সোঁৱৰণ- দেৱজিত শৰ্মা

আবেলিৰ ষ্টপে’জ এটাত

ৰৈ ৰৈ ভাগৰি পৰি,

কেতিয়াবা আশাহত

হৈছে নে আপুনি?

এই যে পাকচক্ৰৰ দৰে

ঘূৰি ঘূৰি সময়বোৰ!

বালিৰ দৰে হাতৰ

ফাঁকেৰে সৰি পৰে৷

কোনোবা বছৰৰ 

কোনোবা দিন এটাত

বুকুলৈ নদী এখন

বৈ আহিছিল,

আৰু আপুনি সুঁতি হৈছিল৷

এৰাতি উজাগৰে থাকি

আপুনি নক্ষত্ৰৰ লগত

কথা পাতিছিল,

শিতানত পৰি আছিল

আকাশ এখন৷

উচুপনিবোৰত

ৰামধেনু আঁকিছিল প্ৰত্যাশাৰ,

আৰু বিদায়ত নাছিল

পুনৰ লগ নোপোৱাৰ সম্ভাৱনা৷

তেনে এখন আকাশৰ প্ৰাৰ্থনাত

গণি শেষ কৰে নে

নিদ্ৰাহীন তমসা ৰাতি৷

এই যে যাওঁ বুলিয়েই

অচিনাকি হয় মুখবোৰ,

বন্ধ হৈ যায় অৰ্থহীন

বাৰ্তালাপৰ সূচী,

আখৰবোৰত এলান্ধু লাগে৷

তেনে শোকাৰ্ত কাৰোবাক 

যি আপোনাৰ দৰেই অপেক্ষাৰত,

এপলক আশ্বাসেৰে বান্ধি পাইছে নে? 

দি পাইছে নে ভাগি পৰা

কলিজাত বিশ্বাসৰ

একাঁজলি ৰ’দ?

মোৰ দৰেই আপুনিও নিজৰ

হাতত নিজকে নিহত হোৱা

দেখিছেনে?

নিজৰ সোঁৱৰণত গুণগুণাই

ভাল পাই নে

“I wandered lonely as a cloud

That floats on high o’er vales and hills,

When all at once I saw a crowd,

A host, of golden daffodils;

Beside the lake, beneath the trees,

Fluttering and dancing in the breeze”

(ইংৰাজী কবিতাটো WILLIAM WORDSWORTH ৰ)

**********

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *