একতাই পৰম বল-কুমকুম দেৱী শৰ্মাবৰুৱা
মাকজনীয়ে পঢ়াই উঠি যাবলৈহে পালে ৰন্টু আৰু মন্টু দুয়োটাৰে খেল আৰম্ভ হৈ গ’ল। স্কেলপাতেৰে পেন্সিলৰ সৰু সৰু টুকুৰা, ৰবৰ ইত্যাদি মাৰি পঠিয়ায় আৰু এইবিলাক ভেণ্টিলেচনৰ তলৰ পকাখনত জমা হৈ থাকেগৈ। এবাৰ ৰন্টুৱে মন্টুৰ ৰবৰটুকুৰা মাৰি পঠিয়ালে । মন্টুৱে তাৰ পিঠিত দিলে এঢকা। উভতি আকৌ ৰন্টুৱেও এঢকা দিলে। মাকে দৌৰি আহি দুয়োজনকে কাজিয়া কৰা দেখা পাই ধমকি দিলে। ৰন্টুৱে বোলে সিহে আগতে মাৰিছে, মন্টুৱে বোলে সিহে আগতে মাৰিছে । মাকে বোলে মই ভাতৰ কামখিনি কৰি সোনকালে আহি আছোঁ। দুয়োটাই নিজৰ নিজৰ কাম কৰি থাকা।
মাকে দাইলত ফোৰণ দি সোনকালে ভাত ৰান্ধি আহি সিহঁতৰ ওচৰ পালেহি। আহিয়েই তেওঁ ল’ৰাদুটাক বুজাবলৈ ধৰিলে ক্ষুদ্ৰ ক্ষুদ্ৰ পৰুৱাবোৰৰ একতা কিমান। পৰুৱাবোৰে সমাজ পাতি একেলগে বাহ সাজি থাকে । সিহঁতে নিজৰ নিজৰ কাম ধুনীয়াকৈ কৰি থাকে আপোনমনে।
পৰুৱাৰ চকুকেইটা নিচেই সৰু সৰু আৰু পেটটো ডাঙৰ। আগফালে দুডাল শুং থাকে । পৰুৱাৰ মাজত আকৌ ভাগ আছে কৰ্ম অনুযায়ী। কিছুমান কৰ্মী ,কিছুমান সৈন্য, ৰাণী আৰু মতা পৰুৱা। কৰ্মীবোৰ আচলতে বন্ধ্যা মাইকী পৰুৱা। সৈন্যবোৰৰ মূৰটো ডাঙৰ আৰু কেঁকোৰাৰ দৰে দুডাল শকত মেণ্ডিবল থাকে। বাকীবোৰ পৰুৱাতকৈ ৰাণী ডাঙৰ আৰু তাই বহুত কণী পাৰে। এটা পৰুৱাৰ বাহত ভালেকেইজনী ৰাণী থাকে। মৌমাখিৰ দৰে কাজিয়া কৰি মৰি নাযায়। মতা পৰুৱাবোৰৰ শেষ সময়ত প্ৰজননকালত দুযোৰ পাখি গজে। আমাৰ প্ৰবচন এটাও আছে যে ‘পৰুৱাৰ পাখি গজে মৰিবলৈ।’ তাৰমানে বৰকৈ উৎপাত কৰিলে কিবা অঘটন হয় বুলি সকীয়ায়। পৰুৱাই মাটিৰ তলত গাঁত খান্দি ধুনীয়াকৈ কোঠালি সাজি লয়। মাটিৰ তলত তাপমাত্ৰা কম কাৰণে চাউল আদি খোৱাবস্তু বহুদিনলৈ বেয়া নোহোৱাকৈ সাঁচি ৰাখিব পাৰে। ৰাণীয়ে কণী পৰাৰ পিছত কণীবোৰ পলু হয়, পলুৰ পিছত লেটা নবন্ধাকৈ দেখি থকাকৈয়ে শৰীৰটো সলনি হৈ হৈ পূৰ্ণাংগ পৰুৱা হয়গৈ। পৰুৱা তোমালোকে দেখিছাই। ফুলৰ বাগিচাত ক’লা ক’লা ডাঙৰ ডাঙৰ পৰুৱাবোৰ থাকে। পকাবেৰৰ ফাটত বা শিল ইত্যাদিৰ ফাটতো এইবিধ পৰুৱা থাকে। ইহঁত প্ৰায় চাৰিবছৰমান কাল জীয়াই থাকে।ইহঁতে কামুৰিলে বৰ বিষায়। বাকীবোৰ পৰুৱা ৬ মাহ মানৰপৰা এবছৰলৈ জীয়াই থাকে। ঘৰৰ ভিতৰত আকৌ সৰু সৰু ক’লা পৰুৱা থাকে। তেনেকৈ সৰু সৰু ৰঙা পৰুৱাও আছে। ডাঙৰ ডাঙৰ গছত ৰঙা ৰঙা ডাঙৰ পৰুৱা এবিধ থাকে । আমি এইবিধক আমৰলি পৰুৱা বুলি কওঁ।এইবোৰে কণী পাৰিবৰ সময়ত গছত শুকান পাতেৰে বাহ সাজি লয়।
পৰুৱাই কামুৰিলে বিষায়। ইহঁতৰ দেহত ফৰমিক এচিড থাকে। ইহঁতে নিজৰ দেহৰ ওজনতকৈ বেচি ওজনৰ বস্তু কঢ়িয়াই লৈ যাব পাৰে । পৰুৱাবোৰ কিমান ধুনীয়াকৈ শাৰী পাতি গৈ থাকে দেখিছানে? এটাই খোৱাবস্তু বিচাৰি পালে বাকীবোৰক শুংদাল লগাই লগাই জাননী দি দিয়ে। সকলোৱে মিলি খোৱাবস্তুবোৰ কঢ়িয়াই নিজৰ বাহলৈ লৈ যায়। বেচি গধুৰ বস্তু পালে ভালেমান পৰুৱা মিলি টানি টানি লৈ যায়। খাব পৰাখিনি খায় আৰু বাকীখিনি সাঁচি ৰাখে বিপদৰ সময়লৈ। কিমান জ্ঞানী চোৱাচোন এই অকণমানি পৰুৱাবোৰ।
পৰুৱাৰ শত্ৰু বহুত আছে। ভেকুলী, চৰাই আদিয়ে পৰুৱা খায়। পৰুৱাখাদক বুলি এবিধ স্তন্যপায়ী জন্তু আছে যি পৰুৱা খাই জীয়াই থাকে। সিহঁতৰ মুখখন বৰ দীঘল আৰু জোঙা। পৰুৱাৰ গাঁতত পানী সোমালে সিহঁতে কণীবোৰ কেনেকৈ লৈ যায় দেখিছানে?
ৰন্টুৱে মাত লগালে , “চাউলৰ নিচিনা যে সেইবোৰ কণী নেকি মা?”
” হয়, সেইবোৰ বৰ কোমল , দেখিবলৈ যদিও চাউলৰ নিচিনা”, মাকে ক’লে।
এতিয়া বাৰু তোমালোকে কি বুজিলা? সকলোৱে মিলি-জুলি থাকিব লাগে। কাজিয়া কৰি থাকিলে লাভ কাৰো নহয় । নিজৰ কাম ভালকৈ শেষ কৰি খেলা-ধূলা বাহিৰত কৰিব লাগে। স্কেলডালেৰে ক্ৰিকেট খেলি সকলো পেন্সিল, ৰবৰ ওপৰত উঠাই দিলে অসুবিধা হয়নে নহয় নমাওঁতে? কিমান জমা হৈছেগৈ ঠিক নাই আৰু বুলি মাকে হাঁহি দিলে। ৰন্টু আৰু মন্টুৱেও হাঁহি হাঁহি ইটোৱে সিটোক এবাৰ এবাৰ দাঙি দিলে।
************
11:02 PM
পৰুৱাৰ বিষয়ে বৰ মনোগ্ৰাহীকৈ লিখিলে।পঢ়ি বৰ ভাল লাগিল।মোৰ সৰুটো ল’ৰাকো পঢ়াই শুনালো।