হৃদয়ৰ আহ্বান-ৰঞ্জিত কুমাৰ শৰ্মা
‘আজি তই যোৱাৰ পাচত ছোৱালীজনীক লৈ কল্পনা আহিছিল৷’— নিশাৰ সাঁজ খাবলৈ বহা দিগন্তলৈ দাইলৰ বাতিটো আগুৱাই দি মাকে ক’লে৷
‘কিয়? কিবা কামৰ কথা কৈছে নেকি?’— দাইল অকণমান কাঁহীখনত বাকি লৈ দিগন্তই সুধিলে৷
‘কাম থাকিলেহে আহিব পাৰে নেকি? এনেই আহিছিল৷ ছোৱালীজনীক আৰ্ট স্কুলৰপৰা আনোতে দুয়ো সোমাইছিল৷ ভালেদিনেই হ’ল কল্পনাৰ তালৈ যোৱা নাছিলোঁ, আজি দুয়োৰে লগত ময়ো সিহঁতৰ ঘৰ পালোগৈ৷’
‘তই গৈছিলি? কিয়?’— প্ৰথম গৰাহ ভাত মুখত ল’বলৈ লৈও ৰৈ যোৱা দিগন্তই মাকক সুধিলে৷
‘একো কাৰণ নাই অ’৷ তাই ফোন কৰি মাতিয়েই থাকে, তই দেখোন জানই ৷ যাওঁ যাওঁ বুলি যোৱাই নহয়৷ আজি সুবিধা পাই গৈ আহিলোঁ৷’
‘ভালেই কৰিছ দে৷’— মাকৰ কথাত সঁহাৰি দি দিগন্তই ভাত এগৰাহ মুখত ভৰালে।
‘তই ভাতকেইটা খাই লচোন৷ ময়ো ৰুটিদুখন খাই পাকঘৰৰপৰা আজৰি হৈ লওঁ৷ দৰকাৰী কথা আছে৷ পিচত দুয়ো বহি পাতিম৷’— মাকে ক’লে৷
পাকঘৰত সোমোৱা মাকলৈ ক্ষন্তেক চাই দিগন্তই খোৱাত লাগিল৷ মাকে কোৱা ‘দৰকাৰী কথা’ বোলা শব্দ দুটাই দিগন্তৰ মনত বিশেষ একো প্ৰভাৱ পেলাব নোৱাৰিলে৷ সি জানেই, দৰকাৰী কথা মানে আৰু কি হ’ব! নিশ্চয় বিয়াৰ কথাই হ’ব! যোৱা ছমাহত কিমানবাৰ সি এই ‘দৰকাৰী’ কথাটো শুনিছে তাৰ হিচাপ কৰা নাই৷
সভা এখনত উপস্থিত থাকিবলৈ আজি দিগন্ত গুৱাহাটীলৈ গৈছিল৷ ব্যৱসায় সংক্ৰান্তীয় সভা৷ পুৱাই ৰে’লেৰে যোৱা দিগন্তই পুনৰ ৰে’লেৰে উভতি ঘৰ পায় মানে নিশা প্ৰায় ন বাজিছিল৷ গাটো ধুই লোৱাৰ কিছুসময় পাচত নিশাৰ আহাৰ খাবলৈ বহা সময়তে দিগন্তক মাকে ‘দৰকাৰী কথা’ৰ বিষয়টো উনুকিয়ালে৷
কল্পনা দিগন্তহঁতৰ সৰু চহৰখনতে এটা ভাড়াঘৰত থাকে৷ কল্পনাৰ ছবছৰত ভৰি দিয়া কন্যা সন্তান এটি আছে৷ ককায়েক-বৌৱেকৰ অমতত বিপুলৰ সৈতে বিয়াত বহিছিল কল্পনাই৷ বিয়াখনত বিপুলৰ পৰিয়ালৰো সন্মতি নাছিল৷ সেয়ে ঘৰত ৰভা সাজি দুয়ো বিয়াত বহা নাছিল৷ দুয়োৱে ঘৰৰ অমতত প্ৰথমে মন্দিৰত আৰু পাচত আইনমতে বিবাহপাশত আবদ্ধ হৈছিল৷ হাইস্কুলত পঢ়ি থকা সময়তে পিতৃ-মাতৃক হেৰুওৱা কল্পনা আছিল ককায়েক-বৌৱেকৰ লগত৷ বিজ্ঞান শাখাৰ ছাত্ৰ আছিল বিপুল৷ পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পাচত বিপুলে পাঠশালাৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত সোমাইছিল৷ তাত প্ৰায় ছবছৰ শিক্ষকতা কৰা সময়ত বিপুল কল্পনাহঁতৰ ঘৰৰ ওচৰতে এটি ভাড়াঘৰত আছিল৷ স্থানীয় মহাবিদ্যালয় এখনৰ ছাত্ৰী কল্পনাৰ সৈতে এদিন আকস্মিকভাৱে পথতেই তাৰ চিনাকি হৈছিল৷ এই চিনাকিসূত্ৰে এদিন-দুদিনকৈ কেইবাদিনো দুয়ো দুয়োৰে লগত কথা পাতিব পৰাকৈ লগ হৈছিল৷ দুয়ো দুয়োৰে মন বুজি উঠিছিল আৰু এনেদৰেই এৰাব নোৱাৰা প্ৰেমৰ এনাজৰীৰে বান্ধ খাইছিল দুয়ো৷ বিপুলৰ ঘৰৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া নহ’লেও খুউব টনকিয়ালো নাছিল৷ সেয়ে স্নাতকোত্তৰ পৰীক্ষাৰ ফলাফল ওলোৱাৰ এবছৰ পাচতে বিপুলে সুযোগ পাই ব্যক্তিগত জুনিয়ৰ কলেজখনত যোগদান কৰিছিল৷ ছবছৰ পাচত নিজৰ জিলাখনতে উচ্চতৰ মাধ্যমিক বিদ্যালয় এখনত বিষয় শিক্ষকৰ পদত চাকৰি পাই বিপুলে পাঠশালা এৰিছিল৷ কিন্তু কল্পনাৰ পৰা আঁতৰি থকাটো তাৰ বাবে সহজ নাছিল৷ সেয়ে চাকৰি পোৱাৰ ছমাহমান পাচতে সি বিয়াৰ বাবে আগবাঢ়িছিল৷ কিন্তু জাত-পাতৰ বিচাৰ কৰা বিপুলৰ পৰিয়ালে কল্পনাক গ্ৰহণ কৰিবলৈ সন্মত নাছিল৷ কল্পনাৰ ককায়েক-বৌৱেকেও বিপুলৰ সৈতে তাইৰ বিয়াত সন্মতি নিদিলে৷ অৱশেষত দুয়ো ঘৰৰ অমততে বিবাহপাশত আবদ্ধ হয়৷ সেই সময়ত যিকেইজন শুভাকাংক্ষীয়ে দুয়োকে সহায় কৰিছিল তেওঁলোকৰ ভিতৰত অন্যতম আছিল দিগন্ত৷ দিগন্ত বিপুলৰ বাল্যবন্ধু, সেয়ে দিগন্তই বিপুল-কল্পনাৰ বিয়াত আগভাগ লৈছিল৷
বিপুল আৰু কল্পনাৰ সুখৰ সংসাৰ দীৰ্ঘস্থায়ী নহ’ল৷ বিয়াৰ চাৰিবছৰমান পাচত দুয়োৰে মাজলৈ আহিছিল ৰিয়া৷ আনন্দত আত্মহাৰা হৈছিল দুয়ো৷ কিন্তু সুখৰ সংসাৰখনত অন্ধকাৰ নমাবলৈ নিয়তি ৰৈ আছিল৷ নিয়তিক কোনে বাধিব? ৰিয়াৰ তিনিবছৰ নৌহওঁতেই কল্পনা আৰু ৰিয়াৰ বুকুৰ মাজৰপৰা হেৰাই গ’ল বিপুল৷ এটা পথ দুৰ্ঘটনাত চিৰদিনলৈ চকু মুদিলে সি৷ কল্পনাৰ মূৰত আকাশী সৰগ ভাগি পৰিল, সন্মুখত কেৱল অন্ধকাৰ আৰু অন্ধকাৰ৷ বন্ধুক হেৰুওৱাৰ শোকে দগ্ধ কৰিলে দিগন্তকো৷ কল্পনাক সান্ত্বনা দিবলৈ দিগন্তৰো মুখৰ মাত হেৰাল৷ কল্পনা আৰু ৰিয়াৰ জীৱনলৈ অহা দুৰ্যোগ কিমান বেদনাদায়ক হ’ব পাৰে সেয়া বুজি উঠিছিল দিগন্তই৷ সেয়ে সি কল্পনা আৰু ৰিয়াৰ কাষত সাহস হৈ ঠিয় দিলে ৷ নিজৰ ককায়েক-বৌৱেক আৰু বিপুলৰ পৰিয়ালৰপৰাও উপেক্ষিত হোৱা কল্পনা আৰু কল্পনাৰ কন্যাজনীক জীয়াই থকাৰ বাট দেখুৱাবলৈ সেই সময়ত দিগন্তৰ বাহিৰে আন কোনো নাছিল৷ সহানুভূতিৰে দিগন্তই কৰা সহায়ৰ বাবেই ছোৱালীজনীক লৈ জীৱনটো নতুনকৈ আগবঢ়াই নিয়াৰ সাহস পালে কল্পনাই৷ বিপুলে কৰি থৈ যোৱা বীমাৰ ধনৰপৰা আদি কৰি চাকৰিসূত্ৰে পাবলগা ধন উলিয়াই দিয়া, পেন্সনৰ ব্যৱস্থা কৰা আদি সকলো কামতে সহায় কৰিলে দিগন্তই৷ দিগন্তই দিয়া সাহসৰ বাবেই পাচলৈ ভাড়াঘৰতে টিউচন কৰিবলৈও লৈছিল কল্পনাই৷ কল্পনাৰ ধনৰ অভাৱ বিশেষ হোৱা নাছিল, অভাৱ আছিল বিপুলৰ৷ বিপুলৰ অবিহনে ছোৱালীজনীক ডাঙৰ কৰা, শিক্ষিত কৰি গঢ়ি তোলাটো কল্পনাৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান হৈ উঠে৷ সেই প্ৰত্যাহ্বান কল্পনাই গ্ৰহণ কৰিলে৷ অৱশ্যে কল্পনাই এই কথা অন্তৰেৰে আৰু গভীৰ বিশ্বাসেৰে অনুধাৱন কৰে যে দিগন্তৰ সহায় অবিহনে তাইৰ বাবে এই প্ৰত্যাহ্বান গ্ৰহণ কৰা হয়তো সম্ভৱ নহ’লহেঁতেন৷ সেয়ে তাই দিগন্তৰ ওচৰত চিৰকৃতজ্ঞ৷ তাই দিগন্তক অতি শ্ৰদ্ধা কৰে, কিবা সমস্যা হ’লেই বা কিবা কাম কৰিবলগা হ’লেই কল্পনাই দিগন্তক নজনোৱাকৈ নাথাকে৷ ৰিয়াইও দিগন্তক খুউৱ ভাল পায়৷ দিগন্তয়ো তাইক বৰ মৰম কৰে৷ অকল দিগন্তই নহয়, দিগন্তৰ মাতৃয়েও ৰিয়াক খুউব মৰম কৰে৷
ভাত খাই উঠি দিগন্ত টেলিভিছনৰ সন্মুখত বহিল৷ কিছুসময় পাচত মাকেও পাকঘৰৰ কাম সামৰি দিগন্তৰ কাষলৈ আহিল৷
‘তই এতিয়া টিভি চাবি নেকি?’
‘বাতৰিত এবাৰ চকু ফুৰাওঁ বুলিহে লগাইছোঁ৷ তই কি ক’ব বিচাৰিছিলি ক ৷’— মাকৰ প্ৰশ্নত দিগন্তই উত্তৰ দিলে৷
‘মই বিয়াৰ কথা ক’ব বিচাৰিছোঁ৷’
‘মই জানোৱেই, তই বিয়াৰ পুৰণি ৰেকৰ্ডখনকে বজাবি৷’
— টিভিৰ ভলিউমটো কিছু কমাই দি দিগন্তই ক’লে৷
‘ৰহ্, আজি মই বিশেষ কাৰণতহে পুনৰ বিয়াৰ কথা ক’বলৈ লৈছোঁ৷’
‘কি আৰু বেলেগ কাৰণ?’
চা দিগন্ত, এজনী এজনীকৈ তিনিজনীকৈ ভনীয়েৰক বিয়া দিয়াৰ দায়িত্ব লৈ তই নিজৰ কথা ভাবিবলৈকে সময় নাপালি ৷ দেউতাৰাই চকু মুদাৰ পাচত তয়েই ঘৰখন চাইছ ৷ ঘৰখনৰ দায়িত্ব তোৰ ওপৰতে পৰিছিল। মই তোৰ মা৷ কথাবোৰ মই বুজি পাওঁ৷ তোৰ প্ৰতি আমি অন্যায় কৰিছোঁ৷’
‘তই এইবোৰ কি কৈছ?’— চকু চলচলীয়া হোৱা মাকৰ মুখলৈ চাই দিগন্তই ক’লে৷
‘হয়, তোৰ বিয়াখন আগতেই হ’ব লাগিছিল৷ কিন্তু ভনীয়েৰহতঁক বিয়া নিদিয়াকৈ তই বিয়া পাতিবলৈ মন নকৰিলি৷ বিয়াৰ কথা তোক আগতেও কৈছোঁ হয়৷ কিন্তু আজি বিশেষভাবে কথাটো পুনৰ উলিওৱাৰ কাৰণ আছে, সেইবাবে কৈছোঁ৷’
‘নতুনকৈ আৰু কি কাৰণৰ সৃষ্টি হ’ল?’— বিশেষ একো প্ৰতিক্ৰিয়া নেদেখুৱাই দিগন্তই সুধিলে৷
মাকে ক্ষন্তেক সময় তললৈ মূৰ কৰি কথাখিনি পোনে পোনে কোৱাই ভাল হ’ব বুলি ঠিৰাং কৰিলে৷
‘মোৰ কোনো আপত্তি নাই দিগন্ত, তই নহ’লে কল্পনাকে মোৰ বোৱাৰী কৰি নান কিয়?’
‘মানে?’— দিগন্ত একপ্ৰকাৰ উচপ খাই উঠিল৷
‘উচপ খাই উঠিব নালাগে, মই কল্পনাক বিয়া পতাৰ কথা কৈছোঁ৷
‘কিন্তু মা, এয়া কেনেকৈ সম্ভৱ?’
‘কিয় সম্ভৱ নহয়? অ’, তাই বিধৱা আৰু তাইৰ ছোৱালী এজনীও আছে, সেইবাবে সম্ভৱ নহয় নেকি?’
‘কিন্তু মা?’
‘কোনো কিন্তু নাই৷ ঘৈণীয়েকৰ মৃত্যু হ’লে গিৰিয়েকে পুণৰ আন এজনীক বিয়া পাতিব পাৰে, কিন্তু গিৰীয়েকৰ মৃত্যু হ’লে তিৰোতাইহে আনৰ সৈতে বিয়াত বহিব নোৱাৰে! ই কেনে কথা?’
‘তেনেকুৱাকৈ মই ভবা নাই, কিন্তু তই এইবোৰ কি কৈছ মা, ভাবি চাইছনে?’— ষাঠিটা দশকৰ আগতে জন্মগ্ৰহণ কৰা ৬৭ বছৰীয়া মাতৃৰ মুখত বিধৱা বিবাহৰ কথা শুনি হতভম্ব হৈ পৰিল দিগন্ত৷
‘মই একো নক’বলগীয়া কথা কোৱা নাই৷ তই সমাজক ভয় কৰিছ নেকি? মইতো সমাজক ভয় কৰা নাই৷ মই যদি কল্পনা আৰু তাইৰ সন্তানক আদৰি ল’ব পাৰোঁ তেন্তে তই সমাজলৈ ভয় কৰাৰ যুক্তি ক’ত? তাইৰ বিপদৰ সময়ত সমাজখন ক’ত গৈছিল? তোৰ বাবেহে তাই ছোৱালীজনীক লৈ জীয়াই থকাৰ সাহস গোটাব পাৰিলে৷ তেতিয়াতো সমাজৰ কোনো বৰমূৰীয়াই একো কৰা নাছিল?’— মাকে দিগন্তক কথাখিনি কোৱাৰ সময়ত দিগন্তই মাথোঁ মাকৰ মুখলৈ চাই ৰ’ল৷
‘কি হ’ল? মোৰ মুখলৈকে চাই থাকিবি নে কিবা কবি?’— মৌন হৈ থকা দিগন্তৰপৰা উত্তৰ বিচাৰিলে মাকে৷
‘সমাজৰ কথা মই ভবা নাই মা, আৰু নাভাবোও৷ বন্ধুৰ মৃত্যুৰ পাচত মই কল্পনাক সহায় কৰিছিলোঁ, তেওঁক জীয়াই থাকিবলৈ সেই সহায়ৰ প্ৰয়োজন আছিল৷ মই যদি সেইখিনি কাম নকৰিলোহেঁতেন তেন্তে বিপুলৰ আত্মাই শান্তি নাপালেহেঁতেন৷ তেওঁলোকৰ বিয়াখনত আমিয়েই লাগি-ভাগি দিছিলোঁ৷ তেনেস্থলত বন্ধুৰ পত্নীক সেইকণ সহায় নকৰাহেঁতেন মোকো পাপে চুলেহেঁতেন৷ মই তেনেকৈয়ে ভাবো৷ তয়ো জান, এইখিনি কৰিবলৈ যাওঁতে বিভিন্নজনে বিভিন্ন কথা কৈছে, কিন্তু সেইবোৰক মই গুৰুত্ব দিয়া নাই৷ কিন্তু এতিয়া বিয়া…!’
‘কিয় হ’ব নোৱাৰে?’— দিগন্তৰ কথা শেষ নৌহওঁতেই মাকে ক’লে৷
‘তেনে দৃষ্টিভংগীৰে মই কেতিয়াও তাইক চোৱা নাই৷ যোৱা তিনিটা বছৰত এবাৰলৈকো মই তেনে কোনো ইচ্ছাৰ বিষয়ে তাইক তিলমানো ইংগিত দিয়া নাই৷ বিশ্বাসক সাৰোগত কঢ়িয়েই তেৱোঁ হয়তো মই কৰা সহায়ক অকণো সন্দেহৰ চকুৰে চোৱা নাই৷ কিন্তু এতিয়া মই স্বাৰ্থপৰৰ দৰে…৷’
‘ইয়াত স্বাৰ্থপৰতাৰ কথা ক’ৰপৰা আহিল? চা বোপা, তই সহায় কৰিছ ঠিকে আছে৷ তায়ো হয়তো তোৰ সহায়ৰ কাৰণে ছোৱালীজনীক লৈ জীয়াই থকাৰ পথ বিচাৰি পাইছে৷ কিন্তু তাইক ভৱিষ্যতৰ নিৰাপত্তাও জানো নালাগে? অকালতে স্বামীক হেৰুওৱা নাৰীৰ মৰ্মবেদনা কেৱল সেই নাৰীয়েহে বুজে , সুখ-সংসাৰেৰে ভৰা মানুহে সেই বেদনা উপলব্ধি কৰিব নোৱাৰে৷ তাইৰ মনৰ কথা তই জানো কেতিয়াবা বুজাৰ চেষ্টা কৰিছ? এই সময়ত তোৰ বাহিৰে তাইক ভৱিষ্যতৰ নিৰাপত্তা দিবপৰা আৰু কোন আছে ক?’— মাক-দেউতাকৰ কথা শুনি চলিবলৈ আৰু ভালদৰে পঢ়া-শুনা কৰিবলৈ হাইস্কুলীয়া সন্তানক বুজোৱাৰ দৰে মাকে দিগন্তক বুজোৱাৰ চেষ্টা কৰিলে৷
‘সেই কথা মই নভবাকৈ থকা নাই মা৷ ছোৱালীজনীৰ সৈতে তেওঁক আঁকোৱালি ল’ব পৰাকৈ কোনোবা যোগ্যজন আগুৱাই আহিলে সেয়া ভাল কথা৷ কিন্তু সেই ব্যক্তিজন মই হ’ব পাৰোঁ বুলি মই কাহানিও ভবা নাই৷’— দিগন্তইও ওলোটাই মাককহে বুজোৱাৰ চেষ্টা কৰিলে৷
‘অ’, তই নিজকে তেনেকৈ ভবা নাই৷ কিন্তু কোনোবা আগবাঢ়ি আহিলে তই যাতে তোৰ মনটোক কল্পনাৰপৰা আঁতৰত ৰাখিব পাৰ তাৰ বাবে চেষ্টা কৰি আছ?’
‘মানে?’— দিগন্ত আচৰিত হ’ল৷
‘মানে তই আঁতৰিব চেষ্টা কৰিছ৷ প্ৰায় এমাহে বোলে তই কণমানিজনীকো চাবলৈ যোৱা নাই?’
‘তেনেকুৱা নহয় মা৷ মইতো আগতেই কৈছোঁ যে তেওঁক মই বিপদকালত সহায়হে কৰিছোঁ৷ আৰু তেওঁৰ চকুতো মোৰ প্ৰতি তেনেকুৱা কিবা থাকিলে নিশ্চয় গম পালোহেঁতেন৷ তেওঁ হয়তো মোক শ্ৰদ্ধাৰ চকুৰেহে চাই আহিছে? অনাগত দিনবোৰত তেওঁ নিজৰ সাহস-শক্তিৰে আগবাঢ়ক, মই সেইটোকে বিচাৰিছোঁ৷ নতুন জীৱনসংগী লোৱা-নোলোৱাৰ সিদ্ধান্ত তেওঁ নিজেই ভাবি-চিন্তি লওক৷ নতুন জীৱনসংগী পালেও নতুন সংসাৰখনত তেওঁ চলিবলৈ মনোবল পাওক৷ সেই ভাবিহে মই কিছু আঁতৰি আছোঁ৷ সকলো কথাতে মই সোমাই থাকিলে তেওঁৰ বাবেই বেয়া হ’ব৷ গতিকে…৷’
দিগন্তৰ কথা শেষ নহ’ল৷ তাৰ কথাৰ মাজতে মাকে পুনৰ ক’লে— ‘তই জানো কেতিয়াবা কল্পনাৰ মনৰ ভাষা পঢ়িব পাৰিছ? তাইৰ মনৰ ইচ্ছাৰ বিষয়ে কেতিয়াবা কিবা সুধিছনে? মই তোক জানো, তই সেইবোৰ কৰিব নোৱাৰ৷ তই তাৰ প্ৰয়োজনীয়তাও বোধ কৰা নাই৷ কাৰণ তই যি কৰিছ নিঃস্বাৰ্থভাবে কৰিছ৷ তোৰ ওপৰত সেই বিশ্বাস মোৰ আছে৷’
‘তেনেহ’লে তই কিয় তেওঁক বোৱাৰী কৰাৰ কথা ভাবিছ? নে বিশ্বাসৰ মাজতো তই কোনোবাখিনিত মোৰ দুবৰ্লতা দেখিছ?’— দিগন্তই মাকক প্ৰশ্ন কৰিলে৷
‘কাৰণ আছে অ’, কাৰণ আছে৷’
‘আন কি কাৰণ থাকিব পাৰে? নে কোনোবাই তোক মিছাকৈয়ে কিবা বেয়া কথা লগালে?
‘কোনেও একো লগোৱা নাই৷’
‘তেন্তে? আৰু এটা কথা মা, এতিয়া কল্পনাক বিয়াৰ প্ৰস্তাৱ দিয়া মানে মই স্বাৰ্থপৰ নহ’মনে ? তেওঁক বিয়া কৰালে এতিয়া মানুহবোৰে আমাক নাহাঁহিবনে?’
‘মানুহৰ কথা বাদ দে৷ সেইবোৰ মই ভবা নাই, সকলো দুদিনীয়া৷ আমি কিবা এটা ভাল কৰাৰ কথাহে ভাবিছোঁ৷ কিমান বেয়া কাম কৰা লোকে সমাজত টিঘিলঘিলাই আছে, সমাজে কিবা কৰিব পাৰিছে জানো?’
‘তথাপি কথাবোৰ এবাৰ ভালদৰে ভবা ভাল নেকি মা?— মাকৰ কথা পোনচাটেই অগ্ৰাহ্য কৰিব নোৱৰা দিগন্তই লাহেকৈ ক’লে৷
‘মই ভাবি-চিন্তিয়েই কৈছোঁ, বাকী তোৰ কথা৷ এটা কথা জানিবি, তোৰ ইচ্ছাৰ বিৰুদ্ধে মই নাযাওঁ৷ যা এতিয়া শুই থাকগৈ৷ যিমান সোনকালে পাৰ সিদ্ধান্তটো জনাবি৷ অ’, আৰু এটা কথা৷ তোৰ বিছনাতে ৰিয়াৰ ছবি অঁকা বহী এখন আছে৷ ভালেমান দিনেই হ’ল বোলে, তই তাই অঁকা ছবি চোৱা নাই৷ বহীখন আজি ময়েই লৈ আহিছোঁ৷ এবাৰ চাই দিবি৷ ময়ো শুবলৈ যাওঁ৷’— দিগন্তক কথাখিনি কৈ শুবলৈ বুলি মাক বহাৰ পৰা উঠিল৷
টিভিটো বন্ধ কৰি দিগন্ত বাথৰূমত সোমাল৷ বাথৰূমত ধোৱা হাত-ভৰি মচি, ঘৰৰ মূল দুৱাৰৰ হুক ভালকৈ লগোৱাৰ পাচত শোৱনি কোঠাৰ কম পোহৰৰ লাইট জ্বলাই লৈ বাকীবোৰ লাইট নুমুৱাই দিগন্তও বিছনাত উঠিল৷ বিছনাত দিগন্তই ৰিয়াৰ ছবি অঁকাৰ বহীখন দেখিলে যদিও ‘কাইলৈ পুৱাই চাম’ বুলি ভাবি বহীখন বিছনাৰ কাষতে থকা মেজতে থলে৷ দিগন্ত বিছনাত উঠিল হয়, কিন্তু তাৰ টোপনি নাহিল৷ মাকৰ কথাবোৰেই তাৰ মনত ক্ৰিয়া কৰিব ধৰিলে৷ দিগন্তই মাকৰ কথাখিনি হৃদয়ংগম কৰাৰ চেষ্টা কৰিলে৷ হওঁতে মাকে কথাখিনি ঠিকেই কৈছে৷ ঠিকেই কৈছে মানে মাকৰ এনে চিন্তা সঁচাকৈয়ে বিৰল৷ পুত্ৰই যদি বিধৱা বিবাহৰ সিদ্ধান্ত লয় তেন্তে মাকে সেই সিদ্ধান্তৰ বিৰোধিতা কৰাৰহে সাধাৰণতে শংকা থাকে৷ কিন্তু দিগন্তৰ ক্ষেত্ৰত বিপৰীতহে হ’ল৷ মাকৰ প্ৰতি শ্ৰদ্ধাত চকু চলচলীয়া হ’ল দিগন্তৰ৷ অলপ সময় আগতে সি মাকক কোৱা কথাখিনিয়েই পুনৰ এবাৰ মনলৈ আনি সি নিজকে বুজোৱাৰ চেষ্টা কৰিলে—-
এয়া জানো ঠিক হ’ব? কল্পনাই অনুকম্পা দেখুওৱা বুলি ভাবে যদি? স্বাৰ্থপৰ বুলিও ভাবিব পাৰে! মাকৰ প্ৰস্তাৱত কল্পনাই যদি আপত্তি কৰে? নে তেওঁৰো সমৰ্থন আছে? মাকে এই সম্পৰ্কত কল্পনাৰ সৈতেও কথা পতা নাইতো? মাকে বৰ আশাৰে কোৱা কথাখিনি সি পোনচাটেই শক্তিশালীভাবে অগ্ৰাহ্যও কৰিব পৰা নাই৷ কথাবোৰে দিগন্তৰ মন-মগজুত এটাৰ পাচত এটাকৈ তীব্ৰ বেগেৰে খুন্দা মাৰিবলৈ ধৰিলে৷ আলিদোমোজাত দৌৰা মনটোক নিয়ন্ত্ৰিত কৰাৰ যুঁজখনত যুঁজি যুঁজি গভীৰ নিশা লাহে লাহে দিগন্তৰ চকু জাপ খাই আহিল৷
পুৱা মাকৰ মাততহে সাৰ পালে দিগন্তই৷ হাত-মুখ ধুই, পুৱাৰ কৰণীয়খিনি কৰি সি বিছনাখনতে বহি ল’লে৷ কাম কৰা তিৰোতাজনী তেতিয়াও আহি পোৱাহি নাই৷ মাকে হাতত তুলি দিয়া চাহকাপ বিছনাৰ কাষৰ মেজখনতে থৈ দিগন্তই ৰিয়াৰ ছবি অঁকা বহীখন হাতত তুলি ল’লে৷
শিশুৰ অপৈনত হাতৰ কেইখনমান ছবি৷ বহীখনৰ কেইবাখিলা পাতত ছবিবোৰ আঁকিছে ৰিয়াই৷ পেঞ্চিলেৰে অঁকা ছবিবোৰৰ ক’ৰবাত ক’ৰবাত ৰঙো দিয়া আছে৷ কোনোবাখিলা পাতত সৰু ছোৱালী এজনীৰ ছবি, কোনোবাখিলাত আকৌ এগৰাকী মহিলা আৰু এজনী সৰু ছোৱালীৰ ছবি আঁকিছে ৰিয়াই৷ হয়তো মাক-জীয়েকৰ ছবি৷ এখন ছবিত ‘মাক-জীয়েক’ৰ লগতে কাগজখিলাৰ এটা চুকত এজন মানুহৰ ছবি আঁকিছে ৰিয়াই৷ মানুহ মানে এজন পুৰুষ৷ পিচৰ ছবি এখনত আকৌ মানুহজনক ‘মাক-জীয়েক’ৰ কিছু কাষতে অঁকা হৈছে৷ ছবিবোৰ যিহেতু অপৈনত হাতৰ, গতিকে তাত শাৰীৰিক ভাষা, অভিব্যক্তি আদি স্বাভাৱিক দৃষ্টিত চকুত নপৰিলেও ভালকৈ চালে সেয়া অনুধাৱন কৰিব পাৰি৷ যিখন ছবিত ৰিয়াই তিনিওকে আঁকিছে সেইখন ছবিত সৰু ছোৱালীজনীৰ গাৰ কাপোৰ বুজাবলৈ কেইবাটাও ৰঙেৰে আঁক-বাঁক কৰা হৈছে৷ সৰু ছোৱালীজনীক অকলে অঁকা ছবিখনত কিন্তু সেই ৰং নাই৷ ‘মাক-জীয়েক’ৰ ছবিখনত আকৌ মাকৰ ছবিত কোনো ৰং নাই৷ ছবিখনত মাকৰ ছবি আঁকিবলৈ ৰিয়াই ক’লা পেন্সিল ব্যৱহাৰ কৰিছে৷ এই ছবিখনত তাই ছোৱালীজনীৰ ছবিখন ৰং পেন্সিলেৰে আঁকিছে যদিও ছবিৰ গাত আন ৰং ঘঁহা নাই৷ বহীখনৰ শেষৰখন ছবিত আকৌ মানুহজনক ‘মাক-জীয়েক’তকৈ পুনৰ কিছু আঁতৰত অঁকা হৈছে৷ এইখন ছবিত কেৱল মানুহজনৰ গাত থকা পোছাক বুজাবলৈহে ৰং ব্যৱহাৰ কৰা হৈছে৷ ছবিখনত ৰিয়াই ‘মাক-জীয়েক’ৰ গাত একো ৰং দিয়া নাই৷
দিগন্তই ছবিবোৰ আকৌ এবাৰ চালে৷ ছবিকেইখন কোনো বিখ্যাত চিত্ৰকৰে অঁকা নহয়, গতিকে ছবিবোৰ দৃষ্টিনন্দন বা বিস্ময়কৰ হোৱাৰ প্ৰশ্নই নুঠে৷ কিন্তু ছবছৰো সম্পূৰ্ণ নোহোৱা ছোৱালী এজনীয়ে অঁকা ছবিকেইখনত আছে কুমলীয়া এটি মনৰ গভীৰ অনুভূতি৷
দিগন্তই দ্বিতীয়বাৰ ছবিকেইখন চাই থাকোঁতে কোঠাটোত সোমাই অহা মাকে দিগন্তই বহীখন চাই থকা দেখি কাষতে বিছনাখনত বহিল৷
‘ৰিয়াই আজিকালি মন মাৰি থাকে৷ এসপ্তাহমান তাই হেনো পঢ়া-শুনা, খেলা-ধূলা একোতে মন দিয়া নাই৷ অকলশৰে কেতিয়াবা কেৱল ছবি আঁকি থাকে৷ কথাখিনি মোক কল্পনাই কৈছে৷ কল্পনা বৰ চিন্তিত হৈছে৷ তোক তাই কথাখিনি কোৱা নাই৷ তাই বহু চেষ্টা কৰিও ৰিয়াৰ মন ঘূৰাব পৰা নাই৷ ৰিয়াৰ ছবিবোৰ মই চাইছোঁ৷ তাত ছবিৰ বাহ্যিক সৌন্দৰ্য নাথাকিব পাৰে, কিন্তু কণমানি এজনীৰ অন্তৰত বলা ধুমুহাই ছবিবোৰ কোবাই গৈছে৷’
মাকৰ কথাবোৰ শুনি থকা সময়ত দিগন্তই বহীখনৰ পাতবোৰ লুটিয়াই ছবিকেইখনেই চাই থাকিল৷
‘দিগন্ত, ভালকৈ চাচোন৷ এগৰাকী মাতৃ আৰু কন্যাক আঁকিবলৈ চেষ্টা কৰা ৰিয়াই জানো কল্পনা আৰু তাইকেই অঁকা নাই? আৰু তৃতীয় ব্যক্তিৰূপে এজন পুৰুষৰ ছবি যে তাই আঁকিবলৈ চেষ্টা কৰিছে সেয়া জানো তই নহয়? ভালকৈ চাচোন, মানুহজনৰ গাত তই পিন্ধা কাপোৰৰ ৰংবোৰকে দিবলৈ কণমানিজনীয়ে কিমান চেষ্টা কৰিছে! তাৰমানে শিশুটিৰো অন্তৰখনে তোক বিচাৰি হাহাকাৰ কৰিছে! তই কথাবোৰ এতিয়াও বুজা নাইনে?’
দিগন্তই এবাৰ মাকৰ মুখলৈ চাই পিচমুহূৰ্ততে পুনৰ ছবি অঁকা বহীখনৰ পাত লুটিয়াই কথাবোৰ কেৱল শুনি থাকিল, মুখেৰে একো নক’লে৷
‘তোক মই জোৰ কৰা নাই, সিদ্ধান্ত তই নিজেই ল’ব লাগিব৷ নিজৰ বিচাৰ-বুদ্ধিৰে যি ভাল দেখ তাকেই কৰিব লাগিব৷ ভৱিষ্যতটো তোৰহে, মোৰ ভৱিষ্যত বুলিবলৈ এতিয়া আৰু নিজা একো নাই৷ তোৰ ভাল হওক, তাতকৈ আৰু মোক কি লাগে? কিন্তু মই ক’লো বুলিয়েই তই মনৰ ইচ্ছাৰ বিৰুদ্ধে সিদ্ধান্ত ল’ব নালাগে৷’— কথাখিনি কৈ মাকে কাপ-প্লেটযোৰ হাতত ল’বলৈ লৈ দেখিলে যে দিগন্তই চাহ খোৱাই নাই৷
‘তই দেখোন চাহ নাখালিয়েই, ঠাণ্ডাই হ’ল৷ পুনৰ গৰম কৰি দিওঁ ৰ’বি৷— চাহকাপ লৈ দিগন্তৰ মাকে কোঠাৰ পৰা ওলাই পাকঘৰত সোমাল৷
দিগন্তই কিছুসময় ৰিয়াৰ ছবি অঁকা বহীখনৰ পাতবোৰকে লুটিয়াই থাকিল৷ ৰিয়াই আঁকিবলৈ চেষ্টা কৰা কণমানি এজনীৰে সৈতে এহাল পুৰুষ-মহিলাৰ ছবিখনৰ ওপৰত পুনৰবাৰ চকু পৰাত দিগন্তৰ হাতখন ৰৈ গ’ল৷ দিগন্তই আলফুলে ছবিখনৰ ওপৰেৰে হাত বুলাই দিলে৷ কিয় তাৰ হাতখনে ছবিখনত ইমান মৰমেৰে স্পৰ্শ কৰিলে সি যেন তলকিবই নোৱাৰিলে৷ হয়তো কাৰোবাৰ মৰম, ব্যাকুলতাক উপেক্ষা কৰিব নোৱৰা তাৰ মগজুৱে হাতখনক তাকেই কৰিবলৈ নিৰ্দেশনা দিছে৷ এই স্পৰ্শানুভূতিয়ে দিগন্তৰ অন্তৰতো কোনোদিনেই অনুভৱ নোহোৱা মধুৰ আত্মিক আৱেগ আৰু শিহৰণৰ মৃদু জোকাৰণিৰ সৃষ্টি কৰিলে৷ দিগন্তই সিদ্ধান্ত ল’লে, হৃদয়ৰ এই আহ্বানক সি সঁহাৰি দিব৷ মাকৰ ইচ্ছাই তাৰো ইচ্ছা হওক৷ যদিহে কল্পনাৰো সেয়াই ইচ্ছা হয় তেন্তে তেওঁলোকৰ হৃদয়ৰ আহ্বানক দিগন্তই উপেক্ষা নকৰে৷
‘মা, অ’ মা…!’— ৰিয়াৰ ছবি অঁকা বহীখন বুকুত সাবটি দিগন্তই মাকৰ কাষলৈ আগবাঢ়িল৷
***********
3:47 PM
সুন্দৰ গল্প।
7:34 AM
ভাল লাগিল