সম্পাদকীয়-নয়নমণি হালৈ
যোৱা বছৰৰ গ্ৰীষ্মৰ কোনো এটা অলস আৰু বিমৰ্ষ দুপৰীয়া| মোৰ মন গ’ল কোনোবা এখন শান্ত নিৰিবিলি ঠাইত বহি ‘বীয়েৰ’ (পানী আৰু চাহৰ পিচতেই ই হেনো সৰ্বাধিক জনপ্ৰিয় পানীয়!) এটা হাতত লৈ দুপৰীয়াটো কটাই দিবলৈ| প্ৰকৃতিগতভাৱে মানুহ বান্ধোন মনা জীৱ নহয়| পৰিৱেশ আৰু পৰিয়ালৰ প্ৰতি থকা কৰ্তব্যই মানুহক বান্ধোনমুখী কৰি তুলিছে| এই দায়িত্ব আৰু কৰ্তব্যই সীমিত কৰি অনা পৰিসীমাৰ ভিতৰতে বহু মানুহৰ আদিম আকাংক্ষা আৰু হেঁপাহৰ ফল্গুধাৰা শুকাই কৰকৰীয়া হৈ গৈছে| অসংখ্য ইচ্ছা, আকাংক্ষা মনত ঢৌ তুলি সি বুৰবুৰণি হৈ এদিন জীৱন সমুদ্ৰত লীন হৈ যায়| কিন্তু মই সেইদিনা ইচ্ছাটো পূৰণ কৰিবলৈ ওলাই আহিলোঁ|
মই মোৰ ঘনিষ্ঠ বন্ধুজনক হুকুম কৰিলো দুটা বীয়েৰ কিনি আনিবলৈ| এইখিনিতে মই নিজকে নিজে প্ৰতাৰণা কৰিবলগা হ’ল| কিয়নো বন্ধুত্বৰ মুখা পিন্ধি দৰাচলতে মই চৰম স্বাৰ্থপৰতাৰ পৰিচয় দিলোঁ| বন্ধুৱে ভাবিলে তাক বীয়েৰ দুটা আনিবলৈ কোৱাটো ‘মৰমৰ দাবী’, দৰাচলতে কথাটো হ’ল- মই ‘ৱাইন শ্বপ’ৰ সন্মুখলৈ গৈ দুটা বীয়েৰৰ বটল কিনিব নোৱাৰোঁ| কোনো কাৰণতে মই ‘ৱাইন শ্বপ’ৰ সন্মুখত থিয় দিব নোৱাৰোঁ| কাৰণ মই নিজকে অতি ভদ্ৰ আৰু সমাজ সচেতন প্ৰাণী বুলি ভাবো| কিন্তু মোৰ সেই দুপৰীয়াটোত বীয়েৰ এটা ঘোটঘোটকৈ পি খাবলৈ মন যোৱাতো সঁচা, কিন্তু তাৰকাৰণে মই বন্ধুত্বক ব্যৱহাৰ কৰিলোঁ। এইটো মোৰ আত্মপ্ৰতাৰণাৰ প্ৰথমটো খোজ|
বন্ধুৱে হাস্যমুখে বীয়েৰৰ বটল দুটা লৈ হাজিৰ হ’ল| আমি দুয়ো দুয়োৰে সংগ প্ৰাণভৰি উপভোগ কৰিলো| বীয়েৰৰ বটল দুটাই তাত উপঘটকৰ কাম কৰিলে| কিন্তু এইখিনি সময়তে আমি মুখামুখি হ'লো আন এক সংকটৰ| সেইটো হ’ল ‘আমি ক’ত খাম!’
এৰা, ক’ত খাও এতিয়া! ঘৰত সুৰা সেৱন কৰা অসম্ভৱ| মোৰ দেউতাই জীৱনযুৰি কোনোধৰণৰ নিচাজাতীয় সামগ্ৰী মুখত দিয়া নাই| তাতে তেওঁ এজন বিদ্যালয়ৰ শিক্ষক| কেৱল সেয়াই নহয়, তেওঁ ‘সত্সংগ’ নামৰ ধৰ্মীয় অনুষ্ঠান এটাৰ ‘ঋত্বিক’| বহু মানুহে তেওক গুৰুস্থানত ৰাখে| (দেউতা এতিয়া জীৱিত নাই যদিও মই তেওঁৰ উপস্থিতি সৰ্বদা সৰ্বত্ৰে অনুভৱ কৰি থাকো|) আমাৰ প্ৰশাসনে সুৰা সেৱন কৰিবলৈ কিছুমান নিৰ্দিষ্ট ঠাই নিৰ্ধাৰণ কৰি দিছে| হাইৱেৰ ওচৰৰ ধাবাবোৰতো সুৰাসেৱনৰ অনুমতি (!) আছে| অথচ তালৈ যাবলৈয়ো মোৰ কলিজা নাই| অঘোষিত অভিভাৱক কিছুমান চাৰিওফালে পিয়াপি দি ফুৰে| তেওঁলোকৰ কোনোবা এজনৰো যদি চকুত পৰো তেন্তে নিস্তাৰ নাই| মই নিজকে ‘সংস্কাৰী’ বুলি ভাবো আৰু সেইটো আনেও ভাবে বুলি মই একপ্ৰকাৰ নিশ্চিত হৈ গৈছো| এয়া আত্মপ্ৰতাৰণাৰ দ্বিতীয় স্তৰ|
বহু ভাবিগুণি আমি ঠিক কৰিলো চহৰৰ বাহিৰৰ এনেকুৱা এটুকুৰা ঠাইত যাম, য’ত মানুহৰ সঘন আহযাহ নাই| কোনেও আমাক দেখা নাপায় আৰু আমি নিৰ্দ্ধিধাই ‘ভাল মানুহ’ৰ পোছাকযোৰ খুলি থম অলপ সময়| এনেকুৱা এখন ঠাই য'ত মুখেৰে গালি এটা ওলাব খুজিলেও আমি জিভা কামুৰি ধৰিবলগা নহয়| আমি বিচৰা এই ঠাইখন পাগলাদিয়াৰ পাৰত বাহিৰে আন কি হ'ব পাৰে!
চহৰৰ পৰা আঁতৰি আমি ‘পাগলাদিয়া’ নৈৰ মথাউৰিটো পালোঁ| দুৰণিবতীয়া কটৰা, খানাজান, জাবুন আদি গাঁৱলৈ যাবলৈ মথাউৰিটোৱে একালত ৰাস্তা আছিল| কিন্তু মথাউৰিটোৰ সমান্তৰালকৈ কিছু দূৰেৰে পকী পথ নিৰ্মাণ হোৱাৰ পিচত এই মথাউৰিটো আহযাহৰ বাবে প্ৰায় বন্ধ হৈ পৰিল, তাৰ লগেলগে কাঁইটীয়া জোপোহা, বগৰী, বনৰীয়া গছ-লতা আদিৰে মথাউৰিটো যেন এখন সৰুসুৰা অৰণ্য হৈ পৰিল| আমি সেই অৰণ্যৰ মাজৰ লিকে লিকে বেচ কিছুদূৰ আগুৱাই গ'লো| আৰু এঠাইত আমি বহিলো| কেইহাতমান দূৰত সেয়া পাগলাদিয়া, বনৰীয়া চৰাই দুটামানে যেন বতাহৰ সৈতে কথোপকথনত লিপ্ত হৈছে| আমি মথাউৰিটোৰ ওপৰতে বহি বেচ কিছুপৰ প্ৰকৃতিৰ ৰূপত বিভোৰ হৈ থাকিলো আৰু এঢোক দুঢোককৈ বটলৰ পানীয় ডিঙিত পেলাবলৈ আৰম্ভ কৰিলোঁ| কিন্তু আমাৰ সুখ দীৰ্ঘস্থায়ী নহ'ল| আমাৰ স্বৰ্গসুখৰ আবেশ ভাঙি আমাৰ ফাললৈ আগুৱাই আহিল দুখন চাইকেল| কেৰেৰেক কেৰেৰেক শব্দ কৰি ধীৰগতিৰে অহা দুখন চাইকেল মোৰ সন্মুখেৰে পাৰ হৈ গ’ল আৰু মোৰ সকলো বিলাস লৈ গৈ তেওঁলোকে মোক দি গ’ল নৰকসম যন্ত্ৰণা| চাইকেলত সেইদুজন কটৰা গাৱৰ ‘কালদে’ আৰু ‘ৰমনদাদা’ আছিল| কালদেই মোৰ বিয়াত লুচী বেলিছিল আৰু ৰমণদাই বিয়াৰ খৰি ফলাৰ লগতে বাৰীৰ জেওৰা-জপনাবোৰ ঠিক কৰা কামবোৰ কৰিছিল| মোৰ প্ৰতি থকা অকাট্য স্নেহ আৰু সম্ভ্ৰম দুয়োজনৰ চকুত মই সৰুৰ পৰা দেখিছিলো আৰু এতিয়া মনেপ্ৰাণে এইটোৱে বিচাৰো, যাতে জীৱনকালত মই দ্বিতীয় এদিন তেওঁলোকৰ মুখামুখি হ'বলগীয়া নহয়| এয়া মোৰ আত্মপ্ৰতাৰণাৰ অন্তিমটো স্তৰ আছিল|
মই যি হওঁ, সেয়া মই দেখুৱাব নোৱাৰো, মই যেনে মানুহ, তাক পৰিয়ালে গ্ৰহণ নকৰে, মই যি চিন্তা কৰো, সেয়া সমাজে গ্ৰহণ নকৰে| এনেদৰে আত্মমন্থন আৰু আত্মপ্ৰতাৰণাৰে মই যিটো জীৱন কটাও, সেইটো জীৱনে পৰিয়াল বা সমাজ আৰু নিজকে ফাকি দিয়াত বাদে আন একো কৰিব নোৱাৰে|
আমাৰ সাম্প্ৰতিক সাহিত্য আত্মপ্ৰতাৰণাৰ দলিলেৰে ভৰি পৰিছে| হয় লেখকে নৈতিকতাৰ কথা কৈছে, সংস্কাৰৰ কথা কৈছে অন্যথা তেওঁ নিজক বা আন এজনক মহান সজাইছে| মহানতাৰ সংজ্ঞা এটা তেওঁ নিজে নিৰ্দ্ধাৰণ কৰিছে আৰু আনকো মানিবলৈ বাধ্য কৰিছে| এয়া আত্মপ্ৰতাৰণা| বহুক্ষেত্ৰত এয়া ‘ভণ্ডামি’ও|
মহাত্মা গান্ধীৰ লেখাত আত্মপ্ৰতাৰণা নাছিল| টলষ্টয়, বাৰ্ণাড শ্ব’, হেমিংৱে, বালজাক, ছাৰ্ত্ৰে, ছিমন বিভেৱাৰৰ লেখাত আত্মপ্ৰতাৰণা নাছিল| সমাজে নিৰ্ধাৰণ কৰা অসংখ্য ভুলৰ সমষ্টি আছিল তেওঁলোকৰ জীৱন, অথচ পৃথিৱীয়ে তেওঁলোকক ‘মহান’ আখ্যা দিছিল, মহামানৱ বুলি কৈছিল| তেওঁলোকে গোটেই পৃথিৱীৰ মানুহৰ কাৰণে একোটা নতুন বাট কাটি দিছিল|
সমাজ আৰু সংস্কাৰৰ বিৰুদ্ধে, স্থিতাৱস্থাৰ বিৰুদ্ধে, সকলোধৰণৰ শোষণ আৰু বৈষম্যৰ বিৰুদ্ধে যাৰ কলম শক্তিশালী নহয়, তেওঁৰ সাহিত্য ক্ষণস্থায়ী বিলাস মাত্ৰ, পৃথিৱীক তেওঁলোকে বাট এটা দেখুৱাব নোৱাৰে| উত্তৰণৰ বাট এটা কাটি মানৱজীৱনক উদ্বুদ্ধ কৰি তুলিব নোৱাৰে, আত্মআৱিষ্কাৰৰ যাদুৰে তেওঁলোকে কাকো শিহৰিত কৰি তুলিব নোৱাৰে| হয়তো সেইবাবেই পৃথিৱীজোৰা খ্যাতি আৰু বিস্তাৰ লাভ কৰা আৰু একোটা আদৰ্শবাদ গঢ়ি তোলা লেখকৰ তালিকাত ভাৰতীয় লেখকৰ স্থান অতি অনুজ্জ্বল| কাৰণ ভাৰতীয় লেখকৰ সৰহসংখ্যকেই একোজন ‘সংস্কাৰী ভণ্ড’| জীৱনৰ বহু সত্যক সূৰ্যৰ দৰে মানিবলৈ তেওঁলোক অপাৰগ| আমি সমাজ পৰিৱৰ্তনৰ কথা কওঁ, কিন্তু সমাজে নিৰূপণ কৰা দৃষ্টিভংগীৰ বিপৰীতমুখী কিবা দেখিলেই আমি চৰম অসহিষ্ণু হৈ পৰো| মানুহৰ চিন্তাৰ মুক্ত প্ৰকাশ এতিয়াও যেন লেখক আৰু পাঠক উভয়ৰে কাৰণে গ্ৰহণযোগ্য হৈ উঠা নাই| জনগণৰ এটা বিশাল অংশক প্ৰভাৱান্বিত কৰিবলৈ আমাৰ সাহিত্যই এদিন নিশ্চয় মহত্তম ৰূপত প্ৰতিভাত হ'ব| তাৰবাবে গণতান্ত্ৰিক আৰু আধুনিক চেতনাৰে দীক্ষিত এচাম পাঠক গঢ় ল'ব লাগিব| আনৰ কথা নকওঁ, অসম মুলুকৰে কেইবাগৰাকীও গদ্যকাৰৰ কলমত অৱশ্যে তাৰ উকমুকনি দেখিবলৈ পোৱা গৈছে| সাহিত্যৰ আন শাখাবোৰতকৈ কবিতাৰ স্থান এইক্ষেত্ৰত অধিক সমুজ্জ্বল ৰূপে ধৰা দিছে|
পুণশ্চ : বীয়েৰ এটা খাবলৈ অথবা বীয়েৰ এটা খাবলৈ ইচ্ছা প্ৰকাশ কৰাটো য’ত দৃষ্টিকটূ তাত সাহিত্যই বহুত ডাঙৰ আৰু নিৰ্মম সত্য প্ৰকাশ কৰিবলৈ বাট বিচাৰি নোপোৱাটোকে স্বাভাৱিক| এটা সৰলৰৈখিক জীৱন কটাই সাহিত্যক দূৰতে বিদূৰ কৰাৰ সময়ত কেইজনমান অগ্ৰজ আৰু বন্ধুস্থানীয় লোকে এখন সাহিত্য আলোচনী সম্পাদনা কৰিবলৈ দিলে| কিন্তু সময়ত হ’ল কি, ‘হেপাই আনিলে মাৰি, বোন্দা হ’ল ওপৰতে গিৰি’| আলোচনীখনৰ সৰহখিনি কামেই কৰিলে অৰৱিন্দ গোস্বামী দাদাই| তেখেতৰ লগতে আলোচনীখনৰ লগত জড়িত প্ৰতিগৰাকী সদস্যলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ| শব্দচিত্ৰ আলোচনীখন লগতে গোটটো দীৰ্ঘজীৱী হওঁক| সাহিত্য মুকলি মনৰ প্ৰকাশ হওঁক, সাহিত্যই সকলোধৰণৰ ৰুগ্নতা কাটি কৰি উত্তৰণৰ সোণালী বাট এটা হওঁক| জয়তু শব্দচিত্ৰ|
*****************
11:34 AM
ভাল লাগিল নয়ন
1:05 PM
সুন্দৰ সম্পাদকীয়
1:12 PM
‘সম্পাদকীয়’ত কেতবোৰ অপ্ৰিয় সত্যৰ প্ৰতিফলন ঘটিছে।পিছে ময়েই সকলো কৰাটো সত্য নহয়।সকলোৰে সহযোগিতা আছে।প্ৰয়োজনীয় সময়ত তোমাৰ সহযোগিতা পাইছোঁ।ৰাইজে আলোচনীখন আদৰি ল’লেই আমি সুখী হ’ম।
মনোৰম সম্পাদকীয়।
2:22 PM
অতি সুন্দৰ সম্পাদকীয় । পঢ়ি মন ভৰিল। অভিন্দন জ্ঞাপন কৰিলোঁ আপোনাক।
3:22 PM
অলপ বেলেগ ধৰণেৰে লিখা এটা সুন্দৰ সম্পাদকীয় 👌।
4:08 PM
সুন্দৰ সম্পাদকীয়
1:06 PM
ভাল লাগিল সম্পাদকীয়টো৷
2:34 PM
ইমান সুন্দৰ উপস্থাপন৷
মহান লিখক সকলৰ লেখাত আত্মপ্ৰতাৰণা নাছিল৷ কথাটো সচাঁ৷
আপোনাৰ পৰা আৰু বহুত এনেকুৱা লেখা বিছাৰোঁ৷
1:01 PM
বৰ সুন্দৰ সম্পাদকীয় ৷