ক’লা ককাইৰ দুখ-প্ৰণীতা গোস্বামী বৰঠাকুৰ

ভমকা-ফুলীয়াই তিৰ্যক চাৱনিৰে 

ক’লা ককাইলৈ চালে,

তোৰ দেখোন বছৰ চেৰেক হ’ল একে ঠাইতে আছ

শিপা গজিল চাগে।

নুবুজিবি ভনীটি তই মোৰ দুখ 

কিয় মাৰিছ খোঁচ

এসময়ত আছিলোঁ বাটৰ লগৰী

আজিহে নোপোছে মোক।

তই হ’লি সাতাম পুৰুষীয়া

চেহেৰাও নহয় ভাল,

আধুনিক সমাজত তই এলাগী

লৈ ফুৰাও টান।

নক’বি হেৰৌ তেনেকৈ মোক

আছিলোঁ আলাসৰ লাড়ু

জ্যেষ্ঠজনেই লগ দিছিল মোক

নবখানো এতিয়া আৰু।

প্ৰতি খোজতে মই তেওঁক দিছিলোঁ 

মনত অপাৰ ভৰসা ,

মোৰ জোৰতেই তেওঁৰ খোজবোৰেও

লৈছিল স্থিতপ্ৰজ্ঞতা।

‘ছাতি, লাঠি, তিয়নি নেৰিবি’ 

বুলি এষাৰ বচন আছে,

বুঢ়া-মেথাই সেয়া সাৰোগত কৰি

লৈছিল মোক আগে।

তোৰ দৰে কঁকাল ভঙা আধুনিকাই

কি বুজিবি বিশ্বাসৰ জোৰ

ডাঙৰ বতাহ-বৰষুণ এজাকতে

তই হেৰুৱাৱ নিজৰ জোৰ।

বেতৰ দীঘল নালটিৰ সৈতে মই

বুকু ফিন্দাই থাকোঁ,

গহীন গম্ভীৰ চাল-চলনত

মইহে আঁত ধৰোঁ।

তই হ’লি চুকৰ ভেকুলী

বেগতে সোমাই থাক’

ৰ’দ, বৰষুণৰ বাহিৰে তোক

নোপোচে কোনেও ঘৰত।

মই আছিলোঁ সন্মানৰ প্ৰতীক

বিদায় সভা শুৱনি কৰা

সযতনে ৰাখিছিল বেৰত ওলোমাই

ওলালেই হাততে পোৱা।

ককাই ভনী দুইজনে মিলি

আছিল মুখ চুপতি মাৰি

কণমইনাই আহি আজুৰি নিলেহি

ককাৰ ক’লা ছাতিটি।

বগৰী গছত বগৰী লাগিছে 

গছ ভৰি লমালমে

মইনাই কোবালেহি  ভৰা গছত

ককাৰ ছাতিৰ নালেৰে।

কেঁকাই উঠিল ক’লা ককাইটি

গাত থেকেচা খাই 

বহু বছৰ হ’ল লৰচৰ নকৰা

কেনেকৈনো সহে মাৰ।

হাঁকুটী হ’লহি মইনাৰ হাতত

ঐতিহ্য পৰিল ম্লান,

ভনীটিৰ ওচৰত মুখ উলিয়াবলৈ

কাইটিৰ লাগিল লাজ।

************

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *