আব্ৰাহাম লিংকনৰ বিশেষ চিঠিখন-পলাক্ষী লস্কৰ
শিক্ষা দুটা আখৰৰ এটি সৰু শব্দ, কিন্তু ইয়াৰ অৰ্থ ব্যাপক। ইয়াতেই নিহিত হৈ আছে জীৱশ্ৰেষ্ঠ মানুহৰ সৰ্বতোপ্ৰকাৰৰ বিকাশ আৰু প্ৰগতি। মানুহে সমাজ পাতি বসবাস কৰিবলৈ শিকাৰপৰাই শিক্ষাৰ প্ৰয়োজন অনুভৱ কৰিবলৈ ধৰিলে। শিক্ষাৰ জয়যাত্ৰাৰ বাবে “শিক্ষানুষ্ঠান” বা বিভিন্ন “টোল” আদিৰ গঠন হ’ল। শিক্ষালাভৰদ্বাৰা শিক্ষাৰ্থী সকলৰ মন, বুদ্ধি , হৃদয়, আৰু শৰীৰৰ বিকাশ ঘটিলেহে পূৰ্ণ মানৱৰূপে স্বীকৃত হয়। স্বামী বিবেকানন্দই কৈছিল….
“শিশুৰ ভিতৰৰ গুণৰাজিক প্ৰকাশৰ বাট দেখুৱাই দিয়াটোৱেই শিক্ষাৰ উদ্দেশ্য হোৱা উচিত।”
মানৱ শিশুৰ মাজতেই এজন সুস্থ নাগৰিকৰ গুণসমূহ লুকাই থাকে। এই গুণসমূহ বিকশিত কৰাত এজন শিক্ষকৰ প্ৰধান ভূমিকা থাকে। শিক্ষক হ’ল পথ প্ৰদৰ্শক, জীৱন গঢ়োঁতা আৰু সমাজৰ দায়িত্বশীল ব্যক্তি। সমাজৰ উপকাৰ হোৱাকৈ ছাত্ৰ-ছাত্ৰীসকলক সমাজৰ উপযুক্ত হিচাপে ব্যক্তিৰূপে গঢ় দিয়াৰ দায়িত্ব শিক্ষকৰ। সেয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে তেখেতৰ ডাঙৰ ল’ৰাজনক যেতিয়া পঢ়াশালিত নামভৰ্তি কৰিছিল তেতিয়া তেওঁৰ ল’ৰাটোৰ শিক্ষকজনলৈ এখন চিঠি লিখিছিল। ল’ৰাটোক লেখা-পঢ়া শিকোৱাৰ উপৰিও তাক জীৱনৰ কাৰণে প্ৰস্তুত কৰাৰ উদ্দেশ্যে আৰু কি কি কথা শিকোৱা উচিত সেই বিষয়ে উপদেশ দি শিক্ষকজনলৈ লিখিছিল—–
“সকলো মানুহেই যে সত্যবাদী আৰু ন্যায়পৰায়ণ নহয় সেই কথা মোৰ ল’ৰাটোৱে জানিব লাগিব। সেই কথা মই জানো। কিন্তু আপুনি মোৰ ল’ৰাটোক এই কথাও জনাব লাগিব যে, এই পৃথিৱীত যিমান দগাবাজ আছে সিমান ভাল মানুহো আছে৷ যিমান স্বাৰ্থৰ ৰাজনীতিক— ঠিক সিমানেই মানুহৰ সেৱাত নিজকে উচৰ্গা কৰা নেতাও আছে৷
আপুনি তাক এই কথা শিকাব লাগিব যে প্ৰত্যেকজন মানুহৰ যদি এজন শত্ৰু আছে, ঠিক সেইদৰে এজন বন্ধুও আছে৷ যদি পাৰে, তেন্তে আপুনি তাক আৰু এই কথা শিকাব। সেই কথাটো তাৰ মনত দ লৈকে সুমুৱাই দিবলৈ কিছু সময় লাগিব, সেই কথা মই জানো। কিন্তু আপুনি চেষ্টা নকৰাকৈ নাথাকিব৷ আপুনি তাক এই শিক্ষা দিব যে হেৰাই পোৱা টকা বা বকচিচ হিচাপে পোৱা পাঁচটা ডলাৰতকৈ নিজে কষ্ট কৰি আৰ্জন কৰা এটা ডলাৰৰ মূল্য বহুত বেছি ।
আপুনি তাক হেৰুৱাবলৈ আৰু হাৰিবলৈ শিক্ষা দিব লগতে জয়ৰ আনন্দ উপভোগ কৰিবলৈও শিকাবলৈ নাপাহৰিব। যদি পাৰে, খিয়াল আৰু কুৰ্চুট-কপট আদি কু-প্ৰবৃত্তিৰপৰা তাৰ মনটোক মুক্ত কৰিবলৈ চেষ্টা কৰিব। মানুহৰ মুখত সন্তোষৰ নীৰৱ হাঁহি বিৰিঙি উঠাৰ ৰহস্য কি, সেই কথা আপুনি তাক শিকাব। যদি পাৰে, তাক কিতাপৰ বিস্ময়ৰ আভাস দিবলৈ চেষ্টা কৰিব। সি যাতে মাজে-সময়ে নিৰলে আকাশত উৰি ফুৰা চৰাইবোৰৰ, ৰ’দত উমলি ফুৰা মৌ-মাখিবোৰৰ আৰু সেউজীয়া পাহাৰত জকমকাই ফুলি থকা ফুলবোৰৰ ৰহস্যৰ ধ্যান কৰিব পাৰে, তাৰ কাৰণেও তাক অলপ সময় দিব৷
পঢ়াশালিত তাক এই শিক্ষা দিব যে প্ৰতাৰণা কৰাতকৈ অকৃতকাৰ্য হোৱাটো বেছি সন্মানজনক৷ সি নিজে যিবোৰ কথা চিন্তা কৰে বা সত্য বুলি ভাবে সেইবোৰক বিশ্বাস কৰিবলৈ তাক শিক্ষা দিব। তাক এই শিক্ষাও দিব যে, আন সকলোৱে তাৰ কথা ভুল বুলি ক’লেও সি যাতে সহজে বিচলিত নহয়। ভদ্ৰ মানুহৰ লগত ভদ্ৰ আৰু অভদ্ৰৰ লগত কঠোৰ হ’বলৈ তাক শিক্ষা দিব।
আনৰ প্ৰচাৰত ভোল গৈ জুম বান্ধি চিঞৰ-বাখৰ কৰা মানুহক অনুসৰণ নকৰিবলৈ আপুনি মোৰ ল’ৰাটোক মনোবল দিব লাগিব। সকলো মানুহৰ কথা মনোযোগ দি শুনিবলৈ আপুনি তাক শিক্ষা দিব। কিন্তু লগতে তাক এই শিক্ষাও দিব যাতে সি শুনা কথাবোৰ ভালদৰে সত্যৰ চালনিৰে চালি-জাৰি চাই, কেৱল মংগলজনক কথাবোৰহে গ্ৰহণ কৰিব পাৰে।
যদি পাৰে, বিষাদে তাক গ্ৰাহ কৰি ধৰাৰ সময়তো তাক হাঁহিবলৈ শিকাব, তাক এই কথাও শিকাব যে কান্দিবলৈ মানুহে লাজ কৰিব নালাগে৷
নিন্দুকক নিন্দা কৰিবলৈ আৰু ছলাহী কথাত ভোল নাযাবলৈ তাক শিক্ষা দিব। আটাইতকৈ বেচি দাম দিব খোজাজনক তাৰ শৰীৰৰ আৰু মগজুৰ শক্তি বিক্ৰী কৰিবলৈ ৰাজি নহয়।
উন্মত্ত জনতাৰ নিন্দাবাদক উপেক্ষা কৰি নিজৰ মতত অটল হৈ থাকিবলৈ আৰু অন্যায়ৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তাক শিক্ষা দিব। তাক আপুনি মৰম কৰিব, কিন্তু সেইবুলি প্ৰশ্ৰয় নিদিব। এই কথা মনত ৰাখিব যে, জুইত লোহা ভালকৈ গলোৱাৰ পিছতহে তীখালৈ পৰিণত হয়। আৰু আপুনি তাক এই শিক্ষা দিব যে, ধৈৰ্য নেহেৰুৱাবলৈ সাহস লাগে আৰু সাহসী হ’বলৈ ধৈৰ্য লাগে। নিজকে পৰিপূৰ্ণভাৱে বিশ্বাস কৰিবলৈ আপুনি তাক শিক্ষা দিব, কাৰণ কেৱল তেতিয়াহে সি মানৱ জাতিকো পৰিপূৰ্ণভাৱে বিশ্বাস কৰিব পাৰিব।
আপোনাক মই এটা ডাঙৰ দায়িত্ব দিলো। কিমানখিনি কৰিবলৈ আপোনাৰ শক্তিয়ে কুলায় সেই কথা আপুনিহে জানিব। আপুনি চেষ্টা কৰিব—–সি যে ইমান ভাল এটা অকণমানি ল’ৰা, মোৰ পুত্ৰটি।”
ইতি,
আপোনাৰ শুভাকাংক্ষী
আব্ৰাহাম লিংকন
************