দুটা অণুগল্প- দেৱজিত শৰ্মা

 (১) মা                              

“মা,মোৰ আজি প্ৰমোচন হ’ল৷” 

কোঠাটোলৈ সোমাই আহি সি মাকলৈ চাই ক’লে, 

“তুমি সদায়েই কৈছিলা নহয়, কষ্ট কৰিলে ভাল ফল পোৱা যায় বুলি৷ তুমি সুখীনে মা?”

বহু কষ্ট কৰি সি এই পদোন্নতি লাভ কৰিছে৷ আন কাৰোবাক কোৱাৰ আগতেই  মাককে সি প্ৰথম খবৰটো দিলে৷ 

যদিও সি জানে, মাকে কাহানিও একো উত্তৰ নিদিয়ে৷ দিবনো কেনেকৈ, ফটোৱে জানো কাহানিবা উত্তৰ দিব পাৰে!

২)বোজা 

“বোৱাৰী মোৰ কাণত লগোৱা মেছিনটো দেখিছিলা নেকি ক’ৰবাত?”

পুতেক বোৱাৰীয়েকৰ ঘৰত এক  সপ্তাহৰ কাৰণে থাকিবলৈ অহা অৱসৰপ্ৰাপ্ত শিক্ষকজনে প্ৰশ্ন কৰিলে৷ 

বোৱাৰীয়েকে উত্তৰত কি ক’লে তেখেতে ভালকৈ নুশুনিলেও উত্তৰটো যে নঞাৰ্থক সেয়া অনুমান কৰিব পাৰিলে৷

আনটো কোঠাত থকা  তেখেতৰ পত্নীয়ে দুখ মিশ্ৰিত এটা ম্লান হাঁহি মাৰিলে৷ মানুহজনে শুনা নাপাওক বুলিয়েই মেচিনটো তেওঁ নিজেই লুকুৱাই ৰাখিছে৷ যোৱাৰ আগদিনাহে দিব৷ হাজাৰ হওক একমাত্ৰ মৰমৰ পুত্ৰ আৰু বোৱাৰীয়েকে তেওঁলোকক পাৰি থকা গুৱালগালি বোৰ শুনিলে কম কষ্ট পাবনে মানুহজনে!

************

7 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *