দিনলিপিত এটুকুৰা বাস্তৱ-পল্লৱী কৌশিক শৰ্মা
হস্পিটেলৰ পৰা ওলাই আহি খৰধৰকৈ বাছ ষ্টেণ্ডৰ দিশে খোজ দিলোঁ মই । সম্প্ৰতি মোৰ মন আৰু মগজুৰ সমস্ত চিন্তাশক্তি হিম’গ্লবিনৰ অভাৱত শেঁতা পৰা এখন মুখ আৰু গাঁতত পোত খোৱা অনুজ্জ্বল চকু এযুৰিয়েহে অধিকাৰ কৰি লৈছে।
উশাহটো যেন কিহবাই চেপি ধৰিছে মোৰ !
হাতৰ ঘড়ীটোত ঘণ্টাৰ কাটাডাল দুইৰ ঘৰত লাগিবলৈ এতিয়াও সম্পূৰ্ণ এঘণ্টা বাকী। মানে,পৰীৰো স্কুল ছুটীৰ সময় হোৱা নাই। অঙ্গীম কলেজৰপৰা বাহিৰে বাহিৰে হস্পিটেললৈকে যোৱাৰ কথা। এবাৰ দুয়োকে লগ কৰি যাব পৰা হ’লেও ! পিচে , অফিচলৈ গৈ হেড এচিষ্টেণ্টৰপৰা ফাইল এটাও ল’বগৈ লাগিব । আচলতে অত্যন্ত জৰুৰী বুলি পৰীৰ মামীয়েকে ফোন কৰি নজনোৱা হ’লে আজি অফিচৰ ইমানবোৰ কামৰ মাজতো ইয়ালৈ ঢপলিয়াই অহা কোনোপধ্যেই সম্ভৱ নাছিল।
ছেঃ..বৰ বিমোৰত পৰিলোঁ !
খোজৰ গতিবেগ কমাই ৰিক্সা এখনকে লৈ বাছ ষ্টেণ্ডলৈ যোৱাই উচিত হ’ব বুলি মই সন্মুখতে থকা ৰিক্সা ষ্টেণ্ডটোলৈ গ’লো । মোক দেখি কেইবাটাও ৰিক্সাৱালাই একেলগে চিঞৰি উঠিল..
‘বাইদেউ ,ক’ত যাব আহক আহক।’
ওচৰতে যিখন ৰিক্সা পালোঁ গন্তব্য স্থানৰ কথা জনাই সেইখনতে উঠি ল’লোঁ মই । পেডেল মাৰি ৰিক্সাচালকজনে ৰিক্সাখন চলাই নিওঁতে তিনিটা চকা সংযোগী লোহাৰ চেইনডালে এটা অদ্ভুত শব্দ কৰি গৰজি উঠিল । যিমানেই তেওঁ ৰিক্সাখন আগলৈ টানি নিলে , সিমানেই সেই কেৰ-কেৰ শব্দটোৰ প্ৰাৱল্যও যেন বাঢ়ি গৈ থাকিল ! কৰ্কশ শব্দটোৱে এইবাৰ ভাৱনাত যতি পেলাই মোৰ কাণ দুখনক অশান্তি দিবলৈ ধৰিলে। লগে লগে ইমান সময়ে মোৰ মগজুত ক্ৰিয়া কৰি থকা হস্পিটেলৰ সাধাৰণ ৱাৰ্ডৰ দহজন বেমাৰীৰ লগতে দুৱাৰ মুখলৈ চাই উদাস মনেৰে পৰি থকা মোৰ একমাত্ৰ দাদা , দাদাৰ দুই সন্তান ; পৰী আৰু অঙ্গীমৰ মুখকেইখনৰপৰা মই বাস্তৱলৈ ঘূৰি আহিলোঁ ।
সাধাৰণতে এই পথছোৱাত অনবৰতে ভিৰ এটা লাগি থাকে যদিও যান-জঁটৰ সমস্যা খুব কমেইহে দেখা যায়। ইমানদিনে অহা-যোৱা কৰি মই লক্ষ্য কৰিছোঁ যে , ইয়াৰ ৰিক্সাচালককেইজনেই হওক অথবা টেম্প’ ড্ৰাইভাৰকেইজনেই হওক ভিৰ ফালিও তেওঁলোকৰ বাহনকেইখন এটা নিৰ্দিষ্ট গতিৰে গন্তব্যস্থান অভিমুখে আগুৱাই নিয়াত অভ্যস্ত হৈ পৰিছে। তথাপিও বাছ ষ্টেণ্ড ঠিক পাওঁ পাওঁ হওঁতেই চলন্ত গতিত থকা ৰিক্সাখন জোৰেৰে ব্ৰেক মাৰি ৰখাই দিয়াত, সন্তুলন হেৰুৱাই মই চিটটোৰপৰা কৰ্ফাল খাই পৰাৰে উপক্ৰম হ’লোঁ। যেনেতেনে ৰিক্সাচালকজনৰ ঘামেৰে জেপজেপিয়া গেঞ্জিটোতে খামুচি ধৰি নিজকে পৰাৰপৰা বচাই সন্মুখলৈ চাই পঠিয়ালোঁ।
আগত এটা বিৰাট জুম।সেই জুমৰপৰা হুলস্থূলৰ মাজতো ছিটিকি অহা এটা-দুটা স্পষ্ট শব্দৰ উমান লৈ গম পালোঁ যে মাত্ৰ কেইটামান মুহূৰ্তৰ আগতে সেই ঠাইখিনিত এটা দুৰ্ঘটনা সংঘটিত হৈছে। উৎসুকতাৰে ৰিক্সাখনৰপৰা নামি ময়ো জুমটোত সোমাই পৰিলোঁ ।
আউল-বাউল মৰাপাটহেন চুলি একোচা আৰু মলিয়ন কাপোৰ এসাজেৰে দেখাত ভীক্ষাৰী যেনেই অনুমান হোৱা এগৰাকী বুঢ়ী ; কান্দি কান্দি মাৰ্চিডিজ ব্ৰেণ্ডৰ গাড়ী এখনৰ তলত পৰি আছে। ড্ৰাইভাৰজনে পিছলৈ নোচোৱাকৈ গাড়ীখন ঘূৰাওঁতে বুঢ়ীগৰাকী বোলে চকাৰ তলতে সোমাল। পিচে এজন সচেতন যুৱকৰ চিঞৰ-বাখৰে গাড়ীখনে বুঢ়ীক মহতিয়াই নিয়াৰপৰা কথমপি ৰক্ষা কৰিলে। ঘটনাটো সংঘটিত হোৱাৰ পিছত ড্ৰাইভাৰজন পলাবলৈ উদ্যত হৈছিল যদিও সমবেত মানুহখিনিয়ে আগচি ধৰাত ; গাড়ীৰ মালিকে সেইখন গাড়ীতে উঠাই বুঢ়ীক হস্পিটেললৈ নিবলৈ বাধ্য হ’ল ।
প্ৰচণ্ড আঘাতত গাৰ কাপোৰতে মল-মূত্ৰ ত্যাগ কৰা বুঢ়ীগৰাকীক চুবলৈ সেই সময়ত মোৰ মনটোৱে যেন বাধা দিলে মোক ! বুঢ়ীক সহায় কৰোঁ বুলি আগবঢ়াই দিয়া মোৰ হাতখন আপোনা-আপুনি কোঁচ খাই আহিল। সেইখিনিতে অনুভৱ কৰিলোঁ… ‘ এই মুহূৰ্তত মই মানৱতা নামৰ অনুভূতিটোৰ মৃত্যু ঘটালোঁ ।’
এনে হোৱা জানো উচিত আছিল!
আজি সেই দুৰ্ভগীয়া মানুহগৰাকীৰ ঠাইত মই বা মোৰ কোনোবা আপোনজন যদি এইদৰে চকাৰ তলত পৰি থাকিলো হয়!
এইবাৰ মানুহগৰাকীক পইচাকেইটামানকে দিওঁ বুলি বেগটো খুচৰি গাড়ীৰ ভাড়াটো বাদ দি অতিৰিক্ত বিশটা টকাহে মোৰ হাতত উঠিল। সেইকেইটা দিয়া মানে এপাচি শাকত এটা জলকীয়াৰ দৰেই কথা।অগত্যা উদাস মনেৰে টকাকেইটা বেগটোতে ভৰাই ইতিমধ্যে হস্পিটেল অভিমুখে ৰাওনা হোৱা গাড়ীখনলৈ চাই ৰ’লোঁ মই ।
সেই সময়তে ভিৰৰ মাজৰপৰা কোনোবা এজনে তাচ্ছিল্যপূর্ণ হাঁহি এটাৰ লগতে অশ্লীল শব্দ প্ৰয়োগেৰে কোৱা কথা এষাৰ উফৰি আহি মোৰ কাণত পৰিল ..’
অ’ই (….লা) ভীক্ষাৰী বুঢ়ীৰ ভাগ্য চা না বে ! মাৰ্চিডিজত উঠিহে হস্পিটেললৈ যায়।’
কথাখিনিয়ে গোট খোৱা মানুহখিনিৰ মাজত যে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলে বুজিবলৈ বেছি সময়ৰ প্ৰয়োজন নহ’ল মোৰ।
পৰম নিৰ্লিপ্ততাৰে ৰিক্সাচালকজনক প্ৰাপ্য ধনকেইটা আদায় দি মই পেচেঞ্জাৰৰ অপেক্ষাত হৰ্ণ বজাই ৰৈ থকা লাইন বাছ এখনত খৰখেদাকৈ উঠি ল’লোঁ আৰু খিৰিকীৰ কাষৰে খালী চিট এটা দেখি তাতে বহি পৰিলোঁ । চোকা ৰ’দ এজাক খিৰিকীৰ আইনা ভেদি মোৰ মুখতে পৰিলহি। হাতত থকা বেগটো মূৰৰ ওপৰত দাঙি ধৰি বাছখন চলালে অপেক্ষা কৰি ৰ’লো মই । বাছৰ ভিতৰতো এক্সিডেন্টৰ ঘটনাটোয়েই যেন মুখ্য আলোচ্য বিষয় হৈ পৰিল ! কোনোৱে যদি গাড়ীখন বুঢ়ীগৰাকীৰ গাতে উঠিল বুলি ক’লে কোনোৱে আকৌ মূৰ ফাটি তেজৰ নৈ বোৱা বুলি অতিৰঞ্জিত বৰ্ণনা কৰিলে। কোনোৱে বুঢ়ীয়ে টকা দাবীৰ অভিপ্ৰায়েৰে জোখতকৈ বেছি অভিনয় কৰা বুলিয়েই কাৰোবাক বুজোৱা শুনিলোঁ।
মুঠৰ ওপৰত কেইটামান ক্ষণতে বিচিত্ৰ মানুহৰ বিচিত্ৰ মনৰ পৰিচয় পালোঁ মই । কোনোবাই যদি ঠাইতে মানুহগৰাকী নিহত হ’ল বুলিও অতিৰঞ্জিত ভাবে ক’লে হয় তাতো আচলতে আচৰিত হ’ব ল’গা একো নাছিল।
যথা সময়ত গন্তব্য স্থানত উপস্থিত হৈ অফিচলৈ বুলি খোজ পোনালোঁ। আধা ঘণ্টাৰ যাত্ৰাটোৱে মোক ইমানেই বিৰক্তি দিলে যে অফিচলৈ গৈ বৰবাবুক লগ কৰাৰ ইচ্ছা সমূলি নোহোৱা হৈ গ’ল। একমাত্ৰ দাদা জীৱন-মৃত্যুৰ সংকটত অকলশৰে পৰি আছে ,তাতে সেই ভীক্ষাৰীগৰাকীৰ দুর্ঘটনাটো, কিবা অলপ সহায় কৰোঁ বুলিও কৰিব নোৱাৰা মোৰ অসহায় অৱস্থাটো আৰু বাছৰ ভিতৰত মানুহবোৰৰ অতিৰঞ্জিত সমালোচনাবোৰ ! উফফ.. দিনটো যে কেনেকৈ পাৰ কৰিছোঁ !
বৰবাবুক লগ কৰি দৰকাৰী ফাইলটো হাতত লৈ মোৰ অফিচ অলমাৰীটোত ভৰাবলৈ লওঁতেই ঠিক আদেশৰ সুৰতে কৈ উঠিল তেওঁ……
: আৰু কাৰো বেমাৰ-আজাৰ হ’ব লগা নাই নহয় ! চাবা দেই বহুত কাম পেণ্ডিং হৈ ৰৈছে তোমাৰ। ইয়াৰ পিছত আৰু ছুটী মঞ্জুৰ কৰা নহ’ব কিন্ত ।
কথাকেইটাই মোৰ বিৰক্তিকৰ মানসিক স্থিতিটোক প্ৰচণ্ড খঙলৈ পৰিবৰ্তিত কৰিলে। কাৰোবাৰ বেমাৰ, কিবা উৎসৱ-পাৰ্বন নেকি যে দিন বাৰ চাইহে আহিব !
: এটেনডেন্স কেতিয়া আহিব আপোনাৰ? এনেকৈ চোৱা-চিতা কৰি ৰাখিব নোৱাৰোঁ দেই আমি। মানুহ নাই যদি ঘৰতে পৰি থাককগৈ।
হস্পিটেললৈ গৈ দাদাৰ ওচৰত ঠিক উপস্থিত হওঁতেই কঠুৱা মাতেৰে নাৰ্ছ এগৰাকীয়ে কোৱা কথাষাৰ মনত পৰি মোৰ বুকুখন কাঁইটে বিন্ধাদি বিন্ধিবলৈ ধৰিলে। এই মুহূৰ্তত সেই নাৰ্ছগৰাকী আৰু বৰবাবুৰ মাজত কিবা পাৰ্থক্য আছে নে বাৰু !
আকৌ এবাৰ অনুভৱ হ’ল… ‘এয়া মানৱতাৰ মৃত্যু ঘটিছে।’
ঘৰ গৈ পাওঁ মানে সন্ধ্যা লাগি ভাগিছিল । এওঁ পদূলি মুখতে ৰৈ মোলৈকে বাট চাই আছিল। মনটো প্ৰশান্তিৰে ভৰি পৰিছিল। হাজাৰ যাতনাৰ মাজতো তেওঁৰ উপস্থিতি মোৰ বাবে যেন এক বিৰাট সকাহ! তেওঁক চকুৰ আগত দেখিয়েই যেন পুনৰ প্ৰাণৱন্ত হৈ উঠিলোঁ মই!
গাটো ধুই ল’লো। দিনটোৰ অৱসাদবোৰ উটুৱাই দিবলৈ যত্ন কৰিলোঁ আচলতে। তেনেকুৱাতে চাহ দুকাপ হাততে লৈ এওঁ আহি মোৰ কাষতে বহিল আৰু আগ্ৰহেৰে দাদাৰ খবৰ সুধিলে। এজন মৃত্যুমুখী মানুহৰ ভাল-বেয়া বুলি কি আছে নো! তথাপিও জনালোঁ……
‘আছে হস্পিটেলতে পৰি। তেজত হিম’গ্লবিন একেবাৰে কমি গৈছে।’
থুলমুলকৈ কথাকেইটা কৈ ৰাতিৰ সাঁজৰ যোগাৰ কৰোঁ বুলি পাকঘৰত সোমালোঁ। মই লগতে ভাতকেইটা গেছত উঠাই ডায়েৰীখনো উলিয়াই মাহটোৰ হিচাপ-নিকাচবোৰ কৰিবলৈ বহিলোঁ। কেনেকৈ যে জোৰা-টাপলি মাৰি সংসাৰখন চলাব লগা হৈছে ! যি সামান্য টকাকেইটামান দৰমহাৰ বাবদ পাওঁ, দোকানখনৰ বাবে লোৱা ল’নৰ কিস্তি পৰিশোধ কৰোঁতে আধাখিনি শেষেই হয়। বাকী অৰ্ধাংশ খোৱা-বোৱা, অফিচলৈ অহা-যোৱাৰ নামত খৰচ হয়। অতিৰিক্ত কিবা এটা কৰিব বিচাৰোঁ যদি মাহৰ বাজেট কোনোৰকমে নিমিলে।আজি মন থকা স্বত্বেও বুঢ়ীগৰাকীৰ হাতত টকা এশ গুজি দিব নোৱাৰাত আৰু গাড়ীখনত উঠাবৰ সময়ত মানুহগৰাকীক চুবলৈ বাধা দিয়া মোৰ মনটোৰ বাবে পুনৰবাৰ আত্মগ্লানিত ভুগিলোঁ মই ।
সেইদিনাও মই এইদৰে অস্থিৰ হৈ পৰিছিলোঁ , যিদিনা মা-দেউতাৰ অবৰ্তমানত মোক ডাঙৰ-দীঘল কৰি বিয়া দি, নিজেও সংসাৰৰ মায়াত সোমাই পৰা মোৰ দাদা আৰু দুটাকৈ এমা-ডিমা ল’ৰা-ছোৱালীক এৰি একমাত্ৰ বৌৱে চিৰদিনৰ বাবে পৃথিৱীৰপৰা বিদায় লৈছিল। মোৰ বুকুখনে সেইদিনাও হাহাকাৰ কৰি উঠিছিল, যিদিনা উগ্ৰপন্থীৰে হোৱা সংঘৰ্ষত ভৰি এখন হেৰুৱাই চাকৰিৰপৰা অব্যাহতি লোৱা মোৰ মিলিটেৰী স্বামীৰ অৰ্থনৈতিক দুৰৱস্থাই;বৌৰ অবৰ্তমানত পৰী আৰু অঙ্গীমক আমাৰ ঘৰলৈকে লৈ অহাত বাধা প্ৰদান কৰিছিল।
কথাবোৰ ভাবিবলৈও যেন হৃদয়ে অনুমতি নিদিব মোক!
বৌ ঢুকোৱাৰ পিছতেই দাদায়ো নিজৰ ঠিকনা সলাইছিল । ৰেলৱে’ত কৰ্মৰত দাদাৰ অৰ্থৰ অভাৱ নাছিল যদিও আপোনজনক হেৰুওৱাৰ বেদনাত চটফটাবলৈ ধৰিছিল তেওঁ। ঈশ্বৰৰ দান দুই সন্তানৰ কলৰৱত মুখৰিত হোৱা দুকোঠালীৰ ঘৰটো এৰি দাদাই এইবাৰ ৰেলৱে’ৰ এটা কোৱাৰ্টাৰলৈ স্থানান্তৰিত হৈছিল। বৌৰ স্মৃতি বিজড়িত ঘৰখনৰ আগেদি কেতিয়াবা অহা-যোৱা কৰিব লগা হ’লেও সেইফালে মোৰ তুলি চাবলৈও যেন সাহস হোৱা নাছিল তেওঁৰ !
দিন বাগৰাৰ লগে লগে দাদাৰ নামৰ পিছত আৰু এটা উপাধি লগ হ’ল.. ‘কনক মদপী।’
লাহে লাহে মদ দাদাৰ সংগী হৈ পৰিল। মুখৰপৰা নিগৰ্ত অকটা গোন্ধত আৰু নিচাৰ কোবত কৰা অস্বাভাৱিক আচৰণত মানুহৰপৰা আঁতৰি থাকিব লগা হয় তেওঁ। আৰু এতিয়া লিভাৰত পানী জমা হৈ ফুলা পেট আৰু ভৰিকেইটাৰে অলৰ-অচৰ হৈ তেওঁ ৰেলৱে’ৰ চিকিৎসালয়ত পৰি আছে।
চকুৰ কোণ দুটাৰে দুখ এখিনি নিগৰি আহিল মোৰ।
সেই সময়তে, গেছৰ ষ্ট’ভত ওফন্দি পৰি যোৱা দাইলৰ ফেনখিনি দেখি দাদাৰ পেটটোলৈহে মনত পৰিল মোৰ । মিহি পাইপ এডাল বেজী এটাৰে সংযোগ কৰি তেওঁৰ পেটত খুচি ৰখা হৈছিল আৰু আনটো মূৰেদি হালধীয়া পানী কিছুমান লাহে লাহে নিগৰি তলত পাতি ৰখা চেলাইনৰ বটল এটাত জমা হৈছিল। দাদাই মাজে মাজে পেটটো হেঁচি দিয়া দেখিছিলোঁ । তেতিয়া পাইপডালৰ ভিতৰত পানীৰ গতিবেগো অলপ বৃদ্ধি হৈছিল । মই বুজিবলৈ যত্ন কৰিছিলোঁ, এনেকৈ কৰোঁতে দাদাই ভুগি থকা কষ্টখিনিৰ লাঘৱ হৈছিল নে,আচলতে সেয়া তেওঁ সোনকালে সুস্থ হৈ উঠাৰ হাবিয়াস আছিল!
উফ..এয়াই জীৱৰ বিলাই !
ৰাতি বিছনাত পৰি চটফটাই উঠিলোঁ। নিজকে খুব অসহায় যেন অনুভৱ হ’ল। ‘মন থাকিলেই চন ,বাকৰি মাটিটো ধন’ … এই আপ্তবাক্যফাঁকি মোৰ একেবাৰেই অৰ্থহীন যেন অনুভৱ হ’ল। কাৰণ ধনৰ অভাৱতে মই যে তিলতিলকে মৰিবলৈ সাজু হৈ থকা মানুহজনক হাত সাবটি বহি চাই আছোঁ , যিদৰে আজি সেই বুঢ়ীগৰাকীকো চাই চায়েই গুচি আহিলোঁ।
: দাদা আৰু বেছি দিন জীয়াই নাথাকে।
নিজকে কৈ উঠা কথাষাৰত মোৰ কাষতে চিলমিলকৈ টোপনি যোৱা মোৰ মানুহজন খপজপকৈ উঠি বহিল আৰু কেইটামান নীৰৱ মুহূৰ্তৰ অন্তত মনৰ ভিতৰতে গুণা-গঁথা কৰি হঠাৎ কৈ উঠিল…
: অহা দেঁওবাৰে দাদাক আমাৰ ঘৰলৈকে লৈ আহোঁ ব’লা । শেষৰ দিনকেইটা আপোন কাৰোবাৰ সৈতে নিজৰ ঘৰ এখনত থকাৰ সুখকণ অন্ততঃ অনুভৱ কৰক তেওঁ। দাদাৰ প্ৰতি আমাৰো জানো দায়িত্ব নাই ? ইমান অভাৱৰ মাজতো দুটা পেটৰ ভোক গুচিছে যদি আৰু এটা পেটলৈ নুজুৰিব নে ! মোৰ সামান্য জ্বৰ-কাহতেই তোমাৰপৰা ইমান আদৰ-যত্ন পাওঁ যে আৰু কেইদিনমান বেমাৰত পৰি থাকিবলৈহে মন যায়। কিন্তু দাদাই আজি নিশ্চিত মৃত্যুৰ বিষয়ে অৱগত হৈও কিমান যাতনা বুকুতে বান্ধি উশাহটো থমকি ৰোৱালৈ অপেক্ষা কৰি পৰি আছে চোৱাচোন ! বৌলৈ চাগৈ কিমান মনত পৰিছে তেওঁৰ ! এইমাহৰ দোকানৰ বস্তুখিনি নানো দিয়া। সেইকেইটা টকাৰে গাড়ী এখন ভাড়া কৰি দাদাকহে ইয়ালৈ অনাৰ ব্যৱস্থা কৰোঁ । তুমি অঙ্গীমহঁতকো খবৰ দিয়া। দুদিনমান সিহঁত দুটায়ো দেউতাকৰ লগতে থাকি যাওকহি। ভৰিখন নোহোৱা হোৱাৰেপৰা ঘৰখনৰ সমস্ত দায়িত্ব তুমিয়েই মূৰ পাতি লৈছা। তোমাৰ বাবে যদি সামান্য কিবা অকণ কৰিব নোৱাৰোঁ চিৰদিনলৈ অনুতপ্ত হৈ ৰ’ম মই।
দুচকুৰে সুখ অলপ বোৱাই দি তেওঁৰ বুকুলৈ কুৰুকি-কুৰুকি সোমাই গ’লোঁ মই। মোৰ মৌনতাক বুজে মোৰ মনৰ মানুহজনে। আলফুলে মোৰ চুলিকোছাতে হাতখন ফুৰাই দিলে তেওঁ। স্পৰ্শখিনিক হৃদয়েৰে সামৰি পুনৰ যুকিয়াই ল’লোঁ মাহেকীয়া বাজেটখন।
হ’ব মিলাম যেনে-তেনে। ৰিক্সা ভাড়াটো বচাই খোজ কাঢ়িয়েই অফিচলৈ অহা-যোৱা কৰিম। দাদাক আনিবলৈ গ’লে বুঢ়ীগৰাকীৰো খবৰ এটা লৈ এইবাৰ টকাকেইটামান দি থৈ আহিব লাগিব।
হস্পিটেলৰ বিছনাত পৰি থকা দাদাৰ শেঁতা মুখখন চকুৰ আগলৈ ভাঁহি আহিল। এইবাৰ দাদাৰ ক্ৰমান্বয়ে হালধীয়া পৰা মুখখন চকুত বিয়পাই লোৱা হাঁহি এটাৰে যেন ক্ৰমে উজলি উঠিল!
************
8:45 PM
সুন্দৰ গল্প
10:43 PM
নিৰ্মম বাস্তৱৰ সুন্দৰ চিত্ৰায়ন।