সিংহল সমুদ্ৰ সৈকত-উৎপলা কৌৰ

‘সিংহল সমুদ্ৰ সৈকত’ শীৰ্ষক বিশিষ্ট কবি তথা গল্পকাৰ অতনু ভট্টাচাৰ্যৰ শেহতীয়া গ্ৰন্থখনি পঢ়ি উঠিলোঁ। আগতে আমাৰ বেছি ভ্ৰমণ কাহিনী পঢ়া হোৱা নাই। প্ৰকৃততে আলোচনী-বাতৰি কাকত ইত্যাদিত প্ৰকাশিত ভ্ৰমণমূলক লেখাসমূহ পঢ়ি সিমান আমোদ নাপাওঁ। পঢ়াৰ ভিতৰত ডঃ সুনীল কুমাৰ শইকীয়াৰ বিভিন্ন স্থানত হোৱা খাদ্য সম্পৰ্কীয় অভিজ্ঞতাবোৰ পঢ়োঁ আৰু উপভোগ কৰোঁ কাৰণ তেওঁ বৰ সোৱাদলগাকৈ কথাবোৰ বৰ্ণনা কৰে। খাদ্যৰ বিৱৰণ পঢ়ি যদি লোভেই নালাগে অথবা ভ্ৰমণকাহিনী পঢ়ি যদি বৰ্ণিত ঠাইখন চোৱাৰ হেঁপাহেই নাজাগে তেনেহলে সেই বৰ্ণনাৰ সাৰ্থকতানো ক’ত?

সিংহল সমুদ্ৰ সৈকত পঢ়ি সঁচাকৈ অভিভূত হ’লো। অত্যন্ত আমোদজনক আৰু তথ্যপূৰ্ণ কিতাপখন পঢ়োঁতে মোৰ পঠন গতিবেগ কিছু হ্ৰাস হোৱা যেন অনুভৱ হৈছিল, কিন্তু সেয়া প্ৰতিটো তথ্যপূৰ্ণ পৃষ্ঠাৰ বিষয়বস্তুৰ ভিন্নতাৰ বাবেহে। 

গ্ৰন্থখনত বিশটা অধ্যায় আছে। প্ৰথম অধ্যায়ত আছে কলম্বোৰ মাটিত প্ৰথম ভৰি দিয়াৰ এটি জোনাক নিশাৰ বৰ্ণনা। সেই মায়াময় নিশাৰ নীৰৱতাত ডুবি থকা চহৰখনত 2004 চনৰ 26 ডিছম্বৰৰ নিশা চুনামিযে কেনেকৈ মৃত্যুৰ বিভীষিকা চলাইছিল, সেই বিভীষিকাৰ চাক্ষুষ সাক্ষী কিছুলোক, যি জীৱনৰ সৰ্বস্ব হেৰুৱাইছিল আৰু পুনৰ শূন্যৰপৰা এটা নতুন জীৱন আৰম্ভ কৰিছিল তাৰ বৰ্ণনা আছে। 

কলম্বো বিমানবন্দৰৰ পৰা সিংহলৰ প্ৰাচীন ৰাজধানী অনুৰাধাপুৰালৈ কৰা যাত্ৰাৰ কথাৰে দ্বিতীয় অধ্যায়টো সজোৱা হৈছে। লেখকৰ একে সময়তে বিভিন্ন কথা, সন্মুখৰ মানুহ- সেয়া অচিনাকিয়ে হওঁক কিম্বা যাত্ৰাৰ সংগী মিতালী দে আৰু প্ৰভাকৰ দেই হওক, বাটৰ গছ-লতিকা সমন্বিতে অংকৰ দৰে ফঁহিয়াই চোৱাৰ অভ্যাসটোৱে নেৰুদাৰ দৰে বিস্ময়কবিকো এৰা নাই। নেৰুদাৰ এসময়ৰ কৰ্মস্থলী আছিল শ্ৰীলংকা আৰু তাতে সংঘটিত কৰিছিল এক অবিশ্বাস্য অপকৰ্ম যি অকপটে তেওঁ নিজৰ আত্মজীৱনীত লিপিবদ্ধ কৰি গৈছে। আজি ইয়াত কথাটো এইকাৰনেই লিখা হ’ল যে আমি যেতিয়া ভ্ৰমণ কৰিবলৈ যাওঁ তেতিয়া প্ৰকৃতিৰ নৈসৰ্গ উপভোগ কৰা, সেই ঠাইৰ থলুৱা খাদ্যৰ জুতি লোৱা আৰু তাত উপলব্ধ ঠাইখনৰ বিশেষত্ব বহন কৰা দুই এপদ সামগ্ৰী ক্ৰয় কৰিয়েই আমি আমাৰ অভিজ্ঞতা সীমিত কৰি থওঁ। এইখন গ্ৰন্থই ঠাই এখন কিমান ধৰণে এক্সপ্ল’ৰ কৰিব পাৰি সেয়া দেখুৱাই দিছে। 

বিভিন্ন সময়ত এখন ঠাই পৰিভ্ৰমণ কৰি ফুৰা লোকসকলৰ ভিতৰত নির্দিষ্ট সংখ্যকেহে ঠাইখনৰ কথা লিপিবদ্ধ কৰি থৈ যায় যি পৰৱৰ্তী সময়ত গুৰুত্বপূৰ্ণ বুৰঞ্জীৰ সমল হিচাপে কাম কৰে। লেখকে কিতাপখন লেখাৰ আগত বা অন্যধৰণে ক’বলৈ গ’লে শ্ৰীলংকা ভ্ৰমণ কৰিবলৈ যাওঁতে কিমান ধৰণৰ তথ্য গোটাই গৈছে সেয়া কিতাপখনৰ প্ৰতিটো পৃষ্ঠাতে উমান পাব পাৰি।  

লেখকৰ গল্পবোৰত তেখেতৰ পৰ্যবেক্ষণ ক্ষমতাৰ উমান পোৱা যায়। নহ’লে হয়তো নিজে বাহৰ পতা প্ৰাচীন হোটেলখনৰ লগত চলিহা ছাৰৰ ‘বীণা কুটীৰ’ৰ সাদৃশ্য বিচাৰি নাপালেহেঁতেন।

প্ৰাচীন অনুৰাধাপুৰাৰ জীৰ্ণ ৰাজপ্ৰসাদ, বিশাল উপাসনাগৃহ, বিস্ময়কৰ শৈলভাস্কৰ্য, মনোমোহা ম্যুৰাল, ৰহস্যময় গুহা আৰু খটখটীৰ বৰ্ণনা আৰু ইছৰুমুনিয়া নামৰ আঢ়ৈহাজাৰ বছৰ প্ৰাচীন বৌদ্ধমন্দিৰ আৰু ইয়াৰ লগতে জড়িত ৰাজপুত্ৰ শালেয়ৰ প্ৰেমৰ কাহিনী আৰু ইয়াৰ লগত প্ৰাসংগিক কাহিনীৰ বৰ্ণনাই পঞ্চম অধ্যায়ত প্ৰাণ পাই উঠিছে। 

খ্ৰীষ্টপূৰ্ব 380 ত স্থাপিত অনুৰাধাপুৰাত কি আছে? ইয়াত আছে মহাৰাজ অশোকৰ জ্যেষ্ঠ কন্যাই ৰোপন কৰা, পৃথিৱীৰ মনুষ্য ৰূপিত আটাইতকৈ প্ৰাচীন গছডাল। ৰাৱণক যি দেশত বীৰ হিচাপে পূজা কৰা হয় তাতো পৰ্যটকক আকৰ্ষণ কৰিব পৰা সীতাৰ মন্দিৰ, হনুমান মন্দিৰ আছে, হনুমানৰ পদচিহ্ন বুলি বিশ্বাস কৰা কিছু স্থাপত্য সংৰক্ষিত হৈ আছে। আচৰিত নালাগেনে? 

আমি চাহ গছৰ দেশৰ মানুহ, তথাপি লেখকৰ দৃষ্টিত শ্ৰীলংকাৰ চাহবাগানৰ অনুপম সৌন্দৰ্য আৰু সোৱাদ কেনেকুৱা লেখকৰ দৃষ্টিৰে অনুভৱ কৰিলোঁ।

ঐতিহ্য আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ সিংহলত থকা আমাৰ আপোন মানুহ (বিদেশত অসমীয়া মানেই আমাৰ আপোন নহয়জনো!) হিমাংক গোস্বামী, গীতাঞ্জলি গোস্বামী আৰু কণমানি অৰ্ঘ্যাৰ আতিথ্যৰে, গল্প-গীতৰ যুগলবন্দীৰে লেখকে যিমান ঠাই ভ্ৰমণ কৰিলে প্ৰতিটো কথাকে বুৰঞ্জী আৰু জ্ঞান-প্ৰজ্ঞাৰে প্ৰাসংগিক কৰি এই গ্ৰন্থখন পাঠকলৈ আগবঢ়াই দিছে। কিতাপখনত ভ্ৰমণ কালৰ বহুতো ফটোগ্ৰাফ সংলগ্ন কৰা হৈছে যিবোৰ লেখকৰ ভ্ৰমণসংগী প্ৰভাকৰ দে’ৰ কেমেৰাই বন্দী কৰিছিল। 

কোনো কোনো পৃষ্ঠাই গল্প পঢ়াৰ অনুভৱ দিয়ে, কোনো কোনো পৃষ্ঠাই দিয়ে কবিতা পঢ়াৰ আনন্দ। কেতিয়াবা লাগে মই উপন্যাস এখনহে পঢ়ি আছোঁ যিখনৰ নায়িকা মিতালী দে’, লেখক আৰু মিতালীৰ স্বামীয়ে কেৱল ‘supporting role’ হে গ্ৰহণ কৰিছে। 

লেখক শব্দক অনুগত কৰি লোৱাৰ ক্ষেত্ৰত ক্ষমতাশালী হোৱা স্বত্বেও সাধাৰণ কথনশৈলীৰে লিখা এখন অগতানুগতিক কিতাপ। কিতাপখনত উদ্ধৃত আইনষ্টাইনৰ এটা কথাৰেই  কওঁ,

Everything should be made as simple as possible, but not simpler.

কিতাপখনৰ প্ৰকাশক: বনলতা আৰু মূল্য তিনিশ টকা৷

**********

One comment

  • বন্দিতা জৈন

    বৰ সুন্দৰ কৈ লিখিলে।আগতে জনা হ’লে গ্ৰন্থ মেলাত ললো হয়।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *