অপেক্ষাৰ অন্তত-অপৰাজিতা মাধৱ ঘাংগুৰ্ডে

পুৱতিৰ ফেহুঁজালি আঁতৰাই 

ৰাঙলী বেলিটিয়ে ভুমুকি মাৰে,

বিগত দিনৰ অৱসাদ পাহৰায়

লাহে লাহে আগবাঢ়ি আহে,

নতুন উদ্যম লৈ নতুন প্ৰভাতক 

আদৰি ল’বলৈ ……………..।

পুৱতিৰ লগতে শোৱাপাটী এৰি 

দিনটোৰ লগতে মিলি যাওঁ

দিনৰ শেষত মাথো ক্লান্ত দেহ মনেৰেই 

তোমাৰ আগমনৰ বাট চাওঁ………..।

নিয়ৰে ঢকা শুভ্ৰ শেৱালিৰ দলিচাত 

জোনাকৰে নিশা তোমাৰ কাষত বহি 

চাই ৰওঁ পূৰ্ণিমাৰ জোনটোলৈ…..

কিমান শান্ত, কিমান কোমল…..

জোনৰ পোহৰত দেখা পোৱা 

তোমাৰ মুখখনলৈ মই চাই থাকোঁ ,

এক বুজাব নোৱাৰা শিহৰণ বৈ যায়… 

মোৰ দেহৰ প্ৰতি শিৰা উপশিৰাই।

************

       

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *