প্ৰয়োজন- ৰঞ্জিত কুমাৰ শৰ্মা
নিজৰ গাড়ীখনৰ চালকৰ আসনৰ কাষৰ দুৱাৰখন খুলিবলৈ লওঁতেই স্থানীয় মহাবিদ্যালয় এখনৰ সহকাৰী অধ্যাপক ড° প্ৰমোদ দত্তই হলিৰামক দেখিলে৷ দত্তই হলিৰামক তেওঁৰ পিনেই আহি থকা দেখি দুৱাৰখন নোখোলাকৈয়ে থিয় হৈ ৰ’ল৷ গাড়ীখন দেখিয়েই হলিৰাম আগবাঢ়ি আহিছিল৷
প্ৰমোদ দত্তই তিনিমাহমান আগতে কিনিছিল গাড়ীখন৷ বগা ৰঙৰ গাড়ীখন হলিৰামৰ চিনাকি৷ দত্তই গাড়ীখনৰ নামটোও তাক কৈছিল৷ ইনুভা নে কি তেনেকুৱা কিবা এটা নাম! হলিৰামৰ তেনেকৈয়ে মনত আছে৷ হলিৰামে দিন হাজিৰা কৰে৷ তাৰ পৰিবাৰে ইঘৰ-সিঘৰত কাম কৰে৷ মাজে-সময়ে হলিৰামে অধ্যাপক দত্তৰ ঘৰতো ইটো-সিটো কৰি দিয়ে৷ প্ৰমোদ দত্তৰ ঘৰত হলিৰামৰ ঘৈণীয়েকেও প্ৰায়েই কাম কৰে, ঘৰৰ ভিতৰৰ কামবোৰ৷ এনেদৰেই তাৰ চাৰিজনীয়া পৰিয়ালটো চলি আছে৷ খোৱা চাউলকেইটা চৰকাৰৰপৰা পায়৷
হলিৰাম কাষ পোৱাত দত্তই সুধিলে—
“হলিৰাম, আজি এইফালে কামলৈ আহিছ নেকি? তোক লগ পালোঁ ভালেই হ’ল দে ৷ কাইলৈ এপাক আহিবিচোন, কাম অলপ আছে৷ আমাৰ এওঁ তোৰ মানুহজনীক কৈ পঠাইছেই৷ তথাপি তোক লগ পালোঁ যেতিয়া কৈ থলোঁ ৷”
হলিৰামে ‘হ’ব ছাৰ’ বুলি সন্মতি জনাই দত্তক সুধিলে—
“ক’ৰবালৈ যায় নেকি ছাৰ? আজি দেওবাৰ, কলেজ বন্ধ নহয় জানো?”
“নাযাওঁ অ’৷ হাইস্কুলৰ শিক্ষকৰ চাকৰিৰ বাবে পৰীক্ষা আছে৷ তালৈকে বাইদেউৰাক লৈ আহিছোঁ৷ তেওঁৰ চাকৰিৰ বয়স যাবৰেই হ’ল৷ তথাপি পলমকৈ হ’লেও চাকৰি এটা পালে ভাল হয় দেচোন৷ দুজনৰ ইনকাম হ’লে পৰিয়ালটো ভালদৰে চলিব পাৰি৷ তেওঁৰো সময়বোৰ পাৰ হ’ব ।”— দত্তই ক’লে৷
“ঠিকেই কৈছে ছাৰ ।”— হলিৰামে সঁহাৰি জনালে৷
“তই আজি ক’ত কাম কৰিবি?”— দত্তই সুধিলে৷
“কাম কৰিবলৈ অহা নাই ছাৰ৷ ছোৱালীজনীৰ লগত আহিছোঁ৷ তায়ো ইণ্টাৰভিউ দিব৷ আজিকালি বোলে টেট পৰীক্ষা বুলিহে কয়৷ তায়ো মাষ্টৰৰ চাকৰিৰ আশাতে পৰীক্ষাটো দিব৷ বৰ কষ্ট কৰি পঢ়াইছোঁ ছাৰ৷ কিবাকৈ চাকৰিটো পালে বৰ সকাহ পাম৷ অন্ততঃ তায়েই ভায়েকটোকো পঢ়ুৱাব পাৰিব৷ ঈশ্বৰে চকু মেলি চালেই হয় আৰু !”— হলিৰামে ক’লে৷
দত্তই হলিৰামৰ মুখলৈ কিছু সময় চাই থাকিল৷ সেইখিনি মুহূৰ্তত হলিৰামে আৰু কিবা কৈছিল যদিও দত্তৰ কাণত নোসোমাল৷ তেওঁ হলিৰামক মাথো ক’লে—
“তাইৰ আশা পূৰণ হওক৷ চাকৰি এটা তহঁতৰ পৰিয়ালটোৰ বাবেও সঁচাকৈয়ে প্ৰয়োজন হৈছে।”
গাড়ী চলাই দত্ত গ’লগৈ৷ হলিৰামে দেখিলে, পৰীক্ষা কেন্দ্ৰটোৰ আশে-পাশে বিভিন্ন কোম্পানীৰ নতুন-পুৰণি বহু চাৰিচকীয়া বাহন আৰু মটৰ চাইকেলৰ ভিৰ লাগিছে৷
“চাকৰিনো কাক নালাগে?” — কথাষাৰ ভাবোঁতে হলিৰামৰ মুখেৰে দীঘলকৈ হুমুনিয়াহ এটা ওলাই আহিল।
************
9:05 PM
বৰ ভাল লাগিল।
4:57 PM
বৰ সুন্দৰ গল্প