শিপা-পল্লৱী কৌশিক

প্ৰায় ডেৰবছৰৰ মূৰত এয়া , পুনৰ উভতি আহিছোঁ মোৰ কৰ্মজীৱনলৈ। অভিমন্যু অবিহনে পাৰ কৰি অহা নিসংগতাৰ সময় এছোৱাৰ পৰা নিজকে উদ্ধাৰ কৰি এই ব্যস্ততা মোৰ বাবে উপভোগ্য হৈ উঠিছে যদিও জীউক ঘৰখনত অকলে এৰি থৈ অহাটোহে এটা চিন্তনীয় বিষয় হৈ পৰিছে । কেতিয়াবা ভাবোঁ , গাঁথনিৰ বাবে তৈয়াৰ কৰা মিশ্ৰণটোত চিমেণ্ট আৰু বালিৰ অনুপাত ঠিকে আছে নে নাই , অথবা এচপৰা এচপৰা ইটাৰে ৱালখন গাঁথি যাওঁতে উলম্ব ৰেখাডালে সঠিক দিশে গতি লৈছে নে নাই , ঠিকেই মন কৰিছোঁ যদিও জীউৰ মনৰ অস্থিৰতাখিনি আৰু দেউতাকবিহীন তাৰ নিসংগ সময়বোৰৰ হিচাপ ৰখাত কেনেবাকৈ বাৰু উজুটি খাইছোঁ নেকি মই ! 

জেঠুৱা বেলিটোৰ শৰীৰ দহি নিয়া উত্তাপখিনিৰপৰা সকাহ পাবলৈ চৌহদৰ একাষে সদম্ভে আকাশমুখী হৈ ৰোৱা প্ৰকাণ্ড আঁহতজোপাৰ তলত খুঁটাৰ আকাৰ লোৱাৰ উদ্দেশ্যে অপেক্ষাৰত লোহা লক্কৰখিনিৰ ওপৰতে বহি পৰিলোঁ মই আৰু অৱশিষ্ট কামখিনিৰ হিচাপ ল’বলৈ লেপটপটোত নিৰ্মীয়মান বিল্ডিংটোৰ আৰ্হি চিত্ৰখন উলিয়াই ল’লোঁ । পিছে চিত্ৰখনৰ সলনি নাতি দূৰত চাৰি/পাঁচমহীয়া কেঁচুৱাকণক এক বিশেষ কায়দাৰে এখন শাৰী সদৃশ কাপোৰেৰে পিঠিতে মেৰিয়াই লৈ , ইটা কঢ়িয়াই থকা চামেলিয়েহে মোৰ দৃষ্টি হৰণ কৰিলে। পেটৰ ভাতমুঠিৰ তাগিদাতে প্ৰখৰ ৰ’দকো প্ৰত্যাহ্বান জনাই কিমান নিষ্ঠাৰে তাই ইটা টানিবলৈ বাধ্য হৈছে ; ভাবিয়েই বুকুখন গধুৰ হৈ পৰিল ।

সমসাময়িকভাৱে এটা গুৰুত্বপূৰ্ণ বিষয়েও মোৰ মগজুৰ এটা কোণত টুকুৰিয়াই থৈ গ’ল। মই বুজিলোঁ , যিকোনো পৰিস্থিতিতে সাহসেৰে মোকাবিলা কৰিবলৈও এক শ্ৰেণীৰ মানুহৰ জন্ম হয়। দুৰ্ভেদ্য পাহাৰ কাটিও জীয়াই থকাৰ ৰাস্তা এটা তেওঁলোকে উলিয়াই ল’ব জানে। চামেলিয়েই নে, তাইৰ ফুলকুমলীয়া কেঁচুৱাকণেও এই মুহূৰ্তত মাকৰ পদাংক অনুসৰণ কৰিয়েই প্ৰখৰ ৰ’দজাকতো আপোনপাহৰা হৈ আঙুলি চুপিব জনা নাই জানো ! 

কেঁচুৱাটোৱে জীউলৈ মনত পেলাই দিয়াত খবৰ এটা লওঁ বুলি ম’বাইলত তাৰ কনটেক্ট নম্বৰটো ডায়েল কৰোঁতেই ঠিকাদাৰ ইউচুফ ফোঁপাই-জোপাই আঁহতজোপাৰ দিশেই আহি থকা চকুত পৰিল মোৰ। অন্য দিনা হোৱা হ’লে  প্ৰতিটো খোজৰ তালে তালে ঠিক ফুটবল এটাৰ দৰে নাচি থকা ইউচুফৰ প্ৰকাণ্ড পেটটোৱে হয়তো মোক বেছিকৈ আকৰ্ষিত কৰিলেহেঁতেন। আজি পিছে দূৰৈৰপৰাই তেওঁক দেখি অনুমান হ’ল , ক’ৰবাত যেন কিবা এক গুৰুতৰ সমস্যাই দেখা দিছে ! হয়তো কনষ্ট্ৰাকচ’নৰ কামত কিবা বাধা আহি পৰিছে , হয়তো মই কৰি দিয়া ড্ৰয়িংমতে বিল্ডিঙৰ কোনোবাটো অংশ হৈ উঠা নাই , হয়তো কোনো মজদুৰ কিবা বিপদৰ সন্মুখীন হৈছে , অথবা প্লেনটো বুজিবলৈ কাম চলি থকা ঠাইখিনিত মোৰ প্ৰয়োজন হৈছে।  

যিমানেই ইউচুফ মোৰ কাষ চাপি আহিল, সিমানেই মানুহজনৰ চিন্তাক্লিষ্ট দুচকুত তেওঁৰ আগমনৰ উদ্দেশ্য ঠাৱৰ কৰিবলৈ উদ্বিগ্ন হৈ পৰিলোঁ মই । অস্থিৰতাৰে মোৰ সন্মুখত থিয় হৈ দীঘলকৈ উশাহটো টানি ল’লে ইউচুফে।

: বাইদেউ ,মজদুৰ বস্তিত তামাম হাংগামা হৈছে। চামেলিৰ সাত বছৰীয়া ছোৱালীজনীক বস্তিৰে ল’ৰাকেইটামানে মৰিয়াই মাৰিলে। মফিদুলহঁতে গাথঁনিৰ কাম তেনেকৈয়ে পেলাই , বস্তিলৈ দৌৰ মাৰিছে। 

এসোঁতা গৰম তেজ উথলি উঠি মোৰ যেন কাণ মূৰ গৰম কৰি দিলে। নিমিষৰ হিচাপতে এইদৰে হেৰাই যায় নে জীৱন ! অভিমন্যুৰ মৃত্যুৰ যন্ত্ৰনাই থেকেচা দিবলৈ এৰাই নাই ,আকৌ এজনী ফুলকুমলীয়া ছোৱালীৰ মৃত্যুৰ খবৰ ! কেনেকৈ সহে বুকুখনে ! 

: মৰিয়াই মাৰিলে মানে ?

: মাৰি পেলালে বাইদেউ ছোৱালীজনীক।

সেই কুত্তাকেইটাই তাইৰ লগত বেয়া কাম কৰি মাৰি পেলালে তাইক। 

আশ্বৰ্যচকিত হৈ ৰ’লোঁ মই। হে ভগৱান,কি শুনিছোঁ এয়া ! এইদৰে স্খলন হৈছেনে যুৱ মানসিকতা ! কিদৰে কওঁ এতিয়া চামেলিক .. ‘ চামেলি , তোৰ ছোৱালীজনীক লম্পট কেইটামানে মাৰি পেলালে অ’। ফালি চিৰি শেষ কৰি দিলে তাইৰ ফুলকুমলীয়া শৰীৰটো। ‘

খবৰটোৱে ইতিমধ্যে তীক্ষ্ণ কাঁড় এপাটৰ দৰে চামেলিৰ বুকুতো যে খুঁচি থৈ গ’ল বুজিবলৈ এক ছেকেণ্ডৰো প্ৰয়োজন নহ’ল মোক। পিঠিৰ কেঁচুৱাকণক দুই হাতেৰে খামুচি ধৰি বস্তিৰ অভিমুখে বলিয়াৰ দৰে দৌৰিবলৈ ধৰিলে তাই। তাইৰ আটাহত আকাশখন যেন খহি পৰিব আজি ! 

এখোজ দুখোজকৈ ময়ো চামেলিৰ পিছ ল’লোঁ । পিছে কিয় জানো সেই কণমানি ছোৱালীজনীৰ নিথৰ শৰীৰটোক চকুৰ আগলৈ অনাৰ সাহসখিনিও গোটাই ল’ব নোৱাৰিলোঁ দেখোন। অগত্যা চামেলি যোৱালৈ শিল পৰা কপৌটোৰ দৰে অলপ সময় চাই থাকি সেই ঠাইৰ পৰা উভতি আহিলোঁ । 

এটা প্ৰলম্বিত প্ৰশ্ন । 

আচলতে কিহে বাধা দিলে মোক ! 

মাতৃ হৃদয়ত বেদনাই ধৰাশায়ী কৰা চামেলিৰ সন্মুখত থিয় দিয়াৰ মানসিক প্ৰস্তুতিখিনি গঢ়ি তুলিব নোৱাৰিলোঁ নে, ক’ভিডত আক্ৰান্ত হৈ মৃত্যুৰ ক্ষণ গণি চটফটাই থকা অভিমন্যুক শেষবাৰৰ বাবে নেদেখাৰ ক্ষোভত গুজৰি-গুমৰি উঠা অভিমানৰ সাগৰখন পাৰ কৰিব নোৱাৰিলোঁ !

                 ——————

অৱসাদগ্ৰস্ত শৰীৰটোক যেনেতেনে টানি আনি ড্ৰয়িং ৰুমৰ চ’ফাখনতে এৰি দিলোঁহি। মগজুত কেন্দ্ৰীভূত হৈ থকা বিক্ষিপ্ত চিন্তাবোৰত আত্মবিভোৰ হৈ থাকোঁতে গ’মেই নাপালোঁ , কিমান সময়নো সেইদৰেই একে ঠাইতে বহি ৰ’লোঁ ! 

: মাম্মা , আহি মাত এষাৰটো দিব পাৰা। কেতিয়া আহিলা গমেই নাপালোঁ। 

জীউৰ মাতত বাস্তৱলৈ ঘূৰি আহিহে অনুভৱ হ’ল… হয়তো , মইতো কেতিয়াবাই আহি পালোঁ! বাহিৰত আন্ধাৰেই হ’ল। কিন্তু ইমান সময় জীউ ক’ত আছিল ! ঘৰৰ মূল দুৱাৰখন খোলা অৱস্থাতে এৰি সি নিজৰ ৰুমত কি কৰি আছিল !

: বেটা, দুৱাৰ খোলা ৰাখি তুমি ৰুমত আছিলা যে ! তোমাক মই সদায় কৈ যাওঁ ন , দুৱাৰখন বন্ধ কৰি ৰাখিবা। দিনকাল ভাল নহয়। মই আহি পোৱাই কিমান সময় হ’ল , তুমিতো গমেই নাপালা। 

: মাম্মা , এই ক’ভিডৰ দিনত তোমাৰ ঘৰ লুটিবলৈ কোনো নাহে। খামখা টেনশ্যন এগাল নল’বা। যোৱা ফ্ৰেচ হৈ লোৱা। 

প্ৰচণ্ড খং এটা উঠি আহিল । কথাবোৰ কিয় গুৰুত্ব সহকাৰে নলয় ইহঁতে ! এনে কি এৰাব নোৱাৰা কামত  ব্যস্ত থাকিব ল’গা হ’ল সি ! 

পিছে ,সেই সময়ত যুক্তি তৰ্কৰ ন্যূনতম মানসিকতাখিনিও নথকাত , ভিতৰলৈ সোমাই আহিলোঁ।  

হঠাতে অজানা ভয় এটাই মগজুত ক্ৰিয়া কৰিবলৈ ধৰিলে। চামেলিৰ জীয়েকৰ ফুলকুমলীয়া শৰীৰটোক নেফানেফ কৰা সেই ল’ৰাকেইটা জীউৰ বয়সৰে হ’ব । তাক বাৰু কথাখিনি জনোৱা উচিত হ’ব নেকি ! 

                            ————–

চাইটৰ কাম বন্ধ আছে অলপদিন। মজদুৰবোৰ কামলৈ অহাৰ পৰিবেশ এটা এতিয়াও ঘূৰি অহা নাই । এইকেইদিন ঘৰতে থাকি জীউৰ কার্যকলাপত সাংঘাতিক ধৰণে চিন্তিত হৈ পৰিছোঁ মই । দিনটোৰ বেছিভাগ সময় সি নিজৰ ৰূমটোতে সোমাই থাকে সি। চকুৰ তলতো বিনিদ্ৰ ৰজনীৰ ক্লান্তিখিনি স্পষ্টকৈ ধৰা দিছে । মোৰপৰা যেন আঁতৰি থাকিহে ভাল পোৱা হৈছে জীউৱে। 

সি বাৰু নিচা জাতীয় দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হৈছে নেকি ! নে লুকাই চুৰকৈ পৰ্ণ চাবলৈ লৈছে ! জ্ঞান লাভৰ সোপানেদি বগুৱা বাই সপোন দেখাৰ এই মূল্যবান সময়খিনিতে নিজকে বন্ধ কোঠাত আবদ্ধ ৰাখি কিছুমান বদঅভ্যাসত সিদ্ধহস্ত হৈ উঠা নাইতো ল’ৰাটো  !

উফ.. কথাবোৰ ভাবিবলৈকে মন নাযায়চোন ! জীউ এতিয়াও মোৰ বাবে সেই কপাহ কোমল গুলপীয়া শিশুটোৱেই , যাক হাস্পাতালৰ বিছনাত প্ৰথমবাৰৰ বাবে বুকুতে সামৰি লওঁতে গৌণ হৈ পৰিছিল মাত্ৰ কেইটামান মুহূৰ্তৰ আগতে মই ছটফটাই থকা সহ্যাতীত প্ৰসৱ বেদনা। যাৰ এটা এটা হাঁহিত আঁতৰি গৈছিল দেহৰ সমস্ত ক্লান্তি। মোৰ সেই জীউ মাইনাটো মানে ডাঙৰ হৈছে ! 

শৈশৱ আৰু কৈশোৰৰ এই বয়ঃসন্ধি সময়খিনিত বিভিন্ন বিষয়ৰ প্ৰতি মনটো উৎসুকতাৰে ভৰি পৰাতো স্বাভাৱিক। কিন্তু আজিকালি যৌনতাৰ নামত যিহে জঘন্য কাৰবাৰবোৰ প্ৰদৰ্শিত হৈ আহিছে ,সেইবোৰে যেন আকৰ্ষিত নকৰে মোৰ ল’ৰাটোক ! বেডৰুমৰ প্ৰাইভেচি এইদৰে মেলা বজাৰ কৰি কি পাশবিক সুখ লাভ কৰে বাৰু এচামে ! 

স্মাৰ্ট ফোন , আপ-টু-ডেট গেজেট , ইন্টাৰনেটৰ বহুল সম্প্ৰসাৰণেই আজিৰ যুৱ প্ৰজন্মৰ নৈতিক স্খলনৰ বাবে দায়ী নহয় নে !

অভিমন্যুহীনতাই কাতৰ কৰি তোলে মোক, যেতিয়াই জীউক লৈ সন্দিহান হৈ উঠে মোৰ মনটো। অভিমন্যু থকা হ’লে জীউক হয়তো এজন বন্ধুৰ দৰে জীৱনৰ আদিপাঠ শিকালে হয়! এজন সফল পিতৃৰ ভূমিকাৰে শুদ্ধ অশুদ্ধৰ বিচাৰ কৰিব পৰাকৈ জীউক বুজন কৰি গঢ় দিলে হয়! এতিয়া সেই দায়িত্ব মই ল’ব লাগিব । এই সময়ত প্ৰকৃততে মোৰ অনুশাসনে নহয় , মোৰ বন্ধুত্বইহে জীউক কথাবোৰ বুজোৱাত সহায়ক হ’ব। 

মনতে কথাখিনি জুকিয়াই লৈ জীউক মাত দিলোঁ। ৰুমৰ দুৱাৰখন ভিতৰৰ পৰা ল’ক কৰি ৰাখিছিল সি। মই ন’ক কৰাত খুলি দিবলৈকে এপৰ লগালে । বুকুখন আকৌ এবাৰ কঁপি উঠিল । কি কৰি আছিল জীউৱে কোঠা বন্ধ কৰি ! 

: মাম্মা , কোৱা। 

: কি কৰি আছিলা জীউ ?

তাৰ উত্তৰলৈ বাট নাচাই লৰালৰিকৈ ৰুমৰ ভিতৰলৈ সোমাই গ’লোঁ মই। পলম কৰিলেই যেন মোৰ বাবে প্ৰশ্ন হৈ ৰ’ব জীউৱে নিজকে কোঠা বন্ধ কৰি ৰখাৰ কাৰণটো। 

টেবুলখনৰ ওপৰত জীউৰ লেপটপটো অ’ন হৈ আছে আৰু বিশৃংখল বিছনাখনত জীউৰ চশমাযোৰ চিট ভোলোঙা খাই পৰি আছে। মোৰ সন্দেহী দুচকু তাৰ ৰূমটোৰ চাৰিওকোণে পিটপিটাই ফুৰিলে । 

: ৱেব চিৰিজ এখন চাই আছিলোঁ মাম্মা । কিনো বিচাৰি ফুৰিছা এইদৰে ? 

মোৰ অস্থিৰতাখিনি জীউৰ দৃষ্টিগোচৰ হোৱাত লজ্জিত অনুভৱ কৰিলোঁ মই । কপালত বিৰিঙি উঠা বিন্দু বিন্দু ঘামখিনি হাতৰ তলুৱাৰে মুচি লৈ তাৰ বিছনাখনতে বহি পৰিলোঁ। 

: জীউ তুমি জানানে, দেউতাৰা নোহোৱাৰেপৰা মই বৰ অকলশৰীয়া হৈ পৰিছোঁ। এই যে মই ঘৰত থকা সময়খিনিতো তুমি এইদৰে ৰূমতে সোমাই থাকি ৱেব চিৰিজবোৰ চাই সময় পাৰ কৰা , তাৰ সলনি এইখিনি সময় তুমি মই একেলগে কটাব নোৱাৰোঁ জানো ! কি চাই আছিলা , দুয়ো একেলগে চাওঁ আহা। 

: কি যে ফাল্টু কথা কোৱা মাম্মা। তোমাৰ লগত ৱেব চিৰিজ চাম মই ? আৰ ইউ ক্ৰেজি ?

: কিয় নোৱাৰি জীউ? তুমি চাব পৰা কিবা এটা মোৰ বাবে কিয় নহয় ?

জীউৰ চুলিকেইডালত হাত ফুৰাই মৰমেৰে সুধিলোঁ মই ।

: মাম্মা .. ব’ৰ নকৰিবা প্লিজ। এক্সুৱেলি ডে আৰ ন’ট ইওৰ টাইপ । 

মোৰ আদৰক নেওচি জীউ উচাৎ মাৰি উঠি গ’ল । কেনেকৈ চাব জীউৱে এই সস্তীয়া যৌনগন্ধী ৱেব চিৰিজবোৰ মোৰ লগত একেলগে বহি ! কেতিয়াবা আমাৰ একান্ত সময়বোৰত অভিমন্যুৱে পৰ্ণ চাইট এটা খুলিলেও বিতৃষ্ণাত নাক মুখ কোঁচ খাই গৈছিল মোৰ। গালি দিছিলোঁ অভিমন্যুক … ‘ কিয় এই বাজেবোৰ চাবলৈ মন কৰা অভি ? কাৰোবাৰ একান্ত সময়বোৰো এনেকুৱা হয় নে ! এইবোৰ জানো ৰিয়েলিটি ? ‘

একেখিনি কথাকে এই মুহূৰ্তত জীউকো বুজাবলৈ মন গ’ল …’ নাচাবা জীউ,  এইবোৰ বাস্তৱ নহয় ।’ 

বুজিলোঁ , অভিমন্যু আৰু মোৰ আদৰ্শৰ বাহিৰৰ মন এটাৰে ডাঙৰ হৈ উঠিছে জীউ। কিমান আয়োজনেৰে , কিমান আলফুলে জীউক মই গঢ়িবলৈ যত্ন কৰিছোঁ সি বাৰু বুজে নে ! সি যে মোৰ উশাহ …উপলব্ধি কৰে নে ! 

মনতে ভাবিলোঁ , ভাল কিতাপ কেইখনমানকে আনি দিব লাগিব তাক। 

                     ————— 

চিন্তাৰ সাগৰ এখনত উটি ভাঁহি বেলকনিত বহি আছোঁ মই । কোনোবা সময়ত উশাহটো চেপি ৰখা দুখবোৰ পাতলাবলৈকে একান্ত সময় এইখিনি,মুকলি আকাশখনৰ প্ৰয়োজন হয় মোক । সন্ধিয়াৰ আকাশৰ অজস্ৰ তৰাৰ মাজত তেতিয়া উজ্জ্বল তৰা এটা হৈ অভিমন্যু মোৰ কাষ চাপি আহে আৰু আমি অন্তৰঙ্গ আলাপত ব্যস্ত হৈ পৰো। অলপ সকাহ , অলপ সাহেসেৰে পুনৰ জী উঠোঁ মই ।

ইউচুফে ফোন কৰি জনালে , চামেলিৰ জীয়েকক নিৰ্মমতাৰে হত্যা কৰা ল’ৰা পাঁচটাক আৰক্ষীয়ে ইতিমধ্যে কৰায়ত্ত কৰিছে। হওক তেও ! চামেলিয়ে যি হেৰুৱালে তাৰ তুলনাত এয়া একোৱেই নহয় । তথাপিও মাকৰ অন্তৰখনত কিঞ্চিত হ’লেও সকাহ ! 

জীউ চাইন্সৰ প্ৰজেক্ট এটাৰ কামত বন্ধু এজনৰ ঘৰলৈ ওলাই গৈছিল। গোঁসাই থাপনাত চাকিগচ জ্বলাই ধূপডাল হাততে লৈ জীউৰ কোঠালৈ সোমালোঁ মই। সন্ধিয়াৰ ঘিটমিটিয়া আন্ধাৰ এটুকুৰাত বুৰ গৈ আছিল জীউৰ কোঠাটো । লাইটটো অ’ন কৰি বিছনাখনত ছেদেলি-ভেদেলি হৈ পৰি থকা কাপোৰকেইটা জাপিবলৈ লওঁতেই , বিছনাৰ মেট্ৰেছখনৰ তলত ভুমুকি মাৰি ওলাই থকা মোৰ পুৰণা অন্তৰ্বাস এটাৰ এছোৱালৈ চকু গ’ল । থৰথৰকৈ কঁপিবলৈ ধৰিলোঁ মই। কি এয়া ! 

এইবাৰ ভয় লাগিল মোৰ। সঁচাই বহুত ভয় লাগিল। 

গাঁৱৰ বকুললৈ মনত পৰিল। সিও জীয়ৰী বোৱাৰীয়ে ধুই মেলি থোৱাৰপৰা অন্তৰ্বাসবোৰ চুৰ কৰি নি বিকৃত যৌনতাৰ আশ্ৰয় লৈছিল বোলে ! আনকি বায়েক ভনীয়েক দুজনীৰ অন্তৰ্বাসকেইটাও বাদ পৰা নাছিল। পিছলৈ মানসিক সন্তুলন হেৰুওৱা , বকুলৰ নিথৰ দেহটো উদং পথাৰত উলংগ অৱস্থাত উদ্ধাৰ কৰা হৈছিল । 

ঘামিজামি বিছনাখনতে বহি পৰিলোঁ। অহৌবলিয়া চিন্তা এগালত মোৰ পৃথিৱীখন চক্ৰাকাৰে ঘূৰিবলৈ ধৰিলে। 

: মাম্মা , হুৱেৰ আৰ ইউ ? জল্দি লিভিং ৰুমলৈ আহা। আই হেভ অ্য চাৰপ্ৰাইজ ফ’ ইউ। 

জীউৰ মাত শুনি , এই মুহূৰ্তত মোৰ বাবে এক জটিল সাঁথৰ হৈ পৰা অন্তৰ্বাসটো খপজপকৈ হাতৰ মুঠিৰপৰা পুণৰ আগৰ ঠাইতে থৈ পৰম নিৰ্লিপ্ততাৰে লিভিং ৰুমলৈ ওলাই আহিলোঁ মই। কেইবাজনো বন্ধুসহ চেণ্টাৰ টেবুলখনৰ চাৰিওফালে বৃত্তাকাৰে জীউহঁত মোলৈকে অপেক্ষাৰত আৰু সু-সজ্জিত টেবুলখনত এটা ধুনীয়া কেক। 

: হেপ্পী বাৰ্থডে মাম্মা। 

মই উমঘাম পোৱাৰ আগতেই জীউৱে জোৰেৰে সাৱটি ধৰিলে মোক । লগৰ প্ৰত্যুশ , মৃণালহঁতেও.. সমস্বৰে মোক জন্মদিনৰ শুভেচ্ছা জনালে। ধন্যবাদসূচক হাঁহি এটাৰ বিনিময় হ’ল যদিও মোৰ চিন্তাৰ কেন্দ্ৰবিন্দু পিছে জীউৰ মেট্ৰেছখনৰ তলতে স্থিৰ হৈ ৰ’ল। মোক আচৰিত কৰি জীউৱে তাৰ বেগটো খুলি মুখবন্ধ লেফাফা এটা আগবঢ়াই দিলে মোলৈ। 

: মাম্মা , ডিচ ইজ ফ’ ইউ । তোমাৰ বাৰ্থডে গিফ্ট। 

প্রশ্নবোধক চিন এটা মনতে লৈ এনভেল’পটো খুলি চাই সেইফালেই দৰক লাগি ৰ’লোঁ মই। জীউৰ প্ৰতি সন্দেহী হৈ উঠা বিশৃংখল মনটোলৈ প্ৰশান্তি কঢ়িয়াই অনা খবৰটোত মই বাৰু এতিয়া কেনেধৰণে প্ৰতিক্ৰিয়া দেখুওৱা উচিত ! ইণ্টাৰনেচ’নেল চাইন্স অলিম্পিয়াডত মোৰ জীউৱে ছেকেণ্ড টপ ৰেংকসহ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। সুখখিনি  দুচকুৰে বৈ অহাত কাগজখিলাৰ আখৰবোৰ ধূসৰ হৈ পৰিল। অভিমন্যুৰ সপোন আছিল এয়া। জীউৱে এদিন অভিৰ দৰেই এজন সুযোগ্য বিজ্ঞানী হৈ প্ৰতিষ্ঠা লাভ কৰিব। 

 ‘ অভি তুমি দেখা সপোনটোৰ দিশে আমাৰ জীউৱে খোজ দিছে এয়া । তুমি দেখি আছা ন সকলো ?’ 

শব্দবোৰে মিশ্ৰিত অনুভৱত বাট হেৰুৱাত কিবা এষাৰ উচ্চাৰণ কৰাৰ সলনি জীউক বুকুতে সামৰি লৈ উচুপি উঠিলোঁ মই । মোক একো কোৱাৰ সুযোগ নিদি এইবাৰ জীউ তাৰ কোঠালৈ সোমাই গ’ল , আৰু হাতত এখন পিওৰ ছিল্কৰ শাৰীলৈ ওলাই আহিল। 

: এইখন মোৰ পকেট মানিৰে আনিছোঁ দেই তোমালৈ । পিন্ধি কেক কাটিবলৈ আহা । আৰু ছ’ৰি তোমাৰ ৱাৰ্ডদ্ৰব খুলি ব্লাউজ এটা উলিয়াইছিলোঁ দৰ্জিক জোখ দিবলৈ। ব্লাউজৰ হুকত লাগি অহা পেণ্টিটো এতিয়াও মোৰ ৰূমতে আছে। 

মই মাথোঁ নীৰৱে শুনি ৰ’লোঁ জীউৰ কথাবোৰ আৰু আৱেগেৰে তাৰ জপৰা চুলিকেইডালত হাত ফুৰাই দিলোঁ। সংকোচহীনভাবে কথাকেইটা কৈ মোৰ গালতে টপৰকৈ চুমা এটা দি বন্ধুকেইজনৰ লগ ল’লেগৈ জীউৱে। জীউৰ হাতৰ পৰশ আৰু মৰমত বৰফ গলাদি গলিবলৈ ধৰিলে মোৰ শংকাৰ পাহাৰটো।   

নিজৰ ওপৰতে খং উঠিল মোৰ । কিয় জীউৰ ওপৰত থকা মোৰ বিশ্বাস থৰক বৰক হৈ পৰিল ! অনুমান এটাক সত্য বিবেচনা কৰি কিয় ইমান কষ্ট দিলোঁ নিজকে !  জীউৰ স্থিতিৰে উৰ্বৰ মোৰ জৰায়ু । সেই শিপাডালৰ পৰাই জানো পোখা মেলি ঠন ধৰি উঠা নাই সি ! কেনেকৈ বিছিন্ন হ’ব জীউ মোৰপৰা ! কেনেকৈ অভিৰ আদৰ্শক অৱজ্ঞা কৰিব জীউৱে !

বহুদিনৰ মূৰত নিজকে ধুনীয়াকৈ সজাবলৈ বৰকৈ মন গ’ল মোৰ। শাৰীখন বুকুতে সাবটি ড্ৰেছিং টেবুলৰ ষ্টুলখনতে বহি পৰিলোঁ মই। 

**********

2 Comments

  • সুন্দৰ গল্প,বৰ ভাল লাগিল।

    Reply
  • বন্দিতা জৈন

    বৰ ভাল লাগিল পঢ়ি। কবলৈ আৰু ভাষা নাই।একেবোৰ চিন্তাৰে পাৰ কৰিছোঁ দিন ৰাতি।এই বয়সত দেউতাকৰ উপস্থিতি খুবেই প্ৰয়োজন। নিজৰ ওপৰত প্ৰশ্ন হয় পাৰিম নে মই পাৰিমনে তাক ভাল মানুহ কৰিবলৈ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *