সন্তানৰ চৰিত্ৰ গঠনত পিতৃ-মাতৃৰ দায়িত্ব-অনামিকা কলিতা

সন্তানৰ চৰিত্ৰ গঠন আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত পৰিয়ালৰ স্থান আগত আৰু পিতৃ-মাতৃ হ’ল প্ৰধান শিক্ষক। ঘৰখনেই মূল আধাৰ আৰু পিতৃ-মাতৃ হ’ল প্ৰধান গুৰু, তেওঁলোকৰ অৱদান অতুলনীয়। 

শিশুৰ জন্মৰ পিছৰপৰাই পাঁচ বছৰ বয়সলৈ ৯০% বিকাশ হয়। গতিকে এই সময়খিনিত শিশুৰ বিকাশ পূৰ্ণগতিত হয়, তাৰ বাবে সু-পৰিকল্পিতভাৱে শিশুটিৰ তদাৰক কৰিব লাগে, এই ক্ষেত্ৰত মাকৰ দায়িত্ব অধিক। 

শিশুটোৰ প্ৰাথমিক আৰু মৌলিক চাহিদা পূৰণৰ লগে-লগে সিহঁতৰ মানসিক-দৈহিক গঠন, ৰুচি, প্ৰবৃত্তি, বিশ্বাস, ধাৰণাৰ সম্যক জ্ঞানৰ স্বৰূপ পূৰ্ণ বিকশিত হয় আৰু তাৰ ধ্যান ৰখাৰ দায়িত্ব মাক-দেউতাকৰ।

মাক-দেউতাকৰ দায়িত্ব হৈছে ঘৰৰ বাতাৱৰণ সুস্থ কৰি ৰখা।তেতিয়াহে এটা শিশুৰ বিকাশ সু-পৰিকল্পিতভাৱে হ’ব আৰু সন্তানৰ সুস্থ মানসিকতা গঢ়ি তুলিব পাৰিব। এইক্ষেত্ৰত নিয়মানুৱৰ্তিতাৰ বিষয়ে মাক-দেউতাকে শিকাব লাগিব আৰু ধ্যান ৰাখিব লাগিব যাতে সিহঁতে আমনি নাপায়৷ সন্তানৰ চৰিত্ৰ গঠনত কৰিবলগীয়া আন এক কাম হ’ল, সদায় সৃষ্টিশীল কামৰ প্ৰতি সিহঁতক উদ্‌গনি যোগোৱা।

মহাত্মা গান্ধী, ৰবীন্দ্ৰনাথ ঠাকুৰ, বেঞ্জামিন ফ্ৰেংকলিন প্ৰভৃতি বিভিন্ন মনীষীৰ লেখাত তেওঁলোকৰ সৰুকালত মাক-দেউতাকৰ অৱদান পঢ়িবলৈ পাইছোঁ, যাৰ বাবে  তেওঁলোক সমাজত একোজন মহান ব্যক্তিৰূপে পৰিগণিত হৈছে। 

আমাৰ দিনত মাক-দেউতাকে বা শিক্ষাগুৰুসকলে চেকনিৰ প্ৰয়োগ কৰিছিল। সেই সময়ত উচিত আছিল। যৌথ পৰিয়াল… ককা-আইতা, খুড়া আদিৰ মৰমত শিশুটি অবাধ্য হৈছিল যদিও তেওঁলোকৰপৰা নৈতিক জ্ঞান লাভ কৰিছিল। শিশুৰ শিষ্টাচাৰ, ধৈৰ্য্য আৰু সহ্য গুণ বেছি আছিল। 

এই ধৈৰ্য্য আৰু সহ্য গুণৰ কাৰণে উপযুক্ত নাগৰিক হৈ সমাজত নিজৰ লগতে দেশৰ নাম উজলাই তুলিছিল।কিন্তু বৰ্তমান একক পৰিয়াল৷ মাক-দেউতাকৰ লগতে শিশুটি ডাঙৰ হয়। আগৰ দৰে পাঁচ-ছয়টা শিশু পৰিয়ালত নাথাকে। এটা বা দুটা শিশু এটা পৰিয়ালত, সেইকাৰণে বৰ্তমানৰ শিশুবোৰৰ অকণমান ধৈৰ্য্যশীলতাৰ অভাৱ দেখা যায়৷

এইবোৰ কাৰণৰ বাবেই সিহঁতক বন্ধুত্বপূৰ্ণভাৱে আৰু মৰমেৰে শিকাব লাগিব। সৰুৰেপৰা মাক-দেউতাকে সিহঁতক বিভিন্ন সাধুকথা আদিৰে নীতিশিক্ষাৰ জ্ঞান দি ওতঃপ্ৰোতভাৱে শিশুটিৰ লগত লাগি থাকিব লাগিব৷

 আজিকালি যিহেতু প্ৰযুক্তিবিদ্যাৰ যুগ, সিহঁতে সৰুৰেপৰাই সকলো জ্ঞান লাভ কৰিবলৈ সুবিধা পায়। ব্যক্তিগত ৰুচি-অভিৰুচি আৰু প্ৰবৃত্তি অনুসাৰে স্বাভাৱিক, সুন্দৰ আৰু শোভনীয় দিশবোৰ গ্ৰহণ কৰা, অশোভনীয় আৰু অহিতকৰ 

বিষয়বোৰ বৰ্জন কৰিবলৈ শিকাব লাগিব। এই দায়িত্ব আমাৰ পিতৃ-মাতৃৰ আৰু কিছুক্ষেত্ৰত শিক্ষকসকলৰ।

**********

One comment

  • বন্দিতা জৈন

    বৰ সুন্দৰ কথা খিনি। ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *