সময়-মোহাইমিনুৰ ৰহমান
ভূমিষ্ঠ হোৱাৰ প্ৰথম কান্দোনটিৰপৰাই
জীৱনৰ প্ৰতিটো শ্বাস-প্ৰশ্বাসত
ছাঁৰ দৰে লাগি থকা
সময় যে আমাৰ আপোন সংগী।
জীৱনৰ তিতা-মিঠাৰ
বাৰেৰহণীয়া অভিজ্ঞতাৰে মানুহ হিচাপে
গঢ়ি তোলাত সহায় কৰা
প্ৰকৃত শুভাকাংক্ষী।
সময়ে শিকায় জীৱনৰ প্ৰতিটো স্তৰত
একো একোটি নতুন পাঠ
দিয়ে জীৱনৰ প্ৰতিটো ক্ষণক
নিজস্ব শৈলীৰে গঢ়ি তোলাৰ বাট।
শৈশৱৰে আৰম্ভণি কৰা
জীৱন নামৰ সোণোৱালী
কিতাপখনৰ পাত লুটিয়াই
প্ৰতিজন মনুষ্যই ভৰি থয়হি
যৌৱনৰ বিয়লি বেলাত।
কত যে ৰঙীণ সপোন
কল্পনাৰ পৃথিৱীত প্ৰেমমত্ত
হিয়াৰ উগুল-থুগুল।
সেই ৰঙীণ সপোনকো
পৰিহাৰ কৰি প্ৰতিজন মনুষ্যই
এদিন উপস্থিত হয়
জীৱনৰ শেষ পৃষ্ঠাত।
সময়ৰ সোঁতত জীৱনৰ প্ৰতিটো সপোন
সৰ্বশৰীৰৰে সৈতে ধূলিসাৎ হৈ
এদিন মিহলি হয় মাটিৰ লগত।
কিন্তু সময়ৰ জানো মৃত্যু হয়?
সময় যে চিৰন্তন!
সমগ্ৰ পৃথিৱীক নিজস্ব তাগিদাৰে
চলাব পৰা এক অদৃশ্য শক্তি।
***********
10:10 PM
হয় সময় মৃত্যু নহয়। ভাল লাগিল পঢ়ি
3:26 PM
ভাল লাগিল।