বদনামী-ৰিকুমণি

বহুদিনৰ বিৰতিত মাধুক লগ পালে তাই, মাধু মানে মাধুৰিমা, শৈশৱৰ লগৰী লগ পাই কথা শেষেই নহ’ব যেন৷ নভবাকৈয়ে যেতিয়া সুখৰ সময় কিছুমান আহি পৰে, সেইকণ যেন কোনেও হেৰুৱাব নোখোজে৷ অনৰ্গল কথা ফুটপাথৰ ওপৰতে থিয় হৈ পাতি দিলে৷ পুনৰ লগ হোৱাৰ প্ৰতিশ্ৰুতিৰে এৰা এৰি হ’বলৈ লওঁতে, মহিলা এগৰাকী আহি তাইক মাত  দিলে “মাধুৰিমা ভালে আছা..? ….ঘটনা এটা শুনিছিলো, বেয়া নাপাবা, এতিয়া দেখিছো তোমাৰ কপালত? এহ্ তুমি….. 

“মাধুৰিমা….

“হয় খুড়ী  আপুনি ঠিকেই চিনি পাইছে মোক। মই মাধুৱেই৷ পাছত লগ হ’ম মোৰ দেৰি হৈছে”…. বুলি স্কুটিখন ষ্টাৰ্ট দি গুচি গ’ল তাই……… 

আঁতৰি থাকে আজিকালি তাই মানুহবোৰৰপৰা৷ কটা ঘাত নিমখ চটিয়াই বহুতে ভাল পায়৷ কি পায় বাৰু মানুহবোৰে?

সদায় হাঁহি থাকিব খোজা ছোৱালী মাধু, মুখত হাঁহি নুগুচেই, স্কুলীয়া দিনৰপৰা ভালপোৱা মনোজৰ লগত শিক্ষা সাং কৰি বিয়াত বহিল৷ বিয়াখন হৈছিল ঘৰৰ অমতত, সুখী আছিল দুয়ো, টুকটাককৈ চলি গৈছিল সংসাৰখন৷ সিহঁতৰ মাজলৈ আহিছিল ভাল লগা খবৰটো৷ ঘৰৰ মানুহখিনিৰো অন্তৰ কুমলিছিল, নতুন অতিথিৰ আগমণে দুয়োখন ঘৰৰ মাজত সম্পৰ্কৰ বীজ ৰোপণ কৰিছিল৷

কিন্তু হঠাৎ ক’ৰপৰা জানো কলীয়া ডাৱৰ এচপৰা আহি সিহঁতৰ জীৱন অন্ধকাৰ কৰি পেলাইছিল৷ মাধু অকলশৰীয়া হৈ পৰিল৷ কামৰপৰা ঘূৰি আহোঁতে এটা এক্সিডেণ্টত মনোজ এই  পৃথিৱীৰ পৰা নোহোৱা হৈ গ’ল৷ ভাগি পৰিছিল মাধু৷ ইফালে একলা-দুকলাকৈ বাঢ়ি আহিছিল সিহঁতৰ প্ৰেমৰ সাক্ষী! কি কৰিব বাৰু তাই এতিয়া??

ঘৰখনত নাম পালে তাই কুলক্ষণী!! চকুপানীৰে তাই বাট নেদেখা হ’ল৷ নিশাবোৰ উজাগৰে পাৰ হ’ল, তাইৰ এনেকুৱা অৱস্থা, আহিব লগা কণমানিটোৰ ভৱিষ্যৎ কি হ’ব? বন্ধু-বান্ধৱ, সম্পৰ্কীয় এদিন সকলো আঁতৰিব, তেতিয়া……?

  

হঠাৎ এটা ফোনকলে সকলোখিনি ওলট-পালট কৰি দিলে৷

: হেল্লো কোনে ক’লে??

:  মই আবিৰ, চিনি পাইছানে?

: অহ্ চিনি পাইছো৷ কওক, কিয় ফোন কৰিলে?

: তুমি যদি সন্মতি দিয়া, মই তোমাক নিজৰ কৰি ল’ব বিচাৰোঁ৷

: কি…??? এয়া আপুনি কি কৈছে?

: সকলো জানি-শুনিয়ে মই তোমাক এই প্ৰস্তাৱ দিছোঁ….বুলি কৈ ফোনটো কাটি দিলে৷ 

এয়াই বাকী আছিল শুনিবলৈ৷ মনোজৰ ফটোখনৰ আগত বহি তাই হিয়া ঢাকুৰি কান্দিবলৈ ধৰিলে৷ কেনেকৈ বাৰু তাই আঁকোৱালি ল’ব আবিৰক……! তাইৰ প্ৰতিটো উশাহ-নিশাহত মনোজৰ বাহিৰে কাকো ভাবিব নোৱাৰে৷

কিন্তু……তাই এতিয়া অকল নিজৰ কথা ভাবিলে নহ’ব, সন্তানটোৰ কথাও ভাবিব লাগিব!

বিয়াখন হৈ গ’ল কেইজনমান শুভাকাংক্ষীৰ উপস্থিতিত৷ কিন্তু গঞ্জনাৰ পৰা তাই হাত সাৰিব নোৱাৰিলে৷ বদনামী বোলে তাই৷ কুলক্ষণীও৷ হ’লেও সুখী

তাই।

************

                            

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *