সপোন-মামণি কলিতা

ৰাতিপুৱাৰপৰা নীলাৰ মনটো বেয়া লাগি আছে। ঘৰৰ কামবোৰ কৰিব লাগে বাবে কৰি আছে যদিও অন্যমনস্ক হৈ থকা বাবে নীলে তাইক মাজে মাজে কিবা হৈছে নেকি সুধিছে যদিও তাই একো হোৱা নাই বুলি পুনৰ কামত মনটো লগাবলৈ চেষ্টা কৰিছে। ৰাতিপুৱা বিস্কুট আৰু একাপ চাহ দুয়ো খাই লৈ তেওঁলোকৰ কণমানি ৰিধিকো শুৱাৰপৰা উঠাই মুখ ধুৱাই গাখীৰ আৰু বিস্কুট দি লৈ দুয়োজনে সমানে ঘৰৰ কামবোৰ আগবঢ়াই গৈছে, ৰ’বলৈ সময় নাই। নীল আৰু নীলাই অফিচলৈ যাওঁতে ৰিধিক প্লে স্কুলত থৈ যাব। নীলা এইক্ষেত্ৰত বৰ ভাগ্যৱান, কাৰণ তাই নীলৰ দৰে এজন স্বামী পাইছে, যি তাইক সকলো কামতে সহায় কৰে আৰু বুজি পায়। সকলো কাম কাজ কৰি যথা সময়ত তিনিও নিজৰ নিজৰ গন্তব্যস্থান পালেগৈ। ৰাতিপুৱাই শাহুৱেকে ফোনত কোৱা কথাখিনিয়ে অফিচতো তাইক কামত মাজে মাজে খেলিমেলি লগাই আছে।নীলাৰ সহকৰ্মী ৰুবিয়ে তাইক লক্ষ্য কৰি আছে যদিও একো ধৰিব পৰা নাই। সেয়ে তাই নীলাক—“ব’লচোন কেন্টিনত চাহ একাপ খাই আঁহো, মূৰটো বিষাই আছে”— বুলি অজুহাত উলিয়াই লৈ গ’ল।নীলায়ো ভালেই পালে অলপ সময় ৰুবিৰ লগত কথা পাতিলে মনটো ভাল লাগিব বুলি। দুকাপ চাহৰ অৰ্ডাৰ দি ৰুবিয়ে দুজনীয়া টেবুল এখনত বহি নীলাক পোনপটীয়াকৈ সুধিলে 

” কি হৈছে তোৰ? কিবা অসুবিধা হৈছে নেকি?” 

” কি হোৱা দেখিলি অ’! একো নাই। ” 

নীলাই কৈ চাহ খোৱাত লাগিল। ৰুবিয়ে খঙেৰে…

” ক’বলৈ মন নাই যদি নকবি; কিবা সহায় কৰিব পাৰোঁ বুলি ভাবিহে সুধিছিলো,বাদ দে।” 

ৰুবিৰ খং উঠা দেখি তাই 

” এ ৰহচোন! খং নকৰিবি। ঘৰুৱা কথাবোৰ কিনো কওঁ বুলিহে ক’বলৈ ভাল লগা নাই ।মোৰ আৰু নীলৰ একো প্ৰব্লেম নাই। ৰিধি আমাৰ দুয়োৰে কলিজাৰ টুকুৰা। পিছে শাহুমা আকৌ ৰিধিক লৈ অসন্তুষ্ট। তেওঁক বংশৰ ৰখীয়া লাগে। পুতেকক একো বলে নোৱাৰে যে ,মোকে ফোন কৰি কৰি দম দি থাকে। আজি পুৱাই ফোন কৰি ডাইৰেক্ট কৈছে—–

—-কি হ’ল তোমাৰ যদি আৰু কেঁচুৱা জন্ম দিব পৰা ক্ষমতা নাই তেনেহলে এনেই মোৰ ল’ৰাক বান্ধি ৰাখিছা কিয়?—-

চাচোন ৰুবি, শুই উঠিয়েই যদি এনে কথা শুনিব লগীয়া হয় কেনেকুৱা লাগিব!”

ৰুবি : নীলক কৈ নিদিয় কিয় নীলা?

নীলা: কিনো ক’ম ! মোক এইবোৰ কথা কোৱা বুলি শুনিলে মাকৰ লগত তৰ্কাতৰ্কি হ’ব আৰু শাহুৱে গোটেই দোষ মোৰ ওপৰত জাপি কন্দা কটা কৰি সবকে ফোন কৰি কৰি ক’ব। এইবোৰ খেলিমেলি মই বিচৰা নাই অ’!

ৰুবি : হ’লেও ত‌ই অকলেই কিটো কৰিব পাৰিবি, সোনকালে নীলক এইবিষয়ে যেনেকৈ ভাল দেখ তেনেকৈ কথাবোৰ বুজাই মেলি সমস্যাটো সমাধান কৰ।ল’ৰাই সংসাৰৰ সব বুলি ভবা মানুহক কৈ দিবলৈ মন যায় যে কেঁচুৱাটোও পাৰে যদি ল’ৰাৰ হতুৱাই জন্ম দিয়াই লোৱা।

নীলা: ৰহ, আজি গধূলি বহি লৈ ভালদৰে আলোচনা কৰিব লাগিব। খৰধৰকৈ কিবা কৰি মাকৰ লগত পুতেকক বেয়া কৰিবলৈ বেয়া লাগে নহয়! আমিও মাক নহয় জানো? 

দুয়োজনী পুনৰ আহি কামত ধৰিলেহি।নীলাৰো ৰুবিক মনত সোমাই থকা কথাবোৰ কৈ দিয়াৰ পিছত তাইৰ মনটো মুকলি লাগিল। দুপৰীয়া ৰিধিক প্লে স্কুলৰপৰা নীলে আনি ঘৰত মীনাবাইৰ  ওচৰত থৈ গ’লহি। মীনা ৰিধি জন্মৰ এবছৰৰপৰাই ৰখীয়া হিচাপে আছে। ওচৰতে ঘৰ তাইৰ,বৰ মৰমীয়াল। নিজৰ ল’ৰা ছোৱালী নাই,  মীনা আৰু গিৰিয়েক দুয়ো অকলে থাকে।গিৰিয়েকে ওচৰৰ স্কুল এখনত চকীদাৰ কৰে। গধূলি অফিচৰ পৰা আহি মুখ হাত ধুই নীলে ৰিধিৰ লগত খেলিবলৈ ল’লে।দিনত মাক দেউতাকক লগ নাপায় যে, সেয়ে গধূলি তাই দেউতাকৰ লগতে লাগি থাকে।নীলাই চাহ দুকাপ লৈ নীলৰ ওচৰলৈ আহিল।ৰিধিক চুমা এটা খাই —-” স্কুলত আজি কি কি কৰিলা ধুনু”—-বুলি তাইৰ লগত অলপ কথা পাতি— “এতিয়া অলপ টিভি চোৱাগৈ যোৱা, অলপ পিছত আমি পঢ়িব লাগিব দেই!”—- বুলি পঠিয়াই দিলে।ৰিধি যোৱাৰ পিছত নীলে নীলাৰ ওচৰলৈ আহি তাইৰ হাতখন তাৰ দুই হাতৰ মাজত লৈ সুধিলে–

 “এতিয়া তোমাৰ কথা কোৱা, ৰাতিপুৱাৰ পৰা কি কথাই মোৰ ধুনীয়া মানুহজনীক অশান্তি কৰি আছে।” 

নীলৰ কথা শুনি নীলা আচৰিত হ’ল।

“কেনেকৈ জানিলা তুমি মোৰ কিবা হৈছে বুলি।” 

নীল: আৰে মই নাজানিলে কোনে তোমাৰ কথা জানিব? কোৱা কোৱা।

নীলা: বৰ জৰুৰী নহয় যদিও শুনা।

… বুলি শাহুৱেকে ফোনত কোৱা কথাবোৰ ক’লে আৰু লগতে এই কথালৈ যাতে নীলে মাকৰ লগত একো তৰ্কত লিপ্ত নহয় তাকো ক’লে।

নীলৰ মাকৰ কথাবোৰ শুনি বৰ খং উঠিছিল যদিও নীলাক মাকে আৰু বেয়া পাব বুলি এতিয়াই একো নকওঁ বুলি ভাবিলে। দুই এদিনতে সি অকলে মাকৰ ওচৰলৈ যাব আৰু মাকক সি মাকৰ ধৰণেই বুজাব বুলি সিদ্ধান্ত ল’লে। নীলাক ৰিধিক পঢ়ুৱাবলৈ পঠিয়াই সি ভাত ৰান্ধিবলৈ গ’ল। ৰিধিক ভাত খুৱাই শুৱাই লৈ দুয়োজনে একেলগে বহি অলপ টিভিটোকে চালে।

“ন বাজিবলৈ হ’ল, ভাত খাওঁ ব’লা”—- বুলি নীলাই ভাত বাঢ়িবলৈ গ’ল আৰু সোনকালে খাই বৈ শুবলৈ আহিল।নীলে নীলাক সাবটি লৈ ক’লে—

“শুই যোৱা দেই মোৰ সোণজনী ,মাৰ কথাবোৰ ভাবি দিনটো নষ্ট কৰাৰ দৰে ৰাতি ভাবি নাথাকিবা।সব সময়ত ঠিক হৈ যাব। আৰু ম‌ই থাকোঁতে তুমি অযথা কথা চিন্তা কিয় কৰা”—– বুলি নীলাক চুমা খাই দুয়ো টোপনি গ’ল।দুদিনৰ পিছত সি অকলে অফিচলৈ বুলি ওলাই গৈ অফিচ নগৈ মাকৰ ওচৰ পালেগৈ।মাক দেউতাকে গাঁৱত খুৰাকহঁতৰ ওচৰা-ওচৰিকৈ থাকে। চোতাল একেখনেই, ৰন্ধা-বঢ়া বেলেগ যদিও প্ৰায়েই একেলগে খায়। নীল হঁতৰ যিহেতু ভাড়াঘৰটো সৰু আৰু গাঁৱৰ ঘৰৰ দৰে চোতাল নাই, সেয়ে তেওঁলোকে বেয়া পায়। অৱশ্যে বেছি দূৰ নহয় নীলহঁতৰ ভাড়াঘৰৰ পৰা গাঁৱৰ ঘৰলৈ,আধা ঘন্টাৰ বাট। দেউতাকে অসময়ত পুতেকক দেখি আচৰিত হৈ বোৱাৰী আৰু নাতি দুয়ো ঠিকেই আছেনে খবৰ ল’লে।—“আহ ভিতৰলৈ”—বুলি কৈ  পত্নীক উদ্দেশ্যি

” হেৰা নীল আহিছে হে, ক’ত আছা “—– বুলি ভিতৰলৈ সোমাই গ’ল।মাকেও পুতেকক অসময়ত আৰু অকলে অহা দেখি

“কিবা বিপদ হৈছে নেকি,ভালে আছনে সোণ”—– বুলি সোধপোচ আৰম্ভ কৰিলে। নীলে —“ভালেই সিহঁতৰ”— বুলি কৈ মাকক ক’লে।

” মা তোমাৰ লগত বিশেষ কথা এটা পাতিবলৈ বুলিহে অকলে আহিবলগীয়া হ’ল” ——-বুলি মাকক ওচৰত বহুৱাই ল’লে। 

“কি কথা কচোন”—- বুলি মাকে তাৰ ওচৰতে বহি ল’লে।নীলে মাকক ক’লে—-

” মা তোমাৰ বাবে ল’ৰা বেছি গুৰুত্বপূৰ্ণ নে ছোৱালী?” 

মাক : অ বোৱাৰীয়ে মোৰ লগত লাগিবলৈ তোক ৰাতিপুৱাই পঠিয়াইছে। মই আকৌ ভাবিছিলোঁ আমাৰ ল’ৰাৰ মাক দেউতাকলৈ মনত পৰি লগ পাবলৈ আহিছে। কথাৰ গুৰি পিছে ক’ৰবাত!

নীল : মা কি কথা কৈছা বাৰু? তোমাৰ বোৱাৰীয়ে নাজানেই মই তোমালোকক লগ কৰিবলৈ অহাৰ কথা। নহ’লে নীলা মোৰ লগত নিশ্চয় আহিলেহেঁতেন। এনেও মোতকৈ তাইহে দেখোন তোমালোকৰ বেছি খবৰ লৈ থাকে। আহিলেও তোমালোকক এৰি যাবলৈ নাতিনী, বোৱাৰী দুইজনীয়ে বেয়া পায়। তথাপিও কিয় তুমি মোৰ ছোৱালী আৰু পত্নীক নিজৰ দৰে ভাল পাব নোৱাৰা? অকল ল’ৰাই যদি সংসাৰখন সম্পূৰ্ণ হ’লহেঁতেন তেতিয়া তোমাৰ প্ৰয়োজনো দেউতা বা মোৰ ওচৰত নাথাকিলে হেঁতেন। এখন ঘৰ অকল ল’ৰাৰে সম্পূৰ্ণ হ’ব পাৰিবনে কোৱাচোন? সমাজৰ বাবে পুৰুষ যিদৰে অপৰিহাৰ্য নাৰীও সমানে অপৰিহাৰ্য। নাৰীয়েহে এটা বংশৰ ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু পুৰুষে এইকাৰ্যত নাৰীক সহযোগ কৰে। তুমিও এগৰাকী নাৰী, গতিকে মই কি বুজাবলৈ বিচাৰিছোঁ গম পাইছা নিশ্চয়।

মাক: হয় দে, কথাবোৰ বুজিও কেলৈ জানো নুবুজা হৈ পৰিছিলোঁ ক’ব নোৱাৰোঁ। বেয়া নাপাবি আৰু বোৱাৰীকো বেয়া পাবলৈ মানা কৰিবি।

দেউতাক: মাক পুতেক দুয়োৰে মাজত কিনো গভীৰ আলোচনা চলিছে হে? ল’ৰাক একো এটা খাবলৈ দিয়া নাই কিয়?

মাকে হাঁহি মাৰি —– “দিওঁ ৰ’ব, অলপ কথাও পাতি ল’লোঁ” —-বুলি মাকে বাপেক পুতেক দুয়োকে চাহ দিবলৈ উঠি গ’ল।

অহেতুক উৎপন্ন হোৱা সমস্যাৰ সহজে সমাধান হোৱা বাবে নীলৰ মনটো মুকলি লাগিল। আজি আবেলি তিনিও ফুৰিবলৈ ওলাই যাব বুলি সিদ্ধান্ত লৈ নীলাক অফিচৰ পৰা অলপ সোনকালে আহিবলৈ ক’লে। তেওঁলোকৰ সপোন ৰিধিক এনেদৰে ডাঙৰ কৰিব যে আগলৈ তাইক দেখি আইতাকৰ মনত ল’ৰা ছোৱালীৰ প্ৰতি থকা সামান্য অসন্তুষ্টিও নোহোৱা হৈ যাব।

**********

One comment

  • বন্দিতা জৈন

    ভাল লাগিল গল্পটো

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *