উজনি অসমৰ মৰাণ জনগোষ্ঠীৰ ব’হাগ বিহুৰ পৰম্পৰা আৰু মৌখিক গীতি সাহিত্য-শ্ৰী সদানন্দ ভূঞা

(‘ক’ অংশ )

বসন্ত উৎসৱ হৈছে ঋতুৰ উৎসৱ । প্ৰকৃতিৰ আহ্বানত, প্ৰকৃতিৰ ৰঙেৰে, কৃষিজীৱী লোকে দেহ-মন ৰঙাই তোলা প্ৰাকৃতিক উৎসৱ। অসমৰ প্ৰায় প্ৰতিটো সৰু-বৰ জাতি-জনগোষ্ঠীয়ে নিজা নিজা ৰীতি-নীতি, লোকাচাৰ-পৰম্পৰা মানি পালন কৰা এক সাৰ্বজনীন লোক উৎসৱ… বসন্ত উৎসৱ । পোছাকী নাম হয়তো বেলেগ বেলেগ । কাৰোবাৰ বাবে ব’হাগ , কাৰোবাৰ বাবে বৈশাখ বা বৈশাখী, কাৰোবাৰ বাবে বহাগী বিচুৱা, আন কাৰোবাৰ বাবে বৈছাগু । ব’হাগ মাহত আনুষ্ঠানিক ৰূপত পালন কৰা হয় বাবে সামূহিকভাৱে কোৱা হয়  ‘ব’হাগ বিহু’। জাতি, ধৰ্ম, ভাষা, গোষ্ঠী নিৰ্বিশেষে অসমৰ প্ৰায় সকলো থলুৱা অধিবাসীয়ে পালন কৰে বাবে বিহু অসমৰ জাতীয় উৎসৱত পৰিণত হৈছে ।

অসমৰ অন্যতম আদিম অধিবাসী, উজনি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মৰাণ সকলেও স্বকীয় ৰীতি-নীতি আৰু পৰম্পৰাৰ মাজেৰে প্ৰতি বছৰে পালন কৰি আহিছে লোকজীৱনক উলহ-মালহেৰে উদযাপন কৰা প্ৰেম আৰু যৌৱনৰ উৎসৱ ব’হাগ বিহু । অৱশ্যে মৰাণসকলৰ বিহু পৰম্পৰাত পৰৱৰ্তী সময়ত সংযোজিত হোৱা বৈষ্ণৱীয় লোকাচাৰে পুৰুষ আৰু প্ৰকৃতিৰ যৌৱনৰ উন্মাদনাক কটকটীয়া বান্ধোনেৰে বান্ধি ৰাখিছে ।

মৰাণসকলৰ ব’হাগ বিহু পৰম্পৰাৰ সৈতে প্ৰাক-বৈষ্ণৱ সময়ৰ শাক্ত পৰম্পৰা জড়িত হৈ আছে । সৌমাৰবাসী মৰাণসকল আদিতে শদিয়াৰ কেঁচাইখাতী গোসাঁনীৰ উপাসক আছিল । সেয়েহে তেওঁলোকে শদিয়াৰ তাম্ৰেশ্বৰী দেৱীৰ মন্দিৰ, অৰ্থাৎ কেঁচাইখাতী গোসাঁনীৰ শালত বলি-বিধানৰ যাৱতীয় পৰম্পৰা সম্পন্ন কৰি ব’হাগ বিহু আৰম্ভ কৰিছিল ।

বসন্ত উৎসৱ মূলতঃ কৃষিভিত্তিক উৎসৱ । আদিৰেপৰা মৰাণসকল অসমৰ কৃষিজীৱী অধিবাসী । সেয়েহে প্ৰতিটো নতুন বছৰৰ প্ৰথম সপ্তাহতে খেতি-পথাৰ উৰ্বৰ আৰু শস্য-শ্যামলা, তথা পুৰুষ-প্ৰকৃতি প্ৰজননক্ষম হোৱাৰ কামনাৰে মৰাণসকলে কেঁচাইখাতী গোসাঁনীৰ শালত বলি-বিধানেৰে পূজা-অৰ্চনা কৰি ব’হাগ বিহু আৰম্ভ কৰিছিল । বিহু নমোৱা হৈছিল ব’হাগ মাহৰ প্ৰথম বুধবাৰৰ দিনা ।

মন কৰিবলগীয়া কথা এই যে, শদিয়া অঞ্চলত কেঁচাইখাতী গোসাঁনীৰ প্ৰভাৱ ইমানেই প্ৰৱল আছিল যে এই অঞ্চলত বসবাস কৰা আহোম, কছাৰী, চুতীয়া, কলিতা, মিচিং, দেউৰী আদি প্ৰায় সকলো জনগোষ্ঠীৰ লোকৰ মাজতে চ’ত-ব’হাগৰ সংক্ৰান্তিৰ পৰিবৰ্তে প্ৰত্যেক বছৰৰ ব’হাগ মাহৰ মঙলবাৰক উৰুকা আৰু বুধবাৰটোক গৰুবিহু হিচাবে ধৰি বিহু পালনৰ পৰম্পৰা চলি আহিছিল । কিন্তু ষষ্ঠদশ শতিকা মানত মৰাণসকলে মায়ামৰা নৱ-বৈষ্ণৱ নামধৰ্মৰ আওতালৈ অহাৰ পাছত কেঁচাইখাতী গোসাঁনী শালৰ পৰিবৰ্তে সত্ৰ বা গোসাঁই গৃহৰ পৰা বিহু নমোৱা পৰম্পৰা আৰম্ভ কৰিলে । অৱশ্যে পূৰ্বৰ পৰম্পৰা অনুসৰি ব’হাগ মাহৰ প্ৰথম বুধবাৰৰ পৰা বিহু আৰম্ভ কৰাৰ পৰম্পৰা অব্যাহত থাকিল । সেয়েহে প্ৰথমদিনাখন বিহু নমাবলৈ যাওঁতে মৰাণ বিহুৱা-বিহুৱতীয়ে গায়… 

‘হাচতি ঐ চ’ত / বিচতি ঐ চ’ত / বুধে বিয়চতি মঙলে উৰুকা / বিহু গৈ আছিলি ক’ত?’

অথবা গায়… ‘ হাচতি ঐ চ’ত / বিচতি ঐ চ’ত / বুধে গৰুবিহু মঙলে উৰুকা / বিহু গৈ আছিলি ক’ত?’

মৰাণসকলে হিন্দু পঞ্জিকা অনুসৰি চ’ত-ব’হাগৰ সংক্ৰান্তিৰ দিনা বিহু আৰম্ভ নকৰাৰ অন্য এটা কাহিনীও প্ৰচলিত হৈ আহিছে । সেই কাহিনী অনুসৰি ১৬৯২ শক, খ্ৰীষ্টাব্দ ১৭৭০ ৰ ১৩ এপ্ৰিল মঙলবাৰৰ চ’ত-ব’হাগৰ  সংক্ৰান্তিৰ দিনা হুঁচৰি গোৱাৰ ছলেৰে আহোম সেনাই মোৱামৰীয়া বিদ্ৰোহৰ নেতা ৰাঘৱ মৰাণ আৰু ৰমাকান্ত মৰাণক হত্যা কৰিছিল । ইয়াৰ এদিন পিচত তেওঁলোকৰ গুৰু অষ্টভুজ গোসাঁইকো ভালেমান শিষ্য-প্ৰশিষ্যক একেলগে হত্যা কৰিছিল । সেয়েহে তেওঁলোকৰ নেতা আৰু গুৰু হত্যা হোৱাৰ দিনকেইটাক বাদ দিহে মৰাণসকলে বিহু পালনৰ পৰম্পৰা আৰম্ভ কৰিলে বুলি প্ৰচলিত লোক-কিংবদন্তিয়ে কয় । কিন্তু পণ্ডিত-গৱেষকসকলে এই আখ্যানৰ ভিত্তি নাকচ কৰে । কাৰণ মোৱামৰীয়া বিদ্ৰোহৰ সৈতে জড়িত নথকা মিচিং, দেউৰী, তিৱা, আদি ভালেমান জনগোষ্ঠীৰ লোকৰ মাজতো চ’ত-ব’হাগৰ সংক্ৰান্তিৰ পৰিবৰ্তে ব’হাগ মাহৰ প্ৰথম বুধবাৰৰপৰাহে ব’হাগ বিহু পালনৰ পৰম্পৰা চলি আহিছে । এতিয়াও দেউৰীসকলে কেঁচাইখাতী গোসাঁনীৰ শালত পূজা-অৰ্চনা কৰি বিহুৰ শুভাৰম্ভ কৰে । তদুপৰি লোককৃষ্টি হিচাবে বিহুৰ লোকাচাৰ পৰম্পৰা ষষ্ঠদশ শতিকাৰ নৱ-বৈষ্ণৱ নাম-ধৰ্মৰ পৰম্পৰাতকৈ হাজাৰ বছৰ গুণে প্ৰাচীন হোৱাটোৱেই নিশ্চিত ।

মন কৰিবলগীয়া কথা এই যে, মৰাণ সমাজৰ কিছুমানে ব’হাগ মাহৰ শুক্লা দশমীৰ পিচৰ বুধবাৰৰপৰাহে বিহু আৰম্ভ কৰাৰ পৰম্পৰা মানি আহিছে । ব’হাগ মাহৰ শুক্লা দশমীৰ দিনা মোৱামৰীয়া মহন্ত অষ্টভুজ গোসাঁইৰ তিৰোভাৱ তিথি । সেয়েহে সেইবোৰ সত্ৰত গোসাঁইৰ তিথি পালন সম্পন্ন হোৱাৰ পিচতহে বিহু নমোৱাৰ আজ্ঞা গোসাঁইৰপৰা লাভ কৰা হয় । গতিকে ক’ব পাৰি… কেঁচাইখাতী গোসাঁনীৰ শালৰ শাক্ত পৰম্পৰা আৰু নামঘৰৰ বৈষ্ণৱ পৰম্পৰাৰ মাজত মৰাণসকলৰ ব’হাগ বিহু পৰম্পৰাত সমন্বয় সাধিত হৈছে ।

মৰাণসকলৰ ব’হাগ বিহুৰ পৰম্পৰা অনুসৰি মঙলবাৰৰ দিনটো উৰুকা । মঙলবাৰৰ দিনটো তেওঁলোকৰ বাবে মাটি বিহুৰ দিন । সেইদিনা আই বসুমতীৰ পূজা। সেইবাবে মঙলবাৰৰ দিনটোত মাটি খন্দা, গছ-গছনি কটা আদি কামবোৰৰ পৰা মৰাণসকল বিৰত থাকে । সেয়েহে বিহুৰ দিনা ঘৰ লিপা-মচা কৰিবৰ বাবে মাটি খন্দা, গৰুবিহুৰ বাবে দীঘলতি, মাখিয়তী, টংলতি বিচৰা, চাট্ মাৰিত শালিবৰ বাবে লাউ, কোমোৰা, থেকেৰা, বেঙেনা, কেৰেলা আদি সংগ্ৰহৰ কাম উৰুকাৰ আগদিনাই সম্পন্ন কৰি ৰাখে ।

বুধবাৰৰ দিনটো গৰুবিহু হিচাবে পালন কৰা হয় । সেইদিনা পুৱাতেই মাহ-হালধি খুন্দি সেইবোৰ নিজ নিজ ঘৰৰ পোহনীয়া গৰু, ম’হ, হাতী আদিৰ গাত ঘঁহি, কপালত ফোঁট দি, ৰাইজে মিলিজুলি সমূহীয়াকৈ গা ধুৱাবৰ বাবে মুকলি পথাৰৰ সমীপৰ বিল, নৈ, জান-জুৰি আদিৰ পাৰলৈ দীঘলতিৰ এচাৰিৰে খেদি খেদি লৈ যায় । যাওঁতে গিৰিহঁতে আগলি কলপাতত বান্ধি তামোলৰ ঢকুৱাত মেৰিয়াই তামোল-পাণ এযোৰ, গৰু-ম’হৰ সংখ্যা অনুপাতে চাট্ মাৰি একো একোডাল লগত লৈ যায় । তাৰ পিচত ভকতৰ আশীৰ্বাদ লৈ তামোল-পাণৰ শৰাই খাই গৰুক গা ধুওৱা পৰ্ব আৰম্ভ কৰে । চাট্ মাৰিত টুকুৰা-টুকুৰকৈ শালি থোৱা লাউ, বেঙেনা, হালধি, কেৰেলা, থেকেৰা আদি উলিয়াই গৰুৰ গালৈ দলিয়াই দলিয়াই গিৰিহঁতে গাই যায়… 

‘লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা/ মাৰে সৰু, বাপেৰে সৰু, তই হবি বৰ গৰু ‘ ।

গো-স্নান পৰ্ব সমাপ্ত হোৱাৰ পিচত বেলেগ বেলেগ খেলৰ পৰিয়ালৰ গো-গিৰিহঁতৰ সৈতে চাট্ মাৰি সলনা-সলনি কৰি লোৱা হয় । ঘৰলৈ আহি সেই চাট্ মাৰি গোহালিৰ চালৰ তলত গুঁজি থৈ দিয়া হয় । এনে কৰিলে বছৰটোলৈ গৰু, ম’হৰ কোনো মাৰি-মৰক নহয় বুলি মৰাণসকলে আজিও বিশ্বাস কৰি আহিছে । গৰু, ম’হক গা ধুৱাই আহি আমৰলি পৰুৱাৰ টোপ সংগ্ৰহ কৰা, কণী যুঁজোৱা , ঢাল-কঁড়ি খেলা আদি পৰম্পৰা সমূহ মৰাণ সমাজত আজিও জনপ্ৰিয় । 

গৰু বিহুৰ দিনা গধূলি পদূলিমূৰত, গোহালিত, আগ আৰু পাচ চোতালত ফলীয়া তুঁহগুড়িৰ ‘ যাগ ‘ জ্বলাই ধোঁৱা দিয়া হয় । যাগত ফলীয়া তুঁহগুড়িৰ উপৰিও ধানখেৰ, ভাং, মাখিয়তী, টংলতি, দীঘলতিৰ পাত জাপি দিয়া হয় । এনে কৰিলে বছৰটোলৈ মহ, মাখিৰ উৎপাত কমে বুলি মৰাণসকলে বিশ্বাস কৰে । আবেলি ঘৰলৈ অহা গৰু, ম’হক পদূলিৰ পৰা আদৰি আনি গোহালিত নতুন তৰাৰ পঘাৰে বন্ধা হয় । তাৰপিচত প্ৰতিটো গৰু, ম’হক আগলি কলপাতত মেৰিয়াই বৰাচাউলৰ ঘিলাপিঠা খাবলৈ দিয়া হয় । সেইদিনা গৰু, ম’হক প্ৰথমে খাবলৈ দিয়াৰ পিচতহে মৰাণ লোকসকলে পিঠা-পনা খোৱাৰ নিয়ম ।

কৃষি আৰু পশুপালন মৰাণসকলৰ জীৱিকাৰ যে ঘাই অৱলম্বন আছিল এনেবোৰ পৰম্পৰাই তাকেই স্পষ্ট ৰূপত প্ৰতিফলিত কৰে ।

বহাগৰ প্ৰথম বৃহস্পতি বাৰটো মৰাণসকলৰ মানুহ বিহু । মানুহ বিহুৰ দিনা মৰাণসকলৰ ঘৰৰ সকলোৱে নতুন বস্ত্ৰ পৰিধান কৰি নতুন গামোচা গাত লৈ কনিষ্ঠজনে জ্যেষ্ঠজনক বিহুৱান আগবঢ়াই সেৱা কৰি আশীৰ্বাদ লোৱাৰ পৰম্পৰা এতিয়াও প্ৰচলিত হৈ আছে । ঘৰৰ সকলোৱে একেলগে মিলিজুলি জা-জলপান, পিঠা-পনা আদি খায় । দুই-চাৰিজন ভকতক নিমন্ত্ৰণ জনাই জা-জলপান, পিঠা-পনা আদি খুৱাই সেৱা কৰি আশীৰ্বাদ লোৱা হয় । মৰাণসকলৰ সমাজত ইঘৰ-সিঘৰ মিলি বিহুভোজ খোৱা পৰম্পৰাও বৰ্তমানলৈকে চলি আহিছে ।

শুকুৰবাৰৰ দিনটো মৰাণসকলৰ ব’হাগ বিহু পৰম্পৰাৰ অতি তাৎপৰ্যপূৰ্ণ দিন । সেইদিনা ন-জোঁৱায়েকে ভাৰ-ভেটি লৈ শহুৰ-শাহুৱেকৰ ঘৰলৈ যায় । ইয়াক ‘বিহুভাৰ নিয়া’ বুলি কোৱা হয় । যদি ‘বিহুভাৰ ‘ নিনিয়াকৈ জী-জোঁৱাই আহে তেন্তে বুজিব লাগিব যে সেইসকলৰ জীয়েক সন্তান সম্ভৱা । পিচে মৰাণসকলৰ পৰম্পৰা অনুসৰি জী-জোঁৱায়েকে পিচৰ কোনোবা বছৰ এটাত হ’লেও শহুৰ-শাহুৱেকৰ ঘৰত ‘ বিহুভাৰ ‘ অৰ্পণ কৰাটো বাধ্যতামূলক ।

মৰাণসকলৰ এক আকৰ্ষণীয় বিহু পৰম্পৰা হৈছে ‘ বিহুখোলা ‘ । অৰ্থাৎ বিহুঘৰ সাজি ডেকা-গাভৰুৱে একেলগে বিহু কৰাৰ পৰম্পৰা । বহাগৰ বিহুলৈ সপ্তাহ-পষেক থাকোঁতেই গাঁৱৰ নিলগৰ আওহতীয়া ঠাইত ডেকাসকলে বাঁহ-কাঠ, জেঙুপাত, গেৰেগুৱা পাত আদিৰে অস্থায়ীভাবে দুচলীয়া বিহুখোলা কোনো ধৰণৰ বেৰ নিদিয়াকৈ সাজি উলিয়ায় । এদাল বাঁহৰ দাঙেৰে  খোলাখন দুভাগ কৰি এভাগ ডেকাসকলৰ বাবে আৰু এভাগ গাভৰুসকলৰ বাবে নিৰ্দিষ্ট কৰি ৰখা হয় । প্ৰতি বছৰে ডেকা-গাভৰুসকলে কোনেও কাৰো পক্ষৰ সীমা উলংঘন নকৰাকৈ জাত জাত বিহুনামেৰে বিহুখোলাখন উচ্ছল কৰি ৰাখে ।

বিহুখোলাখনেই হৈছে মৰাণ বিহুৱা ডেকা-গাভৰুৰ হিয়া দিয়া-নিয়া, প্ৰেম-প্ৰণয়ৰ থলী । এই বিহুখোলাতেই তেওঁলোকৰ যৌৱন আকলুৱা প্ৰাণত ভৱিষ্যতৰ জীৱন সংগী বাচি লোৱাৰ বাসনা জাগে । সেয়েহে বিহুখোলাৰ গীতসমূহ যৌৱনৰ গীত, প্ৰেম-প্ৰণয়ৰ গীত, ডেকা-গাভৰুৰ আশা আৰু বাসনাৰ গীত ।

মৰাণ সমাজত আজিও ‘ৰাতিবিহু’ৰ পৰম্পৰা চলি আহিছে । ৰাতি বিহু মাৰিবৰ বাবে মৰাণ ডেকাসকলে তামোল-পাণৰ শৰাই লৈ গৃহস্থৰপৰা ছোৱালী ‘গুণাবলৈ’ অৰ্থাৎ খুজিবলৈ যায় । শৰাই সন্মুখত লৈ গৃহস্থই ডেকাসকলক সোধে…’পাখিলগা উৰণীয়া চৰাই, সজাত ভৰাই ৰাখিব পাৰিবি জানো ?’

ডেকাসকলে হয়ভৰ দিয়ে… ‘হয় পাৰিম।’

নতুবা কয়… ‘চৰাই যদি উৰি যায়, মাটিৰে এজনী সাজি দিম।’

ডেকাসকলৰপৰা আশ্বাস পোৱাৰ পিচত গৃহস্থই ঘৰৰ জীয়ৰীক ৰাতিবিহুলৈ যোৱাৰ অনুমতি প্ৰদান কৰে । ৰাতিবিহু শেষ হ’লে ডেকাসকলে গাভৰুসকলক নিশাই ঘৰে ঘৰে থৈ আহিব লাগে । মন কৰিবলগীয়া কথা, মৰাণ সমাজৰ সামাজিক বান্ধোন ইমানেই কটকটীয়া যে ৰাতিবিহুৰ সুযোগ লৈ কোনো ডেকাই নিজৰ পছন্দৰ গাভৰুক পলুৱাই নিয়াৰ নজিৰ নাই । মৰাণ সমাজত বিহুৰ দিনকেইটাত বিবাহ সম্পূৰ্ণ নিষিদ্ধ । এই নিয়ম ভংগ কৰিলে দণ্ড ভৰিব লাগে । অৱশ্যে বিহুৰ শেষত ডেকাই গাভৰুক পলুৱাই নিয়াত বাধা নাই। সেয়েহে মৰাণসকলৰ বিহু গীতত গোৱা হয়……..

‘ বিহুৰে খোলাতে মন মোৰ বলিয়া / কেনেবা কৰিছে মন / বিহু মাৰি থাকোঁতে পলুৱাই নিনিবা / ভৰিব লাগিব ধন।’

মৰাণসকলৰ বিহু পৰম্পৰাৰ এক অনন্য অনুষ্ঠান হৈছে ‘ধৰ্মহুঁচৰি’। ধৰ্মহুঁচৰি মৰাণসকলৰ অতি সন্মান আৰু আদৰৰ বিহু অনুষ্ঠান । প্ৰতি তিনি, পাঁচ, সাত, ন, এঘাৰ, তেৰ, পোন্ধৰ আদি বিযুৰীয়া বছৰৰ ব্যৱধানত ধৰ্মহুঁচৰি পৰিবেশন কৰা হয়।

বিহু নমোৱা তিথিৰ দিনা নামঘৰ বা সত্ৰৰ পৰা ধৰ্মহুঁচৰি গুণাই, অৰ্থাৎ নমাই আনি নিশা প্ৰথমে গাঁৱৰ মুখিয়ালৰ ঘৰত আৰু তাৰ পিচত ক্ৰমান্বয়ে আন আন ঘৰত পৰিবেশন কৰে । ধৰ্মহুঁচৰিত সাধাৰণতে ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত গোৱা হয় । এই ধৰ্মহুঁচৰিত গাভৰু বা মহিলাসকলে অংশ নলয় । এই হুঁচৰি পৰিবেশন আৰু অংশ গ্ৰহণৰ কিছুমান সুনিৰ্দিষ্ট নীতি-নিয়ম আছে । সেইবোৰ নিয়ম কঠোৰভাবে মানিহে ধৰ্মহুঁচৰি পৰিবেশন কৰা হয়।

    

‘ বৰ মগা ‘ মৰাণসকলৰ বিহুৰ অন্য এটা চিৰাচৰিত পৰম্পৰা । 

মৰাণসকলৰ বিহুৰ নাচোনত এক সুকীয়া লয়লাস ভংগিমা আছে । সাধাৰণতে বিলম্বিত লয়ত হালিজালি পৰিবেশন কৰা নাচ মৰাণসকলৰ অতি জনপ্ৰিয় ।

অসমৰ অন্যান্য জনগোষ্ঠীৰদৰে মৰাণসকলেও বিহুত নানাধৰণৰ লোকবাদ্য ব্যৱহাৰ কৰে । এইবোৰৰ ভিতৰত ঢোল, তাল, বাঁহী, শিঙাপেঁপা, সুতুলি, গগনা, ধোতং, ঝুতং, বীণ, টকা, খেৰেঙী, উল্লেখযোগ্য । অৱশ্যে এই সকলোবোৰ বাদ্যতে মৰাণসকলৰ নিজস্ব স্বকীয়তা দেখিবলৈ পোৱা যায় । মৰাণসকলৰ এক বিলুপ্তপ্ৰাপ্ত লোকবাদ্য হৈছে ‘বাঘধনু’। কোনো গীত-মাতত এই বাঘধনু ব্যৱহাৰ কৰা নহয় যদিও এই বাঘধনু বজালে বৰষুণ হয় বুলি মৰাণ সমাজত বিশ্বাস আছে ।

এসপ্তাহৰ পৰা এমাহ পৰ্যন্ত নানা ৰং-ৰহইচ, বিহুগীত-নৃত্য আৰু ভোজভাতৰ মাজেৰে মৰাণসকলৰ ব’হাগ বিহু চলি থাকে । ডেকা-গাভৰুৱে মিলি যেনেকৈ বিহু নমাই আনে ঠিক তেনেদৰে সাত, তেৰ, সোতৰ, একৈশ, সাতাইশ আদি বিযুৰীয়া দিনত নামঘৰ বা সত্ৰত গৈ বিহু উৰুৱায় । মৰাণসকলৰ ‘বিহু উৰোৱা’ কাৰ্য বিশেষ উলহ-মালহেৰে সম্পন্ন কৰা হয় । বিহু উৰুওৱাৰ দিনা সাত-আঠখন গাঁওৰ মানুহৰ সমাবেশেৰে বিহুতলীত বিৰাট ডাঙৰ মেলা সদৃশ পৰিৱেশৰ সৃষ্টি হয় । বিহু উৰুৱাওঁতে এনেদৰে পদ লগাই গোৱা হয়…

‘ বিহু যায় ঐ বগলী ঐ / বিহু কেনেকৰি ৰাখিম না ঐ / লাই ল’ কলিয়াবৰ / বিহু গৈ পালেগৈ ভাটী নগৰ।’

সেইদৰে গাভৰুসকলেও ঘূৰি ঘূৰি বিহু উৰুওৱা নাম গায় ।

       

অৱশ্যে মৰাণসকলে শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱৰদ্বাৰা প্ৰচাৰিত মায়ামৰা নামধৰ্ম গ্ৰহণ কৰাৰ পিচত বিহু গীত-মাততো বৈষ্ণৱায়নৰ প্ৰভাৱ পৰিবলৈ ধৰে।সেয়েহে বিহুনামত ৰাম, হৰি, গোপাল, গোবিন্দ, গোপী, কৃষ্ণ, ৰাধা, মথুৰা, বৃন্দাবন আদি শব্দবোৰৰ প্ৰৱেশ ঘটিল। উদাহৰণ হিচাবে…….

‘ গেৰেগুৱা পাতেৰে ঐ ৰাম / বিহুঘৰ সাজিলোঁ ঐ ৰাম / মাৰলি নাখালে জোৰা হৰিৰাম / গোপাল ঐ গোবিন্দ ৰাম ‘ ।

নতুবা…

‘ সেউতী ঐ গোসাঁই কোনফালে গ’ল / মালতী ঐ গোসাঁই কোনফালে গ’ল / বৃন্দাবনতে গোসাঁই হেৰুৱালোঁ / ৰাধা বিয়াকুলে হ’ল।’

প্ৰকৃতিৰ নিয়ম মানি বছৰে বছৰে ব’হাগ আহে । ব’হাগৰ আগমনে বহাগ বিহুক মাতি আনে । বিহু আহে, বিহু যায় । বিহু পৰম্পৰাত পৰে বিৱৰ্তিত সময়ৰ নিষ্ঠুৰ আঁচোৰৰ পৰশ । কিন্তু সময়ৰ প্ৰত্যাহ্বানকো নেওচি মৰাণসকলৰ বিহুৰ পৰম্পৰাই  নিজৰ বাটেৰে বাট বোলে । বিহু উৰুওৱাৰ পিচতে মৰাণসকলৰ বসন্ত উৎসৱ ব’হাগ বিহুৰ যৱনিকা পৰে । যৌৱনৰ উৎসৱ সামৰি মৰাণসকলে আৰম্ভ কৰে পথাৰৰ উৎসৱ । সকলোটি ব্যস্ত হৈ পৰে সৃষ্টিৰ কঠীয়াতলীত আগন্তুক আনটো বছৰৰ অপেক্ষাৰ বাবে। 

                    (‘খ’ অংশ )

               

মৌখিক সাহিত্য হৈছে মানৱ সংস্কৃতিৰ মৌলিক আধাৰস্বৰূপ । আদিম অনাক্ষৰী লোকসকলৰ কোনো লিখিত সাহিত্য নাছিল । তথাপিতো তেওঁলোকে হাজাৰ হাজাৰ বছৰ ধৰি প্ৰজন্মৰপৰা প্ৰজন্মলৈকে ধাৰণ কৰি আহিছে অতি সমৃদ্ধিশালী মৌখিক সাহিত্যৰ সম্পদৰাজি। বিভিন্ন ৰূপত সেই মৌখিক সাহিত্যৰ প্ৰবাহ আজিৰ যুগতো অব্যাহত আছে । ৰূপকথা, প্ৰবচন, কিংবদন্তি, সাঁথৰ, ফকৰা-যোজনা, ৰূপক, পটন্তৰ, মন্ত্ৰ-সাহিত্য, গীতি-সাহিত্য আদি হৈছে মৌখিক সাহিত্যৰ বিভিন্ন ৰূপ ।

মৌখিক তথা লোক-সাহিত্যত মৰাণসকল অতিকৈ চহকী।তেওঁলোকৰ মাজত যুগ যুগ ধৰি প্ৰচলিত হৈ অহা ফকৰা-যোজনা, প্ৰবচন, সাঁথৰ, পটন্তৰ, ৰূপকথা, কিংবদন্তি, তন্ত্ৰ-মন্ত্ৰ, বিহু, খেৰী আদিয়ে জীপাল কৰি ৰাখিছে মৰাণসকলৰ মৌখিক সাহিত্যৰ পথাৰখন। বৰ্তমানৰ ভাষা আৰু লিপিৰ দ্ৰুত বিবৰ্তনৰ সময়ত মৌখিক সাহিত্যই লিখিত ৰূপ পালেও সেইবিলাকৰ গুৰুত্ব আৰু স্বকীয় মাহাত্ম্য হেৰাই যোৱা নাই । বৰঞ্চ সেইবোৰ অধিক সৰ্বজনস্বীকৃত ৰূপতহে পৰিগ্ৰহণ হৈছে । লিখিতৰূপে সেইবোৰৰ মৌলিকতাক লঘু কৰিব পৰা নাই । কাৰণ মৌখিক সাহিত্যক এতিয়াও কোনো অনামী লোকৰ অনাক্ষৰী সৃষ্টি হিচাবেই সন্মান জনাই অহা হৈছে ।

বৰ্তমান অসমীয়া ভাষাটোক সমৃদ্ধিশালী কৰা মৌখিক লোক-সাহিত্যৰ বহু উপাদান মৰাণ সমাজখনৰপৰাই আহৰণ কৰা হৈছে । বৰ্তমান মান্য অসমীয়া ৰূপত মৌখিক হিচাবে চলি থকা বহু গীত-পদ, খেৰী, মালিতা আদি মৰাণ সমাজখনত এতিয়াও পৰম্পৰাগত ৰূপতেই চলি আছে । বিহুনাম, হুঁচৰিৰ পদ-ঘোষা, বিভিন্ন প্ৰকাৰৰ খেৰী, তেজীমলা আৰু কমলাকুঁৱৰীৰ মালিতা, তন্ত্ৰ-মন্ত্ৰ, হাতী ধৰা গীত, মোৱামৰীয়া ৰণগীত আদি গীতি-সম্পদ সমূহৰে মৰাণসকলৰ মৌখিক সাহিত্যৰ ভঁড়াল অতি চহকী হৈ আছে । মৌখিক গীতি-সাহিত্যসমূহৰ ভিতৰত আটাইতকৈ ৰমণীয় আৰু বৰণীয় হৈছে বিহুগীতসমূহ। লোক-জীৱনৰ পূৰঠ অভিজ্ঞতাৰে পুষ্ট, নান্দনিক আৱেদনেৰে  মসৃণ , কেঁচা মাটিৰ পৰশেৰে জীপাল বিহুগীতসমূহ কোনো অনামী, অনাক্ষৰী লোকৰ নিভাঁজ সৃষ্টি । বিহুগীতসমূহত দেখিবলৈ পোৱা যায় কৰ্মময় লোক-জীৱনৰ অদম্য উচ্ছাস, প্ৰেম আৰু যৌৱনৰ উন্মাদনা, মিলনৰ উমাল নিৰ্যাস, বিচ্ছেদৰ গভীৰ হুমুনিয়াহ , প্ৰাপ্তিৰ আনন্দ আৰু পায়ো হেৰুওৱাৰ কৰুণ বিননি ।

বিহুগীতত দেখিবলৈ পোৱা অন্যতম আকৰ্ষণীয় দিশ হৈছে এইবোৰত চয়ন কৰা শব্দৰ মাধুৰী আৰু সুৰৰ লালিত্য । মৰাণসকলৰ মাজত যি কথিত ভাষা সেয়া বিহু স্তৱকবোৰৰ খাঁজে খাঁজে এনেদৰে খাঁজি থোৱা আছে যে সেইবোৰে নিৰন্তৰ বহন কৰি ফুৰিছে অনাক্ষৰী গীতি-কবিসকলৰ প্ৰশ্নাতীত প্ৰতিভাৰ স্বাক্ষৰ । উপমাকে চাব নে ভাৱৰ ব্যঞ্জনালৈকে চাব । বিহুগীতত প্ৰয়োগ হোৱা ‘চিত্ৰকল্প’ ই দহোগুণলৈকে বঢ়াই তোলে সেইবোৰৰ কাব্যিক সৌন্দৰ্য । এটা উদাহৰণ…

‘চৰাই ধৰিম বুলি ছিটিকা পাতিলুং / দৰিকলৈ পাতিলুং জাঙি / উঘা পকোৱাদি পকাই মই সুধিলুং / মনৰ কথা নকলি খুলি ‘ ।

এই বিহুফাঁকিত ‘উঘা’ ৰ পাকৰ সৈতে ‘কথাৰ পাক ‘ৰ যি উপমা ৰচনা কৰা হৈছে, সিয়েই বুজাই দিয়ে যে গাওঁতাই কেনে জটিল মনস্তাত্ত্বিক আৰু দ্বন্দাত্মক অৱস্থাত উপবিষ্ট হৈ মনৰ কথাটি কবলগীয়া হৈছে ।

 আকৌ মৰাণ বিহুগীতত আছে…

‘ডাঙৰী নৈ এসুঁতি ব’ব ঐ লগৰী / দিহিঙে এসুঁতি ব’ব / তাৰে এসুঁতি ব’বলে এৰিলে / মোৰে কি গতি হ’ব।’

মৰাণসকলৰ বসতি থকা অন্যতম ঠাই হ’ল ডাঙৰী নদী আৰু দিহিং নদীৰ উপত্যকা । এই নদীৰ ঘাটতে পানী অনা, স্নান কৰা আদি দৈনন্দিন কাম-কাজবোৰ সম্পন্ন হয় । গতিকে লগৰ লগৰীক লগ পোৱাৰ সুচল ঠাই হৈছে নদীৰ ঘাটসমূহ । কিন্তু যেতিয়া নদীৰ সুঁতিসমূহ শুকাই যায় তেতিয়া পাৰঘাটসমূহো নোহোৱা হয় । তেতিয়া সদায় সুযোগ পোৱা লগৰীয়াৰ পৰাও বঞ্চিত হ’বলগীয়া হয় । ইয়াত ‘নদী’ৰ যি চিত্ৰকল্প, নদীৰ দুধাৰি জীয়া সুঁতিৰ সৈতে প্ৰেম-নিজৰাৰ যি কাব্যিক উপমাৰ সৃষ্টি কৰা হৈছে সেয়া কেৱল জীৱন-যৌৱনৰ পূৰঠ অভিজ্ঞতাৰে পৰিপুষ্ট লোকশিল্পীৰ বাবেহে সম্ভৱ হৈ উঠিব পাৰে । এয়া অপঁইতা, অনভিজ্ঞ মনৰ ফচল হ’বই নোৱাৰে, হোৱাটো অসম্ভৱ ।

জীৱনৰপৰা মৰণলৈকে বিহুগীতবোৰত সকলো অভিজ্ঞতাৰে বৰ্ণনা পোৱা যায় । আধুনিক ভাষাত ক’বলৈ গ’লে পেৰ’ডি, কমেডি, ট্ৰেজেডি, মেল’ড্ৰামেটিক সকলোবোৰ বিহুগীতত পোৱা যায় । প্ৰকৃতিৰ বুকুত, নদী-উপত্যকাৰ জীপাল ভূমিত বসতি কৰা কৃষিজীৱী লোকসকলৰ হৃদয়েদি নিগৰি ওলোৱা ৰমণীয় সুৰৰ নিজৰাই হ’ল এই বিহুগীতবোৰ,য’ত সাতুৰি-নাদুৰি জীৱন অতীত কৰিছিল কৃষিজীৱী চহা লোকসকলে । 

‘হেলচ গুটি বুটলিনো বুটলি / ল’ৰালিতে কৰিছিলোং ধেমালি / ঔ মৰম উকা দেহত লাগিছিল ধূলি / এদিন দুদিনকৈ বছৰনো বাগৰিল / উকা দেহাই যৌৱনত ভৰি দিলে / ঔ মৰম গাত কাপোৰ মেৰিয়াই ললি।’

মৰাণসকলৰ মাজত প্ৰচলিত মৌখিক সাহিত্যৰ ‘খেৰী ‘সমূহ হৈছে এক অনন্য গীতি-সম্পদ । খেৰীৰ অৰ্থ হ’ল গীত বা নাম । মৰাণ সমাজত প্ৰচলিত খেৰীসমূহ বাৰৰপৰা পোন্ধৰ প্ৰকাৰৰো অধিক হ’ব । সেই খেৰীবোৰ হৈছে বিয়া খেৰী, লখিমী খেৰী, আই খেৰী, অপেচৰী খেৰী, নিচুকনি খেৰী, সৰস্বতী খেৰী, হাতী শিকোৱা খেৰী, কান্দনী কলা খেৰী, মগুৰা খেৰী, শিপিনী খেৰী, গোসাঁই পতা খেৰী আদি । খেৰীসমূহ সাধাৰণতে ‘ সৰজী’ সকলে অৰ্থাৎ আয়তীসকলে পৰিবেশন কৰে । এই খেৰী গীতসমূহত পুৰুষে অংশ গ্ৰহণ নকৰে বুলিব পাৰি ।

মৰাণ সমাজত ছোৱালী পুষ্পিতা হ’লে অনুষ্ঠিত কৰা শান্তি বিয়া, বৰ বিয়া, ভেকুলী বিয়া, শিল বিয়া আদি বিয়াসমূহত বিয়া খেৰী পৰিবেশন কৰা হয় । বিয়া খেৰীসমূহ নাৰী জীৱনৰ বিভিন্ন নিয়ম-আচাৰ, সমাজত প্ৰচলিত তথা পালনীয় লোকাচাৰ আদিৰ আধাৰত গোৱা হয় । বিয়া খেৰীবোৰ সামাজিক নীতি শিক্ষামূলক আৰু জ্ঞানদায়িনী ।

বৰবিয়াৰ খেৰীসমূহতো নাৰী জীৱনৰ বিভিন্ন স্তৰ আৰু সেই অনুপাতে বিভিন্ন পাৰিবাৰিক তথা সামাজিক বান্ধোনৰ পৰ্যায় সম্পৰ্কে বৰ্ণনা কৰা হয় । বিয়াৰ দৰা-কইনাক ৰাম-সীতা, কৃষ্ণ-ৰুক্মিনীৰ সৈতে উপমা দি সেই বিয়া খেৰীসমূহ গোৱা হয় । ইয়াৰে কিছুমান জীৱনমুখী, বৈষয়িক আৰু কিছুমান আধ্যাত্মিক । 

বিয়া খেৰীবোৰৰ ভাষা নিভাঁজ, সৰল আৰু প্ৰাঞ্জল । কিংবদন্তি, লোকজীৱনৰ দৈনন্দিন কৰ্মক্ষেত্ৰ, প্ৰকৃতি তথা ইতৰ-জগতত লাভ কৰা অভিজ্ঞতা, জাগতিক পৰিঘটনা আদিৰপৰা বিভিন্ন উপাদান সংগ্ৰহ কৰি বিয়া খেৰীসমূহ গোৱা হয় । সেইবাবে বিয়া খেৰীসমূহত ৰাধা-ৰুক্মিনী, দৈৱকী, শদিয়া ৰজা, মহঙ ৰজা, কৃষ্ণ-কদম-যমুনা, মাহ-হালধি-ঘিলা, কাঁহি-বাতি-কলহ, গামোচা-ফুল-মালা, শৰধনু-তুলসী-বিৰিখ, পাণ-তামোল-লতা, পুখুৰী আদি শব্দ সম্ভাৰৰ প্ৰাচুৰ্য দেখিবলৈ পোৱা যায় । 

‘শদিয়া ৰাজ্যৰে খুন্দে গাঁঠিয়ন / নামনি ৰাজ্যৰে পটা, … ৰামে হৰি নামনি ৰাজ্যৰে পটা ; ধৱলা বিলৰে কজলা শিঙৰা / মহঙৰ ৰাজ্যৰে লোণ , … ৰামে হৰি মহঙৰ ৰাজ্যৰে লোণ ।

পানী পাই পুনিয়ে কৰে তলে-বলে / বামে পাই মেলিলে শিয়াঁ, … ৰামে হৰি বামে পাই মেলিলে শিয়াঁ; শামুকৰ পেটতে মাণিক উপজিলে / মৰি উপজিলে জোন, … ৰামে হৰি মৰি উপজিলে জোন।’

মৰাণ সমাজত ভেকুলী বিয়া আৰু শিল বিয়াৰো পৰম্পৰা আছে । বতৰ খৰাং হ’লে যেনেদৰে ভেকুলী বিয়া পতা হয়, ঠিক তেনেদৰে বৰষুণ উভৈনদী হ’লে ৰ’দৰ কামনাৰে ইন্দ্ৰ-বৰুণ দেৱতাক তুতি-মিনতি কৰি শিল বিয়া পতা হয় । এনে শিল বিয়াত ৰ’দৰ খেৰী পৰিবেশন কৰা হয় । উদাহৰণ হিচাবে…

‘সূৰ্যৰ সাৰথি ৰ’দৰ জিলিকনি / জোনৰ সাৰথি তৰা / বায়ু-বৰুণে ত্ৰিদেশৰ দেৱতা / সূৰুযক উলিয়াই দিয়া ‘ ।

শিল বিয়াৰ খেৰীৰ দৰে মৰাণ সমাজত প্ৰচলিত ধুমুহা খেৰীও স্তুতিমূলক গীতি-সাহিত্যৰ উজ্জ্বল নিদৰ্শন । প্ৰচণ্ড শিল-বৰষুণ, বতাহ-ধুমুহা আহিলে পৰিয়ালটোৰ মহিলাসকলে ধুমুহা খেৰী গাবলৈ ধৰে । ঘৰৰ দলা-চালনী চোতাললৈ দলিয়াই দিয়ে । বেৰৰ জলঙাৰে তাঁতৰ চিৰি-কাঠি বাহিৰলৈ দলিয়াই দিয়ে । ঘৰৰ মাৰলীত খেৰসূতা বান্ধি বৰুণ দেৱতাক এনেদৰে তুতি কৰা হয়…

‘অ’ ৰাম বৰুণে আহিছে / বিজুলী মাৰিছে / পৃথিৱী আহিছে কঁপি … ৰাম হৰি পৃথিৱী আহিছে কঁপি ,

অ’ ৰাম মোৰে ভঙা ঘৰ / অ’ ৰাম ৰক্ষাহে কৰিবা / বান্ধিছোঁ তামোলৰ গাঁঠি … ৰাম হৰি বান্ধিছোঁ তামোলৰ গাঁঠি ‘ ।

পৃথিৱীৰ প্ৰায় সকলো জনগোষ্ঠীয় সমাজতে টোপনি গীত বা নিচুকনি গীতৰ প্ৰচলন থকা দেখিবলৈ পোৱা যায় । সেয়া আফ্ৰিকাৰ নিগ্ৰ’মূলীয় নৃগোষ্ঠীয়েই হওক , লেটিন আমেৰিকাৰ ৰেড্ ইণ্ডিয়ানেই হওক বা পূব-এছীয় মংগোলীয়ান প্ৰজাতিৰ জনগোষ্ঠীয়েই হওক, প্ৰতিটো শিশুৱে নিচুকনি গীতৰ সুৰীয়া সুৰৰ আৱেশতে লালিত-পালিত আৰু ডাঙৰ-দীঘল হয় । মৰাণ সমাজখনো ইয়াৰ ব্যতিক্ৰম নহয় । তেওঁলোকৰ মাজতো কেঁচুৱাক নিচুকাবৰ বাবে নিচুকনি খেৰী গোৱাৰ পৰম্পৰা আছে । উদাহৰণ হিচাবে…

‘ টোপনি টোপনি অ’ আই টোপনি / তোৰে কলৰ তলত ঘৰ / আটাইৰে টোপনি / আহা ওচৰ চাপি / আমাৰ মাইনাৰ চকুতে ধৰ ‘ ।

মৰাণসকলৰ দৈনন্দিন জীৱনৰ প্ৰতিটো পদক্ষেপতে, প্ৰতিটো উৎসৱ-অনুষ্ঠানতে সুৰে প্ৰাধান্য পাই আহিছে । শিশু এটি জন্ম হয় সুৰৰ মাজেৰে, নৰ-নাৰীৰ বিবাহ হয় সুৰৰ মাজেৰে, জীৱনৰ বিয়লি বেলাত উত্তৰা পথৰ যাত্ৰীজনেও বিদায়ৰ ক্ষণ গণে সুৰৰ আৱেশতেই । কোনো শিপিনীৰ তাঁতৰ সূতাত আউল লাগিলে আউল ভাঙিবৰ বাবে শিপিনী খেৰী পৰিবেশন কৰা হয় । কোনোজনৰ গাত বসন্ত আয়ে দেখা দিলে আৰোগ্যৰ বাবে আইৰ স্তুতি-প্ৰাৰ্থনাত  ‘সৰজী’ সকলে আই খেৰী পৰিবেশন কৰে। সেইদৰে লখিমী সবাহত লখিমী খেৰী, যিগিনী ভঙা সকামত যিগিনী খেৰী, অপেচৰী সবাহত অপেচৰী খেৰী আৰু সত্ৰত নতুন গোসাঁই আসনত অধিষ্ঠিত হোৱা অনুষ্ঠানত গোসাঁই খেৰী পৰিবেশন কৰাৰ পৰম্পৰা আজিও প্ৰচলিত হৈ আছে।

হাতী চিকাৰ কৰাটো মৰাণসকলৰ পুৰণি পৰম্পৰা । আহোম ৰাজ-প্ৰশাসনৰ প্ৰধান হাতী যোগনীয়াৰ আছিল মৰাণসকল । হাতীচুঙী খেলৰ মৰাণসকলে এইক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল । এসময়ত হাতী ধৰাটো মৰাণসকলৰ সংস্কৃতিত পৰিণত হৈছিল । হাতী চিকাৰলৈ যাওঁতে ফান্দীসকলে গীত গাই গাই আগবাঢ়িছিল । সেইদৰে হাতী ধৰাৰ পিচত পোহ মনাবলৈ হাতীশালত হাতী পোহ মনোৱা খেৰী গাইছিল । তাৰে এটি উদাহৰণ…

‘অলৌ-লৌ তলৌ-লৌ খাগৰিকে খাই

পৰ্বতত আছিলি তই কাক গাজ খাই

পৰ্বতত আছিলি তই ফান্দি চেপা খাই।’ 

অৱশ্যে বৰ্তমান হাতী ধৰা পৰম্পৰা বিলুপ্তিৰ পথত ।

মৰাণসকলৰ তন্ত্ৰ-মন্ত্ৰ সমূহক মৌখিক সাহিত্যৰ এক ৰহস্যময় অধ্যায় বুলিব পাৰি । মন্ত্ৰবোৰত ছন্দ আছে, লয় আছে, সুৰ আছে, কিন্তু অৰ্থৰ দিশৰ ফালৰপৰা জটিল আৰু ৰহস্যময় । বহু সময়ত অৰ্থহীন বাক্যাংশৰ সমাহাৰ ঘটে মন্ত্ৰ-সাহিত্যত । ভালেমান তন্ত্ৰ-মন্ত্ৰৰ লিখিত ৰূপ থাকিলেও এইবোৰক মৌখিক সাহিত্যৰ শ্ৰেণীতেই অন্তৰ্ভুক্ত কৰা হৈছে । লিখিত ৰূপ দিলে মন্ত্ৰৰ গুণাগুণ নাইকিয়া হয় বুলি থকা লোকবিশ্বাসৰ বাবেই এতিয়াও বেছিভাগ মন্ত্ৰ মৌখিক ৰূপতেই প্ৰচলিত হৈ আছে । মৰাণ সমাজৰ মাজত সচৰাচৰ প্ৰচলিত কিছুমান মন্ত্ৰ হ’ল… মুখলগা জৰা মন্ত্ৰ, সাপে খুঁটিলে জৰা মন্ত্ৰ, শিঙি মাছে বিন্ধিলে জৰা মন্ত্ৰ, বিছাই ডাকিলে জৰা মন্ত্ৰ, অলক্ষণীয়ে পালে জাৰি খেদোৱা মন্ত্ৰ, ডাইনী-যিগিনী লাগিলে খেদা মন্ত্ৰ, ইত্যাদি ।

অসম বুৰঞ্জীৰ এছোৱা অতি গুৰুত্বপূৰ্ণ সময় হৈছে আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে মোৱামৰীয়া শিষ্য-মহন্তসকলৰ বিদ্ৰোহৰ সময়চোৱা । ১৭৬৯ চনৰপৰা ১৮০৪ চনৰ ভিতৰত স্বৰ্গদেউ লক্ষী সিংহ আৰু স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালত এই বিদ্ৰোহৰ সূচনা হৈছিল । এই বিদ্ৰোহত অংশ গ্ৰহণ কৰা গৰিষ্ঠসংখ্যকেই আছিল মায়ামৰা সত্ৰৰ শিষ্য, মৰাণ-মটকসকল । বিদ্ৰোহী সৈনিকসকলৰ মনোবল বৃদ্ধিৰ বাবে তেওঁলোকৰ মাজত মোৱামৰীয়া ৰণ-গীতৰ সৃষ্টি হৈছিল । সেই গীতসমূহ মুখে মুখে প্ৰচলিত হৈ মৌখিক-সাহিত্যৰ ৰূপ লৈছিল । সেইবোৰৰ পৰা এটি উদাহৰণ…

‘পৰজা ঐ জৰৌ-ৰৌৱা / চেকনী ঐ চপাই ধৰা / তাৰে দা’ই তাকে কাটে / তাৰে হিলৈ তাকে মাৰে / চতুৰ্ভুজে ৰাখে ঐ, অষ্টভুজে ৰাখে ‘ ।

নতুবা…

‘এই ধেনু এই কাড় ডেকাদেউ ধনুধৰ / মুলুং মাৰিবলৈ যাওঁ / ভালকৈ গুৰি ধৰ মটকৰ ডেকাদেউ / ভৰা গিয়াতিৰে নাও ‘ ।

মৰাণ সমাজত প্ৰচলিত মৌখিক সাহিত্যৰ এক ৰসাল উপাদান হৈছে ৰূপক বা সাঁথৰসমূহ । সহযানী বৌদ্ধসকলৰ চৰ্যাগীতবোৰত যেনেকৈ এটা উপৰুৱা অৰ্থ আৰু এটা গূঢ়াৰ্থ থাকে ঠিক তেনেকৈ সাঁথৰ বা ৰূপকসমূহতো এটা পোনপটীয়া আৰু এটা গূঢ়াৰ্থযুক্ত দ্ব্যৰ্থক ভাৱৰ প্ৰকাশ দেখিবলৈ পোৱা যায় । চৰ্যাগীতৰ দৰে এইবোৰতো শ্লেষাত্মক আৰু তীৰ্যক বক্তব্য বিদ্যমান । উদাহৰণ স্বৰূপে…

‘ ঐ দাং কি কৰ’ বাটত / মৰিবি আজি পৰজাৰ হাতত / কি কলি ঐ মূৰা নাইকীয়া / জীঅ’ নাইকীয়াৰ আগত ‘ ?

ইয়াত ‘ দাং’ শব্দটোৱে বাটত দাং এডালৰ দৰে বোন্দা কেঁচু  পৰি থকা বুজাইছে । ‘ মূৰা নাইকীয়া ‘ শব্দ দুটাই কেঁকোৰাক বুজাইছে । ‘ জীঅ’ নাইকীয়া ‘ শব্দ দুটাই কেঁচু আৰু ‘ পৰজা ‘ শব্দটোৱে গায়ন-বায়নৰ দলক বুজাইছে । সমাজৰ শক্তিশালী শ্ৰেণীবোৰৰ দপদপনিত কেঁচুসদৃশ সামান্যবোৰৰ জীৱনৰ কৰুণ পৰিহাস এই ৰূপকটোতেই প্ৰকাশ পাইছে। কেঁকোৰাই কেঁচুক ‘ দাং’ বুলি কোৱাৰ বিপৰীতে কেঁচুৱে নিজকে ‘ জীঅ ‘ নাইকীয়া’ আৰু কেঁকোৰাক’ মূৰা নাইকীয়া’ বুলি কোৱা বক্তব্যত পৰস্পৰৰ প্ৰতি প্ৰকাশ কৰা শ্লেষৰ প্ৰকাশ ঘটিছে । 

আন এটি ৰূপকৰো উদাহৰণ দিয়া হ’ল……..

‘গছত টেৰি-মেৰি লতা / টোপে পোৱালি খালে, কাক ক’ম কথা।’

 এই উক্তিফাঁকি এজনী হুদু চৰাইৰ ওপৰত কোৱা হৈছে । ইয়াত ‘ টোপ ‘ শব্দটোৰে মেকুৰী পোৱালি আৰু ‘পোৱালি’ শব্দটোৰে হুদু চৰাইজনীৰ পোৱালিকেইটাৰ কথা কোৱা হৈছে । ৰূপকটোৰ সম্পূৰ্ণ অৰ্থ হ’ল… হুদু চৰাই এজনীয়ে মেকুৰী পোৱালি এটা ধৰি আনি বাহত থকা নিজৰ পোৱালি কেইটাক ‘টোপ’ হিচাবে খাবলৈ দিলেহি । পিচে  ‘টোপ ‘ৰ নামত অনা মেকুৰী পোৱালিটোৱে ওলোটাই হুদু চৰাইজনীৰ পোৱালি কেইটাহে ভক্ষণ কৰিলে । সেয়েহে হুদু চৰাইজনীয়ে নিজৰ পোৱালি হেৰুৱাৰ বেদনাত ওপৰোক্ত উক্তিফাঁকি কৈ কৈ বিনাইছে । 

সাধুকথাবোৰ আমাৰ সংস্কৃতিৰ মহৎ ঐতিহ্যস্বৰূপ । ৰূপকবোৰ আমাৰ কৌশলী মনৰ শৈল্পিক প্ৰকাশ । মৌখিক গীতি-সাহিত্যসমূহ আমাৰ জীৱন-প্ৰবাহৰ স্ৰোতস্বিনী ধাৰা । এই সকলোবোৰৰ সমাহাৰত হৈ উঠে একো একোটা জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক বৈভৱ, লৌকিক পৰম্পৰা । মৰাণসকলে তেওঁলোকৰ সাতামপুৰুষীয়া লোক পৰম্পৰাৰ মাজেৰে আজিও অব্যাহত ৰাখিছে মৌখিক সাহিত্যৰে সমৃদ্ধিশালী এক লৌকিক জীৱন-প্ৰবাহ ।

উজনি অসমৰ মৰাণ জনগোষ্ঠীয় সমাজৰ সকলোবোৰ দিশ লিখিবলৈ হ’লে বহুতেই দীঘলীয়া হ’ব । এই প্ৰবন্ধৰ দ্বাৰা হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰে মৰাণ জনগোষ্ঠীয় সমাজৰ কিছু পৰিমাণৰ ৰূপৰেখাহে এই অভাজনৰদ্বাৰা লিপিবদ্ধ কৰি তোলা হ’ল । এই প্ৰবন্ধটো লিখোঁতে যদি কৰবাত ভুল-ত্ৰুটী ৰৈ গৈছে তেন্তে এই অভাজন ক্ষমাপ্ৰাৰ্থী । প্ৰবন্ধটো লিখোঁতে মৰাণ সম্প্ৰদায়ৰ মোৰ বন্ধু মাৰ্ঘেৰিটা খণ্ড উন্নয়ন পশু চিকিৎসালয়ৰ ক্ষেত্ৰ সহায়ক শ্ৰীবিপুল দুৱৰা দেৱে তথ্যসমূহ যুগুতাই যি সহায়ৰ হাত আগবঢ়ালে তাৰবাবে তেখেতৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ’ম । বন্ধুবৰ শ্ৰীবিপুল দুৱৰা, আপোনালৈ শত কৌটি ধন্যবাদ থাকিল।

************

2 Comments

  • বহুতো কথা জানিব পাৰিলো। সুন্দৰ তথ্য সমৃদ্ধ লেখা।

    Reply
  • Upasha Bhagawati

    মৰাণ জনগোষ্ঠীৰ বিহুৰ পৰম্পৰাৰ বিষয়ে বৰ সুন্দৰকৈ লিখিলে।পঢ়ি উপকৃত হলো।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *