এইবাৰৰ অতিথি-অংকিতা বৰুৱা

গ্ৰন্থৰ জগতখনলৈ তিলমাত্ৰও বৰঙণি আগবঢ়াব পৰাটো জীৱনৰ এক সাৰ্থকতা।

এটা সময় আছিল যেতিয়া গ্ৰন্থ একোখন প্ৰকাশ কৰাটো এক দুৰূহ কাম আছিল।এনে নহয় যে অসমভূমিত প্ৰতিভাৰ অভাৱ আছিল।অসমত প্ৰতিভাৰ অভাৱ কেতিয়াও হোৱা নাই।নাছিল যদি এখন উপযুক্ত মঞ্চ নাছিল,যাৰ জৰিয়তে প্ৰতিভাসমূহৰ বিকাশ সাধন হ’ব পাৰে।কিন্তু আজিৰ দিনত আমাৰ সেই মঞ্চখনৰ অভাৱ পূৰণ কৰিলে ‘ফেচবুক’এ।ফেচবুকৰ জৰিয়তে আজি সাহিত্যৰ ক্ষেত্ৰখনত নৱ নৱ প্ৰতিভাসমূহ জিলিকি উঠিছে।ফেচবুক মাধ্যমত সাহিত্য চৰ্চা কৰি আজি বহুতে গ্ৰন্থ একোখন ৰচনা কৰিবলৈ সাহস কৰিছে।’শব্দচিত্ৰ’ই এই নৱ প্ৰতিভাসমূহক চিনাকি কৰাই দিয়াৰ লগতে তেওঁলোকক উৎসাহিত কৰাৰ মানসেৰে ‘সাক্ষাতকাৰ’ শিতানটো ৰাখিছে,যিটো এটা আদৰণীয় পদক্ষেপ।

এইবাৰ আমি আপোনালোকৰ মাজলৈ লৈ আহিছো “বৈদেহী” গ্ৰন্থৰ লেখিকা অংকিতা বৰুৱাক।সৰ্বমুঠ ১৪ টা গল্প সন্নিবিষ্ট গল্প পুথিখনে পাঠক সমাজতো ইতিমধ্যে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে।তেওঁৰ মনৰ কথা জানিবলৈ আমি তেওঁৰ কাষ চাপিছিলোঁ।

আহকচোন,নব্য লেখিলাগৰাকীৰ মনৰ কথাৰ বুজ লোৱাৰ চেষ্টা কৰোঁ।

: বাইদেউ নমস্কাৰ।

:নমস্কাৰ।প্ৰথমে শব্দচিত্ৰৰ তৰফৰপৰা আপোনাক স্বাগতম জনাইছোঁ।

:ধন্যবাদ।

:পোনপ্ৰথমে আপোনাৰ গ্ৰন্থখন সফলতাৰে প্ৰকাশ হোৱা বাবে আপোনাক অভিনন্দন জনাইছোঁ।এখন গ্ৰন্থ প্ৰকাশ কৰা কথাটো প্ৰথম আপোনাৰ  মনলৈ কেনেকৈ আহিছিল?জনাওকচোন।

:আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ । আমাৰ প্ৰথম গল্পপুথি ‘বৈদেহী’ এটা বিশেষ প্ৰজেক্ট আছিল । যোৰহাটৰ প্ৰকাশন গোষ্ঠী ‘অংকুৰণ প্ৰকাশনে’ আয়োজন কৰা অসম ভিত্তিত গল্পৰ পাণ্ডুলিপি প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত আমাৰ গল্পৰ এখন সংকলন প্ৰকাশ কৰিবলৈ তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছিল । আৰু তেনেদৰেই আমাৰ জীৱনৰ প্ৰথমখন গল্পপুথি ‘বৈদেহী’ৰ জন্ম হৈছিল । 

: গ্ৰন্থ একোখন প্ৰকাশ কৰাৰ ক্ষেত্ৰত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগে বুলি আমাৰ ধাৰণা।আপুনি এনে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলনে?যদি হৈছিল,তেন্তে এই বিষয়ে আমাক কিছু কথা জনাওকচোন।

: গ্ৰন্থ এখন প্ৰকাশৰ ক্ষেত্ৰত বহুকেইটা প্ৰক্ৰিয়া জড়িত হৈ থাকে । কিন্তু সৰ্বপ্ৰথম প্ৰস্তুতি নিশ্চয়কৈ লেখকজনৰ । ওপৰত উল্লেখ কৰাৰ দৰে যিহেতু ‘বৈদেহী’ গল্পপুথিখন এটা প্ৰজেক্ট আছিল । অসম ভিত্তিত আয়োজিত গল্প প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত আমাৰ গল্পৰ পাণ্ডুলিপিটো প্ৰতিযোগিতাখনিৰ আয়োজক তথা প্ৰকাশকে নিজে আগবাঢ়ি আহি প্ৰকাশৰ সকলো দায়িত্ব মূৰ পাতি লৈছিল । গতিকে এই ক্ষেত্ৰত মোৰ অভিজ্ঞতা নিশ্চয়কৈ সুখকৰ । 

: আপোনাৰ গ্ৰন্থখন প্ৰকাশ কৰাৰ ক্ষেত্ৰত আপুনি কাৰোবাৰ প্ৰেৰণা লাভ কৰিছিলনে?

: প্ৰকৃততে গল্প এটা লিখাৰ ক্ষেত্ৰত হৃদয়ৰ তাগিদা অনুভৱ কৰিলেহে গল্পটো সম্পূৰ্ণ হৈ উঠে বুলি বিশ্বাস কৰোঁ । কেতিয়াবা এনেও হয় যে জুমুঠি এটা সাজু হৈ থাকে মনত অথচ লিখি যাওঁতে মনে বিচৰাৰ দৰে উপস্থাপন কৰিব পৰা নাযায় আৰু কেতিয়াবা তাৎক্ষণিকভাবে হৃদয়ৰ তাগিদাত কিবা এটা লিখি শেষ কৰা যায়। দুয়োক্ষেত্ৰতে কিন্তু আত্মসন্তুষ্টিৰ এক বৃহৎ পাৰ্থক্য থাকে । অথচ যেতিয়া মন কৰোঁ পাঠকে এই দুয়োধৰণৰ লেখাকে আদৰি লৈছে , সেই সঁহাৰিয়ে অনাবিল সুখ দিয়ে ।  দুনাই কিবা এটা লিখিবলৈ উৎসাহিত অনুভৱ কৰোঁ। গল্পসমূহক কিতাপ আকাৰে সামৰি ৰখাৰ অন্তৰালতো পাঠকৰ সঁহাৰি আৰু শুভেচ্ছাই আমাক অনুপ্ৰাণিত কৰিছিল । যদিওবা ‘বৈদেহী’ গল্পপুথিখন প্ৰকাশৰ ক্ষেত্ৰখন কিছু বেলেগ , কিন্তু এই কথা নিশ্চয়কৈ ক’ব লাগিব যে পাঠক সমাজৰপৰা পোৱা আদৰ আৰু যোগাত্মক মন্তব্যই আমাক এখোজ আগুৱাই গৈ সেই প্ৰতিযোগিতাখনিত যোগদান কৰিবলৈ সাহস যোগাইছিল । 

: আপুনি আপোনাৰ গ্ৰন্থখনে পাঠক সমাজক মানসিক পুষ্টি যোগান ধৰিব পাৰিছে বুলি ভাবেনে?

: চাওক , নিজকে এতিয়াও লেখক বুলি ক’বলৈ বহুদূৰ বাট বুলিবলৈ আছে। তথাপি যি লিখিছোঁ মনৰ তাগিদাত আমাৰ সমাজখনৰে ভিন ভিন পটভূমি , ভিন ভিন সমস্যাৰাজিক তুলি ধৰিবলৈ যত্নপৰ হৈছোঁ। মানুহৰ মনঃস্তত্বৰ কিছু দিশ ফঁহিয়াই চাবলৈ চেষ্টা কৰিছোঁ । প্ৰকৃততে আমাৰ চৌপাশে প্ৰতিমুহূৰ্ততে গল্পৰ ভগ্নাংশবোৰ যেন উৰি ফুৰে । গল্প ক’ত নাই! একো একোটা কাহিনী নিজস্ব গতিৰে আমাৰ চকুৰ পলকতে নিৰ্মাণ হৈ থাকে । লেখকজনে সেই ভগ্নাংশবোৰৰ কোনটো টুকুৰা তুলি আনি এটা গল্পৰ ৰূপ দি সজাব সেয়া প্ৰত্যেকৰে নিজা নিজা কথা । আমিও ঠিক তেনেদৰেই চকুৰ আগত দেখি থকা সমাজখনকে নিজস্ব চিন্তাশৈলীৰে সজাই গল্পৰ ৰূপ দিয়াৰ চেষ্টা কৰিছোঁ । সেইখিনি পাঠকৰ হাতত তুলি দিয়াৰ পাছত পাঠকৰ হৈ পৰে । পাঠকে আদৰি ল’লে তাতেই আমি আমাৰ শ্ৰমৰ সাৰ্থকতা বিচাৰি পাওঁ। পাঠকে কিদৰে গ্ৰহণ কৰিব সেয়া সম্পূৰ্ণৰূপে তেওঁলোকৰ নিজস্ব মতামত হ’ব । সকলোৰে ৰুচি ভিন্ন । গতিকে আমাৰ গল্পসমূহে পাঠকক কিদৰে সুখী কৰিছে সেয়া জানিবলৈ আমি নিশ্চয়কৈ আগ্ৰহী আৰু যথেষ্ট আশাবাদী । 

: গ্ৰন্থখন প্ৰকাশ হোৱা দিনটোৰ অনুভৱৰ বিষয়ে অকণমান কওকচোন।

: নাৰী এগৰাকীৰ বাবে সন্তান এটি ভূমিষ্ঠ হোৱাৰ যি অনুভব , মাতৃত্বৰ আৱেগে এগৰাকী নাৰীক যি অনিৰ্বচনীয় সুখ দিয়ে , আমাৰ গল্পপুথিখন প্ৰথম হাতত তুলি লোৱাৰ দিনাও ঠিক একেই অনুভব হৈছিল । নিজৰ নামত এখন কিতাপ ; যেন মোৰ বাবে আন এটি সন্তান । 

: ফেচবুক অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ বাবে বৰ্তমান যুগৰ এক উপযুক্ত মঞ্চ বুলি আজিৰ দিনত বহুতে মত প্ৰকাশ কৰে ।এই বিষয়ে আপোনাৰ মতামত কি?

: নিশ্চয়কৈ । এই ক্ষেত্ৰত কোনো দ্বিমত নাই । সামাজিক মাধ্যমত লেখক পাঠকৰ তাৎক্ষনিক এক সম্পৰ্ক স্থাপন হোৱাত সহায় হয় । পাঠকৰ সঁহাৰি নিশ্চয়কৈ এজন লেখকৰ বাবে প্ৰেৰণাৰ উৎস । কিতাপ আলোচনীত লেখা এটা প্ৰকাশ হোৱাৰ পাছত পাঠকৰ সঁহাৰি জনাৰ কোনো উপায় নাথাকে , যদিহে লেখকৰ ঠিকনা অথবা ফোন নম্বৰত পাঠকে একো যোগাযোগ নকৰে । কিন্তু সামাজিক মাধ্যমত লেখা এটা দিয়াৰ পাছত লেখাটোৰ যোগাত্মক অথবা বিয়োগাত্মক সকলো দিশ ফঁহিয়াই পাঠকে তেওঁলোকৰ মতামত জনাব পাৰে যাৰ ফলত লেখকজনে নিজৰ লেখাটোৰ ভুল- ত্ৰুটি তথা আন আন দিশসমূহ চালিজাৰি চোৱাৰ সুযোগ লাভ কৰে । সামাজিক মাধ্যমৰ এইটো বৰ গুৰুত্বপূৰ্ণ দিশ । সততে শুনিবলৈ পোৱা ‘ফেচবুকীয়া লেখক’ শব্দটো আমনিদায়ক  লগতে ভিত্তিহীন বুলিয়েই ভাবোঁ । 

: আপোনাৰ ভবিষ্যত পৰিকল্পনা সম্পৰ্কে অলপ কিবা কওকচোন।

— তেনে কোনো আগতীয়া পৰিকল্পনা কৰা নহয় কেতিয়াও । ভাল লগা কামবোৰ কৰি গৈ থাকিবলৈ চেষ্টা কৰিম । তাৰ বাবে যিখিনি মানসিক প্ৰস্তুতি লাগে সেইখিনিক সদায়েই বিশেষ গুৰুত্ব দিবলৈ চেষ্টা কৰিম।

: আজিৰ তাৰিখত বহুতে গ্ৰন্থ একোখন প্ৰকাশ কৰিব বিচাৰিও আত্মবিশ্বাসৰ অভাৱত পিছ পৰি ৰয়।তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰিব?

: কেৱল কিতাপ প্ৰকাশৰ ক্ষেত্ৰতেই নহয় । আত্মবিশ্বাস সকলোতে লাগে । মনৰ দৃঢ়তাইহে হাজাৰ বাধাকো নেওচি আত্মসন্তুষ্টি থকা সকলো কাম কৰি যোৱাত সহায় কৰে । 

: আমাৰ ফেচবুক গ্ৰুপ ‘শব্দচিত্ৰ’ সম্পৰ্কে আপুনি ৰাইজক কি ক’ব বিচাৰিব?

: ফেচবুক গোটসমূহৰ ভিতৰত ‘শব্দচিত্ৰ’ গোটটি মোৰ অন্যতম এটি প্ৰিয় গোট । গোটটিত বহুকেইটা শিতানৰ নিয়মীয়া পঢ়ুৱৈ হিচাপে কব পাৰোঁ , অতি নিষ্ঠাৰে আৰু সুশৃখংলভাবে প্ৰয়োজনীয় বিষয়সমূহক সামৰি গোটটি পৰিচালিত হৈছে । তাৰ বাবে গোটৰ পৰিচালকমণ্ডলী নিশ্চয়কৈ ধন্যবাদৰ পাত্ৰ । সকলো ধনাত্মক তথা ঋণাত্মক দিশ বৰ সুন্দৰভাবে চালি জাৰি চাই গোটৰ নিয়মসমূহ বনোৱা হৈছে । শেহতীয়াকৈ ‘শব্দচিত্ৰ’ গোটত এক সুন্দৰ পদক্ষেপ সংযোজিত হৈছে – ই আলোচনী । আলোচনীখনকলৈ আমি যথেষ্ট আশাবাদী আৰু এই চেগতে আমাক কিছু ক’বলৈ সুযোগ দিয়াৰ বাবে ‘শব্দচিত্ৰ’ৰ প্ৰতি আমাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ । শেষত , শব্দচিত্ৰৰ প্ৰশাসকমণ্ডলী তথা সমূহ সদস্যলৈ আমাৰ শুভকামনা জনাইছোঁ।

: ধন্যবাদ বাইদেউ।

##  লেখা যুগুতাইছে—সমীৰণ শৰ্মাই

************

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *