গ্ৰন্থ:১৯৬২,লেখক: মৃণাল তালুকদাৰ-মামণি কলিতা
মৃণাল তালুকদাৰৰ ‘১৯৬২’ পঢ়িলোঁ। এক ভ্ৰমণ কাহিনীৰ আলমত লিখিছে। বিগত ৫০ বছৰে সকলোৰে অলক্ষিতে লুকাই থকা এক অলিখিত বুৰঞ্জী। দেশ,প্ৰদেশ,গাঁও আগেয়ে নাম নুশুনা অজস্ৰ এলেকাৰ কাহিনী। নতুন নতুন ঘটনাৰ মোৰ। অনন্য বৰ্ণনা আৰু উপস্থাপনে পাঠকক টানি লৈ যায় সেই দুঃসময়লৈ। যি সময়ৰ বুৰঞ্জী আজিও মানুহে নাজানে সঁচা কি। এখন যুদ্ধ। নাম ভাৰত-চীন যুদ্ধ। সৰুৰেপৰা শিকোৱা হৈছে সেয়া চীনৰ আক্ৰমণ বুলি। কিন্তু সেয়া কিমানদূৰ সত্য বাৰু? ব’মডিলা পাৰ হৈ আহিও চীনা সৈন্য কিয় ঘূৰি গ’ল? দৰাচলতে কাৰ আৰু কিহৰ কাৰণে হৈছিল এই যুদ্ধ?যোৱা ৫০ বছৰে তাৰেই অণ্বেষণত বহুজনেই এই পৃথিৱীত ভ্ৰমি ফুৰিছে। তেনে অণ্বেষণৰেই এক সংযোজন ১৯৬২।
সমগ্ৰ কাহিনীক সৰ্বমুঠ ২৭ টা ভাগত বিভক্ত কৰিছে লেখকে। প্ৰতিটো খণ্ডই উন্মোচন কৰি গৈছে সত্য কি আছিল!
ভাগসমূহ হ’ল-
সত্য কি!, কাৰ ভুল!, সীমান্তৰ মাদকতা, ক’ত আছে ৰিমা, মেজৰ বব খাটিং, এটা শিল আৰু বুমলা, কোন সাম্ৰাজ্যবাদী, হিন্দী-চিনী ভাই ভাই, দালাই লামাৰ পলায়ন, অন্ধ আৱেগ, বুমলা বহুদূৰ, চিংফৌ আৰু মিচিমি, বৰ ভূঁইকঁপ, লোহিতৰ পাৰে পাৰে, বৰফৰ মাজত চেলা, ফৰৱাৰ্ড পলিচী, অপাৰেচন লেগহৰ্ন, দা হাম্প, ইয়াতেই শেষ হিমালয়, ধ্বংস হৈ গ’ল এটা ব্ৰিগেড, কিবিথো দখল, যুদ্ধবন্দী ব্ৰিগেডিয়াৰ ডালভি, নেহৰুৰ জন্মদিনৰ উপহাৰ, ঘূৰি নাহিল ৮৩২ জন, বমডিলাৰ পতন, পৰাজয় সম্পূৰ্ণ, যুদ্ধবিৰতি আৰু শেষত পৰিশিষ্ট।
চীনৰ আগ্ৰাসন নে ভাৰতৰ সাম্ৰাজ্যবাদৰহে প্ৰতিফলন ঘটিছিল ১৯৬২ চনত?কোন সঁচা কোন মিছা?”তাৰেই উত্তৰ আছে ১৯৬২ত। নেহৰুৰ ভুল সিদ্ধান্তৰ বলি হৈছিল হেজাৰ হেজাৰ নিৰপৰাধী সৈনিক। কেৱল মাত্ৰ আৱেগ আৰু অন্ধ দেশপ্ৰেমৰ ভাৱৰ বশৱৰ্তী হৈ নিজকে আগবঢ়াই দিছিল মৃত্যুৰ মুখলৈ। তাৰ বাহিৰে কৰিব পাৰেই বা কি! আন কোনো পথ খোলা নাছিল তেওঁলোকৰ বাবে। এজন অদক্ষ জেনেৰেলৰ কাৰণে ভাৰতীয় সেনাৰ ৪টাকৈ ব্ৰিগেড ধ্বংস হৈ গৈছিল চীনৰ হাতত আৰু এটাৰ পিচত এটাকৈ গৰ্বিত ব্ৰিগেডক মৰিবলৈ আগুৱাই দিয়া হৈছিল চীনৰ হাতত নামকাছুত। এই নামকাছুতেই হৈছিল সেই ঐতিহাসিক যুদ্ধখন। ১০ অক্টোবৰৰ পৰা ১৬ নৱেম্বৰ ১৯৬২ লৈ। অকল এটা ব্ৰিগেডেই ধ্বংস হোৱা নাছিল বৰঞ্চ ধূলিস্যাৎ হৈ গৈছিল ভাৰতবৰ্ষৰ হাজাৰ হাজাৰ বছৰৰ স্বাভিমান, শ শ বছৰৰ ভাৰত-চীন মৈত্ৰী আৰু স্বাধীনতাৰ পিচৰ ১৫ বছৰৰ মিছা বীৰত্ব। লগতে ধূলিস্যাৎ হৈ গৈছিল অহিংস ভাৰতৰ বিশ্ব নেতৃত্বৰ সপোন।
মৃত = ১,৩৮৩,নিখোজ = ১,৬৯৬,যুদ্ধবন্দী = ৩,৯৬৮,মুঠ = ৭,০৮৯
অৰ্থাৎ ১,৬৯৬ টা পৰিয়াল আজিও ৰৈ আছে, তেওঁলোকৰ প্ৰিয়জনৰ কিবা খবৰ পাব বুলি ভাবি! কিতাপখন পঢ়ি গৈ থাকোঁতে এনে লাগে যেন সন্মুখত ৰৈ লেখকে নিজেই কৈ গৈছে সেই উপন্যাসৰ দৰে কাহিনী, যি এসময়ত অপ্ৰিয় বাস্তৱ আছিল। যুদ্ধৰ বৰ্ণনাসমূহ এখন ছবিৰ দৰে পঢ়োঁতে চকুৰ আগত ভাহি উঠে। সৈনিকসকলৰ অসহায় অৱস্থা দেখি বুকুখন বিষায়। দিল্লীৰ ভুল সিদ্ধান্ত আৰু খামখেয়ালিবোৰ জানিব পাৰি খং উঠে। বাৰে বাৰে কৰা ভুল বৈদেশিক নীতিৰ বাবেই যুদ্ধ এখন বাস্তৱত সম্ভৱ হৈ উঠিল।কিতাপখনৰ ভাষা আৰু বৰ্ণনা খুব সুন্দৰ আৰু সাৱলীল। নতুন নতুন ঠাই আৰু সেইবোৰৰ প্ৰাকৃতিক বৰ্ণনাই আকৰ্ষণীয় কৰি তুলিছে। একেলগে ভূগোল, বুৰঞ্জী আৰু ভ্ৰমণৰ এনে বিৱৰণ থকা এখন সঁচাই খুব সুন্দৰ কিতাপ।
************