স্তব্ধ হ’ল কবিতা-সুমিতা শইকীয়া

আজি বহুদিনেই হ’ল

প্ৰেমৰ কবিতা নিলিখা,

পাহৰি পেলালোঁ মৌসনা

মিঠা মিঠা অনুভৱ প্ৰেমৰ৷

যিদিনা তুমি মোৰ৭পৰা

বহু দূৰলৈ গুচি গ’লা, 

সেইদিন ধৰি মোৰ কবিতাবোৰো

মোৰ পৰা কাঢ়ি লৈ গ’লা। 

দুনাই জী নুঠে কেতিয়াও! 

সকলো ভাব, চিন্তাধাৰা , 

তোমাৰ নামত উচৰ্গা কৰিছিলোঁ 

মোৰ মৰম আৰু ভালপোৱাৰ লগত৷

মোৰ প্ৰেমক  টুকুৰা-টুকুৰ কৰি

ডাষ্টবিনৰ আৱৰ্জনা বুলি,

দলিয়াই দিলা দূৰলৈ

মোৰ ভালপোৱাক নিঠৰুৱা কৰি৷

আৰু সেই তেতিয়াৰপৰা 

প্ৰেমৰ বৰষুণৰ শব্দবোৰ,

ডাৱৰৰ দৰে গোট মাৰিছিল

ভগা কলিজাত মোৰ৷

সেয়ে কৈছোঁ, মোৰ কবিতাই 

নাপায় আৰু প্ৰাণ,

মোৰ হাতৰ পৰশত 

সেয়া মাথোঁ বিষাদৰ গান৷

সকলো উটি গ’ল

মোৰ প্ৰেমৰ বৰষুণৰ লগত৷ 

বন্ধ হৈ পৰিল মোৰ, 

হৃদয়ৰ দুৱাৰখন৷

সেয়ে নিগৰি নাহে মোৰ কাপেৰে, 

প্ৰেমৰ সেই মিঠা ভাষাবোৰ৷

নিলিখোঁ আৰু কেতিয়াও নিলিখোঁ, 

প্ৰেমৰ সেই মৌসনা কবিতাবোৰ৷

**********

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *