স্বৰ্ণ-মৃগ-চন্দামিতা শৰ্মা
জোন-তৰাৰ শ্যামবছা আকাশ। গলা ৰূপ হৈ পৃথিৱী বুৰাই পেলোৱা জোনাক৷ কোনোবা প্ৰখ্যাত চিত্ৰকৰে অঁকা এখন যেন নিখুঁত চিত্ৰ–য’ত জোনাকত ওপঙি আছে গোদাবৰী নৈ, পঞ্চৱটীৰ সুশোভিত সৌন্দৰ্য৷ পূৰ্ণ চন্দ্ৰটো গোদাবৰীৰ পানীত এখন ৰূপৰ কাঁহীৰ দৰে জিলিকি আছে। নৈৰ পানীত জিলিকি উঠা উজ্জ্বল জোনটো একুৰা জুই হৈ বিয়পি গৈছে কিন্তু এই জুই শান্ত, সমাহিত, শীতল, চকুক বিমুগ্ধ কৰিব পৰা৷ একো একোটা তৰাই সোণালী মুকুতাৰ ৰূপ লৈ নৈখনত সাঁতোৰ মেলিছে যেন জলকেলি কৰি থকা কোনোবা অপ্সৰাৰ জাক৷
গলা ৰূপ হৈ পৃথিৱীক বুৰাই পেলোৱাৰ উপক্ৰম হোৱা এই জোনাকখিনি, শান্তৰূপত চিৰ প্ৰৱহমান গোদাবৰী নৈখন, বিমল সৌন্দৰ্যৰে ভৰপূৰ এই অৰণ্যখন, য’ত যোৱা কেবামাহো ধৰি মই বিচৰণ কৰিছোঁ, ইয়াৰ গছ-লতিকাৰ সৈতে কথা পাতিছোঁ ,আজি যেন সকলোবোৰে অন্য এক অনুপম সৌন্দৰ্যৰ আঁকৰ হৈ মোৰ দুচকুত ধৰা দিছে। এনেয়ে এই বনত হো-হোৱাই বলি থকা অশান্ত বতাহজাকো যেন আজি সমাহিত হৈ মোৰ সুখত সুখী। নিশ্চয়কৈ এক সুতীব্ৰ যন্ত্ৰণা ধাৰণ কৰিছোঁ দেহত কিন্তু তাতকৈ এক গভীৰ সন্তোষ আৰু ঈপ্সিত লক্ষ্যত উপনীত হোৱাৰ আশাৰ ৰেঙণি ধাৰণ কৰিছোঁ, হৃদয়ৰ নিভৃত কোণত।
এই বননিৰ সকলোৱে যেন আজি উমান পাইছে মোৰ হৃদয় দহি থকা জুইকুৰাত কিঞ্চিত আশাৰ পানীৰ ছিটিকণি পৰাৰ। এই সুশোভিত বননিৰ পশু-পক্ষী সকলোবোৰে এতিয়া জিৰণি লৈছে নিদ্ৰাদেৱীৰ কোলাত। প্ৰস্তুত কৰিছে নিজকে এটা সতেজ দিনৰ বাবে৷ হঠাতে ভাঁহি অহা কোনো নিশাচৰ প্ৰাণীৰ আৰাওৱে নিশাৰ নিস্তব্ধতা ভেদ কৰি মিলি গ’ল বলি থকা বতাহজাক আৰু পতংগৰ স্বৰৰ সৈতে। কিয় জানো ভাব হ’ল সেই আৰাওৰ অন্তৰালত যেন মোৰ প্ৰতি সহানুভূতি লুকাই আছে।
সৌৱা অদূৰত সেয়া অকম্পমান৷ যুদ্ধত পৰাজয় বৰণ কৰি কিবাকৈ নিজ প্ৰাণ ৰক্ষা কৰি পলাই আহিলেও এতিয়া কিন্তু মগ্ন গভীৰ নিদ্ৰাত।
কিন্তু মই?
সুখ আৰু দুখৰ আলিদোমোজাত থিয় হৈ আছোঁ৷
মন আৰু মগজুত উদ্বেলিত হৈ থকা কথাবোৰে পাকঘূৰণি খাই খাই মোক কৰি ৰাখিছে কিছু পৰিমাণে অশান্ত৷
সহ্য কৰিছো তীব্ৰ অপমান৷ কেনেকৈ সহিছোঁ সেয়া নিজেও বুজি পোৱা নাই। নহ’লেনো নাৰীয়ে আভূষণ পৰিধান কৰা আৰু লজ্জা অনুভৱ কৰা অংগত ক্ষত কৰাৰ পিছতো মই সুস্থিৰ হৈ থাকিব পাৰোনে?
পাৰেনে অপমান পাইও প্ৰতিশোধপৰায়ণ হৈ নুঠিবলৈ?
অপমানৰ ইমান ভয়ংকৰ বাটত খোজ দিও পাৰেনে কোনোবাই ইমান সুস্থিৰ হৈ থাকিব?
মই পাৰিছোঁ কাৰণ মই পাৰিবই লাগিব।
এই অপমান সহ্য কৰিছোঁ ইমান দিনৰ অপেক্ষাৰ অন্তত প্ৰতিশোধৰ জুইকুৰাক নিৰ্বাপিত কৰাৰ এটা বাট মুকলি হোৱাৰ সংকেত এটা পোৱা বাবে।
অন্য হাজাৰজনে তীব্ৰ অপমান বুলি গণ্য কৰা ৰাস্তাত খোজ দিছোঁ নিজ ইচ্ছাত৷
উদ্দেশ্য …?
উদ্দেশ্য সেইটোৱেই!
অন্তৰত তুঁহৰ জুইৰ দৰে উমি উমি জ্বলি থকা জুইকুৰাক নিৰ্বাপিত কৰাৰ পথ নিৰ্মাণ কৰা।
ইয়াৰ বাবেইতো সহ্য কৰিছোঁ পৰ পুৰুষৰ কৌতুকভৰা তীৰ্যক মন্তব্য৷
সহ্য কৰিছোঁ আন নাৰীয়ে তীব্ৰ অপমান বুলি গণ্য কৰা এই অভাৱনীয় ঘটনা।
কৰ্ণ আৰু নাসিকা ছেদনৰ দৰে ঘটনা সংঘটিত হৈছে মোৰ লগত অথচ মই অপমানত দহিলেও তৎমূহুৰ্ততে এইটো ভাবি সান্ত্বনাও লভিছোঁ যে এই কাৰ্য মোৰ দ্বাৰা প্ৰৰোচিত হোৱাৰ পিছতহে সংঘটিত হৈছে৷
জন্মসূত্ৰে মই ৰাক্ষসকুলজাতা মাতৃৰ কন্যা। বিধাতাই অকৃপণ হাতেৰে নহ’লেও নাৰীত্বৰ সংজ্ঞাৰে কিছু পৰিমাণে সজ্জিত কৰিছিল মোক। নাৰীসুলভ আৱেগ-অনুভুতিৰ পৰাও বঞ্চিত কৰা নাই। পৰিশীলিত জীৱন শৈলীৰে অভ্যস্ত নহ’লেও প্ৰাকৃতিক উপাদানেৰে সজ্জিত হৈ থকা মই আজিৰ পৰা হৈ উঠিম আনৰ বাবে ঠাট্টা-মস্কৰাৰ পাত্ৰী।
কোনো কথা নাই।
সহ্য কৰিব পাৰিম মই, পাৰিবই লাগিব।
নিজৰ প্ৰিয়জনৰ বাবে কৰা এই ত্যাগ তেওঁ মোক দিয়া সন্মান আৰু মৰমৰ তুলনাত যে তেনেই নগণ্য৷
যৌৱনৰ পদূলিত থিয় হৈয়ে বিমুগ্ধ তথা আকৰ্ষিত হৈছিলোঁ দানৱ পুত্ৰ বিদ্যুতজিহ্বাৰ প্ৰতি।
আচলতে তেওঁৰ প্ৰতি জাগিছিল এক সুতীব্ৰ অনুৰাগ৷
প্ৰেমৰ অনুৰাগ৷
আচলতে ইজনৰ সিজনৰ প্ৰতি গঢ়ি উঠিছিল দুৰ্বাৰ আকৰ্ষণ৷
জাগি উঠিছিল এক হেঁপাহ।
এজন আনজনৰ জীৱনৰ বাট একেলগে খোজ দিয়াৰ হেঁপাহ।
হৃদয়ত গুঞ্জৰিত হৈছিল বিশ্ব-ব্ৰহ্মাণ্ডৰ সেই চিৰন্তন মন্ত্ৰ।
প্ৰেমৰ মন্ত্ৰ৷
কিন্তু …।
কিন্তু আমাৰ মাজৰ এই প্ৰেমৰ সম্পৰ্কক মানি ল’বলৈ অস্বীকাৰ কৰিছিল মোৰে অতি আপোন ভ্ৰাতাই।
প্ৰাচীৰ সৃষ্টি কৰা হৈছিল দানৱ পুত্ৰ আৰু ৰাক্ষস কন্যাৰ মিলনত।
“ছছএঅসম্ভৱ, এয়া কেতিয়াও কোনো কাৰণতে সম্ভৱ হ’ব নোৱাৰে৷ এই সম্পৰ্ক কেতিয়াও মানি ল’ব পৰা নাযায়। দশাননৰ ভগ্নী কেতিয়াও হ’ব নোৱাৰে দানৱৰ ঘৰৰ কুলবধূ৷ অসম্ভৱ।”
লংকাৰ সোণৰ ৰাজপ্ৰাসাদ কঁপি উঠিছিল৷ থৰথৰকৈ কঁপি উঠিছিল লংকাৰ আকাশত ভাঁহি থকা পানীগছা। ভয়, ভীতি আৰু উদ্বেগেৰে উপচি পৰিছিল মোৰ মুখ। গঢ়ি উঠিছিল বুকুত বেদনাৰ পাহাৰ।
পুৱতি নিশা বিৱশ হৈ অহা এটি প্ৰভাকীটৰ দৰে অৱস্থা হৈছিল মোৰ।
মোৰ মনৰ অস্থিৰতা ধাৱন কৰিব পাৰিছিল কেৱল বৌ মন্দোদৰীয়েহে।
বৌৰ আঁচলত অজলা শিশুৰ দৰে মুখ গুঁজিছিলো সিদিনা। তেখেতৰ স্নেহছায়াই কিঞ্চিত শাঁত পেলাইছিল বুকু।
আৰু …।
অৱশেষত বৌ মন্দোদৰীৰ বুজনিত মান্তি হৈছিল ভ্ৰাতা। স্বীকাৰ কৰিছিল(?) আমাৰ সম্পৰ্ক।
প্ৰিয়জনক কাষত পোৱাৰ আনন্দই মন মতলীয়া কৰিছিল।
হৃদয়ৰ সমস্ত আকুলতাৰে দুয়ো দুয়োকে নিজৰ নিজৰ জীৱনলৈ আদৰিছিলোঁ।
মত্ত হৈছিলোঁ যৌৱনৰ ৰস পান কৰাত।
কিন্তু বিধাতাৰ ইচ্ছা কিবা বেলেগহে আছিল৷
বিধাতাই শেল শালিলে মোৰ বুকুত!
ওহোঁ বিধাতাই নহয়, আপোন ভ্ৰাতাই।
যদিও নিজ পত্নীৰ বুজনিত সৈমান হৈছিল নিশ্চিতভাৱে মনত পুহি ৰাখিছিল মোৰ স্বামীৰ প্ৰতি তীব্ৰ খং আৰু ঘৃণা।
তাৰ প্ৰমাণ হাতে-হাতে পাইছিলোঁ।
ৰসাতল জয় কৰি নিজৰ বিজয়ৰ ধ্বজা উৰুৱালে ঠিকেই কিন্তু বধ কৰিলে মোৰ স্বামীক।
মোৰ হৃদয়ৰ গৰাকীক।
অবিশ্বাস্য!
অকল্পনীয়!
আপোন ভ্ৰাতাৰ দ্বাৰা নিজ সহোদৰাৰ পতিক বধ।
অতীতত ঘটিছেনে বিশ্ব ব্ৰহ্মাণ্ডত এনে ঘটনা!?
মই জ্ঞাত নহয়৷
হয়তো কোনেও জ্ঞাত নহয়৷
এগৰাকী নাৰীয়ে যেতিয়া হৃদয়ৰ সমস্ত আকুলতাৰে কাৰোবাক হৃদয়ত প্ৰতিষ্ঠা কৰে আৰু সেইজনেই যেতিয়া জীৱনৰ পৰা চিৰদিনৰ বাবে হেৰাই যায়, সেই দুখৰ পাহাৰ কিমান কৰ্কশ সেয়া সহজেই অনুমেয়৷
লংকাধিপতিয়ে যেতিয়া নিজৰ জয়ৰ আনন্দ কণা কণাকৈ উপভোগ কৰিছিল, গভীৰ প্ৰশান্তি আৰু আত্মগৰ্বৰ পুলকেৰে নিজকে বাহ্ বা দি ৰাজকাৰ্যত মগ্ন হৈছিল, সেইসময়ত মই এগচি মাথোঁ ধিমিকধামাকৈ জ্বলি থকা বন্তিৰ পোহৰত মৰহা ফুলৰ দৰে পৰি ৰৈছিলোঁ।
এনে লাগিছিল শৰীৰৰ ভিতৰৰ আত্মা কিজানি ক’ৰবালৈ উধাও হৈ গৈছিল৷
তেজ মঙহৰ এক আত্মাহীন শৰীৰ লৈ মই জীয়াই আছিলোঁ৷
কিছু দিনৰ পিছত যদিওবা মুখত আঁৰি লৈছিলো হাঁহিৰ এক কৃত্ৰিম প্ৰলেপ কিন্তু দুখৰ পাহাৰে বিধ্বস্ত কৰি নিয়াৰ ছাপ স্পষ্ট হৈ আছিল৷
কিন্তু ঠিক সেইসময়তে মোৰ অন্তৰত জ্বলি উঠিছিল এক দাবানল।
প্ৰতিশোধৰ দাবানল।
বুকুত জ্বলি থকা সেই অনলে এখন্তেকো থাকিব দিয়া নাছিল মোক শান্তিত।
কেৱল অপেক্ষাৰত আছিলোঁ এনে এক সুযোগ যিয়ে নেকি নিৰ্বাপিত কৰিব পাৰে বুকুৰ সেই জুইকুৰাক।
এনে এক বীৰ যিয়ে নেকি তচনচ কৰিব পাৰে মোৰ স্বামীহন্তাক।
আছে জানো তেনে বীৰ?
ক’ত আছে?
যদি আছে তেন্তে ক’ত আছে?
মই অপেক্ষা কৰিছিলোঁ ।
আৰু আজি?
আজি যেতিয়া প্ৰাকৃতিক শোভাৰে সুশোভিত অনন্য পঞ্চৱটী বনত বিচৰণ কৰি আছিলোঁ, বনানিৰ শোভাৰ মাজত এটা অতীব সুন্দৰ কুটীৰ দেখা পাই আচৰিত হোৱাৰ লগতে বিমুগ্ধও হৈছিলোঁ। স্বামীক বধ কৰাৰ পিছতে মোৰ মৰহি যোৱা মনক নিচুকাবলৈ খৰ আৰু দুষাণক সাৰথি কৰি পঞ্চৱটী বনত মোৰ মনটো ভাল লাগক বুলি পঠিয়াই দিছিল৷ ইমান দিন বিচৰণ কৰিলোঁ অথচ এই কুটীৰ দেখা পোৱা নাছিলোঁ৷ সম্পূৰ্ণৰূপে প্ৰাকৃতিক উপাদানেৰে সজ্জিত সেই কুটীৰটোৱে পৰিশীলিত জীৱন শৈলীৰ মনোমোহা নিদৰ্শন দাঙি ধৰিছিল। হঠাতে মোৰ দৃষ্টি স্থিৰ হৈছিল কুটীৰটোৰ সৰু দুৱাৰখনেৰে ওলাই অহা এক তেজোদীপ্ত পুৰুষত। নীলপদ্ম যেন শৰীৰকান্তিৰে এক সুঠাম, সুদৰ্শন পুৰুষ যাৰ শৰীৰৰ পৰা বাহিৰ হৈছিল উজ্জ্বল কিৰণ। ব্ৰহ্মাৰ পৰিনাতি মই, কিছু অন্তৰ্দৃষ্টি পুৰুষানুক্ৰমে পোৱা৷ সেই অন্তৰ্দৃষ্টিয়ে মোক সেউজ সংকেত দিলে। তৎমূহূৰ্ততে ধৰিব পাৰিছিলোঁ যে তেখেত তপস্বীৰ বেশত থাকিলেও যে তপস্বী নহয়৷
বল্ক বসন পিন্ধিলেও এক আচৰিত দেহপ্ৰভাই চৌপাশ পোহৰাই ৰখা এক অপূৰ্ব সুন্দৰী নাৰী আহি তেখেতৰ কাষত থিয় দিছিল। তেনে এক যুগল দেখি মোৰ মনটো আহ্লাদিত হৈছিল৷
কিন্তু তৎমূহুৰ্ততে থিৰাং কৰিছিলোঁ মোৰ কৰণীয় কি?
মোৰ অন্তৰাত্মাই বুজাই দিছিল মোৰ কৰণীয় কি।
বুজিছিলোঁ মোৰ ললাটত পঞ্চৱটীৰ বিচৰণ কিয় লিখা আছিল৷
কিছু প্ৰাকৃতিক উপাদানেৰে নিজকে সজ্জিত কৰি থিয় হৈছিলোঁ সেই আদিত্যসম প্ৰোজ্জ্বল পুৰুষজনৰ সম্মুখত। প্ৰথমতে নিজৰ পৰিচয় দাঙি ধৰি কৈছিলোঁ যে মই মহৰ্ষি পুলস্ত্যৰ পুত্ৰ ঋষি বিশ্ৰাভ আৰু কৈকেসীৰ কন্যা চন্দ্ৰনখা। কিঞ্চিতো বিলম্ব নকৰি বেকত কৰিছিলোঁ মনৰ কথা যে তেখেতক মই পতিৰপে পাব বিচাৰোঁ৷
নাই, জিহ্বা কঁপা নাছিল মোৰ।
প্ৰিয়পুৰুষ চিৰদিনলৈ নোহোৱা হোৱাৰ বেদনাই কোঙা কৰা এগৰাকী নাৰীক প্ৰতিশোধৰ স্পৃহাই আৰু বহুত ত্যাগ তথা বহু কিবা কিবি সহিবলৈ শক্তি দিয়ে।
তেখেতে মনোযোগেৰে শুনিছিল মোৰ কথা আৰু পদ্মপাহি সদৃশ নেত্ৰযুগল তুলি অত্যন্ত ধীৰ কন্ঠেৰে কৈছিল- হেৰা ৰমণী, মই একপত্নীব্ৰত পুৰুষ। জনকনন্দিনী মোৰ অৰ্ধাংগিনী। গতিকে মই অপৰাগ। তুমি মোৰ অনুজৰ ওচৰলৈ যোৱা৷
লগে লগে মই বুজি উঠিছিলোঁ, এইজনেই সেইজন বীৰ পুৰুষ যিয়ে নেকি মোক সহায় কৰিব, মোৰ ঈপ্সিত লক্ষ্যত উপনীত হ’বলৈ।
তেখেতৰ দৃষ্টি অনুসৰণ কৰি তেখেতৰ কনিষ্ঠজনলৈ দৃষ্টি নিক্ষেপ কৰিছিলোঁ । তেতিয়াহে মন কৰিছিলোঁ অনুজজন অগ্ৰজজনৰে প্ৰতিচ্ছবি ।
দাঙি ধৰিছিলোঁ সেই একে প্ৰস্তাৱ ।
অৱধাৰিত ৰূপে অনুজজনেও নাকচ কৰিছিল মোৰ প্ৰস্তাৱ৷
নাকচ কৰিবৰ কথাই !
মই কিন্তু একমনচিতে ব্যস্ত হৈছিলোঁ তেখেতসকলক যিমান পাৰি সিমান প্ৰৰোচিত কৰাত।
লগে লগে বুজি উঠিছিলোঁ যে সেইগৰাকী নাৰী তেখেত সকলৰ বাবে মান্য। গতিকে সেইগৰাকীক অপমান কৰিলেহে তেখেতসকলক উত্তেজিত হ’ব আৰু মই আগবাঢ়িম লক্ষ্য অভিমুখে৷
আমি ৰাক্ষসকুলজাতা, আমাৰ ধৈৰ্য্য যথেষ্ট কম। অৱধাৰিতৰূপে মোৰ অংগ প্ৰতংগ্যৰ পৰা বাহিৰ হৈছিল অনল শিখা। মই যেতিয়া তীক্ষ্ণ দৃষ্টিৰে সেই নাৰীৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিছিলোঁ তেতিয়াই অগ্ৰজজনে অনুজজনক নিৰ্দেশ দিছিল মোক সমুচিত শাস্তি বিহিবলৈ।
মই সাজু আছিলোঁ শাস্তিৰ বাবে।
কিন্তু সেই শাস্তি ভয়াবহ আছিল।
যদিও ক্ৰোধত তেখেতসকলক কিবাকিবি কৈছিলো তথাপিও মই অন্তৰেৰে নতশিৰে সেই শাস্তি মানি লৈছিলোঁ।
কাৰণ…।
কাৰণ মই নিশ্চিত এই ঘটনাই তচনচ কৰিব লংকা।
জিলিকিলে জিলিকক গোটেই বিশ্বৰ সভ্যতাৰ বুকুত মই সংঘটিত কৰা কাৰ্য এক কলংক হিচাপে৷
হওক ৰচিত মোক কেন্দ্ৰ কৰি এই আৰ্যপুৰুষজনৰ বিজয়গাথাঁ।
মোৰ আক্ষেপ নাই।
অলপো আক্ষেপ নাই।
কিন্তু মই এটা কথাই জাঁনো, এই কাৰ্য কৰিছোঁ স্বামী বিদ্যুতজিহ্বাৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ।
মোৰ প্ৰাণৰ পূজাৰীৰ অকালমৃত্যুৰ প্ৰতিশোধ ল’বলৈ।
দেহত সৃষ্টি হোৱা অপৰিসীম পীড়াৰে এয়া মই এই ৰাতিবেলা ৰোমন্থন কৰিছোঁ মোৰ লগত ঘটি যোৱা ঘটনাৰ কথা।
জনকনন্দিনীৰ স্বামী আৰু দেৱৰ হাতত খৰ আৰু দুষাণৰ লগতে প্ৰায় চৈধ্যশ ৰাক্ষসসেনা নিহত হ’ল, মোক কৰা অপমানৰ বাবে যুঁজ দিবলৈ গৈ।
ৰক্তৰ খেলাৰ সূত্ৰপাত আজিৰ পৰা আৰম্ভ হ’ল৷
মই আৰু কিবাকৈ প্ৰাণৰক্ষা কৰা অকম্পমানৰ সৈতে যেতিয়া কাইলৈ দিবাকৰৰ ৰেঙণি আহি বসুধাক চুমাৰ ক্ষন্তেক পিছতে লংকালৈ গমন কৰিম, সকলো কথা শুনাৰ পিছত নিশ্চিতভাৱে জ্যেষ্ঠ ভাতৃসহিতে সকলোৱে ইয়াৰ প্ৰতিশোধ ল’বলৈ ব্যাকুল তথা উত্তেজিত হৈ পৰিব।
এইটোও জানোঁ মোক কৰা অপমানৰ বাবে নহয়, প্ৰতিজ্ঞা কৰিব ৰাক্ষসকুলৰ নাৰীক কৰা অপমানৰ প্ৰতিশোধ ল’বলৈহে।
সৃষ্টি হ’ব হিংসা আৰু প্ৰতিহিংসাৰ এক ৰক্তাক্ত আৰু বীভৎস শৃংখলা।
ইতিহাসে পুৰামাত্ৰাই দায়ী কৰিব মোক।
ইতিহাস সাক্ষী আছে যুগে যুগে এগৰাকী নাৰীয়েহে শিৰ পাতি ল’ব লগা হয়, এখন সমৰৰ কাৰণ হোৱাৰ অপবাদ৷
কিন্তু কেতিয়াও বিচাৰ্য্য নহয় ইয়াৰ অন্তৰালত যে অনুঘটক ৰূপে থাকে একোজন পুৰুষ৷
ফেঁহুজালিৰ পৰ।
সৌৱা পুৱাৰ আকাশত পকা বিল্বৰ দৰে ওলমি ৰোৱা অৰ্ক।
সুদুৰত শুনা গৈছে প্ৰভাতী পখীৰ কলকলনি৷
কিয় জানো অলপ আগলৈকে প্ৰতিশোধৰ জুই জ্বলি থকা বুকুত সৃষ্টি হৈছে এক অজানা আশংকা।
মোক কেন্দ্ৰ কৰি ভৱিষ্যতে যি ঘটনা সংঘটিত হ’ব সেই পৰিক্ৰমাৰ অন্ত, অন্য এগৰাকী নাৰীৰ সংঘাতময় জীৱন গাঁথাৰে শেষ হ’ব নেকি?
কোনে জানে!
**********
4:21 PM
সুন্দৰ।
8:15 AM
খুবেই ভাল লাগিল পঢ়ি।সঁচাকৈ প্ৰতিটো লেখাতে হাতৰ যাদু লগায়। সুন্দৰ