হালধীয়া-শ্ৰুতিমালা মিশ্ৰ

যি কথা কোৱা নহ’ল 

সেই কথাই বুকুত দৌল বান্ধিলে 

নোকোৱাকৈ ৰৈ যোৱা অজস্ৰ কথাই 

ঘূলি পকাই পকাই বালিতে পোত খাই ৰʼল। 

        

সকলো কথাইতো কোৱা নাযায় 

কথাই পাক হেৰুৱায় 

কথাই বাট হেৰুৱায়।

        

নোকোৱা কথাবোৰে বালিঘৰ সাজিলে, 

ঠহৰ ঠহৰলৈ ভাগিলে কলিজাৰ আগফাল-পিছফাল। 

অজস্ৰ বিষাদৰ হালধীয়াত বুৰ গৈ 

নোকোৱা কথাবোৰে মুখ বান্ধিলে, 

নিজৰ মাজতেই সমাধি লʼলে

নিজেই নিজক শিকালে 

নিজেই নিজক বুজালে 

নিজৰ কোলাতে নিজকে নিচুকালে।

       

সকলো কথাই কোৱা নাযায় 

সকলো কথাই শব্দ হৈ নোলায় 

সকলো কথাৰ অৱয়ব নাথাকে।

       

কিছুমান কথা সঁচাকৈয়ে অঘৰী 

ঘৰ নবন্ধা অজস্ৰ কথাই ধূলিৰ চামনিত নিজৰ সমাধি নিজেই লিখে। 

**********

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *