অসমৰ “জাৰোৱাৰ”সকল-হৰিচন্দ্ৰ ডেকা 

“অ’ ডেকা! কিনো  হচংহচংকৈ পোনেপোনে চাই গৈ আছেহে? অলপ ইফালে-সিফালে চাবচোন, আপুনি অহালৈকে বাট চাই আছোঁ৷ ময়ো আপোনাৰ লগত গৈ আছোঁ ৰ’ব৷”

ঘূৰি চাই দেখোঁ দাস খৰধৰকৈ তেখেতৰ ঘৰৰপৰা ওলাই আহিছে৷ আমি দুয়ো বন্ধু একেলগে প্ৰাতঃভ্ৰমণলৈ যোৱা এটা পুৰণি অভ্যাস৷ পিছে তেখেতৰ আন্দামান ভ্ৰমণৰ কাৰণে আমাৰ এই প্ৰাতঃ ভ্ৰমণৰ যুটীত এটা সাময়িক যতি পৰিল; সেয়েহে মই নিজেই এইকেইদিন নিজৰ বন্ধু হৈ প্ৰাতঃভ্ৰমণৰ মজা অনুভৱ কৰি আছোঁ৷

“পিছে দাস, কওকচোন কেনেকুৱা হ’ল আপোনাৰ কলীয়াপানী ভ্ৰমণ?”

“থওকহে কলীয়াপানী, তাৰ জাৰোৱাৰসকলৰ কথা সোধক না৷ একেবাৰে আদিম জনজাতিহে৷ আমি বুৰঞ্জীত পঢ়া প্ৰস্তৰ যুগৰ মানৱ যেন লাগে৷ গাত নামমাত্ৰ বস্ত্ৰ৷ জীৱন প্ৰণালীও প্ৰাক্ ঐতিহাসিক যুগৰ নিচিনা৷ আধুনিক মানৱৰ জীৱনশৈলীৰ লগত তাল মিলাব নোৱাৰি সিহঁতৰ জনসংখ্যা দিনে দিনে কমি আহিবলৈ ধৰিছে৷ সিহঁতলৈ অস্তিত্বৰ সঙ্কট আহি পৰাত  চৰকাৰে সেইসকলক কি ৰক্ষণাবেক্ষণ দি ৰাখিছেহে ডেকা, যেন দেশৰ এক হেৰাই যাবলৈ ধৰা আপুৰুগীয়া সম্পদহে৷ চৰকাৰে বলৱৎ কৰা কঠোৰ নীতি-নিয়মৰ মাজেৰেহে সিহঁতৰ ওচৰলৈ যাবলৈ দিয়ে, অথচ হাবিত সিহঁতৰ চলন-ফুৰণত কোনো সীমাবদ্ধতা নাই৷ সিহঁতৰ কাৰণে সকলো প্ৰয়োজনীয় সামগ্ৰী ফ্ৰী৷ যাবহে ডেকা এপাক, অতি বিস্ময়কৰ তথা ৰোমাঞ্চকৰ অভিজ্ঞতা৷”

“কেলেইনো তালৈ যাব লাগিছেহে দাস! দুদিন পিছততো সেইবোৰ চাবলৈ আমাৰ অসমলৈয়ে মানুহৰ সোঁত ব’ব দেখোন ৷”

“আপুনিও যে ডেকা সকলোতে পাকলগা কথাবোৰৰ অৱতাৰণা কৰে; এইবাৰ বা কোনফালে পোনালে আপুনিহে জানিব আৰু দেই !”

“ৰ’ব তেতিয়াহ’লে মোৰ মানসপটত ভাঁহি উঠা অসমীয়া জাতিৰ ভবিষ্যতৰ ৰূপৰেখাডাল কেনেকুৱা হ’ব আপোনাক বহলাই কওঁ৷

সেইদিনা ঘৰৰ চৌহদৰ দেৱালখন ৰং কৰাবলৈ এজন পেইণ্টাৰ মাতিলোঁ৷ সি ক’লে……

“খুৰা! ৱালখনৰ শেলুৱৈবোৰ চাফা কৰি ল’ব লাগিব নহলে ৰং উঠি যাব৷ এজন সহায়কাৰী লৈ আহিম দিয়ক৷ সি এফালৰ পৰা এইবোৰ চাফ কৰি যাব মই ৰং লগাই যাম৷ মই বোলো আনিবা৷ পিছদিনা ইহঁতৰ কামৰ আলেখলেখ চাই আছোঁ৷ সহায়কাৰীজনৰ একাণপতীয়াভাৱে কৰি যোৱা কামৰ একাগ্ৰতা দেখি  তাৰ লগত কথা পাতিবলৈ মন গ’ল৷ মোৰ এই স্বভাৱৰ কথা শ্ৰীমতীৰ বাৰুকৈয়ে জ্ঞাত; সেয়েহে আগতেই সাৱধান বাণী শুনাই থৈছে ’আপুনি আকৌ অচিনাকি কাৰোবাক পালেই তাৰ তলানলা বিচাৰিবলৈ যায় নহয়, এতিয়া পিছে সেই ধূলিৰ মাজলৈ আপুনি নাযাব৷’ তথাপি কৌতুহলবশতঃ লাহেকৈ গৈ সুধিলোঁ ’ভাইটি! তুমিও ৰঙৰ মিস্ত্ৰী নেকি?’ 

’নহয় খুৰা! আপোনলোকৰ ওচৰৰ সেই চ’কটোতে  মোৰ এখন গেলামালৰ দোকান আছে৷ দোকানত আকৌ পুৱা আৰু গধূলিহে গ্ৰাহকৰ ভিৰ হয়; গতিকে বাকী সময়ছোৱাত পত্নীয়ে দোকান চলাই নিয়াত অসুবিধা নাপায়, যিহেতু গ্ৰাহকৰ সংখ্যা সীমিত৷ পত্নীয়েও দিনটো এনেয়ে ঘৰতে টিভি চাই বহি থাকিবলৈ আমনি পায়, সেয়েহে ওপৰঞ্চি দুই-চাৰি পইচা আয় কৰিবলৈ  মই দৈনিক মজুৰি কৰোঁ৷’

বুজিছে দাস! মই তভক মাৰি তাৰফালে কিছু সময় চাই থাকিলোঁ৷ সি একাণপতীয়াভাৱে তাৰ কামত ব্যস্ত৷ তাৰ চকুত তিৰবিৰাই থকা সোণোৱালী সপোনৰ উজ্জ্বল আভাই আমাৰ গাঁওখনৰ এক বিপৰীতমুখী তথা কৰুণ ছবিৰ কথা মনত পেলাই দিলে৷”

“কিবা ৰহস্যঘন কাহিনী অৱতাৰণাৰ আগজাননী যেন পাইছোঁ, কথাবোৰ যি ধূসৰ কৰি পেলাইছে নহয়!কওকচোন বাৰু৷”

“এৰাহে, আমাৰ গাওঁবোৰৰ এতিয়া বহুত পৰিৱৰ্তন হ’ল৷ গাঁওবাসীৰ সৰহখিনিয়ে বিভিন্ন চৰকাৰী আঁচনিৰ অন্তৰ্ভুক্ত৷ সিহঁতৰ ’জবকাৰ্ড’ আৰু এ টি এম কাৰ্ড ঠিকাদাৰৰ হাতত থাকে৷ নিয়মমতে ঠিকাদাৰে মথাউৰি বা জলসিঞ্চনৰ আঁচনিৰ কাম কৰিবলৈ হ’লে এই জব কাৰ্ড থকা সকলক বনুৱা হিচাপে কামত নিয়োজিত কৰিব লাগে৷ কিন্তু সেইসকল লোকক কামত লগালে ঠিকাদাৰৰ মথাউৰি কেতিয়াও সম্পূৰ্ণ হৈ নুঠিব; কিয়নো পাচলিৰ গাড়ীৰপৰা চান্দা তোলাত অভ্যস্ত হৈ পৰা ডেকাল’ৰা বিলাকৰ কৰ্মস্পৃহা কেতিয়াবাই লোপ পালে৷  আঁচনিৰ ধন নিয়ম অনুযায়ী হিতাধিকাৰীৰ একাউণ্টতহে পোনে পোনে জমা হয়, ঠিকাদাৰে নাপায়৷ আনহাতে কাম কৰাৰ প্ৰমাণপত্ৰ নিদিলে ধন নোসোমাব একাউণ্টত৷ উপায় ঠিকাদাৰেই উলিয়ালে৷ ডাম্পাৰ, জে চি বিৰ সহায়ত ঠিকাদাৰে আঁচনিৰ কাম সম্পূৰ্ণ কৰিব৷ হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাৰ লগে লগে ঠিকাদাৰে নিজৰ প্ৰাপ্য ধনৰ অংশটো মুকলি কৰিব৷ এয়া হ’ল হিতাধিকাৰীৰ হাতলৈ বিনা শ্ৰমে অহা চৰকাৰী আঁচনিৰ ধন৷ চাউল আকৌ এতিয়াও বিনামূলীয়াকৈ পায়েই আছে৷ প্ৰয়োজনীয় চাউলখিনি ৰাখি বাকীখিনি দোকানতে বিক্ৰী কৰি থৈ আহে৷ যাৱতীয় খৰচৰ কাৰণে এই ধনেই তেওঁলোকৰ কাৰণে যথেষ্ট৷ চৰকাৰী আঁচনিৰ ঘৰটো আছেই৷ আপাততঃ পাঁচ বছৰৰ মূৰত ভোটটো দিয়াৰ বাহিৰে সিহঁতৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজনেই শেষ হৈ যাব৷ মাটিবোৰ এনেয়ে ছন পেলাই থোৱাতকৈ লাহ বিলাহৰ কাৰণে অলপ অলপকৈ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিব নতুবা পলিশঙ্খৰ আমেজত ডুব যাব৷“

“পলিশঙ্খ আকৌ কি বস্তুহে ডেকা?“

“আপুনিও বহুত কথাৰ ভূ নাপায় হে দাস৷ আজিকালি গিলাচৰ দিন উকলিল৷ গাখীৰৰ পেকেটৰ নিচিনাকৈ পলিথিনৰ পেকেটত চুলাই মদ বিক্ৰী কৰে৷ পেকেটটো কিনি ক’তো আৰু গিলাছ লৈ বহাৰ প্ৰয়োজন নাই ৷ বাটে বাটে গৈ থাকিয়েই দাঁতেৰে ফুটা এটা কৰি লৈ শঙ্খ ফুকোৱাৰ নিচিনাকৈ মূৰটো অলপ ওপৰলৈ দাঙি মুখত  ঢালি দিয়ে ৷ পলিথিনৰ পেকেটৰ পৰা মুখত ঢালি দিবলৈ  শঙ্খ ফুকোৱাৰ নিচিনা প’জ ল’ব লাগে কাৰণে মদ্যপানৰ এই সহজ পদ্ধতিটোৰ নাম ’পলিশঙ্খ’৷“

 “এতিয়া আকৌ আচল কথালৈ আহোঁ৷ ইতিমধ্যে গাঁৱৰে  চতুৰ লোক কিছুমানে মাটিৰ দালাল হিচাপে নিজকে প্ৰতিষ্ঠা কৰাত লাগি পৰিব৷ মাটি আকৌ কিনিব কোনে? এই যে মই ক’লো মোৰ দেৱালৰ ৰং দিয়া সহায়কাৰীজনৰ কথা; তেওঁৰ দৰে পৰিশ্ৰমীসকল ইতিমধ্যে আঢ্যৱন্ত হৈ উঠিব৷ তেওঁলোকৰ নিচিনাই কোনোবাই মাটিবোৰ কিনি ল’ব আৰু এইদৰেই  হিতাধিকাৰীৰ শ্ৰেণীত অন্তৰ্ভুক্ত হোৱাৰ লালসাত ডুবগৈ জাতিটো এদিন ভূমিহীন লোকৰ শাৰীত উপনীত হৈ ধ্বংসৰ মুখলৈ গতি কৰিব৷ তেতিয়া আমি সদায়ে দোষাৰোপ কৰি অহা এইসকল লোকে, যি সকলে নিজৰ পৰিশ্ৰমেৰে এদিন হাতত লৈ অহা এলুমিনিয়ামৰ লোটাটো সোণৰ লোটালৈ ৰূপান্তৰিত কৰিব, সেই চনপৰা  মাটিত বৃহৎ  ব্যৱসায় গঢ়ি তুলিব৷ ভোটৰ প্ৰয়োজন শেষ হোৱাত স্বাভাৱিকতেই আঁচনিসমূহ বন্ধ হৈ পৰিব; ফলত পেটৰ ভোক নিৰাময়ৰ কাৰণে পূৰ্বৰ হিতাধিকাৰীসকলে বহিৰাগত বুলি ঠাট্টা মস্কৰা আৰু চান্দা আদায় কৰি থকা এই লোকসকলৰ ওচৰত দৈনিক মজুৰি কৰিবলৈ আৰম্ভ কৰিব৷ সময়ৰ সোঁতত আমি গৃহহীন শ্ৰেণীলৈ উন্নীত (?) হৈ হাবিয়ে-জঙ্ঘলে অনাই-বনাই ঘূৰি ফুৰিব লাগিব বুৰঞ্জীত পঢ়িবলৈ পোৱা আদিম মানুহৰ নিচিনাকৈ৷ এই যাযাবৰ মানুহখিনি পৃথিৱীৰ বুকুৰ পৰা হেৰাই নাযাবলৈ ’বিলুপ্তপ্ৰায় মানৱ’ হিচাপে সংৰক্ষণ কৰিবলৈ ইউনেস্ক’ৰপৰা আহ্বান আহিব৷ তেতিয়া দেখিব দাস জাৰোৱাৰবিলাকৰ নিচিনা আমাক চাবলৈ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা মানুহৰ সোঁত ব’বলৈ আৰম্ভ কৰিব যিদৰে আজি আপুনি জাৰোৱাৰ বিলাকক চাবলৈ আন্দামানলৈ গৈছে৷”

দীঘলকৈ এটা হুমুনিয়াহ কাঢ়ি দাসে ক’লে, 

“আপোনাৰ অনুভৱ অমূলক নহয়৷ আপোনাৰ উদ্বিগ্নতাই ভবিষ্যতৰ এক অনাহুত দিশৰ কথা ভাবিবলৈ আমাক  বাধ্য কৰালে৷ বেলি ওলাবৰে হ’ল, ব’লক উভতি যাওঁ৷”

************

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *