৰিল। পিঠিত কাপোৰ এখনেৰে মেৰিয়াই সম্মুখলৈ ওলোমাই লোৱা কেঁচুৱাটো তেতিয়া টোপনিত লাল-কাল। মুখেৰে লেলাৱটি ওলাই ছোৱালীজনীৰ বুকুখন ভিজাই পেলাইছে। এবাৰ কেঁচুৱাটো আৰু এবাৰ ছোৱালীজনীলৈ ভালদৰে চাবলৈ ধৰিলে সি।
: এইটো তোৰ পোৱালি হয় জানো? তইচোন তেনেই অকণমানি? কাৰ পোৱালি এইটো?
: দিয় যদি দে, নিদিয় যদি গুছি যা। ইমান কিয় লাগে?
চকুদুটা পকাই ছোৱালীজনী আঁতৰি গ’ল। হঠাতে তাই খঙাল হৈ পৰিছিল। যেন চকুৰে জুই উলিয়াই পুৰিহে পেলাব। সিদ্ধাৰ্থ অলপ অপ্ৰস্তুত হ’ল। ডিঙিটো মেলি ইফালে সিফালে চালে যদিও ইতিমধ্যে তাই সেই ঠাইৰ পৰা অন্তৰ্ধান হৈ পৰিছিল।
আগত ছিগনেলৰ লাইট সেউজীয়া হ’ল। হেলমেটৰ ক’লা গ্লাছখন চকুলৈ নমাই লাহে লাহে সি আগুৱাই গ’ল।
*** *** *** *** *** *** ***
কেউফালে জুইৰ শিখাই আৱৰি পেলাইছে। আকাশ পথাৰ গছ বননি সকলো জ্বলিছে। হয়তো আজিয়েই পৃথিৱীৰ শেষ দিন। চাৰিওফালে চিঞৰ বাখৰ। কোনেও কাৰো মাত নুশুনা অৱস্থা। সকলোতে পোৰা পোৰা গোন্ধ। এফালৰপৰা মানুহ দুনুহ, জীৱ-জন্তু সকলো জ্বলি-পুৰি ছাই হ’বলৈ ধৰিছে।
ইফালে সিফালে চকু ফুৰাই জুইৰ মাজেৰে ছোৱালী এজনী দৌৰি থকা দেখিলে সি৷ হাতত কিবা এটা টোপোলা। পিছে পিছে সেইজনী স্মিতা! ইমান দেৰি তাইকেই বিচাৰি ফুৰিছে সিদ্ধাৰ্থে।
: স্মিতা…..কিয় দৌৰিছা…..! এইফালে চোৱা…..মই। মোলৈ অলপ ৰোৱা……! মই দৌৰিব পৰা নাই।
এন্ধাৰৰ মাজেৰে স্মিতা দৌৰিছে। তাইৰ দুয়োকাষে জুই। বতাহত চুলিকোচা আউলী বাউলীকৈ উৰি আছে। চাদৰখন কান্ধৰ পৰা নামি আহি মাটিত চোঁচৰি গৈছে। ভৰিত চেণ্ডেলযোৰো নাই। তাইৰ লক্ষ্য সম্মুখৰ ছোৱালীজনী। পিছে পিছে দৌৰি অহা সিদ্ধাৰ্থক তাই দেখা নাই, হয়তো তাৰ মাতো শুনা নাই।
অশেষ চেষ্টা কৰিও সি স্মিতাৰ ওচৰ চাপিবগৈ নোৱাৰিলে। তাই দুগুণ বেগেৰে দৌৰিছিল। জুইৰ উত্তাপেও ৰখাব পৰা নাছিল ছোৱালীজনীক। বৰঞ্চ সিদ্ধাৰ্থহে মাজে মাজে ৰ’বলগীয়া হৈছিল। কিছুদূৰ তেনেদৰে দৌৰি দৌৰি এসময়ত আন্ধাৰৰ মাজত তাই হেৰাই থাকিল।
আকাশৰ পৰা জুই শিখাৰে আৱৰা ডাঙৰ ডাঙৰ শিলৰ টুকুৰাবোৰ তীব্ৰবেগেৰে তললৈ নামি আহিছে। সেইবোৰ মাটিত খুন্দা খাই এটাৰ পিছত আনটো বিস্ফোৰিত হ’বলৈ ধৰিছে। বিস্ফোৰণৰ ফলত গৰম লাভাৰ দৰে জুলীয়া পদাৰ্থবোৰ চাৰিওফালে সিচঁৰতি হৈ গৈছে।
এসময়ত দৌৰিব নোৱাৰি বহি পৰিল সিদ্ধাৰ্থ । চকুৱে মুখে তেজ ওলাবলৈ ধৰিলে৷
: স্মিতা……!
বহি থকাৰ পৰাই চিঞৰি চিঞৰি মাতি থাকিল সি।
: হেৰাই গ’ল নেকি তাই! কোনফালে গ’ল? ক’ত বিচাৰিব এতিয়া!
স্মিতাক নেদেখি মনটোৱে হাহাকাৰ কৰি উঠিল। ওপৰলৈ চাই দেখিলে আকাশৰ পৰা আৰু বহুতো বৃহদাকাৰ শিলাখণ্ড নামি আহিছে।
: সেইবোৰে যদি তাইক খুন্দিয়াই দিছে!
সি আৰু ভাবিব নোৱাৰিলে। একেজাপে মাটিৰপৰা উঠি আকৌ আগলৈ দৌৰি গ’ল। দিশহাৰা মানুহবোৰে প্ৰাণৰ ভয়ত ইফালে সিফালে ঘূৰি ফুৰিছে। ইজনে সিজনক খুন্দিয়াই কোনোবা গৰম লাভাৰ ওপৰতে পৰি গৈছে। কোনোবাই প্ৰিয়জনক হেৰুওৱাৰ শোকত ভাগি পৰিছে৷ কোনোৱে আকৌ দৌৰিব নোৱাৰি মৃত্যুলৈ অপেক্ষা কৰি ঠাইতে বহি ৰৈছে।
তেনেদৰে দৌৰি দৌৰি কিছুদূৰ আগত সি স্মিতাক দেখিবলৈ পালে। দপদপাই জ্বলি থকা গছ এজোপাৰ কাষত বহি গছজোপাৰ পিছফালে কাৰোবাৰ সৈতে কথা পাতিছে তাই৷
: ইয়াত কি কৰিছা স্মিতা?….. সোনকালে উঠা…..ইয়াৰপৰা।
: সেয়া চোৱা সিধ্ ……তাই৷ তাই সেইফালে সোমাই গৈছে।
আমাৰ বেবীটো লৈ আছে তাই সিধ্৷ …. প্লীজ…..তাইক….তাইক…যাবলৈ নিদিবা….
বেবীটোক মোৰ হাতত দিবলৈ কোৱানা….
তাইক ……লৈ যাব নিদিবা মোৰ ওচৰৰ পৰা…
মোৰ কথা নুশুনে তাই….
ধৰা….ধৰা….তাইক ধৰা….
কাঢ়ি আনা বেবীটো….
মই কেনেকৈ থাকিম…..
আনি দিয়া মোক…..
প্লিজ ……..
সিধ্ …….
সোনকাল কৰা!!!
সিদ্ধাৰ্থৰ হাতদুখন খামুচি দপদপাই জ্বলি থকা গছজোপালৈ দেখুৱাই স্মিতাই চিঞৰি আছিল। সি দেখিলে গছজোপাৰ মাজেৰে এখন দুৱাৰ খোল খাইছে আৰু ছোৱালীজনী সেইফালে সোমাই পৰিছে। এসময়ত কান্দি কান্দি স্মিতা তাৰ হাতৰপৰা পিচলি মাটিত ঢ়লি পৰিল। সিদ্ধাৰ্থে তাইক উঠাবলৈ চেষ্টা কৰি থাকোঁতে ছোৱালীজনী জুইৰ মাজৰ দুৱাৰখনেৰে পিছফাললৈ অদৃশ্য হৈ গ’ল।
স্মিতাৰ সঙ্গ্যাহীন দেহাটো সাৱটি সিও মাটিতে বহি পৰিল। ঠাইখন তেতিয়া সম্পূৰ্ণ ৰূপে জুইৰ গ্ৰাসত। চৌদিশে তপত লাভাবোৰ বিয়পি পৰিছে। যিকোনো মুহূৰ্ত্ততে সেইবোৰে আহি সিহঁতৰ শৰীৰ স্পৰ্শ কৰিব। অলপ পিছতেই দুয়োটা গলি যাব।
: নাই, এনেদৰে নহ’ব। ইয়াৰপৰা ওলাব লাগিব।
বহু কষ্ট কৰি সি স্মিতাৰ শৰীৰটো কান্ধত উঠাই ল’লে। আনখন হাতেৰে ওচৰত পৰি থকা ডাল এটাত ভৰ দি যেনে তেনে ঠিয় হৈ আগলৈ খোজ দিলে। জুইৰ বিশাল সমুদ্ৰত লাহে লাহে দুয়োটা সোমাই পৰিল।
*** *** *** *** *** *** ***
সপোনটোৱে বৰকৈ আমনি কৰিছিল। কামত একেবাৰে মন বহুৱাব পৰা নাই। সাধাৰণতে সপোনবোৰ মনত নাথাকে তাৰ, কিন্তু এইটো একেবাৰে পাহৰিব নোৱাৰিলে৷ দৃশ্যবোৰ আনদিনাৰ দৰে ক’লা বগাও নাছিল৷ চৌদিশ গ্ৰাস কৰি পেলোৱা জুইৰ লেলিহান শিখাবোৰ মনত এতিয়াও ৰঙা হৈ আছে। কথাবোৰ ভাবি থাকোঁতে বুকুৰ বিষটোৱে আকৌ উক দিবলৈ ধৰিলে।
সৰুতে শুনিছিল, সপোনত দেখা কথাবোৰ হেনো আনৰ আগত ক’ব লাগে। কিন্তু কাক ক’ব? দুপৰীয়া লগ কৰোঁতে স্মিতাক কব নেকি! তাইক কোৱা উচিত হ’ব জানো এইবোৰ?
টেবুলৰ ওপৰত ফ্ৰেম কৰি থোৱা ফটোখন আলফুলে হাতত তুলি ল’লে সিদ্ধাৰ্থে। ফটোখন সিহঁতৰ বিয়াৰ আগৰ৷ স্মিতা যঠেষ্ট খীণ আছিল তেতিয়া। ৰঙা সেউজীয়া মিহলি কাপোৰ যোৰেৰে তাইক বৰ ধুনীয়া দেখিছিল।
চাদৰ-মেখেলাৰ প্ৰতি ছোৱালীজনীৰ বৰ হেঁপাহ। বিয়াৰ আগৰ প্ৰায়বোৰ ফটোৱেই চাদৰ-মেখেলা পিন্ধি উঠা। ঘৰৰ পুৰণি এলবামবোৰ লৈ আহিছিল তাই আৰু তাৰ মাজৰপৰা সেইখন ফটো সিদ্ধাৰ্থে ৰাখি থৈছিল। ফটোখন হাতত লৈ সি স্মৃতিৰ খিৰিকীবোৰত এফালৰ পৰা টোকৰিয়াই গ’ল।
‘আকাশমাৰ্গ এয়াৰলাইঞ্চ!
ইণ্টাৰভিউ দিবলৈ যোৱা প্ৰথম দিন৷
সি কেতিয়াও পাহৰিব নোৱাৰে সেই দিনটো।
তাতেই স্মিতাৰ লগত প্ৰথম চিনাকি। সেইদিনা স্মিতাৰ চাকৰিটো নহ’ল যদিও দুয়োৰে মাজত ভাল সম্পৰ্ক এটা গঢ়ি উঠিল। পিছলৈ তাই আই. জি. এছ. বেংকত জইন কৰিলে।
তাৰ পিছৰপৰা দুয়ো প্ৰায়েই লগ হৈছিল। কেতিয়াবা অফিচৰ সম্মুখৰ ৰেষ্টোৰাখনত আৰু কেতিয়াবা নদীৰ পাৰৰ পাৰ্কখনত। মনৰ কোনোবা এটা কোণত স্মিতাৰ প্ৰতি সৃষ্টি হোৱা অনুভূতিবোৰৰ বিষয়ে বহু চেষ্টা কৰিও তাইক জনাবলৈ সাহস গোটাব পৰা নাছিল সি। এগৰাকী আই. এ. এছ. বিষয়াৰ কন্যা হোৱা বাবেই তাইক কথাটো জনোৱা নাই বুলি দুজনমানৰ আগত সি খুলিও কৈছিল।
: দেউতাকে সিহঁতৰ সম্পৰ্কত সন্মতি জনাব জানো? সি যে তেনেই সাধাৰণ পৰিয়ালৰ ল’ৰা৷ আচলতে পৰিয়াল বুলিবলৈ যে তাৰ………৷ আৰু স্মিতা? তাই যদি নিজেই সন্মত নহয়!
আকাশমাৰ্গত একেলগে কাম কৰা ইন্দিৰা বৰুৱাই এদিন স্মিতাক তাৰ কথাবোৰ কৈ দিয়ে। স্মিতাৰ ওচৰৰ পৰা উভতি আহোঁতে ইন্দিৰাই তাৰ হাতত সৰু কাগজ এটুকুৰা গুজি দি কৈছিল –
: তোৰ কামটো মইয়েই কৰি দিলো। …বুৰ্বকটো ক’ৰবাৰ!
: কি কাম? বুৰ্বক কলি যে? কিনো কৰিলো?
উত্তৰ দিবলৈ ইন্দিৰা তাত ৰোৱা নাছিল৷ বেঁকা হাঁহি এটা মাৰি নিজৰ কেবিনলৈ সোমাই গৈছিল। তাই যোৱাৰ পিছত কাগজৰ টুকুৰাটো খুলি তাত লিখা শব্দ দুটা সি বাৰে বাৰে পঢ়িছিল। সম্মুখৰ কেবিনত বহি থকা ইন্দিৰাৰ দুষ্টালি ভৰা চাৱনীৰ পৰা বাচিবলৈ সেইদিনা সি টেবুলৰ পৰা এবাৰো উঠিবও পৰা নাছিল।
: মে আই কাম ইন?
ঝিলিৰ মাতত ফ্লেছবেকৰ পৰা ঘূৰি আহিল সিদ্ধাৰ্থ। ঝিলি তাৰ জুনিয়ৰ। আকাশমাৰ্গৰ চাকৰিটো হেৰুৱাই হাবাথুৰি খাই থকা সময়ত ঝিলি আৰু তাইৰ বন্ধু এজনৰ সহায়তে এই নতুন অফিচটোত জইন কৰিছে সি। তাক অকলে হাঁহি থকা দেখি ছোৱালীজনী সোমাই আহিছিল।
: মনটো আজি ভাল নিশ্চয়, নহয়নে দাদা? – হাঁহি এটা মাৰি তাৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিলে ছোৱালীজনীয়ে।
: ওম… বেয়া নহয়। কিবা কাম আছিল?
: কাম নাথাকিলে আমাৰ লগত কথা হ’ব নোৱাৰি, নহয়নে?
: তেনেকুৱা একো নাই বাৰু৷ কোৱাচোন কিয় আহিলা?
: এনেই৷ বৌৰ খবৰ ল’ম বুলিহে সোমাইছিলো।
: অ’।
: বৌৰ কন্দিছনটো অলপ ইম্প্ৰূভ হৈছেনে?
সি নাজানে স্মিতাৰ কিবা ইম্প্ৰূভ হৈছে নে নাই। ঝিলিক কি উত্তৰ দিব ভাবি নাপাই হাতত লৈ থকা ফটোখনলৈকে চাই ৰ’ল।
: No problem, will talk later. Please do take care!
তাৰ মানসিক অৱস্থাটো বুজি ঝিলি ওলাই গ’ল। ছোৱালীজনী যোৱাৰ পিছত কিবা এটা ভাবি স্মিতাৰ ফটোখন টেবুলৰ ওপৰত থৈ ড্ৰয়াৰৰ পৰা বাইকৰ চাবিপাত উলিয়ালে। অলপ পিছত সেইপাতেৰে খুচি খুচি ফটো ফ্ৰেমটো পিছফালৰ পৰা খুলি পেলালে। গ্লাচখন লাহেকৈ আতঁৰাই দিয়াৰ লগে লগে ফটোখনৰ পিছফালেৰে কাগজ এটুকুৰা টেবুলৰ ওপৰত ওলাই পৰিল। দুভাঁজ কৰি থোৱা টুকুৰাটো আলফুলে হাতত তুলি ললে।
“Me Too”!
কাগজৰ টুকুৰাটোত লিখা শব্দদুটা বাৰে বাৰে পঢ়িবলৈ ধৰিলে সি। আঙুলিৰে আলফুলে আখৰকেইটা চুই চালে। কিমান সযতনে সাঁচি থৈছে সেইখন। কাগজৰ বগা টুকুৰাটোৱে লাহে লাহে হালধীয়া বৰণ লৈছে। পুৰণি স্মৃতিবোৰ যে কিমান মধুৰ। কাগজৰ টুকুৰাটো লিৰিকি বিদাৰি সি আকৌ স্মৃতিৰ মাজত হেৰাই গ’ল।
সেইদিনা সন্ধিয়া স্মিতাক লগ কৰা নাছিল। পিছদিনা তাই নিজেই আহি অফিচ ওলাইছিলহি।
: কালি কিয় লগ নকৰিলা? – কিছুসময় নিৰবে কটোৱাৰ পিছত সম্মুখৰ পৰা তাই সুধিছিল।
: অলপ কাম আছিল, সেয়েহে আহিব নোৱাৰিলো।
আচলতে স্মিতাৰ চকুলৈকে চাব পৰা নাছিল সি। কিবা এটা অপৰাধবোধৰ মাজত যেন ডুবি আছিল নিজেই৷ বিভিন্ন ব্যস্ততা দেখুৱাই তাৰ চকুদুটা বাৰে বাৰে স্মিতাৰ ওচৰৰ পৰা পলাই থাকিল। ড্ৰয়াৰটোত এনেই কিবা কিবি খুচৰি দেখুৱালে।
: তুমি বোলে মোক ভাল পোৱা?
: হে….?
আচৰিত হৈছিল সিদ্ধাৰ্থ। যিটো কথা ক’বলৈ সি সাহসেই কৰিব পৰা নাই, ইমান সহজতে তাই কেনেকৈ ক’লে!
: কি ….হে?…. নোপোৱা তাৰমানে?
: পাওঁ পাওঁ। –
এয়াৰ কন্দিচনড্ ৰুমৰ ভিতৰতো ঘামি উঠিছিল তাৰ সৰ্বশৰীৰ। কঁপি কঁপি জেপ খেপিয়াওঁতে ৰুমালখনো হাতত উঠি অহা নাছিল।
: সেইটোকে ক’বলৈ ইন্দিৰাক পঠিয়াব লাগে নেকি?
: ইন্দিৰাক? নাই…. মই কাকো পঠিওৱা নাই দেই।
: বাৰু বাদ দিয়া। বিয়া কেতিয়া পাতিবা?
: বিয়া…?
: কিয়..? বিয়া নকৰোৱা তাৰমানে?!
: ..বিয়া..মানে!…..এতিয়াই ….ভবা নাই নহয় …. এই বিষয়ে। লাহে লাহে…..ভাবিম আৰু…..!
কথা শেষ হোৱাৰ আগতেই উচাৎ মাৰি আঁৰতি গৈছিল তাই। সিফালে কেবিনৰ দুৱাৰত ভেজা দি বাহিৰৰ পৰা জুমি জুমি ভিতৰলৈ চাবলৈ চেষ্টা কৰি থকা ইন্দিৰা ওফৰি পৰিছিল তাই ওলাই যাওঁতে।
ছমাহ পিছত কৰ্টত সিহঁতৰ বিয়াখন হ’ল। সি ভবাৰ দৰেই স্মিতাৰ দেউতাকে বিয়াত সন্মতি নজনালে৷ তাই কাজিয়া কৰি দেউতাকৰ ওচৰৰ পৰা গুছি আহিল। কেইজনমান সহকৰ্মী আৰু বন্ধুৰ উপস্থিতিত বিয়াখন প্ৰথমতে ক’ৰ্টত আৰু পিছত মন্দিৰত সৰুকৈ হৈ গ’ল।
: তই এতিয়াও যোৱা নাই যে? আজি স্মিতাক ডাক্তৰৰ ওচৰলৈ নিম কৈছিলি দেখোন! ভাত খাবলৈও নগ’লি! কি হৈছে? কি ভাবি আছনো?
কেবিনৰ দুৱাৰখন বাহিৰৰপৰা ঠেলি সমৰ সোমাই আহিল। স্মিতাৰ ফটোখন চাই একান্ত মনে আগৰ কথাবোৰ ভাবি থকা সিদ্ধাৰ্থই সি সোমাই অহা গম নাপালে। সমৰ অহাত বাস্তবলৈ ঘূৰি আহিল সিদ্ধাৰ্থ। দুয়োৰে সৰুৰেপৰাই চিনাকি। নতুন অফিচটোলৈ আহি বহুবছৰৰ মূৰত আকৌ লগ হৈছিল দুয়ো।
: একো নাই, আগৰ কথাবোৰকে মনত পেলাই আছিলো। –
টেবুলৰ পৰা ফাইল দুটামান সমৰৰ হাতত তুলি দি তাক সোনকালে বিদাই দিবলৈ বিচাৰিলে সিদ্ধাৰ্থে। কথা ক’বলৈ একেবাৰে মন নাই৷ ফাইলকেইটা কিছুদেৰি লিৰিকি বিদাৰি চাই সমৰেও তাৰ মনৰ ভাবটো বুজি ওলাই গ’ল। কিবা এটা ভাবি সিদ্ধাৰ্থে ফোনটো উলিয়াই স্মিতাৰ নম্বৰটো ডায়েল কৰিবলৈ ধৰিলে। তিনি চাৰিবাৰমান ৰিং হৈ ফোনটো কাটি গ’ল। অলপ আচহুৱা লাগিল তাৰ। সাধাৰণতে ফোনটো তাই উঠায়। আকৌ এবাৰ ডায়েল কৰি চালে, কিন্তু এইবাৰো সিফালৰ পৰা কোনো উত্তৰ নাহিল।
***
বহুসময় স্মিতাৰ ঘৰলৈ যাব নে নাযাব তাকে ভাবি আছিল সি। বিয়াৰ পিছত যোৱা চাৰিবছৰলৈ সেইখন ঘৰত ভৰি দিয়া নাই। আকাশমাৰ্গৰ চাকৰিটো হেৰুৱাওৱাৰ পিছত দেউতাকে যোৰ কৰি স্মিতাক লৈ গৈছিল। তাইৰ শৰীৰত স্থান লোৱা সিহঁতৰ ছমহীয়া সন্তানটোৰ কথা ভাবি সিও তেতিয়া বেছি আপত্তি কৰা নাছিল।
: দাদা, কিবা এটা দিয়ক। একো খোৱা নাই, ভোক লাগিছে।
মাতটো শুনি সিদ্ধাৰ্থে পিছলৈ ঘূৰি চালে৷ কিবা এটা বিচাৰি ছোৱালীজনীয়ে তাৰ সম্মুখত হাতখন মেলি ৰৈ আছে। সি মন কৰিলে, কেইদিনমান আগতে এই একেটা ছিগনেলতে গালি দি আঁতৰি যোৱা সেই ছোৱালীজনী। যোৱা দুদিন একেসময়তে একেখিনি ঠাইতে দেখি আহিছে তাইক। আজিও ছিগনেলত ৰওঁতে তাইৰ কথাই ভাবি আছিল। হয়তো তাই চিনি পোৱা নাই, কিন্তু সি ভালদৰেই চিনি পালে তাইক। কালিও দহটকীয়া নোট এখন হাতৰ পৰা লৈ হাঁহি হাঁহি গুছি গৈছিল ছোৱালীজনী।
: হয়….তাইয়েই হয়।
নিশ্চিত হ’ল সিদ্ধাৰ্থ৷ সম্মুখত কিবা এটা পোৱাৰ আশাত ছোৱালীজনীৰ চকুদুটা তিৰবিৰাই আছে। দহটকীয়া নোট এখন উলিয়াই হাতত গুজি দিলে সিদ্ধাৰ্থে। সেইখন লৈ তাই মিছিকীয়া হাঁহি এটা মাৰি আঁতৰি গ’ল। তাই যোৱাফালে কিছুদেৰি চাই থাকি হঠাতে সি কিবা এটা ভাবি পেলালে। বাইকখন লাহেকৈ ৰাস্তাৰ কাষলৈ টানি আনি তাতেই ষ্টেণ্ড কৰি থ’লে।
: ছোৱালীজনীৰ কোলাত দেখা কেচুৱাটো ক’ত? যোৱা দুদিনো কেঁচুৱাটো দেখা নাই?
ছোৱালীজনীৰ পিছ ল’লে সি। সন্তপৰ্ণে ইখনৰ পিছত সিখন গাড়ীৰ কাষেৰে আগুৱাই গৈ থাকিল। মাজতে ছোৱালীজনীয়ে পিছলৈ ঘূৰি চালে লুকাই পৰে। তাইক অনুসৰণ কৰি আকৌ আগুৱাই যায়৷ কিয় তেনেদৰে আহিছে সি কিন্তু নিজেই বুজি নাপালে। কিবা এটা অজান শক্তিয়ে তাক ছোৱালীজনীৰ পিছে পিছে লৈ গৈ থাকিল।
**********
: কিয় মোৰ পিছত আহিছ বাবু?
: ক’ত তোৰ পিছত আহিছো? মই তোক চিনিয়েই নাপাওঁ।
: কিন্তু আমি তোক ঠিক চিনি পাইছো। যোৱা দুইদিন ভি তই মোৰ পিছত আহিছ।
ধৰা পৰি গৈছিল সিদ্ধাৰ্থ। আৰু মিছা মাতিবলৈ মন নগ’ল। চিধা-চিধি এইবাৰ মনৰ কথাখিনি সুধিয়েই পেলালে-
: তোৰ পোৱালিটো ক’ত?
: কোনটা পোৱালি? আমাৰ কোনো ভি পোৱালি ছোৱালী নাই আছে।
: মই জানো তই পোৱালি এটা লৈ ভিক্ষা খুজি ফুৰ। সেই পোৱালিটো ক’ত?
: আমি কৈছো না, কোনো পোৱালি নাই৷ আৰ আমাৰ পিছা নাকৰিবি৷ মৰদে দেখিলে তোৰ জান খাই দিব।
: শুনচোন! তই যদি বিপদত পৰিছ, মই সহায় কৰিব পাৰিম। ক’ত থাক তই?
: সহায়? কি সহায় কৰিবি? তই পুলিচ নেকি?
: নহয়, মই পুলিচ নহয়। কিন্তু তই বিচাৰিলে সহায় কৰিব পাৰিম।
কিছুদেৰি সিদ্ধাৰ্থৰ চকুলৈ চাই হঠাতে ছোৱালীজনী দৌৰি আঁতৰি গ’ল। সি একেঠাইতে ৰৈ থাকিল৷ ইফালে সিফালে চাই তাইক দুনাই ওচৰে পাজৰে নেদেখি এইবাৰ সি উভতি আহিব ধৰিলে৷ কিন্তু ঠিক তেনেতে কাৰোবাৰ হাতৰ স্পৰ্শত থমকি ৰ’বলগীয়া হ’ল।
: কি বাবু, বহুদেৰিৰ পৰা ছোৱালীজনীৰ পিছা কৰিছ, কি লাগে?
ৰাক্ষসৰ দৰে মানুহজনে কান্ধত হাত এখন থৈ তীক্ষ্ণ দৃষ্টিৰে চাই আছিল তালৈ। প্ৰকাণ্ড দাড়িকোচাৰ মাজৰ বিড়ীডালৰ পৰা অসহ্যকৰ ধোঁৱা এসোপামান আহি তাৰ নাকে মুখে কোবাই গ’ল। কান্ধৰপৰা মানুহজনৰ হাতখন লাহেকৈ আঁতৰাই আনি সিদ্ধাৰ্থে ক’লে –
: মই কাৰো পিছ লোৱা নায়। এইফালে আহি আছিলো, চিনাকি ছোৱালীজনী দেখি তাইক মাত দিলো৷ বচ সিমানেই।
: চিনাকি? আচ্ছা? বাবু, কেনেকৈ চিনি পালি তাইক?
এইবাৰ ফান্দত পৰিল সি। কি ক’ব একো ঠিৰাং কৰিব নোৱাৰি মানুহজনৰ মুখলৈ চাই হাঁহিবলৈ চেষ্টা কৰিলে।
: ঠিক আছে, বুজিছো। এইবোৰ কথা এনেকৈ ক’ব নোৱাৰি নহয়? আচ্ছা। এই নম্বৰটো ল। যদি ৰোশনীক লাগে, ফোন কৰিবি। ছিক্ৰেট নাম্বাৰ, ভালদৰে ৰাখিবি। হা হা হা!
মানুহজনে কাগজৰ টুকুৰা এটা তাৰ হাতত গুজি দি আঁতৰি গ’ল। টুকুৰাটো খুলি তাত লিখা নম্বৰটো সি এবাৰ মুখৰ ভিতৰতে আওৰাই চালে। ফোনটো উলিয়াই নম্বৰটো ডায়েল কৰি কাগজ টুকুৰা চিঙি পেলাই দিলে।
: এইবোৰ কি কৰিছো? কিয় তাইৰ পিছে পিছে আহিলো? নম্বৰটো কিয় ছেভ কৰিছো?
নিজেই আঁচৰিত হ’ল সি৷ ছোৱালীজনীৰ পিছে পিছে কিয় আহিছিল নিজেও ভাবি নাপালে।
: তাই বাৰু কিবা এটা ক’ব বিচাৰিছিল নেকি!! যোৱা দুদিনো ধৰি ইচ্ছা কৰিয়েই ছিগনেলটোত তাৰ ওচৰলৈ ভিক্ষা খুজিবলৈ গৈছিল নেকি? আচলতে তাই বিচাৰিছিল নেকি সি পিছে পিছে অহাটো?
ৰাস্তাৰ কাষৰ দোকান এখনত ৰৈ নেমুপানী এগিলাচ গিলি কথাবোৰ ভাবিবলৈ ধৰিলে সি। কিছুদেৰি ৰৈ ছোৱালীজনীক দুনাই নেদেখি বাইকখন থোৱা ঠাইলৈ উভটি আহিল।
***
আহিবলগীয়া সন্তানটিক লৈ স্মিতাৰ কিমান যে কল্পনা। পিছে সকলো কল্পনা ধূলিসাৎ হৈ গ’ল যেতিয়া হস্পিটালৰ বিছনাত দেউতাকে আহি সন্তানটোৰ মৃত্যুৰ খবৰটো দিলে। যেন সৰগ ভাঙি পৰিছিল মূৰত৷ মুখেৰে এটা শব্দও ক’ব পৰা নোৱাৰিলে। সিদ্ধাৰ্থৰ ওচৰত থাকিলে শুশ্ৰূষা কৰোঁতা কোনো নোহোৱাৰ অজুহাত দেখুৱাই দেউতাকে তাইক লৈ গ’ল৷ একো ক’বলৈ তাই সুবিধাই নাপালে। সেই সময়ত চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰা সিদ্ধাৰ্থেও নিজৰ মনৰ অৱস্থাটো কাৰো আগত প্ৰকাশ হ’বলৈ নিদিলে।
ছমাহমানৰ পিছত তাই আকৌ অফিচলৈ যোৱা আৰম্ভ কৰিছিল। অফিচৰ সম্মুখৰ ৰেষ্টোৰাখনত লাহে লাহে দুয়ো আগৰ দৰে লগ হ’বলৈ ধৰিলে। কিন্তু আগতকৈ এতিয়াযে বহুত পাৰ্থক্য৷ চিঞৰ বাখৰ কৰি গোটেইখন মূৰৰ ওপৰত তুলি লোৱা ছোৱালীজনী এতিয়া একেবাৰে নিমাত। ভাঙিব ধৰা ঘৰখন আকৌ এবাৰ আৰম্ভ কৰাৰ হাবিয়াসেৰে সিদ্ধাৰ্থেও তাইৰ মনটো ভৰাই ৰাখিবলৈ চেষ্টা কৰি থাকিল।
: কালি কাৰোবাৰ লগত দেউতাই খুব খঙেৰে কথা হৈছিল। – কিছুদেৰি নিৰৱতাৰ অন্তত স্মিতাই মাত লগাইছিল৷
: কাৰ লগত?
: গম নাপালো৷ কিন্তু তেওঁ কিবা বিপদত পৰা যেন অনুমান হৈছে। তুমি অলপ খবৰ কৰিবানে?
সিদ্ধাৰ্থৰ হাতদুখন খামুচি ধৰি স্মিতাই তাৰ চকুলৈ চাই ৰ’ল।
: হ’ব দিয়া, মই খবৰ কৰিম। তুমি ভালদৰে থাকিবা। এইবোৰ ষ্ট্ৰেছ ল’লে গাটো আৰু বেয়া হ’ব।
একো নকৈ তাই তলমূৰ কৰি ৰ’ল। সদায় দুয়োৰে বহুতো ক’বলগীয়া থাকে, কিন্তু সময়ত সেইবোৰ মনৰপৰা ওঁঠলৈ নাহে।
: নতুন চাকৰিটো কেনেকুৱা লাগিছে সিধ্ ?
: ভালেই৷
: মোক কেতিয়া ঘৰলৈ নিবা?
আজি প্ৰায় এবছৰৰ মূৰত তাইৰ মুখত নিজৰ ঘৰখনৰ কথা শুনি আনন্দত আত্মহাৰা হৈ পৰিল সিদ্ধাৰ্থ। কিমান দিন চেষ্টা কৰিছে কথাটো ক’বলৈ, কিন্তু ক’বহে পৰা নাই। ঘৰলৈ আহিলেই মনটো আকৌ বেয়া হ’ব বুলিয়েই সি ইমানদিন কথাটো উলিওৱা নাছিল। কিজানিবা দেউতাকৰ লগত থাকিয়েই তাই সোনকালে সুস্থ হৈ উঠে।
: তুমি ক’লে আজিয়েই লৈ যাবলৈ সাজু আছো। তুমি নোহোৱা ঘৰখন মৰিশালী যেন হৈ আছে, অ’!
: মইয়েই মৰিশালী কৰি পেলাইছো…..! আমাৰ বেবীটো যদি জীয়াই থাকিলে হয়….!
হঠাতে ঘটিল ঘটনাটো৷ নিজৰ গালতে যেন চৰিয়াই দিব সি। মৰিশালী শব্দটো কিয়নো ক’লে! স্মিতাৰ চকুৰে ওলাই অহা চকুপানী দুটোপাল দেখি সি পাগল হৈ পৰিল। নিজকে মনে মনে এসোপামান গালি দিবলৈ ধৰিলে।
: একো নাই ব’লা। ভাগ্যত থাকিলে আমি আকৌ কেতিয়াবা …
: সেই ভাগ্যখনেইযে নাই…. মইযে আৰু কেতিয়াও ‘মা’ হব নোৱাৰো!
ৰেষ্টোঁৰাখনৰপৰা দৌৰি ওলাই আহিল স্মিতা। তাইৰ মনটো ভাল লগাবলৈ চেষ্টা কৰি সদাই এনেকুৱা কিবা এটা ওলায় আৰু তাই কান্দি কান্দি আঁতৰি যাবলগীয়া হয়।
: এনেদৰে আৰু কিমান দিন? কিমান কষ্ট পাই থাকিবা নিজৰ মাজতে!
মনতে গুজৰি গুমৰি সিও ৰেষ্টোঁৰাখনৰ পৰা ওলাই আহিল।
*****
দুদিন ৰোশনীক ছিগনেলত দেখা নাই। সিদ্ধাৰ্থৰ চিন্তা হ’ল। অফিচত বহি তাইৰ কথা ভাবি থাকোঁতে মানুহজনে দিয়া ফোন নম্বৰটোৰ কথা মনত পৰিল।
: কিবা বিপদ হৈছে নেকি তাইৰ? সেই ৰাক্ষসটোৱে যদি কিবা অনিষ্ট কৰিছে? ‘মৰদ’ বুলি সেইজনৰ কথাই কৈছিল নেকি তাই?
কৰো নকৰোকৈ মানুহজনে দিয়া নম্বৰটো ডায়েল কৰিলে। সিফালৰ পৰা এগৰাকী মহিলাৰ কণ্ঠস্বৰ ভাহি আহিল।
: হেল্ল’!
: ৰোশনীক পাম নেকি? এইটো তাইৰ নম্বৰ হয়নে?
: ৰোশনী কিয়? জয়া, হেমা, ৰেখা, মাধুৰী, জুহি, সব আছে। যাক লাগে তাকেই পাবি। এক সে বঢ়কৰ এক। পিছে মাল কিমান দিবি?
: মানে? ৰাস্তাত ভিক্ষা খোজা ‘ৰোশনী’ৰ কথা কৈছো। তাইক ক’ত পাম? ….আৰু কি মালৰ কথা কৈছেহে? আপুনি কোন?
: মই কোন বাদ দে। মাল লৈ আহ, ৰোশনীক লৈ যা…। হে হে হে।
সিদ্ধাৰ্থ মনে মনে থাকিল। মানুহজনীৰ কথালৈ মন নিদি ফোনটো কাটি দিলে। কথাবোৰ যেন অলপ অলপ বুজিব পাৰিছে সি।
ক্ৰিঁং ক্ৰিং ক্ৰিং!
তাৰ ফোনটো বাজি উঠিল এইবাৰ। সেইটোৱেই নম্বৰ। লাহেকৈ ৰিচিভ কৰি এইবাৰ সি মনে মনে থাকিল৷ একো নক’লে৷
: ৰাতি আঠটাত ৰূপহী চকলৈ আহিবি বাবু, তাতেই ৰোশনীক পাই যাবি। মাল লৈ আনিবি, পাঁচ হাজাৰ টাকা।
এইবাৰ ফোনটো সিফালৰ পৰা কাটি গ’ল। ফোনত কথা কোৱাজন বেলেগ৷ আগৰ মহিলাগৰাকী নহয়। মাতটো সি আগতেও শুনিছে। মনত পৰিল ছোৱালীজনীৰ পিছে পিছে যাওঁতে লগ পোৱা মানুহজনৰ কথা।
: হয়, সিয়েই হ’ব।
তাৰমানে ছোৱালীজনী অকল ভিক্ষাই নহয় আন কিবাকিবি কামতো জড়িত আছে।
: ইমান অকণমানি ছোৱালীজনী৷ এইবোৰত কেনেকৈ সোমাই পৰিল? মোক পুলিচৰ মানুহ নেকি সুধিছিল তাই৷ সঁচাকৈয়ে কিবা বিপদত পৰিছে নেকি?
সিদ্ধাৰ্থৰ মনত ছোৱালীজনীৰ প্ৰতি এটা অদ্ভূত আকৰ্ষণে শিপাবলৈ ধৰিছিল। কিহৰ বাবে এই আকৰ্ষণ সেয়াও সি বুজি পোৱা নাই। মুঠতে তাইক লগ পাবলৈ মনটো অস্থিৰ হৈ পৰিছে। তাইৰ কোলাত দেখা কেঁচুৱাটো চাবলৈ মনটোৱে হাহাকাৰ কৰি উঠিছে।
‘ৰূপহী চ’ক’ নামটো শুনিয়েই তালৈ যোৱাৰ ভয়াবহতাৰ বিষয়ে সি বুজি উঠিছিল। তথাপিও সি তালৈ যাব। ‘ৰোশনী’ক লগ কৰিবই লাগিব। তাইৰ কেঁচুৱাটো কেনে আছে জানিবলৈ চেষ্টা কৰিব। অফিচৰ কামখিনি সোনকালে শেষ কৰি সিদ্ধাৰ্থে সন্ধিয়া আঠবজালৈ অপেক্ষা কৰি ৰ’ল।
******
ৰূপহী চ’কত বিজুলী চেলুনৰ ভিতৰলৈ ইমান বিশাল এটা আয়োজন আছে বুলি সি কল্পনাও কৰা নাছিল। চেলুনৰ বৃহৎ আইনাখন আতঁৰাই দিলে পিছফালেৰে এটা ৰাস্তা ওলাই পৰে৷ বাহিৰৰপৰা একেবাৰে অনুমানো কৰিব নোৱাৰি। সেইটোৰে সোমাই কণমানি কৰিড’ৰ এটাৰে আগুৱাই আহিলে দুয়োফালে সৰু সৰু কোঠালিবোৰ। প্লাইউডৰ বেৰবোৰ তামোলৰ পিক, থূ-খেকাৰেৰে ভৰা। বিভিন্ন অভিনেত্ৰী, মডেলৰ চিত্ৰ বেৰত ওলোমাই থোৱা আছে; প্ৰায়বোৰেই উৱলি গৈ চিনিব নোৱাৰা। কোনোবাগৰাকীৰ মুখখন আকৌ তামোলৰ পিকে আৱৰি পেলাইছে। চেলুনখনত সোমাওতে তাৰ বুকুখনে ধান বনাদি ধপধপাবলৈ ধৰিলে৷ কোনোবাই দেখিছেই নেকি ভাৱ এটা বাৰে বাৰে মনলৈ আহিবলৈ ধৰিলে। যিমানে সি ভিতৰলৈ সোমাই গৈছে ধপধপনিটো বাঢ়ি বুকুখন বিষাই আহিছে।
চেলুনত কাম কৰা বিমল নামৰ ল’ৰাটোৱে ৰুম এটালৈ আঙুলিয়াই দিলে। ল’ৰাটো চিনাকি, আগতে বেলেগ এখন চেলুনত লগ পাইছিল। বিমলে ৰুমটোৰ ওচৰলৈ গৈ প্লাইউডৰ দুৱাৰখনত টোকৰ এটা মাৰি পিছুৱাই আহিল৷ সিদ্ধাৰ্থলৈ চাই বেঁকা হাঁহি এটা মাৰি আইনাখনেৰে বাহিৰলৈ ওলাই গ’ল। হাঁহিটোৰ অৰ্থ সিদ্ধাৰ্থে ভালদৰে বুজি পালে।
দুৱাৰখন ভিতৰৰ পৰা বন্ধ নাছিল, লাহেকৈ ঠেলি দিওঁতে সেইখন খোল খাই গ’ল। দুৱাৰ খোলাৰ লগে লগে উচপ খাই উঠিল সি, ভৰিৰ ওপৰেৰে নিগনিৰ দৰে কিবা এটা দৌৰি ওলাই গৈছিল। চুচুক চামাককৈ সি ভিতৰলৈ সোমাল পৰিল।
দীঘলে পঠালিয়ে ছফুটতকৈ বেছি বহল নহ’ব কোঠাটো। একেবাৰে সুবিধাজনক নহয়। ভিতৰত অকণমানি খাট এখন। তাতে ৰঙা শাৰী পিন্ধা ছোৱালী এজনী বাগৰি আছে। কোঠাটোৰ চাৰিওফালে সি চকু ফুৰাই চালে। ভিতৰৰ বেৰবোৰ অৰ্ধউলঙ্গ ছোৱালীৰ ফটোৰে ভৰা৷ কোনোবাখনৰ এটুকুৰা অলপ চিঙি তললৈ ওলমি পৰিছে। মজিয়াখন তামোল-পাণৰ পিকেৰে ভৰি আছে৷ খাটখনৰ তলৰ মদৰ বটল দুটামানত চকু পৰিল তাৰ। কৰিডৰটোৰে সোমাই আহোতেই গোন্ধ এটা নাকত লাগি আছিল।
: দৰৱাজাটো বন্দ্ কৰি দে।
ছোৱালীজনীৰ মাতত সি ঘূৰি চালে। তাই ইতিমধ্যে খাটৰ পৰা উঠি আহি কাষতে ঠিয় হৈছিল। বাওঁহাতেৰে লাহেকৈ দৰজাখন বন্ধ কৰি মজিয়াৰ থূ-খেকাৰবোৰত ভৰি নপৰাকৈ সাৱধানেৰে সি ছোৱালীজনীৰ ওচৰলৈ আগবাঢ়িল।
: ইমান চৰম কিয়, ফাচ টাইম আহিছ নেকি?
ছোৱালীজনীয়ে ঠেলামাৰি তাক খাটখনৰ ওপৰত পেলাই দিলে৷ শাৰীখনৰ আঁচলটো কান্ধৰ পৰা আঁতৰাই এটা বেপেৰুৱা ভঙ্গীমাৰে তাৰ সম্মুখত আহি ঠিয় হ’ল। সিদ্ধাৰ্থৰ চকুদুটা তাইৰ নিটোল দেহাটোৰ ওপৰেৰে বাগৰি গ’ল। ষোল্ল বা সোতৰ বছৰীয়া ছোৱালীজনী৷ মুখৰ পৰা শিশু সুলভ ভাৱটো আঁতৰাই নাই। কিন্তু তাইৰ শৰীৰটো!…..হয়তো মনটোৰ দৰেই শিল হৈ পৰিছে।
চকুৱে চকুৱে পৰাত ছোৱালীজনী অপ্ৰস্তুত হ’ল। এইবাৰহে তাই সিদ্ধাৰ্থক ভালদৰে দেখিলে।
: বাবু….তই ইয়াত?
: অ…. মই। তোকেই বিচাৰি আহিছো। শাৰীখন ভালদৰে উঠাই ল।
: কিয়..? তই আজি মোৰ কাষ্টমাৰ। কাষ্টমাৰে চাৰীটা খুলিবহে কয়, পিন্ধিব নকয়।
এইবাৰ তাই আহি সিদ্ধাৰ্থৰ কাষতে বহি ললে।
: কি হ’ল বাবু? ঘৰত মাইকী নাই কাৰণে ইয়াত আহিলি নেকি?
: কিনো কৈ আছ? সেইবোৰ বাদ দে। তোৰ বাচ্ছাটো ক’ত?
: বাচ্ছা? তই কিয় মোৰ পিছত এনেদৰে লাগিছ বাবু? বিপদত পৰিবি।
: সেইবোৰ মই একো নাজানো৷ খালি তোৰ বাচ্ছাটোৰ কথা ক।
হঠাতে ছোৱালীজনীয়ে তাৰ ওঠত আঙুলিৰে হেচি মনে মনে থাকিবলৈ ইঙ্গিত দিলে৷ নিজেও কিবা শুনিব চেষ্টা কৰাৰ দৰে কিছুদেৰি বাহিৰলৈ মন কৰি থাকিল।
: তোৰ ভাগ্য ভাল আছে, কাষৰ ৰুমত আজি কোনো ভি নাই। সোনকালে কি কৰিব আছে কৰ আৰু গুছি যা।
: ধে…ই…ৎ। তই বুজা নাই কিয়? মোৰ কথা শুন। তোৰ কোলাত দেখা কেঁচুৱাটো বিচাৰিহে আহিছো৷ তাক দেখি মোৰ বুকুখনত কিবা এটা বিষ যেন অনুভৱ কৰিছিলো। কিয় মই নাজানো! কেঁচুৱাটো চাবলৈ মনটো অস্থিৰ হৈ আছে। ক’ত আছে তোৰ কেঁচুৱাটো সোনকালে কৈ দে?
: তোৰ গেছটিক্ হ’ব পাৰে, সেইকাৰণে বুকুটা বিখাইছে।
: মই ইয়াত ধেমালি কৰিবলৈ অহা নাই অ’।
: চেইটো আমিও বুজি পাইছো। আচ্ছা কি জানিব খুজিছ তই?
: তোৰ বিষয়ে, তোৰ বাচ্ছাটোৰ বিষয়ে। সকলো!
এটা হুমুনিয়াহ কাঢ়ি কিছুদেৰি তাই সিদ্ধাৰ্থৰ চকুলৈ চাই ৰ’ল। হঠাতে কিবা ভাবি এফালৰপৰা তাই আৰম্ভ কৰিলে।
: মোৰ নাম বৰষা। বৰষা বৰুৱা। ৰোশনী, মোক ইহঁতে দিয়া নাম।
: তই অসমীয়া ছোৱালী?.. ইমান ধুনীয়াকৈ অসমীয়া কবও জান? এনেদৰে বিহাৰী মিক্স অসমীয়া কিয় কৱ তেনেহলে?
: সকলো কেতিয়াবাই হেৰুৱাইছো৷ নাম আৰু ভাষাত কি আছে। পেটৰ কাৰণে এইবোৰ কৰিব লাগে দাদা। আপোনালোকৰ দৰে এচি ৰুমত বহি টকা ঘটাৰ ভাগ্য আমাৰ নাই।
হঠাতে তাইৰ কথাৰ সুৰ সলনি হ’ল। তইৰ পৰা আপুনি আৰু বাবুৰ পৰা দাদা হ’ল। সিদ্ধাৰ্থৰ ওচৰত যেন কিবা এটা যেন সুৰক্ষা পাইছিল। তাৰ মুখলৈ চাই সৰু সৰুকৈ ছোৱালীজনীয়ে কৈ গ’ল–
: তেৰ বছৰ বয়সত নিজৰ খুড়াই মোৰ গাত হাত দিছিল। খুড়ীয়ে ঘৰৰ পৰা উলিয়াই দিলে৷ একো নোখোৱা নেমেলাকৈ বহুদিন ৰাস্তাৰ কাষত বহি থাকিলো। মা দেউতাৰ কথা মনত নাই, জনা বুজা হোৱাৰ পৰা খুড়াহতৰ লগতেই আছিলো। আপুনি জানে, মই স্কুলো গৈছিলো!……কিন্তু সব শেষ হৈ গ’ল। ৰাস্তাৰ কাষৰ পৰা এদিন এজন মানুহে লৈ আহি তেওঁৰ হস্পিটালত থাকিবলৈ দিলে। হস্পিটালত চাফাই কাম কৰি দিছিলো, তাৰ বিনিময়ত তেওঁ মোক থকা আৰু খোৱাৰ সুবিধা কৰি দিছিল। হস্পিটালত মোৰ কেঁচুৱা এটা জন্ম হ’ল আৰু তাইক বচাই ৰাখিবলৈ যিয়েই যেনেকৈ কৈছে তাকেই কৰি গৈছো।
: ক’ত আছে তোৰ ছোৱালীজনী?
: বাঈজীৰ কব্জাত। মোৰ নিচিনা আৰু বহুতো ছোৱালীৰ বাচ্ছাবোৰ সিহঁতে ৰাখি থয়। ইয়াত নহয়, বেলেগ জাগাত।
: কিমান ডাঙৰ তোৰ ছোৱালীজনী?
: তিনি বছৰ হৈছে।
: কিন্তু মই সেইদিনা তোৰ কোলাত দেখাটো, তেনেই সৰু পোৱালি আছিল!
: সেইটো মোৰ নহয়….বেলেগৰ!
: মানে?
: আমি দিনত ভিক্ষা খুজিব লাগে। ভিক্ষা খুজি পোৱা টকাকেইটাৰে আমাৰ বাচ্ছাবোৰৰ কাৰণে খানা কিনিব পাৰো। ধান্দাৰ টকা সব বাঈজীয়ে ৰাখি থয়। বেলেগে বেলেগৰ বাচ্ছা লৈ ভিক্ষা খুজিব যাব লাগে। নিজৰ বাচ্ছা লগত নিলে পলাই যাম বুলি এই চিষ্টেম কৰা আছে। সৰু বাচ্ছাবোৰক এটা মেডিচিন দিয়ে আৰু গোটেই দিনটো সিহঁতে আমাৰ কোলাত শুই থাকে।
: ড্ৰাগছ?
: নাজানো। কিবা এটা মেডিচিন বুলি কয় সিহঁতে।
: আৰু ডাঙৰ বাচ্ছাবোৰ?
: লাহে লাহে সিহঁতকো ভিক্ষা খোজা কামত লগায়। কাৰোবাৰ চকু এটা উলিয়াই, কাৰোবাৰ হাত বা ভৰি এখনকৈ কাটি…………
কথাবোৰ শুনি হুমুনিয়াহ এটা ওলাই আহিল তাৰ। কান্দি কান্দি ছোৱালীজনীয়ে সকলো কৈ গৈছে এফালৰপৰা৷ যেন এইখিনি কাৰোবাৰ আগত খুলি ক’বলৈকে তাই বহুদিনৰ পৰা ৰৈ আছিল। কিবা এটা কৰি ছোৱালীজনীক সহায় কৰিবলৈ সি মনতে ঠিক কৰি পেলালে।
: বাঈজী ক’ত থাকে? মই পুলিচৰ সহায়ত তহঁতক ইয়াৰ পৰা উলিয়াই লৈ যাম। তই বাকী ছোৱালীবোৰৰ লগত আলোচনা কৰি সকলোকে একগোট কৰিব পাৰিবিনে?
: এইবোৰ ইমানো সহজ নহয় দাদা। পুলিচে একো নকৰে, সিহঁতো মিল আছে। এইটো এটা ডাঙৰ গেম, বহুতো ডাঙৰ ডাঙৰ মানুহ সোমাই আছে ইয়াত।
: বুজিছো! কিন্তু কিবা এটা কৰিবই লাগিব। তোক ইয়াত এনেদৰে মৰিবলৈ এৰি যাবলৈ মনটোৱে কোৱা নাই।
: আমাৰ বাচ্ছাবোৰক ক’ত ৰাখে কোনেও নাজানে। বাচ্ছাবোৰ নোহোৱাকৈ কোনো ছোৱালী ইয়াৰ পৰা ওলাই নাযাব।
: তই মোক কিবা এটা ক্লু দে, তাৰ পিছৰ ব্যৱস্থা মই কৰিম। ডাঙৰ ডাঙৰ অফিচত মোৰ চিনাকি আছে।
: লাভ নাই দাদা!…ডাঙৰ ডাঙৰ অফিচৰ ডাঙৰ ডাঙৰ মানুহ বোৰেও আমাৰ দৰে ছোৱালীবোৰ বিচাৰি বাঈজীৰ দৰজা খটখটাবলৈ আহে।
: তই দাদা কৈছ যেতিয়া, কিবা এটাটো কৰিমেই।
: আপোনাক কাবৌ কৰিছো৷ আমাক এনেদৰে থাকিবলৈ দিয়ক। আমি ভালেই আছো। এইবোৰত সোমাই কিয় নিজৰ জীৱনৰ বাজি লগাব খুজিছে?
: নাজানো। তোৰ কোলাত দেখা কেঁচুৱাটোৰ মুখখন বৰকৈ মনত পৰিছে। কোনোবাই সহায় কৰে বা নকৰে, বাচ্ছাটো মই বিচাৰি উলিয়ামেই৷ তই মোক সহায় কৰিব লাগিব৷ তোক এই নৰকৰ পৰা উলিয়াই নিম, তোৰ ছোৱালীজনীৰ সৈতে।
কিছুদেৰি দুয়ো নিৰৱে ইটোৱে সিটোৰ মুখলৈ চাই ৰ’ল। বৰষা ওৰফে ৰোশনীৰ চকুপানী ওলাইছিল। সিদ্ধাৰ্থে তাইৰ দুচকুত এখন মুকলি আকাশৰ সপোন স্পষ্টভাবে দেখিবলৈ পালে। বিছনাৰপৰা উঠি এখন সৰু কাগজ উলিয়াই সি বৰষাৰ হাতত গুজি দিলে।
: মই এতিয়া যাওঁ। আকৌ আহিম। এইটো মোৰ ফোন নম্বৰ, ৰাখি থ। বাঈজীৰ কিবা ইনফৰমেচন পালে মোক জনাবি। যেনেকৈ নহওক, অতি সোনকালে ইয়াৰ পৰা তহঁতক উলিয়াই নিম।
: দাদা, এটা কথা কওঁনে?
: ওঁম্ ….কি কথা?
: মই যদি কওঁ …আপোনাৰ বাচ্ছাটো জীয়াই আছে…!
দুৱাৰখন খুলিব লোৱা সিদ্ধাৰ্থ থমকি ৰ’ল। হাতখন দুৱাৰৰ কুন্দীটোৰ পৰা সি এৰাব নোৱাৰিলে। কি ক’ব ভাবি নাপালে৷ বৰষাৰ মুখলৈ ভেবা লাগি চাই ৰ’ল সি। তাৰ চাৱনিত লুকাই আছিল হেজাৰটা প্ৰশ্ন। চকুদুটা চলচলীয়া হৈ পৰিল তাৰ৷
***********
ৱেষ্ট জ’ন নাৰ্ছিং হ’ম।
সময় দুপৰীয়া।
মেটাৰনিটি ৱাৰ্ডৰ বাহিৰৰ কৰিড’ৰটোত সংলগ্ন তিনিজনীয়া দীঘল ষ্টিলৰ চকীখনত বহি দীপক শইকীয়াই বৰ উৎকণ্ঠাৰে সময়বোৰ পাৰ কৰিছে। মাজতে বহাৰ পৰা উঠি অপাৰেশ্যন থিয়েটাৰৰ দুৱাৰৰ ওচৰলৈ ঢপলিয়াই গৈছে৷ মুহূৰ্ত্ততে আহি আকৌ চকীখনত বহি পৰিছে। সোঁহাতৰ চোলাটো কোঁচাই এবাৰ ঘড়ীটোলৈ আৰু এবাৰ সম্মুখৰ ৰঙা লাইটটোলৈ চাই ৰৈছে। অলপ আঁতৰত থিয় হৈ থকা কনিষ্টবল দুজনৰ মুখতো উৎকণ্ঠাৰ চিন স্পষ্ট।
তেনেতে দুৱাৰখন খুলি ডা° সমীৰণ বৰুৱা আগুৱাই আহিল। শইকীয়াই ততাতৈয়াকৈ উঠি গৈ তেওঁৰ পৰা ভিতৰৰ পৰিবেশটো জানিব বিচাৰিলে।
: ছাৰ, উই হেভ এ ভেৰি ক্ৰিটিকেল ছিটুৱেছন এণ্ড উই মাষ্ট অপাৰেট এজ চুন এজ পছিবল।
: যি কৰিবলগীয়া আছে সোনকালে কৰক ডাক্টৰ৷ প্লীজ ছেভ মাই ড’টাৰ।
: উই আৰ ট্ৰাইং আৱাৰ বেষ্ট ছাৰ৷ কিন্তু এটা প্ৰব্লেম আছে।
: হোৱাট প্ৰব্লেম?
: ইন মেডিকেল টাৰ্মছ, উই কল ইট এজ ‘নিউকেল কৰ্ড’….হোৱেৰ আমবিলিকেল কৰ্ড ৰেপছ্ এৰাউণ্ড ড বেবীজ নে’ক…..! আই হ’প আপুনি জানে এই বিষয়ে…..
: খোলাখোলিকৈ কওঁক, কি কৰিব লাগিব?
: ইন ডিচ ছিটুৱেছন উই কেন ছেভ আইডাৰ ওৱান। মাক বা বেবী যিকোনো এজনকহে বচাব পৰা যাব। ইন ভেৰি ৰেয়াৰ ছিটুৱেছন বোথ ছাৰভাইভ্।
: আই নিড মাই ড’টাৰ, ডাক্তৰ। প্লীজ মোৰ ছোৱালীজনীক বচাওঁক।
: এইটো এটা ডাঙৰ ডিচিছন আৰু উই নিড হাৰ হাজবেণ্ডছ্ কনচাৰ্ণছ্।
: তাইৰ হাসবেণ্ডে এতিয়া ক’ৰবাত ইণ্টাৰভিউ দি আছেগৈ৷ হি ডাজ নট হেভ এ জব টু লুক আফটাৰ ড ফেমিলি। আই এম ড গাৰ্জেন। মই তাইৰ দেউতাক, মই লিখি দিম আপোনালোকে যেনেকৈ কয়৷ প্লীজ ছেভ ড গাৰ্ল।
: কিন্তু ছাৰ, তাই মেৰিড আৰু আমি তাইৰ হাজবেণ্ডৰ অনুমতি ল’বই লাগিব।
: আই এম ড ৰেজিঅ’নেল কমিছনাৰ ডেম ইট্। ডণ্ট ইউ ন’ মি?….আই এম দীপক শইকীয়া…..!
: ই…..য়েছ…. ছাৰ……আই এম ছৰি ছাৰ! ৱিল ডু এজ ইউ ছে। ……নাৰ্চ……নাৰ্চ….গ….গেট …মি …..ড ….. পেপাৰছ……..ফাষ্ট ৷ ফাষ্ট।
****
সিদ্ধাৰ্থৰ অফিচ।
সময় নিশা ১০ বাজিছে।
সিদ্ধাৰ্থ আৰু সমৰ মুখামুখিকৈ বহি আছে। এজনৰো মুখত মাতবোল নাই। দুয়ো ভাবিছে প্ৰকৃততে কথাটো কি? সঁচাকৈয়ে এইবোৰ হৈছিল নে!
: এইখিনি কথা তোৰ শহুৰে কৈছিল?
: ওঁ…ম। তেওঁ কোৱাৰ দৰেই ইমান দিন ভাবি আছিলো।
: কিন্তু বৰষাৰ কথাবোৰচোন সম্পূৰ্ণ বেলেগ!
: তাকেই।
: এই ‘নিউকেল কৰ্ড’ৰ বিষয়ে প্ৰায়বোৰ প্ৰাইভেট নাৰ্ছিং হ’মত শুনা যায়। পেচেণ্টক ভয় দেখুৱাই, নৰ্মেল ডেলিভাৰী হ’বলৈ নিদিয়ে। চি-চেক্সন নকৰিলে ডিঙিত মেৰিয়াই থকা নাৰ্ভডালে সন্তানটোৰ অপকাৰ কৰিব বুলি কয়। এই কণ্ডিচনটো কিমানখিনি সঁচা, নাজানো। মেডিকেল ছাইন্সৰ একো জ্ঞান নাই যেতিয়া এইবোৰত মাতো নিদিওঁ।
: ইমান ভবা নাছিলো কথাটো।
: ওঁ। এতিয়া পিছে কি ভাবিছ?
: ভাবিছো, মোৰ পত্নীৰ দেউতাকৰ কথাবোৰ মানিম নে ৰাস্তাত লগপোৱা এগৰাকী……বেশ্যাৰ কথা!
: কিন্তু তাইৰ কথাখিনিওতো উৰুৱাই দিব নোৱাৰি!
: মুঠেই নোৱাৰি। কিবা এটা নিশ্চয় আছে।
: তেনেহলে, কি কৰিবি?
: ডাক্তৰ সমীৰণ বৰুৱাক ধৰি দুচৰ লগাই দিলেই সকলো কথা ওলাই পৰিব।
: ইমান সহজভাৱে নলবিচোন কথাবোৰ। ডাক্তৰ সমীৰণ বৰুৱা কোন জাননে? তেওঁৰ গাত হাত দিয়াৰ পৰিণাম কি হ’বগৈ পাৰে ভাবি চাইছ জানো?
: মোৰ বিশ্বাস, এই গোটেই স্কেমটো তেওঁৰ নিৰ্দেশনাত চলি আছে!
: থাকিব পাৰে, কিন্তু কোনো প্ৰমাণ নোহোৱাকৈ আমি কাৰো একো কৰিব নোৱাৰো। চিৰদিনলৈ জেলত পচি থাকিব লাগিব, গম পাবি তেতিয়া।
: আমাৰ হাতত প্ৰমাণ আছে, ৰোশনী ওৰফে বৰষা বৰুৱা।
সিদ্ধাৰ্থ আৰু সমৰে ইজনে সিজনলৈ চাই ৰ’ল। কিছুদেৰিৰ নিৰৱতা আৰু তাৰ মাজতে টেবুলৰ ওপৰত ঘড়ীটোৰ কাটাডালে টিক্ টিক্ কৈ আগুৱাই গৈ থাকিল। কাষতে থকা স্মিতাৰ ফটোখনেও যেন সিহঁতৰ পৰিকল্পনাৰ সমভাগি হৈ ৰ’ল।
****
দীপক শইকীয়াৰ বাসগৃহ।
কান্দোনত ভাগি পৰিছে স্মিতা। হতাশা ভৰা দুচকুৰে কাষতে বহি শইকীয়াই নিৰৱে জীয়েকৰ মুখলৈ চাই আছে।
: তুমি কিয় এনেকুৱা কৰিলা দেউতা? কিয় মোক সন্তানটোৰ পৰা আঁতৰাই ৰাখিলা? তোমাৰ অন্তৰখনে এবাৰলৈও নকলেনে মই কেনেকৈ থাকিম? সন্তানটো হেৰুৱালো, আজি সিদ্ধাৰ্থ হস্পিটালত। তোমাৰ ভিতৰত মানুহ বুলিবলৈ কিবা এটা বাকী আছেগৈনে?
: কওঁক মিষ্টাৰ শইকীয়া। সকলো কথা খুলি কওঁক। আইনৰ ৰক্ষক হৈ কিয় আপুনি এটা সাংঘাটিক অপৰাধক প্ৰস্বয় দি আহিছে, আমি বুজি নাপালো।
কাষতে বহি থকা পুলিচ অফিচাৰজনে শইকীয়াক বাৰে বাৰে জেৰা কৰি আছে। তলমূৰ কৰি থকাৰ পৰাই শইকীয়াই দীঘলীয়াকৈ হুমুনিয়াহ কাঢ়িলে।
সঁচাকৈয়ে কেনেকৈ ইমান তললৈ নামি গ’ল তেওঁ!
বহুবছৰীয়া সাধনাৰ অন্তত অৰ্জন কৰা সন্মান, কেইটামান ভুল সিদ্ধান্তই নিমিষতে ধূলিসাৎ কৰি পেলালে।
: সিদ্ধাৰ্থক মই একেবাৰেই পছন্দ নকৰো। পৰিয়ালৰ কোনো চিন-চাব নথকা, এটা সামান্য ল’ৰাৰ লগত মোৰ ছোৱালীজনীয়ে চিৰজীৱন অতিবাহিত কৰিব….. মই কেতিয়াও বিচৰা নাছিলো। কিন্তু সিহঁত মনে মনে বিয়া হ’ল। মই হাৰি গলো। সিহঁতৰ সংসাৰখন দেখি জ্বলি-পুৰি মৰিবলৈ ধৰিলো। নাজানো, সিদ্ধাৰ্থৰ প্ৰতি কিয় ইমান বেয়া ভাৱে মনত ঠাই লৈছিল।
সকলোৱে তেওঁলৈ চাই আছে, কাৰো মুখত একো মাত নাই। কিছুদেৰি ৰৈ তেওঁ আকৌ কৈ গ’ল –
: এদিন স্মিতা সন্তান সম্ভবা হ’ল। তেতিয়াও তাইক সিদ্ধাৰ্থৰ ওচৰৰ পৰা আঁতৰাই অনাৰ পৰিকল্পনা কৰি আছিলো। অফিচৰ বচক মেনেজ কৰি তাক চাকৰিটোৰ পৰা আতৰাই দিলো। তাৰ আৰ্থিক অসুবিধাৰ দোহাই দি স্মিতাক ঘৰলৈ লৈ আনিলো। সি একেবাৰে হুলস্থুল নকৰিলে৷ নিজৰ অৱস্থাটোৰ বিষয়ে হয়তো বুজি উঠিছিল লাহে লাহে। অপাৰেশ্যন থিয়েটাৰৰ বাহিৰত যেতিয়া ডাক্তৰ বৰুৱাই মাক আৰু সন্তান দুয়ো ঠিকে থকা বুলি খবৰটো দিছিল, মই যঠেষ্ট আনন্দ পাইছিলো। কিন্তু মগজুটোৰ কোনোবা এটা অংশই কথাটো মানি ল’বলৈ টান পালে। সিদ্ধাৰ্থৰ প্ৰতি থকা বেয়া ভাৱটোৰ বাবেই সিহঁতৰ সন্তানটিৰ মৃত্যু হোৱা বুলি ঘোষণা কৰিবলৈ ডাক্তৰক বাধ্য কৰাইছিলো।
: তুমি ইমান তললৈ নামিব পাৰিবা বুলি সপোনতো ভবা নাছিলো দেউতা।
শইকীয়া ভাগি পৰিছিল৷ কথাখিনি কৈ তেওঁ মাটিত বহি পৰিল। বেৰত ওলোমাই থোৱা পত্নী মানসীৰ ফটোখনলৈ হাতযোৰ কৰি বহুসময় চাই থাকিল। পত্নীৰ আগত হয়তো তেওঁ নিজৰ ভুল স্বীকাৰ কৰিছিল। ফটোখনৰ পৰা যেন পত্নী মানসীয়ে তেওঁৰ ফালে চাই বিদ্ৰুপ কৰি উঠিছিল।
: তাৰ পিছৰখিনি মই কওঁ – ।
পুলিচ অফিচাৰজনৰ মাতত সকলোৱে তেওঁৰ ফালে ঘূৰি চালে।
: ডাক্তৰ সমীৰণ বৰুৱাই আপোনাৰ সন্তানটি গোপনে এখন পতিতালয়লৈ পঠিয়াই দিলে। এইটো তেওঁৰ আন এটা ব্যৱসায়। সিহঁতৰ এটা শিশুগৃহ আছে। তাত এনেকুৱা বহুতো ল’ৰা ছোৱালীক ৰখা হয়। বিভিন্ন ঠাইৰ পৰা অপহৰণ কৰি অনা শিশুবোৰক ইয়াত ৰাখি অলপ ডাঙৰ হ’লে সিহঁতক ভিক্ষাবৃত্তিত লগায়। সিহঁতৰ শৰীৰৰ বিভিন্ন অংগৰো ব্যৱসায় কৰে। এই সমগ্ৰ ঘটনাৰ সাক্ষী আছিল হস্পিটালত কাম কৰা এগৰাকী ছোৱালী, বৰষা। এদিন সিহঁতে তাইকো বেশ্যাবৃত্তি ল’বলৈ বাধ্য কৰালে। আজি একমাত্ৰ তাইৰ জড়িয়তে আমি এই গোটেই স্কেণ্ডেলটো ধৰিবলৈ সক্ষম হ’লো। নাৰ্ছিং হ’ম আৰু পতিতালয়খন ডাক্তৰ সমীৰণ বৰুৱাৰ নেতৃত্বত চলি আহিছে আৰু আপোনাৰ দেউতা মিষ্টাৰ দীপক শইকীয়াই, এইবিষয়ে সম্পূৰ্ণ অৱগত হৈয়ো কোনো ব্যৱস্থা নললে। আচলতে ইমান দিনে এওঁৰ ছত্ৰছায়াতে চহৰখনত এই বৃহৎ অপৰাধী চক্ৰটো নিৰ্বিঘ্নে চলি আহিছিল।
স্মিতা দেউতাকৰ ভৰিৰ ওচৰত বহি পৰিল। তাই এতিয়াও বিশ্বাস কৰিব পৰা নাই, দেউতাকে এইবোৰো কৰিব পাৰে।
: এতিয়াও কোৱা দেউতা, সকলো মিছা বুলি কোৱা। সদাই কৰিছো, আজিও তোমাক বিশ্বাস কৰিম। কোৱা দেউতা…..কোৱানা…..প্লী….জ!
শইকীয়াৰ ভৰিদুখন সাৱটি তাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে।
: বহু দেৰি হৈ গ’ল মাজনী, এতিয়া আৰু সময় নাই। মই নিজেই সকলো শেষ কৰি পেলালো।
কাষতে ঠিয় হৈ থকা সমৰে স্মিতাক উঠাই আনিলে। হেণ্ডকাফডাল লৈ পুলিচ অফিচাৰজন দীপক শইকীয়াৰ ওচৰলৈ আগবাঢ়ি গ’ল।
*****
ৰূপহী চ’কলৈ আজি সকলো যাব পাৰে। এতিয়া তাত কোনো বিজুলী চেলুন নাই। কেইদিনমান আগতে পুলিচৰ ৰেইডত মুঠতে সোঁতৰজনী ছোৱালীক চেলুনখনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হৈছে। বৰষা ওৰফে ৰোশনীৰ কথামতে ৰূপনগৰ পথৰ তিনিনম্বৰ দালানটোৰ পৰা পুলিচে বাঈজী আৰু গোটেই গেংটোকে কৰায়ত্ব কৰিবও সক্ষম হৈছিল৷ কিন্তু হঠাতে গুলিয়াগুলি হোৱাত ভিতৰত থকা চিলিণ্ডাৰ বিস্ফোৰিত হৈ তাত থকা বেছিখিনি মানুহৰ মৃত্যু হ’ল। ফায়াৰ ব্ৰিগেডৰ গাড়ীবোৰ আতঁৰি যোৱাৰ পিছত ঘৰটোৰ ভিতৰত লুকুৱাই থোৱা শিশুকেইটাৰ মৃতদেহ ছিন্ন ভিন্ন অৱস্থাত পোৱা গৈছিল।
আন এফালে পুলিচৰ হাতত ধৰা নিদি ৱেষ্টজ’ন নাৰ্ছিং হ’মৰ পৰা পলাবলৈ ওলোৱা ডাক্তৰ সমীৰণ বৰুৱাৰ পিষ্টলৰ গুলিটোৱে বৰষাৰ জীৱনটো কাঢ়ি ল’লে। সিদ্ধাৰ্থক লক্ষ্য কৰি এৰা গুলিটো তাইৰ বুকুতে সোমাই গৈছিল। ডাক্তৰৰ দ্বিতীয়টো গুলিয়ে সিদ্ধাৰ্থকো আঘাত কৰে। বেয়াকৈ জখম হৈ সিদ্ধাৰ্থ হস্পিটালত পৰি আছে।
বৰষাৰ মৃত্যু হ’ল। মুকলি আকাশৰ তলত উশাহ লোৱাৰ সপোন তাইৰ সপোন হৈয়েই ৰ’ল। সিদ্ধাৰ্থ আৰু স্মিতাৰ সন্তানটি জীৱিত নে মৃত এতিয়াও বিচাৰি উলিয়াব পৰা নাই। ডাক্তৰ সমীৰণ বৰুৱা পলাতক। ৱেষ্টজ’ন নাৰ্ছিং হ’মত চৰকাৰে তলা ওলোমাই দিলে। প্ৰায়চিত্তৰ দাবানলত জৰ্জৰিত দীপক শইকীয়াই মানসিক চিকিৎসালয়ৰ কোঠাত দিন কটাইছে। ইয়াৰ পৰা ওলাই তেওঁ সম্মুখিন হ’ব লাগিব আদালতৰ।
আৰু আজি সিদ্ধাৰ্থৰ ঘৰত-
সমৰ আৰু স্মিতাৰ লগত আজি সি হস্পিটালৰ পৰা উভতি আহিছে। স্মিতাৰ হাতত ধৰি লাহে লাহে ঘৰৰ ভিতৰলৈ সোমাই যোৱা সিদ্ধাৰ্থক সমৰৰ পত্নী দীপালীয়ে আগবঢ়াই নিলেহি।
: বৌ ….এয়া কোন?
দীপালীৰ পিছফালেৰে এজনী কণমানি ছোৱালী ঠুনুক ঠানাককৈ তাৰ ওচৰলৈ আগুৱাই আহিল। তিনি চাৰি বছৰীয়া ছোৱালীজনীক বগা ফ্ৰকটোৰে ঠিক পৰী এজনীৰ দৰে দেখিলে সি। ছোৱালীজনীৰ এখন হাতত এটা পুতলা৷ আনখন হাতেৰে বগা গোলাপ এটা সিদ্ধাৰ্থলৈ আগুৱাই দিলে তাই।
: দে….উ…..তা…..।
আঁচৰিত হৈ সি সকলোৰে মুখলৈ চালে। বুজিব পৰা নাই, ছোৱালীজনী কোন। তাক দেউতা বুলি কিয় মাতিছে!
স্মিতা আগুৱাই আহি ছোৱালীজনীক কোলাত লৈ তাৰ সম্মুখলৈ আহিল। ছোৱালীজনীয়ে তাৰ গালত এটা চুমা আঁকি দিলে।
: আমাৰ জীৱনলৈ এজনী পৰী আহিছিল সিধ্ , এয়া তাই আমাক উপহাৰ দি গ’ল। মই তাইৰ নাম থৈছো……’বৰষা’।
: মানে?….. এইজনী বৰষা ওৰফে ৰোশনীৰ ছোৱালী…!?
: এতিয়া আমাৰ…..!
সিদ্ধাৰ্থৰ মুখেৰে আৰু এটা শব্দও ওলাই নাহিল। চকুদুটা পানীৰে ওপচিপৰিল মাথোঁ৷ এই আবেগ যে সুকীয়া। কি ক’ব সি একো ভাবি নাপালে৷ কেবল স্মিতা, সমৰ আৰু দীপালীৰ মুখলৈকে ভেবা লাগি চাই ৰ’ল। আটাইকেইজন লাহে লাহে ভিতৰলৈ সোমাই আহিল। সমৰ আৰু দীপালী আজি ৰাতি সিহঁতৰ লগতেই থাকিব। বাহিৰত বৰষুণজাকো বাঢ়ি আহিছে। বৰষুণৰ শব্দটোৱে আটাইৰে মনবোৰ জীপাল কৰি তুলিছে।
**********
3:06 PM
বৰ ধুনীয়া লিখিছা সমুজ্জ্বল৷
7:36 PM
ইমান ভাল লাগিল।কি কম আৰু।কমেন্টৰ অভাৱ 🙏