আশার্পূণা দেবীৰ গল্প: ‘ৰংবদল’,অনুবাদ-উপাসা ভাগৱতী

ইচ্ছা কৰিলেও কোনোপধ্যেই বহু বেলিলৈ বিছনাত পৰি থকিবপৰা নাযায় ,ৰাতিপুৱাতেই টোপনি ভাঙি যায় ৷ টোপনি ভঙাৰ পিচত বিচনাখন কাঁইটৰ দৰে হৈ পৰে ৷ 

টোপনি ভাঙোতেই ঘড়ীৰ ফালে চালে শুভেন্দুৱে , তাৰপিচত দেৱালত ওলোমাই থোৱা কেলেণ্ডাৰৰ ফালে ৷ 

আজিৰ তাৰিখটোৰ ৰং ৰঙা ৷ এই ৰংটো হেনো উজ্জ্বলতা আৰু আনন্দৰ প্ৰতীক ৷ কিন্তু তাতে শুভেন্দুৰ কি? শুভেন্দুৰ ওচৰত ৰবি ,সোম, বুধ, শণি সকলোবোৰ বাৰৰেই একেই ৰং।সেই ৰংটোৰ নাম ধূসৰ ৷ সপ্তাহৰ সকলোবোৰ দিনৰেই স্বাদ একেই ৷ সেই স্বাদৰ নাম বিস্বাদ৷ 


অকালতে এজন প্ৰৌঢ়, অম্ল ৰোগী সুখেন্দুৰ চকুত যে সপ্তাহৰ সাতটা দিন সাতটা চেহেৰা হৈ দেখা দিয়ে ,  সেয়া শুভেন্দুৱে ককায়েকৰ চেহেৰা দেখিলেই  বুজি পায় ৷ 

সোমবাৰৰ ৰাতিপুৱা আশৈশৱ সংসাৰৰ যুৱলি টনা চিন্তাক্লিষ্ট,শীৰ্ণমুখত যি ক্লান্তিৰ চাপ পৰে ,সেই চাপ ফাঁকি-ফুকা মাৰোঁতে মাৰোঁতে শণিবাৰৰ আবেলিলৈ যেন অর্ন্তধান হৈ যায় আৰু ৰবিবাৰৰ ৰাতিপুৱা আচৰিত ধৰণেৰে সুখেন্দুক অন্যধৰণৰ দেখা যায় ৷ 

অম্লৰোগৰ ভয়ত সুখেন্দুৱে  সদায় অগ্ৰাহ্য কৰা চাহ ৰবিবাৰে পত্নীৰ ওচৰত জবৰদস্তি আব্দাৰ কৰি তিনি চাৰি কাপ খায় , অকাৰণে পাঁচবাৰমান ৰান্ধনীঘৰৰ দৰজাৰ ওচৰেৰে চলা-ফিৰা কৰে ,সৰু ল’ৰাটোৰ লগত ল’ৰা ধেমালি কৰি ফোঁপাবলৈ ধৰে আৰু শুভেন্দুক ছুটী দি নিজে বজাৰৰ মোনা হাতত লৈ ওলাই যায়।

ৰবিবাৰে সুখেন্দুৰ মুখৰ ৰেখাবোৰ যেন নমনীয় হৈ উঠে , বয়স যেন দুই চাৰি বছৰ কম হৈ পৰে ৷ ৰবিবাৰৰ সুখেন্দুক দেখিলে বিশ্বাস কৰিবলৈ টান নহয় যে এদিন সিও সুপুৰুষ আছিল ৷ 

ৰবিবাৰৰ দিনটো শুভেন্দুৰ ৰংহীন বিস্বাদৰ দিনবোৰৰ মাজৰ এদিন ,ৰবিবাৰটোৱেই সম্ভৱতঃ আৰু বেছি বির্বণ আৰু ধূসৰ ৷ সাত দিনৰ ভিতৰত বাকী ছটা দিন ককায়েকৰ ল’ৰাটোক পঢ়াই দিবৰ বাবে এটা ডিউটি থাকে আৰু থাকে ঘৰৰ বজাৰখিনি কৰি দিয়াৰ দায়িত্ব।

ৰবিবাৰৰ দিনটোত শুভেন্দু সম্পূৰ্ণ বেকাৰ ৷ ৰবিবাৰে ল’ৰাটো পঢ়িবলৈ ৰাজী নহয় , আৰু দৈনিক বজাৰৰ দায়িত্বটো ককায়েকে স্বেচ্ছাই হাতত তুলি লয় ৷ 

ল’ৰাটোক পঢ়াই উঠি বজাৰ কৰিবলৈ যাবলৈ শুভেন্দুৰ কি যে ভাল লাগে , এনেয়ে মনত ৰাখিব লগা একো কাৰণ নাই , বৰঞ্চ এই দুটা কামেই তাৰ বাবে দুই চকুৰ বিষ ৷ ভাল লাগে কেৱল নিজকে সংসাৰৰ অলপ প্ৰয়োজনীয় বুলি মনত ভাৱ হোৱাটোহে ৷ 

নহ’লে প্ৰতি মুহূৰ্ততে লাজত মূৰ কটা যায় , কুণ্ঠাত মুখ তুলিবলৈ ইচ্ছা নাযায়। কিমান কষ্ট কৰি,কিমান কৃচ্ছ্ৰসাধন কৰি, নিজকে কিমান বঞ্চিত কৰি ককায়েকে তাক বি.এ.পর্যন্ত পঢ়াইছে, সেই কথাটো পাহৰি যোৱা নাই শুভেন্দুৱে ৷ কিন্তু শুভেন্দুৱে ককায়েকক কি প্ৰতিদান দিব পাৰিছে ? বি. এ .পাছ কৰাৰ পিচত এই চাৰি বছৰ ধৰি ককায়েকৰ অন্ন  ধ্বংস কৰিছে ৷ নাই, এই চাৰি বছৰে এটাও কাম  জোঁটাব পৰা নাই শুভেন্দুৱে ৷ 

অথচ আই.এ. ফেল সুখেন্দুৱে কোনোবা কালৰেপৰা চাকৰি কৰিছে ৷ চাকৰিটো বৰ এটা ডাঙৰ নহয় যদিও চলিয়েইতো আছে ৷ মাক-বাপেকক শুভেন্দুৰ ভালকৈ মনতেই নাই, সকলোৱেই ককায়েক।

ককায়েকে তাক হাতত ধৰি ধৰি মানুহ কৰিছে ,আপ্ৰাণ চেষ্টাৰে লিখা-পঢ়া শিকাইছে ,খোৱা-বোৱাৰ ওপৰিও নিজৰ পত্নী-পুত্ৰতকৈও যিমান সম্ভৱ উত্তম অংশটো শুভেন্দুকেই দিছে ৷ 

ককায়েকৰ ঋণ পৰিশোধ কৰিব পৰা নহয় ৷

  

কিন্তু কেৱল ঋণ পৰিশোধ কৰিবলগীয়া মনোবৃত্তিটোৱেই শুভেন্দুৰ নহয় , সি ককায়েকৰ কষ্ট লাঘৱ কৰিব বিচাৰে।যি আশাৰ সপোন বুকুত বান্ধি সুখেন্দুৱে নাখাই নিপিন্ধি ভায়েকক বি. এ. পাছ কৰালে,সেই সপোন সফল কৰিবলৈ বিচাৰে।

বেকাৰত্বৰ গ্লানি শুভেন্দুৰ নিজৰ মনৰ। নহ’লে তাৰ অক্ষমতাক ধিক্কাৰ দি গ্লানি যোগান ধৰোঁতা এই ঘৰত কোনো নাই ৷ শুভেন্দুৰ বেকাৰত্বত অসহিষ্ণুতা দূৰৰে কথা, অলপো আক্ষেপ প্ৰকাশ কৰা দেখা নাই সুখেন্দুক।বৰঞ্চ দিনকাল যে কিমান বেয়া চলিছে আৰু ক্ষমতাবানসকল কিমান অসাধু,অসৎ আৰু হৃদয়হীন হৈ পৰিছে, তাৰেই নজিৰ দেখুৱাই দেখুৱাই ভায়েকক বুজাই দিব খোজে বেচেৰাই ৷ 

আৰু বৌৱেক ? 

সেই বেচেৰীজনী যে সঁচাকৈয়ে ভাল মানুহ ৷ বেকাৰ দেওৰেকৰ সততে বিষণ্ণ হোৱা মনক অকণমান প্ৰফুল্লিত কৰি তোলাৰ বাবে তেওঁৰো চেষ্টাৰ ত্ৰুটি নাই ৷ বুদ্ধি কম ,ৰং কৌতুকৰ পদ্ধতিটোও একেবাৰে জালি কটা, কিন্তু ভালপোৱাত তেওঁৰ জালি কটা নহয় ৷ বৌৱেকক দেখিলেই শুভেন্দুৰ মোহ জন্মে ৷ 

এই যে কালি ৰাতি— 

শুভেন্দুৰ কোঠালৈ খোৱা পানী থ’বলৈ আহি বহি পৰিছিল বৌৱেক ৷ তাৰপিছত ক’লে ,যাওক বাবা,এটা দিন অন্ততঃ তোমাৰ ছুটী। ৰাতিপুৱাই আৰু কোনোৱে আহি ঠেলা নামাৰে—এই যে দেওৰবোপা , বজাৰখন সোনকালে কৰি আনি দিয়া ভাই , আলু-চালু একো নাই৷  কাইলৈ যিমান সময় বিচাৰা বিচনাত কটাব পাৰিবা ৷ 

বৌৱেকৰ অনুভৱৰ জগতত চৰমতম আকাংক্ষাৰ যদি কিবা আছে সেইটো হৈছে ‘যেতিয়ালৈকে মনে বিচাৰে সিমান সময়লৈ বিচনাত পৰি থকা।’


ইয়াৰ বাহিৰে আৰু হ’বই বা কি ? 

‘আৰাম বিলাসী’ এই দুটা শব্দৰ বানানেই চকুৰে সি দেখিছে নে?মাজৰাতি টোপনি গধুৰ হৈ শিল হোৱা চকুৰেই সি বিচনাত পৰে, আৰু শেষ ৰাতি বিচনাৰ পৰা উঠে ৷ জ্বৰ হলেও যিমান সময় বিচাৰে সিমান সময় বিচনাত পৰি থাকিবলৈ সি নাপায়  ৷ 

কিন্তু শুভেন্দুৱে তাইৰ সেই আগ্ৰহৰ আশ্বাসক উৰুৱাই দিবলৈ পলম নকৰিলে ,লগে লগেই কৈছিল , সঁচাই দেই দিনটো হাড় ভঙা খাটনি কৰি কৰি পাত হৈছোঁ , ছুটীৰ দিনটোত জিৰণি লৈয়েই বাচি থাকিব  লাগিব ৷ 

উত্তৰ শুনি বৌৱেক  থৎমৎ খাই গৈছিল , তাৰপিছত তৎক্ষণাত কলে – আহ-হা যিয়েই নোকোৱা,তোমাৰ দৰে ইয়ংমেনবোৰে সহজে কেতিয়াও তিনি পইচাৰ পূৰৈশাক আৰু পাঁচ পইচাৰ ভেন্দি,চিৰাৰে ধাই পুহিবলৈ ৰাজী নহয় ! ও বুজিছোঁ ইমান ডাঙৰ ৰৌমাছ নহ’লে ইমান ডাঙৰ ইলিচৰ যোৰাৰ পইচাও বচাইছে তোমাৰ ককায়েৰাই ,সেয়াওতো  নহয়— 

বাধা দিছিল শুভেন্দুৱে , দোষ সম্পূৰ্ণ ককায়েৰাৰ , এইটোৱেই বোধকৰো তোমাৰ সঁচা ধাৰণা ?  কথাৰ সুৰত যেন অলপ প্ৰখৰতা আছিল ৷ এই পিঠিত হাত বোলোৱা সুৰটো একোতেই যেন আজিকালি সহ্য নহয় ৷ 

বৌৱেকৰ মুখখন কড়িটোৰ দৰে হৈ পৰিল ৷ 

সঁচাকৈ দেই  , কি কথাত যে কি কথা আহি পৰিল বুজিবই পৰা নাই বেচেৰীয়ে ।  তথাপিও অপ্ৰতিভ হাঁহি মাৰি ক’লে— আহ-হা সেইয়া দেখোন ঠিক কৰাই আছে -তোমাৰ চাকৰি হ’লে মই সদায় এই ইমান ডাঙৰকৈ ফিচা খাম ৷ 


সেই কড়িৰ দৰে হোৱা মুখখনৰ অপ্ৰতিভ হাঁহি দেখি মোহ জন্মিল ,অগত্যা শুভেন্দুৱে হাঁহি মাৰি ক’বলগীয়া হ’ল ,মাছবোৰ কবন্ধ হ’ব নেকি ? নে সিহঁতৰ মূৰবোৰৰ সদ্গতি কৰিবলৈ ভাগীদাৰ বিচাৰিবলৈ তাল বিচাৰিম ? 

আজিও হঠাৎ কেলেণ্ডাৰৰ ৰঙা ৰঙটোৰ ফালে চাই থাকোঁতে কিয় জানো হাঁহি উঠিল শুভেন্দুৰ ৷ তাৰপিছত অকৌ এবাৰ সিফালে মূৰ কৰি শুলে ৷ 

আচ্ছা আকৌ টোপনি গৈছিল নেকি শুভেন্দু ? নহলে তাক এনেকৈ হৈ-চৈ কৰি টোপনি ভাঙিব লগা হ’ল কিয় ? অৱশ্যে ঘৰৰ কোনোৱে ভঙা নাই, হৈ-চৈ কৰিছিল পুলিনে ,শুভেন্দুৰ স্কুলৰ বন্ধু পুলিন দাস ৷ 


স্কুল-কলেজৰ বন্ধুৰ লগত দেখা সাক্ষাৎ কমেই হয়, কোন ক’ত যে ছিটিকি পৰি আছে ৷ তথাপিও পুলিন কাষতেই থাকে বুলি মাজে মাজে তাক দেখা পায় শুভেন্দুৱে ৷ বৰ দামী দামী চ‍্যুট পিন্ধি এখন মটৰ চাইকেল লৈ দর্পৰে সৈতে য’তে ত’তে ঘূৰি ফুৰে ৷ 

আই.এ. ফেল কৰা পুলিনে যে কি এনে কাম কৰি ঘূৰি ফুৰে বুজিব নোৱাৰে শুভেন্দুৱে ৷ বৰঞ্চ ৰাস্তাত তাৰ এই বীৰ মূর্তি দেখিলেই চকুত চকু পৰাৰ ভয়ত  ফালৰি কাটে ৷ কিন্তু আজি আৰু ফালৰি কাটি যাবৰ উপায় নাই , কাষতেই আহি বহিছেহি পুলিন , বাল্যবন্ধুৰ অন্তৰঙ্গ কণ্ঠই সম্ভাষণ জনালে, কি হে কি ব্যাপাৰ ? এতিয়াও শুই আছ যে ? তই আকৌ এনে কুম্ভকৰ্ণ হ’লি কেতিয়াৰপৰা ? 

শুভেন্দুৱে ধীৰে সুস্থিৰে কলে , তুমিয়েই বা এনে হামলা দিয়া কেতিয়াৰপৰা হ’লা ? সপোনৰ আৱেশতে ভাবিবলৈ চেষ্টা কৰি আছিলোঁ, ঘৰত ডকাইতেই আহিলনে বোমাই পৰিল৷ 

সপোনৰ আৱেশ ? আঠটা বজাত সপোনৰ ঘোৰ ! ভাল কথা হ’ল ! হাঁহি উঠিল পুলিন ৷ 

শুভেন্দুৱে আগতকৈও ধীৰে আৰু সুস্থিৰে কৈ উঠিল , কিন্তু কথাটো কি ? 

পুলিন মূল কথালৈ আহিল ৷ আজি মোৰ তালৈ যাব লাগিব ভাই, খাবও লাগিব।

শুভেন্দুৰ ভ্ৰু কোঁচ খাই আহিল , অর্থাৎ নিমন্ত্ৰণ ? তেতিয়াহ’লে ৰঙা কালিমাৰ চিঠি ক’ত ? 

এইয়া চা ! পুলিন হাঁহি উঠিল , তই কি ভাবিছিলি বিয়াৰ নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ ? সেইটো কি এনে তুচ্ছ ভাৱত হব? বিয়া নহয় ,বিয়া নহয় , বিলাত ! 

পুলিনৰ যেন একেপাকতে কৈ শেষ কৰি নেপেলোৱাৰ পণ , ৰস লগাই লগাই ক’ব ৷ 

বিলাত ! কেৱল সেইটোৱেই ক’ব পাৰিলে শুভেন্দুৱে ৷ 

পুলিনে অমায়িকভাৱে হাঁহি কলে ,হয় ভাই , এই পোৰা দেশত একো কৰি উঠিব নোৱাৰিলোৱেই , সেইবাবে সেই দেশলৈ এবাৰ  শিং মাৰি আহিবলৈ যাবলৈ ওলাইছোঁ , অহা ঊনৈশ তাৰিখে যাত্ৰা ৷ 


শুভেন্দুৱে কষ্টেৰে জিভাৰ তিক্ততা জিভাৰ তলতেই ৰাখি কলে , অঃ বিলাতলৈ যাৱ ? তেতিয়াহ’লে নিমন্ত্ৰণটো কিহৰ ? ফেয়াৰৱেলৰ নেকি ? 

পুলিনে লাজুক লাজুক হাঁহি মাৰি কলে , কি ক’ম আৰু দাদাৰ কাণ্ড ! আন কাৰোৰে ভায়েক যেন বিলাতলৈ যোৱাহে নাই ! সেইবাবে তেওঁ   ভায়েক বিলাতলৈ যোৱাৰ কাৰণে জলসা দিব , সমগ্ৰ বিশ্বৰ মানুহকে যেন নিমন্ত্ৰণ কৰি খুৱাব ৷ যত সৱ ! 

শুভেন্দুৱে কাঠ হাঁহি এটা মাৰি কলে , পইচা থাকিলে লাখ টকা খৰচ কৰি মেকুৰীৰ বিয়া দিয়া গল্পটো আৰু সাজি লোৱা নহয় ,নহয় ? তেতিয়াহ’লে কি পঢ়িবলৈ গৈছ ? 

পুলিনে উঠি তাচ্ছিল্য কৰি কলে , ধুৰ , পঢ়া আৰু ছাই ! সেই পঢ়াৰ কাৰণে আৰু কি  হ’ব? নাম এটা লিখিবপৰা হৈছে সেয়াই ৷ দাদাৰ খেয়াল ! কয় তথাপিও অলপ পলিচ হৈ আহ ৷ আচ্ছা ভাই , তেতিয়াহলে আমাৰ ফালে যাবা নিশ্চয় ৷ 

পুলিন কোঠাৰ পৰা ওলাই গ’ল, তেনেতেই শুভেন্দুৰ মুখৰ ফাকেৰেই বোধহয় ওলাই গ’ল , কোনোধৰণৰ স্কলাৰশ্বিপ যোগাৰ কৰিছ নেকি ? 

মনৰ মাজত আশাৰ এটা ক্ষীণ আশ্বাস, যদি ফুটা কপালত হঠাৎ কোনো সূত্ৰ –– কিন্তু লগে লগেই আশাত ছাই ঢালি দিলে , পুলিনে হাঁহি হাঁহি কলে ,পাগল ! কোনে দিছে ? বিদ্যা সেয়াটো জানই ভাই , কিয় আৰু লাজ দিছ ? সমস্তই দাদাৰ কান্ধত ৷ তেতিয়াহলে মোৰ দোষ কি কচোন ? তেওঁ নিজেই যেতিয়া খাল খান্দি ঘৰিয়াল চপায় ৷


সি গুচি যোৱাৰ পিছত শুভেন্দুৱে কেইমিনিটমান মনে মনে কোঠাৰ মাজত থিয় হৈ থাকে , তাৰপিছত হঠাৎ যেন ক্ৰু্দ্ধ আক্ৰোশত এইমাত্ৰ পৰিত্যাগ কৰা বিছনাখনৰ চাদৰখন টান মাৰি তুলি আনি পকাই জকাই  কোঠাৰ এটা কোণলৈ দলিয়াই পেলাই দিলে ৷ ইঃ কি লেতেৰা , কি মলি ! এই বিছনাতে গা লেটিয়াই শুই আছিল সি ৷ বছৰত কেইবাৰ চাফা কৰা হয় এই বিচনা ? দুবাৰ নে এবাৰ ? ছিঃ ছিঃ! আৰু কেৱল এই বিছনাখনেইনে? কোনটো বস্তু নহয় ? সর্ম্পূণ কোঠাটোতেই শ্ৰীহীনতাৰ চাপ ৷ সকলোবোৰেই বিবৰ্ণ কুৎসিত ৷ ঘৰখনৰ সকলো বাঢ়ি যোৱা আর্ৱজনা এই কোঠাতেই ৷ 

হঠাৎ নিজকে অত্যন্ত অপমানিত যেন বোধ হল শুভেন্দুৰ ৷ ওঁঠ কামুৰি ভাবি থাকে, এইখিনি—কেৱল এইখিনিৰ বাবেই সি কি ইমান কুণ্ঠিত , ইমান লজ্জিত ! এখন মলিয়ন বিচনা, দুবেলা দুমুঠি ভাত, আৰু ইখনৰ পিছত সিখনকৈ পুৰণি কিতাপ পঢ়ি পেলাব পৰা, ইয়াৰ বাবেই দাদাৰ ওপৰত কৃতজ্ঞতাৰ অন্ত নাই তাৰ ? কি যে ভোদা শুভেন্দু! কি মূর্খ ! 


শুভেন্দুৰ মনলৈ ভাৱবোৰ আহিবলৈ ধৰিলে ইমানদিন ধৰি ককায়েকে যেন তাক ঠগি ঠগি কৃতজ্ঞতা আদায় কৰি আহিছে।

 ************

Leave a Reply

Your email address will not be published. Required fields are marked *