মৰুভূমিৰ মাজৰ এখন পৰিত্যক্ত শাপগ্ৰস্ত গাঁও কুলধৰা-ৰঞ্জনা দত্ত

বেচ ডাঙৰ এলবামখনৰ পাতত শুকান পথাৰৰ মাজত বালি পাথৰেৰে নিৰ্মিত ঘৰ দুৱাৰ মন্দিৰৰ ভগ্নস্তুপেৰে ভৰি থকা ফটো এখন দেখুৱাই মানুহ জনে ক’লে-

“ মানুহে কয় সন্ধ্যা লগাৰ পিছত গাঁওখনত কোনো সোমাব নোৱাৰে। কিছুমান ৰহস্যময় শব্দ বতাহত ভাঁহি থাকে। জীৱ জন্তুৰ কথাটো বেলেগেই ইয়াত আনকি চৰাই চিৰিকতিৰ মাতো শুনিবলৈ পোৱা নাযায়।”

“এইখন কুলধৰা গাঁৱৰ ফটো নেকি?”

মই আগ্ৰহেৰে সুধিলো।

“হয় এইখন কুলধৰাৰ ফটো”।

মানুহজনে আন এখন ফটোত তৰ্জনী আঙুলিটো ৰাখি ক’লে-

“আৰু এইটো চেলিম সিঙৰ ঘৰ। এওঁৰ অত্যাচাৰৰ বাবেই এৰাতিৰ ভিতৰতে গাঁওখন খালি হৈ পৰিছিল।”

ডিচেম্বৰ মাহৰ শেষৰ ফালে আমি মৰুভূমি দৰ্শনৰ বাবে গৈ জয়সালমেৰত দুৰাতি আছিলো। প্ৰথম ৰাতি ইতিহাস প্ৰসিদ্ধ সোনাৰ কিলাৰ ভিতৰখন আৰু ওচৰে পাজৰে ঘূৰি পকি পিছদিনা মৰুভূমিৰ মাজৰচাম বালিৰ পাহাৰবোৰত থকাৰ কথা।

জয়সালমেৰৰ ওচৰত দুখন আকৰ্ষণীয় বালিৰ পাহাৰেৰে ভৰা পৰ্য্যটক স্থল আছে। চাম চেণ্ড ডিউনচ আৰু খুৰী চেণ্ড ডিউনচ। চাম বালিৰ পাহাৰবোৰ জয়সালমেৰৰ পৰা প্ৰায় ৪০ কি: মি: দূৰত্বত অৱস্থিত। ইয়াত প্ৰায় ৫ কি: মি: সম্পূৰ্ণ বালিৰ স্তুপেৰে ভৰা। চামত থকা মৰুভূমি ৰিজৰ্ট এটাত আমাৰ এৰাতিৰ বাবে বুকিং কৰা আছিল। জয়সালমেৰত থকা ৰিজৰ্টৰ অফিচটোত মেনেজাৰজনে আৰু কি কি চাব পাৰি এলবামটো দেখুৱাই আমাক বুজাই আছিল।

চামলৈ যাওঁতে কুলধৰা গাঁওখন চাই যাব পাৰি। শাপগ্ৰস্ত কুলধৰা গাঁৱৰ কথা এবাৰ বিবিচি অনুষ্ঠান এটাতো চাইছিলোঁ। কিছুদিন আগতে মোৰ জয়পুৰৰ বান্ধবী এগৰাকীয়ে গাঁওখন চাই আহি তাৰ কাহিনী শুনাইছিল । গতিকে চাবলৈ খুব ইচ্ছা আছিল। চামৰ ৰিজৰ্টলৈ যাওঁতে ৫০০ টকা বেছিকৈ দিলে ড্ৰাইভাৰে আমাক কুলধৰা গাওঁখনো দেখুৱাই দিব বুলি ক’লে। জয়সালমেৰৰ পৰা চামলৈ যোৱা মূল বাটটোৰপৰা শুকান বালিময় ৰাস্তাৰে বাওঁহাতে প্ৰায় ৮ কি: মি: মান সোমাই গ’লেই কুলধৰা গাঁৱলৈ যোৱা চাইনবৰ্ড এখন চকুত পৰে।

তেতিয়া দুপৰীয়া ১২ টা মান বাজিছিল। গাঁৱৰ মাজেৰে ধূলিয়ৰি বাটেৰে আগবাঢ়ি গৈছিল আমাৰ গাড়ী দুখন। দুখন গাড়ীত ড্ৰাইভাৰ দুজন আৰু আমাৰ পৰিয়ালৰ সাতজন লোক। বাটৰ দুয়োকাষে দেখিলোঁ সৰু সৰু পাথৰৰ টুকুৰাৰে বনোৱা বহুতো ঘৰ আৰু মন্দিৰৰ ধ্বংস স্তুপ। পুৰাতত্ব বিভাগৰ তত্বাৱধানত চলা মেৰামতিৰে দুটামান ঘৰ আৰু মন্দিৰ পুনৰ্নিৰ্মান কৰিছিল। আমাৰ গাড়ী চালক শ্বাহৰুখ খান খুৱ কথকী। পৰ্য্যটক কুলধৰালৈ আহিয়ে থাকে। ডাঙৰ আধাভঙা ঘৰ এটাৰ ওচৰত গাড়ীখন ৰাখি দিলে। আধা ভঙা দেৱাল, দৰজা ,খিড়িকী আৰু ওপৰলৈ উঠি যোৱা ভঙা চিৰিবোৰ। ৩০০ বছৰ ধৰি পৰিত্যক্ত হৈ থকা গাঁওখন যে এসময়ত বেছ সমৃদ্ধিশালী আছিল ভালদৰে চালে বুজিব পাৰি।

শ্বাহৰুখে কৈ গৈছিল- এই গাঁৱত বাস কৰা পালিৱাল ব্ৰাহ্মনসকল বেছ অৱস্থাপন্ন আছিল। কুলধৰা, খাভা আৰু ওচৰৰ গাঁওবোৰত বহুতো পালিৱাল ব্ৰাহ্মন লোক আছিল। কুলধৰা গাঁওখনৰ দেৱান আছিল চেলিম সিঙ। চেলিম সিঙৰ হকে বিহকে কৰা অত্যাচাৰত গাঁওবাসী অতীষ্ঠ হৈ পৰিছিল। এবাৰ চেলিম সিঙে গাঁৱৰ মুৰব্বী ব্ৰাহ্মণজনৰ কন্যাৰ ওপৰত চকু দিয়ে আৰু দহদিনৰ ভিতৰতে ছোৱালীজনী তেওঁৰ হাতত অৰ্পণ কৰিবলৈ আদেশ দিয়ে। অন্যথা গাঁওবাসী সকলক এজন এজনকৈ হত্যা কৰিব বুলি ভাবুকি দিয়ে। মাতব্বৰ শাসকৰ হাতৰ পৰা ছোৱালীজনী ৰক্ষা কৰিবলৈ গাঁৱৰ সকলো মুনিহ তিৰোতা আৰু ল’ৰা ছোৱালী মিলি প্ৰায় ১৫০০ জন মানুহে নৱম দিনা ৰাতি কোনেও গম নোপোৱাকৈ গাঁও খন খালী কৰি কোনো অজান ঠাইলৈ গুচি যায়। যোৱাৰ সময়ত গাঁৱৰ মুখিয়াল ব্ৰাহ্মণজনে গাঁওখনক অভিশাপ দি যায় যে ইয়াত কেতিয়াও কোনো লোক বাস কৰিব নোৱাৰে। তাৰ পিছত আজিকোপতি কোনো মানুহে ইয়াত থাকিবলৈ সাহস কৰা নাই। দেশৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা পালিৱাল ব্ৰাহ্মণসকলে ৰক্ষা বন্ধনৰ দিনটো আজিও ক’লা দিৱস হিচাবে মানি আহিছে । তেওঁলোকে বিশ্বাস কৰে যে পবিত্ৰ ৰক্ষা বন্ধনৰ দিনাই পালিৱাল ব্ৰাহ্মণ লোকসকল সপৰিয়ালে গাওঁখনৰপৰা হঠাতে নাইকিয়া হৈ পৰিছিল।

যোৱাৰ সময়ত ব্ৰাহ্মণসকলে মাটিৰ তলত বহুতো ধন সোণ পুতি থৈ যোৱা বুলি বহুত মানুহ ইয়ালৈ গুপ্ত ধনৰ লোভতো আহে কিন্তু কোনোৱে ৰাতি থাকিবলৈ সাহস নকৰে। ৰাতি থাকিবলৈ চেষ্টা কৰা লোকসকলক ৰাতিৰ ভৌতিক কাৰ্যকলাপবোৰে এৰাতিও থাকিবলৈ নিদিয়ে। শ্বাহৰুখে ক’লে ইয়াৰ পৰা আন্ধাৰ হোৱাৰ পিছত মানুহৰ আহ যাহ আৰু কথা পতাৰ দৰে কিছুমান অদ্ভুত শব্দ শুনিবলৈ পোৱা যায়।মাজতে হেনো দিল্লীৰ পৰা ভূতৰ লগত কথা পাতিবপৰা মানুহ কেইজনমানো যন্ত্ৰপাতি লৈ ইয়াত ৰাতি থকাকৈ আহিছিল। তেওঁলোকেও অশৰীৰি আত্মাৰ প্ৰমাণ পাইছিলে। শ্বাহৰুখৰ কথা শুনি শুনি গৈ থাকোঁতে দুপৰীয়া প্ৰখৰ ৰ’দতো মূৰৰ কিছু পিছফাল পাইছিলগৈ। ভগ্নস্তুপ বোৰৰ মাজে মাজে খোজ কাঢ়ি গৈ থাকোঁতে লগে লগে গৈ থকা নিজৰ ছাঁটো দেখি কেইবাবাৰো উচপ খাই উঠিছিলোঁ।

পৰিত্যক্ত গাঁও কুলধৰাক লৈ বহুতো লোককথা আৰু বিশ্বাস আছে। কিছুমানে কয় চেলিম সিঙে গাঁওবাসীৰ ওপৰত কৰ সংগ্ৰহৰ বাবে কৰা অত্যাচাৰৰ হাত সাৰিবলৈ নিজৰ পৈতৃক সা সম্পত্তি এৰি গাঁৱৰ লোকসকল কোনোবা ভাল ঠাইলৈ উঠি গৈছিল। বহুলোকে কয় যে ওচৰৰ ঠাইবোৰত পানীৰ অভাৱৰ বাবেহে গাঁৱৰ মানুহবোৰ দূৰৰ কোনোবা ঠাইলৈ গুচি গৈছিল।

“সাপ..সাপ” শ্বাহৰুখৰ চিঞৰত আমি ভয় খাই উঠিলোঁ। ক’লা কিচকিচিয়া সাপ এডাল আমাৰ কাষেৰে গৈ ভঙা পাথৰ বোৰৰ তলত সোমালেগৈ।

“ইয়াত শিলৰ টুকুৰাৰ মাজত সাপ থাকে সাবধানে চাই যাব।”

এফালে অশৰিৰীৰ ভয় আনফালে সাপৰ ভয়। বেচি সময় থকাৰ কথা চিন্তা কৰিব নোৱাৰি। দুপৰীয়াৰ ৰ’দটো চোকা হৈ অহাৰ লগে লগে পেটৰ কলমলনিও বাঢ়ি আহিছিল। গাঁওখনৰ আধা ডোখৰ চাই গাড়ীলৈ উভতিলোঁ।

মই বাকী সকলোতকৈ পিছ পৰি গৈছিলোঁ। মনলৈ বহু ধৰণৰ প্ৰশ্ন আহিছিল ।সকলোবোৰ ঘৰৰে মূধচ নাই। কোনো ঠাইত ঘৰবোৰ থেপাথেপি ক’ৰবাত কিছু ডাঙৰ চৌহদৰ ঘৰ । কোন বা আছিল ঘৰবোৰত? কি বা খাইছিল তেওঁলোকে? কি পিন্ধিছিল..ক’ত হেৰাই গ’ল বা মানুহবোৰ? কল্পনা কৰিছিলোঁ মৰুভূমিৰ মাজৰ এখন স্বচ্ছল গাঁৱৰ। ৮৪ টা পৰিয়ালেৰ সতে গিজগিজাই থকা এখন গাওঁ । ইফালে সিফালে দেখা সৰু ডাঙৰ মন্দিৰবোৰত বাজি উঠা ঘন্টাধ্বনি যেন ৰিণি ৰিণি ভাঁহি আহিছিল কাণলৈ। সামাজিক কাৰণ, পানীৰ অভাৱ বা ভূমিকম্প যিয়েই কাৰণ নহওক , হেৰাই যোৱা মানুহবোৰৰ সতে হেৰাই যোৱা সভ্যতাটোৰ কথা ভাবি ভাবি গধূৰ মনেৰে ঘূৰি আহিছিলোঁ।

**********

Leave a Reply

Your email address will not be published. Required fields are marked *