ভ্ৰমণৰ অভিজ্ঞতা-কুঞ্জ খাউণ্ড

আমাৰ গৃহস্থই চাকৰি সূত্ৰে এল টি চি  পাইছিল প্ৰতি চাৰি বছৰৰ মূৰত।সেইবাবে আমি দুটা পৰিয়াল লগ হৈ উত্তৰ ভাৰত ভ্ৰমণলৈ যোৱাটোকে ঠিক কৰিলোঁ  কিয়নো দক্ষিণ ভাৰতলৈ এবাৰ গৈছোঁ । আমাৰ তিনিজনীয়া পৰিয়াল আৰু তেখেতসকলৰো ল’ৰা এটাৰে সৈতে তিনিজন।দুয়োটা পৰিয়ালৰ মত সাপেক্ষে আমি যাওঁতে ৰাজধানী এক্সপ্ৰেছ আৰু ঘূৰি আহোঁতে বিমানত অহাটোকে ঠিক কৰি সেই মতে টিকেট কৰিলোঁ ।

চনটো আছিল ২০০৮ চনৰ ডিচেম্বৰ মাহ।কাৰণ ল’ৰা ছোৱালী দুয়োটাৰে বছৰেকীয়া পৰীক্ষা হৈ গৈছে । গতিকে ফুৰাৰ উপযুক্ত সময়।তাৰিখটো বোধহয় ডিচেম্বৰৰ ৮ তাৰিখ আছিল।আমি সেইদিনাই যোৰহাটৰ পৰা বাছেৰে গুৱাহাটীলৈ গৈ ৰাতিটো গুৱাহাটীত থাকি ৯ তাৰিখে পুৱা ৭ বজাৰ আগতে ৰেলৱে ষ্টেচন পাই দুয়োটা পৰিয়াল লগ হৈ টিকট  মতে স্থান ললোঁ। ৰাজধানী এক্সপ্ৰেছত যাত্ৰা আগতে কৰা নাছিলোঁ বাবে আমাৰ নতুন অভিজ্ঞতা আছিল। সময়মতে  ৭ বজাতে যাত্ৰা আৰম্ভ হ’ল।লগে লগে পানীৰ বটল যোগান ধৰাৰ উপৰিও চিটৰ বিচনা চাদৰ সলাই  পুৱাৰ চাহ বিস্কুটো দিলেহি।তাৰ পিছত ৯ বজাত পুৱাৰ আহাৰ আৰু দুপৰীয়াৰ বাবেও নিৰামিষ খামনে আমিষ খাম সুধি লৈ সেই মতে যোগান ধৰেহি।খাদ্য ইমানেই সুস্বাদু আৰু স্বাস্থ্যসন্মত আছিল যে ক’বলৈ বাকী নাই।

চাহপাত,জাম,জেলি,আচাৰ আৰু মাখন সকলো পেকেটত দিয়া বাবে সেইখিনি আমাৰ পিছত বহুত কামত আহিছিল।কাৰণ যিমান দিয়ে আমি খাই শেষ কৰিব নোৱাৰোঁ।পিছদিনা অৰ্থাৎ ১০ তাৰিখে এক  বজাত এটা ৰোমাঞ্চকৰ যাত্ৰা সামৰি  আমি দিল্লী ষ্টেচনত নামিলোঁ ।ষ্টেচনৰপৰা খোজকাঢ়ি গৈয়েই আমি এটা ট্ৰেভেল এজেঞ্চীৰ লগত যোগাযোগ কৰি ফুৰিবলগীয়া ঠাই সমূহৰ এখন তালিকা বনাই ললোঁ আৰু পইচা জমা দিলোঁ।সম্পূৰ্ণ ৯টা দিনৰ বাবে আমাক এখন টয়টা কোৱালিজ গাড়ী আৰু এজন ড্ৰাইভাৰ দিলে।গাড়ীত বেগসমূহ উঠাই আমাক দিল্লীৰ কেৰলবাগৰ এখন হোটেললৈ লৈ গ’ল আৰু তাতেই ভালকৈ গা ধুই  দুপৰীয়াৰ সাঁজ খাই গাড়ীতে পুনৰ ৰাজস্থানৰ জয়পুৰলৈ যাত্ৰা কৰিলোঁ। আমাক যিহেতু কোন ঠাইত কোনখন ল’জত থাকিম সেইমতে এজেঞ্চীয়ে ভাউচাৰ বনাই দিছিল গতিকে একো অসুবিধা নোহোৱাকৈ ড্ৰাইভাৰে আমাক লৈ যায় ।সেইদিনা আমি ৰাতি গৈ জয়পুৰ পালোঁগৈ আৰু ল’জত সোমাই খাই-বৈ অলপ ওচৰতে খোজকাঢ়ি ফুৰিলোঁ। ৰাজস্থানৰ হোটেলসমূহ বৰ ধুনীয়াকৈ মাৰ্বল পাথৰ দি বনোৱা আৰু  স্নানাগাৰতো একোটা মাৰ্বলৰ বাথ টাব থাকেই। লগতে সকলো সময়তে চ’লাৰ চিষ্টেমৰ গৰম পানী উপলব্ধ। ৰুমটোও বৰ আহল বহল আৰু পৰিষ্কাৰ।ৰুমত সৰু এটা ফ্ৰিজ, চোফা আৰু টিভি থাকে। ফ্ৰিজটোত ৰাতি ফলমূল খিনি ভৰাই থবলৈ সুবিধা হয়।পিছদিনা পুৱাৰ আহাৰ খাই আমি জয়পুৰৰ স্মৃতিসৌধ সমূহ চাবলৈ ওলাই গ’লোঁ। আমাক গাইডৰ বিশেষ প্ৰয়োজন হোৱা নাছিল কাৰণ ড্ৰাইভাৰজনে সকলো  সলসলীয়াকৈ হিন্দীত বুজাই দিব পাৰিছিল। জয়পুৰত প্ৰথমে ‘হাৱামহল’ চালোঁ।

‘হাৱামহল’ত সোমোৱাৰ লগে লগে সঁচাকৈয়ে আমাৰ গাত ইমান হাৱা লাগিল যে আমাৰ ঠাণ্ডা লাগি গৈছিল।গৰমৰ দিনত  হ’লে বৰ ভাল লাগিব নিশ্চয়।এই বিখ্যাত ‘হাৱামহল’ৰ স্থপতিবিদ আছিল  লাল চন্দ ওস্তাদ।তাৰ পিছত আমি জয়পুৰৰ বিখ‍্যাত ‘চিটি পেলেচ’লৈ গ’লোঁ আৰু তাৰ কাৰুকাৰ্য দেখি সঁচাকৈয়ে তবধ মানিলোঁ ।জয়পুৰত থকা ‘যন্তৰ মন্তৰো’ চালোঁ আৰু বহুত কিবা চাইছিলোঁ পাহৰি গৈছোঁ।সেইদিনাই আমি হোটেল এৰি পুষ্কৰলৈ যাত্ৰা কৰিলোঁ।আজমেৰৰ এই পুষ্কৰ হ্ৰদৰ লগত ধৰ্মীয় আখ‍্যান জড়িত হৈ আছে।এই হ্ৰদত সন্ধিয়া আৰতি কৰা দেখিছিলোঁ।ইয়াত মানুহৰ পাপ খণ্ডন হয় আৰু ছালৰ ৰোগ ভাল হয় বুলি বিশ্বাস আছে।ভাৰতৰ ভিতৰত একমাত্ৰ পুষ্কৰত ব্ৰহ্মাৰ পূজা কৰা হয়। তাতে ৰাতিটো থাকি আমি পিছদিনা পুৱা আজমেৰৰ “খাজা মইনুদ্দিন কৃষ্টিৰ” দৰগাহ দৰ্শন কৰিলোঁ যিজনক  ‘গৰিব নবাব’ বুলি কোৱা হয়।আজমেৰৰ দৰগাহৰ পৰা আমি ‘মাউণ্ট আবু’লৈ যাত্ৰা কৰিলোঁ। তেতিয়াই ফ’ৰলেন যুক্ত ৰাস্তা ইমান মসৃণ আছিল যে গৈ থাকিলে আমনি নালাগে।তাত ফলমূল  ইয়াতকৈ বহুত কম মূল্যৰ আৰু একেবাৰে সতেজ পোৱা যায়।আমি ফলমূল কিনি ধুই লৈ বেগত ভৰাই লওঁ আৰু দুয়োটা পৰিয়ালে কথাৰ আড্ডা দি খাই লওঁ লগতে আমাৰ গাড়ীখনৰ চালক আলমকো দিওঁ।আলম ইতিমধ্যে আমাৰ বন্ধুৰ দৰে হৈ পৰিছিল।এজেঞ্চীৰপৰা তেওঁলোকক খোৱাৰ খৰচ দিয়ে যদিও আমি দুয়োটা পৰিয়ালে মিলি আমি খোৱাৰ দৰেই আলমকো খুৱাওঁ।ৰাজস্থানৰ সকলো হোটেল আৰু ধাবাত নিৰামিষ আহাৰহে পোৱা যায়।আমি বেছিভাগ ধাবাত খাওঁ আৰু  বান্ধি লৈ লওঁ নহ’লে কেতিয়াবা ভোকত অসুবিধা হয় বুলি।তাত ভাতৰ দাম আমাৰ ইয়াৰ তুলনাত বহুত বেছি।আমি ভাত আৰু ৰুটি দুয়োটাই খাওঁ।দুপৰীয়া আমি গৈ ‘মাউণ্ট আবু’ পালোঁগৈ আৰু তাত ‘নাকি লেক’টো চালোঁ আৰু ব’টিং কৰিলোঁ।তাৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ ধুনীয়া।তাতে জৈন ধৰ্মৰ ‘দিলৱাৰা’ মন্দিৰো আছে।সম্পূৰ্ণ বগা মাৰ্বলেৰে বনোৱা মন্দিৰ টো বৰ ধুনীয়া।

‘মাউণ্ট আবু’ৰপৰা আমি আবেলি উদয়পুৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ।উদয়পুৰক ‘লেক অব চিটি’ বুলি কোৱা হয়।ৰাতিটো হোটেলত কটাই পুৱাৰ আহাৰ খাই উদয়পুৰক হেঁপাহ পলুৱাই চালোঁ।উটত উঠাৰো অভিজ্ঞতা হ’ল।তাত চাবলগীয়া বহুত কিবাকিবি থকা বাবে আমি দুৰাতি থাকি পিছদিনা যোধপুৰলৈ যাত্ৰা কৰিলোঁ। যোধপুৰত উমেইদ ভৱন,অম্বৰ ফৰ্ট,মেহৰনগড় ফৰ্ট আদি অনেক চাবলগীয়া আছিল।সেইবোৰ চাই যোধপুৰত ৰাতিটো কটাই পিছদিনা পুণৰ জয়পুৰলৈ যাত্ৰা কৰিলোঁ।জয়পুৰত ৰাতি এৰি যোৱা হোটেলখনতে এৰাতি থাকি পিছদিনা  পুণৰ দিল্লী অভিমুখে আহিলোঁ। দিল্লীলৈ আহি থাকোঁতে কৃষ্ণৰ জন্ম ঠাই মথুৰাত সোমাই আহিলোঁ।মথুৰাৰ পৰা আকৌ বিখ‍্যাত ‘ভৰতপুৰ বাৰ্ড চেঞ্চুৰী’তো সোমাই নয়ন সাৰ্থক কৰিলোঁ।তাৰ পিছত আমি আহি আগ্ৰা পালোঁহি আৰু আগ্ৰাৰ তাজমহল,আগ্ৰা ফৰ্ট চালোঁ য’ত ঔৰংজেৱে পিতৃ চাহজাহানক বন্দী কৰি থৈছিল ।’আগ্ৰা ফৰ্ট’ৰপৰা যমুনাৰ ইটো পাৰে থকা তাজমহললৈ চাই চাই চাহজাহানে জীৱন কটোৱা কোঠাটো দেখি চকু সেমেকি গৈছিল।

আমাৰ ওভতনি যাত্ৰাৰ সময় আহি পৰিল।দিল্লীত আহি পুণৰ কেৰলবাগৰ হোটেল পালোঁহি আৰু সন্ধিয়া সৰু সুৰা বজাৰ কৰি ৰাতিটো কটাই সোমবাৰে পুৱা দিল্লী দৰ্শনৰ বাবে ওলালোঁ।কিন্তু আমাৰ দুৰ্ভাগ্য দিল্লীত সোমবাৰে সকলোবোৰ বন্ধ থাকে।সেইবাবে দিল্লীত লটাচ টেম্পুল,লালকিল্লা,ৰাষ্টপতি ভৱন আদি দূৰৰপৰাই চাই আমাৰ যাত্ৰা সামৰণি মাৰিলোঁ। 

পিছদিনা পুৱা ৭ বজাৰ বিমান বন্দৰত ড্ৰাইভাৰ আলমে থবলৈ আহোঁতে আমাৰ চকুপানী ওলাই গৈছিল।আলমক আমি দুয়োগৰাকীয়ে দুখন গামোচা উপহাৰ দিলোঁ আৰু মোৰ বৰ মৰমৰ চুৰি কটাৰীখন আৰু আমি চালাদ বনাবলৈ কিনি লোৱা পাচলিখিনি মৰমৰ চিন স্বৰূপে দি আহিলোঁ। সেইদিনা বিমান বহুত পলম হোৱা বাবে আমি আহি গুৱাহাটী পাওঁতে প্ৰায় সন্ধিয়া হ’ল।ৰাতিৰ বাছেৰে আহি পুৱা হেঁপাহৰ ঘৰখন পালোহি।এইটো ভ্ৰমণ সদায় স্মৰণীয় হৈ ৰ’ব। 

(ঠাইৰ বিবৰণ দিওঁতে ভুল হ’ব পাৰে কাৰণ কিছু  পাহৰি গৈছোঁ । সেয়ে ভুল হ’লে ক্ষমা কৰিব।)

**********

Leave a Reply

Your email address will not be published. Required fields are marked *