জীৱন তৃষ্ণা-সংহিতা ভট্টাচাৰ্য্য

আইমানু, কাইলৈ আইতা আহিব।

হয় নেকি মা।

আইতা বুলি ক’লেই ধকধকীয়া বগা কাপোৰ এজোৰেৰে ওৰণি এখন লৈ থকা সাদৰী মানুহ এগৰাকীৰ কথা মনলৈ আহে তাইৰ। মনত থকা দিনৰেপৰা আইতাকক তাই এইদৰেই দেখি আহিছে। ৰঙা সেন্দূৰৰ ফোঁটটিৰে সৈতে আইতাজনীনো কেনেকুৱা আছিল জানিবলৈ বৰ মন যায় তাইৰ। কিন্তু ফটো একপিওতো নাই চাবলৈ। তেতিয়াৰ দিনতনো ক’ত ইমান ফটো উঠিছিল মানুহে। ভাবিলে মনটো কেনেবাখন লাগি যায় তাইৰ।

কাৰ লগত আহিব মা? মাকক সুধিলে তাই।

খুড়াৰে ৰাতিপুৱাই থৈ যাবহি।

আইতা খুড়াৰ লগত গাঁৱৰ ঘৰখনত থাকে। মাজে মাজে সিহঁতৰ ঘৰত এমাহমান থকাকৈ আহে আইতাক।আইতাক থকাৰ দিনকেইটা কিমান যে ফূৰ্তি সিহঁতৰ মানে তাইৰ আৰু তাইৰ ভায়েক দুটাৰ।কিমান যে সাধু কথা শুনিব পাব।ভাবিয়েই ভাল লাগি যায় সিহঁতৰ।

কি ভাবি আছ,সোনকালে কামবোৰ কৰি আজৰি হ,পাবহিয়েই এতিয়া। মাকে কোৱা কথাষাৰত তাই যে ইমানপৰ কিবা ভাবি আছিল গমেই পোৱা নাছিল। আইতাক আহিলেই সিহঁতৰ ঘৰৰ বিশেষকৈ পাকঘৰটোৰ কিছুমান পৰিবৰ্তন হোৱা সৰুৰেপৰা দেখি আহিছে তাই।আছুটীয়াকৈ ট্ৰাংক এটাত থৈ দিয়া কাঁহৰ বাচনখিনি ধুই মচি উলিয়াই অনা হয়। ছিংগল গেছ স্তভ টো উলিয়াই তলত ঠিক কৰি লোৱা হয়।মুঠতে কিমান যে কি।আনকি আইতাকৰ পাচলি কটা কটাৰী খনো বেলেগ । আইতা থকা কেইদিন আমাক মাহঁতে পাচলিক খাৰদী বুলি ক’বলৈ অভ্যাস কৰায়।পাচলি বুলি ক’লে বোলে মাছ মাংস আদি সকলোবোৰকে বুজায়।গতিকে আইতাই তেনেকৈ ক’লে নাখাব। মনটোতে বেয়া পাব। কাৰণ আইতা বিধবা। কিমান যে নিয়ম! সৰুৰেপৰা শুনি থকা এই কথাবোৰ তাইৰ আজিকালি কিবা আচহুৱা লগা হ’ল। কিবা ভাল নলগা হ’ল।

মা,আইতা আহি পালেহি। গেটখনৰ ওচৰত আইতাক আৰু খুৰাকক দেখি মাকক চিঞৰি চিঞৰি ওলাই গ’ল তাই।

এদিন দুদিনকৈ এসপ্তাহেই হ’লহি আজি আইতাক অহাৰ। এই দিনকেইটা কেনেকৈনো পাৰ হৈ গৈছে গমকে পোৱা নাই তাই। দিনটো আইতাকৰ লগত লাগি থাকোঁতেই যায় আৰু সন্ধিয়া আইতাক আগফালে বাৰাণ্ডাখনত বহি থকাৰ ওচৰতে তায়ো বহি থাকে।কিমান যে কথা পাতে সিহঁত দুজনীয়ে…. যেন বহুদিনৰ মূৰত লগ পোৱা দুজনী বান্ধৱীহে । বিচনীখনৰে বিচি বিচি আইতাকে অতীতৰ কথাবোৰ কৈ যায় আৰু তাই শুনি থাকে এক বেলেগ ধৰণৰ আমেজেৰে যেন সাধুকথা হে সেইবোৰ।

‘আইতা, ককাৰ লগত তোমাৰ লাভ মেৰীজ আছিল নে এৰেঞ্জ মেৰীজ?’

ধেৎ এইজনী। আমাৰ সময়ত এইবোৰ লাভ মেৰীজ চাভ মেৰীজ নাছিল। মিচিকিয়া হাঁহি এটাৰে আইতাকে উত্তৰ দিলে।

কিয় নাছিল? সেইখিনি সময়ত কি কোনেও কাকো ভাল পোৱাই নাছিল নেকি?

নহয়। নোহোৱা নহয় কিন্তু খুব কম আছিল তেতিয়া। কাৰণ এইবোৰ বুজি পোৱাৰ আগতেই দেখোন ছোৱালী এজনী বিয়া দি দিছিল। মোৰ বিয়াই হৈছিল ৯ বছৰ বয়সতে।গতিকে সেইটো বয়সত প্ৰেম ভালপোৱা নো কি বুজি পোৱাই নাছিলোঁ দেখোন। পুস্পিতা হোৱাৰ আগতেই বিয়া দিয়াৰ নিয়ম আছিল তেতিয়া। মাকৰ ঘৰতে পুষ্পিতা হোৱা ছোৱালীক বিয়া নকৰিছিল কোনেও। গতিকে সেইবোৰ বুজি পোৱাৰ আগতেই যিজনৰ লগতে বিয়া দিছিল, সেইজনেই হৈ গৈছিল সকলো। তেওঁৰ কাৰণেই আছিল জীৱন। তেঁৱেই পৃথিবী। তেওঁৰ কাৰণেই আকাশত তৰা উজলিছিল।তেওঁক লৈয়েই সকলো সপোন আছিল। বেলেগ কাৰোবাৰ কথা মনলৈ অহাৰ আগতেই দুটা তিনিটা ল’ৰা ছোৱালীৰ মাক হৈছিল।সেইটোৱেই আছিল নিয়ম। আচৰিত হৈ শুনিছিলোঁ মই। কাহানিও নেদেখা নুশুনা মানুহ এজনৰ লগত কেনেকৈনো গোটেই জীৱনটো কটাব পাৰিম বুলি ভাবিব পাৰি? কিন্তু আগৰ মানুহবোৰে পাৰিছিল।সেইজন মানুহকে প্ৰাণ ভৰি ভাল পাইছিল। শ্রদ্ধা, ভক্তি,ভালপোৱা কেৱল সেই এজন মানুহৰ বাবেই। ইটোৱে সিটোৰ বাবে ত্যাগ কৰিব পাৰিছিল সকলোবোৰ।ভাবিলে আচৰিত লাগে তাইৰ। আছেনে তাইৰ এনেকুৱা কোনোবা যাৰ লগত গোটেই জীৱনভৰ তাই কটাব পাৰিব! দিব পাৰিব শ্ৰদ্ধা,ভক্তিৰ লগতে সঁচা ভালপোৱা। এফালৰ পৰা কেইবাখনো মুখ তাইৰ চকুৰ আগত ভাহি থকাৰ মাজতে এখন মুখৰ ওচৰত তাই ৰৈ গ’ল। মনটো কিবা লাগি গ’ল তাইৰ। বুকুখনৰ কোনোবা এখিনিত বিষ অনুভৱ কৰিলে। যন্ত্ৰণাদায়ক অথচ মধুৰ। কি যে ভাবি আছে তাই। তাইৰ মন গ’ল বুলিয়েই অজাতি ল’ৰা এটালৈ বিয়া হোৱাটো যে এইখন ঘৰত একেবাৰে অসম্ভৱ কথা সেইটো অন্ততঃ তাই জানে। তাই মনটো আঁতৰাই আনিলে জোৰকৈ। বুকুখন গধুৰ হৈ পৰিল।

ৰাতিপুৱা উঠিয়েই দেখিলোঁ মায়ে পাকঘৰৰ বস্তুবোৰ এটা এটাকৈ ওপৰত উঠাইছে।

কি কৰিছা মা এয়া।।

কাইলৈৰ পৰা ষাঁঠ লাগিব নহয় আইতাৰ বস্তুবোৰ ওপৰত উঠাইছো।

এইকেইদিনত মাটিত লাগি থকা বস্তুবোৰ আইতাৰে নাখাব। আজিয়েই বাকী বস্তুবোৰো আনি ল’ব লাগিব।এইকেইদিন আইতাই ভাত নাখাব নহয়। অকল ফলাহাৰ আৰু বুট মগুৱেই খাব।চাগু খাব পাৰিব দিনত অৱশ্যে।

এইবোৰ আকৌ কি নিয়ম? আচৰিত হৈ সুধিলোঁ মই।।

ইমান বছৰে আইতাই তেনেকৈয়ে খাই আহিছে।তই পাহৰিছ।

মনত আছে সৰুকালৰ কথা।সেইকেইটা দিনত আমাৰ ঘৰ ফলমূলেৰে উপচি থাকে।ওচৰৰ মানুহে ষাঁঠ লগাৰ এদিন আগতেই আইতাৰ বাবে বস্তুবোৰ দি যায়হি।তেতিয়া সৰু আছিলোঁ বাবে এইবোৰ কথা ইমান ভবা নাছিলো। আইতাই কি খাইছে কি নাখাইছে সেইবোৰ আমাৰ চিন্তাৰ বিষয় নাছিল তেতিয়া।বৰঞ্চ সেইকেইটা দিন আছিল আমাৰ বাবে আনন্দৰ দিন। কাৰণ কল আপেল কমলা খেজুৰ আদি কৰি সকলোবোৰ বেছি পৰিমানে আমাৰ পেটত সোমাইছিল। একেলগে ইমানবোৰ বস্তু আমি আগতে ঘৰখনত দেখা নাপাওঁ।গতিকে পাওঁতেই কোনে কিমান পাৰে খোৱাটোহে আছিল আমাৰ তেতিয়া প্ৰধান চিন্তা। কিন্তু কথাবোৰ এতিয়া অন্যধৰণে ভবা হ’লোঁ। এইকেইটা দিন অনবৰতে আইতাৰ কথাকে মনলৈ আহি থকা হ’ল মোৰ। আইতাই কেনেকৈ ভাত নোখোৱাকৈ অকল এইবোৰ বস্তুকে খাই থাকিব পাৰে ভাবি মই আচৰিত হওঁ। কিন্তু তাতোকৈও আচৰিত কৰে মোক আইতাই অলপো অসন্তোষ নকৰাকৈ ইমান তৃপ্তিৰে বস্তুবোৰ খোৱা দেখিলে। এয়া আইতাৰ ককাৰ প্ৰতি শ্ৰদ্ধা আৰু ভালপোৱা নে সমাজখনৰ প্ৰতি ভয় বা দায়িত্ব আছিল বুজি পোৱা নাছিলোঁ। সমাজ এখনে এগৰাকী মানুহক কেনেকৈ যে নিয়ম কিছুমানেৰে বান্ধি পেলায় ভাবিলে আচৰিত লাগে আইমানুৰ। এগৰাকী নাৰীৰ বাবে বৈধব্য জীৱন যে কিমান যন্ত্ৰণাদায়ক। তাতে ব্ৰাহ্মণৰ বৈধব্য জীৱন দেখিলেতো ভয় লাগি যায় তাইৰ। মাছ, মাংসতো দূৰৰে কথা মচুৰ দালি অকণমানকে খাব নোৱাৰে। বৰ আচৰিত এই সমাজ ব্যৱস্থা।

নালাগে মা। নিয়মবোৰ সলাবৰ হ’ল আৰু। আইতাই ভাতেই খাব।

‘এয়া আকৌ কি কৈছ’? মাকে আচৰিত হৈ সুধিলে আইমানুক। তই ভাবিছ নেকি দি দিলেই যে আইতাই ভাত খাব।

এইবোৰ সব তোমালোকৰ নিচিনা মানুহৰ কাৰণেই হৈছে। মানুহেই টো নিয়মবোৰ বনাই। তেন্তে মানুহেই নো ভাঙিব নোৱাৰিব কিয় এই নিয়ম?!

‘অ’ তহঁতৰ সৱ দোষ মোৰ ওপৰতেই। সকলো সমস্যাৰ মূল ময়েই । যা তেন্তে তয়েই সমাজখন পৰিবৰ্তন কৰগৈ।যদি পাৰ কৰিব ময়ো তোৰ লগত থাকিম কথা দিলোঁ আজি’। থোকাথোকি মাতেৰে কথাখিনি কৈ থাকিল মায়ে।

মা হ’ল সহজ সৰল মানুহ। কোনো জটিলতা নোহোৱা মায়ে সমাজখনৰ লগত মিলি থাকিব খোজে। সমাজৰ লগত মিলি থাকি ভাল পায়। ভুল আছে বুলি জানিলেও মাৰ সেইবোৰৰ বিপক্ষে যুঁজ দিবলৈ শক্তি বা সাহস নাই। বেচেৰী ‘মা’ জনী। বেয়া লাগি গ’ল মোৰ। সঁচাকৈয়েতো। মায়েনো অকলে কি কৰিব। নিজ ঘৰখনতে মায়ে নিজৰ মনেৰে একো কৰিব নোৱাৰে।সমাজখনতো দূৰৰে কথা। আমি সকলোবোৰ দোষ মাৰ ওপৰতেই জাপিব খোজোঁ। দেউতাকতো একোৱেই নকওঁ। লাহে লাহে সেইখিনিৰপৰা মই গুচি আহিলোঁ।

আজি আমাৰ ওচৰৰ পুখুৰীটোত মাছ মাৰিব। কিমান যে ভাল লাগিব। বেছি মাছ নোলায় যদিও মাছ মৰাটোৱেই সকলোৰে আনন্দ। গৰৈ, ৰৌ, পুঠি, মাগুৰ, সৰু সৰু খালিহনা, মাছবোৰ চাই থাকি বৰ ভাল পায় তাই। পাৰত ধৰি অনা মাছবোৰে যেতিয়া জঁপিয়াই থাকে তাইৰ আকৌ পুখুৰীটোত পেলাই দিবলৈহে মন যায়।

‘ আইতা, তুমি সৰুতে মাছ খাই ভাল পাইছিলা নে’?

‘বৰ ভাল পাইছিলোঁ মাজনী। চিতল মাছ আছিল মোৰ সকলোতকৈ প্রিয়। ঘৰৰ সৰু আছিলোঁ কাৰণে দেউতাই সদায় ডাঙৰ কলঠিকণ মোৰ কাৰণে থৈ দিবলৈ কৈছিল মাক আৰু কাঁহীৰ কাষত নিজৰ ভাগৰ অকণমান সদায় মোলৈ থৈ দিছিল। বৰ উৎসাহেৰে কৈ থকা কথাখিনি শুনি শুনি তাই আইতাকৰ মুখলৈ ৰ লাগি চাই আছিল। উজ্জ্বল হৈ পৰা আইতাকৰ মুখখন দেখি কিবা এটা বৰ ভাল লাগি গৈছিল তাইৰ।

‘এতিয়ানো কিয় নোখোৱা মাছ’। হঠাতে তাই সোধা প্ৰশ্নত আইতাক থৰ হৈ ৰৈ গ’ল।

‘এতিয়া এইবোৰ কথা ভবাটোও পাপ। ককাৰ আত্মাই শান্তি নাপাব। এই কথা আৰু কেতিয়াও নুসুধিবি।’

কথাখিনি কৈ কৈ আইতা লাহেকৈ ভিতৰলৈ উঠি গ’ল। আইতাকৰ মনটোত এক বিমৰ্ষ আৰু হতাশ ভাৱ আইমানুৱে লক্ষ্য কৰিলে। ছেঃ! কিয় নো সুধিব লাগিছিল এই কথা। মিছাতে কষ্টহে দিয়া হ’ল আইতাকৰ মনটোত। নিজৰ ওপৰতেই খং উঠি গ’ল আইমানুৰ।

মাজৰাতি হঠাতে হোৱা শব্দ এটাত মা আৰু মই সাৰ পাই উঠিলোঁ। কি বাৰু?

মা আৰু মই সদায় একেলগে শোওঁ। আজিও একেলগে শুইছোঁ। আইতা অহাৰ পৰা আমাৰ ওচৰৰ সৰু বিচনাখনতে আইতা শুৱে।

শব্দটো শুনি মা আৰু মই দুয়োজনীয়ে আইতাৰ বিছনাৰ ফালে চালোঁ। আইতা দেখোন নাই। লৰালৰিকৈ দুয়োজনী উঠি গ’লো। এইবাৰ সৰুকৈ এটা শব্দ হ’ল পাকঘৰৰ ফালে। মা আৰু মই দুয়োজনী গৈ দেখি থৰ হৈ ৰৈ গ’লো। এয়া দেখোন আইতা। পাকঘৰৰ চুক এটাত বহি আছে। হাতত এটা বাতি। ইজনীয়ে সিজনীৰ মুখলৈ চালোঁ। কি ক’ম একো বুজি নাপালোঁ। লাহে লাহে দুয়োজনী আহি বিছনাত পৰিলোঁহি।

মানুহৰ মনটো মানুহৰ একান্ত নিজৰ। কাৰো সাধ্য বা শক্তি নাই ইয়াক আনৰ অধীনত ৰখাৰ। লোভ ,মোহ, মায়া, ভালপোৱা কোনেও জোৰকৈ এৰাবও নোৱাৰে নাইবা কাৰো ওপৰত জাপি দিবও নোৱাৰে।সমাজৰ কিছুমান নিয়ম-কানুন বাহ্যিকভাৱেহে মানুহে মানি লয়,মনেৰে নহয়। কোনো নিয়মে মানুহৰ মনটোক বান্ধি ৰাখিব নোৱাৰে। আইতাই বৰ তৃপ্তিৰে বাতিটোত থকা মাছডোখৰ খাই থকা দৃশ্যটো বাৰে বাৰে মনলৈ আহি থাকিল। আইতাক এই কথা কেতিয়াও মা আৰু মই জানিব নিদিলোঁ। আইতাক এই সামান্য সুখকণৰপৰা বঞ্চিত কৰাৰ অধিকাৰ আমাৰ নাছিল। অলপ সময়ৰ পিছতে আইতা আহি বিছনাত শুলেহি। কোনো শব্দ নাই বহুদেৰিলৈকে। কেৱল মাত্ৰ ঘড়ীৰ শব্দটোৰ লগত তিনিগৰাকী নাৰীৰ হৃদস্পন্দৰ শব্দ যেন একেকাৰ হৈ পৰিল। দুপৰ নিশাৰ নির্জনতা ক্ৰমান্বয়ে বেছি গভীৰ হৈ আহিল। আজি ৰাতিটো আনদিনাতকৈ বেছি দীঘল যেন লাগিল আইমানুৰ…।।

************

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *