ডাৱৰত শেলাইৰ ৰং-অনন্যা জি ফুকন
অলপ আগতে উজুটিত
সোঁ ভৰিৰ ছাল ছিগিল।
বৰষুণ এজাক আহিছিল,
অলপ কিনকিনিয়াকৈ।
এতিয়া নাই।
এতিয়া আছে,মাথোঁ
ভৰিখনক দোমোজাত পেলোৱা অলপ শেলাই।
ঘাঁ ডোখৰ এতিয়াও সতেজ।
মিহি মিহিকৈ বতাহত নিগৰিছে
তেজৰ কেঁচা গোন্ধ।
এয়া বিষ নে পোৰণি?
নাৰ্জীজোপাৰ আগবোৰৰ তীব্ৰ গোন্ধত,
চকুপানীবোৰ অলপ থমকিছে।
শেলাই ,বোকা মিহলি আঁচোৰবোৰে
আঙুলিয়াই,ঘাঁ ডোখৰ এতিয়াও অসুস্থ,
কলীয়া ডাৱৰ আৰু মনটোৰ দৰে।
এতিয়া থাকি যোৱা নাৰ্জি পাতৰ ৰস মিহলি
শেলাইখিনিতে পৰি আছে গেৰোৱাযোৰৰ
দীঘল হুমুনিয়াহ।
আচম্বিকতাত ঢাল তুলি তাণ্ডৱ কৰা মেঘে
ঘোপাকৈ চালে,
ঠিক মোৰ বিষাদ আৰু যন্ত্ৰণাবোৰক
ওমলাই থকাৰ সময়তে।
হয়তো আৰু এজাক ৰৈ আছে।
************
3:13 PM
ভাল লাগিল।
3:21 PM
বৰ সুন্দৰ কবিতা