সকাহ-মৌচুমী গগৈ
বৰুণ হাজৰিকাই লাহেকৈ বিচনাখনৰ পৰা উঠি আহি খিড়িকীখনৰ কাষতে ৰৈ তললৈ চাই পঠিয়ালে ।তলত মানুহৰ সমাগম যথেষ্ট বেছি ।অহা আহিছে,যোৱা গৈছে।কাৰোবাৰ মুখত চিন্তাৰ ক্লেশ স্পষ্ট আৰু কাৰোবাৰ মুখত এটি হাহিঁ।হস্পিতাললৈ অহা প্ৰতিজন মানুহেই যেন একো একোটি কাহিনী ।কিছুমান কাহিনী দীঘল হয় আৰু কিছুমান খুব সোনকালেই শেষ হৈ যায় ।তেওঁ নিজেও যোৱাকালি আহি হস্পিতালত ভৰ্তি হৈছেহি ।আজি হাৰ্টৰ এটা অস্ত্ৰোপচাৰ হ’ব ।তাৰ পিছত তেওঁৰ কাহিনীটো কিমান দূৰ আগবাঢ়িব ,সেয়া কাৰো জ্ঞাত নহয় ।এটি তপত হুমুনিয়াহ হাজৰিকাৰ বুকু ভেদি ওলাই আহিল ।তেওঁ পত্নীৰ আগত নিজৰ ভয়খিনি দেখুৱাব বিচৰা নাই।কাৰণ তেওঁক চিন্তাক্লিষ্ট দেখিলে বেচেৰী মানুহগৰাকীয়ে আৰু চিন্তা কৰিব ।সৰুৰেপৰাই গাঁৱত বোকা পানী খচকি ডাঙৰ হোৱা হাজৰিকাই চাকৰিৰ তাগিদাত এতিয়া চহৰত থাকে যদিও বেমাৰ-আজাৰ তেনেকৈ হোৱা মনতেই নাই তেওঁৰ।এইবাৰহে প্ৰথম হস্পিতালত ভৰ্তি হ’ব লগাত পৰিল।কিছুদিনৰপৰা তেওঁৰ কাম বন কৰোঁতে খুব বেছি ভাগৰ লাগিবলৈ আৰম্ভ কৰিছিল আৰু বুকুখন ধপধপাই থকা যেন অনুভৱ হৈছিল।তথাপিও ডাক্তৰৰ ওচৰলৈ আহিবলৈ একেবাৰেই ইচ্ছা নাছিল তেওঁৰ। শেষত মানুহগৰাকীৰ হেঁচাতে ডাক্তৰৰ ওচৰলৈ যাওঁতে তেওঁৰ হাৰ্টৰ থকা সৰু ফুটাটো ধৰা পৰিল ।সোনকালেই অপাৰেশ্যন কৰি সেইটো বন্ধ কৰিবলৈ ডাক্তৰে পৰামৰ্শ দিলে ।সেইকাৰণে সকলোফালে মিলাই কালি আহি তেওঁ হস্পিতালত ভৰ্তি হৈছে।
দুপৰীয়া দুই বজাত অপাৰেশ্যন আছে ।হাজৰিকাক আজি একো খাবলৈ দিয়া নাই ।অলপ পিছত যাৱতীয় দৰৱবোৰ আৰু চেলাইন দিয়া হ’ব ।তেনেতে শকতকৈ নাৰ্চ এগৰাকী কেবিনটোলৈ সোমাই আহিল ।তেওঁ আহিয়েই চুকৰ টেবুলখনত থকা ফুলদানিটো অলপ ঠিক কৰি হাজৰিকালৈ চাই সুধিলে,
‘আপোনাৰ অপাৰেশ্যন কোনজন ডাক্টৰে কৰিব ?”
হাজৰিকাই কোৱাৰ পূৰ্বেই পত্নীয়ে উত্তৰ দিলে,
‘ডাক্তৰ বিনোদ বৰুৱাই কৰিব।’
নাৰ্চগৰাকীয়ে নামটো শুনিয়েই আচৰিত হৈ হাজৰিকাৰ ওচৰ পালেহি আৰু তেওঁলৈ চাই আকৌ এবাৰ প্ৰশ্ন কৰিলে,
‘কি ,সচাঁই বিনোদ বৰুৱাই আপোনাৰ অপাৰেশ্যন কৰিব নেকি?’
এইবাৰ হাজৰিকাই অলপ দ্বিধাগ্ৰস্তভাৱে মূৰটো লৰাই দেখুৱালে।
নাৰ্চগৰাকীয়ে হাজৰিকাৰ ফালে নোচোৱাকৈয়ে নিজকে কোৱাৰ দৰে ক’বলৈ ধৰিলে ,
‘এইটো সঁচাকৈ বহুত আচৰিত কথা ।মোৰ যে বিশ্বাসেই হোৱা নাই।’
হাজৰিকাই নাৰ্চগৰাকীৰ মুখলৈ চাই ভয়ে ভয়ে সুধিলে,
‘আপুনি কিয় ইমান আচৰিত হৈছে ।আচলতে তেওঁ কেনেকুৱা ডাক্তৰ বাৰু? কওকচোন।’
এইবাৰ নাৰ্চগৰাকীয়ে হাজৰিকাৰ ফালে চাই হাঁহি এটা মাৰি ক’বলৈ ধৰিলে,
‘আপুনি ভয় কৰিব লগা এতিয়া কোনো কথাই নাই ।ছাৰ খুবেই ভাল ডাক্তৰ।তেওঁ কৰা অপাৰেশ্যনবোৰৰ এশ শতাংশই সফল হয়।কিন্তু তেওঁ ভীষণ ব্যস্ত থাকে বাবে সকলো ৰোগীকে সময় দিবই নোৱাৰে ।সেইকাৰণে
মই আচৰিত হৈছোঁ।আপুনি নিঃশ্চিন্ত হৈ থাকক। ছাৰে অপাৰেশ্যনটো কৰিব যেতিয়া একো চিন্তাই কৰিব নালাগে।’
হাজৰিকাৰ মুখত এটি সন্তুষ্টিৰ হাহিঁ বিৰিঙি উঠিল।মুখৰ ভিতৰতে ভগৱানলৈ সেৱা এভাগো আগবঢ়ালে।অলপ পিছত তেওঁক অপাৰেশ্যন কক্ষলৈ লৈ যোৱা হ’ল আৰু সফলভাৱে সকলো সম্পন্ন হৈ গ’ল।এসপ্তাহৰ পিছত হাজৰিকা ঘৰলৈ ঘুৰি আহিল ।
দৰাচলতে হাজৰিকাৰ ৰূমলৈ নাৰ্চ হৈ অহা মহিলাগৰাকী এগৰাকী মনোবৈজ্ঞানিক আছিল।যাৰ কাম আছিল,ৰোগীক মানসিকভাৱে সাহসী কৰি তোলা ।এই কামটো তেওঁ খুব সফলভাৱে ৰূপায়ন কৰিবলৈ সক্ষম হৈছিল।তেওঁ ৰোগীসকলৰ মনত এই বিশ্বাসটো গভীৰভাৱে জগাই তুলিছিল যে যিজন ডাক্তৰে তেওঁক চিকিৎসা কৰিব ,সেইজন সকলোতকৈ সফল এজন ডাক্তৰ আৰু সেইজনৰ পৰিচৰ্যাত ৰোগীজন ভাল হোৱাটো নিশ্চিত। এইধৰণৰ যোগাত্মক ধাৰণাই ৰোগীজনৰ মনত থকা ভয় আৰু উদ্বেগ সম্পূৰ্ণৰূপে নাইকিয়া কৰি পেলাব পাৰে আৰু লগতে ৰোগীজন শাৰীৰিকভাৱেও সোনকালেই সুস্থ হৈ উঠে।
**********
4:30 PM
বৰ ভাল লাগিল।
3:43 PM
ভাল লাগিল পঢ়ি