অন্য এক দুৰ্গা-ইলি তালুকদাৰ

মোৰ বিয়াৰ আজি পাঁচ দিন। সময় যেন বহুত দীঘলীয়া হৈ গৈ আছে। কি কৰিম, কি কৰিলে ভাল হ’ব সেয়াও ভাবি উলিয়াব পৰা নাই।

মনত পেলালোঁ কইনা হৈ স্বামীৰ ঘৰলৈ বুলি অহা দিনটো।বিয়াৰ দিনা নিশাই মোৰ ঘৰখনে মোক বিদায় দিছিল। চাউল চটিয়াই পিছলৈ ঘূৰি নাচাই বাছ এখনত  উঠিছিলোঁ। সৰু গাড়ী থকা স্বত্বেও মোক দৰাঘৰৰপৰা যোৱা বাছত উঠাই আনিছিল। অচিনাকি ডেকা গাভৰুৰ হাঁহি মাতত নিদ্ৰাহীন দেহাটো এৰি দি  নিচেই পুৱাতে শহুৰৰ পদূলি পাইছিলোঁহি। শাহু আয়ে মিঠাতেলৰ চাকি এটি জ্বলাই পাণ এখনেৰে বা দি ভিতৰলৈ লৈ গৈছিল। গৈ পোৱাৰ লগে লগে নীতি-নিয়ম মানি গা ধুই নতুন কাপোৰ এসাজ পিন্ধাৰ পাছতেই আৰম্ভ হৈছিল চিনাকি পৰ্ব। আত্মীয় স্বজনক বয়স অনুসৰি সেৱা কৰা, মৰম কৰা, মান ধৰা সকলোখিনি কাম কৰি গৈছিলোঁ।

ব্যস্ততাৰে ভৰা দিনটো শেষ হৈ ৰাতি হৈছিল।মাঘ মাহৰ ঠেটুৱৈ ধৰা জাৰ। নিশা এঘাৰ বজালৈ জিৰণি পোৱা নাছিলোঁ। এটা সময় আহিল। জা এজনীয়ে মোক কোঠা এটালৈ লৈ আহিল। সুসজ্জিত কোঠা। মোক থৈ তেওঁ কিছুপৰ পাছত আকৌ ঘূৰি আহিল। হাতত এটা চৰিয়া আৰু পানী এঘটি। মোৰ আগত ৰাখি ক’লে, 

“নীলনয়ন আহিলে ভৰি ধুৱাই, পাৰিলে তোমাৰ চুলিকোছাৰে মচি দিবা আৰু সেৱা এটা কৰিবা।”

 কৈ উঠি ৰহস্যময় হাঁহি এটা মাৰি গুচি গ’ল। এটা সময়ত নীলনয়ন আহি ভিতৰ সোমাল। অচিনাকি মানুহ এজনৰ ওচৰত আজি জীৱনৰ সৰ্বস্ব ত্যাগ কৰিব লাগিব, কথাষাৰ ভাবি দুৰু দুৰুকৈ কঁপি উঠিছিল বুকুখন। পৰম্পৰা ৰক্ষা কৰিবলৈ কোনোমতে চৰিয়া, ঘটি লৈ ওচৰ চাপিলোঁ তেওঁৰ। কাষ পাই চমকি উঠিছিলোঁ।তেওঁৰ অস্থিৰ পদচালনাত সৰ্বশৰীৰ কঁপি উঠিল মোৰ। আজি ফুলশয্যাৰ নিশা  আৰু নীলনয়ন …….। পানীপূৰ্ণ ঘটিটো তেওঁৰ মূৰত মাৰি  দুগালে যেন দুচৰ লগাই দিম এনে ভাৱ এটা আহিল। তেওঁ মোৰ হাতৰ পৰা  ঘটিটো টানি নি কোঠাৰ মেজখনত থ’লে। মোৰ ওচৰ চাপি আহিল। কিবা এটা কৰিবলৈ নাপাওঁতেই দাঁত বহুৱাই শৰীৰৰ প্ৰায় প্ৰতিটো অংগতে চুমা খাই গ’ল । কেইবাটাও কঠিন চুম্বন! সীমা চেৰাই গ’ল তেওঁ। মোৰ ভৰি দুখনৰ মাজেৰে তেজ নিগৰিছে ! দেহৰ অমূল্য সম্পদ এটা মদপীৰ হাতত তুলি দিয়াৰ বেজাৰত কান্দি কান্দি লেবেজান হৈ পৰিলোঁ। ক’লো, 

“মোৰ দেহটো চুৱা কৰিলা ঠিকেই। মন কেতিয়াও নাপাবা। মই বিচৰা…….মানুহ জন তুমি নহয়”…. বুলি বাক্যটো শেষ কৰিবলৈ নাপালোঁ। প্ৰচণ্ড ঘোচা এটা সোঁ চকুতে পৰিল। জিনজিনাই গ’ল মূৰলৈ। চকুটোত হেঁচা মাৰি ধৰি পকাত বহি পৰিলোঁ। তেওঁ বিচনালৈ গ’ল আৰু শুই পৰিল।

উখহি ওলমি পৰা চকুটো ঢাকি ৰাখিবলৈ ওৰণিৰ আশ্ৰয় লৈছিলোঁ। শহুৰৰ ঘৰৰ সৱেই জানিও নজনাৰ ভাও ধৰিছিল। তিনিদিন পাছত মই মাৰ ঘৰলৈ নিয়মানুসৰি ঘূৰি আহিলোঁ। 

বহুত চিন্তা মনত। আকৌ ঘূৰি যামনে নীলনয়নৰ ঘৰলৈ? নে মৰিয়েই যাওঁ? কোনটো কৰিম? প্ৰথমটো কৰিলে মই নীলনয়নৰ ওচৰত, মোৰ জীৱনৰ ওচৰত হাৰি যাম। দ্বিতীয়টো কৰিলে মোক সমাজে দুৰ্বল আখ্যা দিব। ওহোঁ ইয়াৰে এটাও নহয়! তেনেহলে কি কৰিম?  সংযত হ’বলৈ বাৰে বাৰে চেষ্টা কৰিলোঁ। মা আৰু দেউতাৰ মুখ দুখনি মনলৈ আহিল। যিজনী মাৰ বাবে পৃথিৱীৰ পোহৰ দেখিলোঁ, যিজন দেউতাৰ হাতত ধৰি খোজ কাঢ়িবলৈ শিকিলোঁ, সেই মা আৰু দেউতাই মই লোৱা সিদ্ধান্ত মানি ল’বনে বাৰু? সদায় সৰুৰেপৰা আত্মনিৰ্ভৰশীল হ’বলৈ শিক্ষা দিয়া মা আৰু দেউতাৰ কঠোৰ মুখ দুখন চকুৰ আগত ভাঁহি উঠিল। সকাহ পালোঁ বহুত। সিদ্ধান্ত ল’লোঁ, নিজৰ জীৱনৰ কথা নিজেই ভাবিম। কাৰো সহানুভূতিৰ দৰকাৰ নাই। কাৰো পুতৌৰ পাত্ৰী হৈ বাচি নাথাকোঁ মই। মনলৈ অহা প্ৰথম কামটো কৰিলোঁ ধীৰে সুস্থিৰে। মোহাৰি পেলালোঁ লাহে লাহে শিৰৰ সেন্দূৰীয়া পথটি। মনটো পাতল লাগিল।  ফোন লগালোঁ নীলনয়নলৈ। মোৰ সিদ্ধান্তটো স্পষ্টকৈ জনাই দিলোঁ। একো কোৱাৰ সুবিধা নিদিলোঁ। দ্বিতীয় কামটো  ডিভোৰ্চ। সেইটোত লাগিম এইবাৰ। 

সমাজ এখনক সাক্ষী কৰি গঢ়া সম্বন্ধটো দলিয়াই মই আজি মুক্ত। নিজক বুজালোঁ, মোৰ জীৱন মই নিজে সজাম । অলপ কষ্ট হ’ব । জীৱনক জানিবলৈ কষ্টৰ প্ৰয়োজন আছে। কষ্ট হ’লেও মই পাৰিম। পাৰিম মই মোৰ জীৱন সজাব নিজৰ মতে। সমাজত ভাল কাম কৰি যাম, প্ৰতিষ্ঠা কৰিম এদিন নিজক, ঠিয় দিম এদিন নিজৰ ভৰিত …….. মনস্থ কৰিলোঁ। 

আৰ্চীখনৰ ওচৰলৈ গৈ ঢেলা চকুটো  চালোঁ। আচৰিত! চকুটো চোন তিৰবিৰাই উঠিছে! প্ৰশান্তিত পূবৰ আকাশত উদয় হোৱা ৰঙা সূৰুযটিলৈ চাই ৰ’লোঁ। 

 ************

3 Comments

  • সুন্দৰ গল্প

    Reply
  • ৰাজু কুমাৰ নাথ

    বৰ সুন্দৰ গল্প এটা পঢ়ুৱালে বাইদেউ।

    Reply
  • Upasha Bhagawati

    আজিকালিৰ নাৰী সাহসী হৈ উঠিছে ,এতিয়া আৰু সহ্য কৰি থকাৰ দিন নাই। গল্পটোৰ যোগেদি বৰ সুন্দৰকৈ পৰিস্ফুট হৈছে ।পঢ়ি ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *