জীৱনৰ ৰং-মাতু কুকুৰাচোৱা
আপোনতাৰ এষাৰ মাতেও সঞ্জীৱনী সুধা কঢ়িয়ায়।
জন্ম, মৃত্যু আৰু বিবাহ এইকেইটাৰ ওপৰত অদৃষ্টৰ বাহিৰে কাৰোৱেই হাত নাই কিজানি। প্ৰভুয়ে নিবিচাৰিলে একোৱেই সম্ভৱ নহয় আনকি মৃত্যুও! জীৱন সেইজনৰ বাবে বৰ সুন্দৰ হয় যিয়ে মৃত্যুক অতি ওচৰৰপৰা দেখা পায়।
তেতিয়া মই ক্লাছ নাইনত আছিলো। এদিন ৰাতি হঠাৎ সাৰ পাই মাক বাহিৰলৈ যাবলৈ মাতিলো, মায়ে নিজৰ ৰূমৰপৰাই “উঠি আহ” বুলি ক’লে। আৰে, মই দেখোন উঠিব পৰা নাই বিছনাৰপৰা! কৰঙনত এটা বিষ অনুভৱ কৰিছো। মাক চিঞৰি মাতিলো। মায়ে আহি “দিনত ক’ৰবাত দুখ পালি হ’বলা” বুলি ধৰি তুলি দিলে, মাৰ গাতে ধৰি বাহিৰৰপৰা আহি আকৌ শুই পৰিলোঁ।
ৰাতিপুৱা মায়ে আমাক পঢ়িবলৈ পুৱাতে শোৱাৰপৰা তুলি দিছিল। সিদিনাও উঠালে। কিন্তু মই দেখোন উঠিব নোৱাৰা হৈ পৰিলোঁ! এইবাৰ বিষ কৰঙনৰপৰা আঁঠু আৰু পানী গাঁঠিত বিয়পি পৰিল! যদিও বিষ সহ্যৰ সীমাতে আছে তথাপি মই কান্দি দিলো। দাদা আৰু ডিউটিলৈ বুলি যাবলৈ ওলোৱা দেউতাই ধৰি আনি বাহিৰৰ চকীত বহুৱাই দিলে। দিনটোৰ ভিতৰতে বিষে মোক এনেদৰে কোঙা কৰি পেলালে যে মই লৰচৰ কৰিব নোৱাৰা হ’লো। দাদাই ডাক্তৰ আনিলে। কোনোৱে বেজৰ কথাও ক’লে,সেয়াও কৰিলে। মুঠতে ভাল হ’বৰ বাবে যেয়ে যেনেকৈ কয় তাকেই কৰিলে ঘৰৰ মানুহে দিনটোৰ ভিতৰতে।
পিছদিনাও বিষ কমক চাৰি ক্ৰমান্বয়ে বেছি হোৱাত মোক শিৱসাগৰৰ অ’.এন.জি.চি হস্পিটেলত ভৰ্তি কৰোৱা হ’ল। তাত ডাক্তৰৰ দৰৱৰ লগতে ঘৰৰপৰা নিয়া নানান দ্ৰব্যৰ ব্যৱহাৰত এমাহমানৰ পাছত ভাল পালোঁ। আকৌ গতানুগতিকভাৱে সময়বোৰ আগুৱাবলৈ ধৰিলে আৰু মোৰ মনৰপৰাও সেই ভয়াৱহ দিনৰ এমহীয়া স্মৃতি হেৰাই যোৱাৰ উপক্ৰম হ’ল।
কিন্তু কিছুবছৰৰ পাছত বি.এ.ছেকেণ্ড ইয়েৰত পুনৰ সন্মুখীন হ’লো এই বাতবিষৰ! এইবাৰ আৰু ভয়ানক মোৰ বিষ! শৰীৰৰ এডালো হাড় যেন সাৰি যোৱা নাই বিষৰ কৱলৰপৰা। লাহে লাহে খোজ কাঢ়িব নোৱাৰা হৈ বিছনাৰপৰা উঠিবই নোৱাৰা হৈ পৰিলোঁ। দেউতাই বোকোচাত তুলি ৰাতিপুৱা বিছনাৰপৰা বাহিৰলৈ আনে আৰু দিনত দাদায়ে বোকোচাত বিছনালৈ নিয়ে। ওচৰৰ ডাক্তৰ, বেজ-জ্ঞানীৰ চিকিৎসা আৰম্ভ হ’ল। ওচৰৰ বাৰীৰ বিহলঙনীৰে ভৰি পৰিল মোৰ কাষ। বিহলঙনীৰ কোবত জৰা-ফুকা আৰম্ভ হ’ল। মনৰ বিশ্বাস নে আন কিবা নাজানো, বেজে জাৰি দিয়াৰ পাছতে যেন কিছুসময়ৰ বাবে আৰাম পাওঁ মই। আচলতে বিপদৰ সময়ত খেৰকুটাডালেও ঔষধৰ কাম কৰে। দুঘণ্টা মানৰ পাছতেই আকৌ একে,বিষত কেঁকাই উঠো।
তেনেতে আত্মীয় এগৰাকীয়ে বিহাৰী সম্প্ৰদায়ৰ এজন জৰা-ফুকা কৰা লোকক আমাৰ ঘৰলৈ লৈ আহিল। তেওঁ মোক দেখি ক’লে…….
“মই এনেকুৱা বেমাৰ ভাল কৰিছোঁ, বাহিৰা বস্তু লাগি আছে, ভাল হ’ব।”
ঘৰৰ মানুহে যেন সকাহ পালে তেখেতৰ কথাত। তেওঁ আমাৰ ঘৰতেই থাকি লৈ মোৰ চিকিৎসা আৰম্ভ কৰিলে। চিকিৎসাৰ নামত যেন মোৰ ওপৰত এক অত্যাচাৰ! বিষত কোঙা হৈ থকা মোক লাখুটিৰ ভৰত থিয় হ’বলৈ দি কিবা মন্ত্ৰ মাতি কঁকালৰ জোৰাতে ঢকা এটা দি খোজ কাঢ়িবলৈ কয়, মই চিঞৰি উঠো। যিজনী মানুহৰ খোজ কি থিয় হোৱাৰেই শকতি নাই, সেইজনী মানুহে দুখোজ গৈয়েই হাওলি পৰোঁ। কিন্তু তেওঁৰ মতে সেয়া বাহিৰা বস্তুৰ কাম !
মই ভাল হোৱাৰ আশাত তেওঁৰ ওচৰত মা-দেউতা অসহায়। কিন্তু মোক ভাল কৰাৰ নামত কৰা চিকিৎসাত তেওঁলৈ মোৰ ভয় লাগিবলৈ ধৰিলে। এদিন দিনত মাক কলো….
“মা মোক মৰি থাকিবলৈ কিবা এটা দে মই খাই দিওঁ, নহ’লে এইটোৱে মোক মাৰি পেলাব।”
মোৰ এই কথা শুনি ওচৰতে থকা ভন্টীয়ে মই লোৱা লাখুটিডালেৰে শুই থকা বেজজনক এনে দুটা মাধমাৰ দিলে যে বেজে আৰু নাথাকোঁ বুলি গুচি গ’ল। আচলতে তেওঁ চাগে যাবলৈ বিচাৰিয়েই আছিল। ডাক্তৰ, কবিৰাজী সকলো চিকিৎসা কৰাৰ পাছতো বিষ নকমাত সকলোৱে ভাবিলে মই আৰু বাচি নাথাকোঁ। সকলোৱে ভগৱানৰ ওপৰত মোৰ আশা এৰি দিলে আৰু মই বিষত কোঙা হৈ বিকৃত মুখেৰে চাওঁ দেউতা, মা আৰু দাদাৰ মুখলৈ। মোৰ এই চাৱনি সিঁহতৰ বাবে চাগৈ কিমান অসহ্য আছিল! আপডাল কৰিলেও বিষৰ ভাৰ ল’ব নোৱাৰি মায়ে মই নেদেখাকৈ চকুলো টুকিছিল।
অৱশেষত দেউতাই ডিব্ৰুগড়ত থকা খুৰাৰ লগত কথা পাতি মোক ডিব্ৰুগড়ৰৰ দামানি নাচিংহোমত ভৰ্তি কৰালে পুণৰ। খুৰাৰ বহুকেইজন বন্ধু আছিল যিকেইজন পেছাত চিকিৎসক। ডাক্তৰ নৃপেন গগৈ খুৰাৰ তত্বাৱধানত মোৰ চিকিৎসা আৰম্ভ হ’ল। তেওঁ মোৰ বিভিন্ন পৰীক্ষা কৰি খুৰাক জনালে যে লাহে লাহে মোৰ এই বিষ হাৰ্টলৈ বিয়পি পৰিছে। অসুখ হাৰ্টলৈ বিয়পি যোৱাত ডাক্তৰ হেমচন্দ্ৰ কলিতা খুৰাই এইবাৰ মোৰ চিকিৎসা আৰম্ভ কৰিলে। মই মানসিকভাবে কিছু ভাগি পৰিলোঁ সেই সময়ত । নিজকে হাৰ্টৰ বেমাৰী বুলি ভাবিবলৈ ধৰিলো। বিষ নহ’লেও যেন মোৰ বুকুত বিষ হয়!
মই ভয় খোৱাৰ আৰু এটা কাৰণ আছিল। আমাৰ মামাৰ ঘৰ ওচৰতে। মোৰ এই অসুখ হোৱাৰ সময়তে মোতকৈ দুই-তিনিবছৰে ডাঙৰ মোৰ মামাৰ ল’ৰাটোও এই অসুখতে আক্ৰান্ত হৈছিল। আমি দুয়োটাই একেলগে একেকেইজন ডাক্তৰৰ তত্বাৱধানত চিকিৎসা কৰি আছিলোঁ। তাৰ অসুখ ভিতৰি হয়তো মোতকৈ বেছি হৈছিল আৰু মোৰ চিকিৎসা হৈ থকাৰ সময়তে তাৰ মৃত্যু হ’ল। তাৰ মৃত্যুৱে মোক মানসিকভাৱে হতাশ কৰি পেলালে। ময়ো মৰিম এই ভাবটোৱে অহৰ্নিশে মোৰ মনত খোপনি পুতিবলৈ ল’লে। মোৰ মনৰ অৱস্থা বুজিব পাৰি
তেতিয়া খুৰাৰ অন্য এজন বন্ধু ডাক্তৰ অমৃত কুমাৰ বৰুৱা খুৰাই তেওঁৰ সুন্দৰ কথাৰে মোৰ আত্মবিশ্বাস এনেদৰে জগাই তুলিলে যে মই আত্মবিশ্বাসী হৈ পৰিলোঁ। তেওঁৰ সেই মনত জোৰ অনা কথাবোৰ হয়তো মই মৃত্যুৰ দিনলৈকে নাপাহৰোঁ।
ইয়াৰোপৰি পৰিচাৰিকা হিচাপে থকা মৰমৰ ৰঞ্জু বাইদেউ,আৰুণিমা বা আৰু সবিতাবাৰ কথাবোৰ এতিয়াও মনত পৰে। ৰাতি বিষত চিঞৰি কন্দা শুনি সবিতাবাই মনে মনে দিয়া বিষৰ বেজীটোৰ কথা কেনেকৈ পাহৰিম!কিছুদিনৰ আগতে শহুৰ দেউতাৰ অসুখত দামানি নাৰ্চিংহোমতে লগ পাই সবিতাবাই সাবটি ধৰি সুধিবলৈ পাহৰা নাছিল “তোৰ আকৌ হৈছিল নেকি সেই বিষ” বুলি । ইমান আপোনতাত দুচকু সেমেকি উঠিছিল দুইজনীৰে।
বাত বিষ যাৰ হৈছে সিহে বুজিব পাৰে কিমান মাৰাত্মক এই বিষ! ভগৱানে কাকো নিদিয়ক এই অসহ্য বিষৰ অভিজ্ঞতা। বিষ যিমান মাৰাত্মক বিষৰ উপশম ঘটোৱা বেজী লোৱাও সিমানেই কষ্টদায়ক। এনেই নকয় “হুলেহে হুল কাঢ়ে” বুলি…penideu injection ৰ নামটো শুনিলেই আজিও গাৰ নোম থিয় হৈ যায়। একৈশ দিনৰ মূৰে মূৰে কিমান বেজী ল’লো তাৰ হিচাপ নাই মোৰ ওচৰত। এই বাতবিষ কোনো বেজৰ জৰিয়তে ভাল নহয়। উপযুক্ত সময়ত উপযুক্ত চিকিৎসা পালেহে এই বেমাৰ ভাল হয়। যথোপযুক্ত চিকিৎসাৰ অভাৱত এই বেমাৰত মৃত্যুও হৈছে বহুজনৰ ।
সঁচাকৈয়ে, মৃত্যুক গাৰ কাষতে পালে জীৱনলৈ বৰ মোহ জাগে। তেতিয়াৰেপৰা বৰ ভাল পাওঁ মোৰ এই জীৱনটোক। নিজৰ মাজতে সুখ বিচাৰি ফুৰোঁ মই। জীৱনটো সঁচাকৈয়ে বৰ সুন্দৰ। বিপদ মানুহৰ জীৱনত থাকিবই, সেই সময়ত আমাৰ বাবে অতি জৰুৰী ধৈৰ্যৰ। যিকোনো ক্ষেত্ৰত বিচৰাটো পাবলৈ নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব। ইচ্ছাশক্তি আৰু আত্মবিশ্বাস থাকিলে জীৱনত পোৱা প্ৰবল বাধাকো নেওচি আগুৱাই যাব পাৰি। ধৈৰ্য আৰু কিছু সহ্যই জীৱনক সুন্দৰ কৰি তোলে।। বাকী সুখ-দুখ আমাৰ বুকুতে আছে।
************